চিকাৰী (মূল: এণ্টন ছেখভ; অনুবাদ: ড° বসন্ত কুমাৰ বৰা)
এটা ঘৰ্মাক্ত, থমথমীয়া দুপৰীয়া। ক’তো এখুঁতো ডাৱৰ দেখিবলৈ নাই…. ৰ’দত লেৰেলি যোৱা ঘাঁহবিলাকৰ পৰাও যে এক অস্বস্তি আৰু আশাহীনতাৰ আভা বিয়পি পৰিছে! বৰষুণ পৰিলেও সিহঁত আৰু সেউজীয়া হৈ নুঠে.… হাবিখনো নিৰৱ আৰু স্থিৰ; যেন ওখ গছৰ আগবিলাকৰ পৰা হাবিখনে কাৰোবাক লক্ষ্য কৰি আছে, অথবা কাৰোবাৰ বাবে প্ৰতীক্ষা কৰিছে!
মুকলি ঠাইখিনিৰ দাঁতিত ৰৈ আছে এজন ওখ ক্ষীণকায় মানুহ; বয়স আনুমানিক চল্লিছ। তেওঁৰ পিন্ধনত এটা ৰঙা কামিজ; এটা পুৰণি কিন্তু যত্ন কৰি চিলোৱা ঠেঙা, ওখ বুট এযোৰ। তেওঁ ইফাল-সিফাল কৰি আছে লাহে লাহে, এখোজ দুখোজকৈ। তেওঁ ৰাস্তাৰ দাঁতিয়ে দাঁতিয়ে ধীৰে ধীৰে খোজ পেলাইছে। তেওঁৰ সোঁহাতে মুকলি ঘাঁহনিখন আৰু বাঁওহাতে দিগন্তলৈ বিস্তৃত হৈ থকা পকিবলৈ ধৰা সৰিয়হডৰা। গৰমত তেওঁ ৰঙা পৰিছে; ঘামি উঠিছে। তেওঁৰ সুশ্ৰী মাখনৰঙী কপালৰ ওপৰত পিন্ধি আছে এটা ওখ বগা ৰঙৰ টুপী; কোনোবা মুকলি হাতৰ বন্ধুয়ে নিশ্চয় তেওঁক সেইটো উপহাৰ দিছে। কান্ধত কেৰেচীয়াকৈ তেওঁ ওলোমাই লৈছে এটা সৰু মোনা; তাতে আছে এটা চিকাৰ কৰা কপৌ-চৰাই। হাতত তেওঁৰ এটা দুনলীয়া বন্দুক; কপালখন কোঁচাই তেওঁ চাই গৈছে তেওঁৰ ক্ষীণকায় বুঢ়া কুকুৰটোলৈ; সি তেওঁৰ আগে আগে জোপোহাবিলাক শুঙি শুঙি আগবাঢ়ি গৈছে। কেউফালে এক স্থবিৰতা; এটা সৰু শব্দও নাই.… প্ৰতিটো জীৱিত বস্তুয়েই তীব্ৰ গৰমৰ পৰা বাচিবলৈ ক’ৰবাত আশ্ৰয় লৈ আছে।
“য়েগৰ ভ্লাছিট্ছ”! চিকাৰীজনে এটা কোমল মাত শুনা পালে।
তেওঁ যাবলৈ খুজি কেউফালে ঘূৰি চালে আৰু দস্তুৰমত বিৰক্ত হ’ল। তেওঁৰ আগত সেয়া এজনী শেঁতা বৰণীয়া প্ৰায় ত্ৰিশ বছৰীয়া নাৰীমূৰ্তি; যেন মাটি ফুটিহে ওলাল এইমাত্ৰ! তাইৰ হাতত এখন কাঁচি। তাই তেওঁৰ মুখলৈ চাবৰ চেষ্টা কৰি আছে আৰু বেঙা-বেঙিকৈ মিচিকীয়াই আছে।
“অ’, তুমিহে, পেলাগীয়া”! চিকাৰীজনে ক’লে। তেওঁ ৰ’ল আৰু ইচ্ছা কৰিয়েই বন্দুকটোৰ ককটো খুলিলে, “ওঁ। তুমি কেনেকৈ এইখিনি পালাহি”?
“আমাৰ গাঁৱৰ মাইকী মানুহবিলাকে ইয়াত কাম কৰে; মই তেওঁলোকৰ লগতে আহিলোঁ.… শ্ৰমিক হিচাপে। য়েগৰ ভ্লাছিট্ছ”।
“অঁ”, য়েগৰ ভ্লাছিট্ছে গোৰগোৰালে, আৰু লাহে লাহে আগবাঢ়িল।
পেলাগীয়াই তেওঁক অনুসৰণ কৰিলে। বিশখোজমান দুয়ো মনে মনে আগবাঢ়িল।
“তোমাক বহুদিন মই দেখাই নাই, য়েগৰ ভ্লাছিট্ছ.…” চিকাৰীজনৰ উঠা-নমা কৰি থকা কান্ধ দুখনৰ ফালে কোমলকৈ চাই পেলাগীয়াই ক’লে, “তুমি ঈষ্টাৰৰ দিনা এগিলাচ পানী বিচাৰি আমাৰ জুপুৰীলৈ অহাৰ পৰা তোমাক দেখাই নাই.… ঈষ্টাৰৰ দিনা তুমি এক মিনিটৰ কাৰণে আহিলা; আৰু ভগৱান, তুমি মদ খাই ক’ব নোৱৰা হৈ আহিছিলা.… তুমি মোক গালি পাৰিলা, মৰিয়ালা আৰু গুচি গ’লা.… তেতিয়াৰ পৰা মই মাথোন ৰৈয়েই আছোঁ.… তোমালৈ চাই চাই মোৰ চকু বিষাই গৈছে। চোৱা, য়েগৰ ভ্লাছিট্ছ; য়েগৰ ভ্লাছিট্ছ, তুমি এবাৰতো আহাঁ”!
“মই গৈ তাত কি কৰিবগৈ লাগে”?
“একো কৰিবগৈ নালাগে.… সঁচাকৈ নালাগে.… কিন্তু যাবলৈ সেইখনেইতো ঠাই.… কিনো চলি আছে, চাবাগৈ.… তুমিয়েইতো তাৰ গৃহস্থ.…তুমি কপৌ-চৰাই এটা চিকাৰ কৰিলাই, য়েগৰ ভ্লাছিট্ছ। এতিয়া তুমি বহিব আৰু অলপ আৰাম কৰিব নালাগে জানো”?
কৈ কৈ পেলাগীয়াই নিৰ্বোধৰ নিচিনাকৈ হাঁহি উঠিল আৰু য়েগৰ মুখলৈ চালে। তাইৰ মুখখনত আনন্দই তিৰবিৰাই উঠিছে।
“বহিব লাগে ? ঠিক আছে, তুমি কৈছা যেতিয়া.…”, ভাবলেশহীনভাৱে য়েগৰে ক’লে, আৰু দুজোপা ফাৰ গছৰ মাজত বহি পৰিল। “তুমি কেলেই থিয় হৈ থাকিলা; বহা”।
পেলাগীয়াই অকণমান আঁতৰি ৰ’দতে বহিল আৰু নিজৰ আনন্দখিনি দেখুৱাবলৈ লাজ কৰি হাঁহিভৰা মুখখন হাতেৰে ঢাকি ধৰিলে। দুটামান মুহূৰ্ত নিৰৱে পাৰ হ’ল।
“এবাৰ আহিবা”, পেলাগীয়াই ক’লে।
“কি কৰিবলৈ”? য়েগৰে হুমুনিয়াহ কাঢ়িলে; মূৰৰ টুপীটো খুলি তেওঁ কপালখন হাতেৰে মোহাৰিলে। “মই অহাৰ একো অৰ্থ নাই। এক-দুই ঘণ্টাৰ কাৰণে যোৱা মানে সময় নষ্ট মাথোন, আৰু তোমাক কষ্ট দিয়া। সেই গাঁওখনত একেৰাহে থাকি যোৱাটো মোৰ বাবে অসহ্যকৰ কথা.…তুমি জানাই, মই আয়াসত ডাঙৰ হোৱা মানুহ.… মোক শুবলৈ এখন বিচনা, খাবলৈ সুস্বাদু চাহ, আৰু মন খুলি কথা পাতিবলৈ লাগে.… মোক এই সুবিধাবোৰ লাগে; ইফালে তুমি থাকা ধূলি-বালিৰে ভৰা গাঁওখনত, দাৰিদ্ৰৰ মাজত.… সেইটো অৱস্থাত মই এদিনো থাকিব নোৱাৰোঁ। কিবা প্ৰকাৰে মোক তোমাৰ সৈতে থাকিবলৈ বাধ্য কৰিলেও মই হয়তো জুপুৰীটোত জুই লগাই দিম, অথবা নিজকে শাস্তি দিম। সৰু কালৰ পৰাই মই এই সহজ-সুবিধাৰ জীৱনটো ভাল পাওঁ; নহ’লে মই নোৱাৰোঁ।
“তুমি এতিয়া ক’ত থাকা”?
“এই ডিমিট্ৰী ইভানিৎচ নামৰ ভদ্ৰলোকজনৰ লগত; চিকাৰী হিচাপে। মই তেওঁক চিকাৰ কৰি খুৱাও হয়, কিন্তু তাতকৈ তেওঁ মোক ৰাখি ভাল পায় কাৰণেহে ৰাখিছে”।
“তোমাৰ বাবে সেইটো জোখৰ কাম নহ’ল, য়েগৰ ভ্লাছিট্ছ.… আনৰ বাবে সেইটো সময় কটোৱাৰ উপায়; আৰু তোমাৰ বাবে সেইটো যেন এটা ব্যৱসায়.… সঁচাসঁচি চাকৰি এটাৰ দৰে”।
“তুমি সেইবোৰ নুবুজিবা, মূৰ্খ”, য়েগৰে দুখেৰে ওপৰফালে চাই ক’লে, “তুমি কেতিয়াও বুজা নাই; আৰু তোমাৰ গোটেই জীৱনতে তুমি বুজিব নোৱাৰিবা, মই কেনেধৰণৰ মানুহ.… তুমি ভাবা, মই এটা মূৰ্খ, বেয়া মানুহ; কিন্তু যি মোক বুজি পায়, তেওঁৰ বাবে মই এই গোটেই অঞ্চলটোৰ ভিতৰতে ভাল মানুহ। বিজ্ঞসকলে এনেকৈয়ে ভাবে, আৰু তেওঁলোকে আলোচনী এখনত মোৰ কথা ছপাইছেও। ক্ৰীড়াবিদ হিচাপে মোৰ লগত কাৰো তুলনাই নহয়.…মই আৰামত ডাঙৰ হোৱা বা অহংকাৰী কাৰণে তোমালোকৰ গাঁৱলীয়া কামবোৰ ঘিণ কৰোঁ, এনেকুৱাও নহয়। তুমি জানাই, সৰুকালৰ পৰাই মোৰ একমাত্ৰ নিচা আছিল বন্দুক আৰু কুকুৰ। বন্দুক নাপালে মই বৰশী লৈ ওলাইছিলোঁ; বৰশীটোও নাপালে মই খালী হাতেৰেই ওলাইছিলোঁ। আৰু মই ঘোঁৰাৰ ব্যৱসায়ো কৰিছিলোঁ; তুমি জানাই, চহা মানুহ এজন চিকাৰী হ’ব পাৰিলে, বা ঘোঁৰাৰ ব্যৱসায়ত ধৰিলে আৰু খেতি-বাতিলৈ নুঘূৰে। এবাৰ স্বাধীনতাৰ সোৱাদ পোৱা মানুহৰ মূৰৰ পৰা তুমি স্বাধীনতাৰ কথা উলিয়াব নোৱাৰা। একেদৰেই, মানুহ এজন যদিহে অভিনেতা বা অন্য শিল্পী এজন হৈ পৰে, তেওঁ আৰু জমিদাৰী কৰিব নোৱাৰে। তুমি মাইকী মানুহ; কথাবোৰ বুজি নাপাবা। কিন্তু কথাবিলাক বুজি পোৱাটো জৰুৰী”।
“মই বুজিছোঁ, য়েগৰ ভ্লাছিলিট্ছ”।
“যদিহে কান্দিব খুজিছা, তেন্তে তুমি নিশ্চয় বুজি পোৱা নাই.…”
“মই.…মই কন্দা নাই”, আনফালে মুখ ঘূৰাই পেলাগীয়াই ক’লে, “এয়া পাপ, য়েগৰ ভ্লাছিট্ছ। তুমি যিয়েই নহওক, মই অভাগিনীৰ ঘৰততো এদিন অন্ততঃ থাকিব পাৰা। তোমাৰ সৈতে বিয়া হোৱা মোৰ বাৰ বছৰ হ’লহি.…কিন্তু আমাৰ মাজত কেতিয়াও ভালপোৱাৰ সৃষ্টি নহ’ল। মই.…মই নাই কন্দা”।
“ভালপোৱা.…”, য়েগৰে হাতখন খজুৱাই ভোৰভোৰালে, “ভালপোৱা কেনেকৈ হ’ব। আমি নামতহে স্বামী-স্ত্ৰী; আচলতে আমি নহয়। তোমাৰ দৃষ্টিত মই এটা বনৰীয়া মানুহ; আৰু মোৰ কাৰণে তুমি হ’লা এগৰাকী সাধাৰণ নিৰ্বোধ চহা তিৰোতা। আমাৰ মিল ক’ত? মই এজন স্বাধীনচিতিয়া, আৰামত থকা, চৌখীন মানুহ; ইফালে তুমি হ’লা এজনী কাম কৰি খোৱা তিৰোতা। ফটা চেণ্ডেল পিন্ধি কামৰ পৰা মূৰ উঠাবলৈ নোপোৱা। মোৰ বাবে মই হ’লোঁ যিকোনো খেল-ধেমালিত যোগ দিয়া প্ৰথম মানুহজন; আৰু তুমি মোক পুতৌৰ দৃষ্টিৰে চোৱা.… মিল ক’ত, কোৱা”।
“কিন্তু আমি যে বিবাহিত দম্পতী, য়েগৰ ভ্লাছিট্ছ”, পেলাগীয়াই উচুপি উঠিল।
“নিজৰ ইচ্ছাৰেতো বিবাহিত নহয়.… তুমি পাহৰি গ’লানেকি? তুমি কাউণ্ট ছেৰ্গেই পেইল’ভিটছ আৰু নিজকে ধন্যবাদ জনাব লাগে। মই তেওঁতকৈ ভালকৈ গুলী মাৰিব পৰা দেখি ঈৰ্ষাত তেওঁ মোক গোটেই মাহটো ধৰি মদ খুৱালে; আৰু নিচা লগা মানুহক বিয়াতো বাদেই দিয়া, ধৰ্মও সহজেই সলাই পেলাব পাৰি। মোক নিচা লগাই লৈ তেওঁ তোমাক মোলৈ বিয়া দিলে.…এজন চিকাৰীৰ লগত এজনী গৰখীয়া ছোৱালী! তুমি দেখিছিলাই, মোৰ নিচা লাগি আছিল। তেন্তে মোলৈ কিয় বিয়া হ’লা? তুমিতো আৰু কিনা গোলাম নহয়, বাধা দিব পাৰিলাহেঁতেন দেখোন। অৱশ্যে গৰখীয়া ছোৱালী এজনী চিকাৰী এজনলৈ বিয়া হোৱাটো ভাগ্যৰ কথাই; কিন্তু হ’লেও তুমি ভাবি চাব লাগিছিল। এতিয়া ভোগা, কান্দা। কাউণ্টৰ বাবে এয়া একো কথাই নহয়, কিন্তু তোমাৰ কাৰণে কান্দিবলগীয়া কথা.… বেৰত মূৰ খুন্দিয়াই খুন্দিয়াই মৰা এতিয়া”।
কিছু সময় নিৰৱতা। মুকলি ঠাইখিনিৰ ওপৰেদি তিনিটা বনৰীয়া হাঁহ উৰি গ’ল। সিহঁত উৰি গৈ একো একোটা অস্পষ্ট বিন্দু হৈ হাবিখনৰ সিপাৰে অদৃশ্য হৈ নপৰালৈকে য়েগৰে সিহঁতক চাই থাকিল।
“তুমি কি কৰি আছা?” হাঁহকেইটাৰ পৰা চকু ঘূৰাই তেওঁ পেলাগীয়াকৈ সুধিলে।
“আজিকালি মই কামলৈ যাওঁ। জাৰকালি মই ফাউণ্ডলিং চিকিৎসালয়ৰ পৰা শিশু একোটা আনি বটলেৰে গাখীৰ খুৱাই-বুৱাই ডাঙৰ কৰোঁ। মাহে মই ডেৰ ৰুবলকৈ পাওঁ”।
“অস.…”।
আকৌ কিছু নিৰৱতা। শস্য চপোৱা ঠাইখিনিৰ পৰা কোমল গান এটা শুনা গৈছিল; কিন্তু আৰম্ভণিৰ পিছতেই সেয়াও বন্ধ হৈ গৈছিল। এই গৰমত গান কোনে গাব!
“শুনিছোঁ—তুমি আকুলিনাৰ কাৰণে নতুন জুপুৰী এটা সাজিছাঁ”? পেলাগীয়াই ক’লে।
য়েগৰ নিমাতে থাকিল।
“তাৰমানে তুমি তাইকেই ভাল পোৱা.…”!
“সেয়া তোমাৰ ভাগ্য; তোমাৰ কপাল”! চিকাৰীজনে চিধা হৈ ক’লে, “তুমি বেচেৰীয়ে কথাবোৰ মানি ল’বই লাগিব। যি কি নহওক, বিদায়হে। ঢেৰ সময় কথা পাতিলোঁ.…। আবেলি মই বাল্ট’ভ’ পাবগৈ লাগে”। য়েগৰ থিয় হ’ল; এঙামুৰি দিলে আৰু বন্দুকটো কান্ধত ওলোমাই ল’লে। পেলাগীয়াও উঠিল।
“গাঁৱলৈ কেতিয়া আহিবা তেন্তে”? তাই কোমলকৈ সুধিলে।
“মোৰ অহাৰ দৰ্কাৰ নাই। আহিলেও মই সুস্থ অৱস্থাত নাহোঁ, আৰু মোৰ নিচা লাগি থকা অৱস্থাত মোৰ পৰা তুমি একো নাপাবা। মদ খাই থকা অৱস্থাতো মই আক্ৰোশী মানুহ। বিদায়”।
“বিদায়, য়েগৰ ভ্লাছিট্ছ।”
মূৰৰ পিছফালে টুপীটো ওলোমাই, নিজৰ কুকুৰটোক টিলিকি বজাই বজাই নিজৰ ৰাস্তাত আগবাঢ়িল। স্থিৰ হৈ পেলাগীয়াই তেওঁলৈ চাই থাকিল.…তাই তেওঁৰ তল-ওপৰ কৰি যোৱা কান্ধ দুখন, তাৰ আত্মবিশ্বাস জিলিকি থকা টুপীটো, তাৰ লেহেমীয়া ইতস্ততঃ খোজবোৰ—তাইৰ দৃষ্টিত এটা এটাকৈ পাৰ হৈ গ’ল, আৰু তাইৰ চকুহাল দুখ আৰু তেওঁৰ প্ৰতি কোমল মৰমেৰে ভৰি আহিল.… তাইৰ দৃষ্টি গিৰিয়েকৰ ওখ, সুঠাম শৰীৰটোত লাগি থাকিল, আৰু তেওঁক সেই দৃষ্টিয়ে যেন পিটিকি-মোহাৰি মৰম কৰি থাকিল.…। সি যেন তাইৰ সেই দৃষ্টি অনুভৱ কৰিলে; সি ৰৈ গ’ল আৰু ঘূৰি চালে.…একো নক’লে, কিন্তু তাৰ মুখখন আৰু উদ্ধত কান্ধ দুখনৰ পৰা তাই ধৰিব পাৰিলে, সি তাইক কিবা এটা ক’ব খুজিছে। তাই তেওঁৰ ওচৰলৈ সংকোচেৰে আগ বাঢ়ি গ’ল আৰু প্ৰশ্নবোধক দৃষ্টিৰে তালৈ চাই ৰ’ল।
“লোৱা”, মূৰটো ঘূৰাই সি ক’লে।
সি তাইক এখন সোঁত-মোচ খোৱা এক ৰুবলৰ নোট দিলে, আৰু লৰালৰিকৈ আঁতৰি গ’ল।
“বিদায়, য়েগৰ ভ্লাছিট্ছ”, যান্ত্ৰিকভাৱে নোটখন হাতত লৈ তাই ক’লে।
সি এটা দীঘলীয়া ৰাস্তাৰে খোজ দিলে; কঠিনকৈ বন্ধা ৰছী এডালৰ দৰে, চিধাকৈ। তাই এটা বিমূৰ্ত মূৰ্তিৰ দৰে তেওঁৰ প্ৰতিটো খোজত সন্তৰ্পনে দৃষ্টি নিক্ষেপ কৰি থিয় হৈ থাকিল। কিন্তু লাহে লাহে তেওঁৰ কামিজটোৰ ৰঙাখিনি তেওঁৰ ঠেঙাটোৰ ৰঙাখিনিৰ লগত মিলি গ’ল, তেওঁৰ খোজবোৰ নেদেখা হৈ পৰিল, আৰু তেওঁৰ কুকুৰটো আৰু বুটজোতাযোৰৰ মাজত পাৰ্থক্য ধৰিব নোৱৰা হৈ পৰিল।.…শেষ পৰ্যন্ত তেওঁৰ কেৱল টুপীটোহে দেখা গ’ল,.… আৰু হঠাতে তেওঁ মুকলি ঠাইখিনিৰ ফালে ঘূৰিল, আৰু সেউজীয়াখিনিৰ মাজত হেৰাই গ’ল।
“বিদায়, য়েগৰ ভ্লাছিট্ছ”, পেলাগীয়াই ফুচফুচালে, আৰু তেওঁৰ বগা টুপীটো পুনৰ এবাৰ চাবলৈ ভৰিৰ আঙুলিত ভৰ দি থিয় দিলে।