নিবন্ধবিজ্ঞান-প্ৰযুক্তি

চেতনা আৰু মগজু-(ৰিতু লহকৰ)

ফুলি থকা তেজ ৰঙা গোলাপ এপাহ দেখি আমাৰ মনত সৌন্দৰ্য্যৰ অনুভূতিৰ সৃষ্টি হয়। ৰাতিপুৱাৰ ৰঙা বেলিটো দেখিলে মনত ধৰা দিয়ে প্ৰভাতৰ নতুন চিন্তা। পুৱা চৰাইৰ সুৱদি মাতেও মন মুগ্ধ কৰে। কিন্তু কেতিয়াবা ভাবিছেনে সেই ৰক্ত বৰ্ণ গোলাপ পাহ কেনেকৈ দেখা পাইছে? ৰঙা বেলিটো কিদৰে দেখা পাইছে? বহুতে ক’ব গোলাপ পাহৰ পৰা প্ৰতিফলিত ৰশ্মিয়ে আমাৰ চকুত ধৰা দিলে দেখা পাওঁ। আৰু চৰাইৰ সুৱদি মাতৰ ধ্বনি কাণৰ ভিতৰত প্ৰৱেশ কৰিলে আৰু সেই সংকেত মগজুলৈ গ’লে আমি শুনা পাওঁ। কিন্তু কথবোৰ ইমান সৰলনে? আমি জানো চকুৱে পোহৰৰ ৰশ্মিক শোষণ কৰি তাক বিদ্যুৎ সংকেতলৈ পৰিৱর্তন কৰে (transduction)। সেই সংকেত আমাৰ মগজুলৈ যায়। মগজুয়ে ভিন্ন ধৰণে এই তথ্যৰ সম্পাদনা (processing) কৰে। চকুৱে এই বিদ্যুত সংকেত মগজুলৈ পঠিয়াই স্নায়ু কোষ বা নিউৰনৰ (neuron) জৰিয়তে। মগজুতো এই তথ্য বা সংকেতৰ সম্পাদনা কৰে নিউৰনসমূহে । অর্থাৎ প্রথম নিউৰনটোৰ পৰা সংকেত পিছৰ নিউৰনটোলৈ যায়। তেনেদৰে এটাৰ পৰা বহুতলৈ বা বহুতৰ পৰা এটালৈও যাব পাৰে। সেয়া যিয়েই নহওক এই সংকেতবোৰ হৈছে নিউৰনে কঢ়িয়াই নিয়া এক বিশেষ ধৰণৰ বিদ্যুৎ সংকেত বা এক্সন বিভৱ (action potential)। কিন্তু এক্সন বিভৱেই কেনেকৈ জন্ম দিব পাৰে অনুভূতিৰ? সহজ ভাষাত ক’বলৈ গ’লে মগজুৱে কিছুমান তথ্যৰ সম্পাদনা কৰি কেনেকৈ জন্ম দিব পাৰে অনুভূতিৰ? আমাৰ যি আত্মচেতনা আছে তাৰ উৎস কি? আমাৰ সকলোৰে থকা নিজৰ অস্তিত্ব (আত্মচেতনা) অনুভূতিৰ জন্ম হয় কিদৰে? চকুত পৰা পোহৰৰ ৰশ্মিয়ে কিদৰে জন্ম দিয়ে ৰঙা গোলাপৰ অনুভূতিৰ? অতি আশ্বৰ্যকৰ এই প্ৰশ্নবোৰৰ লগত জড়িত অন্য কিছুমান প্রশ্ন হ’ল: সকলো জীৱৰে আত্মচেতনা আছেনে? কম্পিউটাৰৰ দ্রুত অগ্রগতিৰ ফলত জন্মা অতি শক্তিশালী ৰবটবোৰৰ আত্মচেতনা থাকিবনে? আত্মচেতনা থাকিবলৈ কি কি বস্তুৰ প্ৰয়োজন? মই কিদৰে জানিম যে আপুনি আত্মসচেতন অথবা আত্ম সচেতনতাৰ ভাওঁ ধৰি থকা এটা যন্ত্ৰ? এইবোৰৰ বেছিভাগৰে বৰ্তমানলৈ সঠিক উত্তৰ নাই। অৰ্থাৎ বিভিন্ন জনৰ বিভিন্ন মত। কিছুমানে কয়, এই সকলোবোৰৰ উত্তৰ এটাই; আত্মা৷ আত্মাই আমাক চেতনা প্ৰদান কৰে। কিছুমানে কয় যে মগজুৱে কিবা প্ৰক্রিয়াৰে চেতনাৰ জন্ম দিয়ে। অন্য কিছুমানৰ মতে, মগজুৰ লগতে কিছুমান বৰ্তমানো আৱিষ্কাৰ নোহোৱা পদাৰ্থৰ প্ৰয়োজন। কিছু তত্ত্ব অনুসৰি, সকলো বস্তুৱেই চেতন (panpsychism)।কিন্তু অন্য কিছু মত অনুসৰি, মগজুত ঘটা তথ্যৰ বহুমাত্ৰিক, জটিলতম সম্পাদনা প্ৰক্ৰিয়াই জন্ম দিব পাৰে অনুভূতিৰ! পিছে এই সকলো বাখ্যাৰ নিজা নিজা সীমাৱদ্ধতা নথকা নহয়।

এই ব্যাখ্যাবোৰৰ বা সমস্যাবোৰৰ বিশদ আলোচনাৰ পৰিৱৰ্তে আহক আমি কিছুমান পর্যবেক্ষণৰ কথা আলোচনা কৰোঁ। এই পর্যবেক্ষণবোৰেই স্থাপন কৰিব পাৰে অনুভূতি আৰু মগজুৰ মাজৰ সুদৃঢ় সম্পৰ্কক৷

কাল্পনিক অংগ (Phantom limb): কেতিয়াবা কিছুমান কাৰণত কিছুলোকৰ হাত বা ভৰিৰ ছেদন কৰিব লগীয়া হয়। তাৰে কিছু অংশ লোকে নথকা হাত বা ভৰিখন থকা যেন অনুভৱ কৰে। তাকে কাল্পনিক অংগ (phantom limb) বোলা হয়। এই কাল্পনিক অংগৰ বাস্তৱ অস্তিত্ব নাথাকে কিন্তু ব্যক্তিজনে তাৰ অস্তিত্ব অনুভৱ কৰে। অর্থাৎ আমাৰ মগজুৱে নোহোৱা বা নথকা বস্তুৰো অস্তিত্ব অনুভূত কৰাব পাৰে। এই কাল্পনিক অংগই কেতিয়াবা বিষো অনুভৱ কৰাব পাৰে। কিছুমানে আনকি তেওঁলোকৰ মুখমণ্ডলৰ কিছুমান বিশেষ বিশেষ অংশত স্পর্শ কৰিলে সেই কাল্পনিক অংগৰ বিশেষ বিশেষ অংশত স্পর্শ কৰা যেন অনুভৱ কৰে। কিছুমান লোকে অন্য লোকৰ সেই (corresponding) অংগক নিজৰ বুলি অনুভৱ কৰিব লয় [source: Tell Tale Brain By V. S. Ramachandran]৷ এই দৰে আমাৰ অনুভূতি বাস্তৱতকৈ সম্পূৰ্ণ বেলেগ হ’ব পাৰে। সেয়ে আমি ক’ব নোৱাৰো যে আমি যি অনুভৱ কৰোঁ সেয়াই বাস্তৱ| সেয়েহে আমি অনুভূতিতকৈ বৈজ্ঞানিক যুক্তিৰ ওপৰতহে বিশ্বাস স্থাপন কৰিব লাগে। কাৰণ অনুভূতি নিৰ্ভৰ কোনো কথাৰ দ্বাৰা আমি অতি সহজেই আত্ম প্ৰতাৰিত হ’ব পাৰোঁ। অৰ্থাৎ সঠিক যুক্তিৰ প্রসাৰৰ দ্বাৰাহে সমাজৰ উত্তৰণত সহায়ক হ’ব।

দৃষ্টিৰ সমস্যা আৰু মগজু: নেত্রহীন ব্যক্তি অন্ধ কিন্তু নেত্ৰ থকা ব্যক্তিও অন্ধ হ’ব পাৰে। আনকি আমাৰ দৃষ্টিৰ বিভিন্ন গুণ ৰং, গতি আদিৰ কোনো এটা বিশেষ গুণেই অনুভূত নহ’ব পাৰে। আমাৰ চকুৰ দৃষ্টিৰ তথ্য বা সংকেত মগজুৰ মাজ ভাগত থকা থেলামাচ (Thalamus) অংশলৈ যায় আৰু তাৰ পৰা মগজুৰ পচ্ছাৎ অংশত থকা অ’চিপিটেল (occipital) অংশলৈ যায়। আৰু তাৰ পৰা তথ্যবোৰ মগজুত বিয়পি পৰে, ফলত আমি দৃশ্যক অনুভৱ কৰিব পাৰোঁ৷ মগজুৰ বিভিন্ন অংশই দৃশ্যটোৰ বিভিন্ন গুণ পর্যবেক্ষণ কৰে। কিছুমানে গতি, কিছুমানে ৰং, কিছুমানে বস্তুৰ লগত তাৰ নামৰ সম্বন্ধ ইত্যাদি।

আমি সঘনে শুনি থকা এক দুর্ঘটনা হৈছে ষ্ট্ৰ’ক (stroke)। আমাৰ শৰীৰৰ সকলো অংশকে খাদ্য আৰু অক্সিজেন লাগে। তেজে শৰীৰৰ বিভিন্ন অংশলৈ এই খাদ্য আৰু অক্সিজেন পৰিবহন কৰে। মগজুৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্রম নহয়। আমাৰ দেহৰ ৰক্তনলীবোৰৰ মাজেৰে তেজ বৈ যায়। কেতিয়াবা কিছুমান কাৰণত এই তেজ প্ৰৱাহ বিঘ্নিত হ’ব পাৰে। ৰক্তনলী ফাটি গৈ এনে হ’ব পাৰে বা তেজৰ চেকুৰাইও ৰক্তনলী বন্ধ কৰি দিব পাৰে। ফলস্বৰূপে সেই ৰক্তনলীৰ দ্বাৰা তেজ লাভ কৰা কোষবোৰ মৰি যাব ধৰে আৰু দীঘলীয়াকৈ ৰক্তপ্রৱাহ বন্ধ হ’লে কোষবোৰ সম্পূৰ্ণ ৰূপে মৰি যায়। যেতিয়া এনে প্ৰক্ৰিয়াৰে আমাৰ মগজুৰ এক বৃহৎ অংশ মৰি যায় তাক আমি ষ্ট্ৰ’ক বুলি কওঁ। ষ্ট্ৰ’কে মগজুৰ বিভিন্ন অংশ ধ্বংস কৰিব পাৰে। ষ্ট্ৰ’কৰ ফলত যদি ৰঙৰ ধাৰণা সৃষ্টি কৰা অংশবোৰ ধ্বংস হয়; ব্যক্তিজনে ৰঙৰ অনুভূতি নোপোৱা হয়। যদি গতিৰ অনুভূতি সৃষ্টি কৰা অংশবোৰ ধ্বংস হয়; ব্যক্তিজনে গতিশীল গাড়ীখনক একে লগে এখনৰ পিছত এখন যেন বহুকেইখন দেখে। ঠিক যেন চিনেমাৰ ৰিলৰ দৰে। নামৰ অনুভূতি প্ৰদান কৰা অংশটো ধ্বংস হলে বস্তুৰ নামবোৰ মনত নপৰে। তেনে কোনো ব্যক্তিক “আলু” এটা দেখুৱালে তেওঁ হয়তো ক’ব, “মই এই বস্তুটো জানো, আমাৰ ঘৰতো বস্তুটো আছে”; কিন্তু বস্তুৰ নামটো ক’ব নোৱাৰিব। তেনেদৰে ভাষাৰ অৰ্থৰ অনুভূতি সৃষ্টি কৰা অংশটো (Wernicke’s area) ধ্বংসপ্ৰাপ্ত হ’লে ব্যক্তিজনে কাণেৰে শুনিব কিন্তু কথাবোৰ বুজি নাপাব। [source: Tell Tale Brain]৷

এনে বহু বৈজ্ঞানিক পৰ্যবেক্ষণে অনুভূতিৰ লগত মগজুৰ যি দৃঢ় সম্পৰ্ক তাক আৰু দৃঢ়তৰ কৰে। কিন্তু এই পর্যবেক্ষণবোৰে এইটো নিশ্চয়তাৰে ক’ব নোৱাৰিব যে মগজুৱে কি জটিল প্ৰক্ৰিয়াৰে এনে অনুভূতিবোৰৰ জন্ম দিছে। কিন্তু এনে পৰ্যবেক্ষণে আত্মাৰ ধাৰণাকো প্ৰত্যাহ্বান জনায়। কাৰণ কোনো অপাৰ্থিৱ আত্মাই যদি অনুভূতিৰ মূল আৰু সৰ্বস্ব, তেন্তে আমাৰ পার্থিৱ শৰীৰৰ পৰিৱর্তনে অনুভূতিক কেনেকৈ প্রভাৱিত কৰিব পাৰে?

উপৰিউক্ত চমু লেখাটিৰ লক্ষ্য মাত্র পাঠক মনক চেতনা তথা মগজুৰ বিষয়ে নতুন চিন্তা চর্চা আৰু অধ্যয়নৰ প্ৰতি আকৰ্ষিত কৰা। ইয়াৰ দ্বাৰা পাঠক সমাজক যুক্তিনিৰ্ভৰ চিন্তা চৰ্চাৰে আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ।

One thought on “চেতনা আৰু মগজু-(ৰিতু লহকৰ)

Leave a Reply

Your email address will not be published. Required fields are marked *