বিবিধ চিন্তা

সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক ঐতিহাসিক দলিল-(ভবেশ নাথ)

প্ৰগতিশীল চিন্তাবিদ শ্ৰদ্ধাৰ শশী শৰ্মাদেৱৰ “অসমৰ হিন্দু-মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক” বৰ্তমান সময়ৰ বাবে এখন খুবেই প্ৰাসংগিক গ্ৰন্থ। গ্ৰন্থখনত তথ্য সহকাৰে এনে কিছুমান দিশ বিশ্লেষণ কৰা হৈছে যিবোৰৰ অধ্যয়নে বৃহত্তৰ মুছলমান সমাজখনৰ প্ৰতি সততে থকা নেতিবাচক মানসিকতাক সলনি কৰাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব পাৰিব। গোটেই গ্ৰন্থখন দহটা অধ্যায়ত সমাপ্ত কৰা হৈছে। গ্ৰন্থ খনৰ বিভিন্ন আলোচনা মূলত দুটা ভাগত বিশ্লেষণ কৰা হৈছে। প্ৰথমটো ভাগত বৃটিছসকল অহাৰ আগলৈকে অসম তথা ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰা হৈছে। দ্বিতীয়টো ভাগত বৃটিছসকল অহাৰ পৰৱৰ্তী পৰ্যায়ৰ বিভিন্ন দিশ সাঙুৰি লোৱা হৈছে। গ্ৰন্থখনত সন্নিৱিষ্ট অসমৰ সমাজ জীৱনৰ বাবে বৰ্তমানে আটাইতকৈ প্ৰাসংগিক প্ৰবন্ধ দুটা হৈছে ‘অসমত মুছলমান’ আৰু ‘সমন্বয়ত গঢ় লৈ উঠা অসমীয়া এটা নতুন জাতি’। ১২০৫ খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ জৰিয়তে অসমলৈ আগমন ঘটা মুছলমানসকল পৰৱৰ্তী পৰ্যায়ত কি দৰে সামাজিক আৰু সাংস্কৃতিকভাৱে অসমীয়া হৈ পৰিল; আহোম ৰাজত্বৰ সময়ছোৱাত মুছলমানসকলৰ অৱদান; শৰাইঘাটৰ ৰণত মুছলমান সেনাপতি বাঘ হাজৰিকাৰ ভূমিকা; ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, আদিৰ ক্ষেত্ৰত মুছলমান সমাজখনে আঁকোৱালি লোৱা হিন্দু পৰম্পৰা আদি বিভিন্ন দিশ উপৰ্যুক্ত প্ৰবন্ধ দুটাত আলোচনা কৰা হৈছে। তদুপৰি সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰখনত বৃটিছ অহাৰ আগলৈকে হিন্দু-মুছলমানৰ ঐক্যক প্ৰতিপন্ন কৰিবলৈ বিভিন্ন তথ্যভিত্তিক উদাহৰণ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। তলত এনে কেইটামান উদাহৰণ দাঙি ধৰা হ’ল যিবোৰে হিন্দু-মুছলমানৰ ঐক্যক সঁচা অৰ্থত প্ৰতিপন্ন কৰে৷

১. উগ্ৰ মুছলমানৰূপে পৰিচিত ঔৰংগজেৱৰ সেনাপতি আছিল ৰাজপুত মানসিংহ, যিজনক অসম আক্ৰমণৰ বাবে পঠাইছিল।
২. আলাউদ্দিন খিলজী আৰু তেওঁৰ পুত্ৰই ভাৰতীয় হোৱাৰ মানসেৰে বিয়া কৰাইছিল হিন্দু ৰমণীক।
৩. দিল্লীৰ চুলতান ফিৰোজ ছাহ আৰু গিয়াচুদ্দিন টোগলকৰ মাক আছিল হিন্দু।
৪. অসমৰ ক্ষেত্ৰতো চুতীয়া ৰজা ৰত্নধ্বজ পালে গৌড়ৰ নবাবৰ জীয়াৰীক পুতেকলৈ বোৱাৰীৰূপে আৰু কমতাৰ ৰজা নীলাম্বৰে গড়মা কুঁৱৰীক ৰাণীৰূপে গ্ৰহণ কৰা কাৰ্য্যই সেই সময়ৰ সাধাৰণ প্ৰজাবৰ্গকো জাতি ধৰ্ম নিৰ্বিশেষে সামাজিক সম্পৰ্ক গঢ়াত উৎসাহিত কৰিছিল।
৫. ওজাপালিসকলৰ জনপ্ৰিয় কাব্য “পদ্মপুৰাণ”ত আৰৱ দেশৰ বিশিষ্ট গাজী আৰু শ্বহীদ হাছান-হুছেইনৰ বিষয়ে এক বিস্তৃত কাহিনী বৰ্ণনা কৰা হৈছে আৰু দুয়োগৰাকীকেই মনসাৰ একান্ত ভক্তৰূপে প্ৰতিষ্ঠা কৰা হৈছে।
৬. অসমৰ অন্যতম লোকনাট্য অনুষ্ঠান ওজাপালি, বিশেষকৈ দৰং জিলাত ইয়াৰ প্ৰচলন সৰ্বাধিক। দৰঙৰ বহু ওজাপালি দল এটা সময়ত মুছলমানলোকৰ দ্বাৰা পৰিচালিত হৈছিল। দৰঙৰ মাৰৈৰ বৰ ওজাৰ বংশধৰ সকল আজিও বিদ্যমান। মাৰৈ গাঁৱৰ পৰশু ওজা মুছলমান ওজা যাক মানুহে গৰীয়া ওজা বুলি জানিছিল। দেশ স্বাধীন হোৱাৰ আগলৈকে কামৰূপ, গোৱালপাৰা, দৰঙৰ বহু মুছলমানে মনসা পূজা কৰিছিল।

এনেদৰে গোটেই গ্ৰন্থখনত বিভিন্ন উদাহৰণ সহিতে হিন্দু-মুছলমান ঐক্যৰ বিভিন্ন ঘটনা তথ্যভিত্তিকভাৱে বিশ্লেষণ কৰা হৈছে। গোটেই গ্ৰন্থখন অধ্যয়নৰ জৰিয়তে সামগ্ৰিকভাৱে এটা সিদ্ধান্তত উপনীত হ’ব পাৰি যে ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিলৈকে অসমত হিন্দু মুছলমানৰ সম্পৰ্ক আছিল সৌহাৰ্দ্যমূলক। মুছলমান শাসকসকলৰ কালতো অসম সহিতে সমগ্ৰ ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ তেনে কোনো তিক্ততাপূৰ্ণ সম্পৰ্ক নাছিল। অৱশ্যে সম্ৰাট ঔৰংগজেৱৰ কাৰ্য্যকালত জিজিয়া কৰ পুনৰ প্ৰচলনকে আদি কৰি কিছু হিন্দু বিৰোধী কাৰু কাৰ্য্য সংঘটিত হৈছিল। তাৰ ব্যতিৰকে বাকীকেইজন মুছলমান শাসকৰ কাৰ্য্যকালত হিন্দু ধৰ্মৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পৰা কোনো ধৰণৰ লেখত ল’বলগীয়া ঘটনা সংঘটিত হোৱা নাছিল। মোগল সম্ৰাট বাবৰৰ পৰা আৰম্ভ কৰি ঔৰংগজেৱলৈকে বহু কেইজন মোগল শাসকৰ অধীনত প্ৰায় বহু দশক জুৰি ভাৰতবৰ্ষক শাসন কৰা হৈছিল। ইচ্ছা কৰিলে শাসন ক্ষমতাৰ মূল অধিকৰ্তা হিচাপে তেওঁলোকে তেওঁলোকৰ ধৰ্ম প্ৰজাৰ ওপৰত জোৰ-জবৰদস্তি জাপি দিব পাৰিলেহেঁতেন, কিন্তু তেনে কাৰ্যৰ পৰা তেওঁলোক আঁতৰি আছিল‌। সেইবাবেই চাগে বহু দশক জুৰি শাসন ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতো হিন্দুৰ পৰা মুছলমানলৈ ধৰ্মান্তৰিত হোৱাৰ ঘটনা সেই সময়ত বহু বেছি পৰিমাণে সংঘটিত হোৱা নাছিল। যাৰ বাবে ভাৰতবৰ্ষত হিন্দুসকল আজিও সংখ্যাগৰিষ্ঠ হিচাপেই ৰৈ গ’ল। বৃটিছৰ শাসন যুগমীয়া কৰাৰ স্বাৰ্থত বৃটিছে গ্ৰহণ কৰা সাম্প্ৰদায়িক বিভাজনবাদী নীতিয়েহে পৰৱৰ্তী পৰ্যায়ত হিন্দু-মুছলমান ঐক্যত ব্যাঘাত জন্মাইছিল। বৃটিছে এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ১৯০৫ চনত বংগ বিভাজনৰ জৰিয়তে। তাৰ পৰৱৰ্তী পৰ্যায়ত বৃটিছৰ ছত্ৰছায়াত মুছলিম লীগ, মুছলমানৰ সুকীয়া নিৰ্বাচক মণ্ডলী গঠন কৰাৰ মাজেৰে বৃটিছে সাম্প্ৰদায়িক ৰাজনীতিক আৰু অধিক সাৰ-পানী যোগাইছিল। এনেবোৰ কাৰুকাৰ্যই হিন্দু সকলকো হিন্দু হিচাপে সংগঠিত হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। যাৰ ফলস্বৰূপে হিন্দু মহাসভাৰ দৰে সংগঠনে আত্মপ্ৰকাশ কৰিছিল। পৰিণতিত স্বাধীনতা আন্দোলনৰ সময়ছোৱাতে বৃটিছৰ কৌশলমতেই ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক অশান্তিয়ে ক্ৰমে ক্ৰমে তীব্র ৰূপ ধাৰণ কৰিছিল, শেষত এই প্ৰক্ৰিয়াই ভাৰতক দুখণ্ডত বিভক্ত কৰিছিল। ইয়াৰ ফলতেই বছৰ বছৰ ধৰি হিন্দু আৰু মুছলমানৰ ঐক্যৰ ভেটিটোত ঠাই লৈছিল হিংসা, বিদ্বেষ আৰু শত্ৰুতাই।

বৰ্তমান সময়ত ভাৰত বৰ্ষত মুছলমান মানেই এনে এক ধাৰণাৰ সৃষ্টি কৰিব বিচৰা হৈছে যে তেওঁলোক হিন্দুৰ শত্ৰু। আনকি মুছলমান সম্প্ৰদায়টোৱেই হৈছে কিছুমান ৰাজনৈতিক দলৰ ৰাজনৈতিক কৰ্মকাণ্ডৰ মূল এজেণ্ডা। গতিকে এনে প্ৰেক্ষাপটত হিন্দু-মুছলমানৰ ঐক্যক প্ৰতিনিধিত্ব কৰা যিবোৰ ঐতিহাসিক সমল আমাৰ মাজত বিদ্যমান, সেইবোৰক উলিয়াই অনাটো নিতান্তই প্ৰয়োজন। শ্ৰদ্ধাৰ শশী শৰ্মাদেৱৰ গ্ৰন্থ “অসমৰ হিন্দু মুছলমানৰ সাংস্কৃতিক সম্পৰ্ক” তেনে এক ঐতিহাসিক দলিল যাৰ জৰিয়তে ঐতিহাসিকভাৱে হিন্দু-মুছলমানৰ সম্পৰ্কক বিশ্লেষণ কৰিব বিচৰা হৈছে। অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ২০০ টকা। আশা কৰোঁ সচেতন গণতান্ত্ৰিক চেতনা সম্পন্ন জনতাই গ্ৰন্থখন অধ্যয়ন কৰিব আৰু তাৰ জৰিয়তে সাম্প্ৰদায়িক ঐক্যক অক্ষুণ্ণ ৰখাৰ সংগ্ৰামখনত সহযোগিতা আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *