ৰ’বা? (প্ৰিয়ংকা দাস)
কি আছিল বকুলৰ সিপাৰে?
কথাৰ বেথা
নে ভৰিত আঁক খোৱা চিয়াহীৰ চেকা?
ৰ’ম ৰ’মকৈ মানুহলৈ ৰোৱা নহয়।
ক’ম ক’মকৈ সাধুবোৰ কোৱা নহয়।
এইপিনে আছে নেকি- ৰৈ যোৱা বাহি কথা অলপ।
আহা পাতি লওঁ-
টেঙা গোন্ধৰ কথাবোৰ
মুখ ক’লা পৰাকৈ
কাণ কলা হোৱাকৈ
গা পুৰি যোৱাকৈ।
আহা। গুচি যাবাহি পৰুৱাই মাতিলে
ভাতৰ পাতত পানী ছটিয়াই দৌৰিবাহি
নতুন সাধুৰ ফালে।
নতুবা পুৰণি সাধুৰ চোতাললে’!
এই ক্ষণৰ কথা ইয়াতে থাকক।
ঘৰ বান্ধক।
চালিৰ ফুটাৰে পানী সৰকক
বাঁহৰ চোঁচে নেফানেফ কৰক হাতৰ তলুৱা
আজন্মলৈ নথকাৰ মোহত
মজি আছে এপাচিমান ভেকুৰী তিতা
উস্- বৰ তিতিকি লগা মিঠা।
এয়া শেষ বসন্ত।
বকুলৰ পাতে পাতে জেঠৰ খৰ
পুৰাতন গল্পৰ আঁকত বিধে বিধে মানুহৰ ভৰ
খাওঁ নেকি একামোৰ হালধীয়া বকুল
অঁকিয়াই বখলিয়াই দিওঁ চনপৰা পিঠি
পুনৰাই গৰম কৰিবানে একাপ ডাঠ গাখীৰ চাহ?
কেঁচুৰ মোনাত আঙুলিয়ে বিচাৰিবনে পচন মাটি?
উন্মেষৰ শেহত ভাগৰিলে ওঁঠে ফুৱাবনে ঘামৰ কপাল?
এহ্ ভাললগা নাই কিবা এটা–
গুচি যাওঁ বুলিলে মিচিকিয়াব পাৰিবানে উভতি অহাৰ কথা জানি?
পঢ়িব পাৰিবা ভেমধৰা চিঠি?
থাকক দিয়া-
নক’বা।
এয়া বেথাৰ কথা
ভৰিত আঁক খোৱা চিয়াহীৰ চেকা।
এয়া শেষ বসন্ত-
নখত লাগি আহক মৰাচাল
ভৰিয়ে ফেনেকক বোকা।
নেমু নিমখ অকন আনা
ঢোক মাৰি গিলি থওঁ
৩০মি:লি: নিমখীয়া পানী।