শগুন-শগুনীৰ সাধু— (বাপুকণ চৌধুৰী)
“মানুহৰ উৰুৰ মাংস ড্ৰাই ফ্ৰাই দুই প্লেট লগতে মগজুৰ কিমা দুই প্লেট।” শগুনীয়ে ম্যেনুখন চাই ক’লে।
“ষ্টাৰ্টাৰ হিচাপে কিবা?” ৱেইটাৰ শগুনীজনীয়ে আকৌ সুধিলে।
“মানুহৰ আঙুলি দিবা তিনি প্লেট।” শগুনীয়ে ক’লে…
বতৰটো ভীষণ গৰমৰ। এসময়ত মানুহে কোৱা উৎকট গৰম শব্দটোও এতিয়া অৰ্থহীন হৈ পৰিছে। এই যে এসময়ত বুলি কোৱা হৈছে তাৰো কাৰণ আছে, প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰি কৰি সৰ্বস্ব শেষ কৰি পেলোৱাৰ পিছত উৎকট গৰম শব্দটোও পৃথিবীৰ পৰা নোহোৱা হৈ পৰিল। পৃথিৱীত জুই লাগিছে সকলো পিনে। নলগাৰ কোনো কাৰণো নাই, এতিয়া পৃথিৱীত শীত আনিব পৰা কিবা সম্ভাৱনা থাকিলেহে!
যা হওক, বিশাল শ্বপিং ম’ল এটাৰ পৰা ভৰ দূপৰীয়া এহাল বয়স্ক শগুন-শগুনী ওলাই আহিছে চহৰখন ফুৰিবলৈ। শগুন-শগুনীৰ বয়স হৈছে, নাতি-পুতিৰে ভৰা সংসাৰ। ছোৱালী ল’ৰা বিয়া বাৰু পাতি দি দুয়ো আজৰি, এক কথাত ক’বলৈ গ’লে ঘৰ সংসাৰৰ সকলো দায়িত্বৰ পৰা মুক্ত এহাল মধ্যবয়সীয়া শগুন-শগুনী। একালত প্ৰেম কৰি সংসাৰ পতা সুখী আৰু আনৰ দৃষ্টিত ঈৰ্ষণীয়ভাৱে সফল পিতৃ-মাতৃৰ স্বীকৃতি লাভ কৰা দুয়োৰে মনত নোপোৱাৰ বেদনা বা আফচোচ বুলিবলৈ একোৱেই নাই এই জনমত। সকলো সময়ত নাতি-পুতিৰে ভৰা সংসাৰত ব্যস্ত থাকি নিজাকৈ সময় উলিয়াবলৈ দুয়ো মাজে মাজে এনেদৰে ওলাই আহে দুপৰীয়া তৃপ্তিৰে এসাজ খোৱাৰ লগতে চহৰত নতুনকৈ বাণিজ্যিক ভিত্তিত গঢ়ি উঠা চুইমিং পুলবোৰত সাঁতুৰি-নাদুৰি দেহ মন শাঁত পেলোৱা।
শগুন-শগুনীয়ে সদায়েই বিশ্বাস কৰে এইদৰে মাজে মাজে ওলাই আহি একঘেয়ামী চহৰীয়া জীৱনটোৰ পৰা ক্ষণিক দূৰত থাকি যৌৱন কালৰ সেই তেজী ঘোঁৰা হেন প্ৰেমৰ দিনবোৰ যেন ঘুৰাই পোৱা যায়। এই চহৰত তেওঁলোকৰ বয়সৰ বেছিভাগ শগুন-শগুনীৰেই জীৱনটো হা-হুমুনিয়াহ আৰু পাৰিবাৰিক অশান্তিৰে ভৰা। বহুতে বৃদ্ধাশ্ৰম পৰ্যন্ত গুছি যাবলগীয়া হৈছে আৰু বাকী থকা খিনিয়ে নিয়মিত মানসিক ৰোগৰ ঔষধ কিনি খাই দিন নিয়াইছে। মাজে মাজে টেলিভিছনৰ টক্ শ্বোবোৰত মাতিলে শগুন-শগুনীয়ে প্ৰায়ে অলোকপাত কৰে সাংসাৰিক জীৱনলৈ নামি অহা এই ভয়াবহ মহামাৰী বিধৰ কথাত।
পিছে সেইবোৰ কওঁতেহে শুনিবলৈ ভাল, প্ৰেক্টিকেলি সুখী হৈ থকাটো কিমান সম্ভৱ সেইটো যেন সকলোৱেই জানে। বহুতৰ মতে শগুন-শগুনী হালে নিজেই বা দিনে-ৰাতিয়ে কিমানখন কাজিয়া লাগে! সেইজাতীয় কিছুমান কাল্পনিক কাহিনীৰ সৃষ্টি কৰে। বহুতে দাবী কৰে নিজ চকুৰে শগুন-শগুনী হালৰ কাজিয়া দেখা বুলি। বহুতৰ মতে আকৌ চেলিব্ৰিটি ষ্টেটাচ বজাই ৰাখিবলৈ কৰা সুখৰ অভিনয়। চহৰৰ আটাইতকৈ পুৰণি শ্মশানখন দখল কৰি বহি থকা স্বামী হাৰা নিঃসন্তান আলৰ বৃদ্ধা শগুনীজনীয়ে টিভি চাই খঙত গেঙেৰি মাৰি কয় “আই বোপাইৰ দিনৰ এগালমান সা-সম্পত্তি আৰু টকা-পইছা থাকিলে আমিও টিভিত বহি বহি এইদৰে ভাল ভাল কথাৰ বকলা মেলিলোঁ হেঁতেন আই !”
