ছেকুলাৰিজম, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰযুক্তি আৰু ৰাজনৈতিক বাগধাৰা (ইন্দ্রজিৎ বৰা)
অসমীয়া অথবা অন্য আধুনিক ভাৰতীয় ভাষাত ছেকুলাৰিজমক যদিও ধৰ্মনিৰপেক্ষ বুলিয়েই কোৱা হয়, আচলতে তাৰ ভাবাৰ্থ তাতোকৈয়ো মৌলিক৷ লেটিন ভাষাৰ পৰা উৎপত্তি হোৱা এই ছেকুলাৰ শব্দটোৰ অৰ্থ হ’ল পাৰ্থিৱ কৰ্মকাণ্ড যিবোৰ কোনো অলৌকিক শক্তি বা অন্ধবিশ্বাসৰ পৰা মুক্ত৷ গতিকে, ছেকুলাৰিজম কেৱল ধৰ্মনিৰপেক্ষ নহয় অথবা সৰ্বধৰ্ম সম্ভৱতেও সীমাবদ্ধ নহয়। উল্লেখযোগ্য যে আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত ধৰ্ম আচলতে অন্যান্য পৰিচিতিৰ দৰে৷ প্ৰফেছৰ প্ৰতাপ ভানু মেহতাই কোৱাৰ দৰে-‘Religious conflict in India does not stem from doctrinal or theological sources, but is firmly a product of the politics of representation.’সেয়ে কেৱল ধৰ্মই নহয়, মধ্যযুগীয়া পৰিচিতিকেন্দ্ৰিক প্ৰভুত্বই মৌলিক অধিকাৰক আওকাণ কৰিলে অথবা সামাজিক নৈতিক-মূল্যবোধৰ সংঘাত হ’লে সামাজিক ছেকুলাৰকৰণহে একমাত্ৰ বিকল্প হৈ পৰে৷ সামাজিক ছেকুলাৰকৰণ ধৰ্ম অথবা অন্যান্য মধ্যযুগীয়া প্ৰভুত্বশীল উপাদানসমূহৰ প্ৰভাৱৰ পৰা মুক্ত কৰাৰ অবিহনে অসম্ভৱ৷ ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত তাৰবাবে একমাত্ৰ বিকল্প হ’ল নাগৰিকৰ মৌলিক অধিকাৰ সুনিশ্চিতকৰণ। সেয়ে পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰসমূহ মৌলিক অধিকাৰৰ ঊৰ্ধত নহয়৷ গোষ্ঠীগত অধিকাৰ মৌলিক প্ৰয়োজনীয়তাৰ ঊৰ্ধত কাৰ্যকৰী হ’লেই বৈষম্য অৱশ্যম্ভাৱী৷ গতিকে পৃথক বুলি দাবী কৰাৰ গণতান্ত্ৰিক অধিকাৰ নিশ্চয় আছে, কিন্তু কেতিয়াবা সাংস্কৃতিক অধিকাৰৰ দাবী মৌলিক অধিকাৰৰ পৰিপন্থীও হ’ব পাৰে৷ বিভিন্ন পৰিচিতিবিলাকৰ মাজত সামাজিক সংস্কাৰৰ বাবে প্ৰয়োজনীয় এক উমৈহতীয়া পটভূমি নিৰূপণেই হ’ল ছেকুলাৰিজম৷ অন্যথা সাংস্কৃতিক আপেক্ষিকতাৰ সুযোগ লৈ ধৰ্মান্ধতাৰ পৃষ্ঠপোষকসকলে সুৰুঙা বিচাৰি থাকিব আৰু সংস্কাৰৰ ঐতিহাসিক প্ৰক্ৰিয়াক বাধা দি আহিব৷
সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰই নিজৰ বাদে অন্য কোনো সামগ্ৰিক সত্তাক স্বীকৃতি দিব নোৱাৰে৷ ৰাষ্ট্ৰই নিজে এক সমষ্টিগত সত্তা আৰু তাৰ সন্মুখত দেশৰ প্ৰতিজন নাগৰিকেই একোটাকৈ ব্যক্তিগত সত্তা৷ সেয়ে মৌলিক অধিকাৰ এক সাৰ্বজনীন ব্যক্তিসত্তাৰ অধিকাৰ৷ প্ৰশ্নটো হ’ল গণতান্ত্ৰিক আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ হোৱাৰ পাছতো পৰিচিতিকেন্দ্ৰিক দাবীবোৰ কিয় উত্থাপিত হৈ আহিছে? কাৰণ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ নেপথ্যত মধ্যযুগীয়া পৰিচিতিবিলাক আৰ্থ-সামাজিক শক্তি হিচাপে বৰ্তি আছে৷ তেনেদৰে উত্তৰ ঔপনিৱেশিক আধুনিক ৰাষ্ট্ৰ গঠনৰ লগে লগে মনস্তাত্ত্বিক জগতখনত ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম, জাতীয়তাবোধ আদি মধ্যযুগীয়া পৰিচিতিক লৈ সৃষ্টি হোৱা অত্যাধুনিক সাংস্কৃতিক সংজ্ঞাৰ সমলীয়া বিভিন্ন ৰাজনৈতিক সংহতিৰ সৃষ্টি হয়৷ এনে মধ্যযুগীয়া পৰিচিতিৰ আধাৰত এনে বিশেষত্ববাদী অথবা বিচ্ছিন্নতাবাদী আদৰ্শবাদৰ পোষকতাৰ বাবে সমাজ জীৱনত বৰ্তি থকা সংস্কৃতিৰ উপাদানবিলাকেই একমাত্ৰ সমল৷ এইবিলাকৰ আলম লৈ ৰাজনৈতিকভাৱে সৃষ্টি কৰা পুনৰুত্থানবাদী মানসিকতাই মানুহৰ ব্যক্তিত্বৰ স্তৰবোৰ খহাই এক কাল্পনিক সামূহিক সত্তাত বিলীন কৰি দিয়ে৷ পৰিণতিস্বৰূপে স্বৰাজোত্তৰ ভাৰতবৰ্ষত পৰিচিতিকেন্দ্ৰিক মুষ্টিমেয়ৰ সৃষ্টি এক ঐতিহাসিক পৰিঘটনা বুলি ক’ব পাৰি৷ এনে মুষ্টিমেয় প্ৰৱণতাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতেই একচেটিয়া যুক্তিবোৰ কেনেকৈ শক্তিশালী কৰি ৰাখিছে, সেয়াও এক বিতং আলোচনাৰ বিষয়৷ তেনেদৰে বিৱৰ্তিত মুষ্টিমেয় আৰ্থ-সামাজিক সমীকৰণেই আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থালৈও সীমাবদ্ধতা আনি দিছে৷ সেয়ে আজিও সামগ্ৰিকভাৱে সমগ্ৰ মানৱ সমাজতেই মৌলিক প্ৰয়োজনীয়তাৰ সংকট বিদ্যমান৷ যেনেকৈ ঐতিহাসিক প্ৰক্ৰিয়াত ভিন্ন ভৌগোলিক পৰিবেশ আৰু একনায়কত্ববাদী শক্তিয়ে সংস্কৃতিৰ বিভাজন আনে, তেনেকৈ সামাজিক আদান-প্ৰদানেৰে এক সমন্বয় প্ৰক্ৰিয়াও গঢ়ি উঠে৷ এই সমন্বয়ে মৌলিক প্ৰয়োজনীয়তাৰ যুক্তিযুক্ততাক অধিক সবল কৰে আৰু তাৰ আধাৰতেই আধুনিক ৰাষ্ট্ৰব্যৱস্থা গঢ়ি উঠে৷ দুবেলা-দুমুঠিৰ অধিকাৰৰ বাবে কৰা সংগ্ৰামখন আচল আৰু তাক আওকাণ কৰা বস্তুগত সমৃদ্ধিৰ দাবীয়েই অযুক্তিকৰ৷ অন্যথা মানৱ উন্নয়নৰ দাবী একচেটিয়া বস্তুগত সমৃদ্ধিৰ প্ৰৱণতাই পথভ্ৰষ্ট কৰাটো স্বাভাৱিক৷ গতিকে সামগ্ৰিক মানৱ কল্যাণ আৰু উন্নয়নৰ বাবে গাঁথনিগত দিশটো আওকাণ কৰি কেৱল বিকাশৰ দাবী আচলতে মধ্যযুগীয়া প্ৰভুত্বৰ আধুনিক সংস্কৰণ৷ কাৰণ, তাৰ ফলশ্ৰুতিত পুঁজিবোৰ আকৌ মধ্যযুগীয়া প্ৰভুত্বশীল সম্পত্তিলৈ অৱনমিত হয়৷
অনস্বীকাৰ্য যে ১৯৭৬ চনত সংবিধান সংশোধন কৰি প্ৰস্তাৱনাত ছেকুলাৰিজম শব্দটো অন্তৰ্ভুক্ত কৰাৰ কাৰণেহে ভাৰতবৰ্ষ এখন ছেকুলাৰ ৰাষ্ট্ৰ হৈ যোৱা নাই৷ এক আকাংক্ষিত ছেকুলাৰ ৰাষ্ট্ৰ অথবা সমাজত সকলো নাগৰিকৰ সামাজিক কল্যাণ সুনিশ্চিত হ’ব লাগিব৷ সেইটো প্ৰত্যেকৰ বাবে শ্ৰমৰ অধিকাৰ, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ সুবিধাৰ যথোচিত বিতৰণ আৰু মানৱ অধিকাৰ সুনিশ্চিত কৰাৰ যোগেদি সম্ভৱ হ’ব৷ এই দিশত ভাৰতীয় সংবিধানে এক বিস্তৃত ৰূপৰেখা দিছে যদিও দেশৰ আয় আৰু সম্পদৰ পুনৰ বিতৰণৰ কোনো চূড়ান্ত পদ্ধতি সন্নিৱিষ্ট কৰা নাই যিটো ভৱিষ্যতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত এৰি দিছে৷ সামাজিক ছেকুলাৰকৰণ হ’ল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মূল ভেটি আৰু তাক এক ৰাষ্ট্ৰব্যৱস্থাৰ যোগেদি প্ৰযুক্তিগতভাৱে ৰূপায়ণ কৰিবলৈ যাওঁতে মধ্যযুগীয়া পৰিচিতিবিলাকে সৃষ্টি কৰা মুষ্টিমেয় আৰ্থ-সামাজিক সমীকৰণেই মূল প্ৰত্যাহ্বান হৈ পৰে৷ আৰু স্বাধীনতাৰ দৰে যিকোনো ঐতিহাসিক যুগান্তকাৰী আনুষ্ঠানিক মুহূৰ্তয়ো এই পৰম্পৰাগত আৰ্থ-সামাজিক সমীকৰণক ভাঙি শূন্যলৈ নিষ্ক্ৰিয় কৰি পেলাব নোৱাৰে৷
গতিকে, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক প্ৰক্ৰিয়াৰ ঐতিহাসিক অনিবাৰ্যতাত কোনো দ্বিমত নাই৷ ভাৰতবৰ্ষৰ জাতীয়তাবাদী মধ্যবিত্তৰ মুক্তিকামী আকাংক্ষাই স্বাধীনতাৰ পাছত ধৰ্মীয় আৰু সামাজিক সংস্কাৰেৰে এক নতুন সাংবিধানিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ সূচনা কৰে৷ ৰাজীৱ ভাৰ্গৱে ভাৰতীয় ছেকুলাৰিজমৰ ন্যায়িক-সাংবিধানিক বিশ্লেষণ এনেদৰে দিছে, “The Indian secularism was conceptualized as the religious neutrality of the state; not a strict sense of ‘the wall of separation’ between the state and religion. In Indian secularism, the boundary between religion and the state is not absolute in nature and this variant maintains a ‘principled distance’ between religion and the state. The notion of principled distance implies an institutional separation of the state from any religious body while simultaneously requiring the state to engage with religion at the level of law and policy.” কিন্তু, স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক ছেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়ণৰ দিশত বিতৰ্কৰ প্ৰাসঙ্গিকতা আছে৷ মিথ্যাবাদী ছেকুলাৰ হিচাপে ইতিমধ্যে হৈ থকা অভিযোগ-প্ৰতি-অভিযোগৰ ওপৰত আলোচনা হওক৷ পৰৱৰ্তী সময়ছোৱাত সমাজজীৱনৰ ছেকুলাৰকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ক্ষেত্ৰত আলোকপাত কৰাৰ প্ৰয়োজনীয়তা আছে৷ তেতিয়াহে সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ অন্তৰালৰ আচল ছবিখন স্পষ্ট হ’ব৷ উল্লেখযোগ্য যে সাম্প্ৰতিক পটভূমি নিশ্চয় ছেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতি বিতৃষ্ণা নহয়, বৰঞ্চ ছেকুলাৰিজমৰ নামত সৃষ্টি হোৱা যোৱা দশকবিলাকৰ অসন্তুষ্টি আৰু আমোলাতান্ত্ৰিক পৰাক্ৰম৷
ৰাষ্ট্ৰ ব্যৱস্থা হ’ল আচলতে এক প্ৰযুক্তি আৰু তাৰ সময়োপযোগী সংস্কাৰ অৱশ্যম্ভাবী৷ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰশাসনীয় সংস্কাৰৰ দৰে ধৰ্মীয় তথা সামাজিক ক্ষেত্ৰতো সংস্কাৰ লাগিব৷ আধুনিকতাই অনা সামাজিক সংস্কাৰ যে সামাজিক ছেকুলাৰকৰণৰ একমাত্ৰ সাৰথি, সেয়া আমি আজিৰ প্ৰগতিশীল হিন্দুসমাজৰ মাজতেই বিচাৰি পাওঁ৷ হিন্দুসমাজৰ বিভিন্ন প্ৰগতিশীল সামাজিক সংস্কাৰৰ ফলস্বৰূপেই এক ঐকিক হিন্দু নাগৰিক আইন আমি পাইছোঁ আৰু তাত উপনীত হোৱাৰ প্ৰক্ৰিয়াটো বিবাদমুক্ত নাছিল৷ ভৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই হিন্দুধৰ্মীয় পৰম্পৰাৰ মাজৰ পৰা এক সংখ্যাগৰিষ্ঠ সমাজ প্ৰতিষ্ঠা কৰিলে৷ আমি আজি যি গণতান্ত্ৰিক নাগৰিকত্বৰ প্ৰতি আস্থাৱান প্ৰগতিশীল হিন্দু সমাজক লৈ গৌৰৱাম্বিত ইয়াত উপনীত হোৱাৰ ঐতিহাসিক প্ৰক্ৰিয়াৰ লগত স্বৰাজোত্তৰ ভাৰতৰ হিন্দু বিবাহ আইন ১৯৫৫ আৰু হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৬ – এই দুয়োখন আইনেই বিশেষভাৱে জড়িত হৈ আছে আৰু দুয়োখনেই সাংবিধানিক গণতন্ত্ৰৰ বিৰাট কৃতিত্ব বহন কৰিছে৷ লগতে এইটোও সত্য যে সংসদৰ মজিয়াত এই আইন দুখন গৃহীত কৰাৰ প্ৰক্ৰিয়াটো কিন্তু সিমান সহজ নাছিল৷ কংগ্ৰেছৰ বাহিৰে ভিতৰে থকা সংৰক্ষণশীলসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল৷
এইটো নিশ্চিত যে ভাৰতবৰ্ষত ঔপনিৱেশিক সময়ৰ পৰাই হিন্দু ধৰ্মৰ যিমানখিনি সংস্কাৰ হৈছে, অন্য ধৰ্ম বা সাংস্কৃতিক উৎসবোৰৰ কম হৈছে৷ অৱশ্যে এই সংস্কাৰৰ প্ৰক্ৰিয়াটো সামগ্ৰিকভাৱে সম্প্ৰসাৰিত হোৱাৰ দিশত বিভিন্ন সংখ্যালঘু পৰিচিতিবিলাকৰ মাজতো সামাজিক, ধৰ্মীয় আইন অথবা অনুষ্ঠানিক সংস্কাৰৰ বাবে সংস্কাৰমুখী আন্দোলন হৈ আহিছে৷ এইক্ষেত্ৰত প্ৰশাসনিক দায়বদ্ধতাৰ ওপৰত নিশ্চয় আলোচনা হওক৷ ইছলাম ধৰ্মৰ ক্ষেত্ৰত পৃথককৈ হ’লেও পাৰ্ছ’নেল ল’ বোৰ্ড গঠন কৰাটোও কম সংঘাতপূৰ্ণ নাছিল৷ যোৱা শতিকাৰ প্ৰাৰম্ভিক দশকবিলাকতেই ভাৰতবৰ্ষৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ এক উমৈহতীয়া পাৰ্ছ’নেল ল’ৰ বাবে হোৱা বিভিন্ন অভিযানৰ অন্তত কেন্দ্ৰীয় প্ৰশাসনে ১৯৩৭ চনত ছাৰিয়ত আইন বিধিবদ্ধ কৰিছিল৷ সেইটোও এটা সংস্কাৰৰে গুৰুত্বপূৰ্ণ স্তৰ আৰু সামাজিক সংস্কাৰৰ এই গতি নিশ্চয় অব্যাহত থাকিব লাগিব৷ ভাৰতীয় সংবিধানৰ নিৰ্দেশনা বিধিত (Directive Principles) ৰাষ্ট্ৰই সকলো নাগৰিককে সামৰি এক সুষম নাগৰিক সংহিতাৰ (Uniform Civil Code) দিশত প্ৰচেষ্টা কৰাৰ কথা উল্লেখ আছে৷ সংবিধানৰ এই নিৰ্দেশনা বিধিবিলাক ৰাষ্ট্ৰব্যৱস্থা আৰু সামাজিক-সাংস্কৃতিক জগতখনৰ মাজৰ এক যোগসূত্ৰৰ সাকো হিচাপে সংবিধানত সন্নিৱিষ্ট হৈছে৷ এইখিনিতে এইটোও ক’ব পাৰি যে ই সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ সীমাবদ্ধতাৰ কিছু হ’লেও ইংগিত দিয়ে৷ সাংস্কৃতিক ভিন্নতাক ৰক্ষণাবেক্ষণ দি গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাক মানৱ অধিকাৰৰ ঐকিক যুক্তিযুক্ততাৰ সৈতে সমাহিত কৰিবলৈ যাওঁতে বাধা আহি পৰে৷ তেনেকৈ সাংস্কৃতিক আৰু বিশ্বজনীন মানৱ অধিকাৰৰ মাজৰ চিৰন্তন সংঘাতৰ মকামিলা কৰোতে ভুৱা নিৰপেক্ষতাৰ বশৱৰ্তী হ’লে বিচ্ছিন্নতাবাদী প্ৰৱণতাৰো জন্ম হ’ব পাৰে৷ এটা কথা ঠিক যে সাংস্কৃতিক অধিকাৰ সাৰ্বজনীন প্ৰমূল্য আৰু মৌলিক অধিকাৰৰ গণ্ডীৰ ভিতৰতহে কাৰ্যকৰী হ’ব লাগিব৷ ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টি হোৱা সংস্কৃতিৰ বিভাজন আৰু স্বতঃফূৰ্ত আদান-প্ৰদানেৰে সামাজিক স্তৰত হোৱা সমন্বয় প্ৰক্ৰিয়াই সংস্কৃতিৰ গতিশীলতাক প্ৰতিফলিত কৰে৷ আধুনিক ৰাষ্ট্ৰব্যৱস্থাক সংস্কৃতিৰ এই ধাৰাবাহিকতাৰে বিশ্বজনীন মানৱীয় মূল্যক আঁকোৱালি লোৱাকৈ সক্ষম কৰি তোলাটো নিশ্চয় এক জটিল প্ৰক্ৰিয়া।
এইখিনিতে ছেকুলাৰিজমৰ এজন সমাজবৈজ্ঞানিক সমালোচক হিচাপে প্ৰফেছৰ আশীষ নন্দীৰ প্ৰসঙ্গ আহিব৷ এটা কথা ঠিক যে মানুহৰ জীৱনশৈলী এক পদ্ধতিগত অন্বেষণেৰে (যাক আমি বৈজ্ঞানিক পদ্ধতি বুলি কওঁ) সমৃদ্ধ নোহোৱা পৰ্যন্ত ধৰ্মৰ সামাজিক গুৰুত্ব থাকি গৈছিল আৰু ঐতিহাসিক গুৰুত্ব সদায় থাকিব৷ কিন্তু, গৌণ আচাৰ-ৰীতিবিলাকৰ ঊৰ্ধত “মানৱতাই ধৰ্ম” বুলি কওঁতে সচৰাচৰ প্ৰশ্ন হয় যে সমাজৰ অবিচ্ছেদ্য অংগ হৈ থকা ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাত নিহিত থকা নৈতিক মূল্যবোধৰ উপযুক্ত বিকল্প আধুনিক বাষ্ট্ৰব্যৱস্থাৰ পৰিধিৰ ভিতৰত সম্ভৱ হ’বনে? প্ৰশ্ন হৈছে যে মূলতঃ ঔদ্যোগিক বিকাশৰ স্বাৰ্থত আধুনিক ৰাষ্ট্ৰই সামাজিক-সাংস্কৃতিক জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ নৈতিকতাৰ উৎস হিচাপে পৰম্পৰাগত ধাৰ্মিকতাৰ মাজত থকা বিশ্বজনীন সহিষ্ণুতা কেৱল প্ৰশাসনিক পৰাক্ৰমক মহিমামণ্ডিত কৰি উলাই কৰিব নোৱাৰি৷ প্ৰফেছৰ আশীষ নন্দীয়ে কোৱাৰ দৰে জ্ঞানোদ্দীপ্ত প্ৰমূল্যেৰে কৰা সুষম আৰু সৰলীকৰণৰ প্ৰকল্পবোৰো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় উদ্যম যি ধৰ্মীয়, সামাজিক আৰু সাংস্কৃতিক পৰম্পৰাৰ মাজত থকা মানৱীয় মূল্যবোধকো হয়তো উলাই কৰিব পাৰে৷ এই প্ৰত্যাহ্বানৰ কথা আশীষ নন্দীয়ে এনেদৰে বৰ্ণনা কৰিছে, “However uncomfortable the thought might be, the intellectual challenge of our times may well be to identify the means – the institutional structures and personality resources – that can reconcile diversity with exclusions that are not destructive, demeaning or driven by hatred; for some degree of discomfort with or suspicion of strangers – you may call it tolerable ethnocentrism – is an inescapable part of living cultures.”
এইখিনিতে প্ৰফেছৰ আশীষ নন্দীয়ে ধৰ্মৰ দুটা দিশৰ কথা উল্লেখ কৰিছে৷ এটা হ’ল একান্ত ভক্তি হিচাপে পালন কৰা ধৰ্ম যি বিশ্বজনীনতা, সহিষ্ণুতা আৰু ভাতৃত্ববোধৰ এক নিভাঁজ প্ৰকাশ৷ অন্যটো হ’ল ধৰ্মীয় আদৰ্শবাদ যি আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজতেই মূৰ দাঙি উঠা ধৰ্মভিত্তিক পৰিচিতিৰ ৰাজনীতি৷ ধৰ্মীয় আদৰ্শবাদ প্ৰকৃতাৰ্থত অন্যান্য পৰিচিতিকেন্দ্ৰিক ৰাজনীতিৰ দৰে একে৷ ধৰ্মৰ সংগঠিত ৰূপ হিচাপে এই ধৰ্মীয় আদৰ্শবাদ আধুনিকতাৰ পৰশত জাগি উঠা আৰু সেয়ে মধ্যযুগৰ ধৰ্ম সংস্কাৰৰ দৰে ইতিবাচক দিশ ইয়াত অনুপস্থিত৷ আমি জানো যে আধুনিক ৰাষ্ট্ৰব্যৱস্থা প্ৰতিষ্ঠাৰ সমকালিকভাৱে হৈ থকা ধৰ্ম সংস্কাৰবিলাকেই আছিল আধুনিকতাৰো পথ প্ৰদৰ্শক৷ তাৰ বিপৰীতে, আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ মাজত ধৰ্মীয় আদৰ্শবাদ হ’ল প্ৰকৃতাৰ্থত সংস্কৃতিৰ পুনৰুত্থানবাদী জাতীয় চেতনা৷ ধৰ্মৰ সংগঠিত ৰূপ দিবলৈ যাওঁতে সাধাৰণতে গৌণ আচাৰ-ৰীতিবিলাক অথবা সেইবোৰৰ মধ্যবিত্তীয় সৃষ্টিশীল ৰূপান্তৰবিলাকেই সমল হৈ পৰে৷
গতিকে যেনেকৈ কেৱল বিধি-বিধানেৰে সমৃদ্ধ ধৰ্মৰ আধুনিক সংস্কৰণবোৰ এতিয়া ঐতিহাসিকভাৱেই ফোঁপোলা আৰু অৰ্থহীন, তেনেকৈ প্ৰফেছৰ নন্দীয়ে আধুনিক ৰাষ্ট্ৰব্যৱস্থাকো আচলতে ওপৰৰ পৰা জাপি দিয়া মুষ্টিমেয় প্ৰকল্প বুলি অভিহিত কৰিছে৷ সেয়ে ৰাষ্ট্ৰব্যৱস্থা আৰু সামাজিক-সাংস্কৃতিক জগতখনৰ মাজত যোগসূত্ৰৰ সাকো হেৰাই যায়৷ গণজীৱনৰ পৰা সংস্কাৰে যেন বাট হেৰুৱায়৷ স্বৰাজোত্তৰ ভাৰতৰ নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিও এই অসংলগ্নতাৰ বাবে কম জগৰীয়া নহয়৷ এনে সাময়িক প্ৰত্যাহ্বানবিলাকৰ মাজেদিয়েই সংস্কৃতিৰ অধিকাৰক বিশ্বজনীন মানৱ অধিকাৰৰ ভেঁটিত কাৰ্যকৰী কৰাৰ দিশত তৃণমূল পৰ্যায়ৰ পৰা এক নিৰন্তৰ সংস্কাৰমুখী প্ৰক্ৰিয়া অব্যাহত থাকিব লাগিব৷ কাৰণ মানৱীয় মূল্যবোধৰ সন্ধানত প্ৰগতিশীল মানৱতাবাদে আশীষ নন্দীৰ তৃণমূল পৰ্যায়ৰ পৰম্পৰাৰ লগত এক আধুনিক যোগসূত্ৰ ৰক্ষা কৰাৰ প্ৰয়োজন নিশ্চয় হ’ব৷ তেনেদৰে, সামাজিক ছেকুলাৰকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আশীষ নন্দীৰ সমালোচনায়ো নিশ্চয় এক গঠনমূলক দিশ দিব পাৰে৷
আগতে উল্লেখ কৰাৰ দৰে মৌলিক অধিকাৰৰ এক ঐকিক আৰু বিশ্বজনীন সংজ্ঞা নিৰূপণ আৰু প্ৰণয়নত সাংস্কৃতিক অধিকাৰ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে৷ অন্যহাতেদি মৌলিক অধিকাৰ হ’ল ব্যক্তি স্বাধীনতাৰ স্তৰৰ আৰু সেয়ে গণতান্ত্ৰিক ৰাষ্ট্ৰই কেতিয়াও পৰিচিতিকেন্দ্ৰিক সামূহিক অধিকাৰক অগ্ৰাধিকাৰ দিব নোৱাৰে৷ মধ্যযুগীয়া প্ৰভুত্বশীল উপাদানৰ বিৰুদ্ধে এই পৰিচিতিকেন্দ্ৰিক অধিকাৰে মৌলিক অধিকাৰৰ স্বাৰ্থতহে সাময়িকভাৱে স্বীকৃতি পায়৷ আকৌ, বাস্তৱ ক্ষেত্ৰত বিশ্বজনীন ভাবধাৰাৰ মাজতো নিষ্ক্ৰিয়তাৰ বিপৰীতে প্ৰভাৱশালী সাংস্কৃতিক গোষ্ঠীৰ শৰণাপন্ন হৈ এক সৰলীকৃত আৰু সুষম সাংস্কৃতিক পৰিচিতিৰ পোষকতা কৰা হয় আৰু অন্যান্য ক্ষুদ্ৰ গোষ্ঠীসত্তাবোৰে নিজস্ব পৰিচয় হেৰুওৱাৰ আশংকাত ভোগে৷ কিন্তু সংস্কৃতিৰ ভিন্নতাক স্বীকৃতি দিবলৈ যাওঁতে বিশ্বজনীন নাগৰিকত্বকেই প্ৰত্যাহ্বান জনালে নহ’ব৷ ৰাষ্ট্ৰব্যৱস্থাৰ এই সংঘাতৰ কথা পাৰ্থ চেটাৰ্জীয়ে লিখিছে, “The ‘challenge of multiculturalism’ is sought to be met by asserting the value of diversity itself for the flowering of culture and making room for divergent ways of life within a fundamentally agreed set of universalist values.”
এইটো ঐতিহাসিক সত্য যে ভাৰতৰ সাংবিধানিক জাতীয়তাবাদৰ মাজতেই বিভিন্ন জাতিসত্তাবিলাকৰ জাতীয়তাবোধত বিশেষত্ববাদী প্ৰৱণতা জাগৃত হয়৷ স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নৰ পৰিকাঠামোত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেই এনে জাতীয় প্ৰশ্নবোৰলৈও ইন্ধন যোগায়৷ স্বৰাজোত্তৰ ভাৰতৰ আধুনিক সাংবিধানিক জাতিৰাষ্ট্ৰৰ প্ৰত্যাহ্বানবোৰ আছিল ক্ষুদ্ৰ ক্ষুদ্ৰ – আঞ্চলিকতাবাদ, বৰ্ণবাদী চেতনা আৰু অন্যান্য বিচ্ছিন্নতাবাদী আন্দোলনবোৰ৷ ভাৰতৰ সাংবিধানিক জাতীয়তাবাদক গিলিব খোজা হিন্দুত্ববাদী ধাৰাও এক ধৰ্মভিত্তিক পৰিচিতি৷ এই প্ৰত্যাহ্বানবিলাকৰ মকামিলা কৰাত উন্নয়নবাদী জাতিৰাষ্ট্ৰ বিফল হোৱাৰ লগে লগে হিন্দুত্ববাদে এক ৰাজনৈতিক বিকল্প শক্তি হিচাপে ব্যাপকতা লাভ কৰে৷ উল্লেখযোগ্য যে স্বৰাজোত্তৰ ভাৰতত অন্যান্য ক্ষুদ্ৰ ক্ষুদ্ৰ পৰিচিতিৰ আন্দোলনবিলাকৰ ভিতৰত এই হিন্দু জাতীয়তাবাদেই হৈ পৰিছিল আটাইতকৈ শক্তিশালী৷ এনে ক্ষুদ্ৰৰ পৰা বৃহৎ বিস্তৃতিৰ গোষ্ঠীগত জাতীয়তাবাদী আন্দোলনবিলাকৰ প্ৰভুত্বশীল প্ৰৱণতাই ৰাষ্ট্ৰযন্ত্ৰক নিয়ন্ত্ৰণত ৰাখিব বিচাৰে৷ অৱশ্যে এখন আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কোনোটোৱেই ঐকিক মতবাদ হ’ব নোৱাৰে, কাৰণ প্ৰতিটোৱেই “আমি আৰু তেওঁলোক”ৰ এক কটকটীয়া সংজ্ঞাৰে জাতিৰাষ্ট্ৰক পৰিচালিত কৰিব বিচাৰে৷ যেনেকৈ উগ্ৰ-জাতীয়তাবাদে আমি-তেওঁলোকৰ সংজ্ঞা দিওঁতে ‘আমি’বোৰ তেনেই সংকুচিত হৈ ক্ষণিক আৰু অবহনীয় হৈ পৰে৷ যিকোনো পৰিচিতিকেন্দ্ৰিক জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ দৰে গণতান্ত্ৰিক ভেটি এটা গ্ৰাস কৰিব বিচাৰিলেই অধিনায়কত্ববাদৰ জন্ম হয়৷ ধৰ্মভিত্তিক পৰিচিতিয়ে ধৰ্মৰাষ্ট্ৰৰো জন্ম দিব পাৰে৷ অৱশ্যে, আধুনিক গণতান্ত্ৰিক পৰম্পৰাৰ মাজত ধৰ্মীয় পৰিচিতিৰ ৰাজনীতিয়ে ৰাষ্ট্ৰব্যৱস্থাক নিয়ন্ত্ৰণত ল’লেও সততে ফেচীবাদ অথবা ধৰ্মৰাষ্ট্ৰৰ সৃষ্টি কৰিব পাৰিব যেন মনে নধৰে৷
কোনো দ্বিমত নাই যে মধ্যযুগীয়া পিপাসাইহে প্ৰকৃততে ছেকুলাৰিজমৰ ওপৰত প্ৰশ্ন তুলিছে৷ অনস্বীকাৰ্য যে বাস্তৱ জীৱনত গোষ্ঠীগত সত্তাবোৰ প্ৰকৃতাৰ্থত এক ভুৱা সামূহিক সত্তাৰ বশৱৰ্তী হৈ পৰে৷ কাৰণ সাংস্কৃতিক ৰক্ষণশীলতাই হওক নতুবা তাৰ ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্পই হওক, পুঁজিৰ একচেটিয়া বিকাশৰ ঐতিহাসিক সমলবোৰ শক্তিশালী হৈ উঠে৷ সম্পত্তিৰ সম্পৰ্কই বৰ্তাই ৰখা প্ৰভুত্বৰ স্বাৰ্থতেই এই ৰাজনৈতিক বাগধাৰাৰ ৰচনা হৈ আহিছে৷ নিত্য নৈমিত্তিক প্ৰতিষ্ঠানবিৰোধিতা কেতিয়ালৈকে পুনৰাবৃত্তি হৈ থাকিব৷ এয়া নব্য উদাৰবাদৰ অন্তৰ্নিহিত সংকটক ধূলি দিয়া বিশ্বস্তৰীয় পৰিঘটনা যি উপৰিসৌধত প’ষ্ট ট্ৰোথ হিচাপে সকলোকে মনোৰঞ্জন কৰিছে৷ নব্য-উদাৰবাদে গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ অভাবনীয় সীমাবদ্ধতা আনি দিছে আৰু লগে লগে ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰযুক্তি হিচাপেছেকুলাৰিজমো সংকটত পৰিছে৷ গতিকে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পুঁজিৰ প্ৰভুত্বক হয়তো জাতিৰাষ্ট্ৰবিলাকেই প্ৰত্যাহ্বান জনাব লাগিব৷ এই গাঁথনিগত প্ৰত্যাহ্বানৰ সলনি মধ্যযুগীয়া পৰিচিতিকেন্দ্ৰিক উগ্ৰ-জাতীয়তাবাদী বাগধাৰাই ছেকুলাৰিজমৰ এই ঐতিহাসিক সংকটক অপবাদলৈ ৰূপান্তৰ কৰিছে৷ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাৱে সামাজিক মৰ্যাদাভিত্তিক বৈষম্য শেষ কৰিলেও প্ৰকৃতাৰ্থত এক স্থায়ী সম্পত্তিৰ সম্পৰ্কৰ যোগেদি আৰ্থ-সামাজিক সমীকৰণৰ প্ৰতি সহিঞ্চু হৈ পৰাহে দেখা যায়৷ ফলস্বৰূপে, এলেক্স ডি টেকভাইলে কোৱাৰ দৰে গণতন্ত্ৰৰ দৰে ৰাষ্ট্ৰ প্ৰযুক্তিৰ এনে ন্যায়িক-প্ৰশাসনিক মেৰপাকত বৈষম্যৰ প্ৰশ্নত কোনোধৰণৰ বৈপ্লৱিক পৰিৱৰ্তনৰ আশা ক্ষীণ হৈ পৰে৷ দৰাচলতে যি ৰাষ্ট্ৰব্যৱস্থাই আনুষ্ঠানিকভাৱে বৈষম্য নিৰ্মূলকৰাৰ কথা মৌখিকভাৱে ঘোষণা কৰে, তাত এনেধৰণৰ এক কাল্পনিক সমতাই মনস্তাত্ত্বিক জগতখন দখল কৰি লয় যে প্ৰকৃত বৈষম্যৰ বাস্তৱলৈ ঘূৰি অহাটো অসম্ভৱ হৈ পৰে৷
স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক দায়বদ্ধতা আৰু তাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ বৃহৎ অন্তৰালৰ ছবিখন যোৱা দশকত বৰকৈ স্পষ্ট হৈ পৰিছিল৷ সমকালিক মুষ্টিমেয়ৰ ন্যস্তস্বাৰ্থই এনেদৰেই স্থিতাৱস্থা বজাই ৰখাৰ আপ্ৰাণ চেষ্টা কৰিলেও ৰাজনৈতিক পৰিৱৰ্তন অনিবাৰ্য আছিল৷ এক বিশদ পৰ্যালোচনা, প্ৰশাসনিক সংস্কাৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থাৰ নিৰূপণ অপৰিহাৰ্য হৈ পৰিছিল৷ কাৰণ আৰ্থ-সামাজিক সমীকৰণ সলনি হৈছিল আৰু লগে লগে প্ৰয়োজন হৈছিল ৰাজনৈতিক পৰিৱৰ্তনৰ নতুন চুক্তি৷ কিন্তু, এই বৃহৎ আৰ্থ-সামাজিক বিৱৰ্তনৰ ৰাজনৈতিক নেতৃত্ব ধৰ্মৰ মেৰুবিভাজনেৰে দিব লগা হোৱাটো ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ বাবেই এক দুৰ্ভাগ্যজনক কথা৷ যদিও বিভিন্ন ৰাজনৈতিক দল নিৰ্বিশেষে ধৰ্ম অথবা অন্যান্য পৰিচিতিক লৈ অনিয়মিত স্তৰত কৰি থকা নিৰ্বাচনী ৰাজনীতি বহু পুৰণি৷ উন্নয়নবাদী ব্যৱস্থাৰ অধোগতিয়েই এনে নিৰ্বাচনী কুটিলতাৰ কাৰণ৷ প্ৰশাসনিক ক্ষেত্ৰত ন্যস্তস্বাৰ্থৰ পোনপটীয়া হস্তক্ষেপ হৈ পৰিছিল এক স্বাভাৱিক পৰিঘটনা৷ এনে অৰাজকতাৰ বিকল্প সকলোৰে কাম্য আছিল৷
অনস্বীকাৰ্য যে স্বৰাজোত্তৰ ভাৰতৰ সংবিধানিক গণতন্ত্ৰৰ কোনো গত্যন্তৰ নাই৷ তাৰমানে এইটো নহয় যে ভাৰতবৰ্ষৰ সাংবিধানিক গণতন্ত্ৰ একেবাৰে বিতৰ্কৰ বাহিৰত৷ সাংবিধানিক ছেকুলাৰ ৰাষ্ট্ৰব্যৱস্থাৰ ৰূপায়ণৰ দিশত আৰু পৰৱৰ্তী সময়ছোৱাত সমাজজীৱনৰ ছেকুলাৰকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰব্যৱস্থাৰ ভূমিকাৰ ক্ষেত্ৰত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে৷ এনে আলোচনাই সাংবিধানিক দায়বদ্ধতা আৰু তাৰ সামাজিক-ৰাজনৈতিক ৰূপান্তৰৰ মাজত থকা অন্তৰালৰ আচল ছবিখন স্পষ্ট কৰিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থা নিৰূপণ হ’ব৷