সাম্প্ৰতিক সময়ত যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা – (শিবাংগী আচাৰ্য)
(‘যুক্তি দিৱস’ উপলক্ষে “মুক্ত চিন্তা”-ই আয়োজন কৰা ৰচনা প্রতিযোগিতাত দ্বিতীয় স্থান প্রাপ্ত প্ৰবন্ধটোৰ মূল ইংৰাজীৰ পৰা কৰা অনুবাদ)
“They swallow God without thinking,
They swallow country without thinking.
Soon they forget how to think,
They let others think for them”
– Charles Bukowski
যুক্তিবাদ কি? যুক্তিবাদৰ এটা সুসংঘবদ্ধ আৰু নিটোল সংজ্ঞা কি দৰে প্ৰদান কৰা যাব? এই প্ৰশ্নটো আলোচনাৰ প্ৰথমতেই নিশ্চয় অতি প্ৰাসংগিক।
সমস্যাটো হৈছে, উক্ত প্ৰশ্নটোৰ উত্তৰ একেষাৰে দিয়া নাযায়। দেখা যায় যে দাৰ্শনিক, বুদ্ধিজীৱি, সমাজকৰ্মী, বিপ্লৱী আৰু ইতিহাসপ্ৰসিদ্ধ বহুতো চিন্তানায়কে বিভিন্ন ধৰণে “যুক্তিবাদ” শব্দটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰি আহিছে। তেনে অৰ্থৰ বৈচিত্ৰ্যই যুক্তিবাদৰ ব্যাখ্যা-বিশ্লেষণ আৰু তৎজনিত সিদ্ধান্ততো ভিন্নতাৰ উদ্ভৱ ঘটাইছে। উদাহৰণস্বৰূপে, অধ্যাপক D. D. Bandiste-ৰ এখন প্ৰখ্যাত গ্ৰন্থ “Understanding Rationalism”-ত পঢ়িবলৈ পোৱা এটি বাক্য উদ্ধৃত কৰিব পাৰোঁ—,“Rationalism is that philosophy of life which is based upon the reasoning faculty of man”। তেখেতে বিভিন্নধৰণে প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰিছে, কেনেকৈ যুক্তি বোলা বস্তুটো জটিল অথচ নিবিড় ৰূপত মানৱ-প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকে। যুক্তিক প্ৰাধান্য দি সম্পাদন কৰা চিন্তা আৰু কৰ্মকাণ্ড মানুহৰ বাবে প্ৰকৃতিগতভাৱে এটা সাধাৰণ প্ৰপঞ্চ আৰু সি পোনছাটেই অলৌকিক কিম্বা অতিপ্ৰাকৃত অযৌক্তিকৰ বিষয়ক অস্বীকাৰ কৰে। কিন্তু যুক্তিবাদ সাধাৰণতেই প্ৰয়োগবাদৰ সৈতে একেই বুলি বিভ্ৰান্ত হোৱাও দেখা যায়। দুয়োবিধ মাৰ্গেই যৌক্তিক আৰু সুনিৰ্দ্দিষ্ট বিজ্ঞানসন্মত চিন্তাধাৰাক কেন্দ্ৰীয় স্থান দিয়ে। কিন্তু দুয়োবিধৰ মাজত মৌলিক পাৰ্থক্য বিদ্যমান। প্ৰয়োগবাদীসকলে কয় যে অভিজ্ঞতাসম্ভুত অনুভূতিয়েই হৈছে মানুহৰ সকলো ধাৰণা আৰু জ্ঞানৰ মূল উৎস। কিন্তু যুক্তিবাদীসকলে কয় যে উক্ত কথাটোৰ বহুমাত্ৰিক দিশ আছে, মানুহৰ জ্ঞান, দৃষ্টিভংগী, ধাৰণা আদি আহৰণ কৰাৰ প্ৰক্ৰিয়াটো বহুধৰণে সংঘটিত হয়। দাৰ্শনিক প্লেটোৱে আকৌ ভাবিছিল যে প্ৰকৃত জগতখন হৈছে এখন নিখুঁট জগতৰ বিভ্ৰমহে, গতিকে প্ৰয়োগবাদীসকলে প্ৰাধান্য দিয়া অভিজ্ঞতাসম্ভুত অনুভূতি হৈছে অকাৰ্যকৰী আৰু অপ্ৰশস্ত।
সংগঠিত জনতাৰ যুক্তিবাদী আন্দোলনৰ কথাৰে ইতিহাসৰ বহুতো পৃষ্ঠা পৰিপূৰ্ণ। তাৰ লগে লগে বৈপ্লৱিক চেতনাৰে উদ্দীপিত বহুতো ব্যক্তিয়ে পৃথিৱীখন সলনি কৰিবলৈ কৰা প্ৰচেষ্টাৰ কথাও ইতিহাসত দুৰ্লভ নহয়। যুগ যুগ ধৰি বিস্তাৰিত মানুহৰ বৰ্ণিল ইতিহাসত বহুতো প্ৰসিদ্ধ চিন্তানায়কৰ হাতত যুক্তিবাদৰ ধ্বজাখনি উত্তোলিত হৈ থকা আমি দেখিবলৈ পাওঁ। এইসকল যুগন্ধৰ চিন্তাবিদ-দাৰ্শনিকে জীৱন আৰু জগতক বুজিবলৈ, আধিভৌতিক, অপ্ৰাকৃতিক আৰু অলৌকিক ধ্যানধাৰণাৰ পৰিৱৰ্তে যুক্তিক কেন্দ্ৰীয় স্থান প্ৰদান কৰিছিল।
অন্যহাতেদি, ভাৰতবৰ্ষক ধৰ্মকৰ্মৰ দেশ বুলি সাধাৰণতেই কোৱা চকুত পৰে। মাক্স ৱেবাৰে কৈছিল যে ভাৰতীয় মানুহৰ চৌপাশে বহুতো প্ৰভাৱশালী ধৰ্মগুৰুৱে বিচৰণ কৰি থাকে, চিন্তাৰ জগতখন আচ্ছন্ন কৰি ৰাখে নানান অলৌকিক ধ্যানধাৰণাই, তেনে ধাৰণাই নিৰ্মাণ কৰে সামাজিক ৰীতিনীতি আৰু প্ৰমূল্যবোধ। এইসমূহক আকৌ কটকটীয়াকৈ বান্ধি ৰাখে মেজিকধৰ্মী অভংগুৰ, অনড় আৰু প্ৰশ্নহীন বিশ্বাসে। তেনে পটভূমিত মাক্স ৱেবাৰে ভাৰতীয় মানুহে বিশ্বচৰাচৰক বুজিবলৈ যুক্তিবাদৰ দিশলৈ যোৱাটো সম্ভৱ নাছিল বুলি ধাৰণা কৰিছিল। কিন্তু বহুতো যুক্তিবাদীয়ে অন্য ফালৰ পৰাও উক্ত দিশটো অৱলোকন কৰিছে। তেখেতসকলে দেখুৱাইছে যে দীৰ্ঘ কাল ধৰি ভাৰতীয় সমাজখনত ধৰ্মই কেন্দ্ৰীয় স্থান অধিকাৰ কৰি থাকিলেও, অযৌক্তিক ধ্যানধাৰণাৰ অবিসম্বাদী কৰ্তৃত্ব থাকিলেও, ধৰ্মীয় অৱদমন আৰু নিষ্পেষণৰ সৈতে প্ৰকট সামাজিক অসাম্য পৰিলক্ষিত হ’লেও, ভাৰতবৰ্ষ আছিল যুক্তিবাদ, নিৰীশ্বৰবাদ, মানৱতাবাদ আৰু অজ্ঞেয়বাদৰ অন্যতম পীঠস্থান। ভাৰতবৰ্ষত তেনে যুক্তিনিৰ্ভৰ দৰ্শনসমূহক ভিত্তি কৰি সত্যানুসন্ধানত ব্ৰতী হৈছিল বহুতো চিন্তাশীল লোক। তেনে কাৰ্যই আকৌ নতুন নতুন দাৰ্শনিক মাৰ্গৰো জন্ম দিছিল।