কেন্দ্ৰীয় নিবন্ধ

শিৱনাথ বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি (দিগন্ত ওজা)

(ৰাজহুৱা অনুষ্ঠানত মোৰ অংশগ্ৰহণ প্ৰায় সীমিত৷ কিন্তু শিৱনাথ বৰ্মনদেৱৰ বিষয়ে ভাষণ দিবলৈ জনোৱা আমন্ত্ৰণ নেওচিব নোৱাৰি৷ ২৭ ডিচেম্বৰৰ বিয়লি গুৱাহাটী আৰ্টিষ্ট গীল্ডত আয়োজিত ৰাজহুৱা স্মৃতিচাৰণ সভাত মই দিয়া ভাষণৰ এয়া লিখিত ৰূপ৷)

শিৱনাথ বৰ্মনদেৱ আছিল সকলোপিনে মোৰ পোনপটীয়া শিক্ষক৷ শিক্ষানুষ্ঠানৰ চাৰিবেৰৰ মাজতেই নহয়, তেখেত মোৰ বাবে জীৱনৰ পঢ়াশালিৰো শিক্ষক ৷ হাইস্কুলত ষষ্ঠ শ্ৰেণী মানতে পঢ়িছিলো তেখেতৰ ‘ন মনুষ্যাৎ’৷ সপ্তম মানলৈ উন্নীত হওঁতে স্থান লাভৰ সূত্ৰে বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পাইছিলোঁ ‘লোককৃষ্টিৰ উৎস’৷ এই দুয়োখন কিতাপৰ অনেক কথা তেতিয়া হয়তো বুজি পোৱা নাছিলোঁ৷ কিন্তু এক উপাদেয় শৈলীৰে লিখা এই কিতাপ দুখনে মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল৷ সেই ৰেখাপাত এনে আছিল যে এক নীতিনিষ্ঠ পৰিয়ালৰ মাজত ডাঙৰ হোৱাৰ সত্বেও মোৰ মনত ধৰ্মৰ বিপৰীতে পোখা মেলিছিল যুক্তিবাদৰ৷ মই ভাৱো, এয়া কেৱল এজন কিশেৰ পঢ়ুৱৈৰ ক্ষেত্ৰতে হোৱা নাছিল৷ তেখেতৰ এই কিতাপৰ অনেক কিশোৰ, যুৱ তথা আন বয়স্ক পঢুৱৈৰ মাজতো যুক্তিবাদে পোখা মেলিছিল৷ কাৰণ বৰ্মনদেৱে নিজৰ বক্তব্য প্ৰতিপাদন কৰিবলৈ গৈ একাষাৰে কোনো কথা উলাই কৰি দিয়া নাছিল৷ তেখেতে কোনো এটা বিষয়ৰ সপক্ষে থকা পৰম্পৰাগত ধাৰণাসমূহ স্বীকাৰ কৰি লৈহে তাৰ বিপৰীতে যুক্তিৰ পৰ্বত থিয় কৰাইছিল৷ ‘ন মনুষ্যাৎ’ত সন্নিবিষ্ট কস্মৈ দেৱায় নামৰ ৰচনাখনৰ কথাই ধৰক৷ ধৰ্মই সজ কামৰ বাবে মানুহক নৈতিক প্ৰেৰণা দি অহাৰ কথা তেখেতে ৰচনাখনত স্বীকাৰ কৰিছিল৷ কিন্তু তাৰ পাছতেই সবল মন্তব্য কৰিছিল যে ধৰ্মৰ ভয় দেখুৱাই মানুহক নৈতিক কৰাৰ প্ৰচেষ্টা আজিৰ পৃথিৱীখনত পুতৌজনক, কাৰণ নৈতিকতাৰ কোনো A Priori বা স্বৰ্গীয় উৎস নাই বুলি অন্ততঃ আজিৰ যিকোনো শিক্ষিত মানুহে জানে৷ এনেদৰে বক্তব্য প্ৰতিপাদন কৰাৰ এই বিষয়টোৱেই– মই ভাৱোঁ– শিৱনাথ বৰ্মনদেৱৰ প্ৰতি আমাক  উৎসাহিত কৰি তোলাৰ মূল কাৰণ ৷ তেনেতে সপ্তম শ্ৰেণীমানত পঢ়িবলৈ লৈছিলোঁ তেখেতৰ ‘আইনষ্টাইন আৰু পদাৰ্থ জগত‘৷ ছবি আৰু কমসংখ্যক হ’লেও সূত্ৰৰে বন্ধা এই কিতাপখন  সেইসময়ৰ শৈক্ষিক সীমাৱদ্ধতাৰ বাবে হয়তো আমাৰ সম্পূৰ্ণ বোধগম্য হোৱা নাছিল৷ কিন্তু শৈশৱতে আইনষ্টাইনৰ চৰিত্ৰ আৰু আপেক্ষিকতাবাদে আমাক আকৰ্ষণ কৰাৰ সূত্ৰে, আৰু আপেক্ষিকতাবাদ বুজাটো সহজ নহয় বুলি আমি তেতিয়া শুনি থকাৰ মাজত এই কিতাপখনে কিশোৰ মনত বিশ্বাস জগাইছিল যে আপেক্ষিকতাবাদ বুজাটো হয়তো ইমানো জটিল নহয়৷ এই বিশ্বাসটো আমাৰ মনত গঢ়ি তোলাৰ বাবেই তেখেতৰ প্ৰতি যি অনুৰাগৰ জন্ম হৈছিল, সেই অনুৰাগেই পৰৱৰ্তীকালত তেখেতৰ ছাত্ৰ হৈ পঢ়াৰ আগ্ৰহেৰে আমাক আৰ্য বিদ্যাপীঠ কলেজলৈ টানি আনিছিল৷ মই আজিও বিশ্বাস কৰোঁ, আইনষ্টাইন আৰু আপেক্ষিকতাবাদ বুজিবলৈ অসমীয়া ভাষাত আটাইতকৈ সৰল আৰু উপাদেয় গ্ৰন্থখন হৈছে শিৱনাথ বৰ্মনৰ ‘আইনষ্টাইন আৰু পদাৰ্থ জগত’৷ অসমীয়া ভাষাত এই কিতাপখনৰ সমতুল্য আন এখন বিজ্ঞানৰ কিতাপহে আমি পাওঁগৈ বৰ্মন ছাৰৰেই ছাত্ৰ জীৱনৰ ৰূমমেট পৰমানন্দ মহন্তৰ ‘নীলছ বৰ আৰু পৰমাণু জগত’৷

