অনুবাদপ্ৰবন্ধ

মহামাৰীয়ে দিয়া কিছু মৌলিক সকীয়নি (মূল: প্ৰভাত পাটনায়ক ; অনুবাদ: ঋতুপৰ্ণ গোস্বামী)

বৰ্তমানৰ কৰ’না ভাইৰাছ মহামাৰীৰ সংহাৰ প্ৰায় এক শতিকা আগৰ ‘স্পেনিছ ফ্লু’ত কৈ বহুগুণে কম বুলি ক’ব পাৰি। ‘স্পেনিছ ফ্লু’য়ে বিশ্বজুৰি ৫০ কোটি লোকক ক্ষতিগ্ৰস্ত কৰিছিল, সেয়া সেই সময়ৰ পৃথিৱীৰ জনসংখ্যাৰ ২৭% আছিল। ‘স্পেনিছ ফ্লু’ত আক্ৰান্ত হোৱা লোকৰ প্ৰায় ১০% লোক মৃত্যুমুখত পৰিছিল। এক পৰিসংখ্যা অনুযায়ী কেৱল ভাৰতবৰ্ষতে প্ৰায় ১.৭ কোটি লোক এই মহামাৰীৰ ফলত মৃত্যুমুখত পৰিছিল। ইয়াৰ বিপৰীতে আজি পৰ্যন্ত বিশ্বজুৰি কৰোনা ভাইৰাছ মহামাৰীৰ ফলত ২ লাখতকৈ কিছু কম লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ মৃত্যুৰ হাৰ ৩%।

কৰ’না ভাইৰাছ মহামাৰীৰ ভৱিষ্যতৰ গতিপথ কি হ’ব সেয়া এতিয়াও ধূসৰ। মহামাৰীসমূহে পুৰণি ঘটনাক্ৰমৰ পুনৰাবৃত্তি কৰে। ১৯১৮ চনৰ ‘স্পেনিছ ফ্লু’ প্ৰথম পৰ্যায়ত কিছু থমকি ৰৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত সেই বছৰৰে অক্টোবৰ মাহত পুনৰ মাৰাত্মক ৰূপত দেখা দিছিল। সেইদৰে বৰ্তমানৰ মহামাৰীৰ গতিপথো কি হ’ব সেয়া অনিশ্চিত।

কিন্তু এই মহামাৰীসমূহে আমাক প্ৰদান কৰা কিছুমান মৌলিক সকীয়নি পৰিষ্কাৰ হৈ পৰিছে। যদি এই মহামাৰীৰ সোনকালে সমাপ্তি ঘটে, তেতিয়া আমি সেই সকীয়নিসমূহক গুৰুত্ব প্ৰদান নকৰাৰ বিশেষ মূল্য হয়তো ভৰিবলগীয়া নহ’ব পাৰে। কিন্তু এই মহামাৰী যদি বহুদিনলৈ টিকি থাকে, তেন্তে সেই সকীয়নিসমূহক কোনো গুৰুত্ব প্ৰদান নকৰাটোৱেই আমি সন্মুখীন হ’বলগীয়া ভয়ংকৰ বিপদৰ অন্যতম কাৰণ হ’ব। মহামাৰীয়ে আমাক দিয়া দুটা বিশেষ সকীয়নি প্ৰধানত অতিকৈ গুৰুত্বপূৰ্ণ।

প্ৰথমটো হৈছে সমগ্ৰ জনসংখ্যা সামৰি লোৱা এটা ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাৰ অতীৱ প্ৰয়োজনীয়তা। এতিয়ালৈকে যিহেতু ভাৰতবৰ্ষত মাত্ৰ ১৪০ জন লোক কৰ’না ভাইৰাছত আক্রান্ত হৈছে, গতিকে কিছু বিশেষ ব্যৱস্থাপনাৰ দ্বাৰা তেওঁলোকক ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাৰ যোগেদি চিকিৎসা প্ৰদান কৰিব পৰা যাব। সেইদৰে পৰীক্ষা কৰিবলগীয়া ৰোগীৰ সংখ্যা কম হোৱা হেতুকে ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাৰ যোগেদি বিশেষ অসুবিধা নোহোৱাকৈ তেওঁলোকক পৰীক্ষা কৰিব পৰা যাব। কিন্তু যদি পৰীক্ষা কৰিবলগীয়া ৰোগীৰ সংখ্যা আৰু আক্রান্তৰ সংখ্যা বৃদ্ধি পায়, তেন্তে ভাৰতবর্ষৰ একেবাৰে নগণ্য আৰু ত্ৰুটিপূৰ্ণ ৰাজহুৱা স্বাস্থ্য সেৱাৰ যোগেদি এই কামসমূহ কৰাটো অসম্ভৱ হৈ উঠিব। যিহেতু ব্যক্তিগত স্বাস্থ্য খণ্ডসমূহে এই পৰীক্ষা নকৰে বা এক মোটা অংকৰ মাচুলৰ বিনিময়ত হে এই পৰীক্ষা কৰিব, গতিকে এক বৃহৎ অংশৰ ৰোগী চিকিৎসা সেৱাৰ অভাৱত ভুক্তভোগী হ’ব। তেতিয়াহে মহামাৰীয়ে সৃষ্টি কৰা আহুকালৰ নিভাঁজ শ্ৰেণী চৰিত্ৰ ভবাতকৈ অধিক মাত্ৰাত আমাৰ সন্মুখত ধৰা দিব।

যদি চৰকাৰে জৰুৰীকালীন পৰিস্থিতিত ব্যক্তিগত চিকিৎসালয় সমূহক ভাইৰাছৰ পৰীক্ষা আৰু ৰোগীৰ বিনামূলীয়া চিকিৎসাৰ বাবে বাধ্য কৰাই তেন্তে পৰিস্থিতি কিছু পৃথক হ’ব পাৰে। কিন্তু এনে সম্ভাৱনাৰ আশা নিচেই ক্ষীণ। ভাৰতবৰ্ষত আজিৰ তাৰিখলৈ দুৰ্ঘটনা, হাৰ্ট এটেক বা চীজাৰ এটেকৰ দৰে জৰুৰীকালীন ভৰ্তিৰ (Non-elective admission) ক্ষেত্ৰতো ব্যক্তিগত চিকিৎসালয়সমূহত ভৰ্তি মাচুল নিদিয়াকৈ ৰোগীৰ চিকিৎসা কৰাৰ কোনো ব্যৱস্থা নায়। আনকি পৃথিৱীৰ সবাতোকৈ বজাৰনিৰ্ভৰ পুঁজিবাদী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুকেইখন প্ৰদেশতেই জৰুৰীকালীন ভৰ্তিৰ ক্ষেত্ৰত এই ব্যৱস্থা আছে। এনে জৰুৰীকালীন ভৰ্তিৰ ক্ষেত্ৰত তাত স্বাস্থ্য বীমা নাথাকিলেও গুৰু অস্ত্ৰোপচাৰৰ লগতে অস্ত্ৰোপচাৰৰ পৰৱৰ্তী পৰ্যায়ৰ চিকিৎসাকে ধৰি ৰোগীয়ে চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱা পৰ্যন্ত এক টকাও পৰিশোধ কৰিব নালাগে। তাৰ বিপৰীতে ভাৰতবৰ্ষত ব্যক্তিগত চিকিৎসালয়সমূহে চৰকাৰৰ পৰা নিচেই কম দামত মাটিৰ লগতে অন্যান্য সাহায্য পোৱা স্বত্বেও জৰুৰীকালীন ভৰ্তিৰ ক্ষেত্ৰত ৰোগীক বিনা পইচাত চিকিৎসা কৰাৰ কোনো ব্যৱস্থা নাই।

ব্যক্তিগত খণ্ডৰ প্ৰতি লাহে লাহে আস্থা বাঢ়ি অহা আমাৰ দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাই এই মহামাৰীয়ে বিষম ৰূপ ধাৰণ কৰিলে তাক মোকাবিলা কৰিবলৈ অসমৰ্থ হ’ব। যদিও কোনোটো মহামাৰীয়েই ১৯১৮ চনৰ ‘স্পেনিছ ফ্লু’ৰ দৰে মাৰাত্মক হৈ উঠা নাই, কিন্তু গোলকীয়কৰণৰ ফলত এনে মহামাৰীৰ সঘনতা বৃদ্ধি পাইছে। বৰ্তমানৰ কৰ’না ভাইৰাছ মহামাৰীয়েও ব্যাপক জনহানি ৰোধ কৰাৰ বাবে ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থাৰ অতীব প্ৰয়োজনীয়তাৰ কথা আমাক সোঁৱৰাই দিছে।

মহামাৰীৰ পৰা আমি লাভ কৰা দ্বিতীয়টো সকীয়নি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অতীৱ প্ৰয়োজনীয়তা। কৰোনা ভাইৰাছ মহামাৰীৰ ফলস্বৰূপে বিশ্বজুৰি হ’বলগীয়া সংকটৰ বিষয়ে যথেষ্ট লেখা-মেলা হৈছে। বিশ্বৰ সবাতোকৈ দ্ৰুত অৰ্থনৈতিক বিকাশৰ দিশে গতি কৰি থকা চীন এই মহামাৰীৰ উৎপত্তিস্থল হোৱা বাবে ইয়াৰ উৎপাদন হ্ৰাস পাব, পৰিণতিত সমগ্ৰ বিশ্বৰ পুঞ্জীভূত চাহিদাও হ্ৰাস পাব। সেইদৰে মহামাৰীৰ ফলস্বৰূপে বিশ্বৰ বাকী অংশলৈ চীনৰ কেঁচামালৰ যোগানৰ অসমৰ্থতাৰ বাবে সমগ্ৰ বিশ্বৰ উৎপাদনটো ব্যাঘাত জন্মিব। ইয়াৰোপৰি সমগ্ৰ বিশ্বজুৰি পৰ্যটক আৰু যাত্রীৰ সৰবৰাহ অভাৱনীয় গতিত হ্ৰাস পোৱাৰ ফলত পৰ্যটন উদ্যোগ, হোটেল উদ্যোগ, এয়াৰলাইনচ উদ্যোগ ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ লগত জড়িত আন বিভিন্ন অংশত অতিৰিক্ত প্ৰভাৱ পৰিব। গতিকে বিশ্বৰ অৰ্থনীতিয়েই এই মহামাৰীৰ ফলত সংকুচিত হ’বলৈ গৈ আছে।

কিন্তু ইয়াৰ এটা অন্য দিশক লৈ বিশেষ চৰ্চা হোৱা নাই। ভাইৰাছৰ সংক্ৰমণ ৰোধৰ নিমিত্তে কাৰ্যত: ‘কোৱাৰেন্টিন’ (Quarantine)-ত থকা কোটি কোটি মানুহৰ বাবে বিভিন্ন তৰহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদা সাংঘাতিক ভাৱে বৃদ্ধি পাব। এয়া কেৱল ভাইৰাছৰ সংক্ৰমণ প্ৰচণ্ড হৈ থকা দিনকেইটাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী মজুত ৰখাৰ উদ্দেশ্যে নহয়, অন্য লোকে বেপৰোৱা ভাৱে অত্যধিক সামগ্ৰী মজুত ৰখাৰ বাবে ভৱিষ্যতে নাটনিৰ শংকাত ইয়াৰ মাত্ৰা অধিক বৃদ্ধি পাব। যেতিয়া মানুহে দীৰ্ঘদিন ধৰি নিজ ঘৰত সোমাই থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হ’ব, তেতিয়া স্বভাৱগত ভাৱেই মানুহে অধিক মাত্ৰাত অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰি ৰাখিবলৈ বিচাৰিব। ইয়াৰোপৰি মানুহে অত্যধিক পৰিমাণে সামগ্ৰী মজুত ৰখাৰ প্ৰতি লক্ষ্য ৰাখি পণ্য সামগ্ৰীৰ ব্যৱসায়ীসকলে লাভকল্পী কৰ্মকাণ্ড কৰিব আৰু তেওঁলোকৰ গোদামত অত্যাৱশ্যকীয় পণ্য সামগ্ৰী জমা কৰিবলৈ লাগি যাব, যিয়ে কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিব আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অতিৰিক্ত মূল্যবৃদ্ধি ঘটাব। সেয়ে সকলো মিলি এই মহামাৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনিৰ সৃষ্টি কৰিব।

এনে নাটনি অদ্যাপি ভাৰতত মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা নিচেই কম হোৱা স্বত্বেও আৰম্ভ হ’বলৈ ধৰিছে। ভৱিষ্যতৰ দিনত পৰিস্থিতি আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে, যিয়ে শ্ৰমজীৱী জনসাধাৰণৰ কামিহাড় ভাঙি পেলাব। তর্কৰ খাতিৰত কোনোবাই ক’ব পাৰে যে যিহেতু ৰাজহুৱা বিতৰণ ব্যৱস্থাই তেওঁলোকক সামৰি ল’ব, গতিকে এইবিষয়ে বিশেষ ভাৱে চিন্তিত হোৱাৰ কোনো সকাম নাই। এই যুক্তি ভুল মূলত দুটা কাৰণত, প্ৰথমটো হৈছে সকলো অত্যাৱশ্যকীয় সামগ্ৰী ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দ্বাৰা বিতৰণ কৰা নহয় আৰু দ্বিতীয়টো হৈছে ৰাজহুৱা বিতৰণ ব্যৱস্থাই সকলো শ্ৰমজীৱী জনসাধাৰণক ঢুকি নাপায়। যেতিয়াৰ পৰা এপিএল আৰু বিপিএল নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰা হ’ল আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দ্বাৰা সুলভ মূল্যত সামগ্ৰীৰ যোগান কেৱল বিপিএল ৰ মাজত সীমাবদ্ধ ৰখা হ’ল, তেতিয়াৰ পৰাই এক বৃহৎ সংখ্যক শ্ৰমজীৱী জনসাধাৰণৰ এই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰিসীমাৰ পৰা অন্তৰ্ধান হ’ল। গতিকে একাংশ লোকে অত্যধিক পৰিমাণে সামগ্ৰী মজুত ৰখাৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি ব্যৱসায়ীৰ কুটিল চক্ৰান্তৰ ফলত সৃষ্টি হোৱা সামগ্ৰীৰ নাটনি আৰু মূল্যবৃদ্ধিয়ে শ্ৰমজীৱী জনসাধাৰণক কোঙা কৰি পেলাব। সেয়ে এক সৰ্বাত্মক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অতিকৈ প্ৰয়োজন, যি কেৱল খাদ্যবস্তুৱেই নহয় অন্যান্য সকলো অত্যাৱশ্যকীয় সামগ্ৰীকো সামৰি লয়।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ কথা এনে সময়ত জলজল-পটপটকৈ ওলাই পৰে। যিহেতু এনে মহামাৰীৰ ঘটনা সঘনাই হ’বলৈ ধৰিছে, গতিকে বিভিন্ন তৰহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ এক সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰয়োজনীয়তা অৰ্থনীতিৰ এক স্থায়ী উপাদান হোৱা উচিত হৈ পৰিছে।

অন্যভাৱে ক’বলৈ গ’লে আমি বৰ্তমান সম্মুখীন হোৱা কৰোনা ভাইৰাছৰ দৰে মহামাৰীয়ে যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে। যুদ্ধৰ পৰিস্থিতিতো নাটনিৰ উদ্ভৱ আচলতে নহয়, পণ্যৰ ব্যৱসায়ীয়ে অত্যধিক সামগ্ৰী মজুতকৰণৰ দ্বাৰা কৃত্ৰিমভাৱে হে নাটনিৰ সৃষ্টি কৰে, তেনে পৰিস্থিতিত ৰাজহুৱা বিতৰণ ব্যৱস্থা প্ৰতিকাৰক হৈ উঠিব পাৰে। ঠিক তেনেদৰে বৰ্তমানৰ মহামাৰীৰ পৰিস্থিতিয়েও এক সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দাবী কৰে। এনে মহামাৰীৰ সঘনতা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ই অৰ্থনীতিৰ এক চিৰদিনীয়া উপাদান হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে।

সৰ্বাত্মক ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থা আৰু সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থা “ৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত ব্যৱস্থা” (Dirigiste Regime) ৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে বিবেচিত হৈছিল। নব্য উদাৰবাদে দুয়োটাৰে পৰিসমাপ্তি ঘটালে আৰু শিক্ষা আৰু স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ ব্যক্তিগতকৰণক উৎসাহিত কৰিলে। লগতে নব্য উদাৰবাদে ভাৰতৰ খাদ্য-শস্যৰ বজাৰখনলৈ বৃহৎ ব্যক্তিগত ব্যৱসায়ী সংস্থাসমূহৰ লগতে বহুজাতিক কোম্পানীসমূহৰ আগমন ঘটালে। আনকি পৃথিৱীৰ উন্নত দেশসমূহে বিশ্ব বাণিজ্য সংস্থা (WTO)-ৰ বুজাবুজি চুক্তিৰ সময়ত ভাৰতবৰ্ষৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা বিলুপ্ত কৰাৰ যোগেদি সামগ্ৰী যোগান ধৰা প্ৰক্ৰিয়াৰ ইতি পেলাবলৈ পৰামৰ্শ দিছিল। কিন্তু কোনো ভাৰতীয় চৰকাৰেই ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সমাপ্তি ঘটাবলৈ আজিকোপতি সাহস কৰিব পৰা নাই। ফলত কেৱল বিপিএল শ্ৰেণীৰ বাবে আমাৰ দেশত আজিও নামমাত্ৰ ৰূপত হ’লেও ৰাজহুৱা বিতৰণ ব্যৱস্থা বৰ্তি আছে। সেয়ে আমাৰ দেশত নব্য উদাৰবাদী শাসকগোষ্ঠীয়ে কৰা এই পৰিৱৰ্তনসমূহৰ পৰিৱৰ্তন আজি সঘনাই হৈ থকা মহামাৰীসমূহে দাবী কৰিছে।

সেয়ে বৰ্তমানৰ মহামাৰীয়ে আমাক প্ৰদান কৰা সামগ্ৰিক শিক্ষা এয়ে যে, নব্য উদাৰবাদে আমাক যাবলৈ বাধ্য কৰা দিশৰ ওভতগোৰে গৈ আমি সৰ্বাত্মক ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থা আৰু সাৰ্বজনীন ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগিব। অন্যথা আৰু বহু মূল্যবান জীৱন মিছাতে নষ্ট হ’ব।

বি: দ্ৰ:

১. মূল লিখাটোৰ প্ৰথম প্ৰকাশ: Peoples Democracy, 22.03.2020

২. লেখাটো অনুবাদ কৰাৰ পৰত (২৯.০৩.২০২০) ::
বিশ্বজুৰি আক্রান্তৰ সংখ্যা:৫,৭১,৬৭৮
বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা: ২৬,৪৯৪
বিশ্বজুৰি মৃত্যুৰ হাৰ: ৪.৬%
ভাৰতত আক্রান্তৰ সংখ্যা: ১,০২৪
ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা: ২৭

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *