শিল্পকলাই মানুহক কি দিয়ে (অজিত শইকীয়া)
মানুহে কৰা সৃষ্টিমূলক কামবিলাকৰ ভিতৰত শিল্পকলা অন্যতম। ইয়াত শিল্পকলা বোলোতে কেৱল চিত্ৰ-ভাস্কৰ্যৰ বিষয়েহে আলোচনা কৰা হ’ব। শিল্পকলাৰ এক সুদীৰ্ঘ ইতিহাস আছে। মনকৰিবলগীয়া কথা এয়ে যে, শিল্পকলা বিষয়টো আমাৰ সমাজত এতিয়াও জনপ্ৰিয় হৈ উঠা নাই। এই বিষয়ে বহলকৈ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন আছে। আমি চাব লাগিব, সমাজ পৰিৱৰ্তনত শিল্পকলাই কিবা সহায় কৰিছেনে নাই? মননশীল ব্যক্তিসকলে কয়, যি শিল্পই সমাজৰ সাধাৰণ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব নোৱাৰে, সেই শিল্পৰ কোনোবাখিনিত ব্যৰ্থতা থাকিবই। তদুপৰি, শিল্পকলা সম্ভ্ৰান্তসকলৰ বিলাসিতাৰ সামগ্ৰীত পৰিণত হ’ব নেলাগিব।
মানুহৰ ক্ৰমবিকাশৰ পথত মূলতঃ দুটা বিশেষ কৰ্মত মানুহে প্ৰবৃত্ত হোৱা দেখা যায়। এটা হৈছে প্ৰয়োজনীয় সা-সামগ্ৰীৰ উৎপাদন আৰু আনটো উৎপাদিত সামগ্ৰীৰ বিতৰণ ব্যৱস্থা। উৎপাদনৰ লগত জড়িত শ্ৰমিক শ্ৰেণীয়ে কম মজুৰি লাভ কৰি কোনোমতে জীয়াই থাকে। তেওঁলোকে জীৱিকা অৰ্জনৰ বাহিৰে অন্য বৌদ্ধিক কাম-কাজৰ লগত জড়িত হ’বলৈ হয় সময় নেপায়, নহ’লে তাৰবাবে শ্ৰমিকসকলে মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব নোৱাৰে। শ্ৰমিকসকলক তেওঁলোকৰ নিজৰ শ্ৰমশক্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰী সঠিক ৰূপত ভোগ কৰিবলৈ দিয়া নহয়, শিক্ষা-দীক্ষাৰ পৰাও বঞ্চিত কৰি ৰখা হয়। বিভিন্ন সময়ত নানা লঘূ-লাঞ্ছনাৰে শ্ৰমজীৱীসকলৰ জীৱন বিপৰ্যস্ত কৰি তোলা হয়।
শ্ৰমজীৱীসকলক যুগে যুগে বঞ্চিত কৰি অহা সমাজৰ এচাম সুবিধাবাদী ধনাঢ্য লোকে সুখৰ জীৱন কটায়। সেইসকলেই অৰ্থনীতি তথা সাংস্কৃতিক কাম-কাজকে ধৰি সকলোবোৰ নিজৰ নিয়ন্ত্ৰণত ৰাখে। সেইদৰে, শিল্পকলাৰ জগতখনো তেওঁলোকেই নিয়ন্ত্ৰণ কৰে। সেয়েহে, ‘শিল্পকলা ধনী মানুহৰ বস্তু’ বুলি অনেকেই মন্তব্য কৰা শুনা যায়। যিটো অসত্য নহয়। ভাৰতবৰ্ষৰ দৰে তৃতীয় বিশ্বৰ দেশবোৰৰ অতি বৃহৎ সংখ্যক সাধাৰণ মানুহৰ জীৱন অসুৰক্ষিত, দুখদায়ক আৰু বিপৰ্যস্ত অৱস্থাই জনজীৱন কোঙা কৰি পেলাইছে। এই অৱস্থাৰ পৰা সমাজ মুক্ত হ’ব লাগিব। মানুহে এদিন সকলোধৰণৰ সামাজিক সমস্যাৰ অন্ত পেলাব লাগিব। এই কথা সত্য যে, এখন পৰিশীলিত তথা বৈজ্ঞানিক সমাজতহে একেবাৰে সাধাৰণ স্তৰৰ খাটিখোৱা জনসাধাৰণৰ জীৱনৰ উন্নয়নত গুৰুত্ব দিয়া হয়। আমি এই পথেৰেই আগুৱাব লাগিব। বৈজ্ঞানিক সমাজ এখন গঢ়িবলৈ যাওঁতে যেনেদৰে শ্ৰমজীৱীসকলে উৎপাদন কৰা সামগ্ৰীবোৰ তেওঁলোকে সঠিকভাৱে ভোগ কৰাৰ ব্যৱস্থা কৰিব লাগিব, ঠিক তেনেদৰে সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰতো সেইসকল সাধাৰণ মানুহক বিভিন্ন প্ৰকাৰে জৰিত কৰাৰ সুযোগ গঢ়ি তোলাৰ প্ৰয়োজন হ’ব। অৰ্থাৎ, সাংস্কৃতিক ক্ষেত্ৰখনো এদিন সাধাৰণ জনগণেই নিয়ন্ত্ৰণ কৰি, নিজৰ হাতৰ মুঠিত ৰাখিব লাগিব। সেয়েহে আমি ক’ব বিচাৰোঁ, শিল্পকলা ধনী মানুহৰ বাবে নহৈ, সাধাৰণ মানুহৰ জীৱনৰ পৰিৱৰ্তনৰ আহিলা হৈ উঠিব লাগিব।
এতিয়া মূল কথালৈ আহোঁ। শিল্পকলাৰ বহুত বিভাগ আছে যদিও, ইয়াৰ বিশেষ এটি বিভাগ আধুনিক শৈলীৰ চিত্ৰ-ভাস্কৰ্য এতিয়াও আমাৰ সমাজত অৱহেলিত অৱস্থাতে আছে। আধুনিক শিল্পকলা সদায় এনে অৱস্থাত কেতিয়াও থাকিব নোৱাৰে। কলামাধ্যমত প্ৰকৃতি তথা মানুহৰ জীৱন প্ৰতিফলিত কৰাৰ লগতে, এই দুয়োটাৰ মাজৰ সম্পৰ্কক তুলি ধৰা হয়। বিশেষকৈ মানুহৰ জীৱনৰ বিভিন্ন অৱস্থাবোৰ সুক্ষ্ম অধ্যয়নৰ জৰিয়তে শিল্পত প্ৰতিফলিত কৰিব লাগিব। আমাৰ সমস্যাবহুল জীৱনক শিল্পকলাৰ জৰিয়তে তুলি ধৰি, মানুহক দুৰ্ভাগ্যজনক অৱস্থাৰ পৰা মুক্তিৰ পথো শিল্পই নিশ্চিতভাৱে দেখুওৱাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। সৃষ্টিশীল কলাৰ এই যাত্ৰা সিমান সহজ নহয়। এইক্ষেত্ৰত শিল্পীসমাজৰ লগতে গোটেই সমাজখনৰ বহু কৰণীয় আছে। এটা অতি দৰকাৰী কথা এয়ে যে সাংস্কৃতিক জগতৰ অন্যান্য ক্ষেত্ৰসমূহৰ তুলনাত চিত্ৰ-ভাস্কৰ্যকলাৰ লগত আমাৰ সাধাৰণ মানুহৰ সম্পৰ্ক খুবেই কম। দেখা যায় যে, সাহিত্য, সংগীত, নৃত্য, নাটক, চিনেমা, বোলছবি আদি কলামাধ্যমবোৰ মানুহে যিমান বুজে, তাৰ তুলনাত আধুনিক চিত্ৰ-ভাস্কৰ্যৰ ভাষা-শৈলী সিমান বুজিবলৈ সমৰ্থ নহয়। এই সমাজত আধুনিক কলাৰ ভাষা বুজি পোৱা লোকৰ সংখ্যা অতি নগণ্য। এতিয়া প্ৰশ্ন হৈছে, আধুনিক শিল্পকলাৰ ভাষা সৰ্বসাধাৰণে নুবুজা সমস্যাটো কেনেকৈ আঁতৰ কৰিব পাৰি? মননশীল শিল্পীসমাজ এইক্ষেত্ৰত আশাবাদী। উক্ত সমস্যা নিশ্চিতভাবে আঁতৰ কৰিব পৰা যাব। সেই সংক্ৰান্তত আমি কেইটিমান দিশ এইদৰে বিবেচনা কৰি চাব পাৰোঁ—
(১) কলাশিক্ষা : আমি যথেষ্ট পৰিমাণে কলাশিক্ষাৰ সুযোগ গঢ়ি তুলিব লাগিব। য’ত প্ৰথম পৰ্যায়ত সঠিক পদ্ধতিৰে উপযুক্ত কলাশিক্ষকৰ দ্বাৰা চিত্ৰ-ভাস্কৰ্য, গ্ৰাফিকআৰ্ট আদি কলামাধ্যমসমূহৰ কলাকৌশল কলাশিক্ষাৰ্থীসকলে শিকাৰ সৃষ্টি কৰিব লাগিব। পাছৰ পৰ্যায়ত শিক্ষাৰ্থীসকলক সৃজনীমূলক কলাৰ প্ৰতি অনুপ্ৰাণিত কৰা হ’ব।
(২) শিল্পকলাৰ ইতিহাস অধ্যয়ন : শিল্পকলাৰ ইতিহাস অধ্যয়নে প্ৰকৃত শিল্পকলা কি, ইয়াৰ ভাষাশৈলী, উপস্থাপন পদ্ধতি, সময় আৰু পৰিস্থিতি সাপেক্ষে শিল্পশৈলীৰ কিদৰে পৰিৱৰ্তন হয় আদি বিভিন্ন দিশত প্ৰচুৰ জ্ঞান অৰ্জনৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব।
অৱশ্যে উপৰিউক্ত ১ আৰু ২ পদ্ধতিৰে শিল্পকলাৰ মহাবিদ্যালয় আৰু কোনো কোনো বিশ্ববিদ্যালয়তো বৰ্তমান শিল্পশিক্ষা দিয়াৰ ব্যৱস্থা আছে। তথাপি, শিল্পশিক্ষানুষ্ঠানৰ সংখ্যা আৰু বঢ়োৱাৰ প্ৰয়োজন আছে। তদুপৰি, শিল্পশিক্ষা পদ্ধতি বৰ্তমানতকৈ অধিক উন্নত, গতিশীল কৰাৰ লগতে, ইয়াৰ সা-সুবিধাবোৰ আৰু বঢ়াব লাগিব। কলাশিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে পৰ্যাপ্ত পৰিমাণে চিত্ৰকৰ্ম, গ্ৰাফিকআৰ্ট, ভাস্কৰ্য আদি নিৰ্মাণ কৰিব লাগে। সেয়েহে, এই শিক্ষা অতি খৰচী। তথাপি দৰিদ্ৰ ঘৰৰ সন্তানে কলাশিক্ষাৰ পৰা বঞ্চিত নোহোৱাৰ ব্যৱস্থা থাকিব লাগিব। সমস্যাবহুল জীৱনৰ অভিজ্ঞতা থকাজনেহে নিশ্চিতভাৱে সাধাৰণ জনগণৰ জীৱনকেন্দ্ৰীক শিল্প সৃষ্টিত বিশেষ অৰিহনা যোগাব পাৰে।
