ৰশ্মিৰেখা বৰাৰ গল্পত প্ৰতিবাদী প্ৰগতিবাদ-(মীনাক্ষী বৰুৱা)
অসমীয়া ভাষা-সাহিত্যৰ সচেতন আৰু প্ৰতিবাদী লেখকসকলৰ মাজত কবি-গল্পকাৰ ৰশ্মিৰেখা বৰা এক উল্লেখযোগ্য নাম। সোঁতৰ বিপৰীত দিশত অৱস্থান কৰি নীৰৱে সৃষ্টিশীল কামত ব্ৰতী হৈ থকা এইগৰাকী লেখিকাৰ একমাত্ৰ গল্প সংকলখনিৰ নাম “শিঙৰাজানৰ ৰূপকথা”। মণিপুৰৰ ঐখোয়গী পন্থুং প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই সংকলনখনিত অন্তৰ্ভুক্ত কৰা হৈছে মুঠ ১২টা গল্প। তাৰেই দুটামান গল্পৰ জৰিয়তে আমি তেখেতৰ প্ৰতিবাদী সত্তাৰ সম্যক আলোচনা কৰিব বিচাৰিছোঁ।
ৰশ্মিৰেখা বৰাৰ গল্পৰ বক্তব্য সমকালীন গল্পকাৰসকলতকৈ কিছু পৃথক। তেওঁৰ মতে, “প্ৰত্যেক মানুহেই একো একোটা কাহিনী বা কাহিনীটোৰ কথক অথবা শ্ৰোতা”। তেওঁ বিশেষকৈ সমাজৰ অৱহেলিত আৰু শোষিত শ্ৰেণীৰ জীৱন-সংগ্ৰাম আৰু বঞ্চনাৰ কথাবোৰ গল্পৰ জৰিয়তে সমাজৰ আগত তুলি ধৰিব বিচাৰে। সমকালীন সমাজ ব্যৱস্থাৰ কৰুণ আৰু ভয়াৱহ ছবি এখন সত্য ৰূপত অংকন কৰাৰ ক্ষেত্ৰত ৰশ্মিৰেখা বৰাৰ বক্তব্য বলিষ্ঠ আৰু নিৰ্ভীক। ভাবগধুৰ আৰু গৱেষণাপ্ৰসূত তেওঁৰ সৃষ্টিসমূহে সকলো সচেতন পাঠককে সজাগ কৰি তুলিব পাৰে। তেওঁৰ অধিকসংখ্যক গল্পই সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ মোহভংগৰ ফচল। আকৰ্ষণীয় কথনশৈলীৰে গল্প এটাক নিখুঁতভাৱে আগবঢ়াই লৈ যোৱাত তেওঁ সিদ্ধহস্ত। ভাষাৰ প্ৰাঞ্জলতা, সূক্ষ্ম পৰ্যবেক্ষণ আৰু সুখপাঠ্যতা তেওঁৰ ৰচনাৰ অন্যতম বৈশিষ্ট্য।
“নৈপৰীয়া মালিতা” নামৰ গল্পটোলৈকে চোৱা যাওক। গল্পটোত এখন নৈপৰীয়া গাঁৱৰ ছবি অংকন কৰা হৈছে। গাঁৱৰ মানুহবোৰৰ “বিচিত্ৰ দেহৰ ৰং, মনৰ ৰং, বিচিত্ৰ আচাৰ-ব্যৱহাৰ, পোছাক-পৰিচ্ছদ, মুখৰ মাত। একেই যদি কিবা আছিল সেয়া হাঁহি-কান্দোন, যৌৱনৰ শিমলু ফুল, ভোকৰ জুই, পিয়াহৰ হুতাহ।” এই গাঁওখন আছিল নৈ এখনৰ পাৰত আৰু নৈখন আছিল “গাঁৱৰ মানুহবোৰৰ জীউ”। অপ্ৰাপ্তিৰ বেদনাৰে জীৱন ভাৰাক্ৰান্ত হৈ থকা গাঁওখনৰ কেইগৰাকীমান অকলশৰীয়া নাৰীৰ জীৱন যন্ত্ৰণাৰ নিৰ্মম ছবি এখন গল্পটোৰ জৰিয়তে তুলি ধৰা হৈছে। নৈখন নাৰীৰ চিৰন্তন দুখপ্ৰবাহৰ জ্বলন্ত প্ৰতীক। গাঁৱৰ জীয়ৰী ৰাণুমাই তেতিয়া ওঠৰ বছৰীয়া। বিয়াৰ কথা-বতৰা আৰম্ভ হওঁতেই গোপনে হলিগলি কৰা এজনে তাইক গা-ভাৰী কৰিলে। বিয়াও ভাগিল, ইজনো পলাল। কেঁচুৱাকণক লৈ গাভৰু মানুহজনী গাঁৱত এঘৰীয়া হ’ল। কিছুদিন পিছতে “ৰাণুমাইৰ জহৰা পুতেকৰ বাপেকটোৱে নিজৰ বিয়া কৰোৱা ঘৈণীয়েকৰ পেটৰ পোৱালিটোৰ হৈ ভাওনাৰে সৈতে সেৱা এভাগ পাতিছিল। বাল্মীকিৰ আশ্ৰমত পৰিত্যক্তা সীতাৰ বিলাপত ৰাইজখনে চকুৰ গুৰি চুৰিয়াৰ আগেৰে, আঁচলৰ আগেৰে মচি থকাৰ পৰতে কোনোবাই ৰাণুমাইৰ পদূলিত চিঞৰি উঠিছিল।” ৰশ্মিৰেখাৰ গল্পত প্ৰতীকী উপস্থাপন মনকৰিবলগীয়া। সীতা মহাকাব্যিক চৰিত্ৰ। গতিকে তেওঁৰ দুৰ্দশাই দৰ্শকক কন্দুৱায়। ৰাণুমাই বাস্তৱত পৰিত্যক্তা। দৰ্শক একেই। কাহিনীও একেই স্পৰ্শকাতৰ। কিন্তু ৰাণুমাইৰ জীৱনে তেওঁলোকক ইতিকিংসূচকভাৱে হঁহুৱায়! একেখিনি দৰ্শকৰ দ্বাৰাই সীতা পূজিতা, ৰাণুমাই লাঞ্ছিতা, উপেক্ষিতা। চকুলো টুকি থকা এই ৰাইজমখাৰ ওচৰত গল্পকাৰ তীব্ৰভাৱে বীতশ্ৰদ্ধ। পাঠক এজনে এনে দৰ্শকৰ মাজত নিজক যদি বিচাৰি পোৱা বুলি ভাবে গল্পৰ মাজেৰেই আত্মসংশোধনৰ চেতনাটোও অজানিতে লাভ কৰে। এইখনেই জানো আমি সদায় চকুৰ আগত দেখি থকা আমাৰ নিজৰ সমাজখন নহয়? বাস্তৱক উপেক্ষা কৰি কাহিনী ৰচনা কৰিলে সেই কাহিনীৰ গ্ৰহণযোগ্যতা খুব কমেইহে থাকে। ৰশ্মিৰেখা বৰাই সেই ভুল নকৰে। সেয়ে তেওঁৰ গল্পই আমাৰ সমাজৰ আমাৰ মানুহৰ কথা কয়। (নদী আৰু নদীপাৰৰ মানুহৰ প্ৰতি থকা গল্পকাৰৰ সহজাত আকৰ্ষণ ‘ইয়াত এখন নদী আছিল’ নামৰ গল্পটোতো দেখিবলৈ পোৱা গৈছে)।
ৰশ্মিৰেখা বৰাৰ গল্পৰ কথনশৈলী গ্ৰাম্য সৰলতাৰে প্ৰোজ্জ্বল। কথনৰ দৃঢ়তা আৰু একাত্মতাই কাহিনী একোটাক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। বেছিভাগ গল্পই মূলতঃ নাৰীকেন্দ্ৰিক আৰু ৰূপকাত্মক। তেওঁৰ গদ্যত কাব্যিকতাৰ প্ৰলেপ বিচাৰি পোৱা নাযায়। চৰিত্ৰ একোটাৰ অন্তৰ্জগতত উদ্ভৱ হোৱা সংঘাতক যুক্তিবাদী চেতনা আৰু বিশ্লেষণেৰে সমাধানৰ পথ দেখুৱাবলৈ গল্পকাৰে ব্যক্তিগতভাৱে কোনো চেষ্টা কৰা দেখা নাযায়। চৰিত্ৰ এটিয়ে যি দাবী কৰে সেয়াহে তেওঁ মাথোঁ ক’ব বিচাৰে। নৈ পাৰত লগ হোৱা মহিলাকেইগৰাকীৰ প্ৰত্যেকেই অবাঞ্ছিত দুখ, যন্ত্ৰণা অথবা অকাল বৈধব্যৰ সন্তাপেৰে জৰ্জৰিত। সমাজ-আৰোপিত ৰীতি-নীতিৰ গণ্ডীৰ মাজত বসবাস কৰা এই মহিলাকেইগৰাকীৰ কাৰোৱেই ব্যক্তিগত প্ৰয়োজন অথবা অধিকাৰৰ হকে মাত মতাৰ সাহস নাই। সেয়ে তেওঁলোকে নিজৰ মাজতে দুখৰ ভাগ-বাটোৱাৰা কৰি মনৰ জুই নিৰ্বাপিত কৰাৰ বাদে আন উপায় বিচাৰি নাপায়। ৰাণুমাই, গহপুৰীয়ানী, মাষ্টৰণী, তোলনৰ মাকৰ কাহিনীয়ে যিকোনো গ্ৰাম্য সমাজ এখনক প্ৰতিনিধিত্ব কৰিছে। সেয়ে ইয়াৰ আবেদন বিশ্বজনীন। আমাৰ সমাজত এনে বহু নাৰী আছে যাৰ নিজৰ বুলিবলৈ কোনো জীৱন নাই। কিন্তু একাকিত্বই কঢ়িয়াই অনা চৰম দুখৰ পিছতো মনৰ অতল তলিত লুকাই থকা তেওঁলোকৰ আশাবোৰ শেষ হৈ নাযায়। মিছা সপোন এটাই তেওঁলোকক জীয়াই ৰখাৰ এটা বাট দেখুৱাই থাকে। নৈৰ পাৰৰ মুকলি বতাহত বহি তেওঁলোকে নিজৰ নিজৰ দুখবোৰ লাঘৱ কৰে আৰু নতুন এটা উদাসী দিনৰ বাবে বুকুত সাহস বান্ধে।
সংকলনখনিৰ আন এটি গল্প “চুবাচীৰ মা”। ৰাতিপুৱাৰেপৰা জাপে জাপে কাগজত নাম আৰু বয়স লিখি থকা মানুহজনে মহিলাগৰাকীলৈ চাই সুধিলে- নাম?
“নাই জানি”
দুই তিনিবাৰ সোধাৰ পিছতো মানুহজনীয়ে নিজৰ নামটো ক’ব নোৱাৰিলে। এইবাৰ তেওঁ সুধিলে- বয়স?
“নাই জানি। মাই-বাপ মৰি গেলেক। মুই কি জানি বয়েচ”
বাহিৰৰ হুলস্থূল, শাৰী পাতি থকা মানুহবোৰৰ ঠেলা-হেঁচা আৰু গেলেপা লগা গৰমত মানুহজন বিৰক্ত হৈছিল। মাতটো ডাঙৰ কৰি তেওঁ পুনৰ সুধিলে- “ঘৰৰ মানুহে কি বুলি মাতে তোক?”
“চুবাচীৰ মা”
দুটা মাত্ৰ শব্দ! এই শব্দ দুটা উচ্চাৰণ হোৱাৰ লগে লগে পঢ়ুৱৈৰ বুকুত এক হেন্দোলনিৰ সৃষ্টি হয়। চিত্ৰায়ণ মনোমোহা। নাটকৰ দৃশ্যৰ দৰে “চুবাচীৰ মাক”ৰ কাহিনীয়ে গতি লাভ কৰে। গল্পটিত পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাৰ বিৰূদ্ধে তীব্ৰ বিক্ষোভ দেখিবলৈ পোৱা যায়। যদিও চাহবাগানৰ পটভূমিক লৈ কাহিনীটো ৰচনা কৰা হৈছে, ই কেৱল এটা শ্ৰেণীৰ মাজতে আবদ্ধ হৈ থকা নাই। এয়া সমাজৰ প্ৰতিখন পিছপৰা অঞ্চলৰে সাৰ্বজনীন ছবি। অষ্টম সন্তানটো গৰ্ভত লৈ চুবাচীৰ মা চিকিৎসা শিবিৰত স্বাস্থ্য পৰীক্ষা কৰিবলৈ যায়। চাৰিদিনীয়া অপেক্ষাৰ অন্তত ওলমি থকা পেটটোৰে দিনৰ দিনটো ঠেলা-হেঁচাৰ মাজত থিয় হৈ থাকি বৰ কষ্টেৰে তাই ডাক্তৰৰ সমুখত উপস্থিত হ’ল। তাইৰ ঢেলা চকু, ফুলি উঠা ভৰি, অনবৰত ঢলংপলং হৈ থকা শৰীৰটোলৈ চাই ডাক্তৰে কিবাকিবি লিখি দিলে। পুৱাতে খোৱা ৰঙা চাহ গিলাচৰ বাহিৰে গোটেই দিনটো পেটত পানী এটোপাও পৰা নাই। তাইৰ মানুহটো ৰাতি ৰাতি জংঘলত কাঠ কাটিবলৈ যায় আৰু গোটেই দিনটো শুই থাকে। আবেলি বৰগছৰ তলত বহি ডিঙিলৈকে গিলে। গিৰিয়েকৰ মুখলৈ চাই থাকিলেতো চুবাচীৰ মাকৰ সংসাৰ নচলে! সেয়ে তেনে দেহাৰেই তাই বজাৰলৈ বাট বোলে। পেটৰ কেঁচুৱাটিৰ বহু সময় ধৰি কোনো উমঘাম নাই। কিন্তু এই মুহূৰ্তত সেইটোতকৈও অধিক প্ৰয়োজন পেটত কিবা এটা পেলোৱাৰ। ডিঙিটো শুকাই কাঠ হৈ পৰিছে। খোচনাৰপৰা চাধা এটিপা উলিয়াই তাই মুখত সুমুৱাই ল’লে। হঠাতে চুবাচীৰ মাকে পেটত এটা বিষ অনুভৱ কৰিলে৷খন্তেক জিৰণি লৈ, কলপাতত শাৰী শাৰীকৈ সজাই থোৱা সৰু বগা পিঠা কেইটামান হাতত লৈ দুৰ্বল খোজেৰে তাই ঘৰলৈ ঘূৰে।
দুদিন প্ৰসৱ বেদনাত চুবাচীৰ মাকে চৎফটাই থকা সময়খিনিত বাগানৰ সকলো মানুহ মেলাখনক লৈ ব্যস্ত আছিল। কেইবাদিনো ধৰি বাগানত মেলা বহিছে, চিনেমা দেখুৱাইছে। ব’নাছৰ দিন। বস্তিৰ লাইন বাদেই, বাগানৰ ওচৰ-পাঁজৰৰো বহুতো মানুহ হিলদল ভাঙি মেলা চাবলৈ আহিছে। গিৰিয়েকে ধাই বুঢ়ীক চুবাচীৰ মাকৰ বিষ উঠাৰ খবৰটো দিয়েই নিজৰ লেঠা সামৰিলে। পুৱাতে মানুহটো ক’ৰবালৈ ওলাই গ’ল। তেজ গৈ গৈ চুবাচীৰ মা ঢেলা হৈ পৰিছে। দূৰৈত সংগীতৰ উত্তাল লহৰ। বিষৰ তীব্ৰ চিৎকাৰত সুৰ লহৰী স্তব্ধ হৈ পৰিছে। চুবাচীৰ মাকৰ বাপেকলৈ মনত পৰিছে। মদ খোৱাৰ বাহিৰে বাপেকটোৰ আন কাম নাছিল। তাই সেহাইছে।
মা..গ’…
লাহে লাহে তাইৰ চিঞৰৰ জোৰ কমি আহিছে। প্ৰসৱ বেদনাৰ এই সমগ্ৰ দৃশ্য চকুৰ আগত জিলিকি উঠাকৈ গল্পকাৰে তেওঁৰ পৈণত হাতৰ পূৰ্ণ প্ৰয়োগ কৰা দেখা গৈছে। ভাব হয়, ধাই বুঢ়ী, চুবাচীৰ মাক আৰু আন দুগৰাকী মহিলাৰ মাজত বহি গল্পকাৰে যেন গোটেই দৃশ্যটো প্ৰত্যক্ষ কৰিছে আৰু তাতেই লিপিবদ্ধ কৰি গৈছে!
বাগানৰ মানুহখিনিৰ প্ৰজন্মৰ পিছত প্ৰজন্মৰ চিত্ৰ সেই একেখনিয়েই। এই চিত্ৰই দেশৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰফোঁপোলা স্বৰূপটোক বৰ দৃষ্টিকটুভাৱে ভেঙুচালি কৰিছে।
চিনেমা যেতিয়া ভাগিল, মানুহবোৰ ঘৰাঘৰি যোৱাৰ সময় হ’ল, তেতিয়াই ভিতৰৰপৰা চুবাচীৰ মাকৰ এটা তীব্ৰ আৰ্তনাদ শুনা গ’ল। জৰায়ু ফালি ওলাই আহিল দুখন সৰু সৰু ৰঙচুৱা ভৰি। অভিমানী অষ্টম সন্তানৰ দেহ আধাখিনি মাতৃগৰ্ভত, আধা বাহিৰত। সেই আৰ্তনাদৰ সৈতে ইতিমধ্যে উৰি গৈছে চুবাচীৰ মাকৰ প্ৰাণবায়ু।
গল্পটোৱে নাৰী জীৱনৰ অসহায়তা আৰু অৱজ্ঞাক প্ৰতিভাত কৰাৰ সমানুপাতিকভাৱে নাৰীৰ স্বভাৱজাত শক্তি, স্বাভিমান আৰু সহিষ্ণুতাকো প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। এচাম পুৰুষৰ নিজ কৰ্তব্যৰ প্ৰতি উদাসীনতা আৰু অহংকাৰৰ অমাৰ্জনীয় ছবি এখনো তুলি ধৰা হৈছে।
“অন্য গানৰ পুৱা” নামৰ আন এটি গল্প তেওঁ আৰম্ভ কৰিছে দুগৰাকী সাংবাদিকে নতুন ভাৰাঘৰ এটা বিচৰাৰ তিতা-কেঁহা অভিজ্ঞতাৰ মনোৰম বৰ্ণনাৰে। এই গল্পটিৰ বৰ্তমানৰ ভাৰাঘৰটোৰ বৰ্ণনা এনেধৰণৰ- “পেঞ্চন আৰু ভাড়াৰ পইচাৰে চলিব নোৱৰা এখন সংসাৰৰ অবিৰাম চিঞৰ-বাখৰ, কেঁকনি-গেঠনি, স্মৃতিবিভ্ৰমত ভোগা ঘৰৰ মালিক, ঘৈণীয়েকৰ বাতবিষ, একমাত্ৰ নিৰ্বীৰ্য পুত্ৰ দিনৰাতি ছেদভেদ নোহোৱাকৈ মাতাল- গাঁৱৰ পৰা বিয়া কৰাই অনা আজলী সুন্দৰী গাভৰুজনীৰ সদাসন্ত্ৰস্ত ভীত চকুযুৰি- তলৰ আবৰ্জনাৰ দ’ম আৰু নৰ্দমাৰ পৰা অবিৰাম গতিত আহি থকা উৎকট দুৰ্গন্ধ। গলিটোত অসংখ্য মানুহ-বিচিত্ৰ পেছাৰ বিচিত্র চৰিত্ৰৰ। অনবৰত তালফাল চিঞৰ, ফুল ভলিউমত বাজি থকা সংগীতৰ নামত অশ্ৰাব্য উত্তাল চীৎকাৰ, ল’ৰা-ছোৱালীৰ গগনফলা কান্দোন।” কিন্তু এই পৰিবেশৰপৰা উদ্ধাৰ হ’ব পৰাকৈ উপযুক্ত ভাৰাঘৰ এটা বিচাৰি পোৱা নগ’ল। গল্পটিত গল্পকাৰে বিষালি বুঢ়ীৰ মুখেৰে বোৱাৰীক উদ্দেশি প্ৰক্ষেপ কৰা অশ্লীল গালি-গালাজবোৰ অসন্তুষ্ট দাম্ভিক মানুহ এগৰাকীৰ দৰ্প আৰু অহংকাৰৰ বাস্তৱ প্ৰতিফলন।
কোনো বাহ্যিক সংস্কাৰে এনে মানুহৰ মনৰ মলি আঁতৰাব নোৱাৰে। সেয়ে গল্পকাৰে আজলী বোৱাৰীগৰাকীক উদ্ধাৰৰ বাবে এটি প্ৰতিবাদী আৰু প্ৰতিশোধমূলকপথ বাছি উলিয়াইছে। তলৰ অফিচৰ পিয়ন প্ৰেমধৰৰ সৈতে বোৱাৰীৰ গোপন বুজাবুজি চলিছে। তাইৰ পলাই যোৱাৰ পৰিকল্পনাত গল্পৰ মূল চৰিত্ৰটিয়ে সুচিন্তিতভাৱেই প্ৰেৰণা যোগাইছে। কাৰণ শৰীৰৰ আৱৰণ গুচাই এদিন ভৰদুপৰীয়া তাই তেওঁক দেখুৱাইছিল দেহৰ সকলো গোপনীয়তাত,স্বীকৃত স্বামীৰ হিংস্ৰ শ্বাপদৰ অত্যাচাৰৰ গভীৰ আঁচোৰ।
ৰোগ-দৰিদ্ৰতা, শোষণ-নিপীড়নৰ ভয়াৱহ ছবি এখনে পাঠকৰ মন আচ্ছন্ন কৰি ৰখাৰ সময়তে শৌভিক নামৰ এক বিপ্লৱী ডেকাৰ গল্পৰ মাজত আবিৰ্ভাৱ ঘটিছে। মহানগৰীৰ পৰা বাৰ-ষোল্ল ঘণ্টাৰ দূৰত্বত জনজাতীয় এলেকা এটাত শৌভিকহঁতে কাম কৰি আছে। “মাজে মাজে বনভূমি ৰক্ষাৰ নামত উচ্ছেদ অভিযান চলে-সৰু সৰু খেৰ-বাঁহৰ ঘৰবোৰ নিমিষতে জ্বলি ছাই হৈ যায়। দুই এটা মানুহো মৰে – চৰকাৰী হিচাপত তাৰ খতিয়ান নাথাকে- দেশৰ এশ কোটি আবাদী বাহাল তবিয়তত চলি থাকে। প্ৰত্যেক পাঁচ বছৰৰ মূৰে মূৰে এলেকাটোৰ মানুহবোৰে গাড়ী-মটৰ দেখে- পাঁচ বছৰীয়া এটা আমোদ শ্ব’ৰ বাবে প্ৰচাৰ অভিযান চলে- সুৰ এটাই অঞ্চলটোৰ আকাশ কঁপাই থাকে-ভোট দো শ্বো লো ভোট দো শ্বো লো…” প্ৰতিবাদৰ বাবে মানুহবোৰ যেতিয়া চহৰ পালেহি, তেওঁলোকৰ ওপৰত আৰম্ভ হ’ল পুলিচৰ লাঠীচাৰ্জ। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে অহা এজাক মানুহৰ ওপৰত উন্মত্ত পুলিচে লাঠী চলোৱাৰ ফলত আহত হৈছিল শৌভিক নামৰ ডেকাজনো।
“এবাৰ আহিবিচোন”- শৌভিকৰ এই আহ্বানক পলমকৈ হ’লেও সঁহাৰি জনাই এদিন গুচি গৈছিল বিদ্ৰোহী সাংবাদিকগৰাকী। প্ৰতিবাদী মানুহবোৰ জংগী হৈ উঠিছে। সিহঁতে ল’ৰা-ছোৱালীৰ বাবে স্কুল বিচাৰিছে। বেমাৰৰ বাবে ঔষধ বিচাৰিছে। মানুহৰ দৰে জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। স্কুলখন চলাবলৈ মানুহ লাগে। মানুহবোৰক সংগঠিত কৰিবলৈ মানুহ লাগে। অৱশেষত সুচিন্তিত সিদ্ধান্তৰ শেষত বান্ধৱীৰপৰা বিদায় লৈ সাংবাদিকগৰাকী ওলাই আহিছে বিপ্লৱী বন্ধুজনৰ সৈতে একেলগে সমাজৰ কাম কৰাৰ মানসেৰে।
“অন্য গানৰ পুৱা” গল্পৰ নামটো প্ৰতীকী তাৎপৰ্যপূৰ্ণ। সামাজিক সংকীৰ্ণতা আৰু মানৱীয় অনুভূতিৰ তুল্যতাই পাঠকৰ মনত নতুন চিন্তাৰ উন্মেষ ঘটায়। একোটা নিটোল গল্পৰ সুসংহত চিন্তাৰ মাজেৰে সমাজৰ নিপীড়িত লোকসকলৰ জীৱন প্ৰণালীক ৰাইজৰ সমুখলৈ উলিয়াই অনাৰ ক্ষেত্ৰত ৰশ্মিৰেখা বৰাৰ প্ৰয়াসক আমি বিনাদ্বিধাই স্বীকাৰ কৰিবই লাগিব।