অনুবাদগল্প

অবোধ ‌।‌। মূল: সাদাত হাচান মাণ্টোৰ গল্প ‘বে খবৰী কা ফায়দা’, অনুবাদ: ৰুমা অধিকাৰী

ট্ৰিগাৰটো টিপি দিয়াত পিষ্টলৰ পৰা এটি গুলি উৰি গ’ল। খিৰিকিৰে ভুমুকি মৰা মানুহজন ঠাইতেই ঢলি পৰিল।
কিছুসময়ৰ পাচত আকৌ ট্ৰিগাৰ টিপি দিলে। দ্বিতীয় গুলিটোও তীব্ৰ বেগেৰে ওলাল। আলিবাটত পানী চটিওৱা মানুহজনৰ (ভিস্তি) মুৰেৰে গুলিটো পাৰ হৈ গ’ল।
হামখুৰি খাই পৰা মানুহজনৰ তেজ মিলি গ’ল মশক (পানীৰ পাত্ৰ)ৰ পানীৰ লগত।
ট্ৰিগাৰটো তৃতীয়বাৰলৈ টিপি দিলে। এইবাৰ গুলিটো লক্ষ্যভ্ৰষ্ট হৈ সেমেকা বেৰ এখনত খুন্দা খাই অদৃশ্য‌ হ’ল।
চতুৰ্থ গুলিটো বৃদ্ধা এগৰাকীৰ পিঠিত বিদ্ধ হ’ল। মুখেৰে এটাও শব্দ নকৰাকৈ ঠাইতে সিপুৰি পালেগৈ।
পঞ্চম আৰু ষষ্ঠ, দুয়োটি গুলি ব্যৰ্থ হ’ল। কাকো আহত অথবা নিহত কৰিব নোৱাৰিলে। গুলিওৱাজনৰ নিজৰ ওপৰতে বিৰক্তি উপজিল।
আচম্বিতে এটি শিশুক তাৰ ফালে দৌৰি অহা দেখিলে, সি পিষ্টলৰ নলীদাল শিশুটোৰ ফালে টোঁৱালে।
পিষ্টলচালকৰ লগৰজনে ক’লে— “কি কৰিছা এয়া?”
পিষ্টলৰ মালিকে সুধিলে— “কিয়?”
“গুলিচোন শেষ পিষ্টলৰ?”
“মনে মনে থাকা। পিটকলি শিশুটোৱে কথাটো জানে জানো?”

Leave a Reply

Your email address will not be published. Required fields are marked *