গল্প-কবিতা

চাৰি নম্বৰ ৰাইখ্‌, ওৱাক্‌ থুই-(কৌশিক দাস)

১.
কথা কোৱা মানা।
তথাপি আপুনি ফুচ্‌ফুচাই কৈছিল–
বৰ ঠাণ্ডা পৰিছে।
কথাটো বেৰখনে শুনিলে…
এতিয়া আপোনাৰ হাতত হেণ্ড-কাফ।
বহু বিচাৰ বহু বিশ্লেষণৰ শেষত থিৰ কৰা হ’ল
ঠাণ্ডা পৰা কথাটো নিৰ্দোষ এটা আবহাৱাৰ বৰ্ণনা,
গতিকে ই অৰাজনৈতিক।
কথাটো ক’বলৈ অনুমতি দিয়া হ’ল আপোনাক
২.
নিৰাপদ যেন দেখি আপুনি চিঞৰি উঠিল–
জাৰৰ দিনততো ঠাণ্ডা পৰিবই….
জাৰৰ দিন? জাৰ নিক’লাছ?
আপোনাৰ হাতত আকৌ হেণ্ড-কাফ।
মোনাটো আপোনাৰ নেফানেফ কৰি দিয়া হ’ল–
পঞ্চাশ পৃষ্ঠাৰ ক্ষুদ্ৰ ইস্তাহাৰ এখনৰ সন্ধানত
৩.
দীঘলীয়া জেৰাৰ পাছত সিহঁত নিশ্চিত হ’ল
নিক’লাছৰ নাম আপুনি কেতিয়াও শুনা নাই….
জাৰৰ দিন মানে আপুনি শীতৰ কথাহে কৈছিল
কাৰাগাৰৰ পৰা মুকলি কৰি দিলে আপোনাক,
তাতে আপোনাৰ মোনাত কোনো ইস্তাহাৰ নাছিল
৪.
দুপৰ নিশা ঘৰলৈ উভতিছে আপুনি।
চৌ-দিশে ডাঠ কুঁৱলি, শিয়ালৰ হোৱা…
বাটত অগণন থুপ থুপ মানুহ,
সিহঁতৰ জাৰ লাগিছে, হাতে হাতে জোৰ–
জোৰৰপৰা পৰা ছিটিকি পৰিছে
জাৰৰ দিনৰ উত্তপ্ত ফিৰিঙতি
কি হৈছে, হৈছে কি?
দৌৰী আহিল এপাল চন্তৰি-প্ৰহৰী
কি!
কাপোৰ নাই? জাৰ লাগিছে?
কি সাংঘাতিক ৰাজনৈতিক কাৰবাৰ….
৫.
পুৱতী নিশা এক ট্ৰাক হেণ্ড-কাফ আহি পালেহি।
কিন্তু ক’লৈ গ’ল মানুহবোৰ!
ধোঁৱাৰে ঢকা ছাঁ-পোহৰৰ মাজত
বৃদ্ধ পাহাৰৰ দৰে ক’লা কাৰাগাৰটো দেখা গৈছে।
বাহিৰত মানুহবোৰ, কাৰাগাৰত বাস্তিলৰ লেলিহান জুই
চিঞৰিছে সিহঁতে, চাৰি নম্বৰ ৰাইখ, ওৱাক্‌ থুই..

One thought on “চাৰি নম্বৰ ৰাইখ্‌, ওৱাক্‌ থুই-(কৌশিক দাস)

  • Gourishankar

    সাংঘাতিক। এনেকৈয়ো ভাৱিব পৰা যায় !

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *