কেন্দ্ৰীয় নিবন্ধনিবন্ধ

শিৱনাথ বৰ্মন: সোঁতৰ বিপৰীতে সাঁতোৰ-(প্ৰসেনজিৎ চৌধুৰী)

প্ৰাৰম্ভিক দুআষাৰ

আমাৰ সমাজত বিশেষ কিছুমান পক্ষপাতযুক্ত ধাৰণাৰ বিপুল জনপ্রিয়তা প্রশ্নাতীত। মেধাসম্পন্ন মানুহও এই ধাৰণাবোৰক প্ৰশ্ন কৰাৰ পৰা বিৰত থাকে, সংশয়ৰ সঁজুলীৰে তাৰ যৌক্তিকতা পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন তেওঁলোকে অনুভৱ নকৰে। এওঁলোকৰ অধিকাংশই প্ৰচলিত ধাৰণাবোৰক নিভাঁজ সত্যৰ অভিব্যক্তি বুলি গণ্য কৰে। পিছে বিবেচ্য বিষয় হ’ল, নিষ্প্রশ্ন আনুগত্যৰ আঁৰত অন্য ধৰণৰ, তুলনামূলকভাৱে জটিল একাধিক কাৰক সক্ৰিয় থকাটো সম্ভৱ। এইবোৰৰ ভিতৰত এটা উল্লেখনীয় কাৰক হ’ল – জনপ্রিয়তা/গ্রহণযোগ্যতা হেৰুওৱাৰ ভয়। স্বীয় সমাজৰ সৰহভাগ লোকে সঁচা বুলি ভবা ধাৰণাৰ বিশ্বাসযোগ্যতাক সন্দেহ কৰিলে জানোচা জন-সমাজৰ আদৰৰ/স্বীকৃতিৰ নাটনি পৰিব – এই অস্বস্তিদায়ক ভয়ে বহুতকে ব্যাকুল কৰে। ইয়েই বুদ্ধিমন্ত মানুহৰ মানসিক দাসত্বৰ এটা ঘাই উৎস। আনহাতে বিবাদ-বিতৰ্কৰ পৰা নিলগত থাকি আৰু অবাঞ্জিত মানসিক পৰিশ্ৰমৰ পৰা মুক্ত হৈ নির্বিঘ্ন-নিৰুপদ্ৰৱ জীৱন কটোৱাৰ মধ্যবিত্তীয় আকাংক্ষায়ো উল্লিখিত নিষ্প্রশ্ন আনুগত্যক উদগনি দিয়ে। এইবোৰৰ উপৰি আৰু এটা স্বল্পচৰ্চিত লুক্কায়িত কাৰকৰ প্ৰতি চকু দিব পাৰি। মনৰ অৱচেতন স্তৰত সংগোপনে সোমাই পৰা পক্ষপাতদুষ্ট ধাৰণাবোৰৰ গহন-গোপন ভূমিকা সম্পর্কে বুদ্ধিমত্তাসম্পন্ন লোকেও উৱাদিহ নাপাব পাৰে। অদৃশ্য ভাইৰাছৰ দৰে ই মানুহৰ চিন্তা-ভাবনাক নিয়ন্ত্রণ/প্রভাৱিত কৰাটো সম্ভৱ।

জন-সমাদৃত পক্ষপাতদুষ্ট ধ্যান-ধাৰণাই যি নিঃচৰ্ত বশ্যতাৰ জন্ম দিয়ে তাৰ এটা ক্ষতিকৰ পাৰ্শ্ব-পৰিণাম হ’ল– ই চিন্তা-চৰ্চাৰ সমৃদ্ধি আৰু অগ্রগতিত বাধা দিয়ে। কিয়নো জনপ্ৰিয় ধাৰণাৰ নিৰংকুশ আধিপত্যৰ কবলত পৰিলে বিচাৰ-ব্যাখ্যাই বস্তুনিষ্ঠতা (objectivity) হেৰুৱায়, তাৰ কাম্য নির্মোহ চৰিত্ৰ হয় ভ্রষ্ট। যিসকল লেখক-গৱেষকে ইতিহাস প্রণয়নৰ উদ্দেশ্যে তথ্য সংগ্ৰহ কৰি ব্যাখ্যা দাঙি ধৰে বা একোজন যুগপুৰুষৰ মূল্যায়নত ব্ৰতী হয় তেওঁলোকৰ চিন্তা-চৰ্চাত যে এনেকুৱা বৌদ্ধিক বিচ্যুতিয়ে নেতিবাচক প্রভাৱ পেলায়, সেই কথা নিশ্চয় বহলাই কোৱাৰ সকাম নাই। এই ধৰণৰ প্ৰভাৱৰ দেধাৰ দৃষ্টান্ত আমাৰ কিতাপে-পত্ৰই বিৰাজমান। এই পটভূমিত বিচাৰ কৰিলে আমি দেখিম যে কীর্তিমান কৃতবিদ্য শিৱনাথ বৰ্মনৰ চিন্তা-চৰ্চাৰ মূল বৈশিষ্ট্য আছিল ব্যতিক্ৰমী, অগতানুগতিক। কিছুমান গুৰুত্বপূৰ্ণ প্ৰসংগত তেওঁ প্ৰামাণিক তথ্যৰ ভিত্তিত এনে কেতবোৰ সিদ্ধান্তত সাহসেৰে উপনীত হৈছে যাৰ সৈতে পক্ষপাতদুষ্ট জনপ্ৰিয় ধাৰণাবোৰৰ প্ৰাঞ্জল বৈসাদৃশ্য প্রকট। বৰ্মনৰ মনন-চৰ্চাৰ এই বিমতবাহী ধাৰাটোৰ ওপৰত কিঞ্চিৎ আলোকপাত কৰিবলৈ সাধ্যমানে যত্ন কৰিম বৰ্তমান লেখাটোত ।

ব্যতিক্ৰমী চৰ্চাৰ দৃষ্টান্ত

শিৱনাথ বৰ্মন আছিল সত্য-অন্বেষী, স্পষ্টভাষী আৰু স্বাধীনচিতীয়া মেধাজীৱী‌। নির্মোহ চিন্তা-চৰ্চা, যুক্তিৰ অনুশীলন, অধ্যয়ন-গৱেষণা আদিৰ সহায়ত তেওঁ নিজে যি কথা সত্য বুলি পতিয়ন গৈছিল তাক প্ৰকাশ কৰাটো মেধাজীৱীৰ দায়িত্ব জ্ঞান কৰিছিল। ইয়াক আমি বোধহয় বৌদ্ধিক বিবেক বুলিব পাৰোঁ। এই বিবেকৰ তাড়নাত– আৰু বহুক্ষেত্ৰত সমাজৰ মংগলাকাংক্ষাৰ প্ৰেৰণাত – তেওঁ সোঁতৰ বিপৰীতে নিঃসংকোচে আৰু নিৰ্ভীকভাৱে থিয় দিব পাৰিছিল। আলোচনাৰ বৰ্তমান খণ্ডত আমি বিসম্বাদব্যঞ্জক দুটা দৃষ্টান্তৰ ওপৰত ভেজা দি সত্য-সন্ধানী বৰ্মনৰ ভাৱনাৰ ভুৱনত ভুমুকি মাৰিবলৈ যত্ন কৰিম। (বিশেষভাৱে লক্ষণীয় বিষয় হ’ল, নিম্নোক্ত দুয়োটা দৃষ্টান্তত জাতীয়তাবাদী বাগধাৰাৰ লগত বৰ্মনৰ মত-পার্থক্য কম-বেছি পৰিমানে স্পষ্ট।)

দৃষ্টান্ত : ১

ইতিহাস – চর্চা কেতিয়াবা সম্প্ৰীতি আৰু বিদ্বেষৰ কঠিয়াতলী হৈ পৰে। সাম্প্ৰতিক কালত ইয়াৰ জাজ্বল্যমান নিদর্শন খুবেই সুলভ : যিসকল সম্প্ৰীতিৰ বৈতালিক তেওঁলোক সততে আকবৰ-অধ্যয়নত ব্ৰতী আৰু যি চাম লোক বিদ্বেষৰ বাহক তেওঁলোক ঔৰংজেৱ-চৰ্চাৰ প্ৰতি অত্যধিক আগ্রহী। অসমৰ নিকট অতীত ব্যাখ্যা-বিশ্লেষণতো আমি এই প্ৰৱণতাৰ প্ৰকাশ দেখা পাওঁ। আমি সকলোৱে জানো, ঊনৈশ শতিকাৰ ত্ৰিশৰ দশকত অসমৰ স্কুল-আদালতৰ পৰা নিৰ্বাসিত হৈছিল অসমীয়া ভাষা। এই ভাষিক বিঘ্ন- বিপৰ্য্যয়ৰ কাৰণে সচৰাচৰ জগৰীয়া কৰা হয় বাঙালী আমোলাৰ অভিসন্ধিক। বহু দশক ধৰি ইয়েই আছিল অসমৰ ভাষিক বঞ্চনাৰ বহুচৰ্চিত ব্যাখ্যা।

সত্য-অন্বেষক শিৱনাথ বৰ্মনৰ ৰচনাত আমি এই ব্যাখ্যাৰ বিচাৰাত্মক বিশ্লেষণ পঢ়িবলৈ পাওঁ। তেওঁ দেখুৱইছে যে বহুজন-অনুমোদিত এই চক্রান্ত-তত্বটো আচলতে তথ্য-আশ্ৰিত আৰু যুক্তি-সমর্থিত নহয়। এয়া বিদ্যায়তনিক বিচ্যুতিৰ লক্ষণ। কিন্তু ভাষিক দুৰ্যোগৰ উল্লিখিত ব্যাখ্যাৰ অপ্রীতিকৰ – অনিষ্টকৰ সামাজিক পৰিণামো আছেঃ ই সাম্প্রদায়িক বিৰোধ-বিদ্বেষক উদগনি দিয়ে, তাৰ যৌক্তিকীকৰণত বৰঙনি যোগায়। ‘বাস্তৱ নে বিভ্ৰম’ নামৰ গ্ৰন্থত সন্নিবিষ্ট এটা সুলিখিত তথ্য-সমৃদ্ধ নিবন্ধত বৰ্মনে কৈছে : ‘এনে ধৰণৰ চিন্তা যে কেৱল ভ্ৰান্তিপূর্ণই, তেনে নহয়, জাতীয় সংহতিৰো ই অশেষ ক্ষতিসাধক।’ (পৃঃ ৩০) বৰ্মনে বাৰম্বাৰ কৈছে যে অসমীয়াৰ ওপৰত অন্যায়ভাৱে বঙলা ভাষা জাপি দিয়াৰ কাৰণে ঔপনিবেশিক প্রশাসনহে দায়ী, বাঙালী আমোলাৰ দুৰভিসন্ধি নহয়। আলোচনা প্রসংগত সেই কালৰ শিক্ষিত অসমীয়াৰ বঙলা-প্রীতি তথা আত্ম-অনাস্থাৰ কথা তেওঁ প্রামাণ্য তথ্যৰ ভিত্তিত উল্লেখ কৰিছে। কুটিল কেৰাণী-মহৰীৰ কু-মন্ত্ৰনাৰ ফলতহে অসমীয়া ভাষা স্কুল-আদালতৰ পৰা অপসাৰিত হৈছিল – বৃটিছ প্ৰশাসনক সমালোচনাৰ পৰা ৰেহাই দিয়া এই তত্ত্বৰ লগত যে অসমীয়া মধ্যশ্ৰেণীৰ ৰাজভক্তিৰ সংযোগ আছিল সেই উপেক্ষিত বিষয়টোও বৰ্মনে কোনো দ্বিধা নোহোৱাকৈ ব্যক্ত কৰিছে। (পৃঃ ৪৪) আনহাতে সুচতুৰ ঔপনিৱেশিক শক্তিয়ে ৰাজনৈতিক স্বার্থক ৰক্ষণাবেক্ষন দিয়াৰ নিমিত্তে সততে প্ৰয়োগ কৰা কূটনৈতিক কৌশলৰ প্ৰতি চকু দিবলৈও বৰ্মনে পাহৰা নাই। ইংৰাজ উচ্চ বিষয়াই অসমীয়া ভাষাৰ প্ৰতি দেখুওৱা নিস্পৃহ মনোভাৱৰ আঁৰত ‘ইংৰাজ শাসকৰ ভেদনীতি’ৰ কিছু ভূমিকা আছিল বুলি তেওঁ অনুমান কৰিছে। (পৃঃ ৩৯)

বিসম্বাদীসকলে লাভ কৰা এটা আপুৰুগীয়া অভিজ্ঞতালব্ধ শিক্ষা হ’ল – জনপ্ৰিয় তত্ত্ব, ধাৰণা, বিশ্বাস, বিধান আদিক প্রশ্ন কৰিলে সৰহক্ষেত্ৰত ৰোষানলৰ পৰা ৰক্ষা পোৱা নাযায়। উল্লিখিত চক্রান্ত-তত্ত্বৰ প্রমাণিকতাক প্ৰশ্ন কৰি প্ৰবন্ধবোৰ লিখোঁতে নিশ্চয় সম্ভাব্য বিৰূপ প্ৰতিক্ৰিয়াৰ কথা শিৱনাথ বৰ্মনৰ মনলৈ আহিছিল। (স্মর্তব্য, ‘সাদিনীয়া নাগৰিক’ত বৰ্মনৰ প্ৰবন্ধ ছপা হোৱা সময়ত বিদেশী বিতাড়ন আন্দোলনৰ ভৰপক অৱস্থা।) আত্মজীৱনীত তেওঁ প্ৰত্যাশিত প্ৰতিক্ৰিয়াৰ আভাস দিছে- ‘বহুতেই প্রবন্ধলানি ভালপোৱা নাছিল। মোৰ অসমীয়া প্ৰীতি সম্বন্ধে সন্দেহৰ উদ্ৰেক হৈছিল।’ (প্ৰত্যাৱৰ্তন, পৃঃ ১৬২) লক্ষণীয় বিষয় হ’ল, ‘বাস্তৱ নে বিভ্ৰম’ত সংকলিত প্ৰৱন্ধত তেওঁ কিন্তু এচাম শিক্ষিত বাঙালীৰ ‘সাংস্কৃতিক উচ্চমান্যতা’ আৰু ‘আমোলাতান্ত্ৰিক উচ্চ-মন্যতা’ৰ কথাও কৈছে। (পৃঃ ৪৩) প্ৰকৃততে বাঙালী-প্রীতি বা অসমীয়া- বিদ্বেষৰ লগতে বৰ্মনৰ ইতিহাস-চৰ্চাৰ সম্পৰ্ক নাই। তেওঁ নির্মোহ দৃষ্টিভংগীৰে এটা অতিকথাৰ অসাৰ স্বৰূপ উদ্‌ঘাটন কৰিব বিচাৰিছিল – তথ্যৰ আধাৰত, যুক্তিৰ পোহৰত৷

দৃষ্টান্ত : ২

অলপ সৰলীকৃতভাৱে ক’ব পাৰি, বিস্ময়-উদ্রেককাৰী বহুমুখী প্রতিভাৰ অধিকাৰী শংকৰদেৱৰ প্রধান পৰিচয় দুটা,-   এটা ধৰ্মীয়, আনটো ধৰ্মমুক্ত। অসমীয়া সমাজৰ এটা বৃহৎ অংশৰ বাবে শংকৰদেৱ পূজ্য পুৰুষ, আধ্যাত্মিকতাৰ উদাৰ পথ-প্ৰদৰ্শক। ইয়েই তেওঁৰ ধৰ্মীয় পৰিচয়ৰ মৰ্ম। আনহাতে বহুতৰ দৃষ্টিত তেওঁ জাতিৰ জনক, অসমীয়া সাংস্কৃতিক অস্মিতাৰ প্ৰতিভূ। শংকৰদেৱৰ এই দুয়োটা পৰিচিতিক কেন্দ্ৰ কৰি আমাৰ মানুহৰ আৱেগোচ্ছ্বাস অপৰিমেয় আৰু সেইবাবে শংকৰদেৱৰ বস্তুনিষ্ঠ বিচাৰাত্মক মূল্যায়ণ এটা স্পর্শকাতৰ বিষয়। শিৱনাথ বৰ্মনে তেওঁৰ বহুপঠিত পাণ্ডিত্যপুষ্ট গ্রন্থ ‘শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব’ ত মূল্যায়ণৰ এই স্পৰ্শকাতৰ বিষয়টোত যথাযথ গুৰুত্ব দি পৰ্যালোচনা দাঙি ধৰিছে গৱেষকসুলভ বিচক্ষণতাৰে। তেওঁৰ বিচাৰ অনুযায়ী ‘যিবোৰ বিশিষ্ট গুণে শংকৰদেৱক অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিত পৰিণত কৰি তুলিছে’ তাৰ ভিতৰত মুখ্যতম হ’ল ‘তেওঁৰ ৰেনেচঁচাধর্মী ব্যক্তিত্ব, তেওঁৰ বহুমুখী প্রতিভা।’ (পৃঃ ৭৫- ৭৬) পিছে শংকৰদেৱৰ গুণগ্রাহী হ’লেও বৰ্মনে নির্মোহ-নিৰপেক্ষ দৃষ্টিকোণৰ পৰা কিতাপখনত এনে কেতবোৰ মত-মন্তব্য ব্যক্ত কৰিছে যিবোৰ শংকৰদেৱৰ ধৰ্মীয়/ধর্মযুক্ত অনুৰাগীসকলে অপচন্দ কৰাটোৱেই স্বাভাৱিক। কেৱল অনুৰাগীয়েই নহয়, বিদ্বৎ সমাজৰ এচামেও বৰ্মন-বিৰচিত গ্ৰন্থখনৰ কিছুমান ব্যাখ্যা-বক্তব্যৰ সৈতে সহমত পোষণ কৰাৰ সম্ভাৱনা নাই।

শংকৰদেৱৰ ভাব আৰু মনোভাবৰ প্ৰসংগত বৰ্মনে ব্যক্ত কৰা বিসম্বাদী ব্যাখ্যাৰ একাধিক দৃষ্টান্ত আমি তেওঁৰ ‘শ্ৰীমন্ত শংকৰদেৱ : কৃতি আৰু কৃতিত্ব’ শীৰ্ষক কিতাপখনত পাওঁ। তাৰ মাজৰ পৰা এটা দৃষ্টান্ত বুটলি আনি আমি ইয়াত পৰিৱেশন কৰিব বিচাৰিছোঁ। হিন্দু সমাজ ব্যৱস্থাৰ দৃঢ়প্রোথিত জাতিভেদ প্ৰথাৰ প্ৰতি শংকৰদেৱৰ মনোভাৱৰ আভাস দি বৰ্মনে কৈছে : ‘শংকৰদেৱো জাতিভেদৰ বিৰোধী নাছিল, বৰং জাদিভেদ উলংঘা কৰাসকলক তেওঁ সমালোচনা কৰিছিল কঠোৰভাৱে।’ (পৃঃ ৯১) এই উক্তিৰ যি নৈর্ব্যক্তিক সুৰ তাৰ সৈতে স্তুতিধর্মী মূল্যায়নৰ উচ্ছ্বাসপূর্ণ সুৰ খাপ নাখায়। অৱশ্যে শংকৰদেৱৰ বিশ্বাস আৰু বিধান যে তুলনামূলকভাৱে প্ৰগতিৰ পক্ষে সেই কথা বস্তুনিষ্ঠ গৱেষক বৰ্মনে অস্বীকাৰ কৰা নাই : ‘জাতিভেদৰ ক্ষেত্ৰত শংকৰদেৱৰ প্ৰগতিশীলতা এইখিনিতেই যে নাম ধৰ্মৰ ভাণ্ডাৰ তেওঁ খুলি দিছিল সমাজৰ সকলো জাতিৰ মানুহৰ বাবেই…..’ (পৃঃ ৯৪) প্ৰসংগক্রমে এটা কথাই উনুকিয়াই থোৱা সমীচীন হ’ব। শিৱনাথ বৰ্মনে এই মত পোষণ কৰিছে যে শংকৰী ধৰ্মৰ অনুগামীসকলে ‘বাস্তৱ জগতখনৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত’ অসমৰ বিজ্ঞান-চৰ্চাৰ বাবে অনুকূল পৰিৱেশ ৰচিত নহ’ল।’ (পৃঃ ১৩৮) এনেকুৱা অগতানুগতিক মত-মন্তব্যৰ পৰা অনুমান কৰিব পাৰি যে যুক্তি-অনুশীলনৰ স্বকীয় বাটেৰে গৈ উপনীত হোৱা অপ্রিয় মীমাংসা ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈ তেওঁ দ্বিধা, সংকোচ বা শংকা বোধ কৰা নাছিল।

সোঁতৰ বিপৰীতে যোৱাৰ বাবে শিৱনাথ বৰ্মনৰ শংকৰদেৱ-চৰ্চাই প্রতিকূল প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ খবৰ আমি তেওঁৰ আত্মচৰিতত পাওঁ। শংকৰদেৱ বিষয়ক প্ৰবন্ধৰাজি পুস্তক আকাৰে প্ৰকাশ পোৱাৰ পূৰ্বে ‘প্রকাশ’ত ওলাইছিল। আমোদজনক কথা হ’ল, ‘প্ৰকাশৰ তেতিয়াৰ সম্পাদক স্বয়ং চন্দ্ৰপ্ৰসাদ শ‍ইকীয়াই সম্পাদকীয়ত লিখিছিল যে এনে ধৰণৰ আলোচনা ‘বিপজ্জনক’। আত্মচৰিত্ৰত বৰ্মনে শংকৰদেৱ বিষয়ক গ্ৰন্থখনৰ বিষয়ে লিখা প্ৰাসংগিক কথাখিনি আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ – ‘কিতাপখন পৰম্পৰাবাদীসকলে সিমান ভাল পোৱা নাছিল’, কিন্তু জনপ্রিয় মতামতৰ বিপৰীতে গ’লেও সুলিখিত গ্ৰন্থখন সমাদৃত হোৱাৰ সংবাদত আমি আত্মচৰিতত পাওঁ – ….. এটা জৰীপৰ যোগেদি কিতাপখন কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া গ্ৰন্থবোৰৰ এখন বুলি ‘প্রকাশ’ৰ পাততে মন্তব্য কৰা হৈছিল। (প্ৰত্যাৱৰ্তন, পৃঃ ১৬২) এই তথ্যটোৰ পৰা এটা কথা স্পষ্ট হয় : আমাৰ সমাজত পৰম্পৰাৰৰ পৰিৱেষ্টন কট্‌মটীয়া হ’লেও দৃষ্টিকোণৰ অভিনৱত্ব, তথ্যৰ প্ৰামাণিকতা আৰু ব্যাখ্যা-বক্তব্যৰ বস্তুনিষ্ঠতাৰ প্ৰতি আগ্ৰহ-আকৰ্ষণ থকা এচাম উৎসুক পঢ়ুৱৈ নথকা নহয়।

সামৰণিৰ দুআষাৰ

আলোচনাৰ আদ্য খণ্ডত আমি কৈছোঁ যে পক্ষপাতদুষ্ট জনপ্ৰিয় ধাৰণাৰ বিপৰীতে গৈ যশস্কামনা-ৰহিত বিদ্বান শিৱনাথ বৰ্মনে স্বীয় ভংগীৰে স্বমত প্ৰকাশ কৰিছিল সাহসেৰে, সংকোচহীনভাৱে। এই অগতানুগতিক মতসমূহৰ আঁৰত আমি লক্ষ্য কৰোঁ যুক্তিৰ নিৰ্মোহ প্ৰয়োগ, প্ৰণালীবদ্ধ তথ্যানুসন্ধান আৰু নিৰাৱেগ বস্তুনিষ্ঠ বিশ্লেষণ। প্রশ্ন হয়, এইদৰে বিষয়বোৰ বিচাৰ কৰি চোৱাৰ প্ৰেৰণা আৰু প্ৰশিক্ষণ বর্মনে ক’ৰ পৰা পাইছিল? প্রথমেই বিজ্ঞানমনস্কতাৰ কথা ক’ব লাগিব। বিজ্ঞানমনস্কতাই সাক্ষ্য-প্রমাণৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়ে, বিভিন্ন বিষয় যুক্তিৰে ফঁহিয়াই চাবলৈ প্ৰণোদিত কৰে। তদুপৰি জনপ্ৰিয়/আধিপত্যশীল মত-মতাদর্শ, শাস্ত্রীয় বচন, ব্যক্তিৰ সমূহৰ অভিমত আদিৰ কৰ্তৃত্বক বিজ্ঞানমনস্কতাই প্রশ্ন আৰু পৰীক্ষা কৰে, চালি-জাৰি চাই তাৰ যৌক্তিকতা। শিৱনাথ বৰ্মনৰ বিসম্বাদী মত-মন্তব্যত এই লক্ষণবোৰ লক্ষ্য কৰা যায়। আনহাতে মার্ক্সীয় দৰ্শনৰ প্রভাৱে তেওঁৰ মনোজগতলৈ গুণগত পৰিৱৰ্তন আনিছিল। ইয়াৰ দ্ব্যর্থহীন ইংগিত তেওঁ দি গৈছে: ‘মার্ক্সৰ দৰ্শনে মোক দিলে মনৰ এক বহল দিগন্ত। জীৱন আৰু জগতক ম‍ই চাবলৈ শিকিলো এক বিশেষ দৃষ্টিকোণৰ পৰা।’ (প্ৰত্যাৱৰ্তন, পৃঃ ১৬৮) অৱশ্যে তেওঁ নিজকে মার্ক্সবাদী বোলা নাই, কিন্তু এটা কথা খোলাখুলিকৈ কৈছে – ‘মই মার্ক্সৰ দ্বাৰা প্ৰভাৱিত।’ (পৃঃ ১৭৭) সি যি কি নহওক, মার্ক্সীয় দৰ্শন আৰু সমাজ-বিজ্ঞান যে বৰ্মনৰ ব্যতিক্ৰমী বৌদ্ধিক চৰ্চাৰ এটা গুৰুত্বপূৰ্ণ উৎস সেই কথাত কোনো সংশয় নাই।

অতিৰিক্ত দুআষাৰ

আমাৰ মননৰ জগতখন বৈচিত্র্যময়, বহুত্বৰ বিম্ব। মূলসুঁতিৰ বিপৰীতে বা তাৰ সমান্তৰালভাৱে একাধিক ভাব-সুঁতি তাত বিৰাজমান। শিৱনাথ বৰ্মনৰ প্ৰেৰণাৰ অন্যতম উৎস ৰূপে আমি যি বিজ্ঞানমনস্কতাক /যুক্তিবোধক চিহ্নিত কৰিছোঁ সেই ভাব-প্রবাহ দৰাচলতে মূলসুঁতিৰ বিপ্রতীপ ধাৰা। চিত্তাকৰ্ষক আৰু তাৎপৰ্যপূৰ্ণ কথা হ’ল, ই বিপ্রতীপ ধাৰাৰ – • অৰ্থাৎ বিজ্ঞানমনস্কতাৰ/ যুক্তিবোধৰ – অচিন্তিত অসংযত অভিব্যক্তি বৰ্মনৰ উদ্বেগৰ কাৰণ আছিল যেন লাগে। তেওঁ কৈছে, ‘প্রগতিবাদীৰ বাবে বিজ্ঞানমনস্কতা অতীব প্রয়োজনীয়, কিন্তু ই অজলা বিজ্ঞানবাদ ( Naive Scientism) হ’ব নালাগে। কিয়নো তেনে মনোবৃত্তিয়ে কলা-সাহিত্যৰ আনন্দ উপভোগ কৰাৰ পৰা আমাক বঞ্চিত কৰিব। (প্ৰত্যাৱৰ্তন, পৃঃ ২২৫) যুক্তিবাদৰ যান্ত্ৰিক আৰু/বা অসহিষ্ণু প্ৰয়োগ সম্পৰ্কেও তেওঁৰ মনত কিছুমান বিৰক্তিসূচক প্রশ্ন আছিল বুলি সংগতভাৱেই অনুমান কৰিব পাৰি। ‘যুক্তিৰ বিষয়ে যৎকিঞ্চিৎ’ শীর্ষক নিবন্ধত বৰ্মনে এটা উদাহৰণৰ সহায়ত তেওঁৰ অন্তঃকৰণৰ অসন্তোষ প্রকাশ কৰিছে এইদৰে এজন নিচলা লোকে বৃক্কৰ ব্যয়সাধ্য চিকিৎসা কৰাব নোৱাৰি যদি ‘কোনোবা পীৰ বা বাবাৰ পানী খাব খোজে, আমি তেওঁৰ এনে কৰ্মত সমর্থন জনাম, নে ইয়াক এটা অন্ধবিশ্বাস বুলি হাঁহিম?’ (ৰূপান্তৰৰ ৰেহৰূপ, পৃঃ ১৭৭) কথা হ’ল, পৰিপক্ক আৰু বিচক্ষণ যুক্তিবাদীয়ে অসহায় দৰিদ্ৰ লোকজনৰ বিশ্বাস আৰু আচৰণক সমর্থনো নকৰে, ইতিকিঙো নকৰে। সুযোগ পালে অৱশ্যে তেওঁ সহানুভূতিৰে ক্লিষ্ট লোকজনক অলৌকিক চিকিৎসাৰ অসাৰতাৰ আভাস দিব, সম্ভৱ হ’লে ৰোগীজনক বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ যত্ন কৰিব। বহুজ্ঞ বৰ্মনে খুব সম্ভৱ যান্ত্রিক যুক্তিবাদীসকলক সতর্ক কৰাৰ মানসেৰে কথাখিনি লিখিছিল। (হয়তো উগ্র যুক্তিবাদীৰ ব্যংগাত্মক বচন তেওঁ ক’ৰবাত কেতিয়াবা পঢ়িছিল বা শুনিছিল।) এওঁলোকৰ প্ৰতি বৰ্মনৰ বিৰূপ মনোভাৱ থকাটোৱেই স্বাভাৱিক। অন্যহাতে যিসকলে সমাজ ৰূপান্তৰৰ প্ৰশ্নটোলৈ পিঠি দি কেৱল যুক্তিবাদৰ জয়গান গায়, তেওঁলোকৰ বাস্তৱ-বিচ্ছিন্ন স্থিতি বৰ্মনৰ দৃষ্টিত ‘মধ্যবিত্তীয় যুক্তিবাদ।’ (পৃঃ ১৭৭) এই  আখ্যা সংগত‌।

অপৰিণামদর্শী আৰু অপৰিপক্ক যুক্তিবাদী দুর্লভ নহয়। এওঁলোকক সতৰ্ক কৰিবলৈ যাওঁতে অসতর্ক মূহুৰ্তত বৰ্মনে নিজে কেতিয়াবা উজুটি খোৱা যেন লাগে। আত্মচৰিত্ৰত তেওঁ খোলোচাকৈ কৈছে- ‘কোনো ধৰ্মীয় আচাৰ-অনুষ্ঠানতো মোৰ আস্থা নাই…।’ (পৃঃ ১৭৫) এয়া যুক্তিবাদী বৰ্মনৰ কণ্ঠস্বৰ। অন্যত্র তেওঁ ভিন্ন মত পোষণ কৰিছে। তেওঁ লিখিছে, মৃত্যুৰ পিছত ‘যিবোৰ আচাৰ পালন কৰা হয়’ সেইবোৰ শ্ৰদ্ধাৰ অভিব্যক্তি, ‘সেয়ে যুক্তিৰ ভিত্তিৰে অমেয় হ’লেও [সেইবোৰ] আচৰণীয়।’ (ৰূপান্তৰৰ ৰেহৰূপ, পৃঃ ১৭৭- ৭৮) মৰোণত্তৰ আচাৰ-অনুষ্ঠানত নিভাঁজ-নিশ্ছিদ্ৰ শ্ৰদ্ধাৰ উপাদান নিশ্চয় থাকিব পাৰে, কিন্তু বৰ্মনৰ দৰে প্ৰভাৱশালী যুক্তিমনস্ক লেখকৰ এনে উক্তিয়ে উগ্ৰতা ৰহিত পৰিপক্ক যুক্তিবাদীকো বিতুষ্ট কৰাৰ সম্ভাৱনা প্ৰচুৰ। এই ধৰণৰ সম্ভাব্য প্ৰতিক্ৰিয়াৰ কথা ভাবিয়েই তেওঁ কৈছে – ‘মোৰ এই মত প্রগতিবাদীয়ে ভাল নাপাব পাৰে।’(প্ৰত্যাৱৰ্তন, পৃঃ ২২৭) বৰ্মনৰ উদ্দেশ্য যিয়েই নহওক, তেওঁৰ এনে বক্তব্যই যে পৰোক্ষভাৱে মৰণোত্তৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানক সমৰ্থন তথা উদ্‌গনি দিব তাতে কোনো সন্দেহ নাই। আমাৰ এই বক্তব্য পঢ়ি কোনেও যেন এই কথা নাভাবে যে বৰ্মনৰ অৱস্থান যুক্তিবাদী শিবিৰৰ বাহিৰত। তেওঁক বোধহয় আমি critical insider বুলিব পাৰোঁ। লক্ষণীয়, আভ্যন্তৰীণ সমালোচক হিচাপে তেওঁৰ যি ভূমিকা তাৰ আঁৰতো দেখা পাওঁ বিৰুদ্ধমত ব্যক্ত কৰা সাগ্ৰহ সাহস।

Leave a Reply

Your email address will not be published. Required fields are marked *