পৰমায়ুৰ পৰিমাপ: বাণীপ্ৰসন্ন মিশ্ৰৰ “শ্ৰীমন্ত শঙ্কৰদেৱ, জন্ম আৰু জীৱনকাল” (বৰ্ণালী বৰুৱা দাস)
পৃথিৱীৰ বহু ধৰ্ম শাস্ত্ৰ, পুৰাণ, আখ্যান আদিত সুদীৰ্ঘ জীৱন লাভ কৰা বহু মানুহৰ উল্লেখ পোৱা যায়। একেবাৰে হাতে পোৱাতে আছে মহাভাৰতৰ পিতামহ ভীষ্মৰ উদাহৰণ। ইচ্ছামৃত্যু বা শৰশয্যাৰ সময়ত তেওঁৰ বয়স কিমান আছিল সেই কথা সঠিককৈ উল্লেখ নাথাকিলেও চিত্ৰবীৰ্য-বিচিত্ৰবীৰ্যৰ পৰা অভিমন্যু-ঘটোৎকচ-ভগদত্তলৈকে তেওঁৰ জীৱন পৰিক্ৰমা যে যথেষ্ট দীঘলীয়া আছিল তাক দুনাই কোৱাৰ প্ৰয়োজন নাই। বাইবেলতো তেনেকুৱা একাধিক দীৰ্ঘজীৱীৰ নাম পোৱা যায়। কিন্তু এই সকলোবোৰ দীৰ্ঘজীৱীকে চেৰ পেলাইছিল বোধহয় মেথিউজেলাই (Methuselah)। বাইবেলৰ বিখ্যাত মহাপ্লাৱনত বাচি থকা নায়ক নোৱা (Noah)ৰ তেওঁ আছিল ককাক। হীব্ৰু বাইবেলৰ বিভিন্ন অংশত উল্লেখ থকা মতে মেথিউজেলা হেনো জীয়াই আছিল ৯৬৯ বছৰ। মহাপ্লাৱনৰ কিমান দিন আগত তেওঁৰ মৃত্যু হৈছিল সেইলৈ বহু শাস্ত্ৰকাৰৰ মতভেদ থাকিলেও তেওঁ যে ৯৬৯ বছৰ বাছি আছিল এই কথা বাইবেল সমৰ্থিত। এনেবোৰ কথাক সমালোচকে সমালোচনা নকৰা নহয়। আৰু তেনে সমালোচনাৰ সন্মুখত অস্বস্তিত পৰা শাস্ত্ৰ সমৰ্থক ব্যাখ্যাকাৰসকলে (Apologetics) শাস্ত্ৰত থকা এনে দীৰ্ঘায়ুৰ উল্লেখৰ কেইবাটাও সাম্ভাব্য কাৰণ আগবঢ়ায়। তেওঁলোকে কয় যে লিপিকাৰসকলে হয়তো ভুলবশত: ‘মাহ’ৰ ঠাইত কোনোবা মুহূৰ্তত ‘বছৰ’ লিখিলে, নাইবা কোনোবা উৎসত থকা চান্দ্ৰ মাহক হয়তো শাস্ত্ৰকাৰে ভুলবশত: ‘সৌৰ মাহ’ কৰি পেলালে, ইত্যাদি। কিন্তু সেই ব্যাখ্যা যিয়েই নহওক, এনেকুৱা উদ্ভট দীৰ্ঘ-জীৱন যে সম্ভৱ নহয় সেই কথা যি কোনো বিজ্ঞানমনস্ক লোককেই বেলেগে ব্যাখ্যা কৰি বুজাবৰ প্ৰয়োজন নাই। আচলতে অসাধাৰণভাবে দীৰ্ঘ জীৱন লাভৰ কথাই সাধাৰণ মানুহৰ মনত বিস্ময়মিশ্ৰিত ভক্তিৰ উদ্ৰেক কৰিব পাৰে। তাৰবাবেই হয়তো শাস্ত্ৰকাৰসকলে এনে অতিৰঞ্জনৰ আশ্ৰয় লয়। কিন্তু এনে অতিৰঞ্জনে সমসাময়িক সমাজ ইতিহাসৰ অধ্যয়নত কিছু আহুকালৰহে সৃষ্টি কৰে। কাৰণ ধৰ্মশাস্ত্ৰসমূহে অজানিতেই সমসাময়িক সমাজ-ইতিহাসৰ বহু কথা লিপিবদ্ধ কৰে। পাছৰ কালৰ নিষ্ঠাবান গৱেষকৰ বাবে এইবোৰৰ আৰ্কাইভেল মূল্য বহু বেছি। কাল নিৰূপণত দীৰ্ঘ-জীৱন সম্পৰ্কিত এনে অতিৰঞ্জনে বিভ্ৰান্তিহে আনে।
অসমৰ মহাপ্ৰতিভাধৰ ব্যক্তি শংকৰদেৱৰ জীৱনকাল সম্পৰ্কেও কিছু বিভ্ৰান্তি আছে। উল্লিখিত অতিৰঞ্জনসমূহৰ সমপৰ্যায়ৰ নহ’লেও মাত্ৰ ৬০০ বছৰ বয়সীয়া ইতিহাসত এনে বিভ্ৰান্তি হতাশাজনক। শংকৰদেৱৰ মৃত্যুৰ চন তাৰিখ আদিকলৈ কোনো বিভ্ৰান্তি নাই। কাৰণ তাৰ লিখিত ইতিহাস আছে। কিন্তু ১৩৭১ শক বুলি যিটো চন আৰু তাৰিখক জন্মৰ দিন হিচাপে মানি অহা হৈছে বা জন্ম জয়ন্তী আদিও পালন কৰি থকা হৈছে, সি বিতৰ্কৰ উৰ্দ্ধত নহয়। শংকৰদেৱ কোনো কিংবদন্তীৰ নায়ক নহয়। এক ঐতিহাসিক ব্যক্তিত্ব। এটা জাতিক গঢ় দিয়া বিৰল ব্যক্তিত্ব। গতিকে এই ঐতিহাসিক ব্যক্তিত্ব আৰু তেওঁৰ কৃতিত্বক দেশে বিদেশে সৰ্বজন গ্ৰহনীয় কৰি তুলিবলৈ হ’লে স্থান আৰু কালৰ ইতিহাসকো বস্তুনিষ্ঠভাবে উপস্থাপন কৰাটোও দৰকাৰী কথা। শংকৰদেৱে ১২০ বছৰ পৰমায়ু লাভ কৰিছিল বুলি বৰ্তমানে প্ৰচলিত হৈ থকা ধাৰণাৰ সত্যাসত্য তথা সেই ধাৰণাৰ নিৰ্মাণ সম্পৰ্কীয় সকলো তথ্যৰ অতি নিষ্ঠাসম্পন্ন বিশ্লেষণেৰে বাণীপ্ৰসন্ন মিশ্ৰৰ এটি প্ৰৱন্ধ প্ৰকাশ পাইছিল ‘আলাপ’ৰ তৃতীয় সংখ্যাত (এপ্ৰিল-ছেপ্তেম্বৰ, ২০১৮)। এই প্ৰৱন্ধই বিষয়টোৰ সম্পৰ্কত আৰু অধিক জানিবলৈ উৎসুক কৰি তুলিছিল। সেই উৎসুকতা দূৰ কৰিবলৈ হাতে পোৱাতে তেনে কোনো গ্ৰন্থও নাছিল। সেয়েহে বাণীপ্ৰসন্ন মিশ্ৰই সম্পাদনা কৰা “শ্ৰীমন্ত শঙ্কৰদেৱ: জন্ম আৰু জীৱনকাল” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিয়াৰ বাবে অসমৰ বিদ্বৎ সমাজ ‘বান্ধৱ’ৰ ওচৰত ঋণী হৈ ৰ’ব।
শংকৰদেবৰ দৰে এজন বিশাল প্ৰতিভাধৰ ব্যক্তিৰ জীৱনাদৰ্শৰ যিকোনো এটা দিশৰ বিষয়েই আলোচনা কৰাটো এটা বৰ জটিল কথা। পুৰণি চৰিত পুথিখিনিক বাদ দিও বেজবৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগৰ পৰা আৰম্ভ কৰি বহু নামী অনামী ব্যক্তিয়ে শংকৰী সাহিত্য, দৰ্শনৰ ওপৰত লিখি যোৱা অজস্ৰ তথ্য সমৃদ্ধ লেখাই অসমৰ সাহিত্য আৰু গবেষণাৰ ভড়াল মেটমৰা কৰি ৰাখিছে। কিন্তু তথাপিও যেন অসমৰ এই প্ৰাণপুৰুষজনৰ বিষয়ে নতুন নতুন দৃষ্টিভংগীৰে, মুকলি মনেৰে বিচাৰ কৰি চোৱাৰ প্ৰয়োজন কেতিয়াও শেষ নহ’ব। শিৱনাথ বৰ্মনে তেখেতৰ “শ্ৰীমন্ত শংকৰদেৱ: কৃতি আৰু কৃতিত্ব”ৰ প্ৰস্তাবনাতে সেয়েহে সঠিকভাবেই উনুকিয়াইছে যে “আজি পাঁচ শ বছৰে এটা জাতিৰ জীৱনক স্পন্দিত কৰি ৰখা শংকৰদেৱৰ দৰে এজন যুগন্ধৰ ব্যক্তি অক্ষয় আলোচনাৰ ভড়াল। বিজ্ঞানৰ উপমা দিব খুজিলে, এনে ব্যক্তিৰ জীৱন একোটা বিৰাট কালেইড’স্কপ যন্ত্ৰৰ নিচিনা। যি কোণৰ পৰা ইচ্ছা, যন্ত্ৰটো লক্ষ্য কৰি বিভিন্ন ৰূপৰ সমাবেশ তাত যেনেকৈ পাব পাৰি, তেনেকৈ এনে ব্যক্তিৰ বৰ্ণাঢ্য ব্যক্তিত্ব অৱলোকন কৰিবলৈও দৃষ্টিকোণৰ অভাৱ নঘটে।” প্ৰশ্ন উঠিব পাৰে শংকৰদেৱৰ এই বিশাল কৃতি আৰু কৃতিত্ব বা জীৱনাদৰ্শৰ অতবোৰ আলোচনাযোগ্য বিষয় থাকোঁতে ‘তেওঁ কিমান দিন জীয়াই আছিল’ সেইধৰণৰ ‘অদৰকাৰী’(!) বিষয় এটাক লৈ ইমান উদ্বিগ্ন হোৱাৰ কাৰণেই বা কি? ইমান কষ্টসাধ্য গৱেষণা আৰু খুঁটিনাটি বিবৰণ বিস্তাৰণ মাহ-বছৰৰ নিখুঁট অংকই শংকৰদেৱৰ জীৱনাদৰ্শৰ কি এনে নতুন দিশ উন্মোচন কৰিব? কিতাপখনৰ আৰম্ভণিতে সম্পাদকৰ একাষাৰত বাণীপ্ৰসন্ন মিশ্ৰই সেই কথা স্পষ্ট কৰি দিছে —“গুৰুজনাৰ ধৰ্মাদৰ্শ জনা বা বুজাটোহে যদি মুখ্য, তেতিয়া বাকীবোৰ কথা অপ্ৰাসংগিক যেন লাগে। কিন্তু দৰাচলতে কথাটো তেনেকুৱা উজু নহয়। এই সম্পৰ্কে স্পষ্টকৈ কোৱাটো দৰকাৰ যে তথ্য আৰু যুক্তিগ্ৰাহ্য জন্ম তাৰিখৰ অবিহনে মহাপুৰুষজনাৰ জীৱনী চৰ্চ্চা সম্পূৰ্ণ নহয়, আনকি ধৰ্মাদৰ্শ বুজাৰ কামটোও আধৰুৱা হৈয়ে থাকিব।”
গ্ৰন্থখনৰ ভূমিকাত ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে দক্ষিণৰ ৰামানুজাচাৰ্যৰ জীৱনকাল সম্পৰ্কীয় বিভ্ৰান্তিৰ কথা উল্লেখ কৰি পাঠকক প্ৰথমেই সত্য গ্ৰহণৰ প্ৰতি সাঁজু কৰাইছে বুলিব পাৰি। দক্ষিণৰ লোককথা আৰু লোক বিশ্বাসৰ ভিত্তিত ৰামানুজাচাৰ্যৰো জীৱনকাল ১২০ বছৰীয়া বুলি এটা ধাৰণা প্ৰচলিত আছিল। কিন্তু জন ব্ৰে’ইষ্টেড কাৰমেন নামৰ পণ্ডিত এগৰাকীয়ে এই বিষয়ত প্ৰশ্ন তুলিলে। আৰু বিভিন্ন চৰিত পুথিয়ে দিয়া তথ্যৰ আধাৰতে ৰামানুজাচাৰ্যৰ জীৱনকাল পূৰ্বে প্ৰচলিত খ্ৰী: ১০১৭ – ১১৩৭ ৰ সলনি খ্ৰী; ১০৭৭ – ১১৫৭ অৰ্থাৎ আশী বছৰ বুলিহে প্ৰতিষ্ঠা কৰিলে।
বৰ্তমান আলোচিত গ্ৰন্থখনত বাণীপ্ৰসন্ন মিশ্ৰৰ আলাপত প্ৰকাশিত পূৰ্বে উল্লিখিত প্ৰৱন্ধটোৰ উপৰিও শংকৰদেৱৰ জীৱনকাল সম্পৰ্কত প্ৰাসংগিক আৰু কেইবাটাও মূল্যবান পাঠ সংযোজিত হৈছে। ১৭ শতিকাৰ দৈত্যাৰি ঠাকুৰৰ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱৰ চৰিতৰ পৰা আৰম্ভ কৰি ১৯ শতিকাৰ শেষভাগৰ দীননাথ বেজবৰুৱাৰ বৰচৰিতলৈকে চৰিতপুথিসমূহৰ অংশখিনি এটা বিভাগত ৰখা হৈছে ‘চৰিতপুথি/চৰিতকাৰ’ শিৰোনামেৰে। আকৌ ‘আলোচনা: আধুনিক কাল’ এই শিৰোনামত অন্তৰ্ভূক্ত কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰৰ শংকৰদেৱ সম্পৰ্কীয় দুয়োখন ৰচনাৰে অংশবিশেষ আৰু তাৰ পাছৰকালৰ কেইবাখনো আপুৰুগীয়া ৰচনা। এই অংশটোতে বিমানবিহাৰী মজুমদাৰৰ “শ্ৰী চৈতন্যচৰিতেৰ উপাদান” গ্ৰন্থৰ পৰা অনুদিত “শংকৰদেৱৰ আবিৰ্ভাবৰ তাৰিখ” শীৰ্ষক এখন ৰচনা আৰু মহেশ্বৰ নেওগৰ ‘আৰ্লি হিস্টৰি অফ দি বৈষ্ণৱ ফেইথ এণ্ড মুভমেন্ট ইন আসাম’ ৰ পৰা অনুদিত ‘শংকৰদেৱৰ জন্মকাল’ শীৰ্ষক ৰচনা এখনো অন্তৰ্ভূক্ত কৰা হৈছে।
এই গোটেইখিনি চৰিত পুথি আৰু আলোচনাৰ ভিত্তিত সম্পাদক মিশ্ৰই বৰ সুন্দৰকৈ প্ৰচলিত ধাৰণাৰ বিপৰীতে শংকৰদেৱৰ জীৱনকাল সম্পৰ্কে বিশ্লেষণ আগবঢ়াইছে। শ্ৰদ্ধা সহকাৰে তেখেতে চক্ৰপাণি বৈৰাগী আৰু অনিৰুদ্ধ দাসৰ চৰিত পুথিত কৰা শংকৰদেৱৰ জন্ম আৰু জীৱনকাল নিৰূপনৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰিছে। লগতে সেই কাল গণনাত ৰৈ যোৱা সীমাৱদ্ধতাসমূহো যথেষ্ট সাৱধানতাৰে লক্ষ্য কৰিছে। সময়ৰ ব্যৱধানত সৃষ্টি হোৱা জনশ্ৰুতি তথা মহাপুৰুষে জীৱনকালত কিছুদিনৰ বাবে থকা ঠাইসমূহৰ স্থান মাহাত্ম্য বঢ়াবৰ বাবে পাছৰ কালত সেই সময়বোৰ বঢ়াই দেখুওৱাৰ সহজাত প্ৰবৃত্তি আদিৰ কথাও বিবেচনা কৰিছে। আৰু এইসমূহ বিশ্লেষণৰ অন্তত এই কথা আগবঢ়াই দিছে – “যুক্তিৰ সহায়ত প্ৰাথমিক তথ্যৰাজিক প্ৰয়োজনীয় সংশোধন কৰিলে দেখা যাব যে শঙ্কৰদেৱৰ পৰমায়ু আছিল আনুমানিক ৮৩ বছৰৰ ওচৰা-উচৰি আৰু তেওঁ আনুমানিক ১৪৮৫ খ্ৰীষ্টাব্দৰ (১৮০৭ শকাব্দ) আগেয়ে জন্ম গ্ৰহণ কৰা নাই।”
অৱশ্যে শংকৰদেৱৰ জীৱনকাল সম্পৰ্কীয় এই বিভ্ৰান্তিক উনুকিয়াই যোৱা বা তথ্যৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰা পূৰ্বসুৰী নোহোৱা নহয়। এডৱাৰ্ড গেইট চাহাবৰ “A History of Assam (1960)” গ্ৰন্থতেই সন্দেহ ব্যক্ত কৰা হৈছে যে শংকৰদেৱৰ মৃত্যুৰ তাৰিখ লৈ বিতৰ্কৰ কোনো অৱকাশ নাই, কিন্তু জন্মৰ চন হিচাপে কথিত ১৯৪৯ খ্ৰীষ্টাব্দ বুৰঞ্জীৰ ফালৰ পৰা গ্ৰহণযোগ্য নহয়, বৰঞ্চ ভালকৈ বিচাৰি চালে জন্মচনটো ৩০ বা ৪০ বছৰ পিছুৱাবহে লাগিব। যিখিনি সমলৰ ওপৰত ভিত্তি কৰি লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱৰ জন্মশকৰ কথা তেওঁ লিখা জীৱনীত মান্যতা দিছিল সেইখিনি সমলো প্ৰকৃততে নিৰ্মিত সমলহে। আৰু সেইখিনি যে বিতৰ্কিত সেই কথা কনকলাল বৰুৱাই ব্যক্তিগত চিঠিৰ যোগেৰে লক্ষ্মীনাথ বেজবৰুৱাক জনাইছিল। শৰৎচন্দ্ৰ গোস্বামীয়েও বিস্তাৰিতভাবে জীৱনকাল সম্পৰ্কীয় বিভ্ৰান্তিখিনি প্ৰকাশ কৰিছিল ১৯২৭ চনতে। সেইখন ৰচানাও গ্ৰন্থখনত অন্তৰ্ভূক্ত কৰা হৈছে। ছেপ্তেম্বৰ, ১৯৭৯ চনৰ ‘ৰামধেনু’ত প্ৰকাশিত সত্যেন্দ্ৰ নাথ শৰ্মাৰ ‘মহাপুৰুষ শঙ্কৰদেৱৰ জন্মশক আৰু পৰমায়ু সম্পৰ্কে দুটামান সন্দেহ’ শীৰ্ষক ৰচনাখনো আলোচিত গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। সত্যেন্দ্ৰনাথ শৰ্মাই দ্বিধাহীন ভাবে তেওঁৰ সন্দেহ ব্যক্ত কৰিছিল। ১২০ বছৰৰ জীৱনকালৰ কথা মানি ল’লে শংকৰদেৱৰ জীৱনৰ যিবোৰ কথাত আসোঁৱাহ চকুত পৰে তেনেবোৰ কথা দাঙি ধৰিছে। তেনে এটি উদাহৰণ এনেকুৱা – প্ৰায়বোৰ চৰিতপুথিতেই এই কথা উল্লেখ আছে যে শংকৰদেৱৰ মৃত্যুৰ সময়ত তেখেতৰ সৰু পুত্ৰ হৰিচৰণৰ বয়স আছিল মাত্ৰ ১২ বছৰ। কথা গুৰু চৰিতত আনকি মাধৱদেৱে হৰিচৰণক কোলাত লৈ গা-পা ধুৱাই, দুগ্ধ-চিৰা খুৱাই মৰম কৰাৰ কাহিনীও বৰ্ণিত হৈছে। আলোচিত গ্ৰন্থত সন্নিবিষ্ট সত্যেন্দ্ৰ নাথ শৰ্মাৰ পাঠটোত সেয়েহে এই কথা যুক্তি সহকাৰে উত্থাপন কৰিছে যে শংকৰদেৱৰ যদিহে ১২০ বছৰত মৃত্যু হৈছিল, তেন্তে সৰু পুত্ৰ হৰিচৰণৰ জন্মৰ সময়ত তেওঁৰ বয়স ১০৮ বা ১১০ হ’ব লাগিব। তাতোকৈও ডাঙৰ কথা সেইসময়ত তেওঁৰ পত্নীৰ বয়স হ’ব লাগিব ৭০ বছৰৰ ওচৰা ওচৰি। এনে বয়সত গৰ্ভ ধাৰণ কৰাৰ কথাটো যে অবান্তৰ সেই কথাটো আৰু বেলেগে বুজাই দিয়াৰ প্ৰয়োজন নাই।
গ্ৰন্থখনত দেখুওৱা হৈছে যে প্ৰথম অৱস্থাৰ যিকেইজন চৰিতকাৰ যেনে দৈত্যাৰি, দ্বিজভূষণ, ৰমানন্দ দ্বিজ বা বৈকুণ্ঠ দ্বিজ আদি তেওঁলোকৰ কোনেও এই দীৰ্ঘ আয়ুসকালৰ কথা উল্লেখ কৰা নাছিল। সি আছিল পাছৰকালৰ নিৰ্মাণ। আৰু এই নিৰ্মাণৰ কাহিনীও মিশ্ৰই যথাসম্ভৱ বাস্তৱসন্মতভাবে ফঁহিয়াই দেখুৱাইছে। সাৰ্বভৌম ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত ‘স্বৰ্গখণ্ড’ত থকা এটা উক্তিয়েই ১১৯ বছৰ বয়সৰ সপক্ষে থকা প্ৰাচীন উক্তি। পিছে এই নিৰ্মাণ সম্পৰ্কে সন্দেহ ঘনীভূত হয় এই কাৰণেই যে সাৰ্বভৌম ভট্টাচাৰ্য আছিল এক কল্পিত চৰিত্ৰহে। লিখকৰ ভাষাত, “কল্পিত চৰিত্ৰ সাৰ্বভৌমৰ নামেৰে কল্পলোকৰ নায়ক শঙ্কৰদেৱক লৈ স্বৰ্গখণ্ড ৰচিত হৈছিল। এই ৰচনাকাৰ্যত বৰদোৱাকেন্দ্ৰিক পুৰুষ সংহতিৰ কোনো এক গোষ্ঠী, যিসকলে নিজৰ ক্ষমতাৰ পৰিসৰ বঢ়াবলৈ গৈ শঙ্কৰদেৱক অলৌকিক স্তৰত উপনীত কৰাইছিল আৰু প্ৰায় ১২০ বছৰ পৰমায়ুৰ প্ৰস্তাৱ সেই পৰিকল্পনাৰে অংশীভুত।”
সকলো চৰিত পুথিতে শংকৰদেৱৰ জন্মৰ পাছত সণ্ঢৰা দলৈয়ে তেখেতৰ জন্ম পত্ৰিকা প্ৰস্তুত কৰাৰ কথা উল্লেখ আছে। সেই জন্ম পত্ৰিকা সম্পৰ্কীয় ১৯৫৯ চনত ৰাজমোহন নাথে লিখা এটি গুৰুত্বপূৰ্ণ পাঠও আলোচিত গ্ৰন্থখনত সন্নিবিষ্ট হৈছে। আৰু জ্যোতিষৰ দৃষ্টিকোণেৰেও যে এই জন্ম পত্ৰিকা সন্দেহৰ উৰ্দ্ধত নহয় সেই কথা সম্পাদকে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। এইখিনিতে গৱেষক মিশ্ৰৰ দৃষ্টি এৰাই যোৱা এটি সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা আঙুলিয়াব খুজিছো। উক্ত জন্ম পত্ৰিকাত উল্লেখ থকা মতে – “পূৰ্বাষাঢ়া নক্ষত্ৰৰ চতুৰ্থপাদত জন্ম হোৱাত জাতকৰ নামৰ অদ্যাক্ষৰ হ’ব – ‘ঢ়’। কুঠিৰ নাম দিয়া হ’ল দেৱগিৰি, গ্ৰহৰ গুণানুসৰি অপৰ নাম শঙ্কৰদেৱ হ’ব। কলিৰ ৪৫৫০ বৰ্ষগতে অৰ্থাৎ ১৩৭১ শকাব্দত জন্ম।” সম্ভৱ চৰিত পুথিৰ ভিত্তিতেই এই কথা প্ৰচলিত যে মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িবলৈ যাওঁতে শঙ্কৰক ওজা ছাত্ৰ পাতি মহেন্দ্ৰ কন্দলীয়েহে তেওঁক দেৱতাৰ অংশ বুলি চিনাক্ত কৰি শংকৰৰ সলনি শংকৰদেৱ নামেৰে মাতিবলৈ লোৱা আৰম্ভ কৰে। যথা – শংকৰক টোলত দেখা কৰিবলৈ যোৱা খেৰসূতী আই আৰু মহেন্দ্ৰ কন্দলীৰ কথোপকথন –
“গুৰুৰ চৰণ বুঢ়ী নমস্কাৰ কৈল।
বোলে বাপু আমাৰ শঙ্কৰ কৈক গৈল।।
গুৰু বোলে মাৱ তুমি শুনিয়ো উত্তৰ
কতনো প্ৰভাৱ আছে শঙ্কৰ দেৱৰ।। ( ৰামচৰণ ঠাকুৰ, পদ: ১৩৮৫)
গতিকে জন্মপত্ৰিকাত থকা “গ্ৰহৰ গুণানুসৰি অপৰ নাম শঙ্কৰদেৱ হ’ব” কথাটোও সন্দেহৰ আবৰ্তত। নাইবা যদিহে জন্মপত্ৰিকাতেই তেখেতৰ অপৰ নাম “শংকৰদেৱ” হ’ব বুলি উল্লেখ আছিল, তেন্তে মহেন্দ্ৰ কন্দলীৰ দ্বাৰা মহীয়ান কৰা কথাখিনিকলৈ নতুনকৈ ভবাৰ প্ৰয়োজন আছে।
‘বৃন্দাবনী বস্ত্ৰ’ৰ আলোকচিত্ৰৰ ৰূপাংকনেৰে সঞ্জীৱ বৰাই কৰা সুন্দৰ প্ৰচ্ছদ, কপকপীয়া পকাবন্ধা আৰু বৰ্ণাশুদ্ধিৰ আসোঁৱাহবিহীন ছপাৰ কামৰ বাবেও গ্ৰন্থখন উল্লেখনীয়। সম্পাদকৰ নিজা প্ৰৱন্ধ আৰু আগকথাৰ ভাষাও বাহুল্যবৰ্জিত সচেতন গৱেষকৰ ভাষা। স্পৰ্শকাতৰ বিষয় এটা যিধৰণেৰে মাৰ্জিত তথা শ্ৰদ্ধাপূৰ্ণ ভাৱেৰে তেখেতে আগবঢ়াই দিছে সি আন গৱেষকৰো দৃষ্টি আকৰ্ষণ কৰিব। অৱশ্যে ‘সুতৰাং’ আদি বাংলাভাষাৰ শব্দ পাছৰ সংস্কৰণত পৰিহাৰ কৰিলে ভাষাৰ ক্ষেত্ৰত আৰু সাৱলীলতা আহিব বুলি আশা কৰিব পাৰি।
শংকৰদেৱে অসমত যি বৈষ্ণৱ আন্দোলনৰ প্ৰৱৰ্তন কৰিলে সি তেখেতৰ মৌলিক আন্দোলন নহয়। সি সমগ্ৰ ভাৰততে সেইসময়ত (খ্ৰীষ্টিয় চতুৰ্দশ-সপ্তদশ শতিকাত) উজ্জিৱীত এক বিশাল ভক্তি আন্দোলনৰ অংশ মাত্ৰ। অৱশ্যে সেই আন্দোলনক একেবাৰে থলুৱা সাঁচত গঢ়ি-পিতি সহস্ৰ মানুহৰ অন্তৰতম প্ৰদেশত নিগাজিকৈ স্থাপন কৰাৰ কৃতিত্ব শংকৰদেৱৰ একক আৰু অনন্য। আৰু এই কৃতিত্বক ভক্তিৰ ধোঁৱাৰে ধুম্ৰায়িত নকৰি প্ৰকৃত মৰ্যদাৰে উদ্ভাসিত কৰাটোৱেই হ’ব এই ঐতিহাসিক বিৰল ব্যক্তিত্বৰ প্ৰতি দেখুওৱা সঁচা সন্মান। তেওঁৰ জীৱনকাল কেইবছৰমান ছুটি হ’লেও জাতিটোৰ প্ৰতি তেওঁৰ বিশাল অবদানৰ কোনো হীন দেৰি নহয়। সেয়েহে ভক্তিৰ ধোঁৱা আতৰাই প্ৰকৃত সত্য প্ৰতিষ্ঠাৰ বাটত আগুৱাই যাবলৈ ‘শ্ৰীমন্ত শঙ্কৰদেৱ: জন্ম আৰু জীৱনকাল’ গ্ৰন্থখনে পাঠকক সহায় কৰিব।