কেন্দ্ৰীয় নিবন্ধ

শিক্ষা-ব্যৱস্থা: অতীত আৰু বৰ্তমান-(খগেশ সেন ডেকা)

এবাৰ শ্ৰেণীকোঠাত অসমীয়া মেজৰৰ পাঠ্যসূচীৰ অন্তৰ্ভুক্ত নৌম চমস্কীৰ ৰূপান্তৰ সৃজনাত্মক ব্যাকৰণ (Transformational Generative Grammar=TG) তত্ত্বৰ আলোচনাত প্ৰসংগক্ৰমে এই তত্ত্বৰ সমৰ্থন বা বিৰোধ কৰি উদ্ভৱ হোৱা ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াৰ আন কেতবোৰ দিশৰ অৱতাৰণা কৰোঁতে এগৰাকী ছাত্ৰীয়ে কৈছিল—”ছাৰ এইখিনি দেখোন আমাক নালাগে, আমাৰ চিলেবাচত নাই৷” ছাত্ৰীগৰাকীৰ মানসিক দৈন্যই স্বাভাৱিকতে সেইদিনা মোক বৰ দুখ দিছিল৷ কিন্তু সঁচাকৈয়ে তেওঁ দোষী আছিলনে? নিৰ্দিষ্ট পাঠ্যসূচীকেন্দ্ৰিক শিক্ষা-ব্যৱস্থাত সাধাৰণ ছাত্ৰ-ছাত্ৰীয়ে তাতকৈ অধিক কি চিন্তা কৰিব পাৰে! সেই বিশেষ ছাত্ৰীগৰাকী এতিয়া এগৰাকী শিক্ষয়িত্ৰী৷ তেওঁ ছাত্ৰ-ছাত্ৰীক কেনেদৰে পঢ়ুৱায়, সেই কথা মোৰ জানিবলৈ বৰ মন যায়৷

এখন দেশ বা এটা জাতিৰ মেৰুদণ্ডস্বৰূপ শিক্ষা-ব্যৱস্থাৰ মূল লক্ষ্য হ’ব লাগে মানুহৰ মন-মগজু, হৃদয় আৰু শৰীৰৰ উৎকৰ্ষ সাধন কৰা৷ আমাৰ দেশৰ সাম্প্ৰতিক সময়ৰ ফলাফলকেন্দ্ৰিক শিক্ষা-পদ্ধতিয়ে কিন্তু তেনে উদ্দেশ্য পূৰণ কৰিছে বুলি অলপো পতিয়ন যাব নোৱাৰি৷ এতিয়া নম্বৰৰ তালিকাখনেই শিক্ষাৰ মূল লক্ষ্য হৈ পৰা দেখা গৈছে৷ ছাত্ৰ-ছাত্ৰীয়ে সৰহভাগ ক্ষেত্ৰতে সেই বাবেই পাঠ্যসূচীৰ পৰা সামান্যও ইফাল-সিফাল হ’ব নিবিচাৰে৷ অৱশেষ বিচাৰত যিয়ে নম্বৰ বেছি পায়, সিয়েই মেধাসম্পন্ন বিদ্যাৰ্থীৰূপে পৰিগণিত হয়, এয়াই এতিয়াৰ নিয়ম৷ চাকৰি-বাকৰি পাবৰ বাবেও নম্বৰৰ তালিকাখনেইতো প্ৰধান হৈ পৰে! মোৰ বৃত্তি জীৱনত এনে ছাত্ৰও লগ পাইছোঁ যিয়ে মাজুলী ক’ত নাজানে, চ্যুকাফা কোন ক’ব নোৱাৰে৷ অথচ তেওঁলোকৰ নম্বৰৰ তালিকাখনৰ ওজন কিন্তু যথেষ্ট গধুৰ৷ স্কুলীয়া স্তৰৰ ত্ৰুটিপূৰ্ণ পাঠ্যক্ৰমেই যে ইয়াৰ প্ৰধান কাৰণ, তাৰ উল্লেখ বাহুল্য মাথোন৷ তাৰ মাজতো এচাম বিদ্যাৰ্থী আছে যিয়ে পাঠ্যসূচীৰ গণ্ডীৰ বাহিৰলৈ গৈ জ্ঞানৰ অথাই সাগৰত পাৰি দিব বিচাৰে৷ তেওঁলোকে কোনোদিনে পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷ তেনে বহু ছাত্ৰই পৰৱৰ্তী কালত দেশ আৰু জাতিলৈ মহৎ বৰঙণি আগবঢ়াই আছে৷ পাঠ্যক্ৰম বহিৰ্ভূত ব্যাৱহাৰিক জ্ঞানেৰে পৰিপুষ্ট আন এচামে চাকৰিৰ পিছে পিছে নদৌৰাকৈয়ে প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে৷ তেওঁলোক দেশ তথা জাতিৰ অমূল্য সম্পদ৷ বাৰু, এই কথা থাওক৷ মই ক’ব খুজিছিলোঁ, এখন দেশৰ শিক্ষা-ব্যৱস্থাই মানৱ-সম্পদ সৃষ্টিত মুখ্য অৰিহণা যোগাব লাগে বা যোগোৱা উচিত৷ কিন্তু আমাৰ সাম্প্ৰতিক শিক্ষা-পদ্ধতি সেই লক্ষ্য পূৰণত সমূলি ব্যৰ্থ হোৱা যেন অনুভৱ হয়৷ শিক্ষাৰ জৰিয়তে পূৰ্ণাংগ মানৱ-সম্পদৰ সৃষ্টি আজিও যেন সুদূৰ পৰাহত৷ অন্যথা বিশ্বৰ বুকুত আমাৰ দেশ সবাতোকৈ দুৰ্নীতিগ্ৰস্তৰূপে পৰিগণিত নহ’লহেঁতেন৷ মুঠতে পাঠ্যসূচীৰ অন্তৰ্ভুক্ত কেইখনমান কিতাপ পঢ়ি, পূৰ্বকৃত টোকা চাই, মুখস্থ বিদ্যাৰে ভাটৌৰ দৰে পাঠ আওৰাই পৰীক্ষাত উত্তীৰ্ণ হোৱাটোক প্ৰকৃত শিক্ষা বুলিব নোৱাৰি৷ শিক্ষাৰ উদ্দেশ্য হোৱা উচিত — ব্যক্তিৰ শৰীৰ আৰু মন উভয়ৰে উৎকৰ্ষ সাধন৷ প্ৰাচীন বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰচলিত যি শিক্ষা-ব্যৱস্থাৰ উল্লেখ পোৱা যায়, সেয়া আছিল প্ৰধানকৈ মানৱ জীৱনৰ নৈতিক প্ৰমূল্যবোধৰ ওপৰত আধাৰিত৷ প্ৰাচ্য-প্ৰতীচ্য উভয় দেশৰ পুৰণি শিক্ষা-ব্যৱস্থাই তাৰ প্ৰমাণ দাঙি ধৰে৷ হেমচন্দ্ৰ গোস্বামীয়ে (পণ্ডিত হেমচন্দ্ৰ গোস্বামী ৰচনাৱলী দ্ৰষ্টব্য) উল্লেখ কৰা মতে, অতীত বিশ্বত প্ৰধানকৈ দুই ধৰণৰ শিক্ষা-ব্যৱস্থা আছিল— প্ৰতীচ্যত গ্ৰীচ দেশ আৰু প্ৰাচ্যত ভাৰতবৰ্ষ৷ গ্ৰীচ দেশৰ শিক্ষা-পদ্ধতি আছিল দুই প্ৰকাৰৰ—স্পাৰ্টান আৰু এথেনিয়ান‌। স্পাৰ্টা নগৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল স্পাৰ্টান আৰু এথেন্স নগৰীৰ বৌদ্ধিক আৱহাৱাৰ ভিত্তিত উদ্ভৱ হৈছিল এথেনিয়ান পদ্ধতি৷ স্পাৰ্টান পদ্ধতিৰ মূল লক্ষ্য আছিল শাৰীৰিক উৎকৰ্ষ সাধন৷ আন কথাত সাহসী, কষ্টসহিষ্ণু, কৰ্মপটু তথা নিপুণ সৈন্যৰ সৃষ্টিয়ে আছিল এই শিক্ষা-পদ্ধতিৰ মূল লক্ষ্য৷ ইয়াৰ বিপৰীতে এথেনিয়ান পদ্ধতিয়ে ব্যক্তিৰ কায়িক আৰু মানসিক উভয় দিশৰ উন্নতিত বিশেষ গুৰুত্ব দিছিল৷ সংগীত, সুকুমাৰ কলা, সৌন্দৰ্যবোধ, বাগ্মিতা, তত্ত্বজ্ঞান, ইত্যাদি আছিল এথেনিয়ান শিক্ষাৰ ঘাই অংগ৷ ইয়াৰ উপৰি, ভাষা-চিন্তাৰ উদ্ভাৱন এথেনিয়ান শিক্ষা-ৰীতিৰ আন এক উল্লেখযোগ্য অৱদান৷ ভাষা-বিশ্লেষণৰ এই প্ৰক্ৰিয়া পোনতে আয়’নীয় গ্ৰীক ভাষাত ৰচিত হোমাৰৰ মহাকাব্য ইলিয়াড আৰু ওডিছিৰ ভাষাৰ সংৰক্ষণৰ চিন্তাৰে আৰম্ভ হৈছিল৷ গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ ‘ডায়েলগ’ হ’ল এই বিষয়ৰ প্ৰাৰম্ভিক গ্ৰন্থ৷ পৰৱৰ্তী সময়ত ব্যাকৰণকাৰ ডায়’নিছাছ থ্ৰাক্সৰ ‘টেকনা গ্ৰামাটিকা’ৰ জৰিয়তে ই পূৰ্ণাংগ ৰূপ লাভ কৰিছিল৷ দৰ্শন-বিদ্যা আৰু ব্যাকৰণ-চিন্তাৰ অপূৰ্ব সমন্বয় আছিল এথেনিয়ান ধাৰাৰ শিক্ষা-পদ্ধতিৰ উল্লেখনীয় বৈশিষ্ট্য৷ নক’লেও চলে— ছক্ৰেটিছ, প্লেট’, এৰিষ্ট’টল আদি দাৰ্শনিক আছিল এই ধাৰাৰ শিক্ষা-পদ্ধতিৰ প্ৰৱৰ্তক৷ পৰৱৰ্তী কালত গ্ৰীচ দেশ ৰোমান সাম্ৰাজ্যৰ অধীন হোৱাত ৰোমতো এথেনিয়ান ধাৰাই কিছু পৰিৱৰ্তিত ৰূপত প্ৰভাৱ বিস্তাৰ কৰে৷ ৰোমান শিক্ষা-ব্যৱস্থাৰ মূল লক্ষ্য আছিল সকলো মানুহকে কৰ্মপটু কৰি তোলা, ৰাজভক্ত প্ৰজা আৰু সাহসী যোদ্ধাৰ সৃষ্টি কৰা৷ মুঠতে, তেতিয়াৰ ৰোমান ধাৰণা অনুসাৰে শিক্ষিতৰ অৰ্থ আছিল উদাৰ, ন্যায়পৰায়ণ আৰু কৰ্মপটু লোক৷ সেই যুগত ইংলণ্ড, আমেৰিকা, জাপান আদি দেশৰ শিক্ষা-ব্যৱস্থাতো মন, হৃদয় আৰু শৰীৰৰ উন্নতিৰ প্ৰতি বিশেষ লক্ষ্য ৰখা হৈছিল৷

প্ৰাচীন ভাৰতৰ শিক্ষা-ব্যৱস্থা পোনতে আছিল গুৰুকুল পদ্ধতিৰ৷ অৰ্থাৎ, ছাত্ৰই গুৰুগৃহত থাকি শিক্ষা আহৰণ কৰিব লাগিছিল৷ উপনিষদত বৰ্ণিত উপমন্যু, আৰুণি আদিৰ কাহিনী তাৰেই নিদৰ্শন৷ উপমন্যুৱে গুৰুৱে একো খাবলৈ নিদিয়াত আকণ গছৰ পাত ভক্ষণ কৰিছিল৷ ইয়াৰ ফলত তেওঁ অন্ধ হৈছিল যদিও, গুৰুৰ কৃপাত তেওঁ পুনৰাই দৃষ্টিশক্তি ঘূৰাই পাইছিল৷ আৰুণিয়ে গুৰুৰ উপদেশ মতে খেতি পথাৰত সোমোৱা পানী বন্ধ কৰিবলৈ আলি দিবলৈ গৈছিল৷ কিন্তু পানীৰ সোঁত প্ৰবল হোৱাত আলি দি ৰখাব নোৱাৰি অৱশেষত নিজে শুই পৰি সেই সোঁত বন্ধ কৰিছিল৷ আৰুণি গুৰুৰ কৃপাত পাছলৈ উদ্দালক নামেৰে জনাজাত হৈছিল৷ বেদৰ অন্তিম ভাগ উপনিষদত গুৰু-শিষ্যক লৈ এনে বহু কাহিনীৰ বিৱৰণ আছে৷ এইবোৰৰ প্ৰতিটোৱেই সম্ভৱতঃ একোটাহঁত প্ৰতীকধৰ্মী কাহিনী৷ ইয়াৰ জৰিয়তে গুৰুৰ মাহাত্ম্য আৰু শিষ্যৰ গুৰুভক্তিৰ নিদৰ্শন দাঙি ধৰিব বিচৰা হৈছে৷ স্বয়ং কৃষ্ণয়ো সন্দীপনি গুৰুগৃহত শিক্ষা আহৰণ কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে৷ প্ৰাচীন ভাৰতত চতুৰ্বেদৰ উপৰি ষড় বেদাংগৰ (শিক্ষা, ছন্দ, কল্প, নিৰুক্ত, জ্যোতিষ, ব্যাকৰণ) অন্যতম অংগ ব্যাকৰণৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল৷ গুৰুগৃহত শিষ্যই বাৰ বছৰ জুৰি অকল ব্যাকৰণকে অধ্যয়ন কৰিব লাগিছিল৷ “দ্বাদশভিঃ বৰ্ষৈঃ ব্যাকৰণং শ্ৰূয়তে” কথাষাৰে তাৰেই ইংগিত দিয়ে৷ শিক্ষা সাং হোৱাৰ অন্তত শিষ্যই এক বিশেষ প্ৰকাৰৰ স্নানকাৰ্য সমাপন কৰিব লাগিছিল৷ এই স্নানৰ পাছত শিষ্যক ‘স্নাতক’ আখ্যা দিয়া হৈছিল৷ শিক্ষা-গ্ৰহণৰ কালছোৱা শিষ্যৰ বাবে আছিল ব্ৰহ্মচৰ্য অৱলম্বনৰ সময়৷ ইয়াৰ পৰৱৰ্তী সময়ত শিষ্যই বিয়া-বাৰু কৰাই গাৰ্হস্থ্য ধৰ্ম পালন কৰিব লাগিছিল৷ ভাৰতীয় পৰম্পৰাত— “গুৰুৰ্ব্ৰহ্মা গুৰুৰ্বিষ্ণুঃগুৰুৰ্দেৱো মহেশ্বৰঃ৷ গুৰুঃ সাক্ষাৎ পৰব্ৰহ্মতস্মৈ শ্ৰীগুৰৱে নমঃ৷৷” বুলি গুৰুক ত্ৰিদেৱতাৰ শাৰীত ৰখাটোৱে গুৰুৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধাৰ কথাকে প্ৰমাণ কৰে৷ মুঠতে প্ৰাচীন ভাৰতত শিক্ষাৰ মূল উদ্দেশ্য আছিল মানুহক ত্যাগী কৰি তোলা৷ ত্যাগৰ অৰ্থ হ’ল আসক্তিহীন ভোগ৷ উপনিষদসমূহত সেই বিষয়ৰ বিস্তৃত বিৱৰণ আছে৷ আজিৰ শিক্ষাই তাৰ বিপৰীতে মানুহক ভোগ আৰু লালসাৰ প্ৰতি ধাৱিত কৰাহে লক্ষ্য কৰা যায়৷ ঐতিহাসিকভাৱে বিশ্ববিদ্যালয়, পুথিভঁড়াল আদিৰ ধাৰণা সিন্ধু সভ্যতাৰে এক বৃহৎ অংশ আছিল৷ আৰ্য্য সভ্যতাৰ পতনৰ পাছত বৈদিক যুগত ইতিপূৰ্বে উল্লেখ কৰা ‘গুৰুকুল পদ্ধতি’ৰ শিক্ষাৰ প্ৰচলন হৈছিল৷ তাৰ লগে লগে পৰ্যায়ক্ৰমে কেইবাখনো উচ্চ পৰ্যায়ৰ বিশ্ববিদ্যালয়ো প্ৰতিষ্ঠিত হৈছিল৷ সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল— তক্ষশিলা (খ্ৰীঃপূঃ ষষ্ঠ শতিকাৰ পৰা খ্ৰীঃ ৫ম শতিকা পৰ্যন্ত), শ্ৰীধান্য কটক (খ্ৰীঃপূঃ ১ম শতিকালৈ), নালন্দা (খ্ৰীঃ ৫ম-ৰ পৰা খ্ৰীঃ ১২শ শতিকা), ওদান্তপুৰী (৮ম শতিকাত পূৰ্ণোদ্যমে বিকশিত), বিক্ৰমশীলা ওৰফে দেৱবিহাৰ (৮ম শতিকা) উজ্জয়িনী (বিক্ৰমাদিত্য ৰজাৰ দিনত সংস্থাপিত), পুষ্পগিৰি (খ্ৰীঃপূঃ ২য় শতিকা), বলভী (খ্ৰীঃ ৬ষ্ঠ শতিকা), সোমপুৰ (খ্ৰীঃ ৮ম শতিকা), টেলহৰ (খ্ৰীঃ ১ম শতিকা), জগদ্দল (খ্ৰীঃ ১১শ শতিকা) ইত্যাদি৷

সিন্ধু নদীৰ পূব পাৰত অৱস্থিত তক্ষশিলা বা তক্সিলা আছিল অতীতৰ গান্ধাৰ প্ৰদেশৰ ৰাজধানী আৰু উচ্চশিক্ষাৰ অন্যতম প্ৰধান কেন্দ্ৰ৷ এই ঠাই বৰ্তমান পাকিস্তানৰ অন্তৰ্গত ৰাৱালপিণ্ডিৰ পৰা কেইমাইলমান পশ্চিম দিশত অৱস্থিত৷ তক্ষশিলাৰ অৰ্থ হ’ল কটা শিলৰ নগৰ (City of cut stone)৷ এই নামটোৰ লগত ৰামচন্দ্ৰৰ ভাতৃ ভৰতৰ পুত্ৰ তক্ষৰ নাম জড়িত বুলি এক প্ৰৱাদ আছে৷ ৩২৫ খ্ৰীঃপূঃত গ্ৰীকৰাজ আলেকজেণ্ডাৰে তক্ষশিলা আক্ৰমণ কৰাত তাৰ ৰজা অন্তিয়ে বিনা যুদ্ধে আত্মসমৰ্পণ কৰে৷ এতিয়াৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বে এই স্থানত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খন আলেকজেণ্ডাৰৰ সময়ত প্ৰাণ পাই উঠে৷ পৰৱৰ্তী সময়ত মগধৰাজ অশোকৰ দিনত ই অধিক বিকশিত হয়৷ ইয়াত প্ৰায় ১০৫০০ বিদ্যাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পৰাৰ সুবিধা আছিল৷ চীনা পৰিব্ৰাজক ফাহিয়েন, আৰু হিউৱেন চাঙে তেওঁলোকৰ ভ্ৰমণ টোকাত এই শিক্ষা-প্ৰতিষ্ঠানখনৰ কথা উল্লেখ কৰি থৈ গৈছে৷ বৌদ্ধ জাতকবোৰতো এই বিশ্ববিদ্যালয়ৰ সঘন উল্লেখ পোৱা যায়৷ তক্ষশিলা বিশ্ববিদ্যালয়ৰ অধীনত এতিয়াৰ এফিলিয়েটেড কলেজৰ দৰে কেইবাখনো চতুষ্পাঠী আছিল৷ সেইবোৰত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিছিল৷ বিশ্ববিদ্যালয়খনত হেনো মুুুঠ ৬৪ প্ৰকাৰৰ বিদ্যাৰ শিক্ষাদান কৰা হৈছিল৷ তাৰ ভিতৰত বেদ-বেদাংগ, দৰ্শন তত্ত্ব, চিত্ৰকলা, ভাস্কৰ্য, হস্তকৰ্ম, আয়ুৰ্বেদ, হস্তীবিদ্যা, ভাষা-চিন্তা, ধনুৰ্বিদ্যা, জ্যোতিষবিদ্যা, ৰাজনীতি, কৃষি, বাণিজ্য, সংগীত-কলা, নৃত্য-কলা আদি আছিল প্ৰধান৷ গ্ৰীক শাসকসকলে ইয়াত গ্ৰীক ভাষা শিকোৱাৰো ব্যৱস্থা কৰাইছিল৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰা মতে, আত্ৰেয় ঋষিয়ে ইয়াত আয়ুৰ্বেদৰ পাঠ পঢ়ুৱাইছিল৷ অতীত ভাৰতৰ চিকিৎসা-শাস্ত্ৰত অত্ৰিপুত্ৰৰ উল্লেখ পোৱা যায়৷ সংস্কৃত ‘অষ্টাংগহৃদয়’ত উল্লেখ থকা অত্ৰিপুত্ৰই আত্ৰেয় হ’ব পাৰে৷ তক্ষশিলাৰ এইগৰাকী অধ্যাপকৰ সময় খ্ৰীষ্টপূৰ্ব ৬০০ বা তাৰ ওচৰা-ওচৰি হ’ব পাৰে বুলি সতীশচন্দ্ৰ বিদ্যাভূষণে “বুদ্ধদেৱ” (১৯০৪) গ্ৰন্থৰ একাদশ পৰিচ্ছেদত উল্লেখ কৰিছে৷ ‘শব্দানুশাসনম্’ বা ‘অষ্টাধ্যায়ী’ৰ স্ৰষ্টা তথা ভাষা-বিশ্লেষণ-প্ৰক্ৰিয়াক বিজ্ঞানৰ ৰূপ প্ৰদান কৰোঁতা মহৰ্ষি পাণিনি, ‘অৰ্থশাস্ত্ৰ’ৰ প্ৰণেতা কৌটিল্য ওৰফে চাণক্য, গৌতম বুদ্ধৰ চিকিৎসক জীৱক, আয়ুৰ্বেদ চিকিৎসা শাস্ত্ৰৰ পিতৃস্বৰূপ ছড়ক আদিয়ে ইয়াতে শিক্ষা আহৰণ কৰিছিল৷ গৌতম বুদ্ধৰ চিকিৎসক জীৱকে মগধৰ পৰা গৈ সুদূৰ পশ্চিম প্ৰান্তত গান্ধাৰৰ তক্ষশিলাত সংস্থাপিত এই শিক্ষানুষ্ঠানত চিকিৎসা বিদ্যা আহৰণ কৰিছিল৷ এইসকলৰ উপৰি, মগধ আৰু পাৰস্যৰ বহু বিদ্যাৰ্থীয়ে এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল বুলি জনা যায়৷ পাণিনিৰ ঘৰ আছিল তক্ষশিলা অঞ্চলৰ অতকৰ নিকটৱৰ্তী শালাতুৰ গ্ৰামত৷ চীনা পৰিব্ৰাজক হিউৱেন চাঙে এই অঞ্চলতে পাণিনিৰ স্মৃতিসৌধৰূপে নিৰ্মিত প্ৰতিমূৰ্তি এটা দেখা বুলি তেওঁৰ ভ্ৰমণ-টোকাত উল্লেখ কৰি থৈ গৈছে৷ পাণিনিৰ গুৰু মহামুনি বৰ্ষ সম্ভৱতঃ এইখন বিশ্ববিদ্যালয়ৰে অধ্যাপক আছিল৷ পাণিনিয়ে ভাৰতীয় ভাষা-চিন্তাক অবিসম্বাদী বিজ্ঞানসন্মত ৰূপ দিয়াত এই বিশ্ববিদ্যালয়ৰ পৰা আহৰিত শিক্ষাই প্ৰধান ভূমিকা লোৱা বুলি নিশ্চয়কৈ পতিয়ন যাব পাৰি৷ তেওঁৰ ব্যাকৰণখনক মাৰ্কিন ভাষাবিজ্ঞানী লেনাৰ্ড ব্লুমফিল্ডে “One of the greatest monument of human intelligence” বুলি ভূয়সী প্ৰশংসা কৰাটো এই প্ৰসংগত উল্লেখনীয়৷ সাম্প্ৰতিক কালৰ সৰ্বমান্য ভাষাবিজ্ঞানী নৌম চমস্কীয়েও পাণিনিৰ ব্যাকৰণ-চিন্তাত তেওঁৰ দ্বাৰা উদ্ভাৱিত অভিনৱ TG তত্ত্বৰ বীজ বিচাৰি পাইছে৷ মুঠতে তক্ষশিলা আছিল অতীত ভাৰতৰ এক অতি উন্নতমানৰ শিক্ষা প্ৰতিষ্ঠান৷ খ্ৰীঃ ৫ম শতাব্দী পৰ্যন্ত এই বিশ্ববিদ্যালয় সক্ৰিয় হৈ আছিল বুলি জনা যায়৷ বিদ্যাৰ্থীসকলে হেনো এই প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লাগিছিল৷ এটা সময়ত তক্ষশিলাৰ দাঁতিয়েদি যোৱা বাণিজ্যক পথটো বন্ধ হৈ পৰাত এই বিখ্যাত শিক্ষা প্ৰতিষ্ঠানখনি এৰা পৰলীয়া হয়৷ পাছত পাৰ্চীয়ান, হুন, কুশান আদি বিদেশীৰ আক্ৰমণত ই সমুলঞ্চে ধ্বংস হয়৷

অন্ধ্ৰ দেশৰ প্ৰথম ৰাজধানী অম্ৰাৱতী বা অমৰাৱতী নগৰৰ ওচৰত কৃষ্ণা নদীৰ পাৰত প্ৰতিষ্ঠাপিত শ্ৰীধান্য কটক বিশ্ববিদ্যালয়ত বেদ-বেদাংগৰ উপৰি বৌদ্ধমাৰ্গৰ শিক্ষা প্ৰদান কৰা হৈছিল৷ এই শিক্ষা প্ৰতিষ্ঠানৰ প্ৰধান অধ্যাপক আছিল বৌদ্ধভিক্ষু নাগাৰ্জুন৷ প্ৰসংগক্ৰমে উল্লেখনীয় যে, নাগাৰ্জুন আৰু গ্ৰীক সম্ৰাট মিনানড্ৰোছৰ প্ৰশ্নোত্তৰৰ আধাৰত পালি ভাষাত ৰচিত “মিলিন্দ পঞ্হ” (মিলিন্দ প্ৰশ্ন) বৌদ্ধদৰ্শন সম্পৰ্কীয় এখন উৎকৃষ্ট গ্ৰন্থ৷ বৌদ্ধ পণ্ডিত হৰপ্ৰসাদ শাস্ত্ৰীৰ মতে শ্ৰীধান্য কটক আছিল পোনতে হাবি-জংগলেৰে ভৰা এক দুৰ্গম ঠাই৷ কোনো এক জমিদাৰে সেই ঠাই মানুহৰ বাসৰ উপযোগী কৰি তোলে আৰু নাম দিয়ে অম্ৰাৱতী বা অমৰাৱতী৷ পাছলৈ এই ঠাই বৌদ্ধসকলৰ মিলনভূমিত পৰিণত হয়৷ প্ৰতিষ্ঠা কাল জনা নাযায় যদিও শ্ৰীধান্য কটক বিশ্ববিদ্যালয় খ্ৰীঃ ৫ম শতিকালৈ সক্ৰিয় আছিল বুলি ধাৰণা কৰা হয়৷

