লীলাৱতীৰ জীয়েক: ড: ৰোহিনী গডবোলে ।। সীমান্ত কোঁৱৰ
Women need to do science to give full expression of their intellectual abilities but science also needs women. It’s science for women and women for science — Dr Rohini Godbole/ Reflections of a life in science
যোৱা ২৫ অক্টোবৰ ২০২৪ তাৰিখে ভাৰতৰ এগৰাকী বিখ্যাত মহিলা পদাৰ্থবিজ্ঞানী, ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ উচ্চ শক্তি পদাৰ্থ বিজ্ঞান বিভাগৰ জেষ্ঠ অধ্যাপিকা ডঃ ৰোহিনী গডবোলেৰ মৃত্যু হয়। বাতৰি কাকতত তেখেতৰ সোঁৱৰণত প্ৰকাশ পোৱা সৰু লেখা এটাই আকৰ্ষিত কৰাত মানুহ গৰাকীৰ ব্যক্তিত্বৰ বিষয়ে জানিবলৈ ইন্টাৰনেট খোঁচৰাত আধুনিক সুক্ষ্মকণা বিজ্ঞানৰ জগতখনত তেখেতে কৰি থকা কৰ্মৰাজিৰ লগতে নাৰীৰ সম শিক্ষাৰ প্ৰতি তেখেতৰ অৱদানৰ কথাও গম পালোঁ। বিজ্ঞানৰ জগতত নাৰীৰ দ্বায়িত্ব তথা তেখেতৰ ব্যতিক্ৰমী জীৱনটোৰ কথা অসমীয়া পঢ়ুৱৈৰ সন্মুখত প্ৰকাশ কৰাৰ উদ্দেশ্যৰেই মোৰ এই সৰু শ্ৰদ্ধাঞ্জলিমূলক লেখা ।
“…..science is not an endeavor which should depend on the credentials of the scientist. Rather, a good scientist is one who does good science“.
আমাৰ কায়িক জীৱনত পদাৰ্থবিজ্ঞানৰ প্ৰভাৱ কিমান বুলি কোনোবাই সুধিলে আমাৰ দৰে সাধাৰণ মানুহে সাধাৰণতে বেজীৰ পৰা জোনটোলৈকে বুলিয়ে কওঁ। সঁচাকৈয়ে ধৰাৰ ওপৰত থিয় হৈ থকাৰে পৰা মহাকাশত জিলিকি থকা-নথকা গ্ৰহ নক্ষত্ৰলৈকে বা জন্মৰ পৰা মৃত্যুলৈকে মানুহে কৰা সকলো কাম – সকলোতে চোন পদাৰ্থ বিজ্ঞানেই সংযোগ হৈ আছে। নিউটনৰ সৰি পৰা আপেলে সেই তাহানিতে অনা বিজ্ঞান আৰু এতিয়াৰ এলন মাক্সৰ আকাশৰ পৰা নামি আহি নিজে প্ৰজেক্টৰৰ বুকুত সোমোৱা স্টাৰচিপৰ ৰকেটৰ বিজ্ঞানৰ মাজত যদিওবা আকাশ-পাতাল পাৰ্থক্য তথাপি মানৱ সভ্যতাত পদাৰ্থ বিজ্ঞানৰ অৱদান আৰু একে সময়তে পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতিত মানৱৰ অৱদান পৰিপূৰক। মানুহৰ মগজুৰ বিকাশৰ সমান্তৰালভাৱে বিজ্ঞানৰ অনাবিষ্কৃত ৰহস্য তথা অগ্ৰগতিয়ে প্ৰতিনিয়ত জন্ম দি আহিছে নতুন নতুন জ্ঞানৰ জগতৰ।
সুক্ষ্মকণা বিজ্ঞানৰ জগতখনো তেনে এখন ৰহস্যময় জগত য’ত নিউটনৰ মধ্যাকৰ্ষণ শক্তিক অতিক্ৰমি পদাৰ্থৰ সুক্ষ্মতম অংশ কণাৰ মাজৰ বিদ্যুতচুম্বকীয় ক্ষেত্ৰ তথা শক্তিশালী বা দূৰ্বল পাৰস্পৰিক টনা-আঁজোৰাৰ অধ্যয়নে মানুহক নতুন ৰহস্যৰ দুৱাৰ মুকলি কৰি দিছে। সুক্ষ্মকণা বিজ্ঞান জগতত গৱেষণা কৰি “ড্ৰীচ- গডবোলে ইফেক্ট“ নামৰ বিখ্যাত পৰিঘটনাৰ উদ্ভাৱন কৰা এগৰাকী মূল বিজ্ঞানী পদ্মশ্ৰী ডঃ ৰোহনী গডবোলেৰ জন্ম হৈছিল ১৯৫২ চনত মহাৰাস্ট্ৰৰ পুনেত। প্ৰাৰম্ভিক শিক্ষা পুনেতে সমাপ্ত কৰি ছাৰ পৰসুৰামভাউ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ভাৰতীয় প্ৰায়োগিক প্ৰতিষ্ঠান, মুম্বাইৰ পৰা পদাৰ্থবিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত নিউৱৰ্ক ৰাজ্যিক বিশ্ববিদ্যালয়ৰ (State University of New York at Stony Brook) পৰা সুক্ষ্মকণা পদাৰ্থবিজ্ঞান(Particle Physics)ত পি এচ ডি সন্মান লাভ কৰে। শিক্ষাৰ অন্তত ১৯৭৯ চনত ডঃ গডবোলে সৰ্বপ্ৰথমে টি আই এফ আৰ(Tata Institute of Fundamental Research)ত আমন্ত্ৰিত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৮২ চনত মুম্বাই বিশ্ববিদ্যিলয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰি ১৯৯৫ চনলৈকে কাৰ্য্যনিৰ্বাহ কৰাৰ পাছত ১৯৯৫ চনত বাংগালোৰত অৱস্হিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ উচ্চ শক্তি পদাৰ্থ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰূপে যোগদান কৰি ২০২১ চনৰ ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰে। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ উপৰিও ডঃ গডবোলে একেসময়তে তিনিটাকৈ ভাৰতীয় বিজ্ঞান একাডেমী তথা উন্নয়নশীল বিশ্বৰ বিজ্ঞান একাডেমী(TWAS) ৰো নিৰ্বাচিত ফেল’ হিচাপে অৰিহণা আগবঢ়াই থৈ গৈছিল।
শিক্ষাদানৰ উপৰিও সুক্ষ্মকণা পদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰখনত ডঃ গডবোলেৰ উল্লেখযোগ্য অৱদান হ’ল ইউৰোপীয়ান গৱেষণা কেন্দ্ৰ (CERN)ৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় ৰৈখিক সংঘৰ্ষক (International Linear Collider)ৰ আন্তঃৰাস্ট্ৰীয় ডিটেক্টৰ পৰামৰ্শদাতা গোটৰ এজন বিশেষ সদস্যহিচাপে সংঘৰ্ষক (Collider) টোৰ গৱেষণা তথা উন্নয়নৰ ক্ষেত্ৰখনত গৱেষক তথা পৰামৰ্শদাতা হিচাপে কৰ্মৰাজি। সুক্ষ্মকণা পদাৰ্থবিজ্ঞানৰ ওপৰত তেখেতে প্ৰকাশ কৰা গৱেষণা পত্ৰৰ সংখ্যা প্ৰায় ডেৰশৰো ওপৰত। তাৰ ভিতৰত উল্লেখযোগ্য গৱেষণা পত্ৰকেইখন হ’ল “Low-virtuality leptoproduction of open-charm as a probe of the gluon Sivers function“ আৰু “Transverse single-spin asymmetry in the low-virtuality leptoproduction of open charm as a probe of the gluon Sivers function“। জীৱনকালত তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ ভিতৰত “Theory And Phenomenology Of Sparticles: An Account Of Four-dimensional N=1 Supersymmetry In High Energy Physics”, “The Girl’s Guide to a Life in Science” আৰু “LILAVATI’S DAUGHTERS- The Women Scientists of India“ অন্যতম।
এগৰাকী বিশ্ববিখ্যাত পদাৰ্থবিজ্ঞানী, গৱেষক তথা অধ্যাপক হোৱাৰ উপৰিও ডঃ ৰোহিনী গডবোলে আছিল নাৰীৰ সমশিক্ষা তথা নাৰীৰ অধিকাৰৰ বাবে আজীৱন কাম কৰি যোৱা এগৰাকী সামাজিক কৰ্মী। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ মহিলা বিজ্ঞানীসকলৰ সংগঠনৰ সভানেত্ৰী হিচাপে তেখেতে অৱসৰ পৰ্যন্ত সেৱা আগবঢ়াই থৈ গৈছিল। বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীৰ তাকৰীয়া সংখ্যাক লৈ তেখেতে উদ্বেগ প্ৰকাশ কৰি বহু কথা লিখি থৈ গৈছে। ভাৰতীয় সমাজ ব্যৱস্হাত বিশেষকৈ ৮০ ৰ দশকত এগৰাকী বিজ্ঞানী হিচাপে কাৰ্য্য কৰি থকাৰ সমান্তৰালভাৱে নাৰীৰ শিক্ষা তথা অধিকাৰৰ বাবে মাত মতাটো আজিৰ দৰে সিমান সহজ নাছিল আৰু সেই কাম কৰোঁতে তেখেতে বিজ্ঞানীতকৈ বেছি ’এক্টিভিষ্ট’ হোৱাৰ বদনামহে শুনিব লগীয়া হৈছিল। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বিভিন্ন গৱেষণা সভাসমূহত বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীবিজ্ঞানীৰ বিষয়ে কোনো সুকীয়া সময় নিদিয়াৰ বাবে তথা বিজ্ঞানৰ কৰ্মক্ষেত্ৰত থকা লিংগ বৈষ্যমৰ বিৰূদ্ধে তেখেতে প্ৰথম আপত্তি কৰোঁতে বহুতে হাঁহিছিল। তেখেতে এঠাইত লিখিছিল – “I can remember advice given to me when I was at that stage. Your best bet to find jobs in a women’s college in a mofussil area or an exclamation-’ I didn’t realise you are too serious about research”
স্বাধীন ভাৰতৰ প্ৰথম দশকতে মহাৰাস্ট্ৰীয়ান পিতৃপ্ৰধান ঘৰ এখনত জন্মগ্ৰহণ কৰি মহিলা হিচাপে বিশ্ববিদ্যালয়ত উচ্চশিক্ষা লাভ কৰাৰ পাছত বিদেশৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰাটোও আছিল তেখেতৰ বাবে একপ্ৰকাৰৰ সংগ্ৰাম। বিদেশৰ তুলনাত আমাৰ দেশত বিশেষকৈ বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীৰ অভাৱ তথা কৰ্মৰত সেই কমসংখ্যক নাৰীয়েও বিভিন্নসময়ত অনুভৱ কৰি অহা বৈষ্যমবোৰৰ অধ্যয়ন কৰি তেখেতে লিখিছিল “Gender equity in all walks of life is important. But gender equity in science is very important. It is important for all of us to realise that the efforts to achieve gender equity are not to be looked upon as charity or justice for women but also as a process that benefits science itself. Diversity in the scientific workforce can only make the complex space of research, innovation and knowledge more vibrant and hence more productive“। তেখেতে আৰু এঠাইত লিখিছিল -”We need to normalise the concept that one’s career or opportunities do not have anything to do with gender. This message is not just to young women but young men as well.”
বিজ্ঞান অধ্যয়ন তথা বিকাশত নাৰীৰ যোগদান আৰু সহযোগিতা বিকাশৰ দ্বায়িত্বভাৰ, ভাৰতৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা বিজ্ঞানী হিচাপে ডঃ গডবোলে নিজে কান্ধত তুলি মেহতাব বামজী আৰু বিনীতা বালৰ সৈতে যুতীয়াভাৱে ২০০৪ চনত দেশৰ বিভিন্ন প্ৰান্তৰৰ বিজ্ঞানৰ ক্ষেত্ৰখনত কৰ্মৰত প্ৰায় ২০০০ মহিলাৰ সাক্ষাৎকাৰ লৈ Science carreer for Indian women- An examination of Indian Women’s access to and retention in scientific carrers নামৰ এখন ৰিপোৰ্ট প্ৰস্তুত কৰে, যিখনক আজিও বিজ্ঞানৰ ক্ষেত্ৰখনত নাৰীৰ প্ৰয়োজনীয়তা আৰু নাৰীয়ে ভুগি অহা বিভিন্ন বৈষ্যমতাৰ সমাধান দিব পৰা এখন বাটকটীয়া ৰিপোৰ্ট হিচাপে গণ্য কৰা হয়, যাৰ পৰামৰ্শৰ ভিত্তিত ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত মহিলা বিজ্ঞানীৰ বাবে এটা বিশেষ টাক্স ফোৰ্চ গঠন হয়। ২০২০ চনত ভাৰত চৰকাৰৰ দ্বাৰা প্ৰস্তাবিত ’বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু উদ্ভাৱন নীতিত’ প্ৰথমবাৰৰ বাবে ’ন্যায় আৰু অন্তৰ্ভুক্তি’ নামৰ ব্যতিক্ৰমী তথা গুৰুত্বপূৰ্ণ খণ্ড এটাক সংযোগ কৰা হয়, উল্লেখযোগ্য যে সেই ব্যতিক্ৰমী খণ্ডটো প্ৰস্তুতকৰা দ’লটোৰ মুৰব্বী আছিল ডঃ গডবোলে। সেই খণ্ডটোত যিকোনো সিদ্ধান্ত গ্ৰহণকাৰী কমিটীত ৩০% নাৰীৰ অন্তৰ্ভুক্তি বাধ্যতামূলক কৰা, ‘দ্বৈত নিযুক্তি ব্যৱস্হা’, ‘নমনীয় কৰ্মসময়’ তথা ‘জৈৱিক বয়স’তকৈ ‘শৈক্ষিক বয়স’ক বেছি প্ৰাধান্য দিয়াৰ পৰামৰ্শ দিয়া হৈছিল।
Its science for women and women for science’ বুলি বিশ্বাস কৰা ডঃ গডবোলে কৈছিল -“the sooner we understand this two way street, the sooner we will reach a day when we will stop talking about women scientists or women engineers. They will be just scientists or engineers who happen to be women”. পঢ়ি থকা ছাত্ৰীসকলক বিজ্ঞানশিক্ষাৰ প্ৰতি উদ্বুদ্ধ কৰাৰ বাবে ৰাম ৰামাস্বামীৰ লগত তেখেতৰ যুটীয়া সম্পাদনাত ২০০৮ চনত প্ৰকাশ পায় দেশৰ এশগৰাকী মহিলা বিজ্ঞানীৰ জীৱনীভিত্তিক বহুল সমাদিত গ্ৰন্থ ‘লীলাৱতীৰ জীয়েক – ভাৰতৰ মহিলা বিজ্ঞানীসকল’। একেদৰে ৰাম ৰামাস্বামী, মন্দাকিনী ডুবে আৰু ৰোহিনী গডবোলেৰ যুটীয়া সম্পাদনাত ২৫ গৰাকী মহিলা বিজ্ঞানীৰ জীৱনীভিত্তিক গ্ৰন্থ ’The Girl’s Guide to a Life in Science” প্ৰকাশ পায়।
সন্তান জন্ম দিয়াৰে পৰা ডাঙৰ-দীঘল কৰালৈকে পৰিয়াল চলোৱাৰ দ্বায়িত্ব কেৱল এগৰাকী নাৰীৰে বুলি সমাজৰ যি প্ৰচলিত ধাৰণা, সেই ধাৰণাৰ বিপৰীতে পৰিয়ালৰ লগত সামঞ্জস্য ৰাখি ঐকান্তিকতাৰে বৈজ্ঞানিক গৱষেণা কৰি থকা সহজ নহয়। ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ অৰ্হতাৰ উপযুক্ত মূল্যায়ন আৰু সমাদৰ বিদেশৰ তুলনাত একেবাৰে পুতৌজনক। তাৰ মাজতো সকলো প্ৰতিবন্ধকতা আঁতৰাই ডঃ ৰোহিনী গডবোলেৰ দৰে নাৰীয়ে বিজ্ঞানৰ জগতখনত নিজৰ কৰ্মৰাজিৰে আকাশসম সফলতা লাভ কৰাৰ বাহিৰেও উঠি অহা প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ স্ৰোত হৈ জিলিকি আছে। উঠি অহা ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি তেখেতে এবাৰ এটা বক্তৃতাত কৈছিল- “Be true to yourself and choose your pathin life because your heart desires it, after evaluating critically your own abilities. You are the best judge to decide what you can or cannot do. Even in scientific investigations, do not choose a research area because it is fashionable. Once you are trodding the path you have thus chosen, no obstacle is too difficult and no mountain too high. Reach for the sky. The world is yours”.
মানক আৰ্হি কণা(Standard Module Particle)ৰ ওপৰত গৱষেণাৰ সমান্তৰালকৈ আজীৱন বিজ্ঞান অধ্যয়ন তথা নাৰী শিক্ষা আৰু অধিকাৰৰ অৰ্থে কাম কৰি যোৱা এইগৰাকী মহান ‘এক্টিভিস্ট বিজ্ঞানী’ৰ যোৱা ২৫ অক্টোবৰ ২০২৪ দিনা বাংগালোৰৰ নিজা বাসভবনত আকস্মিকভাৱে মৃত্যু হয়। তেখেতৰ সোঁৱৰণত তেখেতৰ সহযোগী এগৰাকী বিখ্যাত বিজ্ঞান লেখক নন্দিনী জয়ৰাজে কোৱা কথাষাৰৰে ডঃ গডবোললৈ শ্ৰদ্ধা জনালো।
“She died as she lived—pursuing both particle physics and gender justice with equal passion at the Indian Institute of Science“ -Nandita Jairaj, TheLifeofScience.com
উৎসঃ
(খ) https://en.m.wikipedia.org/wiki/Rohini_Godbole
(গ) https://frontline.thehindu.com/other/obituary/rohini-godbole-indian-physicist-gender-equality-iisc-bangalore-women-stem-particle-physics-2024/article68798941.ece
(ঘ) https://rmgodbole.in/wp-content/uploads/2022/06/Godbole_2022_Reflections_on_a_life_in_Science.pdf
(ঙ) https://eblur.github.io/scotus/