ৰাশিফল : এক অবৈজ্ঞানিক ধাৰণা – (ভৱেশ নাথ)
ৰাতিপুৱা বিদ্যালয়লৈ যোৱাৰ সময়তেই নিয়মীয়াকৈ পঢ়া দৈনিক বাতৰি কাকতখন লওঁ। জিৰণিৰ সময়ত কাকতখনত চকু ফুৰাওঁ। সেইখিনি সময়ত প্ৰায়েই দুই এজন ছাত্র-ছাত্ৰী আহি কাকতখন পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে। ছাত্র-ছাত্ৰীৰ বাতৰি কাকত পঢ়াৰ প্ৰতি আগ্ৰহ দেখি ভাল লাগে। সেয়ে কাকতখন সিহঁতক পঢ়িবলৈ এৰি দিওঁ। পিছে সমস্যাটো আহিল যেতিয়া জানিব পাৰিলোঁ যে সিহঁতৰ আকৰ্ষণ বাতৰি কাকতৰ ভিন্ন ধৰ্মী খবৰবোৰত নহয়, আগ্ৰহ অন্য ক’ৰবাত। দুদিনমান ধৰি লক্ষ্য কৰিলোঁ জুম বান্ধি লৈ সিহঁতে নিজৰ নিজৰ ৰাশিফলবোৰ পঢ়ি ইজনে সিজনৰ লগত আলোচনা কৰি আছে। এদিন আটাইবোৰক ওচৰলৈ মাতি আনি বুজাবলৈ চেষ্টা কৰিলোঁ যে এইবোৰ সকলো মিছা কথা, ৰাশিফলৰ কোনো বিজ্ঞানসন্মত ধাৰণা নাই। আনকি সিহঁতৰ ভিতৰৰেই একে ৰাশিৰ অন্তৰ্গত দুজনৰ মাজত সেই নিৰ্দিষ্ট দিনটোত ঘটা ঘটনাবোৰ যে কেতিয়াও একে নহয় সেই কথাও উদাহৰণৰ সৈতে বুজাই দিলোঁ। গ্ৰহ-নক্ষত্ৰৰ সৈতে জড়িত জ্যোৰ্তিবিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰ যে একে নহয় আৰু তাৰ মাজত থকা পাৰ্থক্যৰ কথা যিমান পাৰি সহজভাৱে বুজাবলৈ লাগিলোঁ। নাই তথাপি সিহঁতে নামানে। সিহঁতৰ এটাই প্ৰশ্ন — যদি এইবোৰ মিছাই হয় তেতিয়াহ’লে প্ৰায়বোৰ বাতৰিকাকতেই ৰাশিফলৰ শিতান প্ৰকাশ কৰে কিয়? বাতৰি কাকতে প্ৰকাশ কৰা কথা মিছা কেনেকৈ হ’ব পাৰে? এনেকুৱা প্ৰশ্ন শুনাৰ পিছত মোৰো মুখ বন্ধ হ’বলৈ বাধ্য হ’ল। আপাত দৃষ্টিত সিহঁতৰ যুক্তি সত্য – বাতৰি কাকত এখনত মিছা কথা প্ৰকাশ হ’ব নোৱাৰে! দেশ বিদেশৰ বিভিন্ন সংবাদ তথ্য সহকাৰে প্ৰকাশ কৰা বাতৰি কাকত এখনে মিছা কথা প্ৰকাশ কৰিব নোৱাৰে বুলিয়েই সিহঁতৰ কুমলীয়া মনটোৱে বিশ্বাস কৰে। তেনেস্থলত ৰাশিফলৰ ভ্ৰান্ত ধাৰণাৰ কথা যিদিনাই মই ক’বলৈ যাওঁ, সেইদিনাই সিহঁতৰ এই প্ৰশ্নটোৰ সন্মুখীন হ’ব লগা হয়। পৰৱৰ্তী পৰ্যায়ত ৰাশিফলৰ ভ্ৰান্ত ধাৰণা সম্পৰ্কে সিহঁতক বুজাবলৈ এক প্ৰকাৰে বাদেই দিলোঁ। লগতে কাকতখনৰ ভিতৰৰ পৃষ্ঠাত থকা ৰাশিফলৰ শিতানটোত প্ৰতিটো ৰাশিৰ বিপৰীতে লিখি থোৱা কথাখিনি কলমেৰে ঘঁহাই ঘঁহাই পঢ়িব নোৱাৰাকৈ ৰখাৰ ব্যৱস্থা কৰিলোঁ।
ৰাশিফলৰ অবৈজ্ঞানিক ধাৰণা আলোচনা কৰিবলৈ যোৱাৰ আগমুহূৰ্তত মোৰ ব্যক্তিগত জীৱনত ঘটা উক্ত ঘটনাটো উল্লেখ কৰিলোঁ। কথাখিনি অকল মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজতেই যে আৱদ্ধ তেনে নহয়। অকল যে মোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেই ৰাশিফলৰ কথাবোৰ বিশ্বাস কৰে তেনেকুৱা নহয়, সমাজৰ বেছি ভাগ শিক্ষিত-অৰ্ধশিক্ষিত, নিৰক্ষৰ ব্যক্তিয়েও ৰাশিফলৰ ভ্ৰান্ত ধাৰণাৰ ওপৰত বিশ্বাসী। আনকি বিজ্ঞান শিক্ষাৰ লগত জড়িত এচাম শিক্ষিত ব্যক্তিও ইয়াৰ মোহৰ পৰা মুক্ত নহয়। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশসমূহৰ কথা বাদেই দিলোঁ, আমেৰিকাৰ দৰে উন্নত দেশতো জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা এচাম মানুহ আছে। আমেৰিকাৰ National Science Foundation ৰ ২০১৪ চনৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৪৫ শতাংশ প্ৰাপ্তবয়স্কই জ্যোতিষশাস্ত্ৰক বিজ্ঞান বুলি বিশ্বাস কৰে। কৰ্মৰত জ্যোতিষীৰ সংখ্যা প্ৰায় লাখৰ ওপৰত। মানুহৰ মনত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে আমেৰিকাৰ দৰে বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত জয়জয় ময়ময় দেশ এখনৰ এনে অৱস্থা কিয়? সেইখন দেশৰ জনসাধাৰণৰ এক ব্যাপক অংশৰ জ্যোতিষশাস্ত্ৰৰ প্ৰতি ইমান আস্থা বা আগ্ৰহ কিয়? সি যি নহওক, জ্যোতিষশাস্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ৰাশিফলৰ ধাৰণাটো কিমান দূৰ যুক্তিসংগত বাৰু? জ্যোতিষশাস্ত্ৰক কিয় বিজ্ঞান বুলি অভিহিত কৰিব নোৱাৰি? অথবা জ্যোতিষশাস্ত্ৰক বিজ্ঞান বুলি অভিহিত কৰিবলৈ যোৱাৰ ৰহস্যনো প্ৰকৃততে কি? এইবোৰ কথাৰ আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে ৰাশিফলৰ ধাৰণাটোনো কেনেকৈ সৃষ্টি হ’ল সেই সম্পৰ্কে কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন।
দৰাচলতে আদিম মানৱ সমাজে সময় আৰু অৱস্থান সম্পৰ্কে সঠিক সিদ্ধান্তত উপনীত হোৱাৰ বাবে গ্ৰহ-নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰিছিল। ৰাতিৰ পথ চিনিবৰ বাবে বিভিন্ন তৰাৰ অৱস্থানক লক্ষ্য কৰিছিল। আকাশত দেখা দিয়া বিভিন্ন নক্ষত্ৰপুঞ্জৰ নক্সা কল্পনা কৰি আদিম মানুহে গুহাৰ অৱস্থান নিৰ্ণয় কৰিছিল। কৃষিযুগত পদাৰ্পণ কৰাৰ পিছত কৃষিকাৰ্যৰ বাবে যেতিয়া ঋতু পৰিৱৰ্তনৰ ধাৰণা মানুহৰ মনলৈ আহিল, তেতিয়া আদিম মানৱ সমাজে সূৰ্য্য আৰু অন্যান্য নক্ষত্ৰবোৰৰ অৱস্থানৰ বাবেই ঋতু পৰিৱৰ্তন হয় বুলি ধাৰণা কৰিবলৈ ল’লে। বতৰ আৰু সময়ৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সূৰ্য্য আৰু অন্যান্য নক্ষত্ৰবোৰৰ অৱস্থানৰ তাৰতম্যই আদিম মানৱ সমাজক সেইবোৰৰ অৱস্থান সম্পৰ্কে অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এনে পটভূমি আৰু এনে সময়তেই জ্যোতিষশাস্ত্ৰৰ ধাৰণাৰ আৰম্ভণি ঘটে। ইয়াৰ লগে লগে জ্যোৰ্তিবিজ্ঞানৰ ধাৰণাও প্ৰায় সমসাময়িকভাৱে গঢ় লৈ উঠে। সেই সময়ত মানুহে দেখিলে যে বিভিন্ন নক্ষত্ৰৰ বিভিন্ন অৱস্থানে শীত, গ্ৰীষ্ম আৰু বৰ্ষাৰ পূৰ্বাভাস দিয়ে। উদাহৰণস্বৰূপে মিছৰৰ নীল নদীৰ বানপানী বছৰৰ নিৰ্দিষ্ট চাৰিটা মাহত সংঘটিত হয় আৰু তাৰ ফলত সৃষ্টি হোৱা বানপানীৰ পলসে কৃষিকাৰ্যত উৎপাদন বৃদ্ধি কৰে। নক্ষত্ৰমণ্ডলত সূৰ্য্যৰ এক নিৰ্দিষ্ট অৱস্থানে এই বানপানীৰ সময় নিৰ্ধাৰণ কৰিছিল। তেতিয়াৰ পৰাই নক্ষত্ৰমণ্ডলৰ বিভিন্ন গতি-প্ৰকৃতি আৰু বিভিন্ন অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ঋতু গণনাৰ কাম-কাজত এইবোৰ ব্যৱহাৰ কৰিবলৈ লোৱা হয়। পৰৱৰ্তী পৰ্যায়ত সূৰ্য্য-চন্দ্ৰ-নক্ষত্ৰৰ অৱস্থানে আদিম সমাজখনৰ ধৰ্মীয় কাম-কাজতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। সূৰ্য্য, চন্দ্ৰ আৰু নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই “বাৰ্ষিকপঞ্জী” তৈয়াৰ কৰাৰ প্ৰক্ৰিয়াও এই সময়ৰ পৰাই আৰম্ভ হয়। আজিৰ যি “পঞ্জিকা”, এয়া মূলত মিছৰীয়সকলৰ অৱদান। কোনোবা ঠাইত সূৰ্য্যক কেন্দ্ৰ কৰি “সূৰ্য্য বৰ্ষ পঞ্জিকা”, আন কোনোবা ঠাইত চন্দ্ৰক কেন্দ্ৰ কৰি “চন্দ্ৰ বৰ্ষ পঞ্জিকা” তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ল।
বেবিলিনীয়সকলে প্ৰথমে বছৰটোক ১২ টা ভাগত বা মাহত ভাগ কৰি বিভিন্ন নক্ষত্ৰমণ্ডলীৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি প্ৰায় ৭০০ খ্ৰীষ্টপূৰ্বত প্ৰথমে ৰাশিফল তৈয়াৰ কৰাৰ প্ৰথা আৰম্ভ কৰে। বেবিলিনীয়সকলেই প্ৰায় ৭৮৭ খ্ৰীষ্টপূৰ্বতেই সেই সময়ত আৱিষ্কৃত হোৱা পাঁচটা গ্ৰহৰ সুশৃংখল তালিকা প্ৰস্তুত কৰে। ইয়াৰ প্ৰায় ৯০০ বছৰ পাছত এই তালিকা ব্যৱহাৰ কৰিয়েই টলেমিয়ে গণিতৰ সহায়ত পৃথিৱীকেন্দ্ৰিক ধাৰণা আগবঢ়ায়। কপাৰনিকাছৰ আগলৈকে সেই সময়ত টলেমিৰ এই ধাৰণা যথেষ্ট জনপ্ৰিয় আছিল। টলেমিৰ এই ধাৰণাটো এফালে যেনেদৰে জ্যোৰ্তিবিজ্ঞানৰ স্তম্ভ, আনফালে বহুতেই এই ধাৰণাটোৰ সৈতে জ্যোতিষশাস্ত্ৰকো জড়িত কৰাব বিচাৰে। টলেমিৰ “আলমেজেষ্ট” গ্ৰন্থখনক যেনেদৰে বিজ্ঞানৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হিচাপে মৰ্যদা দিয়া হয়, ঠিক তেনেদৰে তেওঁৰেই “টেট্ৰাবিলাস” নামৰ গ্ৰন্থখনক জ্যোতিষশাস্ত্ৰৰ এক প্ৰামাণিক গ্ৰন্থ হিচাপে ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সেই সময়ত এজন ব্যক্তিয়েই একেলগে জ্যোতিষশাস্ত্ৰ আৰু জ্যোৰ্তিবিজ্ঞানৰ চৰ্চা কৰিছিল। ভাৰতৰ ক্ষেত্ৰতো বৰাহমিহিৰৰ “সিদ্ধান্ত” নামৰ গ্ৰন্থখন যেনেদৰে গ্ৰহ, নক্ষত্ৰ, সূৰ্য্যগ্ৰহণ সম্পৰ্কীয় গাণিতিক সূত্ৰৰ ওপৰত প্ৰতিষ্ঠিত, একেদৰে তেখেতৰেই “হোৰা” নামৰ গ্ৰন্থখন হৈছে ভাগ্য গণনাৰ শুভ-অশুভ তথ্য সম্বলিত গ্ৰন্থ। পৰৱৰ্তী পৰ্যায়ত টলেমিৰ পৃথিৱীকেন্দ্ৰিক ধাৰণাৰ গুৰুত্ব ক্ৰমশঃ হ্ৰাস পাই ক’পাৰনিকাছৰ সূৰ্য্যকেন্দ্ৰিক ধাৰণাই প্ৰাধান্য লাভ কৰিলে। এই ধাৰণা অধিক বিকশিত হ’ল কেপলাৰ, টাইকো, গেলিলিঅ’ আদি জ্যোৰ্তিবিজ্ঞানীৰ হাতত। এইসকলৰ অতুলনীয় সাধনাৰ বলতেই জ্যোৰ্তিবিজ্ঞানে আজিৰ এই অৱস্থাত উপনীত হ’ল। লগে লগে জ্যোতিষশাস্ত্ৰৰ পূৰ্বৰ মৰ্যাদাও বহু পৰিমাণে সংকুচিত হ’বলৈ আৰম্ভ কৰিলে।
ওপৰৰ আলোচনাৰ পৰা আমি বুজিলোঁ যে আদিম যুগত মূলত সময়ৰ অৱস্থান, ঋতু পৰিৱৰ্তনৰ বিভিন্ন কাৰক সম্পৰ্কে জানিবলৈহে গ্ৰহ-নক্ষত্ৰ, সূৰ্য্য আদিৰ অৱস্থানক ব্যৱহাৰ কৰা হৈছিল। এয়াই হৈছে মূলত জ্যোৰ্তিবিজ্ঞানৰ ধাৰণা। আজি জ্যোতিষশাস্ত্ৰৰ নামত যি ধৰণৰ এক বিশ্বাস মানুহৰ মাজত প্ৰচলিত হৈ আছে, সেয়া দৰাচলতে এক অন্ধবিশ্বাস আৰু অপবিজ্ঞানহে। জ্যোতিষশাস্ত্ৰৰ কোনো বৈজ্ঞানিক ভিত্তি নথকাৰ বাবেই পৰৱৰ্তী পৰ্যায়ত ই বিজ্ঞান হিচাপে প্ৰতিষ্ঠিত হ’ব নোৱাৰিলে। টলেমিৰ পৃথিৱীকেন্দ্ৰিক ধাৰণাটোৱেই ইয়াৰ জ্বলন্ত উদাহৰণ। জ্যোতিষশাস্ত্ৰ বিজ্ঞান নহয় বাবেই ইয়াৰ কোনো সাৰ্বজনীন নীতি পোৱা নাযায়। বিভিন্ন দেশত জ্যোতিষশাস্ত্ৰ কেন্দ্ৰিক কথাবোৰ ভিন ভিন। তদুপৰি জ্যোতিষশাস্ত্ৰই কোৱাৰ দৰে গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱে মানুহৰ দৈনন্দিন কাম-কাজত কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। পৃথিৱীৰ পৰা লাখ লাখ দূৰত অৱস্থান কৰা কোনো গ্ৰহ-নক্ষত্ৰৰ স্পৰ্শ মানুহৰ জীৱনত পৰা বুলি কোৱা কথাটোৰ কোনো বাস্তৱ ভিত্তি নাই। পাঁচ কিলোমিটাৰ দূৰৈত থকা ব্যক্তি এজনক চিঞৰি চিঞৰি মাতিলে ব্যক্তি এজনে শুনা নাপায়। কাৰণ চিঞৰি মাতি থকা ব্যক্তিজনৰ শব্দ তৰংগই সেই নিৰ্দিষ্ট দূৰৈত থকা ব্যক্তিজনৰ কৰ্ণকুহৰ স্পৰ্শ কৰিব নোৱাৰে। তেনেস্থলত পৃথিৱীৰ পৰা লাখ লাখ দূৰৈত থকা গ্ৰহ বা নক্ষত্ৰৰ স্পৰ্শ ব্যক্তিয়ে লাভ কৰাটো সম্ভৱ নে? জ্যোতিষীসকলে হয়তো ক’ব যে গ্ৰহ নক্ষত্ৰৰ বিকিৰণে মানুহক স্পৰ্শ কৰে। কিন্তু বিজ্ঞানে এতিয়ালৈকে কোৱা নাই যে সেই বিকিৰণৰ প্ৰভাৱে মানুহৰ মন মগজুৰ চিন্তাক প্ৰভাৱিত কৰিব পাৰে। যদি তেনে কোনো সম্ভাৱনা থাকিলহেঁতেন নিশ্চিত ভাৱে আজিৰ তাৰিখত বিজ্ঞানে সেয়া আৱিষ্কাৰ কৰিলেহেঁতেন।
একেদৰে ৰাশিফলৰ ক্ষেত্ৰতো একেই কথা ক’ব পাৰি। প্ৰকৃততে ৰাশিফলৰ ইংৰাজী শব্দ “Zodiac” শব্দটি গ্ৰীক শব্দ “Zoidiakos Kyklos” ৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে “সৰু জন্তুৰ বৃত্ত”। প্ৰাচীন মিছৰত এই ৰাশিসমূহৰ নাম এনেদৰে দিয়া হৈছিল যাতে তেওঁলোকৰ দৈনন্দিন জীৱনৰ লগত বা কোনোবা পশু-পক্ষী, দেৱ-দেৱীৰ আকৃতি বা কোনোবা পৌৰাণিক ঘটনাৰ সৈতে ই মিলি যায়। পৰৱৰ্তী পৰ্যায়ত গ্ৰীকত এই ৰাশিবোৰৰ নামৰ অনেক পৰিৱৰ্তন কৰা হয়। তদুপৰি প্ৰত্যেক বিধ ৰাশিৰ সৈতে কিছুমান কল্পকাহিনীহে জড়িত হৈ আছে। উদাহৰণস্বৰূপে — মেঘ ৰাশিৰ কথাকেই ক’ব পাৰি। মেঘ ৰাশিক বেবিলিনীয়সকলে নাম দিছিল “কৃষাণ” অৰ্থাৎ ফচল তোলাৰ সময়। গ্ৰীক পুৰাণত ইয়াৰ নামকৰণ কৰা হয় “উৰন্ত মেঘ” হিচাপে। গ্ৰীক পুৰাণ অনুসৰি দুজন যমজ ভাই-ভনী ফিৰাক্স আৰু হেলে এজন বিখ্যাত বোটিয়ানৰ সন্তান আছিল। তেওঁলোকৰ এজন উপাসক সৎ মা ইনোৰ ৰোষত পৰিল এই দুই ভাই-ভনী। দেলফিৰ মন্দিৰৰ পৰা ওভতাৰ সময়ত ইনোৰ এজন উপাসকে ইনোক ভেটি দিছিল আৰু ৰজাক ক’বলৈ কৈছিল যে তেওঁৰ দুই সন্তানক ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গিত নকৰিলে ৰাজ্যত মহামাৰীয়ে দেখা দিব। ফিৰাক্স আৰু হেলে মৰাৰ আগতে তেওঁলোকৰ প্ৰকৃত মা ই এজনী সোণৰ পাখী থকা ভেড়া পঠিয়াই দি তেওঁলোকক ৰক্ষা কৰে। জ্যোতিষীসকলৰ মতে এই নক্ষত্ৰমণ্ডলীয়ে এই ঘটনাক মনত পেলাই দিয়ে যিয়ে সাহসিকতা, স্থিতপ্ৰজ্ঞ, অধ্যৱসায়ৰ প্ৰতীকক প্ৰতিনিধিত্ব কৰে। এনেদৰে দেখা যায় যে প্ৰত্যেক ৰাশিৰ সৈতে এনে কিছুমান কল্পিত কাহিনীহে জড়িত হৈ আছে যিবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। ঠাই ভেদে এই কল্পিত কাহিনীবোৰ ভিন ভিন হোৱা দেখা যায়। কিন্তু আচৰিত কথা হ’ল এনে কিছুমান ভ্ৰান্ত ধাৰণা থকা ৰাশিফলকো আমাৰ সমাজৰেই অধিকাংশই এতিয়াও বিশ্বাস কৰি আহিছে। তদুপৰি ৰাশিফলৰ বিপৰীতে যিবোৰ কথা লিখা হয় সেয়া অনুমানৰ ওপৰত ভিত্তি কৰিহে লিখা হয়। মানুহৰ জীৱনটো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত। গতিকে সকলো মানুহৰ মাজতেই বিদ্যমান দুই এটা মৌলিক সমস্যাৰ কথা ৰাশিফলত উল্লেখ কৰা কথাৰ সৈতে মিলি যোৱাটো একো অস্বাভাৱিক নহয়। কিন্তু তাৰ মানে ৰাশিফলৰ ধাৰণাটো বৈজ্ঞানিক বুলি আমি ক’ব নোৱাৰোঁ। উদাহৰণস্বৰূপে ধৰি ল’লো আজিৰ তাৰিখত ধনু ৰাশিৰ মানুহ এজনৰ চাকৰি পোৱাৰ কথা ৰাশিফলত লিখা আছে। নিশ্চিতভাৱে ভাৰতবৰ্ষত ধনু ৰাশিৰ মানুহ কেইবা কোটি ওলাব। ৰাশিফলৰ কথা মতেই যদি প্ৰত্যেকেই চাকৰি পায় তেনেহ’লে এদিনতেই ভাৰতবৰ্ষত কেইবাকোটি ধনু ৰাশিৰ মানুহৰ চাকৰি নহ’ব নে? অথচ বাস্তৱ সত্যটো হ’ল যোৱা দুটা বৰ্ষত সমগ্র ভাৰতবৰ্ষতেই কোটিৰ ঘৰত সংস্থাপন পোৱাটো দূৰৰ কথা, লাখৰ ঘৰত চাকৰি গৈছেহে। এইটো এটা উদাহৰণহে।
এতিয়া মোৰো প্ৰশ্ন ছাত্র-ছাত্ৰী সকলে কৰা সেই প্ৰশ্নটোৰ সৈতে একেই– বাতৰি কাকতবোৰে ৰাশিফলৰ দৰে অবৈজ্ঞানিক চিন্তা-চৰ্চাৰ সৈতে জড়িত এটা ধাৰণা প্ৰকাশ কৰে কিয়? আপোনালোকে লক্ষ্য কৰিলে হয়তো জানিব যে অসমৰ প্ৰায় কেইখন আগশাৰীৰ অসমীয়া দৈনিক কাকতেই নিয়মীয়াকৈ ৰাশিফলৰ শিতান প্ৰকাশ কৰে। এতিয়া প্ৰশ্নটো হ’ল বিজ্ঞানে ৰাশিফলৰ ধাৰণাক মান্যতা দিছে জানো? আমি এটা কথা বুজা ভাল যে জ্যোৰ্তিবিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰৰ ধাৰণাৰ মাজত পাৰ্থক্য আছে। ৰাশিফলৰ ধাৰণা জ্যোৰ্তিবিজ্ঞানৰ লগত নহয়, জ্যোতিষশাস্ত্ৰৰ লগতহে জড়িত। পৃথিৱী সূৰ্য্যৰ চাৰিওফালে ঘূৰা, গ্ৰহ নক্ষত্ৰবোৰে নিৰ্দিষ্ট কক্ষপথত পৰিভ্ৰমণ কৰা, উপগ্ৰহৰ ধাৰণা ইত্যাদিবোৰ জ্যোৰ্তিবিজ্ঞান কেন্দ্ৰিক গৱেষণাৰ সৈতে জড়িত। সমগ্র পৃথিৱীত এইবোৰৰ সৈতে জড়িত নিয়মবোৰ একে। বৈজ্ঞানিকভাৱে ই প্ৰমাণিত। ভাৰতৰ জ্যোৰ্তিবিজ্ঞান আৰু আমেৰিকাৰ জ্যোৰ্তিবিজ্ঞানৰ নিয়ম বেলেগ হ’ব নোৱাৰে। এইবোৰৰ নিৰ্দিষ্ট প্ৰামাণিক যুক্তিনিৰ্ভৰ তথ্য আছে। কিন্তু ৰাহু-কেতুৰ ধাৰণা, শনিৰ দশা, বৃহস্পতি গ্ৰহৰ কুপ্ৰভাৱ ইত্যাদি জ্যোতিষশাস্ত্ৰীয় কথা-বাৰ্তাবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। কিন্তু বাতৰি কাকতবোৰে ৰাশিফলৰ নামত এনেবোৰ অযৌক্তিকৰ কথা প্ৰকাশ কিয় কৰে তাকেই ভাবি নাপাওঁ। বাতৰি-কাকত, আলোচনী এইবোৰ হৈছে সামাজিক মাধ্যম। বৌদ্ধিক উৎকৰ্ষ সাধনৰ লগতো ই জড়িত। দেশ এখনৰ নাগৰিক যিমানেই যৌক্তিক, বিজ্ঞানসন্মত চিন্তা-ধাৰাৰ লগত জড়িত হ’ব সিমানেই অন্ধবিশ্বাস, কুসংস্কাৰৰ লগত জড়িত ঘটনাৰ বৃদ্ধি হ্ৰাস পাব। সেইবাবে বৈজ্ঞানিক আৰু যুক্তিনিৰ্ভৰ কথাবোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্বহে ল’ব লাগে বাতৰি কাকতবোৰে। আনকি ভাৰতবৰ্ষৰ সংবিধানতো এই কথা উল্লেখ কৰা হৈছে। সংবিধানৰ ৫১ নং অনুচ্ছেদৰ ‘ক’ অধ্যায়ৰ ‘জ’ শাখাত এইবুলি নিৰ্দেশনা দিয়া হৈছে যে — ” বৈজ্ঞানিক মানসিকতা, মানৱীয়তা আৰু অনুসন্ধিৎসু তথা সংশোধনবাদী উদ্যমৰ বিকাশ কৰাটো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰে কৰ্তব্য হোৱা উচিত (It shall be the duty of every citizen of India to develop the scientific temper, humanism and the spirit of inquiry and reform — Article 51A(h), Indian Constitution)। তেনেস্থলত বাতৰি কাকতসমূহে নাগৰিকসকলৰ বৈজ্ঞানিক চেতনা বিকাশৰ পৰিপন্থী ৰাশিফলৰ দৰে ভ্ৰান্ত একোটা ধাৰণাক প্ৰকাশ কৰাৰ পৰা বিৰতহে থাকিব লাগে। কিন্তু দেখা গৈছে যে আজি প্ৰায় বহু বছৰ ধৰি বাতৰি কাকত সমূহে এইবোৰ প্ৰকাশহে কৰি আহিছে। গতিকে বিষয়টো বিজ্ঞজনৰ দৃষ্টিগোচৰ কৰিলোঁ। আশা কৰোঁ, সুধীজনে এই সম্পৰ্কত অধিক আলাপ-আলোচনাৰ পথ মুকলি কৰিব।