সাধু শেষ হোৱা নাই (প্ৰশান্ত কুমাৰ বৰুৱা)
কাপোৰ-কানি বেছিভাগৰে ক’লা হ’ল
ধনুৰ গুণ টানি থাকোতে
কাৰ আঙুলি কাটি ৰক্তাক্ত হ’ল
কোনেও গমেই নাপালো
পাৰ হৈ গ’ল ধৰ্মযুদ্ধৰ মানৱতাহীন সময়
কালধুমুহাই চেলেকি গ’ল সকলোকে
ভোগদৈ ভটীয়াই বৈ নগ’ল
কলঙে কান্দিলে
কান্দিলে আই, বেকী, পাগলাদিয়াই
কোনেনো শুনিলে সোৱণশিৰিৰ উচুপনি
তুমি হিন্দু, মই মুছলিম
মই মিচিং, তই মিপাক
তই গেৰুৱা, মই খিলঞ্জীয়া
মই বিশ্বাস সি বিকাশ
আই অ’ দেহী গছত উঠিবগৈ
১২৬ কাৰ্শলা
ওঁঠ চেলেকি থাকাহে জনগণ
মহান শিয়াল কবি নিজে নিজে বস্ত্ৰহীন হ’ল
ভাওনা শেষ হ’ল
কিন্তু মুখৰ ৰংচং এতিয়াও মচিবৰ নৌ
৩ মাহত লুইতত কিমান গৰা খহিল?
নাজানে ভাটৌ পৰিৱৰ্তনকামী
নাজানে বিকাশ আৰু বিশ্বাসক পিটিকা সনাসকলে
ভাষা নাই আৰু কমৰেড
শব্দৰ সাধু এতিয়াও শেষ হোৱা নাই কমৰেড
কাপোৰ-কানি বেছিভাগৰে ক’লা হ’ল
সাধু শেষ নহ’ল৷