সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা: ব্যক্তিত্বৰ জিলিঙণি – (ৰঞ্জিত ভূঞা)
(এক)
“আপোনালোকে মোক জীৱন শিল্পী বুলি কয়। যদি প্ৰকৃততে মই জীৱন শিল্পী হওঁ সেয়া ভগৱানৰ কৰুণাত নহয়, জনতাৰ সৃজনী শক্তিতহে। ‘শিল্পী’ কথাষাৰ আজিকালি বৰ সহজ হৈ পৰিছে। কিন্তু শিল্পী হ’বলৈ ঝঞ্ঝা বিজয়ী আত্মাৰ অধিকাৰী হ’ব লাগিব। প্ৰশান্ত মহাসাগৰত ডুব মাৰি অসংখ্য শামুক বুটলিব পৰা দুঃসাহস আৰু দুৰ্বাৰ শক্তি থাকিলেহে আজি আৰ্টৰ মুক্তা লাভ কৰা সম্ভৱ।”
-বিষ্ণু প্ৰসাদ ৰাভা, মধ্য গুৱাহাটী বিহু সন্মিলনত দিয়া ভাষণৰ পৰা।
“অসমত এটি কথা আছে ‘জ্যোতিৰ জ্যোতি, ৰাভাৰ আভা।’ আলোচনা প্ৰসংগত এদিন ৰাভাই মোক কৈছিল যে মাৰ্ক্সবাদ-লেলিনবাদে তেওঁৰ চঞ্চল, অস্থিৰ শিল্পী জীৱনলৈ আনিছে সাগৰ-সংগমৰ পূৰ্ণতা আৰু গভীৰতা।
যদি ৰাভা কণমানো চৰকাৰী অনুগ্ৰহ প্ৰাৰ্থী হ’লহেঁতেন তেওঁৰ কোনো প্ৰকাৰ অভাৱেই নাথাকিলহেঁতেন। কিন্তু ৰাভাই বাছি ল’লে দাৰিদ্ৰৰ পথ। অসমৰ লক্ষ লক্ষ দৰিদ্ৰ জনতাৰ শিল্পীৰ পথ ইয়াতকৈ ভিন্ন হ’ব নোৱাৰে।”
–হেমাংগ বিশ্বাস।
“জ্যোতিপ্ৰসাদে তেখেতৰ ‘নিমাতী কইনা’ৰ প্ৰণেতাৰ একাষাৰত যি Artist Philosopher ৰ কথা কৈছে, ৰাভা আছিল সেই ‘Artist Philosopher’৷”
–চন্দ্ৰধৰ গোস্বামী
“বিষ্ণুৰাভা জীয়াই থাকোঁতে মানুহে তেওঁক যিমানখিনি জানিছিল বা যিদৰে জানিছিল- মৃত্যুৰ পিছৰে পৰা যিমানেই দিন গৈছে তেওঁক তাতকৈ বহু বেছি ভালদৰে বুজি উঠা যেন লাগিছে। বহুমুখী প্ৰতিভা আৰু বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণু ককাইদেউ আছিল জাতি-জনজাতিৰ সমন্বয়ৰ এক জীৱন্ত প্ৰতীক।
বিষ্ণু ৰাভা ঠিকাদাৰ নহয়, মন্ত্ৰীও নহয়, সত্ৰাধিকাৰো নহয়, নাস্তিকো নহয়, খাটি মহাপুৰুষীয়া যদিও মাছ-মাংস খায়।
২৫০০ বিঘা মাটিৰ জমিদাৰ হৈয়ো পুঁজিপতি নহয়, মাটিও নাই। গেৰুৱা বসন নিপিন্ধে যদিও সন্ন্যাসী, বিশ্ববিদ্যালয়ত দহোটা – পাঁচোটা গৱেষণা কৰা নাছিল যদিও গৱেষক, বুৰঞ্জীবিদ, নৃতত্ববিদ। বিপ্লৱী যদিও ৰোমাণ্টিক। জাতি বিচাৰ নামানে যদিও ধনী-দুখীয়াৰ জাতি বিচাৰ মানে। তিনিটা সন্তানৰ পিতৃ যদিও গতানুগতিক সংসাৰী নহয়।
কমিউনিষ্ট হ’লেও ফেনাটিক নহয়। বয়স তিনিকুৰি হ’লেও মনটো একৈশ বছৰীয়া। খাটি বড়ো, খাটি অসমীয়া অথচ বিশ্বৰ ছন্দে ছন্দে ধাৱমান এক মহান মানৱ শিল্পী…”
-ডঃ ভূপেন_হাজৰিকা
“ৰাভাই ৰাজনীতিত যোগ দিছিল কিয়? শাসনৰ নামত জনসমাজৰ ওপৰত অনুষ্ঠিত অন্যায় অবিচাৰ আদিয়ে শিল্পীগৰাকীৰ অন্তৰ গভীৰভাৱে স্পৰ্শ কৰিছিল।জনসমাজৰ দাৰিদ্ৰই মানুহজনক ম্ৰিয়মান কৰিছিল।সত্য আৰু ন্যায়ৰ অৰ্থে জনসমাজৰ কাৰণে যুঁজাৰ মানসেৰে ৰাভাই ৰাজনীতিৰ আশ্ৰয় গ্ৰহণ কৰিছিল। মন্ত্ৰী হ’বৰ বাবে নহয়। ৰাভাই বিচাৰি লোৱা ৰাজনীতিৰ পথ হৈছে কাঁইটীয়া। এনে ৰাজনীতিত আছে দুখ আৰু কষ্ট। পলাতক অৱস্থাত সন্মুখীন হ’ব লগা ৰাভাৰ দুখ-কষ্টৰ কথা আমি জানো।”
–হেম বৰুৱা।
“কলাকাৰ বিষ্ণুৰাভাই স্পষ্টভাৱে বুজি পাইছিল যে যেতিয়ালৈকে নিষ্পেষিত, নিৰ্যাতিত অৰ্ধাহাৰী, অনাহাৰী জনসাধাৰণৰ দুখ-দুৰ্গতি আৰু যাতনাৰ লাঘৱ কৰিব পৰা নহয় তেতিয়ালৈকে প্ৰকৃত কলাৰ বিকাশ হ’ব নোৱাৰে।”
–গৌৰীশংকৰ ভট্টাচাৰ্য
“ৰাভা আছিল এটি বহুমুখী প্ৰতিভা, স্বাধীনতা সংগ্ৰামৰ প্ৰথম শাৰীৰ সৈনিক, জ্বলন্ত দেশ-প্ৰেমৰ নিদৰ্শন, সংস্কৃতিৰ পূজাৰী। অসমৰ জাতি-জনজাতিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাৰ প্ৰতীক। শোষণকাৰী পুঁজিবাদীৰ বিৰুদ্ধে ৰাভাই জনসাধাৰণক নাট্য-সংগীত আৰু লেখনীৰ মাজেৰে জগাই তুলিবলৈ বিচাৰিছিল।..
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ পিছত এনে বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি ৰাভাৰ বাহিৰে দ্বিতীয়জন এতিয়ালৈকে অসমত ওপজা নাই।”..
-ফণী বৰা।
“বেজবৰুৱাই গাই যোৱাৰ দৰে বিষ্ণুপ্ৰসাদ ৰাভা আছিল পুৰণি পৃথিৱীক, অর্থাৎ অতীতক সমকালৰ উপযোগী কৈ চোৱা বা বিচাৰ কৰা গণ বন্ধু, গণ শিল্পী, গণ সাহিত্যিক আৰু সেই সকলোবোৰৰে কেন্দ্ৰীয় লক্ষ্য আছিল সাম্যবাদী বিপ্লৱ সফল কৰি তোলা। অথচ কলাগুৰু উপাধিয়ে অনুমান কৰিবলৈ দিয়ে যেন ৰাভা আছিল এগৰাকী কলা-কৈবল্যবাদী শিল্পী হে! বাস্তৱত তেওঁ আছিল, সেই কলেজীয়া ছাত্ৰ কালৰে পৰা বিদ্রোহী-বিপ্লৱী সাম্যবাদী শিল্পী-সাহিত্যিকহে। আৰু সেই কাৰণেই, শ্ৰেণী সমাজ গঢ় লৈ উঠাৰে পৰা চিৰদিন অপমানিত, লাঞ্ছিত আৰু বঞ্চিত হৈ অহা দেশৰ ধৰণী স্বৰূপ কৃষক-বনুৱা জনগণৰ মানত ৰাভা আছিল তেওঁলোকৰ প্ৰাণৰ প্রিয় বন্ধু, শিল্পী, সাহিত্যিক আৰু অতি প্ৰিয় নেতা।”
-শশী শৰ্মা।
“বিষ্ণু ৰাভা কোনো বিশেষ দলৰ সম্পত্তি নহয়, তেওঁ অসমৰ জনগণৰ এক অমূল্য সম্পদ। দল-মত অনুযায়ী এই সম্পদৰ বিশ্লেষণ আৰু ব্যৱহাৰ বিচিত্ৰ হোৱাটোৱেই স্বাভাৱিক। কিন্তু তেওঁৰ সাধনাৰ মৌল চৰিত্ৰ যাতে বিকৃত নহয় তাকে আমি চকু ৰাখিব লাগিব। এই সম্পৰ্কে সন্দেহৰ কোনো অৱকাশেই নাই যে মাৰ্ক্সবাদেই অসম তথা ভাৰতৰ জনগণৰ মুক্তি আৰু সৰ্বাংগীন মংগলৰ পথ বুলি তেওঁ 1946 চন মানৰ পৰা আমৃত্যু কাল অবিচলিতভাৱে বিশ্বাস কৰিছিল আৰু এই কথাও জল্-জল্ পট্-পট্ যে সকলো ধৰণৰ সংকীৰ্ণতা আৰু জাতিগত বিদ্বেষৰ পৰা মুক্ত আছিল। তেওঁৰ ৰচনাৱলী পূৰ্ণাংগভাৱে আৰু যথাযোগ্য মৰ্য্যাদাৰে প্ৰকাশ নোহোৱালৈকে তেওঁৰ চিন্তাৰ ভালেমান দিশ অনুদ্ঘাটিত হৈ থাকিব।”
–ডঃ হীৰেন গোহাঁই।(২২ মে,১৯৮২)
“১৯৬২ চনৰ ১৯ নভেম্বৰ। চীনৰ এজেণ্ট বুলি অভিযোগ আনি বিষ্ণুৰাভাক পুলিচে কঁকালত ৰচীৰে বান্ধি টানি লৈ গৈছিল। এই ঘটনাই ৰাভাক বৰ দুখ দিছিল। কলাগুৰু গৰাকীয়ে আৰু এটা কথাত মনত বৰ দুখ পাইছিল, সেইটো হ’ল, তেওঁৰ প্ৰিয় শিষ্য ভূপেন হাজৰিকাই এই ঘটনাক লৈ এষাৰো মাত নামাতিলে। ৰাজ্যখনৰ কথাটো বাদেই তেজপুৰতো বিষ্ণু ৰাভাৰ গ্ৰেপ্তাৰৰ কোনো প্ৰতিবাদ নহ’ল। একমাত্ৰ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাহসেৰে লিখিছিল সেই বিখ্যাত কবিতা- ‘বিষ্ণুৰাভা এতিয়া কিমান ৰাতি’…”
–লোকনাথ গোস্বামী।
(দুই)
অসমৰ সমাজ-সাহিত্য-সংস্কৃতি, ৰাজনীতি ইত্যাদি বিভিন্ন ক্ষেত্ৰৰ আমাৰ সকলোৰে চিনাকী কেইগৰাকীমান শ্ৰদ্ধেয় ব্যক্তিয়ে ৰাভাদেউৰ জীৱন আৰু কৃতিৰ মূল্যায়ন কেনেকৈ কৰিছে, তাৰ এটা চমু আভাস দিবলৈ কৰা প্ৰয়াসৰ ফল ওপৰৰ কথাখিনি। তাৰ বাবে কেইবাখনো কিতাপত চকু ফুৰাব লগা হৈছিল। তেতিয়াই আন দুটামান কথাও চকুত পৰিছিল। এতিয়া তাকেই তুলি দিওঁ বুলি ভাবিছোঁ। নাহৰ ফুলে নুশুৱায়, লগন ওকলি গ’ল, পৰজনমৰ শুভ লগনত ইত্যাদি বহুকেইটা প্ৰেম-বিৰহৰ গীত লিখা জনহে বিষ্ণু ৰাভা বুলি আমাৰ এতিয়াও বহুতৰে ধাৰণা আছে। তাতে ‘কলাগুৰু’ উপাধিটোৰে তেনে পৰিচয়ৰ মাজতে তেখেতক আবদ্ধ ৰাখিবলৈ চেষ্টা এতিয়াও চলি আছে। আন কথাবোৰৰ আলোচনা তেনেকৈ নহয় বা ইচ্ছাকৃতভাৱে বাদ দি থোৱা হয়। তেনেকুৱা আলোচনা নোহোৱা দুটামান কথা-
১) বিৰাশী চনৰ আগে আগে বিষ্ণু ৰাভাৰ জীৱন আৰু অৱদানৰ বিষয়ে এখনি গ্ৰন্থ প্ৰকাশৰ কথা চিন্তা কৰি বহু জন লেখক, বুদ্ধিজীৱীৰ পৰা লেখা বিচৰা হৈছিল।এই অভিযানত সম্পাদনা সমিতিয়ে বৰ বিচিত্ৰ অভিজ্ঞতা লাভ কৰিছিল। লেখা দিবলৈ অস্বীকাৰ কৰি তাচ্ছিল্যৰে এগৰাকী কলাজ্ঞানী সমালোচক-সাহিত্যিকে বোলে এনেকৈ কৈছিল, “..ৰাভাইনো কি সংস্কৃতি কৰিছিল হে? সংস্কৃতি আৰু কিছুমান অসমীয়া শব্দৰ উৎপত্তি সম্পৰ্কে ৰাভাই অদ্ভুত বাখ্যা দাঙি ধৰিছিল মাথোঁ.. তেওঁ য’তে ৰাতি ত’তে কাতি হোৱা মানুহ হে.. আমাৰ পিছে ঘৰ-বাৰী আছে বাবেই ৰাভাৰ দৰে সংস্কৃতি কৰিব নোৱাৰিলোঁ। ৰাভাৰ শৰীৰৰ অবয়ব আছিল বিৰাট.. সেয়ে তেওঁ মঞ্চত ওলাই গাটো লৰাই দিয়াতেই বহুতে নৃত্য প্ৰদৰ্শন কৰা বুলি ভাবিছিল। প্ৰকৃততে ৰাভা প্ৰতিভাৰ কোনো স্থায়িত্ব নাথাকিব..।” এইখিনি কথা আছিল এজন ‘মুধাফুটা’ সাহিত্যিক-সমালোচকৰ। এই অভিজ্ঞতাৰ কথা লিখিছে পৰমানন্দ মজুমদাৰ ডাঙৰীয়াই। তাৰ পৰাই ধাৰণা হয়- অসমীয়া বুদ্ধিজীৱীৰ এটা অংশই চাগে এতিয়াও ৰাভাক কোনো গুৰুত্ব দিবলগীয়া মানুহ বুলিয়েই নেভাবে! কিন্তু এতিয়া উপায় নাই! মুখেৰে কেতিয়াবা বাধ্যত পৰি শলাগ ল’ব লগা হয়! তাকো তেওঁৰ ৰাজনৈতিক জীৱনৰ কথা ভুলতেও নকয়। গান-বাজানা, কলাগুৰু ইত্যাদি- তাতোকৈ আৰু কিবা আছে জানো??
২) অসম সাহিত্য সভাৰ বাৰু ৰাভাৰ প্ৰতি ধাৰণা কেনে আছিল? জীৱন কালত ৰাভাৰ প্রতিভাই স্বীকৃতি পাইছিল নে? এই বিষয়ে এটি উদাহৰণ দি অসমৰ প্ৰসিদ্ধ সাহিত্যিক-সমালোচক, অধ্যাপক শশী শৰ্মাই তেখেতৰ “বিশ্ব প্ৰেমী বিষ্ণু প্ৰসাদ ৰাভা” শীৰ্ষক গ্ৰন্থৰ মাজত (পৃষ্ঠা ৭৭) এনেদৰে লিখি থৈ গৈছে, “অসম সাহিত্য সভা আধুনিক অসমৰ সৰ্ব প্ৰাচীন আৰু সৰ্ব বৃহৎ সাংস্কৃতিক অনুষ্ঠান। সাহিত্য সভাৰ ৰথী-মহাৰথীসকলৰ মানত ৰাভা আছিল “নষ্ট যোৱা ল’ৰা” (Spoiled Child)। ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা আন্দোলনৰ ধামখুমীয়াত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ অষ্টাবিংশতম মির্জা অধিৱেশন। সাহিত্য সভাই ৰাভাক সাংস্কৃতিক সন্মিলনৰ অতিথি ৰূপে নিমন্ত্রণ জনাইছিল, আচলতে নিমন্ত্ৰণ জনাবলৈ বাধ্য হৈছিল স্থানীয় লোকৰ হেঁচাত। আমি নিজে তাত উপস্থিত থাকি দুঃখেৰে লক্ষ্য কৰিছিলোঁ যে, ৰাভাৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগে সাহিত্য সভাৰ সভাপতিকে ধৰি আটাইবোৰ প্রতিনিধি আঁতৰি গৈছিল শিবিৰলৈ, খোৱা-লোৱা সম্পন্ন কৰি তেওঁলোকে কৰিছিল বিশ্ৰাম, ৰাভাই কিন্তু প্রায় আঢ়ৈ ঘণ্টা জুৰি অসমৰ সংস্কৃতি আৰু ঐক্য-সংহতিৰ বিষয়ে বক্তৃতা দিছিল আৰু থিয় দি থাকিয়ে নীৰৱে আৰু আনন্দমনে বক্তৃতাৰ মৌ পান কৰিছিল বহুজনৰ দ্বাৰা উপেক্ষিত কৃষক বনুৱা জনগণেহে… “
৩) অসম প্ৰকাশন পৰিষদৰ ওচৰতো ৰাভাৰ সৃষ্টিয়ে কোনো গুৰুত্ব পোৱা নাছিল। এই প্ৰসংগ উল্লেখ কৰি ডঃ হীৰেন গোহাঁয়ে ১৯৮২ চনত এনেদৰে লিখিছিল, ” অসমীয়া ৰাইজৰ কল্যানৰ হকে জীৱন উছৰ্গা কৰি দিহিঙে দিপাঙে বনাই ফুৰা ৰাভাৰ শৃংখলহীন জীৱনত তেওঁ যিবোৰ গীত, কবিতা আৰু ৰচনা অসমৰ অ’ত-ত’ত সিঁচৰতি কৰি থৈ আহিছিল, সেইবোৰ তেওঁৰ পৰিবাৰ মোহিনী ৰাভাই আজিও বুকুত বান্ধি ৰৈ আছে। অথচ লাখ লাখ টকা ঘৰ সজাত খৰছ কৰিবলৈ কাৰ্পণ্য নকৰা অসম প্ৰকাশন পৰিষদে, দাম-দৰ কৰি মাত্ৰ ৫০০০ টকাৰ বাবে ৰাভাৰ ৰচনাৱলী ওভতাই পঠিয়ালে। ৰাভাৰ প্ৰতি অনাদৰ-অৱহেলাৰ, ৰাভাৰ স্মৃতিৰ প্ৰতি অসন্মানৰ ইয়াতকৈ মৰ্মান্তিক উদাহৰণ থাকিব পাৰেনে?”
এইখিনিতে উল্লেখযোগ্য যে তাৰ কেইবছৰ মানৰ পাছত মোহিনী ৰাভাৰ সেই সপোনে বাস্তৱ ৰূপ পাইছিল। তেওঁৰ নেতৃত্বত গঠন হোৱা তেজপুৰৰ ৰাভা ৰচনাৱলী প্ৰকাশন সংঘই অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি সংগ্ৰহ কৰা ৰাইজৰ দান-বৰঙণিৰ বলতে ১৯৮৮ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ কৰি উলিয়ালে দুটা খণ্ডত সু বৃহৎ “বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ”। সম্পাদক হিচাবে এই গোটেই প্রচেষ্টাৰ গুৰি ধৰা ডাক্তৰ সৰ্বেশ্বৰ বৰা ডাঙৰীয়া আমাৰ অশেষ ধন্যবাদ আৰু শলাগৰ পাত্ৰ।ৰচনা সম্ভাৰৰ মুখ্য সম্পাদক হিচাবে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল অসমৰ প্ৰসিদ্ধ গল্পকাৰ-ঔপন্যাসিক যোগেশ দাস ডাঙৰীয়াই।
৪) আজিৰ দৰেই বিষ্ণু ৰাভাৰ জীৱনকালতো তেওঁৰ মাৰ্ক্সীয় আনুগত্য অসমীয়া মধ্যশ্ৰেণীৰ এক বুজন অংশৰ বাবে অস্বস্তি আৰু উদ্বেগৰ কাৰণ হৈ পৰিছিল। সেই সময়ৰে দুটা সৰু ঘটনাৰ পৰা কথাটো বুজিব পাৰি। “সৈনিক শিল্পী বিষ্ণু ৰাভা” গ্ৰন্থত “বিষ্ণু প্ৰসাদৰ মূল্যায়নৰ প্ৰয়োজনীয়তা তথা সমস্যা” শীৰ্ষক এটি লেখাত অসমৰ প্ৰসিদ্ধ যুক্তিবাদী লেখক-সমালোচক প্ৰসেনজিৎ চৌধুৰীয়ে সেই দুটা ঘটনাৰ কথা উল্লেখ কৰিছে এনেদৰে, “গুৱাহাটীৰ এক অভিজাত পৰিয়ালত গান-বাজনা কৰাৰ পাছত খোৱাৰ সময়ত এজনে বিষ্ণুৰাভাক ক’লে, ‘দাদা, আপুনি কমিউনিষ্ট পাৰ্টি এৰক।’ বিষ্ণুৰাভাই তৎক্ষণাত হাত ধুই ওলাই আহি ক’লে, ‘তোমালোকৰ লগত বহি ভোজ খালো বুলিয়েই উপদেশ ল’বলৈ অহা নাই।’
দ্বিতীয় ঘটনাটো ঘটিছিল এক আড্ডাত। বিষ্ণুৰাভা তেতিয়া সশস্ত্ৰ সংগ্ৰামত যোগ দিবলৈ প্ৰস্তুত হৈছে। তাকে জানি তেওঁৰ সম্ভ্ৰান্ত বংশীয় বন্ধু কেইজনমানে ৰাভাক ক’লে যে তেওঁ ৰাজনীতিলৈ যাব নালাগিছিল। অসমৰ ৰাইজে তেওঁক আন ক্ষেত্ৰতহে পাবলৈ বিচাৰে। এই অযাচিত পৰামৰ্শ শুনি বিষ্ণু প্ৰসাদে ক্ষুব্ধ আৰু বিৰক্ত হৈ হেনো ক’লে, ‘অসমৰ ৰাইজ মানে তোমালোকেই নে?’ প্ৰশ্নটো সৰু যদিও অসীম তাৎপৰ্যপূৰ্ণ।”
এনেকুৱা কথাক যে বিষ্ণুৰাভাই একেবাৰে গুৰুত্ব দিয়া নাছিল, সেইয়াই প্ৰমাণ।
৫) ৰাভাদেউক কলাগুৰু উপাধি বাৰু কোনে প্ৰদান কৰিছিল? এই বিষয়ে তিলক দাসৰ ৰাভাৰ আত্মজীৱনী “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি”ত একো উল্লেখ নাই। গোকুল চন্দ্ৰ ডেকাই লিখা সৰু জীৱনী এখনত মাথোঁ উল্লেখ আছে যে কাশী বিশ্ববিদ্যালয়ত প্রদর্শন কৰা নটৰাজ নৃত্যত মুগ্ধ হৈ তেতিয়াৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে বিষ্ণুপ্ৰসাদক ১৯৪০ চনত এই উপাধি প্ৰদান কৰিছিল। কিন্তু এই কথাটো সত্য নহয় বুলি বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰত প্ৰকাশিত “কলাগুৰু প্ৰসংগ: বিষ্ণু ৰাভাৰ এখন আপুৰুগীয়া চিঠি” শীৰ্ষক লেখাটোত স্পষ্ট কৰা হৈছে। ৰাভাই সৰ্বপল্লী ৰাধাকৃষ্ণণক লগেই পোৱা নাছিল। ৰাভাই তেওঁৰ সুহৃদ তৰুণ হাজৰিকালৈ বেনাৰসৰ পৰা সেই সময়ছোৱাতে (১৯৪০) লিখা এখন চিঠিত সেই বিষয়ে একো উল্লেখ নাই। সেই লেখাটোতে স্পষ্ট কৰা হৈছে যে ৰাভাক ‘কলাগুৰু’ বুলি লিখা প্ৰথম ব্যক্তিগৰাকী হ’ল তেজপুৰৰ বিশিষ্ট সাংবাদিক বিবুধ কলিতা। ‘দৈনিক অসম’ কাকতত ১৯৬৯ চনৰ ২১ জুন তাৰিখে প্ৰকাশ পোৱা ৰাভাৰ মৃত্যু সংবাদটোত তেওঁ কলাগুৰু শব্দটো ব্যৱহাৰ কৰিছে আৰু তেতিয়াৰ পৰাই এই উপাধিটোৰ প্ৰচলন হৈছে। (পৃষ্ঠা ১৪০২, বি:ৰা:ৰ:সম্ভাৰ)। এই উপাধি প্ৰদান সম্পৰ্কীয় বহুল প্ৰচাৰিত ভুল বাতৰিটোৰ দৰে ৰাভাৰ মূৰৰ দাম তেতিয়াৰ অসম চৰকাৰে দহ হেজাৰ টকা ধার্য্য কৰিছিল বুলি চলি অহা কথাটোও সত্যৰ ওপৰত আধাৰিত নহয়। যোৱা ২০ জুন তাৰিখে ৰাভাৰ স্মৃতি দিৱসৰ দিনা অনুষ্ঠিত হোৱা অনলাইন আলোচনা চক্ৰ এটিত কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক নুৰুল ইছলাম শইকীয়াই সেই কথা সেই সময়ৰ চৰকাৰে প্ৰকাশ কৰা কাকতৰ বিজ্ঞাপনৰ তথ্য প্ৰমাণ দাঙি ধৰি অসত্য বুলি প্ৰতিপন্ন কৰা শুনিবলৈ পালোঁ। প্ৰকৃত সত্যটো হ’ল যে চৰকাৰে ৰাভাৰ লগতে মুঠতে ঊনৈছজন বিপ্লৱীৰ নাম উল্লেখ কৰিছিল, ৰাভাৰ নাম আছিল পাঁচ নম্বৰত আৰু দাম ধার্য্য কৰা হৈছিল ৭৫০ টকা।
(তিনি)
অসমৰ দিহিঙে-দিপাঙে ঘুৰি ফুৰা বিষ্ণু ৰাভাৰ বাবে অসমৰ প্ৰতিঘৰ মানুহেই আপোন আছিল। অসমীয়া মুধাফুটা সাহিত্যিক-সমালোচক একাংশৰ বিষ্ণুৰাভা সম্পৰ্কে ধাৰণা কি আছিল বা এতিয়াও আছে, ওপৰত উনুকিয়াইছো, এইবাৰ আহকচোন- সাধাৰণ মানুহৰ লগত ৰাভাৰ সম্পৰ্ক কেনে আছিল, তেওঁলোকৰ মনত, বুকুত ৰাভাৰ কি স্থান আছিল, ‘সৈনিক শিল্পী বিষ্ণুৰাভা’ কিতাপখনৰ “পথৰ সঞ্চয়” শিতানত কেইগৰাকীমান সাধাৰণ শ্ৰেণীৰ ব্যক্তিয়ে প্ৰকাশ কৰা মনোভাৱৰ মাজেৰে উমান লওঁ –
১) দীঘেলী(টিহু)ৰ হাৰুণ আলীয়ে লিখিছে, “১৯৫০ চনৰ ২৬ জানুৱাৰীৰ ‘গণতন্ত্ৰ দিৱস’ৰ দিনা দীঘেলীতে ক’লা পতাকা উত্তোলন কৰি ‘ইয়ে আজাদী ঝুথা হ্যায়’ ধ্বনি দিয়া হৈছিল। এই কাৰ্যত ৰাভাৰ উদ্গনি কম নাছিল।.. এই ঘটনাৰ পাছতে ৰাভাৰ মূৰৰ দাম দহ হাজাৰ টকা ঘোষণা কৰা হয়। এই ঘটনাত সচকিত হৈ তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহেৰুৱে ‘দীঘেলী কি?’ বুলি অসম চৰকাৰলৈ তাঁৰ-বাৰ্তা পঠোৱাৰ কথা আমি শুনিব পাইছিলোঁ।
১৯৬৮ চনত ৰাভা ভেলোৰৰ পৰা চিকিৎসা লৈ ঘুৰি অহাৰ পাছত তেখেতৰ লগত শেষবাৰৰ বাবে দেখা-দেখি হওঁ। তেতিয়া তেখেতে মোক কৈছিলঃ ‘কমৰেডসকল, গোটেই জীৱন সংগ্ৰামতেই শেষ হ’ল। এই সংগ্ৰাম আছিল শোষক শ্ৰেণীৰ বিৰুদ্ধে। এতিয়া সংগ্ৰাম হৈছে যমৰ বিৰুদ্ধে। এই সংগ্ৰাম শেষ নহ’ব যেন লাগিছে।’”
২) নলবাৰীৰ ধূপাৰাম বসুমতাৰীয়ে লিখিছে, “এদিনৰ কথা, তেওঁ দুপৰীয়া আমাৰ ঘৰত আহাৰ গ্ৰহণ কৰাৰ কথা। তেওঁলৈ অপেক্ষা কৰি আছোঁ। দুপৰীয়া বাৰ বাজিছে। কিন্তু তেওঁৰ দেখাদেখি নাই। বিচাৰি গৈ এঠাইত তেওঁক দেখি বিস্ময় মানিলোঁ! নলবাৰী পৌৰসভাৰ হৰিজনসকলৰ চৰ্দাৰ জিঙ্গাৰাম বাচকুৰৰ লগত প্ৰফুল্লচিত্তে আহাৰ গ্ৰহণ কৰি আছে। মোক দেখি মিচিককৈ এটি হাঁহি মাৰি ক’লে- “মোৰ আহাৰ ভগৱানে আজি ইয়াতে মিলালে। আপোনালোকেও গ্ৰহণ কৰক গৈ। মোলৈ আৰু ৰৈ থাকিব নেলাগে।” মহামানৱ মহাত্মা গান্ধীৰ এনে অস্পৃশ্যতা বৰ্জনকাৰী লোক কেইজন আছে।?..”
ৰাভাদেৱে আত্মগোপন কৰি থাকি পিছত নিজে ধৰা দি জেলৰ পৰা ওলাই অহাৰ পাছত সভা-সমিতিৰ বক্তৃতা মঞ্চৰ পৰা সততে কৈ ফুৰিছিল- মোক ৰাইজে মৰমেৰে, চেনেহেৰে আগুৰি ৰাখিছিল। মই জনসমুদ্ৰৰ মাজত মাছৰ দৰে সাঁতুৰি-নাদুৰি আছিলোঁ। তথাপিও চৰকাৰৰ আৰক্ষীৰূপী মাছৰোকাসকলে মোক ধৰিবৰ শকতি নহ’ল– বুলি নিজে গৌৰৱ কৰিছিল। কথাটো সত্য।তেওঁক ধৰাই দিব পৰা জনক পাঁচ হেজাৰ টকা দিব বুলি চৰকাৰে ঘোষণা জাৰি কৰা স্বত্ত্বেও কোনোজনে তেওঁক ধৰাই নিদিলে। এয়া জানো ৰাইজৰ তেওঁৰ প্ৰতি থকা মৰম-চেনেহ আৰু শ্ৰদ্ধাৰ চিন নহয়?
৩) বেংতল, গোৱালপাৰাৰ ভবেন ওৱাৰিয়ে লিখিছে, “ৰাভাৰ আগমনৰ কথা কেনেবাকৈ গম পাই তেতিয়াৰ চিদলি থানাৰ অ’চি পদ্ম দত্তই ৰাভাই অভিনয় কৰা ‘চিৰাজ’ৰ ফটো দেখুৱাই মোৰ ওচৰলৈ আহি সুধিছিল-“আপুনি এই ফটো চিনি পায় নে?”
মই কৈছিলোঁ- অ’ পাওঁ। এয়া বিষ্ণুৰাভা।
তাৰ পাছত অ’চিয়ে কেনেকৈ চিনি পাওঁ সুধিলে আৰু এইফালে আহিছে নেকি তাকো সুধিলে। দেখুৱাই দিলে পুৰস্কৃত কৰিব বুলি প্ৰলোভন দিয়াৰ পাছতো ৰাভাৰ খবৰ নিদিলোঁ।”
৪) সৰুকুৰচাকাটি, কোকৰাঝাৰৰ বিপিন দৈমাৰীয়ে লিখিছে, “ৰাভাক গ্ৰেপ্তাৰ কৰাৰ সময়ত অসমৰ বিখ্যাত মানুহবিলাকে প্ৰতিবাদ কৰা নাছিল। (সেই কথা লোকনাথ গোস্বামীয়েও লিখিছে)। কিন্তু আমাৰ ইয়াৰ গ্ৰামাঞ্চলত- য’ত য’ত ৰাভাই অজ্ঞাতবাসত কটাইছিল সেইবোৰ গাঁৱত গঞা ৰাইজে প্ৰতিবাদত মিছিল কৰিছিল।”
ৰাভাদেৱ এজন ভাল জননেতা আছিল। গঞা ৰাইজে তেওঁক মৰমেৰে আঁকোৱালী লৈছিল।
৫) দলুৱা(ঘগ্ৰাপাৰ)ৰ ভৰত কলিতাই লিখিছে, “ৰাভাৰ ত্যাগৰ ফলতেই আজিও দলুৱা অঞ্চল এটা কমিউনিষ্ট অধ্যুষিত অঞ্চল। ৰাভাৰ স্মৃতি ইয়াৰ বয়োবৃদ্ধসকলৰ হৃদয়ত এতিয়াও সজীৱ হৈ আছে। এতিয়াৰ চামে ৰাভাৰ প্ৰতি অধিক আকৃষ্ট হৈছে। ৰাভাৰ ওপৰত ইয়াত ‘নাগাৰা নাম’ প্ৰচলিত হৈছে। বিষ্ণুৰাভাৰ স্মৃতি (লগতে জ্যোতিপ্ৰসাদ) যুগমীয়া কৰিবলৈ এই গাঁৱত স্থাপিত হৈছে “বিষ্ণু-জ্যোতি হাইস্কুল”৷”
এইকেইটা বহুতৰ মাজত মাত্ৰ দুটামান উদাহৰণ। অসমৰ গাঁৱে-ভূঞে এনে ব্যক্তি আৰু বহু জন ওলাব।
আজীৱন এইদৰে ৰাইজৰ মাজত কটোৱা ৰাভাই মৃত্যুৰ মাথোঁ অলপ দিনৰ আগতে তেজপুৰ সাহিত্য সভাত দিয়া ভাষণত সাধাৰণ ৰাইজৰ প্ৰতি থকা তেওঁৰ মৰম আৰু আস্থা, ৰাইজৰ সৈতে থকা তেওঁৰ প্ৰীতিৰ বান্ধোনৰ কথা প্ৰকাশ কৰিছিল অপূৰ্ব শব্দ চয়নেৰে, মৌ সনা এইখিনি কথাৰে, “মানুহে মোক শিল্পী বুলি কয়।-যদি মই শিল্পী হওঁ, বিধাতাৰ আশীৰ্বাদত মই শিল্পী হোৱা নাই,- ৰাইজৰ আশিসতহে মই শিল্পী হৈছোঁ। ৰাইজৰ হিয়া-কোঁহৰ পৰা এটুপি এটুপি সুন্দৰৰ ৰহ বুটলি আনি মই মোৰ মনকোঁহত ভৰাই লওঁ। সেই মন-কোঁহকে ৰহ-ঘৰা মৌ-কোঁহ ৰচি ভৰাই তাৰ পৰা টোপাল টোপাল ৰহ নিঙাৰি নিঙাৰি নিগৰি নিগৰি উলিয়াই ৰাইজক বিলাই দিওঁ। সেয়েহে ৰাইজৰ লগত মোৰ জীৱনৰ সম্পৰ্ক ওতপ্ৰোতভাৱে জড়িত আৰু সেই কাৰণে ৰাইজৰ দুখত মই সমদুখী, ব্যথাত সমব্যথী। আজি মই দুৰাৰোগ্য ৰোগত আক্রান্ত- অথচ মোৰ ৰাইজৰূপী গণ দেৱতা মোৰ আৰোগ্যৰ কাৰণে দৃঢ়-প্ৰতিজ্ঞ। সেয়েহে মোৰ দৃঢ়-বিশ্বাস, মোৰ আৰোগ্য অৱশ্যম্ভাৱী।”
(চাৰি)
জনজাতিসকলৰ বিষয়ে ৰাভাদেউৰ ধাৰণা অসমীয়া মধ্যবিত্ত নেতৃত্বৰ লগত মিলা নাছিল। এটা সৰু ঘটনাৰ কথা ডঃ হীৰেন গোহাঁই ছাৰে তেওঁৰ এটি লেখাত উল্লেখ কৰিছে এনেদৰে, “১৯৬৮ চনৰ তেজপুৰ সাহিত্য সভালৈ আদি জনজাতীয় নৃত্য গীত পৰিৱেশন কৰিবলৈ নেফা (তেতিয়াৰ অৰুণাচল)ৰ দল এটাক নিমন্ত্ৰণ কৰা হৈছিল। অনুষ্ঠান দীঘলীয়া হ’ব বুলি উদ্যোক্তাসকলে শেষ মুহূৰ্তত এই দলটোক অনুষ্ঠানৰ পৰাই বাদ দিব খুজিছিল। ৰাভাই ৰুদ্ৰমূৰ্তি ধৰি অভ্যৰ্থনা সমিতিৰ পৰা পদত্যাগ কৰিব বুলি কোৱাত তেওঁলোক “অবাক” হ’ল আৰু সেই নৃত্য গীত হ’বলৈ দিলে। জনজাতীয়সকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা আৰু সন্মান থকা হ’লে অসমীয়া মধ্যবিত্ত নেতাসকলে এনে আচৰণ নকৰিলেহেঁতেন।”
এই কথা ভালকৈ বুজি পাইছিল বাবেই ৰাভাই “আৱাহন”ৰ বুকুত এনেদৰে সতৰ্ক বাণী শুনাইছিল, “অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগত একে আসনত ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজ নেতাসকলে এতিয়াৰ পৰাই চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসমূহৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত আৰু এটা গৃহ কন্দলৰ বাহ সাজি দিয়া হ’ব।”(আৱাহন, ২য় বছৰ, ১১ শ সংখ্যা।)
(ডঃ হীৰেন গোহাঁইৰ বিষ্ণু ৰাভা আৰু অসমৰ জাতি সমস্যা”, শীৰ্ষক নিবন্ধৰ পৰা উদ্ধৃত)
কোৱা বাহুল্যহে মাথোঁ, সেইখিনি কথা তেতিয়াই বুজি পোৱা হ’লে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ সম্পৰ্কত কোনোদিনেই ফাঁট নেমেলিলহেঁতেন, বৰ অসমে সঁচা অৰ্থত বাস্তৱ ৰূপ পালেহেঁতেন! তেওঁ কোনোদিনেই জনজাতিসকলৰ মাজত আছুতীয়া মনোভাৱ সৃষ্টিৰ পক্ষপাতী নাছিল, তাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পাৰস্পৰিক সন্মান প্ৰদৰ্শনৰ ওপৰতহে সদায়েই জোৰ দিছিল। সেয়াই বাস্তৱত প্ৰতিফলিত হোৱা হ’লে আমি সঁচাকৈ এখন সুন্দৰ আৰু সমৃদ্ধিশালী বৰ অসমত থাকিবলৈ পালোঁহেঁতেন, তাত বিন্দুমাত্রও সন্দেহ নাই!
ৰাভাদেউৰ সৃষ্টি আৰু শিকনিৰ গূঢ়াৰ্থ নুবুজালৈকে, তেওঁৰ সৃষ্টি আৰু চিন্তাধাৰাৰে অনুপ্ৰাণিত হৈ তেওঁৰ সপোনৰ সমাজ আৰু সংস্কৃতি গঢ় দিয়াৰ চেষ্টাত ব্ৰতী নোহোৱালৈকে তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধা নিবেদন সম্ভৱ বুলি ভাবিব নোৱাৰি।
ৰাভাদেউ, আমি আপোনাক আজিও বুজিবলৈ সমৰ্থ হ’ব পৰা নাই, আমি ক্ষমাপ্ৰাৰ্থী!
সহায়ক গ্ৰন্থ:
বিষ্ণু প্ৰসাদ ৰাভা ৰচনা সম্ভাৰ
সৈনিক শিল্পী বিষ্ণু ৰাভা
বিশ্বপ্ৰেমী বিষ্ণু ৰাভা