ষ্টুডিঅ’ জিব্লিৰ অনন্য পৃথিৱী ।। প্রিয়ম হাজৰিকা
সূক্ষ্ম ভাবাৱলী, সুন্দৰ প্ৰাকৃতিক দৃশ্যাৱলী, কাল্পনিক কাহিনীৰে এই চিনেমাবিলাক কেৱল শিশুৰ মনোৰঞ্জনৰ সমল নহয়, বৰঞ্চ এইবিলাক ভিন্ন শৈলীৰে নিৰ্মিত এক কলাত্মক নিদৰ্শন যি বয়স ভেদে সকলো লোকৰ বাবেই উপযোগী।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
থোৰতে এনিমেছন
এনিমেটেড ছবি বা কাৰ্টুনৰ ইতিহাস চলচিত্ৰৰ দৰেই পুৰণি। ঊনবিংশ শতিকাৰ শেষৰফালে পোখা মেলা চলচ্চিত্ৰ উদ্যোগটিৰ সমান্তৰালভাৱে পুতলা, হাতেৰে অংকন কৰা ছবি আদিৰ জৰিয়তে কিছুমান এনিমেছন পদ্ধতি উদ্ভাৱন হৈছিল। পিছত বিজ্ঞানৰ অগ্ৰগতিত সৃষ্টি হোৱা নৱ প্ৰযুক্তিৰ জোৱাৰে এই পদ্ধতিসমূহক নতুন ৰূপ দিলে। এনিমেছন পদ্ধতিবিলাক অধিক বাস্তৱিক আৰু মনোগ্ৰাহী হ’বলৈ ধৰিলে। ১৯০৮ চনত হাতেৰে অংকন কৰা ছবিৰ সহায়ত নিৰ্মাণ কৰা ফ্ৰান্সৰ ফান্তাস্মাগৰি (Fantasmagorie) নামৰ চলচিত্ৰখন প্ৰথম এনিমেটেড ছবি বুলি অভিহিত কৰা হয়। ১৯২৩ চনত আমেৰিকাত স্থাপিত হোৱা ৱাল্ট ডিজনী এনিমেছন ষ্টুডিঅ’ই কাৰ্টুনৰ বিকাশত প্ৰভূত অৰিহণা যোগালে। মিকি মাউচ, স্ন’ হোৱাইট, পিন’কিও, চিন্দেৰেল্লা, পিটাৰ পেন আদিয়ে এখন সুকীয়া পৃথিৱী ৰচনা কৰে।
একেদৰে জাপানতো উচ্চ মানৰ কিছুমান এনিমেছন শৈলী গঢ় লৈ উঠিছিল। এনিমে বুলি জনাজাত জাপানীজ এনিমেছনৰ নিৰ্মাণ প্ৰায় ১৯১৭ মানৰ পৰাই আৰম্ভ হয়। ৪৩০-ৰো অধিক এনিমেছন প্ৰডাকচন কোম্পানিৰে ভৰপূৰ জাপানীজ এনিমেছন উদ্যোগটোৱে প্ৰসাৰ লাভ কৰি বিশ্বব্যাপী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। এইখিনিতে জাপানী কাৰ্টুন বা এনিমেছন বুলি ক’লে পোনচাটেই আমাৰ চকুলৈ ভাঁহি অহা সকলোৰে পৰিচিত ‘ডৰেমন’ আৰু ‘চিনছেন’-ৰ কথা উনুকিয়াব পাৰি। ১৯৬৯ চনত জাপানী মাংগা (এক প্ৰকাৰৰ জাপানী শিশু আলোচনী) শিল্পী ফুজিকো ফুজিওই প্ৰস্তুত কৰা ‘ডৰেমন’-ৰ কাহিনীয়ে ১৯৭৩ চনত টিভিত প্ৰচাৰিত হোৱা এনিমেছনৰ ৰূপ পায়। তেনেদৰে ১৯৯০ চনত এখন সাপ্তাহিক আলোচনীত প্ৰকাশিত চিনছেন পিছলৈ এনিমেছনলৈ ৰূপান্তৰিত হয়।
ষ্টুডিঅ’ জিব্লি
জাপানৰ এটা বিশ্ববিখ্যাত এনিমেছন ষ্টুডিঅ’ হ’ল ষ্টুডিঅ’ জিব্লি (Studio Ghibli)। টকিঅ’স্থিত এই ষ্টুডিঅ’টি হায়াও মিয়াজাকি, ইছাঅ’ টাকাহাটা আৰু টচিঅ’ চুজুকিয়ে ১৫ জুন, ১৯৮৫ চনত স্থাপন কৰিছিল। জিব্লি শব্দটো মিয়াজাকিয়ে এখন ইটালীয়ান স্কাউটিং বিমানৰ নামৰ পৰা গ্ৰহণ কৰিছিল। আৰবী ভাষাত এই শব্দৰ অৰ্থ হ’ল উত্তপ্ত মৰুভূমিৰ বতাহ। বিমানৰ প্ৰতি থকা প্ৰবল দুৰ্বলতাৰ লগতে ষ্টুডিঅ’টোৱে “এনিমে উদ্যোগত এক নতুন বতাহ বলাব” বুলিও মিয়াজাকিয়ে এই নামটো বাচনি কৰিছিল। কোনোৱে এই শব্দটি “ঘিবলি” বুলি উচ্চাৰণ কৰে যদিও জাপানীসকলে ইয়াক প্ৰায় “জিবুৰি” বুলি কোৱা শুনা যায়। অন্যহাতে আৰবীসকলে শব্দটি “গিব্লি” আৰু আমেৰিকানসকলে উচ্চাৰণটো আৰু সহজ কৰিবলৈ ইয়াক “জিব্লি” বুলি ক’বলৈ ধৰে। এই ষ্টুডিঅ’টোৱে প্ৰধানকৈ মিয়াজাকি আৰু টাকাহাটাৰদ্বাৰা পৰিচালিত চিনেমা নিৰ্মাণ কৰি আহিছে যদিও হায়াও মিয়াজাকিৰ পুত্ৰ গ’ৰ’ মিয়াজাকিকে ধৰি আন বহুতো পৰিচালক ষ্টুডিঅ’টিৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ আছে। এওঁলোকৰ ভিতৰত হিৰ’য়ুকি মৰিতাই “দ্য কেট ৰিটাৰ্নচ / The Cat Returns”, উচিফুমি কনদোয়ে “হোইছপাৰ অফ দ্য হাৰ্ট / Whisper of the heart”, গ’ৰ’ মিয়াজাকিয়ে “ফ্ৰম আপ অন পপী হিল / From up on a Poppy Hill”, য়ণেবায়াচিয়ে “দ্য চিক্ৰেট উৱৰ্ল্ড অব এৰিয়েটি / The Secret World of Arrietty” আৰু “হোৱেন মাৰ্নি ৱাজ দেয়াৰ / When Marnie was there” পৰিচালনা কৰে।
জিব্লিৰ বিশেষত্ব
সূক্ষ্ম ভাবাৱলী, সুন্দৰ প্ৰাকৃতিক দৃশ্যাৱলী, কাল্পনিক কাহিনীৰে এই চিনেমাবিলাক কেৱল শিশুৰ মনোৰঞ্জনৰ সমল নহয়, বৰঞ্চ এইবিলাক ভিন্ন শৈলীৰে নিৰ্মিত এক কলাত্মক নিদৰ্শন যি বয়স ভেদে সকলো লোকৰ বাবেই উপযোগী। আন বাস্তৱিক চলচিত্ৰৰ দৰেই এই এনিমেছনবিলাকতো প্ৰতিটো চৰিত্ৰই নিজৰ ভাব প্ৰকাশত কোনো খুঁত নাৰাখে। মানুহৰ দৰেই এই চৰিত্ৰই হাঁহে, কান্দে, খং-আনন্দ প্ৰকাশ কৰে। মুখ্য চৰিত্ৰৰ উপৰিও ফ্ৰেমত উপস্থিত প্ৰতিটো সৰু বৰ চৰিত্ৰতো মুখৰ অভিব্যক্তি পৰিলক্ষিত হয়।
বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতি বছৰে অসংখ্য এনিমেছন প্ৰস্তুত হয়। ইয়াৰে সৰহভাগেই কাৰিকৰী দিশত অতি উচ্চ মানৰ। এইবিলাকৰ লগত ষ্টুডিঅ জিব্লিৰ পাৰ্থক্যনো কি? আচলতে জিব্লিৰ এক বিশেষত্ব হ’ল ইয়াত প্ৰতিফলিত হোৱা জাপানৰ প্ৰাকৃতিক-সামাজিক সৌন্দৰ্য আৰু পৰম্পৰাগত শৈলীৰে নিৰ্মিত ইয়াৰ ছবিসমূহ। বিশ্বৰ আন কাৰ্টুনসমূহ যেনেদৰে নতুন পদ্ধটিৰে উচ্চ মানৰ সঁজুলিৰ সহায়ত নিৰ্মাণ কৰা হয়, তাৰ বিপৰীতে মিয়াজাকি আৰু তেওঁৰ সহযোগীসকলে কিন্তু এতিয়াও পুৰণি পদ্ধতিৰেই ছবি নিৰ্মাণ কৰে। এবাৰ এটা সাক্ষাৎকাৰত মিয়াজাকিক AI ব্যৱহাৰৰ ওপৰত সোধাত তেওঁ পোনচাটেই এই প্ৰযুক্তি নাকচ কৰে। তেওঁৰ মতে AI য়ে মানুহৰ মাজত লুকাই থকা কলাত্মক প্ৰতিভাসমূহক ধবংস কৰি যান্ত্ৰিক কৰি তোলে। সেয়ে হয়তো জিবলিৰ এনিমেছনবিলাকত এতিয়াও পুৰণি এনিমেছনৰ ভাব এটা লুকাই থাকে। মিয়াজাকি আৰু তেওঁৰ সহযোগীসকলে হাতেৰে অংকন কৰা চিত্ৰসমূহক উচ্চ দক্ষতাপূৰ্ণ স্কেনাৰৰ যোগেদি ডিজিটেল মধ্যমলৈ ৰূপান্তৰ কৰা হয়। পিছত বিভিন্ন প্ৰযুক্তিৰে ৰং-তুলিকা ব্যৱহাৰ কৰি ছবিসমূহক জীৱন্ত কৰি তোলা হয়। ষ্টুডিঅ’ জিব্লিৰ শিল্পীসকলে প্ৰেৰণাৰ উৎস হিচাপে বাস্তৱৰ প্ৰাকৃতিক স্থানসমূহ পৰিদৰ্শন কৰি ফটো তোলে আৰু প্ৰত্যক্ষ পৰ্যবেক্ষণৰ জৰিয়তে সেইবোৰ অধ্যয়ন কৰে। এনেদৰেই স্থানসমূহৰ নান্দনিক সৌন্দৰ্য তেওঁলোকৰ চূড়ান্ত কৰ্মত প্ৰতিফলিত হয়।
জিব্লিৰ চিনেমাবিলাকৰ আৰু এটা লক্ষণীয় দিশ হ’ল ইয়াত ‘চাটোয়ামা’-ৰ গুৰুত্ব। চাটোয়ামা হৈছে জাপানী ভাষাৰ এটা শব্দ যিয়ে গাঁও, ইয়াৰ বাসিন্দা আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ পদ্ধতিকে ধৰি পৰম্পৰাগত গ্ৰাম্য পৰিৱেশক বুজায়। “মাই নেইবাৰ ট’ট’ৰ’”-ত ১৯৫০ চনৰ পৰম্পৰাগত জাপানী গ্ৰাম্য পৰিৱেশটো অধিক স্পষ্টকৈ ফুটি উঠিছে। ইয়াত গ্ৰাম্য বসতি, ধান-চাহৰ বাগিচা আৰু ঘন অৰণ্যৰ সৈতে ‘চাটোয়ামা’ চিত্ৰিত কৰা হৈছে। প্ৰাকৃতিক দৃশ্যৰ উপৰিও এই চিনেমাসমূহত চিত্ৰিত হোৱা চহৰ, গাঁও আৰু বিশালকায় স্থাপত্য আদি মানৱ সৃষ্ট পৰিৱেশেও গুৰুত্ব বহন কৰে। এই নগৰীয়া পৰিৱেশৰ লগত চাৰিওফালৰ প্ৰকৃতিৰ দ্বন্দ্বই পৰিৱেশতন্ত্ৰৰ প্ৰতি মানৱীয় দায়বদ্ধতাক উৎসাহিত কৰে।
হায়াও মিয়াজাকিৰ পৰিচালনা
“কেচল ইন দ্যো স্কাই” আছিল মিয়াজাকিৰদ্বাৰা পৰিচালিত জিবলি প্ৰডাকচনৰ প্ৰথম চিনেমা। মুক্তি পাইছিল ১৯৮৬ চনত। ইয়াৰ পিছতে ১৯৮৮ চনত মিয়াজাকিয়ে নিৰ্মাণ কৰিছিল ষ্টুডিঅ’ জিব্লি সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ এনিমেটেড ছবি “মাই নেইবৰ ট’ট’ৰ’”। ইয়াত ট’ট’ৰ’ এটা প্ৰকাণ্ড কাল্পনিক ভূত বা আত্মা। ই হাবিৰ মাজত বাস কৰে। ই দেখাত অলপ ৰেকুন (এবিধ স্তন্যপায়ী জন্তু) আৰু মেকুৰীৰ দৰে। এই চৰিত্ৰটোক পিছে চাৰি আৰু দহ বছৰীয়া দুজনী বাই-ভনী মেই আৰু চাটচুকিয়েহে দেখা পায়। গতিকে ট’ট’ৰ’ কণমানি দুজনীৰ মনোজগতত দোলা দি থকা এটি চৰিত্ৰ বুলি অভিহিত কৰিব পাৰি। যুদ্ধোত্তৰ জাপানৰ গ্ৰাম্যাঞ্চলত কণমানি দুজনীৰ অৰণ্যত বাস কৰা মৰমলগা ভূতটোৰ লগত হোৱা বন্ধুত্বৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত মেইৰ হাঁহি, কান্দোন, ঠেহ-পেচ ইমান ধুনীয়াকৈ ফুটি উঠিছে যে প্ৰকৃত শিশু নহয় বুলি পাহৰি থকা হয়। কণমানি দুজনীৰ দৃষ্টিৰে গ্ৰাম্যাঞ্চলৰ সৌন্দৰ্য, ঘন হাবিখনৰ প্ৰতি থকা কৌতূহলৰ প্ৰতিফলন লগতে কৰ্মৰত দেউতাকৰ লগত মেই আৰু চাটচুকিৰ সম্পৰ্কও বৰ ধুনীয়াকৈ প্ৰকট হৈ উঠিছে। ৰুগীয়া মাতৃক চিকিৎসালয়ত থৈ ঘৰখনত খোৱা-বোৱা সকলো কামৰ দায়িত্ব লোৱা দহ বছৰীয়া চাটচুকিৰ কাম-কাজত দায়িত্ববোধ দেখা যায়। মাজে মাজে ভগ্নী মেইয়ে বায়েক চাটচুকিক অনুকৰণ কৰি থকা কথাটোও মিয়াজাকিয়ে ফুটাই তুলিছে। এয়া মানৱ-জীৱনৰ প্ৰতি থকা মিয়াজাকিৰ নিখুঁত অধ্যয়নৰ ফল বুলিব পাৰি। শিশুৰ জগতখন মিয়াজাকিয়ে ইমান সূক্ষ্মভাৱে উপস্থাপন কৰিছে যে ইয়াক দেখি বয়োজ্যেষ্ঠ লোকো নষ্টালজিক হৈ পৰে। মেই আৰু চাটচুকিৰ কথা-বতৰা, খেলা-ধূলাত নিজৰ শৈশৱ বিচাৰি পোৱা বুলি বহু দৰ্শকে মন্তব্য কৰে।
ইয়াৰ পিছৰ বছৰতে—১৯৮৯ চনত—মিয়াজাকিয়ে এখন কাল্পনিক জাপানীজ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰে “কিকিজ দেলিভাৰী চাৰ্ভিচ”। হেৰী পটাৰৰ দৰে যাদুকৰী জাৰুত উৰি কেক ডেলিভাৰীৰ কাম কৰা কিকিৰ ঘৰ এৰি চহৰত বাস কৰোঁতে সন্মুখীন হোৱা বিভিন্ন ঘটনাৱলী কাহিনীটোত সন্নিৱিষ্ট হৈছে।
১৯৯২ চনত মিয়াজাকিয়ে যুঁজাৰু বিমানৰ আধাৰত “পৰ্কো ৰছ’” আৰু ১৯৯৭ চনত জাপানী লোককথাৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰে “প্রিন্সেছ মন’নকে”। অতিমাত্ৰা উদ্যোগীকৰণৰ যোগেদি বিনষ্ট হোৱা পৰিৱেশতন্ত্ৰৰ কথা প্রিন্সেছ মন’নকেত দেখুৱা হৈছে। এই চিনেমাখনত প্ৰকৃতি আৰু মানৱ সভ্যতাৰ মাজৰ সংগ্ৰামক সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। জাপানী লোককথাত থকা বিভিন্ন ভূত-প্ৰেত আদিকো চিনেমাখনত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰে ভিতৰত গছত বাস কৰা কডামা নামৰ ভূত পোৱালিবিলাক উল্লেখনীয়।
ইয়াৰ পিছত ২০০১ চনত মিয়াজাকিয়ে নিৰ্মাণ কৰিলে “স্পিৰিটেড এৱে”। জাপানী লোককথা তথা জাপানৰ চিণ্ট’ (Shinto) ধৰ্মত উল্লেখিত ভূত, প্ৰেত, আত্মা আদিক সমল হিচাপে লৈ নিৰ্মাণ কৰা স্পিৰিটেড এৱেক একবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে গণ্য কৰাৰ লগতে এতিয়ালৈকে নিৰ্মিত অন্যতম শ্ৰেষ্ঠ এনিমেটেড ছবি হিচাপে গণ্য কৰা হয়। লগতে ই জাপানৰ ইতিহাসত সৰ্বাধিক উপাৰ্জিত ছবি হিচাপে পৰিগণিত হয়। ২০০৩ চনৰ ৭৫ সংখ্যক একাডেমী বঁটা অনুষ্ঠানত চিনেমাখনে সৰ্বশ্ৰেষ্ঠ এনিমেটেড ছবিৰ সন্মান লাভ কৰে। চিনেমাখনক বহুতে “অজান দেশত এলিছ”ৰ লগতো তুলনা কৰে। চিনেমাখনত ওলোৱা জাবৰ-জোঁথৰত পোঁত যোৱা বিশালকায় ভূতটোৱে (River spirit) পানী প্ৰদূষণক দৰ্শাইছে বুলি বহুতে অভিহিত কৰে। বিখ্যাত চলচিত্ৰ পৰিচালক ষ্টিভেন স্পিলবাৰ্গে স্পিৰিটেড এৱেক “better than any Disney films” বুলি অভিহিত কৰে। টাইম আলোচনীৰ মতে এনিমেছন কেৱল শিশুৰ বাবে বুলি আৰু সাংস্কৃতিক বৈষম্যক এনিমেছনৰ সাৰ্বজনীন বিস্তৃতিৰ ক্ষেত্ৰত সীমাবদ্ধতা বুলি গণ্য কৰাৰ সময়তে স্পিৰিটেড এৱেৰ আৱিৰ্ভাৱ হয়, যিয়ে এনিমেছন জগতলৈ নতুন আশাবাদ আনে।
ইয়াৰ পৰৱৰ্তী সময়ত মিয়াজাকিয়ে কাল্পনিক কাহিনীৰে ২০০৪ চনত “হাউলজ মোভিং কেচল” আৰু ২০০৮ চনত “পনিও” নিৰ্মাণ কৰে। পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্ৰদূষণ আৰু অতিমাত্ৰা মাছ ধৰা কাৰ্যই পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱ “পনিও”ত নিহিত হৈ আছে।
২০১৩ চনত মিয়াজাকিয়ে পৰিচালিত কৰা “দ্য ওইণ্ড ৰাইছেজ” আছিল এজন জাপানী এৰোনটিকেল ইঞ্জিনিয়াৰৰ জীৱনীমূলক কাল্পনিক ৰোমাণ্টিক চিনেমা। ইয়াৰ পিছতে আশীৰ উৰ্দ্ধৰ পৰিচালকগৰাকীয়ে বয়সৰ বাবে চিনেমা পৰিচালনাৰ কাম হাতত নলয় বুলি ষ্টুডিঅ’ৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইকিগাইত উল্লেখ কৰা অনুসৰি কামৰ প্ৰতি থকা প্ৰবল ৰাগিৰ বাবে অৱসৰৰ পিছদিনা ঘৰলৈ নগৈ আন দিনাৰ দৰেই মিয়াজাকি ষ্টুডিঅ’লৈ গৈছিল আৰু ষ্টুডিঅ’ৰ নিজৰ ঠাইডোখৰত বহি গতানুগতিকভাৱে ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। পিছত তেওঁ ঘোষণা কৰে যে ছবি নিৰ্মাণৰ কামৰ লগত জড়িত নাথাকিলেও তেওঁ মৃত্যু পৰ্যন্ত ছবি আঁকি যাব। ইকিগাইত উল্লেখ কৰামতে মিয়াজাকিয়ে দেওবাৰ আৰু আন বন্ধৰ দিনবোৰো ষ্টুডিঅ’ত কাম কৰিয়ে কটাইছিল। কামৰ প্ৰতি থকা প্ৰবল আনুগত্যই তেওঁক চিনেমা নিৰ্মাণৰপৰা অব্যাহতি ল’বলৈ নিদিলে। সেয়ে অৱসৰপ্ৰাপ্তিৰ পৰা ঘূৰি আহি তেওঁ যোৱা বছৰৰ শেষৰ ভাগত পৰিচালনা কৰি উলিয়ায় “দ্য বয় এণ্ড দ্য হেৰন”। চিনেমাখনে এই বছৰৰ ৯৬ সংখ্যক একাডেমী বঁটা অনুষ্ঠানত বছৰৰ শ্ৰেষ্ঠ এনিমেছন হিচাপে বিবেচিত হৈ অস্কাৰ বুটলিবলৈ সক্ষম হয়। বঁটা-সন্মানৰ প্রতি বিশেষ মোহ নথকা মিয়াজাকিক কিন্তু একাডেমী বঁটা প্ৰদান অনুষ্ঠানত দেখা পোৱা নগ’ল।
ইছাঅ’ টাকাহাটাৰ পৰিচালনা
ষ্টুডিঅ’ জিব্লি স্থাপিত হোৱাৰ আগৰ পৰাই টাকাহাটা চিনেমা নিৰ্মাণৰ লগত জড়িত হৈ আছিল। ১৯৮৮ চনত জিব্লিৰ প্ৰযোজনাত ইছাঅ’ টাকাহাটাদ্বাৰা পৰিচালিত “গ্ৰেভ অফ দ্যা ফায়াৰ ফ্লাইছ” আছিল তেওঁৰ কৰ্মজীৱনৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টি। দ্বিতীয় বিশ্বযুদ্ধৰদ্বাৰা বিধ্বস্ত জাপানত পিতৃ-মাতৃহাৰা হোৱা দুটি ঘাট-মাউৰা ককাই-ভনীৰ কৰুণ কাহিনীৰে নিৰ্মিত এই চিনেমাখনে এতিয়াও দৰ্শকক কন্দুৱায়। যুদ্ধৰ বিভীষিকাত ১৪ বছৰীয়া চেইটা আৰু ৪ বছৰীয়া চেটচুকোৰ মাতৃ মৃত্যু মুখত পৰে আৰু জাপানী নৌসেনাৰ কেপ্টেইন হিচাপে কৰ্মৰত পিতৃ নিৰুদ্দেশ হয়। উপায়ন্তৰ হৈ কণমানি দুটাই এটা গুহাত আশ্ৰয় লয়। কিন্তু জীৱনৰ লগত যুঁজি যুঁজি শেষত হাৰ মানে শিশু দুটিয়ে। যুদ্ধ বিধ্বস্ত ঠাইখনত খুদকণ এটা খাবলৈ নাপাই শেষত মৃত্যুক সাৱটি লয় কণমানি দুটাই। টাকাহাটাৰ এই চিনেমাখন যুদ্ধৰ সন্দৰ্ভত নিৰ্মিত শ্ৰেষ্ঠ চিনেমা বুলি ধৰা হয়।
টাকাহাটাৰ অন্য এখন সুন্দৰ ছবি হ’ল “অনলি ইয়েষ্টাৰদে”। এগৰাকী ২৭ বছৰীয়া অবিবাহিতা যুৱতীৰ শৈশৱৰ স্মৃতি ৰোমন্থনৰ কাহিনীৰে নিৰ্মিত চিনেমাখনত সৰুকালৰ ঠেহ-পেচ, কাজিয়া-পেচাল, ঋতুস্ৰাৱ, স্কুলীয়া প্ৰেম আদি সৰু সৰু বিভিন্ন ঘটনাৱলী সামৰি লোৱা হৈছে।
টাকাহাটাৰ অন্য এখন চিনেমা হ’ল এটি জাপানীজ লোককথাৰ ওপৰত আধাৰিত “দ্য টেইল অফ প্ৰিন্সেছ কাগুয়া” (২০১৩)। মানুহৰ ভোগবাদী হাবিয়াস, সামাজিক বান্ধোনত আৱদ্ধ নাৰী আৰু লোভৰ পৰিণতি সাধু এটাৰ দৰেই চিনেমাখনত সুন্দৰকৈ প্ৰকট হৈছে। ইয়াত বিবাহপাশত আৱদ্ধ হোৱাৰ আগে আগে কাগুয়াৰ দাঁতবোৰ লো আৰু ভিনেগাৰ দি প্ৰস্তুত কৰা এবিধ দ্ৰব্য ব্যৱহাৰ কৰি চিকচিকীয়া ক’লা কৰি পেলোৱা হয়। অহাগোৰো (Ohaguro) নামেৰে জনাজাত এই প্ৰথা জাপানত বহু যুগৰ পৰাই প্ৰচলিত আছিল। ইয়াৰ প্ৰকৃত কাৰণ জনাটো কঠিন যদিও বহুতৰ মতে পুৰণি জাপানত এই ক’লা দাঁতক সৌন্দৰ্য আৰু সভ্যতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। এই প্ৰথা বিশেষকৈ ছামুৰাই আৰু সম্ভ্ৰান্ত শ্ৰেণীৰ মাজত অধিক প্ৰচলিত আছিল (প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দাঁত ক’লা কৰা এই পৰম্পৰা জাপানৰ উপৰিও ভিয়েটনাম, চীন, ফিলিপাইন আদি বহুকেইখন দক্ষিণ এছীয় দেশতো জনপ্ৰিয় আছিল। আনকি—বয়োজ্যেষ্ঠসকলৰপৰা জনামতে—আমাৰ অসমতো দাঁত ক’লা কৰা এই প্ৰথা পুৰণি কালত প্ৰচলিত আছিল। লা জুইত গলাই প্ৰস্তুত কৰা এই ক’লা ৰংবিধক অসমীয়াত ‘কাজিলা’ বুলি কোৱা হৈছিল। তেতিয়া বগা দাঁত উলিয়াই অন্য পুৰুষ বা জ্যেষ্ঠসকলৰ আগত হাঁহি মাতি কথা পতাটো তিৰোতাৰ বাবে অসন্মানজনক বুলি ধাৰণা কৰা হৈছিল।)। চিনেমাখনৰ আন এক বিশেষত্ব হ’ল ইয়াত ব্যৱহৃত পুৰণি অংকন শৈলী। হাতেৰে অংকন কৰা চিত্ৰৰে এই এনিমেছনখন প্ৰস্তুত কৰা হৈছে। সেয়ে ইয়াৰ দৃশ্যপটবোৰ পুৰণি ছবি বহীৰ পৰা তুলি অনাৰ দৰে। টাকাহাটাৰদ্বাৰা পৰিচালিত ষ্টুডিঅ’ জিব্লিৰ অন্য কেইখনমান চিনেমা হ’ল “পম পকো”, “মাই নেইবৰ ড্যা আমাদাছ”।
তদুপৰি টাকাহাটাই ১৯৭৪ চনত “হেইডি” আৰু ১৯৭৯ চনৰ পৰা কানাডাৰ লেখিকা মন্তগমাৰিৰ উপন্যাস “এনন্ অব গ্ৰীণ গেবলছ”-ৰ আধাৰত একে নামৰে এখন ছিৰিজ পৰিচালনা কৰিছিল। এই ছিৰিজ দুখন প্ৰযোজনা কৰিছিল নিপ্পন এনিমেছনে।
সামৰণি
বাস্তৱমুখী জগতখনৰ কঠোৰ পৰিস্থিতিসমূহক পোনপটীয়াকৈ প্ৰকট কৰাৰ পৰিৱৰ্তে ষ্টুডিঅ’ জিব্লিয়ে সৃষ্টি কৰিছিল এখন কল্পনাৰ জগত যাৰ জৰিয়তে প্ৰকাশ পাইছিল মূৰ্ত প্ৰকৃতি, প্ৰেম আৰু মানৱতাবোধ। কাল্পনিক জগতখনৰ চৰিত্ৰসমূহে গায় পৰিৱেশ সংৰক্ষণৰ জয়গান। ইয়াৰ কাহিনীবিলাকৰ বেছিভাগৰে পটভূমি হৈছে এখন ঘন অৰণ্য। পৰিৱেশৰ ওপৰত মানৱজাতিৰ ধ্বংস ক্ৰিয়া-কলাপসমূহ ইয়াত হিংসাত্মক কাৰ্য হিচাপে উপস্থাপিত হৈছে। এইখিনিতে উল্লেখ্য যে ষ্টুডিঅ’ জিব্লিৰ প্ৰতিষ্ঠাৰ পূৰ্বৱৰ্তী সময়ত মিয়াজাকিয়ে সৃষ্টি কৰা অন্য এখন পৰিৱেশতন্ত্ৰৰ সংৰক্ষণৰ বিষয়ে গুৰুত্ব আৰোপ কৰা ছবি হ’ল “নাউচিকা অব দ্য ভেলী অব দ্য উইণ্ড”। “ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড ফৰ নেচাৰ”-ৰ উদ্যোগত মুক্তি পোৱা নাউচিকাই বিশ্বৰ পৰিৱেশতন্ত্ৰত বিধ্বংসী ৰূপ ধাৰণ কৰা এক এপ’কেলিপ্টিক পৰিঘটনাৰ কাহিনী বৰ্ণনা কৰিছে।
জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি উদ্বেগ আৰু প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্কৰ সমালোচনা কৰা মিয়াজাকিৰ ৰচনাত কিন্তু ভৱিষ্যতৰ প্ৰতি গভীৰ আশাবাদী দৃষ্টিভংগীও লুকাই আছে। মিয়াজাকিৰ মতে আমি প্ৰকৃতিৰ লগত সহাৱস্থান কৰিব পাৰোঁ যদিহে প্ৰকৃতিৰ প্ৰতিটো সম্পদৰ প্ৰতি সন্মান জনাই আমি ইয়াৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিব পাৰোঁ।
ষ্টুডিঅ’ জিব্লিৰ সৃষ্টিশীলতা আৰু নিভাঁজ অংকন শৈলীৰ জনপ্ৰিয়তাই বিশ্বজুৰি অগণন শিল্পীক অনুপ্ৰাণিত কৰি আহিছে আৰু কৰি যাব। মিয়াজাকি, টাকাহাটা আৰু তেওঁলোকৰ অন্যান্য সহযোগীসকলৰ কষ্টৰ বিনিময়ত প্ৰাণ পোৱা এই চলচিত্ৰসমূহ সমগ্র বিশ্বৰ এনিমেছনপ্ৰেমীসকলৰ বাবে আপুৰুগীয়া সম্পদ।
তথ্য-সূত্র
https://www.mdpi.com/2071-1050/15/20/15132
https://en.m.wikipedia.org/wiki/Studio_Ghibli
অসমীয়াত এই বিষয়ে পঢ়ি বৰ ভাল লাগিলে।
প্ৰবন্ধতি পঢ়ি বহুত ভাল লাগিল। জিবলি ষ্টুডিঅৰ কথা ইমানখিনি জানি বহুত ভাল লাগিছে। ঘন অৰণ্যৰ পটভুমিত সৃষ্টি কৰা এই এনিমেছনসমূহ আজিৰ প্ৰজন্ময়ে জনাটো উচিত। মইও আজি থিৰাং কৰিলো, জীবলিৰ এই প্ৰতিচ্ছবি সমূহ এবাৰ চাম নিশ্চয়।