মগধৰ (এতিয়াৰ বিহাৰ) ৰাজগীৰ বা ৰাজগৃহৰ নালন্দাত প্ৰতিষ্ঠিত নালন্দা বিশ্ববিদ্যালয় আছিল প্ৰাচীন ভাৰতৰ সবাতোকৈ উল্লেখযোগ্য উচ্চশিক্ষাৰ প্ৰতিষ্ঠান৷ এই বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা হ’ল গুপ্তবংশৰ ৰজা কুমাৰগুপ্ত (১)৷ খ্ৰীঃ ৫ম শতিকাৰ পৰা খ্ৰীঃ ১৩শ শতিকা পৰ্যন্ত সুদীৰ্ঘ কাল জুৰি এইখন বিশ্ববিদ্যালয়ে চীন, জাপান, কোৰিয়া, তিব্বত, পাৰ্চিয়া, তুৰস্ক আদি দেশ-বিদেশৰ অসংখ্য বিদ্যাৰ্থীৰ শিক্ষা লাভত অৰিহণা যোগাইছিল৷ ইয়াত ঘাইকৈ বেদ-বেদাংগ, চিকিৎসা শাস্ত্ৰ, গণিত, ব্যাকৰণ, দৰ্শন তত্ত্ব আৰু অধ্যাত্মবিদ্যাৰ শিক্ষা দিয়া হৈছিল৷ অতীত বিশ্বৰ এইখনেই প্ৰথম বিশ্ববিদ্যালয়, য’ত ছাত্ৰ আৰু শিক্ষক উভয়ৰ বাবে বাসভৱন আছিল৷ তদুপৰি, বক্তৃতা প্ৰদানৰ বাবে আছিল আহল-বহল কোঠা৷ বিশ্ববিদ্যালয়খনৰ ভিতৰে বাহিৰে বিদ্যাৰ্থীৰ সংখ্যা আছিল মুঠ দহ হাজাৰ৷ শ্ৰেণীকোঠা আছিল এশটা আৰু প্ৰতিটোতে এশজনকৈ বিদ্যাৰ্থীয়ে একেলগে শিক্ষা আহৰণ কৰিব পাৰিছিল৷ পূৰ্বোল্লিখিত চীনা পৰিব্ৰাজক হিউৱেন চাঙেও ইয়াত যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল বুলি তেওঁৰ টোকাৰ পৰা জনা যায়৷ হিউৱেন চাঙৰ আগমনৰ সময়ত আচাৰ্য শীলভদ্ৰ আছিল এই প্ৰতিষ্ঠানৰ অধ্যক্ষ৷ উল্লেখযোগ্য যে, এইজনা আচাৰ্যৰ উপদেশ মানিয়েই ভাস্কৰবৰ্মাৰ ৰাজত্ব কালত তেওঁৰ একান্ত অনুৰোধ ৰক্ষা কৰি হিউৱেন চাঙে পূৰ্বদেশৰ কিয়া-মো-লু-পো বা কামৰূপ ৰাজ্য পৰিভ্ৰমণ কৰিছিল৷ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা-দান আছিল সম্পূৰ্ণ বিনামূলীয়া৷ অৰ্থাৎ, ইয়াত অধ্যয়ন কৰা বিদ্যাৰ্থীৰ পৰা থকা, খোৱা আৰু শিক্ষা আহৰণৰ বাবদ কোনো ধৰণৰ খা-খৰচ লোৱা হোৱা নাছিল৷ এই বিশ্ববিদ্যালয়ত হেনো বিভিন্ন গ্ৰন্থেৰে পৰিপূৰ্ণ ৰত্নোদধি নামৰ বিশাল আকাৰৰ এটা পুথিভঁড়াল আছিল৷ বিদ্যাৰ্থীসকলক একোগৰাকী আদৰ্শবান ব্যক্তিৰূপে গঢ়ি তোলাটো এই বিশ্ববিদ্যালয়ৰ সবাতোকৈ উল্লেখনীয় কৃতিত্ব৷ ইয়াৰ কোনো ছাত্ৰই ক’তো কেতিয়াও অশিষ্ট আচৰণ কৰাৰ এটাও উদাহৰণ পাবলৈ নাই৷ অৱশেষত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ মূলাধাৰ স্বৰূপ এই বিশ্ববিদ্যালয়খন অদূৰদৰ্শী বিদেশী আক্ৰমণকাৰীৰ হাতত ধ্বংস হয়৷ বিশ্ববিদ্যালয়খন মুঠ তিনিবাৰ আক্ৰমণৰ সন্মুখীন হৈছিল৷ ১১৯৩ খ্ৰীষ্টাব্দত মঃ বিন বখতিয়াৰ খিলিজিৰ নেতৃত্বত হোৱা তুৰ্কী বাহিনীৰ অন্তিমবাৰৰ আক্ৰমণত ই সম্পূৰ্ণৰূপে ধ্বংস্তূপত পৰিণত হয়। জনশ্ৰুতি অনুসাৰে তুৰ্কী বাহিনীৰ আক্ৰমণ ইমানেই ভয়াবহ আছিল যে বিশ্ববিদ্যালয়খনৰ ৰত্নোদধি নামৰ পুথিভঁৰালটোৰ পুথি-পাঁজিত লগোৱা জুই হেনো ছয় মাহ (কাৰো কাৰো মতে তিনি মাহ) জুৰি জ্বলি আছিল। ফলত ইয়াত সংৰক্ষিত হাজাৰ হাজাৰ আপুৰুগীয়া গ্ৰন্থ জুইত জাহ যায়৷ তদুপৰি, ইয়াত থকা শ শ বৌদ্ধ ভিক্ষুৰ কিছুমানৰ শিৰচ্ছেদ কৰা হয় আৰু আন কিছুমানক জুইত জাপি দিয়া হয়৷ অবিবেচকী তথা ধৰ্মান্ধ বিদেশী আক্ৰমণকাৰীৰ হাতত প্ৰাচীন ভাৰতীয় শিক্ষাৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান নালন্দা বিশ্ববিদ্যালয় এনেদৰেই ধ্বংসপ্ৰাপ্ত হয়৷

ওদান্তপুৰী বিশ্ববিদ্যালয় আগৰে পৰাই আছিল যদিও অষ্টম শতিকাত পাল বংশৰ বিদ্যোৎসাহী ৰজা ধৰ্মপালৰ দিনত ই পূৰ্ণোদ্যমে বিকশিত হয়৷ এই বিশ্ববিদ্যালয়তো বহু আপুৰুগীয়া গ্ৰন্থেৰে ভৰা এটা বিশাল আকাৰৰ পুথি-ভঁড়াল আছিল৷ ১২০২ খ্ৰীষ্টাব্দত তুৰ্কী বাহিনীৰ আক্ৰমণত এই বিশ্ববিদ্যালয়খনো সম্পূৰ্ণৰূপে ধ্বংস হয়৷ বিক্ৰমশীলা বিশ্ববিদ্যালয়ৰ খ্যাতনামা অধ্যাপক শ্ৰীগংগা এই বিশ্ববিদ্যালয়ৰে স্নাতক আছিল বুলি জনা যায়৷ তিব্বতীয় তথ্য অনুসাৰে এই বিশ্ববিদ্যালয়ত বাৰ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিব পাৰিছিল৷ খ্ৰীঃ অষ্টম শতিকাত পূৰ্বোল্লিখিত ৰজা ধৰ্মপালে বিক্ৰমশীলা বা দেৱবিহাৰ নামৰ এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল৷ খ্ৰীঃ দ্বাদশ শতিকাত ই বন্ধ হয়৷ ইয়াত ১০০গৰাকী অধ্যাপক আৰু প্ৰায় ১০০০জন ছাত্ৰই শিক্ষা আহৰণ কৰিছিল বুলি জনা যায়৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ মতে, এই বিশ্ববিদ্যালয়ত বিদ্যাৰ্থীৰ থকা-খোৱাৰ বাবে চাৰিটাকৈ ছাত্ৰাবাস আছিল৷ সকলো ছাত্ৰই ইয়াত বিনামূলীয়াকৈ থাকিবলৈ, খাবলৈ আৰু পঢ়িবলৈ পাইছিল৷ ইয়াত ঘাইকৈ তন্ত্ৰবিদ্যাৰ শিক্ষা প্ৰদান কৰা হৈছিল৷ বৰ্তমান বিহাৰৰ ভাগলপুৰত অৱস্থিত এই বিশ্ববিদ্যালয়খনে হেনো নালন্দা বিশ্ববিদ্যালয়ৰ সৈতে ফেৰ মৰাৰ চেষ্টা কৰিছিল৷

প্ৰাচীন কলিঙ্গ (এতিয়াৰ ওড়িশা) দেশত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ নাম আছিল পুষ্পগিৰি৷ খ্ৰীঃপূঃ ৩য় শতিকাৰ আশে পাশে প্ৰতিষ্ঠা কৰা এই বিশ্ববিদ্যালয় প্ৰায় আঠশ বছৰ জুৰি কটক আৰু জয়পুৰ জিলাক সামৰি বৰ্তি আছিল৷ ইয়াৰ চৌহদ দাঁতি কাষৰীয়া পাহাৰীয়া ঠাই ললিতগিৰি, ৰত্নগিৰি আৰু উদয়গিৰি পৰ্যন্ত বিস্তৃত আছিল৷ প্ৰাচীন ভাৰতৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰ এই বিশ্ববিদ্যালয়খন ৬৩৯ খ্ৰীঃত হিউৱেন চাঙে পৰিভ্ৰমণ কৰিছিল৷ ইয়াৰ ভগ্নাৱশেষত পোৱা অশোকৰ প্ৰতিকৃতিলৈ লক্ষ্য কৰি কোনো কোনোৱে কলিংগ যুদ্ধৰ পাছত খ্ৰীঃপূঃ ২য় শতিকাত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বুলি মত প্ৰকাশ কৰিছে৷

বিক্ৰমাদিত্য ৰজাৰ দিনত উজ্জয়িনী আছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পণ্ডিত সমাজৰ মিলনভূমি৷ তেওঁৰ ৰাজসভা মহাকবি কালিদাসকে ধৰি নগৰাকী পণ্ডিতে বা নৱৰত্নই সকলো সময়তে শুৱনি কৰি ৰাখিছিল৷ এইজনা বিদ্যোৎসাহী ৰজাৰ দিনত প্ৰতিষ্ঠিত উজ্জয়িনী বিশ্ববিদ্যালয়ত সাহিত্য, বিজ্ঞান, সংগীত, নাট, ব্যায়াম, ৰন্ধন-প্ৰণালী, গৃহপালন বিদ্যা আদি বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল৷

খ্ৰীঃ ৬ষ্ঠ শতিকাত সৌৰাষ্ট্ৰত (এতিয়াৰ গুজৰাট) বলভী নামৰ বিশ্ববিদ্যালয় এখন প্ৰতিষ্ঠিত হৈছিল৷ ইয়াত খ্ৰীঃ ১২শ শতিকা পৰ্যন্ত প্ৰায় ছশ বছৰ জুৰি শিক্ষা দান কৰা হৈছিল৷ চীনা পৰিভ্ৰমণকাৰী ইৎ চিঙে এই বিশ্ববিদ্যালয় পৰিভ্ৰমণ কৰি ইয়াক এখন অতি উচ্চমানৰ শিক্ষা-প্ৰতিষ্ঠান বুলি অভিহিত কৰি থৈ গৈছে৷ গুণমতি আৰু স্থিৰমতি নামৰ দুগৰাকী বৌদ্ধভিক্ষু এই বিশ্ববিদ্যালয়ৰে স্নাতক আছিল৷ উচ্চশিক্ষা আহৰণৰ বাবে ইয়ালৈ বিভিন্ন ঠাইৰ পৰা বিদ্যাৰ্থীৰ আগমন ঘটিছিল৷

পূৰ্বোল্লিখিত ধৰ্মপাল ৰজাই ৮ম শতিকাত বঙ্গদেশত প্ৰতিষ্ঠা কৰা এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান হ’ল— সোমপুৰ মহাবিহাৰ৷ প্ৰায় ৪০০ বছৰ জুৰি বৰ্তি থকা এই প্ৰতিষ্ঠানখনত বৌদ্ধ, জৈন আৰু সনাতন ধৰ্মৰ শিক্ষা প্ৰদান কৰা হৈছিল৷ বিশ্ববিদ্যালয়খনৰ বাহিৰৰ ভগ্নপ্ৰায় দেৱালত থকা টেৰাকোট্টাৰ আলংকাৰিক কাৰুকাৰ্যই সেই কথা আজিও ঘোষণা কৰি আছে৷ প্ৰায় ২৭ একৰ ভূমি জুৰি বিস্তৃত এই প্ৰতিষ্ঠানৰ মূল চৌহদৰ মাটিকালি আছিল ২১ একৰ৷ প্ৰাচীন মগধ দেশৰ আন এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান টেলহৰ বিশ্ববিদ্যালয়ৰ অৱশেষ যোৱা ২০১৪ চনত উদ্ধাৰ হৈছে৷ পুৰাতাত্ত্বিক অনুসন্ধানৰ যোগে এই কথা স্পষ্ট হৈছে যে এইখন শিক্ষা-প্ৰতিষ্ঠান খ্ৰীঃ ১ম শতিকাত বিম্বিসাৰৰ পৰৱৰ্তী কোনো এজনা ৰজাই প্ৰতিষ্ঠা কৰিছিল৷ খনন কাৰ্যত ওলোৱা প্ৰায় ডেৰফুট ডাঠ ছাইৰ স্তৰটোৱে বিশ্ববিদ্যালয়খন তুৰ্কী বাহিনীয়ে জুই লগাই ধ্বংস কৰিছিল বুলি প্ৰমাণ কৰে৷

খ্ৰীঃ একাদশ শতিকাত অতীতৰ বৰেন্দ্ৰ ভূমিত (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) মহাৰাজ কম্পলে জগদ্দল বিহাৰ নামৰ এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়৷

প্ৰাচীন ভাৰতত এইবোৰৰ উপৰি আন ভালেমান বিশ্ববিদ্যালয় প্ৰতিষ্ঠিত হৈছিল বুলি বিভিন্ন তথ্যই প্ৰমাণ কৰে৷ পাল বংশৰ ৰজা ধৰ্মপালে তেওঁৰ ৰাজ্যত অকলেই হেনো ৫০খন বৃহৎ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল৷ তাৰ এটি উদাহৰণ হ’ল— ২০১৩ চনত বঙ্গদেশত আৱিষ্কৃত মুঞ্চিগঞ্জ বিহাৰ৷ খ্ৰীষ্টীয় নৱম শতিকাত প্ৰতিষ্ঠিত এই শিক্ষানুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিদ্যাৰ্থীৰ উপৰি চীন, নেপাল, তিব্বত, থাইলেণ্ড আদিৰ পৰা অহা প্ৰায় আঠ হাজাৰ বিদ্যাৰ্থীয়ে অধ্যয়ন কৰিছিল বুলি জনা গৈছে৷ এই শিক্ষানুষ্ঠাসমূহৰ সৰহভাগ খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ আশে পাশে বন্ধ হৈ যায়৷ নালন্দা, বিক্ৰমশীলা আদি প্ৰতিষ্ঠান তুৰ্কী বাহিনীৰ আক্ৰমণত বিধ্বস্ত হোৱাৰ কথা ইতিপূৰ্বে উল্লেখ কৰা হৈছে৷ ইয়াৰ ফলত অতীত ভাৰতত বিভিন্ন জ্ঞানৰ দুৱাৰ বন্ধ হৈ পৰিছিল৷ প্ৰাচীন ভাৰতত শিক্ষাগুৰুসকলে ছাত্ৰৰ বিশেষ যত্ন লৈছিল৷ সংস্কৃত ‘ছাত্ৰ’ শব্দটো ‘ছদ’ ধাতুৰ পৰা উদ্ভৱ হৈছে৷ ইয়াৰ অৰ্থ ‘আচ্ছাদন কৰা’ বা ‘আৱৰি ৰখা’৷ ‘গুৰুই শিষ্যক সকলো সময়তে আৱৰি ৰাখে’ বা আন কথাত ‘গুৰুৱে শিষ্যক সকলো প্ৰকাৰৰ বিপদ-বিঘিনিৰ পৰা ৰক্ষা কৰে’— এনে অৰ্থ ‘ছাত্ৰ’ শব্দটোৱে বহন কৰে৷ সেই বাবেই শিষ্যকুল ছাত্ৰ অভিধাৰেও জনাজাত৷ অৱশ্যে জাত-পাত তথা আৰ্থিক বৈষম্যৰ হেতু বহু সময়ত গুৰুৱে শিষ্যক অৱহেলা কৰাৰ উদাহৰণো বিৰল নহয়৷ এই প্ৰসংগত মহাভাৰতত উল্লেখ থকা একলব্য-দ্ৰোণাচাৰ্য্য, কৰ্ণ-পৰশুৰামৰ কাহিনী দুটি উল্লেখ কৰিব পাৰি৷ সকলোৱে জনা কথা, একলব্য ব্যাধৰ সন্তান আছিল বাবেই দ্ৰোণাচাৰ্য্যই তেওঁৰ অস্ত্ৰবিদ্যাৰ গুৰু হ’বলৈ অস্বীকাৰ কৰিছিল৷ কিন্তু, আশ্চৰ্যকৰ প্ৰতিভাৰ অধিকাৰী একলব্যই গুৰুৰ প্ৰত্যক্ষ শিক্ষা অবিহনেই ধনুৰ্বিদ্যাত পাৰ্গত হৈ উঠিছিল৷ অৱশেষত সকলো কথা অৱগত হৈ দ্ৰোণাচাৰ্য্যই একলব্যৰ শৰ নিক্ষেপৰ বাবে অত্যাৱশ্যকীয় শাৰীৰিক অংগ সোঁহাতৰ বুঢ়া আঙুলিটো গুৰু-দক্ষিণা হিচাপে বিচাৰিছিল৷ একলব্যয়ো গুৰু বাক্য নতশিৰে মানি লৈ সেই বিশেষ আঙুলিটো কাটি দ্ৰোণাচাৰ্য্যৰ হাতত অৰ্পণ কৰিছিল৷ এয়া মহাভাৰতৰ এক কৰুণ কাহিনী৷ একেদৰে জমদগ্নি মুনিৰ পুত্ৰ পৰশুৰামে পিতৃহত্যাৰ পোতক তুলিবলৈ সমগ্ৰ ভাৰত ভূমি নিঃক্ষত্ৰিয় কৰাৰ পণ লৈছিল৷ সেই পৰশুৰাম কিন্তু ক্ষত্ৰিয় বীৰ ভীষ্মৰ অস্ত্ৰবিদ্যাৰ গুৰু আছিল৷ অথচ সেই একেজনা পৰশুৰামে কৰ্ণক শিক্ষাপৰ্ব সমাপ্ত হোৱাৰ পৰৱৰ্তী কালত ক্ষত্ৰিয় বুলি জানি (আচলতে সুতপুত্ৰ বুলি) প্ৰয়োজনৰ সময়ত তেওঁ শিকোৱা বিদ্যা পাহৰি যাবলৈ অভিশাপ দিছিল, যাৰ ফলত কুৰুক্ষেত্ৰ সমৰত অৰ্জুনৰ হাতত এইজনা মহাবীৰৰ পতন ঘটিছিল৷ সি যি নহওক, প্ৰাচীন ভাৰতীয় শিক্ষা-ব্যৱস্থা যে সমগ্ৰ বিশ্বৰ ভিতৰতে অতিশয় উন্নতমানৰ আছিল, তাত কোনো সন্দেহ নাই৷ নিৰুক্তকাৰ যাস্ক; পাণিনি, পতঞ্জলি, কাত্যায়ন, ভৰ্তৃহৰি আদি বৈয়াকৰণ; মহামুনি বেদব্যাস, বাল্মীকি, কালিদাস, মাঘ, ভাস, ভৱভূতি আদি মহাকবি-নাট্যকাৰ; আচাৰ্য ভামহ, দণ্ডী, বামণ, বিশ্বনাথ কবিৰাজ, আনন্দৱৰ্ধন, অভিনৱগুপ্ত, ৰাজশেখৰ আদিৰ দৰে সাহিত্য-আলোচক তথা আলংকাৰিকৰ সৃষ্টি হোৱাৰ মূলতেও আছে তৎকালীন ভাৰতৰ উন্নতমানৰ শিক্ষা-ব্যৱস্থা৷ নৈতিক প্ৰমূল্যৰ ওপৰত আধাৰিত এই শিক্ষা-ব্যৱস্থা ব্ৰিটিছ-ৰাজৰ সময়ত সম্পূৰ্ণৰূপে ভাঙি পৰে আৰু পাশ্চাত্যৰ আৰ্হিত এক নতুন ব্যৱস্থাৰ আগমন হয়৷ এই অনুসাৰে নতুন নতুন স্কুল, কলেজ, বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়৷ কিন্তু প্ৰাচীন কালৰ প্ৰমূল্যবোধ যেন লাহে লাহে ক’ৰবাত হেৰাই যাবলৈ আৰম্ভ কৰে৷ ব্যক্তিগত ভোগ-লালসাৰ চিন্তাৰে ক্ৰমাগতভাৱে এচাম মানুহ হৈ পৰে সমাজ-বিচ্ছিন্ন প্ৰাণী৷

প্ৰথিতযশা কথাশিল্পী হোমেন বৰগোহাঞি ডাঙৰীয়াই প্ৰজ্ঞাৰ সাধনা সম্পৰ্কত জ্ঞান (Knowledge) আৰু প্ৰজ্ঞাৰ (Intuition)-ৰ পাৰ্থক্য দেখুৱাবলৈ এষাৰ বৰ সোণসেৰীয়া কথা কৈছিল৷ তেওঁৰ মতে, মানুহক ধন আৰ্জিবলৈ জ্ঞানৰ আৱশ্যক৷ কিন্তু খৰছ কৰিবলৈ প্ৰজ্ঞাৰ প্ৰয়োজন৷ কিছু বছৰ আগলৈকে পশ্চিমীয়া পদ্ধতিৰ শিক্ষা-ব্যৱস্থায়ো মানুহৰ সমুখত সীমিতভাৱে হ’লেও প্ৰজ্ঞাৰ দুৱাৰখনেৰে প্ৰৱেশৰ সুবিধাকণ দিছিল৷ কিন্তু শিক্ষাৰ ব্যাপক বাণিজ্যীকৰণে লাহে লাহে সেইকণৰো মুদা মাৰিলে৷ এতিয়া বহুজাতিক কোম্পানীয়ে উৎপাদন কৰা সামগ্ৰীবোৰৰ নাম জানিবলৈ মানুহে আখৰ চিনি পালেই হয়৷ সেই সামগ্ৰীৰ গুণাগুণ বুজিব পৰা জ্ঞানদায়ী শিক্ষাৰ কোনো আৱশ্যক নাই৷ তাৰ মাজতো কেইবছৰমান আগলৈকে ৰচনা-পদ্ধতিৰ প্ৰশ্নেৰে বছৰেকৰ মূৰত পতা পৰীক্ষাই নিৰ্দিষ্ট পাঠ্যসূচীৰ সামগ্ৰিক জ্ঞান আহৰণৰ অলপ সুযোগ দিছিল৷ কিন্তু পৰীক্ষাবোৰ ছমহীয়া (Semester) কৰাৰ পৰা আৰু ৰচনা-আৰ্হিৰ পৰিৱৰ্তে বস্তুনিষ্ঠ চমু প্ৰশ্নৰ পয়োভৰ ঘটোৱাৰ পৰা আনুষ্ঠানিক শিক্ষা নম্বৰ-তালিকা সৰ্বস্ব হৈ উঠিল৷ পাঠ্যক্ৰমৰ পাঠ্যসূচীও হৈ পৰিছে নিৰ্জীৱ৷ ফলত ‘প্ৰজ্ঞা’ দূৰৰে কথা ‘সাধাৰণ জ্ঞান’ৰো এতিয়া অভাৱ হ’বলৈ লৈছে৷ নিজৰ ৰাজ্য তথা দেশৰ ইতিহাস, ভূগোল, নিজৰ ভাষাটোৰ ব্যাকৰণ আদি এতিয়া নাজানিলেও ক্ষতি নাই৷ নম্বৰৰ তালিকাখনৰ ওজন বাঢ়িলেই হ’ল৷ সময়ে সকলোৰে সমুখত থিয় কৰোৱা ৰুঢ় বাস্তৱৰ সৈতে মোকাবিলা কৰিব পৰাকৈ আজিৰ শিক্ষা-ব্যৱস্থা যেন পৰ্যাপ্ত নহয়, তেনে ধাৰণা অমূলক নহয়৷ তাৰ মাজতো যিসকলে পাঠ্যক্ৰমৰ গণ্ডী অতিক্ৰম কৰি নিজস্বভাৱে অধ্যয়ন আৰু অধ্যৱসায় অটুট ৰাখিব পাৰিছে, তেওঁলোকেই সফলতাৰ মুখ দেখিছে, দেশ-জাতি-সমাজক উজলাই তুলিবলৈ সমৰ্থ হৈছে৷

মুঠতে ব্ৰিটিছৰ আগমনৰে পৰা অতীত ভাৰতৰ উন্নতমানৰ গুৰুকুল শিক্ষা-পদ্ধতিৰ ঠাইত পশ্চিমীয়া শিক্ষা-পদ্ধতিৰ প্ৰচলন হয়৷ গোপন ব্যাধিৰ দৰে লাহে লাহে গুৰু-শিষ্যৰ সম্পৰ্কত ঘূণে ধৰিবলৈ লয়৷ সকলোৱে জনা কথা যে “শ্ৰদ্ধাৱান লভতে জ্ঞানম্”; অৰ্থাৎ, শ্ৰদ্ধা অবিহনে জ্ঞান অৰ্জন এক প্ৰকাৰ অসম্ভৱ কথা৷ মনত ৰখা ভাল যে, ডিগ্ৰী আহৰণ আৰু জ্ঞান অৰ্জন একে কথা নহয়৷ পাপমুদ্ৰাৰ পয়োভৰেৰে ভৰি পৰা সমাজ এখনত শিক্ষকসকল ধোৱা তুলসী পাত হৈ থাকিব বুলি ভবাটো এক অৱাস্তৱ কথা৷ তথাপি মই ভাবোঁ এইটো শ্ৰেণীয়েই মূল্যবোধৰ পৰম্পৰা আজিও কিছু পৰিমাণে জীয়াই ৰাখিছে৷ শিক্ষক সমাজৰ সৈতে জড়িত অফিচবোৰৰ সীমাহীন দুৰ্নীতিৰ কথা নক’লোৱেইবা৷ ব্যক্তিগতভাৱে এই বৃত্তিত সোমোৱা দিন ধৰি পেঞ্চনৰ পৰ্বলৈকে কেনে হাৰাশাস্তি পালোঁ, সেয়া সোঁৱৰণি হৈয়ে থাকক৷ অফিচবোৰলৈ নিজে নগ’লে, আৰু গৈ ‘কিবাকিবি’ নকৰিলে কোনো কামেই নহয়৷ এনে কাৰণতে আমি কেইবাগৰাকীমান শিক্ষক বছৰেকীয়া বৃদ্ধি, বকেয়া ধন, গ্ৰুপ ইঞ্চিওৰেঞ্চৰ ধন আদি প্ৰাপ্যৰ পৰা আজিও বঞ্চিত হৈ ৰ’লোঁ৷ ভূতৰ ওপৰত দানহৰ দৰে অতি সম্প্ৰতি মন্ত্ৰী-বিধায়ককে ধৰি বিভাগটোৰ একাংশ মুৰব্বীৰ ক্ষমতাৰ দম্ভই নিষ্ঠাৱান শিক্ষকসকলক মানসিকভাৱে হাৰাশাস্তি কৰাটো এক নতুন ফেশ্বনত পৰিণত হৈছে৷ শিক্ষানুষ্ঠানসমূহৰ মুৰব্বী এচামেও সেই পথকে অনুসৰণ কৰিবলৈ লৈছে৷ ছাত্ৰ-ছাত্ৰীৰ সমুখতে সামান্য কথা একোটাকে লৈ হকে বিহকে শিক্ষকক কটূ ব্যৱহাৰেৰে অপমান কৰিবলৈ লোৱাৰ ফলত শ্ৰদ্ধাপূৰ্বক শিক্ষা-গ্ৰহণ তথা জ্ঞান-অৰ্জন অসম্ভৱ হৈ আহিছে৷ ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকতো দূৰৈৰ কথা পিতৃ-মাতৃ তথা সমাজৰ জ্যেষ্ঠজনকো যে সম্মান কৰিবলৈ পাহৰি যাব তাত আচৰিত হ’বলগীয়া নিশ্চয় নাথাকিব৷ দক্ষিণ আফ্ৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ পদূলিত হেনো লিখা আছে— “Destroying any nation does not require the use of atomic bombs or the use of long range missiles. It only requires lowering the quality of education and allowing cheating in the examinations by the students. Patients die at the hands of such doctors. Buildings collapse at the hands of such engineers. Money is lost at the hands of such economists & accountants. Humanity dies at the hands of such religious scholars. Justice is lost at the hands of such judges. The collapse of education is the collapse of the nation.” (হোৱাটছএপ যোগে প্ৰাপ্ত)৷

আমাৰ দেশৰ শিক্ষা-ব্যৱস্থাকো যেন ক্ৰমশঃ তেনে দিশলৈকে লৈ যোৱা হৈছে৷ ঐতিহ্য চেতনাহীন, মূল্যবোধহীন এই শিক্ষা-ব্যৱস্থাই আমাক অদূৰ ভৱিষ্যতে ক’লৈ লৈ যাব, একবিংশ শতিকাৰ দুৱাৰডলিত ৰৈ সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিবই লাগিব৷

Leave a Reply

Your email address will not be published. Required fields are marked *