ৰাশি – (ৰাচিদা ৰহমান)
সৰু নগৰ এখনৰ উপকণ্ঠৰ সৰু পৰিয়াল এটাৰ কাহিনী এয়া।
মালতি যিদিনাই জিতেনৰ সৈতে পলাই গৈছিল, সেইদিনাই আৰম্ভণি হৈছিল এই সৰু কাহিনীটোৰ। পলাই গ’লেও অলপ দিনৰ পাছতেই দুয়োৰে পৰিয়ালে কথাটো মানি লৈছিল। আৰম্ভ হৈছিল মালতি আৰু জিতেনৰ যুগ্মজীৱন। অৱশ্যে পলাই যোৱাৰ বাবে বিয়াৰ নামত আনুষ্ঠানিকতাবোৰ কৰা নহ’ল। তেতিয়া জিতেনৰ চাকৰিও নাছিল।
অলপ দিনৰ পাছতেই জিতেনে চাকৰি এটা পালে। ঘৰৰ পৰা অলপ আঁতৰত। ৰাতিপুৱা ৮ বজাৰ পৰা ৰাতি ৮ বজালৈ তাৰ কাম। জিতেন অলপ এলেহুৱা। ঘৰলৈ মাজতে আহি চাহ-ভাত খাই যায়হি, কিন্তু ঘৰৰ কাম একো কৰিব নোৱাৰে। ফাৰ্মত দিনৰ দিনটো থাকিব লাগিলেও তাতো কামৰ বিশেষ হেঁচা নাই।
সদায় সদায় মাজতে চাহ-ভাত খাই যাবলৈ জিতেনে অসুবিধা পাইছিল। কাৰণ চাইকেল চলাই আহিব লাগে। অলপ দিনৰ পাছতেই সি ফাৰ্মৰ ভিতৰত ঘৰ এটা পোৱাত মালতিকো সি তালৈ লৈ আহিল।
বছৰবোৰ পাৰ হ’বলৈ ধৰিলে। এতিয়া মালতি আৰু জিতেনৰ সংসাৰখনত চাৰিটা ল’ৰা-ছোৱালী। দুবছৰ-ডেৰবছৰৰ অন্তৰে অন্তৰে জন্ম হোৱা ল’ৰা-ছোৱালীকেইটিক মালতিয়ে বহুত কষ্ট কৰি ডাঙৰ কৰিছে। শাহুজনী কেতিয়াবা থকাকৈ আহে। তেতিয়া তাই অলপ সকাহ পায়। কিন্তু সেইটো দুই-এদিনৰ বাবেহে। অৱশ্যে, জিতেনৰ লগৰ দুজনমানৰ পৰিয়াল আছে সিহঁতৰ ওচৰা-ওচৰিকৈ। মালতিৰ ভালেই লাগে, কাৰণ সকলোকে তাই লগ পাই থাকে। দিনত ল’ৰা-ছোৱালীকেইটাক চোৱা মানুহ আছে, কাষৰ ঘৰৰ ল’ৰা ছোৱালীবোৰৰ লগত খেলি থাকে। কিন্তু ৰাতি তাইৰ বৰ অসুবিধা হয়। ভাতেই ৰান্ধিব নে ল’ৰা ছোৱালীকেইটাক চাব? তাতে তাই সিহঁতৰ পঢ়া-শুনাত বহুত গুৰুত্ব দিয়ে, ডাঙৰটো দ্বিতীয় শ্ৰেণীলৈ গৈছে, তাৰ পাছৰটোও স্কুললৈ যাবলৈ লৈছে এইবাৰৰ পৰা। সিহঁত স্কুললৈ গ’লে অকনমান তাইৰ আজৰি যেন লাগে, বাকি দুটাক লৈ ব্যস্ত থাকে।
এনেই জিতেনৰ গুণবোৰ ভালেই, কিন্তু তাৰ এলেহুৱা স্বভাৱটো নগ’ল। সি মালতিক কোনো কামতে সহায় নকৰে, আনকি ল’ৰা ছোৱালীকেইটাকো চাব নোৱাৰে, মৰম কৰে কিন্তু সিহঁতৰ লগত লাগি থাকিব নোৱাৰে। ভাতকেইটা কেতিয়াবা ৰন্ধাটোও তাৰ কাৰণে বহুত ডাঙৰ কথা যেন।
আজি মালতিৰ গাটো খুৱ বেয়া, শুই থাকিবলৈ মন গৈছে। শুই থাকিলে নহ’ব, তাইক নো কোনে আলপৈচান ধৰিব! তাইৰ নিজৰ কথা বাদেই ল’ৰা-ছোৱালীকেইটাও ভোকত থাকিব লাগিব। তাই জানে তাইৰ অসুখ হোৱাৰ লগে লগে সদায় জিতেনৰো অসুখ হয়, তাইতকৈ বেছিয়েই হয়। যেতিয়াই তাই ভাবে যে অসুখ হ’লে অকণমান জিৰণি ল’ব, তেতিয়াই জিতেনো বিচনাত পৰি যায়, ওলোটাই তাইহে তাৰ যত্ন ল’বলগীয়া হয়। এই ঘটনাটো বছৰৰ পাছত বছৰ ধৰি তাই দেখি আহিছে। প্ৰথম প্ৰথম তাইৰ বৰ খং উঠিছিল কথাটোৰ কাৰণে। কিন্তু জিতেনে যেতিয়া তাইক কথাটো বুজাই দিলে তেতিয়াৰ পৰা তাইৰ খং নুঠা হ’ল। জিতেনে কৈছিল, দুয়োটাৰে একেই ৰাশি, মকৰ। সেইকাৰণে সিহঁতৰ এটাৰ অসুখ হ’লে ইটোৰো একেলগে বেমাৰ হয়, মৰম চেনেহো বেছি সিহঁতৰ মাজত। তাইৰ মনটো ভাল লাগিছিল, কাৰণে জিতেনে তাইক বুজাইছিল, এনেকুৱা গিৰীয়েক-ঘৈনীয়েক খুৱ কমেইহে থাকে যাৰ ৰাশি দুটা মিলে। কিন্তু তাই মাজে মাজে ভাবে ৰাশি দুটা সিহঁতৰ একে, কিন্তু জিতেনৰ কোনোদিনা আগত কিয় অসুখ নহয়? তাই যিমান কামিলা তাৰ তুলনাত জিতেন সিমান এলেহুৱা কিয়? তেনেকুৱা প্ৰশ্ন তাইৰ মনলৈ আহিলেও কথাবোৰ তাই দ’কৈ চিন্তা কৰি চোৱা নাছিল।
আজিও তাইৰ গাটো বেয়া লগাত, সেই একেই ঘটনা ঘটিল। কামৰ পৰা অহাৰ পাছত জিতেনৰ গাটো বেয়া হৈ গ’ল।
দুদিনমানৰ পাছত এটা ঘটনা ঘটিল। ফাৰ্মখনত এটা মজলীয়া আকাৰৰ সভাগৃহ আছিল। দেওবাৰ এটাত সেই সভাঘৰটোত এখন যুক্তিবাদী আলোচনীৰ উন্মোচনী সভা অনুষ্ঠিত হৈছিল। মানুহৰ ভীৰ দেখি ওচৰৰে ইন্দিৰা, বিমলা, লখিমী আদিৰ সৈতে তাই সভাখনলৈ গৈছিল। তাত এজন বৰ ওখ-পাখ মানুহে ৰাশিফল, জ্যোতিষ আদিবোৰ যে অন্ধবিশ্বাস, সেই কথা বৰ সহজ-সৰলকৈ ৰস লগাই কৈ আছিল। কিবা কথাত সন্দেহ হ’লেই, কথাটো পৰীক্ষা কৰি চোৱাটো যে কিমান দৰকাৰী, সেই কথাটো মানুহজনে বৰ সুন্দৰকৈ বুজাই দিছিল। মানুহজনৰ কথাবোৰ মালতিৰ মগজুত সোমাই পৰিল।
সভাখনৰ পৰা উভতি আহোঁতে ইন্দিৰা, বিমলা, লখিমীহঁতেনো কি কৈ আছিল, সেইবোৰ মালতিৰ কাণত সোমোৱা নাছিল। তাই তেতিয়া বিচৰণ কৰিছিল যুক্তিয়ে মুকলি কৰি দিয়া এখন নতুন জগতত। তাইৰ মনটো বৰ ফৰকাল লাগিছিল। আনকি গাটোও বৰ তজবজীয়া যেন অনুভৱ কৰিলে তাই। তাইৰ খোজৰ গতি বাঢ়ি যোৱা দেখি ইন্দিৰাই ক’লে, “কি হ’ল অ’ মালতি, ইমান খৰকৈ ক’লৈ যাৱ”?
মালতিয়ে উত্তৰ দিলে, “যাও এটা পৰীক্ষা কৰি চাবলৈ”।
ঘৰ সোমাই তাই বিচনাত পৰিল। অলপ পাছত জিতেন আহি সোমাল। তাই ক’লে যে তাইৰ গাটো বৰ বেয়া লাগিছে।
জিতেনে মুখ-হাত ধুই আহি ক’লে যে তাৰ গাটোও হঠাতে বেয়া লাগিবলৈ আৰম্ভ কৰিছে। “বৰ বেয়া লাগিছে গাটো। দুয়োটাৰে ৰাশি একেই যে উপায় নাই”।
তাইৰতো আজি গা অকণো বেয়া লগা নাই! বৰং গাটো ভালহে লাগি আছে!
মিটিঙৰ মানুহজনৰ কথাবোৰ একেবাৰে সঁচা আছিল। মালতিৰ মনটোৰ লগতে গাটোও অধিক সজীৱহৈ পৰিল। অলপ পাছত উঠি তাই ভাত ৰান্ধিবলৈ গ’ল। জিতেন একেবাৰে ভাত খোৱাৰ সময়তহে উঠি আহিল।
পাছদিনা সোমবাৰ। পুৱাতে মালতিৰ শাহু আহি ওলাল। নাতি-নাতিনীকেইটালৈ বৰকৈ মনত পৰি আছে বোলে। জিতেন কামলৈ যাবলৈ ওলাইছিল। মাকক দেখি তাক আৰু একাপ চাহ দিবলৈ মালতিক ক’লে।
মালতিও হাতত চাহ একাপ লৈ জিতেন আৰু শাহুৱেকৰ লগতে বহিল। তাই হঠাতে শাহুৱেক সুধিলে, “মা, এওঁৰ ৰাশিটো বাৰু কি”?
শাহুৱেকে ঢেকঢেকাই হাঁহি ক’লে, “অ’ আই! তই সেই কাহিনীটো নাজান নেকি? ই কোৱাই নাই তোক”?
“কি কাহিনীনো মা? নাজানোঁ নহয়”!
“শুন। জমনি কথা। ইয়াৰ জন্মৰ পাছতেই ৰাশিটো জানিবলৈ জন্মৰ ক্ষণটো লৈ বাপেক গৈছিল হৰিহৰ জ্যোতিষৰ ঘৰলৈ। হৰিহৰে জন্মৰ ক্ষণটো লিখিহে ৰাখিলে, দুদিনমান পাছত দিব বুলি ক’লে, কাৰণ সেইদিনা তেওঁৰ ডিচেন্টেৰি হৈ আছিল”।
“তাৰ পাছত”?
“তাৰপাছত? ইয়াৰ বাপেকৰ মনটো উচপিচাই থাকিল। বাহিৰে বাহিৰে গ’ল হৰেন গণকৰ ঘৰলৈ। হৰেনৰো গা বেয়া, একেই পেটৰ বদহজম। এওঁ জন্মৰ ক্ষণটো দি আহিল”।
“তাৰ পাছত”?
“তাৰ পাছত এদিন আগবেলা হৰিহৰ আহিল। টকা পঞ্চাছ ল’লে। তাৰ পাছত ইয়াৰ ৰাশিটো ক’লে, বৃশ্চিক। পাছবেলা আহিল হৰেন। টকা ল’লে চল্লিশ, আৰু ৰাশিটো ক’লে সিংহ”।
“তাৰ পাছত”?
“তাৰ পাছত আৰু কি? সেই দিন ধৰি ঘৰত ৰাশিৰ কথা ওলালেই এওঁ টাঙোন লৈ খেদি আহে। ইতো নাজানেই, তাৰ ৰাশি কি”!
কথাবতৰাৰ মাজত জিতেন কেতিয়া উঠি কামলৈ গ’ল, কোনেও তৰ্কিবই নোৱাৰিলে। মালতিয়ে মন কৰিলে, সি তাৰ চাহখোৱা কাপটো ধুই গৈছে।