অৱশ্যে সেয়া আছিল প্ৰাচীন যুগৰ কথা। কালক্ৰমত ভাৰতত যুক্তিবাদী চিন্তাচৰ্চাত ভাটা পৰিছিল। বহু যুগ পাছত সংঘটিত হোৱা তথাকথিত বংগীয় ৰেনাঁছা আছিল সাহিত্য, সংগীত, শিল্পকলাৰ অংগনত পৰিলক্ষিত হোৱা উচ্চচিন্তাৰ এক যুক্তিবাদী আৰু বৈপ্লৱিক পৰিঘটনা। কোৱা হয় যে উক্ত ঘটনাপ্ৰৱাহ আৰম্ভ হৈছিল ৰাজা ৰামমোহন ৰায়ৰ সময়ত, আৰু অন্ত হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ যুগত। তেনে সাংস্কৃতিক-সামাজিক আলোড়নে ভাৰতীয় মানুহৰৰ মননত এক যুগান্তকাৰী উৎপৰিৱৰ্তনৰ অভিঘাত আনি দিছিল। যৌতুক, সতীদাহ, পুৰুষতন্ত্ৰ, সামাজিক অসমতা আদিৰ সন্দৰ্ভত নতুন চিন্তা-তৰংগ কঢ়িয়াই আনিছিল উক্ত নৱজাগৰণে। নৱলব্ধ চিন্তাৰে উদ্বুদ্ধ হৈ বহুতো অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক প্ৰথাৰ বিৰোধিতা কৰা হৈছিল সেই সময়ত। বহুতেই কয় যে যিদৰে ইউৰোপীয় ৰেনেঁছা আছিল সমগ্ৰ বিশ্বৰ বাবে, তেনেদৰেই বংগীয় ৰেনাঁছা আছিল সমগ্ৰ ভাৰতবৰ্ষৰ বাবে। সঁচা কথা, বংগীয় ৰেনাঁছাৰ অভিঘাতে সমগ্ৰ ভাৰতকেই তৰংগিত কৰি তুলিছিল। উক্ত আলোড়নক এক নিটোল আৰু পৰিপূৰ্ণ যুক্তিবাদী আন্দোলন বুলি ক’ব নোৱাৰিলেও, অস্বীকাৰ কৰিব নোৱাৰি যে উক্ত সময়ছোৱাত ভাৰতীয় মানুহৰ চিন্তন প্ৰক্ৰিয়াৰ এক অমোচনীয় যৌক্তিক উত্তৰণ ঘটিছিল। দেৱ-দেৱীৰ কল্পকথা, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধুকথা আদিৰ মোহময় কল্পনাৰ পৰা আঁতৰি আহি মানুহে দৈনন্দিন জীৱনৰ বাস্তৱৰ কথাৰে নিৰ্মিত ৰূঢ়-কঠিন-বন্ধুৰ বাটেৰে বিনম্ৰভাৱে আগবাঢ়িবলৈ প্ৰয়াস কৰিবলৈ ধৰিলে। তাৰ সৈতে সংগতি ৰাখি সমাজখনলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ আগমনো ত্বৰাণ্বিত হৈ আহিছিল। জগদীশ চন্দ্ৰ বসু, সত্যেন্দ্ৰনাথ বসু, মেঘনাদ সাহা আদি আছিল তেনে উজ্জীৱিত সময়ৰ একো একোজন যুগন্ধৰ বিজ্ঞান-প্ৰতিভা। সেই সময়ৰ আগে-পিছে জৱাহৰলাল নেহৰু, বি আৰ আম্বেদকাৰ, এনি বেচান্ট আদিৰ চিন্তাচৰ্চা আৰু কামকাজত যুক্তিবাদী ধাৰণাই গুৰুত্ব লাভ কৰিছিল।
যুক্তিবাদী আন্দোলনৰ প্ৰসংগত বংগীয় ৰেনাঁছাৰ লগতে আমি ইয়ং বেংগল আন্দোলনৰ কথাও উল্লেখ কৰিব লাগিব। এই আন্দোলনটোৰ উদ্ভৱ ঘটিছিল মূলতঃ হিন্দু কলেজৰ ছাত্ৰসমাজৰ পৰা। এইটো গোটৰ সদস্যসকলক ডিৰোজিয়ান বোলা হৈছিল, তেওঁলোকৰ শিক্ষক হেনৰী লুইচ ভিভিয়ান ডিৰজিওৰ অনুগামী হোৱাৰ বাবে। ডিৰজিওৰ মতামত আৰু কামকাজ আছিল সঁচাই বৈপ্লৱিক। ডিৰোজিয়ানসকল আছিল অবিচল আৰু কঠোৰ মুক্ত চিন্তক। তেখেতসকলে সেই সময়ৰ হিন্দু সমাজখনত বৰ্তি থকা অনিষ্টকৰ সামাজিক প্ৰথা আৰু অযৌক্তিক বিশ্বাসৰ বিৰোধিতা কৰিছিল অতি জংগীভাৱে। তেওঁলোকৰ অভ্যুদয় ঘটিছিল চমকপ্ৰদভাৱে, তেওঁলোকৰ ভাবধাৰাৰ প্ৰসাৰৰ দ্ৰুতি আছিল প্ৰচণ্ড। ডিৰোজিয়ানসকলৰ প্ৰথাবিৰোধী কাৰ্যকালাপে সমাজৰ বহুতো ৰক্ষণশীল লোকক অস্বস্তি আৰু অসুবিধাত পেলাইছিল।
ভাৰতবৰ্ষৰ অন্য এক যুক্তিবাদী আন্দোলন হৈছে অন্ধশ্ৰাদ্ধ নিৰ্মূলন সমিতি (মহাৰাষ্ট্ৰত ইয়াক চমুকৈ MANS হিচাপে জনা যায়)। এই আন্দোলনৰ নেতা আছিল নৰেন্দ্র ডাভোলকাৰ। ১৯৮০ চনত স্থাপন হোৱা MANS’ক Johannes Quack’এ নিজৰ কিতাপ Disenchanting India: Organized Rationalism and Criticism of Religion of India’ত ভাৰতৰ সবাতোকৈ বৃহৎ যুক্তিবাদী আন্দোলন বুলি উল্লেখ কৰিছে। অন্ধবিশ্বাস আৰু ধৰ্মৰ অপব্যৱহাৰ নিৰ্মূল কৰায়েই আছিল ইয়াৰ প্ৰধান লক্ষ্য। পানীত মূৰ্তি বিসৰ্জন কৰা, মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক তন্ত্ৰ মন্ত্ৰৰে চিকিৎসা কৰা আদি প্ৰথাৰ ঘোৰ বিৰোধিতা কৰিছিল। ভাৰতত MANS ৰ দৰে অন্য বহুত আন্দোলন গঢ় লৈ উঠিছিল যিয়ে দেশক পুনৰ আন্ধাৰৰ ফালে গতি লোৱাৰ পৰা উদ্ধাৰ কৰিছিল।
সাম্প্ৰতিক সময়ত আমাৰ দেশত এক সুসংগঠিত গণভিত্তিক যুক্তিবাদী আন্দোলনৰ প্ৰাসংগিকতা অতি বেছি। বৰ্তমানৰ সময়টোক সম্প্ৰদায়িক বিদ্বেষৰ মহাবিস্তাৰণ, তীব্ৰ জাতিগত অৱদমন, সামাজিক বৈষম্যৰ বৰ্ধন আদিৰে চিহ্নিত কৰিব পাৰি। বহুতো ৰাজনৈতিক নেতাই জনসাধাৰণৰ ধৰ্মীয় আৱেগ-অনুভূতি-বিশ্বাস আদিক নিজৰ সংকীৰ্ণ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে অবাধে। বিপদাপন্ন আৰু অৱলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণৰ বাবে ফলপ্ৰসূ প্রচেষ্টা চলোৱাৰ সলনি ক্ষমতাশালী ৰাষ্ট্ৰ তৎপৰ হৈ উঠিছে বিশেষ এবিধ জন্তুৰ সংৰক্ষণৰ বাবে, তাকো এটা জীৱন্ত প্ৰাণীৰ অধিকাৰ সংৰক্ষণৰ বাবে নহয়, তেনে কৰা হৈছে ধৰ্মীয় কথাবতৰাত উক্ত জন্তুটোৱে অধিকাৰ কৰা স্থানৰ বাবেহে। একাংশ মানুহৰ বিশ্বাস-অনুভূতিৰ গুৰুত্ৱৰ তুলনাত মানুহৰ জীৱনৰ মূল্য হঠাতে যেন অৱনমিত হৈ পৰিছে। প্ৰেমিক-প্ৰেমিকাক “লাভ জিহাদ”-ৰ অদ্ভুত অভিযোগত হত্যা কৰা হৈছে, বহুতো স্থানত সংখ্যালঘূৰ ঘৰ-দুৱাৰ জ্বলাই দিয়া হৈছে। আমি পাহৰি গ’লে নহ’ব, ছেকুলাৰ মতাদৰ্শক মষিমুৰ কৰি, অন্য ধৰ্ম বা জাতিক নিঃচিহ্ন কৰি দিয়াৰ মনোভাবেৰে ধৰ্মভিত্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ কুপ্ৰচেষ্টা পৃথিৱীত নোহোৱা-নোপজা ঘটনা নহয়। সংবাদ মাধ্যমসমূহ এতিয়া আৰু বাতৰি-তথ্যৰ উৎসৰ পৰিৱৰ্তে হৈ পৰিছে মানুহৰ চিন্তা বিপৰ্যস্ত আৰু বিচ্যুৎ কৰাত শাসকশ্ৰেণীৰ হাতৰ এক অতি কাৰ্যকৰী হাথিয়াৰ। বহুতো ৰাজনৈতিক নেতা হৈ পৰিছে ডাঙৰ ডাঙৰ সংবাদগোষ্ঠীৰ মালিক। একপক্ষীয়, বিকৃত আৰু মিছা বাতৰিৰ অবিৰত প্ৰচাৰত সাম্প্ৰতিক সময়ত জনতা বিভ্ৰান্ত হৈ পৰিছে। তেনে সংবাদমাধ্যমত “ডাইনী” নিগ্ৰহ আৰু হত্যা, ভণ্ড ধৰ্মগুৰুৰ নিকৃষ্ট কাৰ্য আদিয়ে গুৰুত্ত্ব লাভ নকৰে। তাৰ পৰিৱৰ্তে সাম্প্ৰদায়িক বিষবাষ্প বিস্তাৰ কৰাত তেওঁলোক অতিকৈ তৎপৰ।
ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ নামত কৰা মিথ্যা ৰাজনীতিয়ে দেশৰ অৰ্থনীতি, শিক্ষা ব্যৱস্থা আৰু শান্তিত ব্যাঘাত জন্মাইছে। চৰকাৰ আৰু বিৰোধী পক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত ভোট বেংকবোৰে সামাজিক অস্থিৰতা সৃষ্টি কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাটোৰ অৱনতি ঘটোৱাত অস্ত্ৰৰ ভূমিকা পালন কৰে। ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নিজ ধৰ্মৰ মূল মন্ত্ৰ উপলব্ধি নকৰাকৈ তাৰ নামত সন্ত্ৰাস সৃষ্টি কৰে বহুত লোকে, আৰু এই প্ৰক্ৰিয়াত মানৱতা ত্যাগ কৰিবলৈকো কুণ্ঠাবোধ নকৰে।
আমাৰ দেশখন হৈছে অজস্ৰ জাতি-গোষ্ঠী-ধৰ্মৰ এক বিপুল মিশ্ৰণ, এক বিৰাট সমাহাৰ। বিভিন্ন জাতি-গোষ্ঠী-ধৰ্মৰ মাজত যে পুৰণি কালৰে পৰা সমন্ৱয় আছে, সেইটো সঁচা। কিন্তু বহুতৰেই মাজত সংকীৰ্ণ ধৰ্মীয় আৰু সাম্প্ৰদায়িক চিন্তা-চেতনাৰ অৱস্থিতিৰ কথাটোও কোনোপধ্যেই অস্বীকাৰ কৰা নাযায়। তেনে নেতিবাচক প্ৰৱণতা হ্ৰাস পোৱাৰ লক্ষণতো নায়েই, সেইবোৰ সম্প্ৰতি অভাৱনীয়ৰূপে বাঢ়ি আহি এক সৰ্বনাশী আৰু অমিত শক্তিশালী অবয়ৱ ধাৰণ কৰিছে।
বিপৰীতপক্ষে, যুক্তিবাদী চিন্তাচৰ্চাৰ প্ৰসাৰ সাম্প্ৰতিক সময়ত অতি শোচনীয়। এমুঠি মানুহৰ মাজতহে যুক্তিবাদ সীমাবদ্ধ হৈ আছে। লগতে আৰু এটা কথা লক্ষণীয়। ভাৰতত চিন্তাৰ ক্ষেত্ৰত মানুহৰ স্বাধীনতা থকা পৰিলক্ষিত হ’লেও, প্ৰায়োগিক ক্ষেত্ৰত যুক্তিবাদী কৰ্মকাণ্ডই সামাজিকভাৱে বাধাৰ সন্মুখীন হৈ আহিছে। এই কথাটোৱে বহুতো সমস্যাৰ জন্ম দিয়ে। মানুহে আনকি নিজৰ “ধৰ্ম ৰক্ষা”ৰ বাবে কাৰোবাক হত্যা কৰিবলৈকো চিন্তা নকৰে। নিজৰ মানৱীয় মমতা ৰক্ষা কৰাতকৈ, নিজৰ “ধৰ্ম ৰক্ষা” কৰাটো বেছি জৰুৰী বুলি তেওঁলোকে বিবেচনা কৰে।
“If I have to take police protection in my own country from my own people, then there is something wrong with me, I’m fighting within the framework of the Indian constitution and it is not against anyone, but for everyone.”, এই কথাষাৰ কৈছিল নৰেন্দ্ৰ ডাভোলকাৰে। যুক্তিবাদী আৰু বিপ্লৱী মনোভাবৰ বাবে তেওঁ বহুত ভাবুকিৰ সম্মুখীন হৈছিল। ২০১৩ চনৰ ২০ আগষ্টত তেওঁক দুই অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে। কিন্তু এয়া কোনো নোহোৱা-নোপজা ঘটনা নহয়। বৈপ্লৱিক পৰিৱৰ্তন আনিব খোজা বহুতো ব্যক্তিক হত্যা অথবা দমনৰ উদাহৰণ পোৱা যায়। যুক্তিবাদী স্থিতিৰ বাবে দেৰজীয়াক লমক অধ্যাপক পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল। সামাজিক অত্যাচাৰৰ বিৰুদ্ধে মাত মতা ব্যক্তিসকল কিদৰে বিভিন্ন ধৰণৰ আক্ৰমণৰ বলি হয়, ইতিহাস তাৰ সাক্ষী হৈ ৰৈছে।
পূৰ্ণাংগ যুক্তিবাদী আন্দোলন গঢ়ি তুলিবলৈ সামূহিক উৎসুকতাৰ প্ৰয়োজন। এই কাম সহজ নহয়। কলা, সংস্কৃতি, সাহিত্য, সংগীত, আদিৰ প্ৰভাৱ যুৱপ্ৰজন্মৰ মনস্তত্ত্বক সেই দিশে ঢাল খুওৱাত উল্লেখনীয়। জনসাধাৰণৰ মাজত এক উন্নত চিন্তাধাৰাৰ পৰিৱেশ গঢ়ি তোলাটো আৱশ্যক। মানুহৰ মাজত স্বাধীন চিন্তা চৰ্চাৰ উন্মেষ ঘটোৱাৰ এক অন্যতম উপায় হ’ল নিৰপেক্ষ সাংবাদিকতা।
প্লেটো, ছক্ৰেটিছ, পাইথাগৰাছ, প্ৰবিৰ ঘোষ আদিৰ দৰে মানৱতাবাদীসকলৰ মতাদৰ্শই আমাক অনুপ্ৰাণিত কৰে এখন এনে পৃথিৱী গঢ়ি তোলাত য’ত খৰ্ব নহয় মানৱাধিকাৰ।
যুক্তিবাদী চিন্তা চৰ্চাৰ অবিহনে এনে এক পৃথিৱীৰ জন্ম দিব পাৰে, যি দেখা যায় অৰ্ৱেলৰ “Animal Farm”, “1984” অথবা এতউডৰ “The Handmaid’s Tale”ত । যিধৰণৰ পটভূমি তেওঁলোকে এই কিতাপ সমূহত ব্যাখ্যা কৰিছে, তাৰ বাস্তৱ ৰূপায়ণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।