কেন্দ্ৰীয় নিবন্ধনিবন্ধ

শশী শৰ্মাৰ কলমত বিষ্ণু ৰাভা (প্রথম অংশ) (প্ৰণৱজ্যোতি ডেকা)

বিষ্ণু ৰাভাৰ মৃত্যুৰ সোণালী জয়ন্তী অতিক্ৰম কৰিলে ২০১৯ চনৰ জুন মাহত, কিন্তু ৰাভাৰ গুণ-গৰিমা যেন এতিয়াও সীমাবদ্ধতাৰ মাজতেই আছে, যেন ৰাভা মানুহজনক বুজিবলৈ অসমবাসীৰ আৰু বহু বছৰ লাগিব! তথাপিও কিন্তু স্থিতাৱস্থাৰ বাহকসকলৰ ৰাভাৰ প্ৰতিভাক নস্যাত কৰাৰ সাহস নাছিল, কলাগুৰু হিচাপে প্ৰতিষ্ঠিত হ’লেও ৰাভা যে বিপ্লৱী, বিদ্ৰোহী এই কথা আজি লুকাই থকা নাই। ৰাভাৰ জীৱনৰ মাজেদিয়েই এই সত্য প্রতিপন্ন হৈছে।

তেওঁৰ অন্যতম সহসংগ্রামী ড° অমলেন্দু গুহই ৰাভাৰ বিষয়ে কৈছে, “ৰাভা ধনীৰ শত্ৰু গৰীবৰ বন্ধু, সৰল বিশ্বাসী, হোজা, নগৰত ধনীৰ ঘৰত আলহী থাকিও অসুবিধা নাপায়, দুখীয়াৰ পঁজাতো অসুবিধা নাপায়” (বিশ্বপ্ৰেমী ৰাভা, পৃষ্ঠা ১৭৬)। বিষ্ণু ৰাভাৰ মৃত্যুৰ বাতৰিত মৰ্মাহত হৈ বিশ্ববৰেণ্য লেখক সমাজ-বিজ্ঞানী ড সুনীতি কুমাৰ চট্টোপাধ্যায়ে কৈছিল, “জীৱন্ত  ৰাভাতকৈও মৃত ৰাভাৰ অস্তিত্ব অতি ব্যাপক আৰু মহান। ইটালীৰ বিশ্ববৰেণ্য চিত্রশিল্পী লিওনার্ডো দ্যা ভিঞ্চিতকৈও ৰাভাৰ এটা গুণ বেছি আছিল। কাৰণ তেওঁৰ হাতত  আছিল এটা ষ্টেনগান …..” ; আনহাতে বিশিষ্ট চিন্তাবিদ ড অন্নদাশঙ্কৰ ৰায়দেৱে কৈছিল, “ৰাভা আছিল ইনচান-ই-কামিল”—, অর্থাৎ  প্ৰকৃতাৰ্থত “বিশ্বৰ মানুহৰ প্রতিনিধি”। ৰাভাৰ জন্ম যদি আন দেশত হ’লহেতেন, ৰাভা বিশ্বৰ শ্ৰেষ্ঠপুৰুষ ৰূপে প্রতিভাত হ’লহেতেন…”(লোহিত চন্দ্ৰ দাস, বিষ্ণুৰাভা মানুহজন, সম্পাদনা , শান্ত  বৰ্মন, পৃষ্ঠা ১১)।

শশী শৰ্মাৰ জীৱন-দৰ্শনত ৰাভাৰ প্ৰভাৱ কি? বহু কিতাপ-কাগজ খুচৰিলোঁ, আনকি তেখেতৰ ডায়েৰীৰ পাতো লুটিয়ালোঁ, কিন্তু বিষ্ণু ৰাভাৰ লগত শশী শৰ্মাৰ প্ৰত্যক্ষ সংস্পৰ্শৰ কোনো তথ্য বিচাৰি নাপালোঁ। অৱশ্যে বিষ্ণু ৰাভাৰ কেইবাখনো সভাত শশী শৰ্মা উপস্থিত আছিল শ্ৰোতা হিচাপে, ৰাভাৰ কথাবোৰ মন দি শুনিছিল আৰু এই কথাবোৰে স্কুলীয়া ছাত্ৰ শশী শৰ্মাক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল।

গতিকে সেই সৰুকালৰে পৰাই শশী শৰ্মাই বিভেদ-বিচ্ছিন্নতাহীন শোষণ-নিপীড়নহীন এখন সমাজৰ প্ৰতি আকৃষ্ট হোৱাৰ অন্যতম কাৰণ বিষ্ণু প্ৰসাদ ৰাভা বুলি ক’লে অত্যুক্তি কৰা নহ’ব। ব্ৰাহ্মণ পৰিয়ালত জন্ম গ্ৰহণ কৰা শশী শৰ্মা সৰুৰে পৰাই অধ্যাত্মিকতাৰ মাজত লালিত পালিত। তেখেতৰ পিতৃ আছিল পুৰোহিত। শশী শৰ্মাই ভাবিছিল, বেদক যদি চৰম আধ্যাত্মিকতাৰ নিদৰ্শনৰূপে শ্রদ্ধা-সম্মান কৰা হয়, তেনেহ’লে সাম্যবাদীক অভাৰতীয় বা আধ্যাত্মিকতাহীন বুলি আখ্যায়িত কৰা কাৰ্য চৰম বিভ্রান্ত্ৰিকৰ আৰু অক্ষমনীয় অপৰাধেই বা নহ’ব কিয়? কাৰণ বেদেও জানো কোৱা নাছিল, “তোমালোকৰ অভিপ্রায় এক হওক, অন্তঃকৰণ এক হওক, তোমালোকৰ মন এক হওক, তোমালোক যেন সর্বাংশে আৰু সম্পূর্ণৰূপে এক হোৱা” (ঋগবেদ:১০/১৯১/৪)। ৰাভাৰ বক্তৃতা শুনি শশী শৰ্মাই অনুভৱ কৰিছিল, “সাম্যবাদেও দেখোঁ তাকেই কামনা কৰে”( বিষ্ণু ৰাভাৰ পৰা ভীমবৰ দেউৰীলৈ, পৃষ্ঠা,৩১)।

বিষ্ণু ৰাভা মানুহজনৰ লগত শশী শৰ্মাৰ প্ৰত্যক্ষ সাক্ষাৎ নহ’লেও তেওঁৰ আদৰ্শৰ সতে আছিল এৰাব নোৱাৰা সম্পৰ্ক। শশী শৰ্মাৰ বয়স বাঢ়ি অহাৰ লগে লগে অনুভৱ কৰিছিল যে  কমিউনিষ্টৰ বিষয়ে অপপ্ৰচাৰ বা অপব্যাখ্যা যে সমাজৰ কাৰণে, জাতিৰ কাৰণে, বিশ্বমানৱতাৰ কাৰণে চৰম অকল্যাণকৰ কাৰ্য, তাক যিমান সোনকালে হৃদয়ংগম কৰিবলৈ লোৱা হয়, মানৱতাৰ কাৰণে সি হ’ব সিমানেই মংগলময়। বিষ্ণু ৰাভাও আছিল মানুহৰ পৰম মংগলকামী বিপ্লৱী শিল্পী-সাহিত্যিক। তেওঁ সৈনিক-সদৃশ নিষ্ঠাৰে আৰু নিয়মানুৱর্তিতাৰে সমাজৰ বৈপ্লৱিক ৰূপান্তৰ সাধিব বিচৰাৰ দৰে সাহিত্য কৃতি, কবিতা-গান, নাটক-নৃত্য, গল্প-উপন্যাস, আলোচনা-কথিকা আদিৰ মাধ্যমেৰেও সমাজৰ বৈপ্লৱিক ৰূপান্তৰ সাধিব বিচাৰিছিল, তেওঁ আছিল যথার্থ সৈনিক-শিল্পী। “সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভা” শীৰ্ষক লেখাত অধ্যাপক শশী শৰ্মাই বিষ্ণুৰাভাক এনেদৰেই মূল্যায়ন কৰিছিল। শশী শৰ্মাই বিষ্ণু ৰাভাক এনেদৰে মূল্যায়ন কৰিয়েই এৰা নাছিল, বিষ্ণু ৰাভাৰ আদৰ্শ নিজেও গ্ৰহণ কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাক জনা বা তেওঁৰ বিষয়ে কোৱা বা লেখা এক জটিল কাম। শশী শৰ্মাই ৰাভাক মেক্সিম গ’ৰ্কীৰ লগত তুলনা কৰিছে। মেক্সিম গ’ৰ্কীৰ জীৱনো আছিল এক ভ্রাম্যমান জীৱন। তেওঁৰ আনুষ্ঠানিক শিক্ষা আছিল নিচেই সামান্য। কিন্তু ভ্রাম্যমান জীৱনে তেওঁক কৰি তুলিছিল অতুলনীয় জ্ঞানৰ অধিকাৰী। তেওঁ এনেদৰে ঘূৰি ফুৰোতে বহু মানুহৰ সম্পৰ্কলৈ আহিছিল, তেওঁলোকৰ জীৱন আৰু দর্শনে গ’ৰ্কীক কৰি তুলিছিল প্রবুব্ধ! তেওঁৰ আত্মজীৱনীৰ তৃতীয় খণ্ড ‘মোৰ বিশ্ববিদ্যালয়’-ত (My University) সেই কথা মুক্ত কণ্ঠে স্বীকাৰ কৰি গৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ উচ্চ শিক্ষা আছিল, তেওঁ কলেজত বিজ্ঞান আৰু কলাৰো ছাত্র আছিল। কিন্তু ৰাজনৈতিক পৰিস্থিতিৰ তাড়নাত তেওঁ বিশ্ববিদ্যালয়ৰ উপাধিহীনভাৱে আনুষ্ঠানিক শিক্ষা সামৰিব লগাত পৰিছিল আৰু সেই কলেজ এৰা কালৰে পৰা প্রায় একুৰিৰো অধিক বছৰ কাল তেওঁ কটাইছিল এটা ভ্রাম্যমান জীৱন। সেই একুৰি বছৰ কালৰ প্ৰায় পাঁচ বছৰ আছিল তেওঁৰ ‘অজ্ঞাতবাস’। এই অজ্ঞাতবাসৰ কালছোৱাৰ বিষয়ে তেওঁ নিজে লেখি থৈ গৈছে, “অজ্ঞাতবাসত থাকি বিৰাট পর্ব সৃষ্টি কৰি বিৰাট শক্তি সাধনা কৰিছিলোঁ। কত মাছলুকাই আহি আমাক বিচাৰি ফুৰিছিল। কিন্তু আমি যেন ঢেল ওপঙাদি খেল- ধেমালি কৰি উমলি ফুৰিছিলোঁ, আপোনালোকৰ নিচিনা ৰাইজৰ হিয়াৰ সাগৰৰ চেনেহ-মৰমৰ পানীত। ৰাইজৰ হৃদয়-সাগৰত মলি দেখিলে আমি মাছবোৰে সেই মলি নিকা কৰি মলিনতা দূৰ কৰিছিলোঁ। মাছলুকাক দেখিলে ৰাইজৰ হিয়া সাগৰৰ গভীৰ জলত ডুব দিছিলোঁ। মাছলুকা নিৰাশ হৈ গুচি যায়, আমি বাচি যাওঁ” (ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১১৮২)।

এই ভ্রাম্যমান আৰু বিশেষকৈ আত্মগোপন কৰা অজ্ঞাতবাসৰ কালছোৱাত ৰাভাই যেন  জীৱনৰ পৰিপূৰ্ণতা লাভ কৰিছিল। তেওঁ অকল অসম বা উত্তৰ-পূব ভাৰতৰে গাঁৱে-ভূঞে, পর্বতে-কন্দৰেহে যে ভ্ৰমি ফুৰিছিল তেনে নহয়, অবিভক্ত বংগতো ঘূৰি ফুৰিছিল।

‘বিশ্বপ্ৰেমী বিষ্ণু ৰাভা’ নামৰ গ্ৰন্থত শশী শৰ্মাই ৰাভাৰ যাযাবৰী জীৱনৰ ওপৰত আলোকপাত কৰি কৈছিল, “আজি যদি গড়গাঁৱত, কালিলৈ ধুবুৰীত, যেন মুক্ত বিহংগম। অসমৰ ইমূৰ-সিমূৰ ঘূৰি তেওঁ বিভিন্নজনৰ সান্নিধ্য লাভ কৰিছিল …..”, “এনেকৈ ঘূৰি ফুৰোতে বিভিন্নধৰণৰ লেখা আৰু বক্তৃতা মঞ্চত বিষ্ণু ৰাভাই যিখন অসম আৰু যিসকল অসমীয়াৰ কথা কৈছিল, “অনুমান হয়, সি যেন খৃষ্টীয় ৭ম শতিকাৰ আগভাগৰ প্ৰাগজ্যোতিষ কামৰূপৰ অধিপতি ভাস্কৰবাৰ্মাৰ ৰাজত্ব কালৰ অসমহে। এনেহে ধাৰণা হয় যেন সেইখন অসমে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাকেই সামৰি লৈছিল। কোনো কোনো পুৰাতাত্ত্বিকৰ মতে ‘যোগিনীতন্ত্ৰ’ ৰচনা হৈছিল খৃষ্টীয় ১৪শ শতিকা মানতে। এই ‘যোগিনীতন্ত্র’ অনুসৰি পুৰণি কামৰূপ অৰ্থাৎ অসমৰ পৰিসীমা আছিল উত্তৰে নেপালৰ কাঞ্চনগিৰিৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰৰ সংগমস্থানলৈ অৰ্থাৎ সাগৰলৈ আৰু পশ্চিমে কৰতোৱাৰ পৰা পূবে দিক্কৰবাসিনীলৈ অৰ্থাৎ শদিয়া অঞ্চললৈ। বিশিষ্ট প্রাচ্যবিদ পণ্ডিত পাৰ্জিতাৰে মহাভাৰত, ৰামায়ণ, কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আদিৰ সহায়ত পুৰণি অসমৰ পৰিসীমাই অবিভক্ত অসমৰ উপৰি অবিভক্ত বংগৰ কোচবিহাৰ, জলপাইগুৰি, ৰংপুৰ, বোগ্রা, মৈমনসিং, ঢাকা, টিম্পেৰা, চিলেট, পাবনাৰ একাংশ আৰু আনকি নেপালৰ একাংশও হেনো সামৰি লৈছে। সম্প্রতি যি ভূভাগক সাতভনী বুলি কোৱা হয়, সেই ৰাজ্যক্ষেত্ৰকেই যেন পুৰণি অসমে সামৰি লৈছিল। আৰু এই আহল-বহল ৰাজ্য ক্ষেত্ৰৰ অধিবাসীসকল আছিল কামৰূপী-অসমীয়া” (দৃষ্টি আৰু দৰ্শন, ৰাভাৰ বৰ অসম, শ:শ:, পৃষ্ঠা ৬২, সম্পাদনা- লেখক)।

অসমৰ জনজাতিসকলৰ ভাষা-সংস্কৃতিৰ ওপৰত ৰাভাৰ আছিল প্ৰচুৰ জ্ঞান আৰু অভিজ্ঞতা। তেওঁলোকৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সৈতে আছিল আত্মীয়তা আৰু সেইবাবেই নিষ্ঠা আৰু মুক্ত মনেৰে ক’ব পাৰিছিল যে ট্রাইবেলসকলেই অসমৰ আদিম অধিবাসী। তেওঁ কবিতাত কৈছে-

“ট্ৰাইবেল নৰ হেৰ অসমৰ আদিম ‘আদাম’/সবল দেহেৰে গঢ়া সুঠাম উদ্দাম।
আৰু তই অসমৰ আদিমা যুৱতী নাৰী ‘ইভা’/মন-প্রাণ লোভা” (ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১৯০)।

পৃথিৱীৰ সৃষ্টিৰ মূলতে আদম আৰু ইভ, এই কথা অনুভৱ কৰি ৰাভাইও যেন আওৰাইছে ভাষা সংস্কৃতি নিৰ্মাণৰ সেই গোপন মন্ত্ৰ, সেইবাবেই অসমৰ অসমীয়া ট্ৰাইবেল পুৰুষসকলক কৈছে ‘অসমৰ আদম’ আৰু ট্ৰাইবেল নাৰীসকলক কৈছে ‘অসমীয়া ইভ’। ৰাভাৰ এই উপলব্ধি আছিল মৌলিক। ই ধেমালি কথা নহয়। ইতিহাস বিশ্লেষণ কৰি চালে দেখা যায় যে ৰাভাৰ এই উপলব্ধি আছিল ঐতিহাসিকভাৱে সত্য আৰু বিজ্ঞানসন্মত।

বৰ অসমৰ ট্ৰাইবেল সংস্কৃতি সম্পৰ্কে ৰাভাৰ দৃষ্টিভংগী আছিল স্পষ্ট, “জাগিব লাগিব তই কছাৰী, মিকিৰ, খাচী, ৰাভা, গাৰো, মিৰি, কুকী, নগাবীৰ, খামটি, মিচিমি, আবৰ, লালুং, লুচাই, চিংফৌ, চিনটেং, মণিপুৰী, তাই, ত্ৰিপুৰা, ডিমাছা, অকা, ডফলা ককাই, চুটীয়া, মদাহী, দেউৰী, টোটোলা, কোচ, হাজং, বৰাহী জাগিব লাগিব তই জাগ” (ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১৯০)। এই কথা  যে আখৰে আখৰে  সত্য,  শশী শৰ্মাই তেখেতৰ বহু লেখাত উল্লেখ কৰিছিল।

ৰাভাই প্ৰতিটো জনগোষ্ঠীৰে উৎপত্তি, বিকাশ আৰু বৈশিষ্ট্যৰ ভাষাতাত্ত্বিক, ৰূপতাত্ত্বিক আৰু লোকতাত্ত্বিকৰ বিচাৰ কৰি কৈছে যে এই জাতি-গোষ্ঠীসমূহ একে কিৰাত বা মংগোল গোষ্ঠীৰ পৰা অহা। গতিকে এওঁলোকৰ ভাষা-সংস্কৃতিৰ মাজত সাদৃশ্য থকা অতি স্বাভাৱিক কথা। মাথোঁ কালক্ৰমত সামান্য বিভেদহে গঢ় লৈ উঠিছে। কিন্তু সূক্ষ্মভাৱে বিচাৰ কৰিলে, সেই বিভেদ তেনেই সামান্য। তেওঁ একেটা কথা ‘বানে’-ক’বাং’ বোলা আলোচনাত ভূটানৰ ভূটীয়া ভাষা-সংস্কৃতিৰ কথাও আলোচনাৰ গণ্ডীৰ মাজলৈ আনিছে। কেইবাগৰাকীও ভাষাতাত্ত্বিকৰ বিচাৰৰ অৱলম্বনত তেওঁ দেখুৱাইছে যে ভোট আৰু বড়োসকল একে তিব্বতী জনগোষ্ঠী ‘বড়’ৰ পৰা বঢ়া। বড়ৰ পৰা বড়োৰ সৃষ্টি হোৱাৰ দৰে ‘বড়’ৰ পৰা ভোটৰো সৃষ্টি হৈছে। আনহাতে বৰ্তমান অসমৰ বড়ো, ৰাভা, কোচ, মেছ, তিৱা-লালুং, নগা, গাৰো, চুতীয়া, মিৰি-মিচিং, কুকী, লুচাই মিজো, মদাহী, কুকী, হাজং, বৰাহী, খাচি, তাই প্রভৃতি জনগোষ্ঠীও যে একে কিৰাত-মংগোল গোষ্ঠীৰ পৰা অহা, বহু ঠাইত তেওঁ বিচাৰ কৰিছে। এওঁলোক সকলোবোৰ ৰাভাৰ দৃষ্টিত বৰ অসমৰ অসমীয়া(শ: শ, বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা ১৭৫)।

“অসম সাহিত্য সভা” অসমৰ পুৰণি অনুষ্ঠান। কিন্তু সাহিত্য সভাৰ ৰথী-মহাৰথী ধৰি লৈছিল ৰাভা নষ্টযোৱা ল’ৰা (Spoiled Boy)। ১৯৬০ চনৰ অসম ৰাজ্যিক ভাষা  আন্দোলনৰ ধামখুমীয়াত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ অষ্টাবিংশতম মির্জা অধিৱেশন। সাহিত্য সভাই ৰাভাক সাংস্কৃতিক সন্মিলনৰ অতিথি ৰূপে নিমন্ত্রণ জনাইছিল, আচলতে নিমন্ত্ৰণ জনাবলৈ বাধ্য হৈছিল স্থানীয়লোকৰ হেঁচাত। বিশিষ্ট সমালোচক শশী শৰ্মাই এঠাইত লিখিছে, “আমি নিজে তাত উপস্থিত থাকি দুঃখেৰে লক্ষ্য কৰিছিলোঁ যে, ৰাভাৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগে সাহিত্য সভাৰ সভাপতিকে ধৰি আটাইবোৰ প্রতিনিধি আঁতৰি গৈছিল শিবিৰলৈ, খোৱা-লোৱা সম্পন্ন কৰি তেওঁলোকে কৰিছিল বিশ্ৰাম, ৰাভাই কিন্তু প্রায় আঢ়ৈ ঘণ্টা জুৰি অসমৰ সংস্কৃতি আৰু ঐক্য-সংহতিৰ বিষয়ে বক্তৃতা দিছিল আৰু থিয় দি থাকিয়ে নীৰৱে আৰু আনন্দমনে বক্তৃতাৰ মৌ পান কৰিছিল বহুজনৰ দ্বাৰা উপেক্ষিত কৃষক-বনুৱা জনগণেহে…” (গণসমুদ্ৰৰ মাজে মাজে, শ:শ, পৃষ্ঠা ৭৬, বিশ্বপ্ৰেমী বিষ্ণু ৰাভা)।

বিভিন্ন জাতি-জনজাতিৰ মিলন, মিশ্রণ আৰু সমন্বয়ত গঢ় লৈ উঠা অসমীয়া জাতিটোৰ স্বৰূপ উপলব্ধি কৰোৱাৰ অৰ্থে ৰাভাই গান গাইছিল আৰু গানৰ মাজেদি কিদৰে জাতি-জনজাতিৰ সমন্বয় ঘটিছে উপলব্ধি কৰোৱাৰ অৰ্থে ক’ৰ পৰা কোনটো স্বৰ আহি সমন্বয় ঘটিছে তাক গাই গাই ব্যাখ্যা কৰি দিছিল। ই যে উলামূলা তুলাখুন্দা ব্যাপাৰ নহয়, তাক অন্যান্য বিশিষ্ট সংগীত বিশাৰদেও স্বীকাৰ কৰে…” (ঐ, পৃষ্ঠা, ৮৭)।

আগতেও কৈছোঁ, ৰাভাৰ সতে একেলগে কাম কৰাৰ সুযোগ শশী শৰ্মাই পোৱা নাছিল। শশী শৰ্মাই লিখিছে, “আমি নিজে বিষ্ণু ৰাভাৰ সহসংগ্রামী নাছিলোঁ। গতিকে তেওঁৰ সাংগঠনিক নিপুণতা বা সতর্কতাৰ বিষয়ে বিশেষ একো কোৱা টান। অনুসন্ধিৎসু মানেই জানে যে সাংগঠনিক নিপুণতাৰ ভিত্তিতহে ব্যক্তিয়ে মার্ক্সবাদী দলৰ সদস্যপদ বা বাব আদি পোৱা সম্ভৱপৰ হ’ব পাৰে। শিক্ষায়তনিক জ্ঞান বা মর্যাদাতকৈ মার্ক্সবাদী দলে বিচাৰে সাংগঠনিক নিপুণতাহে। ক’বলৈ গ’লে বিষ্ণু ৰাভাৰ সাংগঠনিক নিপুণতা বা দক্ষতা আছিল অতুলনীয়। প্রথম কথা যে তেওঁ আছিল বহুভাষিক। দাক্ষিণাত্য ভিন্ন ভাৰতৰ প্ৰায় আটাইবোৰ ভাষাতে তেওঁৰ আছিল বিশিষ্ট জ্ঞান। তেওঁ অসম অঞ্চলৰ প্ৰায় আটাইবোৰ ভাষাকে আয়ত্ত কৰি ল’ব পাৰিছিল কাৰণে যিকোনো ভাষা-ভাষীলোকক অতি সহজে আপোন কৰি ল’বলৈ সমৰ্থ হৈছিল (বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা ৫৭)।

“ৰাভাৰ বক্তৃতাই যেন আমাক ‘নতুন প্রাণ আৰু ন চকু’হে দান কৰিলে। আমি ৰাভাৰ পৰা অন্ততঃ দুটা নতুন কথা শিকিলোঁ। বহু জাতি-জনজাতি-জনগোষ্ঠীৰ মিলন মিশ্রণত গঢ় লৈ উঠা অসম-অসমীয়াৰ কথা আমি তেতিয়ালৈকে আনৰ মুখে শুনা নাছিলোঁ, আনকি ক’তো পঢ়িবলৈও পোৱা নাছিলোঁ। ৰাভাইহে পোন-প্রথমে আমাক অসম আৰু অসমীয়াৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ শিকালে। দেশৰ স্বাধীনতাৰ বিষয়েও আন কোনো নেতা-নেত্রীৰমুখে স্বাধীনতাক ভুৱা বা জুথা বুলি কোৱা শুনা নাছিলোঁ” (বিষ্ণুৰাভাৰ পৰা ভীমবৰ দেউৰীলৈ, পৃষ্ঠা ১১)।

এনেদৰে ৰাভাৰ আদৰ্শৰ প্ৰতি উদ্বুদ্ধ হৈ শশী শৰ্মাই ৰাভা সম্পৰ্কত গ্ৰন্থ, শিশু গ্ৰন্থ ৰচনা কৰাৰ উপৰিও কেইবাটাও গুৰুত্বপূৰ্ণ আলোচনা বিভিন্ন কাকতত লিখিছিল। “…ভাৰতৰ উত্তৰ-পশ্চিমৰ পথেদি আহি প্ৰৱেশ কৰিছিল নর্ডিক প্ৰজাতিৰ আর্যসকল। …আৰ্য-অনার্য, দ্রাবিড়-চীন, পাঠান-মোগল প্রভৃতি সকলো মানুহ অসমত আছে। আনকি অষ্ট্রিক প্ৰজাতিৰ পৰা বঢ়া কোল-মুণ্ডা, চাওতাল প্রভৃতি লোকো অসমত আছে। ইংৰাজৰ শাসন কালত সৰহ শস্য উৎপাদনৰ নামত প্ৰব্ৰজন ঘটা পামুৱৈ মুছলমানসকলেও নিজক ন-অসমীয়া বুলি পৰিচয় দিয়াৰ দৰে চাহ-বনুৱাসকলেও নিজকে ন-অসমীয়াৰূপেহে পৰিচয় দিয়ে….” (অসমীয়া জাতিসত্তা আৰু অসমীয়া জাতীয় অভিধান, অসমীয়া খবৰ, ২০১১)।

ৰাভাৰ উদ্ধৃতি দি শশী শৰ্মাই কৈছিল, “…ৰংপুৰ, জলপাইগুৰি, কোচবিহাৰ প্ৰমুখ্যে বাংলাদেশৰ জনগণৰ মুখৰ ভাষা বাংলা নহয়, অসমীয়াৰ পৰা উদ্ভৱ হোৱা কোচ ৰাজবংশী উপভাষাহে। ৰাভাৰ মনত তেওঁলোক সকলো অসমীয়া….” (শশী শৰ্মা, আজিৰ দৈনিক বাতৰি, ২০জুন, ২০১৩)।

ৰাভা আছিল প্রকৃত অৰ্থতে সাম্যবাদী সংস্কৃতিসম্পন্ন আদর্শ ব্যক্তি। গীত-নাট্য, কৃষ্টি সংস্কৃতিত বিষ্ণু ৰাভাৰ অৱদান অতুলণীয়। ৰাভাই কমিউনিষ্ট দলৰ সদস্য গ্ৰহণ কৰাৰ আগতেই গাইছিল, ‘বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেউ নাচা!’ বিপ্লৱৰ সুৰ তেতিয়াই বিষ্ণু ৰাভাৰ শিৰাই শিৰাই প্ৰৱাহিত হৈছিল। ১৯৪০-ৰ দশকতহে বিষ্ণু ৰাভা সাম্যবাদী আদৰ্শৰ প্রতি আকৃষ্ট হয়। সাম্রাজ্যবাদীৰ হাতৰ পৰা দেশক উদ্ধাৰ কৰাৰ পণ লৈ এই সংগ্ৰামত বিষ্ণুপ্ৰসাদ ৰাভাও জড়িত হৈ পৰে। কমিউনিষ্ট পাৰ্টিত যোগদান কৰাৰ পিছত তেওঁ গোবিন্দ কলিতা, উপেন শৰ্মা, উমা শৰ্মা, হৰিদাস ডেকা, মোহানলাল মুখাৰ্জীৰ দৰে বিপ্লৱী সকলক লগ পায়।

বিপ্লৱী কমিউনিষ্ট দলৰ কৃষক সংগঠন ‘অসম কৃষক বনুৱা পঞ্চায়ত’ৰ বেনাৰত অসমৰ নানা ঠাইত কৃষক আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰে আৰু অতি কম দিনৰ ভিতৰত বিপ্লৱী শিল্পী হিচাপে পৰিচিত হৈ পৰে।

“যি স্বাধীনতাৰ বাবে চৰকাৰ আমাৰ পিতা, সেই স্বাধীনতা কি ৰাইজৰ স্বাধীনতা? ১৯৪৭ চনৰ ১৫ আগষ্টত আমিয়েই ৰাইজক ক’লা পতাকা দেখুৱাই কৈছিলোঁ, “এই স্বাধীনতা দুখীয়া খেতিয়ক, বনুৱা আৰু তল-মজলীয়া খলপৰ স্বাধীনতা নহয়। যদিও স্বাধীনতাৰ কাৰণে বৃটিছৰ কৱলৰ পৰা মুক্ত হ’বলৈ ৰাইজে যুঁজিছিল। এই স্বাধীনতাৰ প্ৰসাদ লাভ কৰিলে ধনকুবেৰসকলে, মাজতে থাপ মাৰি। ইংৰাজ গ’ল, ধনৰাজ হ’ল…” (নৈৰাজ্যবাদৰ পৰা বিপ্লৱৰ‌ ছুনামিলৈ, বিশ্বপ্ৰেমী বিষ্ণু ৰাভা, পৃষ্ঠা ৫৫)।

শশী শৰ্মাই যুক্তিপূৰ্ণভাৱে বিশ্লেষণ কৰি উপৰিউক্ত গ্ৰন্থখনিত কৈছে যে ধনৰাজ ভাঙি গণৰাজ পতাই আছিল বিষ্ণু ৰাভাৰ দৰে বিপ্লৱীসকলৰ লক্ষ্য। তেওঁলোকে বিশ্ব-ইতিহাসৰ পৰা জানিবলৈ পাইছিল যে নিৰ্বাচনৰ জৰিয়তে গণৰাজ পতা অসম্ভৱ। বিপ্লৱৰ মাজেদি ধনৰাজৰ শাসন যন্ত্ৰটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰি, শ্ৰমকাৰী কৃষক- মজুৰৰ প্ৰতিনিধিৰ হাতত শাসনৰ ভাৰ তুলি দিব পাৰিলেহে যেন ৰাইজে প্রকৃত অর্থত স্বাধীনতা লাভ কৰিবলৈ সমৰ্থ হ’ব।

সাম্প্ৰতিক ভাৰতবৰ্ষতো দেখা গৈছে যে শাসকৰ বাবে বাওঁপন্থী দলসমূহ চকুৰ কুটা দাঁতৰ শূল আৰু ইংৰাজৰ শাসন কালতো আছিল চকুৰ কুটা দাঁতৰ শূল। এই দলক নিঃশেষ কৰাই হ’ল যেন স্বাধীন ভাৰতৰ চৰকাৰসমূহৰ পৱিত্ৰ লক্ষ্য। ৰাভাই সেয়েহে কৈ গৈছে, “চৰকাৰে প্ৰচাৰ কৰে, আমি হেনো সমাজদ্রোহী, ৰাজদ্রোহী, সন্ত্রাসবাদী, চোৰ-ডকাইত” (বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, পৃষ্ঠা ১১৮২)।

বাঁওপন্থী আন্দোলনৰ তৰুণ কৰ্মীসকলে অপৰিসীম নির্যাতন, ক্লেশ আৰু অৱমাননাৰ মাজত ভৱিষ্যত নতুন সমাজৰ যি সপোন দেখিছিল, তাৰ অক্ষয় প্ৰেৰণাৰ উৎস আছিল বিষ্ণু ৰাভাৰ ত্যাগ আৰু সংগ্ৰামী মনোভাব। কিন্তু বিপ্লৱী সাম্যবাদীসকলক ধ্বংস কৰাৰ চৰকাৰী অভিযানত সৈন্যৰ অত্যাচাৰে সীমা চেৰাই গ’ল, হেজাৰ হেজাৰ নিৰীহ জনতা সেনাৰ গুলিত মৃত্যুমুখত পৰিল, জেল-জৰিমনা হ’ল, আনকি শিৱসাগৰৰ বহু ঠাইত ঘৰ-দুৱাৰ জ্বলাই দিয়া হ’ল। ৰাভাৰ কলমৰ পৰা ওলোৱা বিখ্যাত ‘সোণপাহি’ উপন্যাসত ইয়াৰ বিতং বৰ্ণনা পোৱা যায়।

বিষ্ণু ৰাভাৰ প্ৰতি শশী শৰ্মাৰ আকর্ষণ আছিল তীব্ৰ, শশী শৰ্মাক যিসকলে ওচৰৰ পৰা লগ পাইছে তেওঁলোকে এই কথা সুন্দৰভাৱে উপলব্ধি কৰিব পাৰে। শৰ্মাৰ বিভিন্ন লেখাত ইয়াৰ উমান পোৱা যায়। শশী শৰ্মাই স্বীকাৰ কৰিছে যে ৰাভা মানুহজন আৰু তেওঁৰ কৃতিৰ সম্পূৰ্ণ মূল্যায়ন সম্ভৱ নহয়। যিকোনো ব্যক্তিৰে প্ৰতিভাৰ বিষয়ে বিচাৰ কৰিব লাগিলে, বিচাৰক নিজেও প্রতিভাশালী হ’ব লাগিব। তদুপৰি বিচাৰকে বিচাৰ কৰিবলৈ লোৱা ব্যক্তিৰ চিন্তা-চেতনাৰ লগত একাত্মতাবোধ প্রতিষ্ঠা কৰিবলৈও সক্ষম হ’ব লাগিব। অন্যথাই তেনে বিচাৰ হয় আধা ডুখৰীয়া। সেয়েহে শশী শৰ্মাই মুক্ত কণ্ঠে স্বীকাৰ কৰি গৈছে, “ৰাভাৰ জীৱন আৰু কৃতিৰ বিচাৰ কৰা কাৰ্য মোৰ মানত ‘অন্ধৰ হস্তী দর্শন’ৰ লেখীয়া হে মাথোন।” তাৰ পিছতো শশী শৰ্মাই “বিশ্বপ্ৰেমী বিষ্ণু ৰাভা’’ বোলা গ্ৰন্থখনিত ৰাভাৰ গান, নাটক, সাহিত্য, কবিতা, গল্পত সমাজ-জীৱনৰ ধ্বনি-প্ৰতিধ্বনি, লোকসমাজ আৰু সংস্কৃতি, বৰ অসমৰ ধাৰণাৰ পৰা ৰাভাৰ ৰাজনৈতিক পৰিক্ৰমা, আনকি ৰাভাৰ যৌন-জীৱন—এই সকলো দিশ সামৰি লোৱাৰ চেষ্টা কৰিছে।

(পৰৱৰ্তী অংশটো অহা সংখ্যাত প্রকাশ কৰা হ’ব)

Leave a Reply

Your email address will not be published. Required fields are marked *