চাৰে জাহাঁ চে আচ্ছা (নিবন্ধ গল্প) ।। প্ৰণৱজ্যোতি ডেকা
ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ ভূমিকা কি? প্ৰশ্নটো শুনি মই বন্ধুৰ মুখলৈ চালোঁ। হঠাতে তেওঁ কিয় সুধিলে প্ৰশ্নটো? নে তেওঁ সঁচাকৈয়ে একো নাজানে?
মই মোৰ বাহনখনৰ ওচৰলৈ তেওঁক লৈ গ”লোঁ, কলোঁ, বহা। তেওঁ বহিল। চিট বেল্ট মাৰিবলৈ ক’লোঁ। আইনাৰ ঘূৰণীয়া ঢাকনিখনে আমাক ঢাকি দিয়াৰ লগে লগে বুটামটো টিপি দিলোঁ।আমাৰ বাহনখন বতাহৰ স’তে মিলি গ’ল।
পাঁচ মিনিটৰ ভিতৰতে আমি দিল্লীৰ ইণ্ডিয়া গেট পালোঁগৈ। গেটত লিখা আছে ৯৫৩০০-গৰাকী স্বাধীনতা সংগ্ৰামীৰ নাম, ইয়াৰে ৬১৯৪৫ জনেই মুছলমান, মুঠ মুক্তিযোদ্ধাৰ ৬৫ শতাংশ। তেওঁ নামবোৰ এফালৰ পৰা পঢ়ি যাবলৈ চেষ্টা কৰিলে।
মই কলোঁ, ইমানবোৰ নাম পঢ়িব নোৱাৰিবা, যাওঁ বলা অন্য এঠাইলৈ।
সুধিলে, ক’লৈ?
বন্ধুক একো জানিবলৈ নিদিয়াকৈ খ্যাতনামা সাহিত্যিক খুশৱন্ত সিঙৰ ঘৰৰ পদুলিত উপস্থিত হ’লোঁগৈ।
চিনাকি পৰ্ব শেষ হোৱাৰ পিছত সিং চাহাবে ক’লে, “ভাৰতৰ স্বাধীনতা ভাৰতৰ জনগণৰ স্বাধীনতা। ভাৰতীয় মুছলমানৰ তেজত লিখা আছে ইয়াৰ ইতিহাস। জনসংখ্যা অনুপাতে স্বাধীনতা সংগ্ৰামত মুছলমানৰ অংশগ্ৰহণ বহু বেছি আছিল”…। সিং চাহাবৰ কথাখিনি বন্ধুৱে বেছ মনোযোগেৰে শুনিলে। আমি বিদায় ল’লোঁ।
এইবাৰ ক’লৈ?
এজন বিপ্লৱীৰ ঘৰলৈ, যাবানে?
ঠিক আছে, বলা।
আমি গৈ সৰু ঘৰ এটাৰ সমুখত নামিলোঁ। হিন্দুস্থান ৰিপাব্লিকান এছোচিয়েচনৰ কাৰ্যালয়। মুঢ়া এটাত বহি আছে এজন সুঠাম যুৱক। উদ্দিপ্ত চকু। নাম তেওঁৰ ভগৎ সিং।লগত আৰু দুজনমান বন্ধু, ৰাজগুৰু আৰু সুখদেও। বাকী কেইজনক চিনি পোৱা নাই। আমি আমাৰ পৰিচয় দিয়াত তেওঁ বেঞ্চ এখনত বহিবলৈ দিলে।
মই কলোঁ, আপোনালোক তিনিওকে আমি চিনি পাইছোঁ। আপোনালোকক লৈ চিনেমা ওলাইছে নহয়। তেওঁ হাঁহি হাঁহি কলে, ৰং দে বাসন্তী….
—হয়, আমি আপোনালোকক ভালদৰে চিনি পাওঁ…, পিছে….
“মিছা কথা, আমাক কোনেও চিনি নাপায়। তোমালোকে এতিয়া সেইসকলৰ বন্ধু, যিয়ে আমাৰ শত্ৰুতা কৰিছিল….”
তেওঁৰ যেন প্ৰচণ্ড খং উঠিছে, “মোৰ নামৰ আগত তোমালোকে বীৰ উপাধি দিছা, অথচ দেশৰ শত্ৰু, ইংৰাজৰ চোৰাংচোৱাজনো এতিয়া বীৰ? মোৰ সংগ্ৰামী সত্বাক তোমালোকে অপমান কৰিছা”।
ভগতৰ খং দেখি আমি নিতাল মাৰিলোঁ, আমিনো কি কওঁ এতিয়া? তেওঁতো সঁচা কথাই কৈছে।
আমি অলপ ভয়ে ভয়ে বাকী কেইগৰাকী ব্যক্তিলৈ আঙুলিয়াই সুধিলোঁ, এখেতসকল কোন?
“পৰিতাপৰ কথা সেইটোৱেই। এখেতো ফাঁচীকাঠত ওলমিছিল আৰু ময়ো, কিন্তু এখেতক কোনেও নাজানে, আচলতে কোনেও বুৰঞ্জী নপঢ়েই নেকি’?
—বুৰঞ্জী বিষয়টো এতিয়া পাঠ্যপুথিত নাই।
—প্ৰচণ্ড হতাশাৰে তেওঁ কৈ পেলালে, “এদিন তোমালোকে হয়তো আমাকো পাহৰি যাবা। তোমালোকে আমাৰ আত্মত্যাগৰ মূল্য কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰিলা”?
আমি মনে মনে থকা দেখি অলপ পিছত শান্ত হৈ কলে, “এওঁ আছফাকুল্লাহ খান’’ আৰু বাকীজন চন্দ্ৰশেখৰ আজাদ। আমাৰ পাৰ্টিৰ ফাউণ্ডাৰ……”
“এইগৰাকী আছফাকুল্লাহ খানক ‘কাকৰি ষড়যন্ত্ৰ’ৰ গোচৰত ১৯২৭ চনৰ ডিচেম্বৰ মাহত ফাঁচী দিয়া হৈছিল”।
আছফাকুল্লাহৰ চকুলৈ চাই কথা ক’ব পৰাৰ শক্তি আমাৰ নাছিল, কিন্তু আমাৰ ফালে চাই তেৱেঁই সুধিলে— আমি ক’ৰ পৰা আহিছোঁ?
অসমৰ পৰা বুলি কোৱাৰ লগে লগে তেওঁ কৈ উঠিল’“বিষ্ণু ৰাভাৰ দেশ”?’
আমি তবধ মানিলোঁ। ৰাভাক তেওঁলোকে চিনি পায়? আমিও যে বহুত কথা জানোঁ, এনে ভাবত সুধিলোঁ, আপোনাৰ লগত ৰোশণ সিং আৰু ৰাজেন্দ্ৰ লাহিৰীকো ফাঁচী দিছিল, নহয় জানোঁ?
তেওঁ ক’লে,“হয়, দলৰ প্ৰতিষ্ঠাপক ৰামপ্ৰসাদ বিছমিলোঁ আছিল”।
ভগতে এইবাৰ শৌকত উছমানী, মুজাফৰ আহমেদ, গোলাম হুছেইনৰ কথাও ক’লে। কিদৰে এম এন ৰয় আৰু মুজাফৰ আহমেদে কমিউনিষ্টসকলক আগুৱাই নিছিল, মিৰুত(এতিয়াৰ মিৰাট), কানপুৰ ষড়যন্ত্ৰৰ পেছ’ৱাৰ গোচৰত কেনেকৈ এওঁলোকক গ্ৰেপ্তাৰ কৰি নিৰ্যাতন কৰা হৈছিল, সেই কাহিনীও ক’লে।
আমাৰ ক’বলৈ একো নাছিল, গধূৰ মন লৈ তাৰ পৰা গুছি আহিলোঁ।
এইবাৰ আমি WPPৰ আফিচলৈ লৈ আহিলোঁ। সমুখৰ চাইবোৰ্ডত লিখা আছে “শ্ৰমিক আৰু কৃষক পাৰ্টি” West Bengal,1925, আমি দুৱাৰত টোকৰ মাৰিলোঁ, ক’লে—আসুন। দীঘল চুলিৰে আদহীয়া মানুহজনক দেখাৰ লগে লগে চিনি পালোঁ। কবি কাজী নজৰুল ইছলাম,একান্ত মনে কিবা লিখি আছে। আমি দুয়ো তেওঁৰ ভৰি চুই প্ৰণাম কৰিব খোজাত বাধা দিলে, “ভৰিত নহয়,হৃদয়তহে তোমালোকৰ স্থান”, এইবুলি তেওঁ আমাক সাৱটি ধৰিলে—আমাৰ চকু সিক্ত হৈ উঠিল।
অফিচতে বহি থকা বাকী কেইজনৰ সতে আমাক চিনাকি কৰাই দিলে—এছ.এছ.মিৰাজকাৰ, কুটুবুদ্দিন আহমেদ, ফাইজুদ্দীন হুছেইন চাহিব আৰু ছামছুদ্দিন হুছেইনক, এওঁলোকে মৈমনছিঙিয়াৰ মাজত WPPৰ শাখা গঠন কৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত থকা বাঁওপন্থীসকলক লৈ কিদৰে স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, সেই সময়ত তাত উপস্থিত থকা এছ.এছ.মিৰাজকাৰে আমাক জানিবলৈ দিলে, কিদৰে বোম্বাইত চাইমন কমিছনৰ বিৰুদ্ধে ধৰ্মঘট, গীৰনি কামগাৰ প্ৰতিষ্ঠা, জমিদাৰী শোষণৰ বিৰুদ্ধে আন্দোলন, এই সকলোবোৰ সোঁৱৰণ কৰিলে। আমাক একোকাপ ৰঙা চাহ দিলে, লগত এবাটি মুড়ি।
তেখেতসকলৰ পৰা বিদায় লৈ এইবাৰ চিধাই লক্ষ্ণৌ পালোঁগৈ, শৌকত আলী ছিদ্দিকীৰ চৌহদতে খিলাফটৰ কাৰ্য্যালয়টো আছিল। ভিতৰলৈ সোমাই গৈ দেখিলোঁ, মৌলানা আবুল কালাম আজাদে একান্ত মনে পঢ়ি আছিল গান্ধীজীৰ প্ৰথম গ্ৰন্থ Hind Swaraj, আমাক দেখি বহিবলৈ দিলে। ওচৰতে বহি কামত ব্যস্ত শৌকত আলী ছিদ্দিকী, আবাদী বানু ওৰফে বি আম্মা, তেওঁৰ দুই পুত্ৰ মহম্মদ আলী জৱাহৰ আৰু মৌলানা চৌকত আলিৰ সতে চিনাকি কৰাই দিলে। বি আম্মাক গান্ধীজীয়ে সম্বোধন কৰিছিল— মোৰ মা(মেৰী আম্মা), তেতিয়াৰ পৰাই আবাদী বানু সকলোৰে বাবে আম্মা ৰূপে পৰিচিত হয়। কিছু সময় কথা পতাৰ পিচত বুজি পালোঁ খিলাফটৰ লক্ষ্য আছিল ব্ৰিটিছৰ বিৰুদ্ধে মুছলমানসকলৰ মাজত ৰাজনৈতিক ঐক্য গঢ়ি তোলা। গান্ধীজীয়েখিলাফট সমৰ্থন কৰিছিল, ১৯২০ চনত খিলাফতৰ নেতা আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত মিত্ৰতা হয়।*1
মহাত্মা গান্ধী আৰু খিলাফট নেতাসকলে খিলাফট আৰু স্বৰাজৰ বাবে একেলগে কাম আৰু যুঁজ দিয়াৰ সংকল্প লয়। এনেদৰে ঔপনিৱেশিক চৰকাৰৰ ওপৰত হেঁচা বৃদ্ধি কৰিবলৈ বিচাৰি ভাৰতীয় মুছলমানসকল অসহযোগ আন্দোলনৰ এটা ডাঙৰ অংশ হৈ পৰিল। হাকিম আমজাদ খান, আলী জৱাহৰ,চৌকত আলি আজাদ আৰু আমজাদ খানে এইদৰে সকলো কথা সহজভাৱে বুজাই দিয়াৰ পাছত আমাক ক’লে, খিলাফট এতিয়া তুংগত, তাৰেই আজি সমাবেশ আছে। অলপ পিছতে হাতত কেইখনমান জাতীয় পতাকা লৈ আহি পালে খান আব্দুল গফৰ খান ওৰফে বাবা খান ওৰফে বাদস্বাহ খান আহিল, লগত আহিল বদৰউদ্দীন ত্যবজী, মহম্মদ বৰকথুল্লা, গুলাম হুছেইন, হাকিম আজমল খান, মুনছি জাকাউল্লাহৰ উপৰিও মহিলা সংগ্ৰামী বেগম হজৰত মহল,আছঘৰী বেগম, হাবিবা, ছুৰাইয়া ত্যবজী। তাৰ পিছত আহিল ডাঃ মুখতাৰ আহমেদ আনছাৰী, ৰয়ছ-উল-মুহাজিৰিন, বেৰিষ্টাৰ জান মহম্মদ জুনেজো, হছৰত মহনী, চৈয়দ আতাউল্লাহ শ্বাহ বুখাৰী, মহম্মদ ফাৰুক চিষ্টিআৰু ড° হাকিম আজমল খান, মহম্মদ আক্ৰাম খান, মনৰুজ্জামান ইছলামবাদী, মুজিবুৰ ৰহমান। চিনাকি পৰ্ব শেষ হোৱাৰ পিছত তেওঁলোকে ক’লে, খিলাফটৰ সমাবেশত যোগ দিবলৈ ময়দানত আজি বংগৰ চিত্তৰঞ্জন দাস আহিব, বহু সংগ্ৰামী জমা হ’ব। তেওঁলোক এইবাৰ যাবলৈ ওলাল, সমদল কৰি হাতে হাতে জাতীয় পতাকা লৈ আগবাঢ়ি গ’ল, চিঞৰি উঠিল—ব্ৰিটিছ এমপেয়ৰ গো বেক, ইনকিলাব জিন্দাবাদ……।
বন্ধুৱে সুধিলে, এতিয়া গুলি ফুটে যদি? আমি ইয়াৰ পৰা নিৰপদে যাব পাৰিমনে?
মোবাইল ফোনৰ স্ক্ৰীনত ভাহি উঠিল—০৯/০৯/১৯২২/ দুপৰীয়া ১২.৩০, বন্ধুৱে হয়তো ভয় খাইছিল, ক’লে, বলা সোনকালে ইয়াৰ পৰা যাওঁগৈ……
বন্ধুক নিৰ্ভয় দি ক’লোঁ, ভয় নকৰিবা, আমাৰ গাত গুলি লগাৰ প্ৰশ্ন নাহেই…আমি এইবাৰ ১৯২৫ চনলৈ গতি কৰিলোঁ আৰু কানপুৰৰ কমিউনিষ্ট পাৰ্টিৰ অফিচলৈ সোমাই গলোঁ। তাতেই বহি আছিল পাৰ্টিৰ প্ৰথম সচিব এছ বি গাথে আৰু কবি হাছৰৎ মোহানী। আন এখন চকীত খবৰ কাগজ পঢ়ি আছিল গোলাম হুছেইন। কমৰেড ৰয়ে আমাক দেখাৰ লগে লগে বহিবলৈ ক’লে। যেন মোক আগৰ পৰাই চিনিহে পায়। হাছৰৎ মোহানীৰ লগত চিনাকি কৰাই দি ক’লে, আপুনি এখেতক চিনি পায়নে?
—কবি বুলি জানো…..
—আৰু কি জানে?
—আমি নিমাতে থকাত ক’লে, এখেতেই পোন প্ৰথমবাৰৰ বাবে “ইনকিলাব জিন্দাবাদ” শ্লোগানৰ সৃষ্টি কৰিছিল, এখেতেই ১৯২১ চনত আহমেদাবাদ কংগ্ৰেছত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ দাঙি ধৰা প্ৰথম ব্যক্তি আৰু এই প্ৰস্তাৱ সমৰ্থন কৰিছিল সৌগৰাকী মঘাফুৰ আহমদ আজাজী চাহাবে, অলপ আঁতৰত বহি থকা ব্যক্তিগৰাকীলৈ আঙুলিয়াই দি ক’লে। এইবাৰ তেওঁ আমাক আন এটা কোঠালিলৈ লৈ গ’ল, কেইজনমান সতীৰ্থৰ লগত ৰঙা কাপোৰত কাঁচি হাতুৰী অংকন কৰি থকা সুঠাম পুৰুষৰ সতে চিনাকী কৰাই দিলে, লগে লগে তেওঁ আমাক প্ৰতি সম্ভাষণ জনালে। কমৰেড ৰয়ে ক’লে, এওঁ ইউচুফ মেহেৰালী, এখেতেই সৃষ্টি কৰিছিল সেই বিখ্যাত শ্লোগান—‘Quit India,” আৰু এই শব্দটো গান্ধীজীয়ে ইমান ভাল পালে যে পিছত ই ৪২ৰ আন্দোলনত প্ৰচুৰ জনপ্ৰিয় হৈ পৰিল। আমি দুই বন্ধুৱে মেহেৰালীৰ মুখলৈ চাই থাকিলোঁ, ভাৰতৰ জনতাই Quit India ইণ্ডিয়া শব্দটো জানে, নাজানেতাৰ ইতিহাস। ৰঙা পতাকাত তেওঁলোকে আঁকি থকা বগা ৰঙৰ কাঁচি হাতুৰীবোৰৰ ফালে চাই চাইয়েই এজনে সুধিলে—বিপ্লৱ আনিব পাৰিবনে ভাৰতৰ মাটিত?
আমাৰ হাতত তাৰ উত্তৰ নাছিল। তাৰ পৰা ওলাই আমি ওলাই আহিলোঁ, এইবাৰ চিধাই মুম্বাই। বন্ধুক এইবাৰ ‘স্বাধীনতা আন্দোলনৰ গ্ৰেণ্ড অল্ড লেডী’ নামেৰে পৰিচিত অৰুণা আছফ আলীয়ে প্ৰথমবাৰৰ বাবে উত্তোলন কৰা গোৱালিয়া টেংক ময়দানত উৰি থকা তিৰংগাখন বন্ধুক দেখুৱালোঁ। অৰুণাক কোৱা হৈছিল ‘গান্ধীৰ ৰাজনৈতিক সন্তান’ আৰু ‘কাৰ্লমাৰ্ক্সৰ শেহতীয়া ছাত্ৰী’। আত্মগোপন কৰি থকা অৰুণাক ধৰি দিব পাৰিলে ইংৰাজ চৰকাৰে হেনো ৫০০০ টকা পুৰস্কাৰ ঘোষণা কৰিছিল।
“স্বাধীনতা আজি আমাৰ হাতত, আৰু সেইবাবে আমি তাক উদযাপন কৰিছোঁ। আপোনালোকে কেতিয়াও ভাবি নল’ব যে দেশৰ কাম কৰাৰ বাবে নাৰীৰ যোগ্যতা নাই, ইছলামত কোনো ঠাইতে লিখা নাই যে নাৰীয়ে দেশৰ কামত অংশগ্ৰহণ কৰিব নোৱাৰিব”।…..অৰুণা আছফ আলীৰ ভাষণ শুনি এইবাৰ বন্ধুৱে ক’ব নোৱাৰাকৈ মুষ্টিবদ্ধ হাত ওপৰলৈ তুলিলে।
বন্ধুৱে এইবাৰ নিজেই ক’লে,জমিয়তৰ অফিচলৈ এবাৰ যাব পাৰিলে ভাল আছিল, তেওঁলোকে বা কি কৰি আছে?
কথা মতে কাম। আমি জমিয়তৰ প্ৰতিষ্ঠাপক আব্দুল ৱাৰী ফিৰাংগী মহালিক লগ ধৰিবলৈ নিমিষতে দিল্লীৰ কাৰ্যালয় পালোঁগৈ।
অফিচত সোমায়েই কলোঁ— চালাম ৱালেকুম….
ৱালেকুম চালাম— তেখেতে প্ৰতি-অভিবাদন জনালে।
পোনপটীয়া প্ৰশ্ন বন্ধুৰ— ভাৰতৰ স্বাধীনতা আন্দোলন আপোনালোকে সমৰ্থন কৰিছিলনে?
‘‘অকল সমৰ্থন কৰাই নহয়, জীৱন-মৰণ একাকাৰ কৰি জপিয়াই পৰিছিলোঁ…..”
যেনে?
‘‘১৯২০ চনৰ ৮ ছেপ্টেম্বৰত জমিয়তে ব্ৰিটিছ সামগ্ৰী বৰ্জনৰ ফতোৱা জাৰিকৰে। আমাৰ দলৰ লক্ষ্য আছিল “ব্ৰিটিছমুক্ত ভাৰত”।*2
—আপোনালোকৰ নেতাই কাৰাবাস খাতিবলগীয়া হৈছিলনে?
“জমিয়তৰ সাধাৰণ সম্পাদক আহমদ ছাইদ দেহলৱীয়ে জীৱনৰ পোন্ধৰ বছৰ কাৰাগাৰত কটায়। জমিয়তৰ সহ-প্ৰতিষ্ঠাপক কিফায়াতুল্লাহ দেহলাউই ১৯৩০ চনত আইন অমান্য আন্দোলনত অংশ লোৱাৰ অপৰাধত গুজৰাট আৰু মূলতানৰ কাৰাগাৰত তিনি বছৰ কাৰাবাস খাটিছিল। মহম্মদ মিয়ান দেওবন্দীক পাঁচবাৰ গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ গ্ৰন্থ “ভাৰতীয় বিদ্বৎ মুছলমান সমাজৰ গৌৰৱময় অতীত” জব্দ কৰা হৈছিল স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ অৱদানৰ কথা আলোচনা কৰাৰ বাবে, লেখক হিফজুৰ ৰহমান ছিওহাৰৱী ব্ৰিটিছ ঔপনিৱেশিকতাৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ বাবে আঠ বছৰ কাৰাগাৰত থাকিবলগীয়া হৈছিল। চিপাহী বিদ্ৰোহৰ পিছত মুছলিম লোকেৰেচেলুলাৰ জেলত ভৰি আছিল…”।
১৯২৭ চনৰ ডিচেম্বৰত জিন্নাৰ নেতৃত্বত মুছলিম লীগ, মাঘফৰ আহমেদ আজাজিৰ নেতৃত্বত জমিয়ত আৰু জাতীয় কংগ্ৰেছৰ লগ হৈ ছাইমন কমিচন বৰ্জন কৰাৰ কথা ঘোষণা কৰে৷ আনবোৰ দল সংগঠনেও লালা লাজপত ৰয়ৰ হত্যাৰ প্ৰতিবাদত ছাইমন কমিচনৰ বিৰুদ্ধে যৌথ আন্দোলন গঢ়ি তোলে।
—আপোনালোকে অমুছলমানক কাফেৰ বুলি কয়?
—জমিয়ত উলেমা-ই-হিন্দে এই বিষয়ে স্পষ্টভাৱে মতামত ব্যক্ত কৰিছে। তেওঁলোকৰ মতে, “হিন্দুসকলক কাফেৰ বুলি ক’ব নালাগে কাৰণ এই শব্দটোৰ অৰ্থ “অমুছলমান” হ’লেও ইয়াৰ ব্যৱহাৰে অন্য সম্প্ৰদায়সমূহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। ধৰ্ম বেলেগ হ’লেও আমি একে দেশৰ বাসিন্দা, মুছলমান ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক মহম্মদ আফজালে কি কৈছিল জানে? “আমাৰ মুছলমান ভাইসকলে বন্দে মাতৰম গীতটো আঁকোৱালি লোৱা উচিত, কাৰণ ই দেশৰ জাতীয় সংগীত আৰু প্ৰতিজন ভাৰতীয় নাগৰিকে ইয়াক সন্মান আৰু আবৃত্তি কৰা উচিত”।*3
ঠিক সেই সময়তে কাৰ্যালয়ত প্ৰৱেশ ঘটিল, দাৰুল উলুম দেওবন্দৰ অধ্যক্ষ, স্বাধীনতা আন্দোলনৰ বিশিষ্ট নেতা, দেওবন্দী পণ্ডিত হুছেইন আহমদ মাদানীৰ, তেখেত প্ৰৱেশ কৰাৰ লগে লগে তেওঁ নিজেই আমাৰ লগত চিনাকি হ’ল। অসমৰ বুলি জানি তেওঁ খুব ভাল পালে, আনকি তেওঁ গোপীনাথ বৰদলৈৰ কথাও ক’লে। আমি আচৰিত হৈ তেওঁৰ মুখলৈ চাই থাকোতেই তেওঁ আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কথা উলিয়ালে, দুখেৰে ক’লে, আমি গান্ধীজীৰ লগত যিখন ভাৰতত বাস কৰিছিলোঁ, আজি সেইখন ভাৰত শেষ কৰিবলৈ ওলাইছে। তেওঁলোকে আমাক ভাৰতীয় বুলি কিয় নাভাবে? মই সেই তেতিয়াই কৈছিলোঁ, মুছলমানসকল নিঃসন্দেহে সংযুক্ত ভাৰতৰ অংশ আৰু দেশৰ স্বাধীনতাৰ বাবে হিন্দু-মুছলমান ঐক্যৰ প্ৰয়োজন। মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছিলোঁ। ১৯৪৫ চনত বিভাজনৰ সময়ত জমিয়ত উলেমা-ই-হিন্দ, আজাদ মুছলিম সন্মিলনে সংযুক্ত ভাৰতৰ পক্ষত থিয় দিছিল, আমি জিন্নাৰ দ্বিজাতিতত্বৰ বিৰোধ কৰিছিলোঁ”।*4 হিন্দু-মুছলমান ঐক্য ভাৰতৰ স্বাধীনতাৰ পূৰ্বচৰ্ত। ই তেওঁলোকৰ কৰ্তব্য, সৰ্বশক্তিমানৰ আদেশ।*5
তেওঁ ইমান আবেগিক হৈ পৰিছিল যে আজি যেন কথা শেষ নহ’বই। দেওবন্দী মুছলমান পণ্ডিত কাৰী মহম্মদ তাইব আৰু কিফায়াতুল্লাহ দিহলাউয়ে ওৰে জীৱন কিদৰে হিন্দু-মুছলমান ঐক্য, সংমিশ্ৰিত জাতীয়তাবাদৰ পোষকতা কৰিছিল আৰু ঐক্যবদ্ধ ভাৰতৰ আহ্বান জনাইছিল, তাক বৰ সুন্দৰকৈ বৰ্ণনা কৰিলে।
বন্ধুৰ যেন ভুল ভাঙিল, ফৰকাল আকাশৰ দৰে তেওঁৰ মনটোও মুকলি হৈ পৰিল। তেখেতসকলৰ পৰা বিদায় লৈ আমি পুনৰ ৰাজপথত ভৰি দিলোঁ।
কি বুজিলা? মই সুধিলো।
তেওঁ একে আষাৰে ক’লে—“চাৰে জাহাঁ চে আচ্ছা…হিন্দুসিতাঁ হামাৰা”…,কি আচৰিত, বন্ধুৱে গীতটো উচ্চাৰণ কৰিবলৈহে পালে, আমাৰ সমুখত বিৰাজমান হল স্বয়ং ইকবাল, কবি আল্লামা ইকবাল।
বন্ধুৰ সৈতে তেওঁক পৰিচয় কৰাই দিলোঁ। তেওঁ দুহাতেৰে বন্ধুক আঁকোৱালি ধৰিলে।বন্ধুৰ চকুৰে দুধাৰী চকুলো বৈ আহিল।কবিয়ে সুধিলে, মোৰ এই গীত এতিয়াও তোমালোকৰ মুখে মুখে, তোমালোকে মোক পাহৰি যোৱা নাই, ইয়াতকৈ আনন্দৰ কথা কি হ’ব পাৰে?এইবুলি কৈয়েই আমি কিবা কোৱাৰ আগতেই তেওঁ অন্তৰ্ধান হৈ গ’ল—কাণত বাজি থাকিল কেৱল এটা গীতৰ কলি— চাৰে জাহাঁ চে আচ্ছা…হিন্দুসিতাঁ হমাৰা . . হম বুলবুলেঁ হ্যাঁয় ইসকী, ইয়ে গুলসিতাঁ হমাৰা…….চাৰে জাহাঁ চে আচ্ছা…….।
(ওই লেখাটোক নামকৰণ কৰিছোঁ নিবন্ধ গল্প বুলি, ঘটনা আৰু চৰিত্ৰবোৰ সঁচা, কিন্তু সময় ক্ৰমৰ সংগতি ৰাখিব পৰা নাই, স্বাধীনতা সংগ্ৰামত মুছলমান সম্প্ৰদায়ৰ অৱদানৰ মূল্যায়ন কৰিবলৈহে লেখকৰ সামান্য প্ৰচেষ্টা)
তথ্য-উৎস:
*1. Mylonas, Harris; Tudor, Maya , ”Nationalism: What We Know and What We Still Need to Know”. পৃষ্ঠা: ১০৯ *2.চেমুৱেল ইছলাম, ‘Muslims Against Partition of India’ * 3 . ’The Times of India’ 24th feb 2009, and 9 th Nobembar 2009
*4 . উছমান কুৱাচি, “Muslims against the Muslim League” পৃষ্ঠা ২
*5 .“Sources of Indian Traditions: Modern India, Pakistan and Bangladesh”, পৃষ্ঠা ৪৫৭