তেওঁলোক এই চহৰৰ আটাইতকৈ প্ৰতিপত্তিশীল আৰু আধ্যৱন্ত পৰিয়ালৰ মুৰব্বী, সু-শিক্ষিত সন্তানৰ অভিভাৱক, তাতে আকৌ সফল ব্যৱসায়ী, জীয়াৰী ছোৱালীবোৰকো উলিয়াই দিছে বিদেশৰ বিত্তশালী পৰিয়ালৰ ল’ৰালৈ, সাতে পাঁচে মিলি শগুন-শগুনী এই চহৰৰ এহাল সফল পিতৃ-মাতৃ। একালত এই চহৰৰ আটাইতকৈ দামী আৰু বিশাল শ্বপিং ম’লটোও পূৰ্বপুৰুষৰ দিনৰ পৰাই বৃদ্ধ শগুনৰ দখলত। কাজেই এই চহৰত শগুন-শগুনীৰ ওপৰত কথা কোৱা বা সমালোচনাৰ আঙুলি টোঁৱাবৰ সাহস নাছিল কাৰো। অৱশ্যে মিত-ভাষী, শিক্ষিত আৰু আনৰ বিপদ-আপদত সততে কাষত থিয় হোৱা শগুণ-শগুণীক বেয়া পাবলগীয়া কোনো কাৰণো নাছিল ওচৰ চুবুৰীয়া সকলৰ।
এই যে চহৰৰ বিয়াগোম শ্বপিং ম’লটো, সেইটো এসময়ত এই চহৰৰ আটাইতকৈ ধনী আৰু বিলাসী মানুহবোৰৰ প্ৰথম পছন্দৰ আছিল, মধ্যবিত্ত আৰু দুখীয়া মানুহে সেইটো কেৱল বাহিৰৰ পৰাহে চাব পাৰিছিল হেনো !
শগুনীৰ উপৰিপুৰুষ তেতিয়া সেই শ্বপিং ম’লটোৰ কাষতে থকা বিশাল এজোপা বট গছত থাকিছিল। এই যে কিছুমান মানুহ শ্বপিং ম’লটোত সোমাব পাৰিছিল আৰু কিছুমানৰ কাষেৰে যোৱাৰো অনুমতি নাছিল সেই কথাটো চাই চাই সমগ্ৰ শগুনবোৰেই হাঁহিছিল হেনো। এনেকু্ৱা অনেক কাহিনী আছে শগুনৰ সমাজত পুৰুষানুক্ৰমে বাগৰি অহা। এদিন চহৰখনত জুই লাগিল আৰু মানুহৰ দম্ভ অহংকাৰৰ প্ৰতীক শ্বপিং ম’লটো জনশূন্য হৈ পৰিল। এতিয়াৰ শগুনৰ পিতৃপুৰুষ সেই সময়ত প্ৰভাৱশালী আছিল বাবেই তেওঁলোকেই গৰাকী হৈ পৰিল মানব বৰ্জিত শ্বপিং ম’লটোৰ।
বাহিৰত ড্ৰাইভাৰে হৰ্ণ দিয়াত শগুনটোৱে মুখৰ ভিতৰতে ভোৰভোৰালে— “এই মহিলা জাতিটোৰ পৰা আৰু উপায় নাই, তেতিয়াৰ পৰা পাঁচ মিনিট বুলি বুলি এতিয়ালৈকে হোৱাই নাই এওঁৰ !” ইমান পৰে পূৰ্বপুৰুষৰ জগতখনত ঘূৰি ফুৰা শগুনটোৱে ড্ৰাইভাৰৰ হৰ্ণ শুনি বাস্তৱলৈ ঘূৰি আহি ঘড়ী চাই বুজিলে পাঁচ মিনিটত ওলাম বোলাজনীয়ে ইতিমধ্যে ডেৰ ঘণ্টা লগালেই সাজোন-কাচোনত।
“হে’ৰা, আজিলৈ হ’বনে বাৰু বাহিৰলৈ যোৱাটো?” হাতৰ ঘড়ীটো চাই শগুনটোৱে বিৰক্তিত মাত লগালে।
“তোমালোক পুৰুষবোৰৰ সমস্যা এটাই, ঘৰৰ মহিলাই অকণমান সাজোন-কাচোন কৰিলেই গা জ্বলি যায়, অথচ পৰস্ত্ৰী বোৰে সাজি-কাচি গ’লে কিন্তু চকু বিষায় যোৱাকৈ ৰৈ ৰৈ চাবা।” শগুনীয়ে কাণৰ কাণফুলযোৰ পিন্ধি পিন্ধি শগুনক ভোৰভোৰাই ওলাই গৈ গাড়ীত বহিলগৈ।
“ক’লৈ যাম চাহাব?” গাড়ী চলোৱা পিলিঙা ড্ৰাইভাৰটোৱে সুধিলে।
শগুনটোৱে উত্তৰ নিদি শগুনীলৈ চোৱাত মুখখন ভেনিটি বেগৰ সৰু আইনাখন চাই থকাৰ পৰাই শগুনীয়ে উত্তৰ দিলে,
“তাজ।”
“কিন্তু মেডাম, তাজৰ চুইমিং পুলৰ পানী বেয়া, যোৱা কালি দুটা শগুনৰ মৃত্যু হৈছে সেই পানীত গা ধুই।”
“অ, হয়তো কালি সন্ধিয়াৰ টিভিত বিগ ব্ৰেকিং দিছিল। ব্ৰহ্মপুত্ৰৰ পানী সেই চুইমিং পুলত ব্যৱহাৰ কৰা বুলি খুউব বিতৰ্ক চলি আছে।’’ মতা শগুনটোৱে কালি সন্ধিয়াৰ বাতৰি মনত পেলাই ক’লে। শগুনী তেতিয়াও ভেনিটি বেগৰ সৰু আইনাখনত নিজকে লৈ ব্যস্ত।
ড্ৰাইভাৰ শগুনটো উত্তৰৰ অপেক্ষাত ৰ’ল।
“আমিতো পুৰণি দিনৰ পখী, এই চহৰত তাজৰ বাহিৰে আন কোনো চুইমিং পুললৈ যোৱাৰ অভ্যাসেই নাইচোন।” শগুনটোৱে ক’লে।
“বেলেগ চুইমিং পুল চিনিওতো নাপাওঁ, সৰু সৰু জিয়াৰী-বোৱাৰী পো-পোৱালি যোৱাবোৰত আমি যাবওতো নোৱাৰোঁ যাওঁ বুলিয়েই।” শগুনীয়ে এইবাৰ ঠোঁটত লিপষ্টিকৰ অন্তিম প্ৰলেপটো দি থকাৰ পৰা ক’লে।
“আম্বানী বা আদানীৰ চুইমিং পুললৈ যাব নেকি ছাৰ? নতুনকৈ খুলিছে, খুবেই জনপ্ৰিয়। সৰু আৰু বয়স্কৰ বাবে বেলেগ বেলেগ ব্যৱস্থা আছে, পানীও আনে চৌদি আৰৱৰ পৰা একদম বিশুদ্ধ।” ড্ৰাইভাৰ শগুনটোৱে কোৱা মতেই শগুন-শগুনী দুয়ো আদানী চুইমিং পুললৈ যোৱাৰ সিদ্ধান্ত ল’লে। আচলতে ড্ৰাইভাৰ শগুনটোৰ কথামতে বুলিলে ভুল হ’ব, কথাপাতি থাকোঁতেই মতা শগুনটোৱে পুতেকলৈ হোৱাটছ এপত মেচেজ কৰি আম্বানী আৰু আদানী চুইমিং পুলৰ কথা সুধি লৈছিল। পুতেকৰ পৰা অভয় পাইহে তেওঁ ড্ৰাইভাৰজনৰ লগত একমত হৈছিল। এই পৃথিৱীত কাকো বিশ্বাস কৰিব নোৱাৰি, মানুহ তাৰ জলজল পটপট উদাহৰণ।
আকাশৰ পৰা ৰ’দ নহয় যেন জুইহে সৰি সৰি পৰিছিল, পুৰণি বাট পথৰ আলকাতৰাবোৰ গলি গলি পৰে এইটো সময়ত। সেয়ে আজিকালি চিমেণ্টৰ টাইলছ ব্যৱহাৰ কৰা হয় নতুন পথবোৰত। শগুন-শগুনীয়ে পুৰণি পথেৰে আহিছে সেয়ে গলিত আলকাতৰাৰে ভৰা পথটোত গাড়ীখন আগুৱাই নিবলৈ অসুবিধা হৈছে অলপ। পুৰণি পথেৰে চলাফুৰা কৰাৰ কাৰণো আছে, এই চহৰৰ বেছিভাগ বৃদ্ধ জীৱ-জন্তুৱেই পুৰণি বাট -পথ ব্যৱহাৰ কৰে, নতুন পথবোৰ বৃদ্ধ জীৱ-জন্তুৰ বাবে মুঠেই সুৰক্ষিত নহয়। তাতোকৈ ভয়লগা কথাটো হ’ল এই পথবোৰত এই পৃথিৱীত কেলঢেপ কেলঢেপকৈ জীয়াই থকা দুই এজন মানুহৰ আহ-যাহ চলে! শগুনবোৰৰ মতে মানুহ হ‘ল যাত্ৰানাশক, পুৱাই উঠিয়েই মানুহ দেখাটো পাপ বুলিয়েই শগুন সমাজে অ’ত ত’ত পৰি থকা মানুহৰ পথেৰে অহা যোৱা নকৰে। শগুনৰ বৰপুত্ৰ ব্যৱসায়ৰ কামত ইপিনে সিপিনে ঘূৰি প্ৰায়েই সন্ধিয়া আহি দিনটো কেলঢেপ কেলঢেপকৈ জীয়াই থকা মানুহবোৰৰ কথা কয়, য’ৰ বেছি ভাগেই হাঁহি উঠা আৰু মুৰ্খামী জাতীয় বাবে সকলোৱে শুনি বৰ ৰস পায়।
‘আদানী চুইমিং পুল কাম ৰেষ্টুৰেণ্ট’-ৰ পাৰ্কিং প্লেচত গাড়ীখন ৰখাই ড্ৰাইভাৰক তাতে এৰি শগুন-শগুনী দুয়ো পোছাক সলাই চুইমিং পুলত নামিল। জুলাই মাহৰ দেহ-মন পুৰি যোৱা ৰ’দৰ তাপ দুয়ো ছেকেণ্ডৰ ভিতৰতে পাহৰি পেলালে। ড্ৰাইভাৰজনে কোৱা চৌদি আৰবৰ পানীয়ে দেহমন জুৰাই গ’ল দুয়োৰে।
প্ৰায় এক ঘণ্টামান চুইমিং পুলত সাঁতুৰি-নাদূৰি শগুন-শগুনীহাল উঠি আহিল পাৰলৈ। আছুতীয়া ঘৰত কাপোৰ সলাই দুয়ো গ’ল পুলৰ কাষতে থকা শীততাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেণ্টখনলৈ। ৰেষ্টুৰেণ্টৰ মেন্যুখন হাতত লৈয়েই শগুনীয়ে ৱেইটাৰ এটাৰ হতুৱাই ড্ৰাইভাৰজনকো মতাই অনালে খাবলৈ।
“কি কি খাব ছাৰ?” হাতত সৰু এখন নোটবহী আৰু কলমলৈ বৰ মৰম লগা ফুটফুটীয়া শগুনী এজনী তেওঁলোকৰ কাষত ৰ’লহি। শগুনটোৱে একো উত্তৰ নিদি শগুনৰ পিনে চালে। শগুনৰ পিনে চোৱাটোতেই যেন তেওঁৰ দায়িত্ব শেষ, তেনেকুৱা ভাৱত ক’লে “মই নহয়, কি খাম কি নাখাম তাৰ উত্তৰ মোৰ গৃহমন্ত্ৰীয়েহে দিব।” এনেয়ো হাইপ্ৰেচাৰ, ডায়েবেটিছে কাহিল কৰি পেলোৱা শগুনটো এতিয়া সম্পুৰ্ণ ৰূপে ডাক্তৰৰ ঔষধৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে খোৱা বোৱাৰ ক্ষেত্ৰত পত্নীৰ বাহিৰে নিজাকৈ সিদ্ধান্ত লোৱাৰ সাহস তেওঁৰ নাই।
“মানুহৰ উৰুৰ মাংস ড্ৰাই ফ্ৰাই দুই প্লেট লগতে মগজুৰ কিমা দুইপ্লেট।’’ শগুনীয়ে ম্যেনুখন চাই ক’লে।
“ষ্টাৰ্টাৰ হিচাবে কিবা?” ৱেইটাৰ শগুনীজনীয়ে আকৌ সুধিলে। তাইৰ পিনে একেৰাহে ড্ৰাইভাৰটোৱে চাই থকা বাবে তাই লাজত ৰঙা পৰি গৈছিল।
“মানুহৰ আঙুলি দিবা তিনি প্লেট।” শগুনীয়ে অৰ্ডাৰটো দিয়েই ড্ৰাইভাৰটোৰ পিনে চাই ক’লে, “হেৰৌ অলগদ্ধ, কেৱল চায়েই থাকিবি নে কি খাবি কি নাখাবি সেইটোও কবি?” শগুনীৰ কথাত ৱেইটাৰ শগুনী আৰু ড্ৰাইভাৰ শগুন দুয়োটাই লাজত ৰঙা পৰিল৷
“কি খাবি নকৱ কিয়?”
“অপোনালোকে যি অৰ্ডাৰ দিছে তাকেই খাম। একেই অৰ্ডাৰ কৰক মেডাম।” লাজ আৰু সংকোচ মিশ্ৰিত হাঁহি এটাৰে ড্ৰাইভাৰ শগুনটোৱে ক’লে।
“ঠিক আছে তেন্তে মানুহৰ উৰুৰ মাংস ড্ৰাই ফ্ৰাই তিনিপ্লেট লগতে মগজুৰ কিমা তিনিপ্লেট।” শগুনীয়ে কোৱাত ৱেইটাৰজনীয়ে অৰ্ডাৰ লিখিবলৈ ল’লে।
“মেডাম, মই কিন্তু কটা মৰা লাগি মৰা মানুহৰহে মাংস খাম।” ড্ৰাইভাৰৰ কথাত শগুনীয়ে ইমান পৰে পাহৰি থকা কিবা এটা মনত পৰা যেন পাই ক’লে,
“একদম ঠিক দেই, ময়ো এইটো ক’বলৈ পাহৰি কি পাহৰিলোঁ কি পাহৰিলোঁ বুলি ভাবি আছিলোঁ। ”
ৱেইটাৰজনীৰ মুখৰ বৰণ সামান্য সলনি হ’ল। অৰ্ডাৰ লোৱা নোট বুকখন বুকুত সাৱটি লৈ তাই কিবা এটা যেন ভাবিলে, তাৰ পিছত শগুন শগুনীক ধন্যবাদ দি ৰান্ধনীঘৰৰ পিনে আগুৱাই গ’ল।
অলপ পিছত ফিটফাট ডেকা শগুন এটা তেওঁলোকৰ ওচৰলৈ আহিল, পিছে পিছে খোৱাৰ অৰ্ডাৰ লোৱা শগুনীজনী আৰু দুজনমান শগুন।
“মেডাম, কটা মৰা লাগি মৰা মানুহৰ মাংস আজি কেবাবছৰো হ’ল পাবলৈ নাই, মই বৰং আপোনালোকৰ বাবে এক্সিডেণ্টত মৰা মানুহৰ মাংস আনি দিওঁ? একদম ফ্ৰেছ মাংস, কালি সন্ধিয়াৰ।” ফিটফাট শগুনটোৱে ক’লে। সি সম্ভৱত মেনেজাৰ ৰেষ্টুৰেণ্টখনৰ।
“কিয়? আমি চোন যোৱা সপ্তাহতো তাজত খাইছোঁ ধৰ্ম ধৰ্ম কৰি কটা কটি কৰি মৰা মানুহৰ মাংস। তোমালোকৰ ইয়াত কিয় নাই আকৌ?” শগুনীয়ে সুধিলে আচৰিত হৈ, কটা মৰা লাগি মৰা মানুহ নাই অথবা ধৰ্মৰ নামত কটা মৰা কৰা মানুহ নোহোৱা হ’ল এই কথাটো মানি ল’বলৈ তাই টান পালে।
মেনেজাৰটোৰ ঠোটত হাঁহি বিৰিঙিল, তাক দেখি অৰ্ডাৰ ল’ব অহা শগুনী জনী আৰু আন ৱেইটাৰ কেইটাৰো ঠোটত হাঁহি দেখা গ’ল।
“মেডাম, একেই হোটেল ইণ্ডাষ্ট্ৰিত কাম কৰোঁ। আচলতে এখন হোটেলে আন এখনৰ বদনাম গোৱাটো উচিত নহয় তথাপিও কওঁ তাজত আপোনালোকক ধৰ্মৰ নামত কটা মৰা মানুহৰ মাংস বুলি কৈ বেমাৰত মৰা মানুহৰ মাংসহে খুৱাই আছিল।” মেনেজাৰজনে অতি বিনয়েৰে কোৱা কথাখিনি অবিশ্বাস্য যেন লাগিলেও মিছা নহয় যেন লাগিছিল। মেনেজাৰৰ ইংগিতত এটা ৱেইটাৰে বিখ্যাত বাতৰি কাকত এখন দেখুৱালে য’ত সবিস্তাৰে বৰ্ণনা কৰা হৈছিল কিদৰে ধৰ্মৰ নামত কটা মৰা মানুহৰ মাংস বুলি তাজ ৰেষ্টুৰেন্টে বেমাৰত মৰা মানুহৰ মাংস খুৱাইছে শগুন সামাজক।
শগুন-শগুনীৰ অবিশ্বাস কৰিবলৈ একো নাছিল। তথাপিও তাই সুধিলে,
“তাৰমানে, এই পৃথিৱীত ধৰ্মৰ নামত কটা মৰা নোহোৱাই হ’ল নেকি?” শগুনীৰ কথাখিনি তীৰ্যক আৰু বিদ্ৰুপসুচক আছিল। আটাইবোৰৰ মাজত মৃদু হাঁহিৰ ৰোল এটা বাগৰিল।
“পৃথিৱীত এতিয়া ধৰ্মৰ নামত কটা মৰা কৰিবলৈ মানুহ আছেনো ক’ত?যিখিনি জীয়াই আছে সেইখিনিয়ে এতিয়াহে বুজিছে ধৰ্মৰ নামত কটা মৰা কৰি কি পালে?” হাঁহি সামৰি মেনেজাৰটোৱে ক’লে।
তৰ্ক বিতৰ্ক একো নহ’ল। শগুন-শগুনী ভদ্ৰ, আঢ্যবন্ত আৰু ধনী মানুহ। নিৰ্বিবাদে যোৱা কালিৰ দূৰ্ঘটনাত মৃত্যু হোৱা ফ্ৰেছ মানুহৰ মাংস খাই দুয়ো ঘৰলৈ উভতিবলৈ ল’লে।
আলকাতৰা গ’লা পুৰণি পথটোৰে ঘৰলৈ গৈ থাকোতে শগুন-শগুনী আগবাঢ়িছিল। হঠাতে এঠাইত ট্ৰেফিক জাম হ’ল। শগুন-শগুনীৰ উৎসুকতা আৰু উদ্বিগ্নতা বাঢ়ি গ’ল। দ্ৰাইভাৰক কি হৈছে চাবলৈ কোৱাৰ সময়তে দুজনমান মানুহ গাড়ীৰ কাষেৰে পাৰহৈ গ’ল। মানুহকেইটাৰ হাতত প্লেকাৰ্ড। এখনত লিখা খিনি শগুনটোৱে পঢ়িলে “ধৰ্ম নহয়, মানৱ সভ্যতা বচাওক”, “মানুহৰ অস্তিত্ব বচাওক।”
শগুনটোৱে মিচিকিয়াই হাঁহিলে, তাৰ পিছত নিজৰ মনৰ মাজতেই গুণগুণোৱাৰ দৰে ক’লে “ইচ্ মুৰ্খবোৰ।”