অনুবাদকবিতা

ৰাণী-(মূল: পাবলো নেৰুদা, অনুবাদ: কিশোৰ দাস)

তোমাক মই নাম দিছোঁ, “ৰাণী”

তোমাতকৈও ওখ কোনোবা আছে; সঁচাকৈয়ে ওখ
তোমাতকৈও বিশুদ্ধ কোনোবা আছে; সঁচাকৈয়ে বিশুদ্ধ
তোমাতকৈও মৰমিয়াল কোনোবা আছে; সঁচাকৈয়ে মৰমিয়াল

তুমি যেতিয়া ৰাস্তাটোৰে গৈ থাকা নিচিনেচোন কোনেও তোমাক
কোনেও লক্ষ্য নকৰে তোমাৰ স্ফটিকীখচিত মুকুটটোলৈ
নাচাই কোনেও ৰঙা সোণৰ দলিচালৈ
তোমাৰ পথেৰে তুমি যোৱাৰ দৰেই
দলিচাখনো নিশ্চিহ্ন হৈ যায়

আৰু তুমি দৃশ্যমান হোৱাৰ লগে-লগেই মোৰ দেহত সকলো নদীয়ে গীত গায়
ঘন্টাধ্বনিয়ে আকাশ কঁপাই
আৰু প্ৰাৰ্থনাগীতে পৃথিৱী পৰিপূৰ্ণ কৰে

কেৱল তুমি আৰু মই

শুনো ইয়াকেই
প্ৰিয়তমা, কেৱল তুমি আৰু মই।।

Print Friendly, PDF & Email

One thought on “ৰাণী-(মূল: পাবলো নেৰুদা, অনুবাদ: কিশোৰ দাস)

  • কল্যাণী বৰ্মন

    বৰ ভাল লাগিল কিশোৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *