ৰূপম-(মূল বাংলা: সুবোধ সৰকাৰ; অনুবাদ: ৰূপম দাস)
( সুবোধ সৰকাৰ বাংলা সাহিত্যৰ ২০১৩ চনৰ সাহিত্য অকাডেমী বিজয়ী )
ৰূপমক এটা চাকৰি দিয়ক—
এম. এ পাছ, পিতা মৃত
প্রেমিকা আছে যি আৰু এমাহ
খুব বেছি দুমাহহে থাকিব,
তাৰ পিছত
নদীৰ ইপাৰৰ পৰা সিপাৰলৈ গৈ তাই ক’ব,
ৰূপম
মই আৰু নোৱাৰো
তুমি বুকুতে থাকিবা আজীৱন
ৰূপমক এটা চাকৰি দিয়ক,
যি কোনো চাকৰি
পিয়ন অথবা চকিদাৰৰ হলেও হ’ব।
বৰুৱা ছাৰে ফোন তুলিলে,
ফোনৰ সিটো মূৰে
যিয়ে মাত লগালে
তেওঁৰ যিহেতু মুখ নেদেখি,
সেয়ে কথাবোৰ দুৰ্জ্ঞেয়।
বৰুৱা ছাৰে মামাক ক’লে
ৰূপমক এটা চাকৰি দিয়ক
মামাই ক’লে মহাক,
মহাই কলে জেঠাক,
জেঠাই ক’লে বৰদৈচিলাক।
মানুহে জানিলে জানক,
কিন্তু বতাহে জানিলে
প্রথমেই জনাব দক্ষিণক,
দক্ষিণে জনাব অৰণ্যক
অৰণ্যই জনাব অগ্নিক,
অগ্নি গ’ল দীঘলীপুখুৰীলৈ
দীঘলীপুখুৰীত ব্ৰহ্মপুত্ৰক পালে
ব্ৰহ্মপুত্ৰই চিঞৰিলে
ৰূপমক এটা চাকৰি দিয়ক,
এম. এ. পাছ কৰি বেকাৰ যুৱক।
কেবা মাহৰ পিছৰ ঘটনা,
ঘৰলৈ উভতিছোঁ সন্ধিয়া
চুবুৰীত কান্দোন
আগুৱাই গৈ এপলক
দেখিলোঁ পানীৰ পৰা তুলি অনা হৈছে
ৰূপমৰ নিঠৰ শৰীৰ
শৰীৰত জাবৰ,
হাতৰ মুঠিত মুদ্ৰা
মুদ্ৰাৰ ফালে মোৰ দুচকু ।
(ভাৰত চৰকাৰৰ মুদ্ৰা !)
ৰূপমে ফোন কৰিছিল নেকি বাৰু কাৰোবাক ?
গোতেই শৰীৰত লাগি আছিল ঘাঁহ,
সেউজীয়া ঘাঁহ,
ঘাঁহ নহয় যেন সেইবোৰ বৰ্ণমালা
এম. এ. লৈ যিমান বৰ্ণমালা বগাব লাগে
সেই সমস্ত ব্যর্থ বৰ্ণমালা
যেন তাৰ গাত লাগি আছে !
এজন লৰাক বাৰু
কিয় আপোনালোকে এম. এ. পঢ়ুৱাই,
কি আনন্দ আহ্লাদত আপুনি আৰু কুৰিখন বিশ্ববিদ্যালয় বনাই ? উঠাই দিয়ক সকলোবোৰ
এই কথাটোকে কম বুলি
ফোন তুলিলো মই
পবিত্র চৰকাৰৰ ফোন বাজি উঠিল,
এনেকৈয়ে এই ফোন বাজিয়েই চলি আছে ২০ বছৰ,
আৰু ২০ বছৰ বাজিব |
বতাহ বলিছে অৰণ্যৰ ফালে,
অৰণ্য গৈছে নদীৰ ফালে
নদীৰ উপকূলে চিঞৰি ক’লেঃ
ৰূপমক এটা চাকৰি দিয়ক । চাকৰি ।