সুস্থ এক সাংস্কৃতিক জীৱন গঢ়ি তোলাৰ উদ্দেশ্যে সাধাৰণ মানুহৰ মাজত শিল্পকলাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ যাওঁতে, অন্য এটা সমস্যাই দেখা দিয়ে। যিহেতু শিল্পশিক্ষাৰে প্ৰশিক্ষিতজনে চৌদিশৰ পৰা বিভিন্ন অভিজ্ঞতা সঞ্চয় কৰে, তেওঁ গভীৰ অনুশীলনৰ জ্ঞানেৰে আৰু সুক্ষ্ম শিল্পানুভূতিৰে নতুন নতুন শিল্প সৃষ্টি কৰি, শিল্পজগতক সমৃদ্ধ কৰে। কিন্তু, সেই শিল্পনো কাৰবাবে? সহজ উত্তৰ— সৃষ্টিশীল কলা সদায় মানুহৰ বাবে। মানুহৰ বাবে সৃষ্ট এই আধুনিক কলাশৈলীৰ ভাষা কিমানে বুজিপায়? অভিজ্ঞতাৰ পৰা ক’ব পাৰি—সাধাৰণজনৰ কথা বাদেই, অতি উচ্চশিক্ষিতজনেও আধুনিক ‘শিল্পৰ ভাষা নুবুজোঁ’ বুলিহে কয়। অৱশ্যে ইয়াৰ বিভিন্ন কাৰণ আছে। এটা কথা মনকৰিবলগীয়া, শিল্পীয়ে সৃষ্টি কৰা শিল্পকৰ্ম যদি মানুহে নুবুজে, সেই শিল্প সমাজত মূল্যহীন হৈ পৰাৰ আশংকা থাকে। বহু উচ্চমানৰ শিল্পও সমাজৰ দ্বাৰা উপেক্ষিত হৈ থাকে। শিল্পীৰ ঘৰতে তেনে শিল্পকৰ্ম নষ্ট হৈ যোৱাৰ উদাহৰণ আছে। কলাজগতত ই এক ডাঙৰ সমস্যা আৰু এনে হোৱাটো অতি দুৰ্ভাগ্যজনক বিষয়।
অসমৰ প্ৰসিদ্ধ শিল্পকলাৰ আলোচক নীলমণি ফুকনে শিল্পকলাৰ দৰ্শক সম্বন্ধে গুৰুত্বপূৰ্ণ কথা কৈছে। তেখেতৰ মতে, ‘শিল্পকলাৰ সাধাৰণ দৰ্শকে শিল্পকৰ্ম এটিত বাস্তৱৰ সাদৃশ্যতাহে বিচাৰে।’ কিন্তু আধুনিক শিল্পত শিল্পীয়ে বাস্তৱৰ বিষয়বস্তুৰ আলমত প্ৰতীকবাদী শিল্পহে ৰচনা কৰে। এনে প্ৰতীকবাদী শিল্পত বাস্তৱৰ হুবহু ৰূপ নেথাকে। ফুকনদেৱে আকৌ কৈছে, ‘শিল্পসচেতন দৰ্শকে শিল্পকৰ্মত বাস্তৱৰ সাদৃশ্যতা চাবলৈ নিবিচাৰে’। অৰ্থাৎ, শিল্পসচেতন দৰ্শকে শিল্পকৰ্ম একোটিত, শিল্পীয়ে নিজৰ মৌলিক চিন্তাধাৰাৰ জৰিয়তে সমাজলৈ প্ৰেৰণ কৰা নতুন বাৰ্তাহে নিৰীক্ষণ কৰে। ইয়াৰ দ্বাৰা এই কথা স্পষ্ট হয় যে আধুনিক শৈলীৰ শিল্পকৰ্মবোৰ বাস্তৱৰ হুবহু প্ৰতিফলন নহয়। বৰঞ্চ শিল্পীৰ মন-মগজুৰে সৃষ্টি কৰা বিমূৰ্ত শৈলীৰ গভীৰ শিল্পহে। এনে গভীৰ আৰু সৃজনশীল শিল্পকলাই সমস্যাবহুল জীৱনৰ পৰা মানুহক মুক্তিৰ পথ দেখুৱাবলৈ সমৰ্থ হ’ব পাৰে।
মানৱসভ্যতাৰ ফেঁহুজালিৰ সময়ৰ পৰাই সমাজত লোকসংস্কৃতিৰ চৰ্চা দেখিবলৈ পোৱা যায়। লোকশিল্পত জনজীৱনৰ দুখ-দুৰ্দশা, আনন্দ, বিষাদ আদি সকলোবোৰ দিশেই প্ৰতিফলিত হয়। লোকজীৱনৰ শিল্প সহজ আৰু অতি চিত্তাকৰ্ষক। আধুনিক জটিল শিল্পকলা আয়ত্ত কৰিবলৈ উক্ত লোকশিল্পৰ লগত পৰিচয় হোৱাটো নিতান্ত প্ৰয়োজন। দ্বিতীয়তে, সম্ভ্ৰান্তসকলৰ দ্বাৰা নিয়ন্ত্ৰিত আদি মধ্যযুগীয় আৰু মধ্যযুগীয় বিভিন্ন শৈলীৰ বিৰাট শিল্পসম্ভাৰৰ পৰাও শিল্পগত বৈশিষ্ট্যসমূহ আমি পৰ্যায়ক্ৰমে আয়ত্ত কৰা খুবেই প্ৰয়োজন। প্ৰকৃত শিল্পজ্ঞান অৰ্জনৰ বাবে লোকশিল্পৰ লগতে মধ্যযুগৰ শিল্পশৈলীসমূহকো মানুহে গুৰুত্ব দিব লাগিব। উল্লেখনীয় যে লোকশিল্প আৰু মধ্যযুগীয় শিল্পৰ আধাৰতে আধুনিক শৈলীৰ শিল্পৰ উদ্ভৱ হৈছে। লোকশিল্প আৰু মধ্যযুগীয় সম্ভ্ৰান্ত শিল্পধাৰাৰ পৰা আঁতৰি থাকি আধুনিক শিল্পজগতখনত প্ৰৱেশ কৰাটো একপ্ৰকাৰ অসম্ভৱ। আৱেগবৰ্জিত আৰু দায়বদ্ধ এক সুস্থ শিল্পধাৰাৰ সৃষ্টি কৰিবৰ বাবে, সমস্যাবহুল জীৱনৰ পৰাই মানুহে যাত্ৰা আৰম্ভ কৰিব লাগিব।
সমাজৰ একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহে শোষণ-নিপীড়নৰ পৰা মুক্তি লাভ কৰিবলৈ সদায় যুঁজ দি আহিছে আৰু যুঁজি যুঁজি আগুৱাই যাব। সেইসকল নিপীড়িত মানুহেও কলাৰ সকলোবোৰ দিশ সামৰি, পৰিকল্পিত অনুশীলন আৰু প্ৰণালীবদ্ধ শিল্প চৰ্চাৰ পথেৰে অগ্ৰসৰ হ’ব বুলি আমি আশাবাদী। সময়ে কালৈকো অপেক্ষা নকৰে। সেয়েহে, আমি যদি ভৱিষ্যতে সাধাৰণ মানুহৰ উন্নত জীৱনশৈলী বিচাৰো, তেন্তে সাহিত্য, সংগীত, নৃত্য, নাটক, চিনেমা আদিৰ দৰে চিত্ৰ-ভাস্কৰ্যকলাক অধিক গুৰুত্বসহকাৰে আগুৱাই নিয়াৰ প্ৰচেষ্টা লাগিব। সুস্থ অৰ্থনীতি গঢ়ি তোলাৰ সমান্তৰালকৈ কলাৰ সকলো দিশ সামৰি এক বিজ্ঞানসন্মত জীৱনশৈলী নিৰ্মাণৰ দিশে সমাজ আগুৱাই যাওক।
আধুনিক শিল্পকলা মানুহৰ বাবে অচিনাকি বস্তুৰ দৰে হৈ নেথাকক। শিল্পকলাৰ অবিহনে জীৱন অসম্পূৰ্ণ হৈ থাকিব। ৰাইজে গণশিল্পীসকলক উৎসাহিত কৰিব লাগে। শিল্পকলা মানুহৰ জীৱনৰ আশাৰ ৰেঙনি হৈ উঠক। এইক্ষেত্ৰত সকলোৰে আন্তৰিক সহযোগিতা একান্তভাৱে কামনা কৰা হ’ল।