গল্প-কবিতা

ৰ’দালি ।। প্ৰিয়ম হাজৰিকা

পুৱাৰেপৰা বাৰী-ঘৰ আঁত মাৰি ফুৰা ৰ’দালিয়ে দিনৰ দুই বজাত এইয়া দুপৰীয়াৰ ভাত সাঁজ খাবলৈ বুলি যতনাই লৈছে। শাহুয়েক মিনতি বৰুৱাই কেতিয়াবাতে ভাত খাই এতিয়া শোৱা পাটীত বিচনী মাৰি মাৰি আকাশ পাতাল ভাবি আছে। ভাতকেইটা নাকে কাণে গুজি ৰ’দালিয়ে আলমাৰীটোৰ পৰা এজাপ চাদৰ মেখেলা বিছনাখনত উলিয়াই লৈ তাৰ পৰা জোনাকে সিহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকীত দিয়া গোলাপী চাদৰ মেখেলা যোৰ খুচৰিবলৈ ধৰিলে। গোলাপৰ পাপৰি হেন কপাহী কাপোৰযোৰত তাই এনে মৰমলগাজনী হৈ পৰে! ধুনীয়া লাগিছে বুলি নক’লেও জোনাকৰ মিঠা বৰণীয়া মুখখনত বিৰিঙা সেই মৌ-কোমল হাঁহিটোতে ৰ’দালিয়ে বুজি পায় তাৰ ভাল পোৱা বেয়া পোৱাবোৰ। ততাতৈয়াকৈ কাপোৰযোৰ পিন্ধি, কঁকাললৈকে পৰা দীঘল চুলিকোছা বেণী গাঁঠি, কপালত ডাঙৰ কৈ ৰঙা ফোঁট আৰু শিৰত সেন্দুৰকণ লৈ তাই আইনখনত নিজকে বাৰম্বাৰ চাবলৈ ধৰিলে। সন্ধিয়া সাত বজাত সি পোৱাহি কথা। জোনাকৰ বন্ধু ৰুবুলে তাক ৰে’ল ষ্টেচনৰপৰা আনিবলৈ তাৰ নতুনকৈ কিনা স্কুটিখন মচি কাচি চিকচিকিয়া কৰি থৈছে। জোনাকৰ লগত কি কথা পাতিব, তাক কেনেকৈ আদৰিব, ঘৰত থকা দিনকেইটাত কি কি ৰান্ধি খুৱাব আদি অনেক চিন্তাই তাইক জুমুৰি দি ধৰিলে। নধৰিবইনো বা কিয়! আজি দুবছৰৰ মূৰত মানুহটো ঘৰলৈ আহিছে। মবাইলত যিমান ভিডিঅ’ কল কৰিলেও মনুহটোক চকুৰ আগত দেখাৰ সমান একো হ’ব নোৱাৰে। বিয়াৰ দুমাহৰ পিছতে সি বোম্বেলৈ ডাঙৰ কোম্পানি এটাত চকীদাৰি কৰিবলৈ বুলি গুচি গ’ল। পিছৰ বছৰ ব’হাগ বিহুত মাত্ৰ এমাহ থাকি সি আকৌ ঘূৰি গ’ল। তাৰ পিছত এই দুবছৰৰ মূৰত সি আজি ঘৰলৈ আহিছে।



গাঁৱৰ কোনো কামতে মন পুতি লাগিব নোৱাৰা জোনাকে মাক আৰু ৰ’দালিক আশ্বাস দিছিল — অসমত থাকি আৰু তাৰ লাভ নহ’ব। সি বোম্বেলৈ যাব। গাঁৱৰে দিলীপ দত্তই তাতে চকীদাৰি কৰি পিছলৈ ঠিকাদাৰ হ’লগৈ। এতিয়া গাঁৱত আৰ চি চি ঘৰ বনাইছে। প্ৰয়োজন সাপেক্ষে সি দিলীপৰ দিহা পৰামৰ্শ ল’ব পাৰিব। ডাঙৰ মহানগৰীত কৰিব পৰা কামো সৰহ। যিকোনো এটা ডাঙৰ কোম্পানিতে সি সহজে কিবা এটা কাম পাই যাব। তাতে যেনে তেনে খুটি খাব পৰা হ’লেই সি মাক আৰু ৰ’দালিকো লগত লৈ যাব। নিজৰ বুলিবলৈ মাটি বাৰীটো নাইয়েই। সকলো মাটি সম্পত্তি দ্বিতীয় পত্নী ৰত্না বৰাৰ নাম কৰি ইহ সংসাৰ ত্যাগ কৰা তাৰ পিতাক শংকৰ বৰুৱাই সজা ঘৰখনো সি দদায়েকক বিক্ৰী কৰি যাব পাৰিব। ঘৰ বাৰীৰ বিশেষ চিন্তা নথকা বাবে গাওঁ এৰি মহানগৰীলৈ যাবলৈ সিহঁতৰ বিশেষ অসুবিধা নহ’ব। জোনাকৰ পৰিকল্পনা শুনি তাৰ আজলী মাকজনীয়ে মনতে বিশাল মহানগৰীত জীৱন-যাপনৰ সপোন গোঁথে। মেটমৰা সপোনৰ ভাৰ কঢ়িয়াই ২৩ বছৰীয়া ৰ’দালিৰ কুমলীয়া কান্ধত ঘৰখন আৰু মাকৰ দায়িত্ব জাপি দি সি বোম্বেলৈ ৰাওনা হয়।

দুপইছাৰ তাৰনাত হাহাকাৰ কৰি হাজাৰ বিজাৰ লোকৰ সমাগম ঘটা সেই মায়ানগৰীৰ বিশালতাত জোনাক ক’ৰবাত হেৰাই গ’ল। কি কৰিব, ক’ত যাব, ক’ত থাকিব একো আও ভাও নাপালে। শেষত দিলীপ দত্তৰ দিহামতে সি অসমীয়া ডেকা কেইজনমানৰ লগ লাগিল। কাম বিচাৰি এক সপ্তাহ মান দৌৰা দৌৰি কৰাৰ পিছত ডাঙৰ চপিং মল এখনত চিকিউৰিটিৰ কামটো পালে। ঘৰলৈ টকা পঠিওৱাটো বাদেই তাত চলিব পৰাকৈ স্বচ্ছল হ’বলৈ তাৰ ছয় মাহ লাগিল। ইপিনে পুৱা ৮ বজাত আৰু গধূলি ৮ বজাত নিয়মীয়া কৈ ফোন নকৰিলেই চিন্তাত সম্বিৎ হেৰুৱাই পেলাৱা অকলশৰীয়া ৰ’দালিজনীয়ে কেলেণ্ডাৰৰ পাত লুটিয়াই দিন বাৰ হিচাপ কৰি কৰি দিন নিয়াইছে। এনেকৈয়ে ইটো সিটো কাম কৰি, নিয়মীয়া কামৰ উপৰিও ডাঙৰ ডাঙৰ ৰেস্তোৰাঁত পাৰ্টটাইম কাম কৰি কেইটকামান আৰ্জি সি নতুন এটা কোম্পানিত মেনেজাৰৰ সহায়কৰ কামটো পালে। বি.এ.ৰ চাৰ্টিফিকেটখনৰ উপৰিও তাৰ সলসলীয়াকৈ হিন্দী ক’ব পৰা গুণটোৱে এই ক্ষেত্ৰত বহুত সহায় কৰিলে। তাৰ বেতনৰ পৰিমাণ বাঢ়িল। ঘৰলৈ সি মাহে মাহে টকা পঠিয়াব পৰা হ’ল। এক কথাত সি নিজে খুটি খাব পৰা হ’ল।

হায়াৰ চেকেণ্ডেৰী পাছ কৰি, “আৰু পঢ়িনো কি কৰিম মা, জোনাক মোৰ বাবে ৰৈ আছে নহয়” বুলি জোনাকৰ সংসাৰ সুৱগা কৰিবলৈ অহা ৰ’দালি বোৱা-কটা, ফুল-বচা আদি সকলো কামতে পাকৈত। চাকৰিয়াল মাক দেউতাকৰ আদৰ আশ্বাসত ডাঙৰ হোৱা ফুলকুমলীয়া ৰ’দালিয়ে বিয়াৰ পিছতেই অতি কম দিনৰ ভিতৰত ঘৰখন আটোমটোকাৰীকৈ সজাই পৰাই আপোন কৰি পেলালে। ঘৰখন মৰমেৰে বান্ধি ৰখাত ক’তো খুঁত ৰখা নাছিল তাই। শাহুয়েকক সময়মতে দৰৱ পাতিৰ যোগান ধৰাৰ পৰা গেছৰ চিলিণ্ডাৰৰ ব্যৱস্থা কৰালৈকে সকলো তাইৰ ওপৰত। শাহুয়েকৰ বৃদ্ধ পেঞ্চনৰ টকাকেইটাৰে নিখুঁতকৈ ঘৰখনৰ আঁত মাৰি ফুৰা মানুহজনীৰ শুকাই যোৱা মুখখন দেখি এদিন জোনাকে তাইক প্ৰশ্ন কৰিছিল,”তোমাৰ বাৰু মোৰ নিচিনা ঠিকনাবিহীন মানুহ এটালৈ বিয়া হৈ আহি অনুসূচনা নহয় নে?”
“অনুসূচনা মানে?” জুহালৰ কাষৰ পিৰাখনতে বহি শাক কুটি থকা ৰ’দালিয়ে মূৰ নোতোলাকৈয়ে প্ৰশ্ন কৰে।
“মানে তোমাৰ কেতিয়াও দুখ নালাগে নে ৰ’দালি, নিজৰ অৱস্থা দেখি।?”
“মহানগৰী এৰি গাঁৱৰে চাৰি আলিৰ চুকত দোকান এখন খোলক, সৰহীয়াকৈ টকাকেইটা হাতত নপৰিলেও অন্ততঃ ঘৰখনটো পাব। তেতিয়া আৰু মোৰ কোনো অনুসূচনা নাথাকিব।” জুইৰ পোহৰত জিলিকি ৰোৱা ৰ’দালিৰ পূৰ্ণিমাৰ চন্দ্ৰ হেন স্নিগ্ধ মুখখনিলৈ চাই সি থৰ লাগিল।

ঘৰত থকা দিনকেইটা সাউৎ কৰে পাৰ হৈ গ’ল। জোনাকৰ উভতাৰ দিন কাষ চাপিল। লৰালৰি কৈ সি ঘৰৰ পৰি থকা কামবোৰৰ আঁত পিত মাৰিবলৈ ধৰিলে। পাচলি খেতিৰ পৰা আৰম্ভ কৰি চাৰিসীমাটো জেউৰা- জপনা দি বেৰি কুৰি লোৱালৈকে অনেক কাম। ৰ’দালিয়েও জোনাকক দি পঠিয়াবলৈ পিঠা-পনা, লাৰু, বিধে বিধে আছাৰ বনাবলৈ আৰম্ভ কৰিলে। কিন্তু তাৰ উভতিবলগীয়া দিনাৰ প্ৰায় দুই সপ্তাহ আগত সেই  আকস্মিক, আচহুৱা, অচিনাকি খবৰবোৰ চাৰিওফালে বিয়পিবলৈ ধৰিলে।

“ভাৰত পালেহি মহামাৰী, বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা।”
“দেশৰ ৰাষ্ট্ৰপতি ক’ৰণাত আক্ৰান্ত।”
“স্কুল কলেজ বিশ্ববিদ্যালয় আৰু বজাৰ-সমাৰ অনিৰ্দিষ্ট কাললৈ বন্ধৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ।”
“অসম পালেহি মহামাৰী। কাইলৈৰ পৰা বন্ধ থাকিব স্কুল কলেজ। সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ আহ্বান অসম চৰকাৰৰ।”

পলকতে পৃথিৱীখন সলনি হৈ গ’ল। ৰে’ল সেৱাও অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হ’ল। মোনাত আটি আটি বন্ধা পিঠা লাৰুবোৰ উলিয়াই বৈয়াম এটাত ভৰাই ৰ’দালিয়ে জোনাকৰ নিবলগীয়া পেন-চোলাকেইটা আলমাৰীটোত জাপি-কুচি ধুনীয়া কৈ থৈ দিয়ে।

যোৱা দুমাহ ধৰি জোনাক কাম কৰা কোম্পানিটো বন্ধ হৈ আছে। তাত কাম কৰা তাৰ লগৰ কেইজনো ঘৰা-ঘৰি গ’লগৈ। গোটেই দেশৰ অৰ্থনীতি তিনি চাৰি মাহতে বুৰ গ’ল। আৰু যদি এমাহ লকডাউন থাকে তেতিয়াহ’লে জোনাকহঁতৰ কোম্পানিও তল যাব। অনিশ্চয়তাই মানুহবোৰক বেৰি ধৰিলে। আহিবলগীয়া দিনবোৰৰ কথা ভাবি মূৰ ঘমাই নাথাকি জোনাকে ঘৰৰে বাৰীৰ কামত মনোযোগ দিবলৈ ল’লে। বিধে বিধে ৰোৱা লাও জিকা ভোলে তাৰ বাৰীখন ভৰাই পেলালে। মুখত মাস্ক আৰু হাতত গ্ল’ভচ পিন্ধি সি তাৰ চাইকেলখন লৈ ঘৰে ঘৰে পাচলি বিকিবলৈ ল’লে। গাঁৱৰ স্বাস্থ্য কেন্দ্ৰৰ ল’ৰাকেইটাৰ লগ লাগি সি গাঁৱত মাস্ক, চেনিটাইজাৰ বিতৰণৰ কামতো লাগি ভাগি দিলে। ৰ’দালিয়েও বিভিন্ন ৰঙী মাস্ক চিলাই জোনাকক সেইবোৰ বিকিবলৈ দিলে। এখনত পঞ্চাছ টকাকৈ মাস্কবোৰত তাই ভাল দাম পালে। কেৱল গাঁৱতে সীমাবদ্ধ নাথাকি তাইৰ মাস্কৰ ব্যৱসায়টোৱে চহৰতো বেছ আব্দাৰ পালে। সৰু সৰু ফুল বচা ৰং বিৰঙী মাস্কবোৰ মহিলাসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হ’ল।

এনেকৈয়ে নাযায় নুপুৱাইকৈ দুটা বছৰ পাৰ হৈ গ’ল। মহামাৰীৰ প্ৰকোপ কমিল। স্কুল-কলেজ, অফিচ-কছাৰীত আকৌ আগৰ দৰে কাম আৰম্ভ হ’ল, বজাৰ-সমাৰ বহিল। নাকৰপৰা মাস্ক আহি জেপত সোমাল। মানুহবিলাক ভেকচিনেটেড হ’ল। জোনাকলৈ কোম্পানিৰপৰা ফোন আহিল। কোম্পানিৰ কাম আকৌ আৰম্ভ হ’ব। গতিকে কৰ্মচাৰীখিনি তাৰ এক সপ্তাহৰ আগতে তাত হাজিৰ হ’ব লাগে। ৰ’দালিৰ জীৱনলৈ আকৌ আন্ধাৰ নামিল। দুটা বছৰে মানুহটোক কাষত পাই তাই পাহৰি পেলাইছিল বীজাণুয়ে নিমাত কৰা অসুখীয়া পৃথিৱীৰ অৱনমিত জীৱনবোৰৰ কথা। কালৰূপী মহামাৰীয়ে তাইৰ জীৱনলৈ আশাৰ ঢলহে বোৱাইছিল। পেটে পেটে তাই প্ৰাৰ্থনা কৰিছিল, মহামাৰী আৰু কেইটামান দিন থাকক, ৰে’ল সেৱা আৰু কেইটামান দিন বন্ধ থাকক। কিন্তু পথিৱীখন এতিয়া আৰোগ্য হ’ল। সকলো আগৰদৰে হ’ল, আগৰ দৰেই এতিয়া তাই কেলেণ্ডাৰ লুটিয়াই লুটিয়াই দিন-বাৰ হিচাপ কৰিব লাগিব, আগৰ দৰেই তাই পুৱা-গধুলিৰ ফোন কলকেইটালৈ বাট চাব লাগিব, আগৰ দৰেই তাই “এওঁ আহিলে লাও দি হাঁহৰ মাংস ৰান্ধিম” বুলি আলু আৰু শাকেৰে ভাত খাব লাগিব।

উৎকট গৰমত ভিতৰত থাকিব নোৱাৰি দুপৰীয়া ভাত সাঁজ খাই পিছ ফালৰ চোতালতে চকী পাৰি বহিলহি জোনাক। কাষতে মাক মিনতি বৰুৱা। ইতিমধ্যে বাচন-বৰ্তন ধুই আজৰি হোৱা ৰ’দালিও কাষতে মুঢ়া এটা লৈ বহিলহি। পিছপিনৰ ৰিবৰিব বতাহ চাটিয়ে গা শাত পেলাই গ’ল। নিজৰ নিজৰ চিন্তাত মগ্ন হৈ বহোতে বহোতে সিহঁতৰ বেলি হ’ল। ৰ’দালিয়ে তিনিকাপ চাহ আৰু তিনিটা লাৰু লৈ আকৌ বাৰাণ্ডাতে বহি ল’লেহি। খুণ্ডনা এটাত তামোল খুন্দি থকা মিনতিয়ে চকু মুদি চকীত দীঘল দি পৰা জোনাকক প্ৰশ্ন কৰে,”জোন, কোন দিনা উভতিম বুলি ঠিক কৰিছ?”
“মেনেজাৰৰ লগুৱা হৈ কি কৰিম মা। ইয়াতে অতবোৰ কাম পৰি আছে।”

জোনাকৰ কথাষাৰত ৰ’দালি জিকাৰ খাই গ’ল। বুকুখনৰপৰা গধূৰ শিল এটা কোনোবাই খহাই নিয়াৰ নিচিনা অনুভৱ হ’ল তাইৰ। মুখেদি আপোনা আপুনি হাঁহি বিৰিঙি পৰিল। নিচিন্তমনে লাৰু এটাত একামোৰ মাৰি জোনাকে চাহৰ পিয়লাত চুমুক দিলে। পশ্চিমৰ বেলিটিৰ সুমথিৰা আভাৰে জিলিকি পৰিল ৰ’দালিৰ মুখমণ্ডল। আজিৰে পৰা তাই আৰু কেলেণ্ডাৰ লুটিয়াই দিন বাৰ হিচাপ নকৰিলেও হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *