সন্তুষ্টি – ( মূল : অট্ট’ ৰেনে কেষ্টিলো, অনুবাদ: সুজাতা হাতীবৰুৱা)
যিসকলে গোটেই জীৱন জুৰি যুঁজিলে
তেওঁলোকৰ আটাইতকৈ ধুনীয়া কথাটো হ’ল –
শেষবিন্দুত আহি পাই কোৱা –
মানুহ আৰু জীৱনক
বিশ্বাস কৰিছিলো আমি
আৰু জীৱন আৰু মানুহে আমাক কেতিয়াও
নিৰাশ কৰা নাই
মানুহ আৰু জীৱনৰ বাবে
দিনে-ৰাতিয়ে যুঁজি যুজি
কেৱল এই পথেৰেহে পুৰুষ হ’ব পাৰে পুৰুষ
নাৰী হ’ব পাৰে নাৰী
আৰু যেতিয়া এই জীৱনবোৰ পৰিসমাপ্তিৰ দিশলৈ আহে
মানুহবোৰে তেওঁলোকৰ গভীৰতম নদীবোৰ খুলি দিয়ে
আৰু তেওঁলোক সেই গভীৰতাত চিৰ জীৱনৰ বাবে প্ৰৱেশ কৰে
আৰু দৃষ্টান্তৰ হৃদয় গঢ়ি
দূৰণিৰ জীৱন্ত জুই হৈ পৰে
যিসকলে গোটেই জীৱন জুৰি যুঁজিলে
তেওঁলোকৰ আটাইতকৈ ধুনীয়া কথাটো
হ’ল –
শেষবিন্দুত আহি পাই কোৱা –
মানুহ আৰু জীৱনক বিশ্বাস
কৰিছিলো আমি
আৰু জীৱন আৰু মানুহে আমাক কেতিয়াও
নিৰাশ কৰা নাই।