আমাৰ প্ৰজন্মটো এইবাবেই ভাগ্যবান যে আমাৰ জন্ম হৈছিল সেই সময়ত, যেতিয়া সকলো পিনে আধুনিক চেতনাৰে, যুক্তিবাদী মনেৰে অসমত এচাম সঁচা অৰ্থত অসমপ্ৰাণে হাতে কামে লিখামেলা, চিন্তা-চৰ্চা, শিল্পচৰ্চাত ধৰিছিল৷ আমি ডাঙৰ হৈছোঁ অনেক বৌদ্ধিক বিতৰ্কৰ মাজেৰে৷ সেয়া কেতিয়াবা ভৱেন বৰুৱা-হীৰেন গোঁহাইৰ, কেতিয়াবা মহেশ্বৰ নেওগ-গোলোকচন্দ্ৰ গোস্বামীৰ, কেতিয়াবা লক্ষ্মীনাথ তামুলী-সৰ্বেশ্বৰ ৰাজগুৰুৰ, আন কেতিয়াবা যোগেন্দ্ৰ নাৰায়ণ ভূঞা-শিৱনাথ বৰ্মন-প্ৰসেনজিৎ চৌধুৰীৰ ৷ আৰু এই নিৰন্তৰ বিতৰ্কসমূহে আমাৰ মাজত গঢ় দিছিল যুক্তিবাদী মন, আবেগৰহিত বিবেক গঠনৰ টান৷ যুক্তিবাদী মনেৰেহে যে সমাজ গঠন সম্ভৱ, সেই ভাৱনা আমাৰ কৈশোৰ-প্ৰাক যৌৱনত গঢ়ি তোলা সেই পৰিৱেশৰ অভাৱে আজিৰ সমাজ কলুষিত কৰাৰ সময়ত এই কথাবোৰ হয়তো বেছিকৈয়ে উপলব্ধি হৈছে৷ এনে বিতৰ্কত অংশ লৈয়েই তেতিয়াৰ যোগাযোগৰ অপ্ৰতুলতাৰ সময়তো গুৱাহাটীত থকা শিৱনাথ বৰ্মন আৰু ডিব্ৰুগড়ত থকা প্ৰসেনজিৎ চৌধুৰীয়ে উনবিংশ শতিকাৰ অনেক তথ্য ফঁহিয়াই অসমত বাঙালী ভাষা প্ৰৱৰ্তনৰ ক্ষেত্ৰত বাঙালী আমোলাৰ ষড়যন্ত্ৰৰ প্ৰচলিত সূত্ৰটো যিদৰে ওফৰাই তুলিছিল, সেয়া কম কথা নাছিল৷ পৰিণতিত ‘বাস্তৱ নে বিভ্ৰম’ নামৰ কিতাপখন হৈ ৰ’ল অসমীয়া সমাজ নিৰীক্ষণৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷

আমি বৰ্মন ছাৰৰ পোনপটীয়া ছাত্ৰ হৈছিলোঁ ঠিকেই, কিন্তু অৰ্থনৈতিক আৰু আন কিছুমান অনিবাৰ্য কাৰকৰ বাবে আমাৰ ছাত্ৰজীৱন মাজতে কিছু বিঘ্নিত হ’বলগীয়াত পৰিছিল৷ কিন্তু শিক্ষক হিচাপে আমাৰ  চিন্তাৰ জগতত তেখেতৰ ভূমিকা ৰৈয়েই গ’ল৷ যি সময়ছোৱা তেখেতৰ অধীনত আৰ্যত পঢ়াশুনা কৰিছিলোঁ, শিক্ষক হিচাপে তেখেতৰ মাজত দেখিছিলোঁ এজন সঁচা অৰ্থত মৰমীয়াল, সৰল প্ৰাণ৷ ভাবি চাওক, মিঠা মাতৰ শিক্ষক এগৰাকীয়ে আপোনাৰ সন্মুখত বুজাই গৈছে পদাৰ্থ বিজ্ঞানৰ জটিল সূত্ৰ, তাকো অনায়াস সাৱলীলতাৰে৷

কলেজত সেইদৰে পদাৰ্থ বিজ্ঞান পঢ়ুৱাবলৈ কৰা চৰ্চাৰ পাছতো তেখেতে এটা জীৱনেৰে অসমীয়া সাহিত্যৰ বাবে যি দি গ’ল, সেয়া আমাৰ দৰে নিঃকিনৰ বাবে এটা জীৱনত পঢ়ি আয়ত্ব কৰাও সম্ভৱ হয়তো নহয় ৷ আৰু এই জ্ঞান চৰ্চাৰ মূলতে আছিল তেখেতৰ গভীৰ অধ্যয়নপ্ৰীতি৷ নিজৰ অধ্যয়ন প্ৰীতিৰ বিষয়ে তেখেতে কৰা এই মন্তব্য বেছ গুৰুত্বপূৰ্ণ ৷ তেখেতে কৈছিল ঃ “জ্ঞান সংগ্ৰহত জ্ঞানপ্ৰাপ্তিৰ লগতে আন এটা ডাঙৰ সুবিধাও আছে৷ ই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ প্ৰতি মানুহক বিস্মৃত কৰি ৰাখে৷ সকলো মধ্যবিত্ত বা নিম্ন মধ্যবিত্তৰ জীৱনলৈ অহাৰ দৰে সংসাৰৰ যাত্ৰাপথত নানা বিঘিনি মোৰ জীৱনলৈও আহিছে৷ কিন্তু অধ্যয়নপ্ৰীতিয়ে মোক সেইবোৰৰ পৰা বহু সময়ত আতৰাই ৰাখিছে৷ ‘জ্ঞানং লব্ধা পৰাং শান্তিমচিৰেণ অধিগচ্ছতি৷– গীতায়ো জানো এইদৰেই কৈ যোৱা নাই!”

বৰ্মনদেৱৰ এই ভাৱনা অনেকৰ বাবে জীৱন যন্ত্ৰণাৰ উপশমৰ মন্ত্ৰ হ’ব পাৰে৷ আমি ভাবোঁ, গভীৰ অধ্যয়নপ্ৰীতিয়েই আকৌ মহতি জীৱন এটাৰ বাবে তেখেতক এইদৰে উদ্বুদ্ধ কৰিছিল৷ অথচ সততে তেখেত আছিল এটা সৰলচিতীয়া মনৰ অধিকাৰী৷

তেখেত ঢুকুওৱাৰ দিনা মই নিজৰ প্ৰতিষ্ঠানৰ বাতৰিৰ অংশ হিচাপে দাঙি ধৰা দুটা ব্যক্তিগত অভিজ্ঞতাৰ কথা এইখিনিতে দোহাৰিব বিচাৰিছোঁ৷ সকলোৱে জানে, তেখেত আছিল ‘বিজ্ঞান জেউতি’ৰো এসময়ৰ সম্পাদক৷ সেইসময়ত মই আৰ্য কলেজৰে ছাত্ৰ আছিলো৷ সেইসময়ৰ উপসাগৰীয় যুদ্ধৰ সন্দৰ্ভত বিদ্যালয় আলোচনীৰ বাবে মই দিয়া এটা লেখা তেখেতে গুণগত মান ভাল হোৱা বুলি আলোচনী তত্বাবধায়কৰ পৰা নি “বিজ্ঞান জেউতি‘ৰ পাতত স্থান দিয়াৰ কথাটো মোৰ বাবে আছিল বিশেষ প্ৰেৰণাদায়ক৷ কিন্তু যিটো কথা ক’ব বিচাৰিছোঁ, সেইটো ১৯৯৭-৯৮ মানৰ৷ তেতিয়া মই আমাৰ অসম কাকতত কৰ্মৰত৷ দীৰ্ঘদিন ধৰি প্ৰকাশিত অসমীয়া আলোচনী হিচাপে বিজ্ঞান জেউতি সন্দৰ্ভত এখন প্ৰতিবেদন প্ৰস্তুত কৰাৰ মানসেৰে মই ফোনত কথা হৈছিলোঁ কেইবাগৰাকী প্ৰাক্তন সম্পাদকৰ সৈতে৷ সেইসূত্ৰেই এদিন তেখেতৰ সৈতে যোগাযোগ কৰিছিলো৷ তেখেতে মোক পিছদিনা দুপৰীয়া ফোন কৰিবলৈ কোৱাত সেইমতে ফোন কৰা হ‘ল৷ ফোনটো ধৰিয়েই বৰ্মনদেৱে সুধিলে, তোমাক আজি ফোন কৰিবলৈ কৈছিলো নেকি? মই হয় বুলি কোৱাত তেখেতে ক‘লে, তুমি নহলে কাইলৈ কৰিবা, আজি মই জৰুৰী কাম এটাত ব্যস্ত আছোঁ৷ সেই অনুসৰি পাছদিনা পুনৰ যোগাযোগ কৰিলোঁ৷ তেখেতেও বিচৰা অনুসৰি সকলো তথ্য দিলে৷ ধন্যবাদ সহকাৰে ফোনটো থবলৈ লওঁতেই বৰ্মন ছাৰে ক‘লে, দিগন্ত, কালি তোমাক মই জৰুৰী কাম এটাত লাগি থকা বুলি কৈছিলোঁ নহয়! মই ভাবিলোঁ, ছাৰে নিশ্চয় মোক তেখেতৰ কোনো জৰুৰী কামৰ সম্ভেদ দিব৷ মই উৎকৰ্ণ হওঁতেই ছাৰে দুনাই ক‘লে—আচলতে কি জানানে, মই কালি একো জৰুৰী কাম কৰি থকা নাছিলোঁ৷ এখন চিনেমাহে চাই আছিলোঁ৷ পিছে তোমাক সেইদৰে কৈ মোৰ নিজৰে বৰ দোষী দোষী লাগি আছে৷ এতিয়াহে মনটো মুকলি হৈছে বুইছা!

ভাবি চাওক, এগৰাকী শিক্ষক কিমান সৰল হ‘লে দায় সাৰিবলৈ কোৱা মিছা কথা এষাৰৰ বাবে পাছত এনেদৰে ছাত্ৰক স্বীকাৰোক্তি দিব পাৰে!

তেখেতৰ সৰলতাৰ আন এটা ঘটনাও এই প্ৰসংগত উল্লেখ কৰিব খুজিছোঁ ৷ সেইদিনা ছাৰ আছিল অকলে৷ দুপৰীয়াৰ সময়৷ দুজন লোকে তেখেতক লগ কৰিবলৈ গৈছিল৷ ছাৰে দুৱাৰ খুলি দিয়াৰ পাছত দুয়ো সেমেনাসেমেনি কৰি ছাৰক সুধিলে, আপুনি ছাগে বৰ গুৰুত্বপূৰ্ণ কামত ব্যস্ত আছিল৷ ছাৰেও গহীনাই মাত দিলে, এৰা—সাম্প্ৰতিক পৰিস্থিতিৰ কেনেকৈ আধুনিক দৰ্শনেৰে সমাধান সূত্ৰ উলিয়াব পাৰি, তাকে ভাবি আছিলোঁ৷ মানুহ দুজনে সোনকালেই তেওঁলোকৰ কথা পাতি বিদায় ল‘লে৷ দুদিন পাছত ছাৰে মোক এই কথাটো উল্লেখ কৰি খুকখুকাই হাঁহি কৈছিল, আচলতে জানা, সেই সময়ত বাইদেউৰা নাছিল যে, মই কণী এটা আমলেট কৰি খাম নে সিজাই খাম তাকে ভাবি আছিলোঁ৷

এই সৰলমনা মানুহজন কিন্তু প্ৰয়োজনত, যুক্তিৰ খাতিৰত আছিল পৰ্বতৰ দৰে থিয়, ইস্পাটৰ দৰে কঠিন৷ তেখেতৰ বৌদ্ধিক বিতৰ্কসমূহ ইয়াৰ অনন্য উদাহৰণ৷ মই ভাবোঁ, বৰ্মন ছাৰৰ গদ্যৰ মাজতো এই যুক্তিবাদী মনটো বিচাৰ কৰি চোৱাৰ অৱকাশ আছে৷ বেণুধৰ শৰ্মা, সত্যেন বৰকটকী, মহেন্দ্ৰ বৰাৰ গদ্যশৈলীৰ যিদৰে এক স্বতন্ত্ৰতা আছে, তেনে স্বতন্ত্ৰতা  শিৱনাথ বৰ্মনৰ গদ্যতো বিচাৰি চোৱাৰ যুক্তিযুক্ততা হয়তো আছে৷ সংস্কৃত পণ্ডিতৰ সন্তান হৈ সংস্কৃত ভাষা আয়ত্ব কৰাৰ লগতে ভাষাৰ আখৰ জোঁটনিত গভীৰ মনোযোগ দিয়া, পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ অথচ অসমীয়া বৈষ্ণৱ সাহিত্যৰ পৰা উনবিংশ শতিকা হৈ আধুনিক সমাজৰ গতিগোত্ৰ নিৰীক্ষণ কৰা ব্যক্তি এগৰাকীৰ গদ্যৰ গাঁথনিগত দিশটো ফঁহিয়াই চালে আন নহ’লেও গদ্য ভাৱনাত ক্ৰিয়া কৰা কাৰকসমূহে ভৱিষ্যতৰ পঢ়ুৱৈ তথা লেখকেই উপকৃত কৰিব নিশ্চয়৷

শিৱনাথ বৰ্মনৰ ক্ষেত্ৰত বৈষ্ণৱ সাহিত্য-সংস্কৃতি চৰ্চাৰ কথাটো ওলালেই আমাৰ এটা কথা মনলৈ আহে৷ এইটো ঠিক যে ভৱানন্দ দত্তৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী কালত হীৰেন গোঁহাইদেৱৰ দৰে ব্যক্তিয়ে বোওৱা ভাগীৰথীৰে অনিল ৰায়চৌধুৰীৰ পৰা প্ৰফুল্ল মহন্তলৈ অনেকে এক মননশীল দৃষ্টিৰে, যুক্তিবাদী মনেৰে বৈষ্ণৱ যুগৰ বিচাৰ-বিশ্লেষণ কৰিছে৷ এইক্ষেত্ৰত  শিৱনাথ বৰ্মনৰ ভূমিকাও বিশেষভাৱে লোৱা হয় তেখেতৰ আলোকসন্ধানী গ্ৰন্থ ‘শ্ৰীমন্ত শংকৰদেৱ, কৃতি আৰু কৃতিত্ব’, ‘শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ উত্তৰসূৰীসকল’ আদিৰ লগতে অলেখ প্ৰবন্ধৰ বাবে৷ আমি এই বিষয়ে অধিক উল্লেখ কৰিব খোজা নাই৷ মাত্ৰ যিটো কথা তেখেতৰ বৈষ্ণৱ সাহিত্য-সংস্কৃতি চৰ্চাৰ প্ৰসংগত মনলৈ অহাৰ কথা কৈছিলো, সেইটো হ’ল আবিলাকৰ দ্বাৰা প্ৰকাশিত আৰু তেখেতৰ দ্বাৰা সম্পাদিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ দ্বিতীয় খণ্ডটোৰ কথা ৷ হোমেন বৰগোহাঞিৰ সম্পাদনাত খৰতকীয়াকৈ প্ৰকাশিত ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ ষষ্ঠ খণ্ডটোৱে সংগত কাৰণত বিভিন্নজনৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ বিপৰীতে ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ দ্বিতীয় খণ্ডৰ প্ৰকাশ আছিল মনৰ জুৰণি৷ বৈষ্ণৱ কালছোৱাক সামৰি লোৱা এই বুৰঞ্জীখন কোনো অৰ্থতেই প্ৰবন্ধ সংকলন নাছিল৷ বিভিন্নগৰাকী লোকৰ বিভিন্ন লেখাৰ অংশসমূহ প্ৰণালীবদ্ধভাৱে সজাই, তেখেতসকলৰ মাজত থকা মতদ্বৈধতা আৰু পাৰস্পৰিক বিৰোধিতা সন্দৰ্ভত পাদটীকাৰ সংযোজন ঘটাই ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ৰ দ্বিতীয় খণ্ডক এনেদৰে আগ বঢ়োৱা হৈছিল যে এইখন অসমীয়া কিতাপ সম্পাদনাৰ ক্ষেত্ৰতে এক মাইলৰ খুটিস্বৰূপ বুলি আমি বিবেচনা কৰোঁ৷

শিৱনাথ বৰ্মনৰ জীৱন দৰ্শন কি? তেখেতে নিজে এই বিষয়ে মন্তব্য কৰি থৈ গৈছে৷ বুদ্ধৰ মধ্যম পন্থাৰ আদৰ্শত বিশ্বাস ৰাখি তেখেতে লিখিছেঃ “সামাজিক-ৰাজনৈতিক জীৱনতো মই মধ্যম পন্থাৰ অনুগামী৷ সমাজত উচ্চ-নীচ থকা উচিত নহয় বুলি মোৰ দৃঢ় বিশ্বাস৷ সেইবুলি এচাম সাম্যবাদীয়ে ভবাৰ দৰে সমাজৰ উচ্চ-নীচ সকলোকে মৈয়াই একেবাৰে সমান কৰি দিব পাৰি বুলি মই নাভাবোঁ৷ ইয়াৰ অৰ্থ এইটো নহয় যে মই এখন সম্পূৰ্ণ মুক্ত সমাজৰ সমৰ্থক৷ মুক্ত সমাজৰ নীতি হ’ল ‘যোগ্যভোগ্যা বসুন্ধৰা’৷ এনে সমাজে সকলো মানুহকে সমান বিকাশৰ সুযোগ নিদিয়ে৷ আনহাতে সাম্যবাদৰ বদ্ধ সমাজৰ প্ৰতিও মোৰ সমৰ্থন নাই, কিয়নো ই মানুহক ৰুটি হয়তো দিয়ে, কিন্তু মুক্তি নিদিয়ে৷ এই দুয়ো ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজৰ যিটো ব্যৱস্থা– সমাজবাদী গণতন্ত্ৰ– সেইটোৱেই শ্ৰেষ্ঠ ব্যৱস্থা বুলি মই ভাবোঁ৷”

আজি ভাৱ হয়, কোনো নিৰ্দিষ্ট গ্ৰন্থ বা গুৰুৰ প্ৰতি নিচাসক্ত নোহোৱাৰ বাবেই হয়তো তেখেতে মোৰ ১৯৯২-৯৩ মানত আজিৰ বাতৰিত প্ৰকাশিত আৰু পাছলৈ সন্ধিক্ষণত মানুহ গ্ৰন্থত সন্নিৱিষ্ট ‘আদৰ্শবাদৰ বিৰুদ্ধে’ নামৰ লেখাটো প্ৰকাশৰ পাছত কাকতৰ কাৰ্যালয়লৈ ফোন কৰি বিভাগীয় সম্পাদকৰ জৰিয়তে মোক লগ পাবলৈ বিচাৰিছিল৷ তেতিয়া সাময়িকভাৱে শৈক্ষিক জীৱন সামৰি মই জীৱিকা অৰ্জনত জড়িত হৈছিলোঁ৷

আমাৰ শৈশৱ-কৈশোৰত ব্যক্তিগতভাৱে আৰু বিপুল হাৰত প্ৰভাৱিত কৰা দুগৰাকী ব্যক্তিৰ এগৰাকী ড হীৰেন গোঁহাই আৰু আনগৰাকী ড শিৱনাথ বৰ্মন৷ ড হীৰেন গোঁহাইদেৱৰ সুজাব নোৱাৰা ঋণ আমি ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন‘ গ্ৰন্থত স্বীকাৰ কৰিছোঁ৷ ড শিৱনাথ বৰ্মনদেৱৰ সৈতে ব্যক্তিগত ঘনিষ্ঠতাৰ অনেক সময়ত ঋণ স্বীকাৰ কৰিলেও তেখেতৰ জীৱদ্দশাত ৰাজহুৱা স্বীকাৰোক্তি সম্ভৱ হৈ নুঠিল৷ তেখেতৰ এগৰাকী গুণগ্ৰাহী আৰু বৌদ্ধিক ছাঁত জিৰণি লোৱা অনুজ হিচাপে আজি এইখিনি কথা প্ৰকাশ কৰিবলৈ পাই মই পৰম কৃতাৰ্থ মানিছোঁ৷ আপোনালোক সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিলোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *