বিবিধ চিন্তা

সুকন্ঠী গায়িকা, গণশিল্পী সুদক্ষিণা বাইদেউৰ স্মৃতিত – (জুনু বৰা)

শৈশৱৰ পৰাই জীৱনৰ অন্তিম দিনটোলৈকে মানুহৰ বাবে গীত গাই গাই কোনো দিনে ভাগৰি নপৰা অক্লান্ত জীৱনশিল্পী সুদক্ষিণা শৰ্মা বাইদেউ এইবাৰ গীতৰ সভাৰ পৰা একেবাৰে বিদায় মাগিলে পুনৰ গীত গাবলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি নিদিয়াকৈ। তেওঁ যেন গীত গাবলৈকে এই পৃথিৱীলৈ আহিছিল। জীৱনৰ উদ্দেশ্য পূৰ্ণ কৰি তেওঁ দায়িত্ব সামৰি চিৰবিদায় মাৰিলে যোৱা ৩ জুলাই তাৰিখে। এইগৰাকী শিল্পী ধৰালৈ আহিছিল ১৯৩৪ চনৰ ৮ আগষ্ট তাৰিখে।
পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকাৰ পৰিয়ালৰ এক সাংগীতিক পৰিবেশৰ মাজত তেওঁৰ জন্ম হৈছিল সংগীত সূৰ্য ভূপেন হাজৰিকাৰ ভগ্নী হিচাপে । ঘৰতে পিতৃ মাতৃ, ভ্ৰাতৃ ভূপেন দাৰ পৰা গীত শুনাৰ উপৰিও জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, ফণী শৰ্মাৰ নিকট সান্নিধ্য লাভ কৰি গীত মাত শিকাৰ সুযোগ লাভ কৰিছিল। ঢোলৰ যাদুকৰ মঘাই ওজাৰ পৰা ‘নৈ কাণে নৈ কাণে আলি’ ৰ দৰে বিহুসুৰীয়া গীত শিকিছিল। ৯ বছৰ বয়সতে ১৯৪৩ চনত বিষ্ণুৰাভাই তেওঁৰ কন্ঠত গীত আৰু নাট বাণীবদ্ধ কৰিছিল। তেতিয়াই তেওঁ কমলনাৰায়ণ চৌধুৰীৰ লগত ‘নাহৰ ফুলে নুশূৱায়’, ‘বিশ্বৰ ছন্দে ছন্দে’ আদি গীতৰ ৰেকৰ্ড কলকাতাৰ ষ্টুডিঅ’ত বাণীবদ্ধ কৰে। সম্ভৱত: ইমান কম বয়সত অসমীয়া গীত বাণীবদ্ধ কৰা তেওঁৱেই প্ৰথম কন্যা শিশুশিল্পী। ১৯৪৬ চনত গান্ধীজী অসমলৈ আহোতে গুৱাহাটীৰ জুবিলী গাৰ্ডেনত হোৱা বিৰাট গণসভাত বিষ্ণু ৰাভাই শিকোৱা ‘এ জয় ৰঘূৰ নন্দন’ গীতটি গোপীনাথ বৰদলৈৱে গাবলৈ কোৱাত তেওঁ গীতটি পৰিবেশন কৰি ৰাইজৰ পৰা ভূয়সী প্ৰশংসা অৰ্জন কৰিছিল। আনপিনে গান্ধী হত্যাৰ পিছত গুৱাহাটীত চিতা ভস্ম বিসৰ্জন দিয়া সময়ত কুইন বাইদেউৱে ভূপেন হাজৰিকা ৰচিত ‘তেৰশ চৌৱন্নৰ মাঘৰে মাহৰে বিয়লি…. ‘ পৰিবেশন কৰা গীতটি শুনি ৰাইজৰ চকুপানী নিগৰিছিল। তেওঁৰ গীত পৰিৱেশন ইমানেই সুমধুৰ আৰু সংবেদনশীল আছিল যে উপস্থিত জনতাই কান্দি পেলাইছিল। বৈবাহিক সুত্ৰে জীৱন সংগী দিলীপ শৰ্মাৰ পিতৃ ডা: দীননাথ শৰ্মা আছিল অসমৰ প্ৰগতিশীল আলোচনী আবাহনৰ সম্পাদক আৰু বাকী ভাই-ভনীসকলো আছিল সংগীতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। দুয়োখন ঘৰেই আছিল সাংগীতিক জগতখনৰ এক প্ৰবাহমান প্ৰগতিশীল ধাৰা। পৰবৰ্তী সময়ত আৱাহনৰ প্ৰকাশৰ লগত জড়িত হৈ পৰা দিলীপ শৰ্মাক তেওঁ সহযোগিতা আগবঢ়াইছিল।

তেওঁৰ সুমধুৰ কন্ঠৰ প্ৰতিটো সোণসেৰীয়া গীতেই আমাৰ কাণত বাজি আছে , বাজি থাকিব চিৰদিন।
এ জয় ৰঘূৰ নন্দন এ ৰাঘৱ ৰাম জয়…./আগবাৰীত ফুলিলে সোণে মোৰ চম্পা…./সংগ্ৰাম লগ্নে আজি…../অ কি ৰূপ পেখলো…../তপ্ত তীখাৰে…../মহাত্মাই হাসি বোলে ৰাম অ ৰহিম…./তেৰশ চৌৱন্নৰ মাঘৰে মাহৰে…./এন্ধাৰ কাতিৰ নিশাতে…./ময়ো বনে যাও স্বামী …../নাহৰ ফুলে নুশূৱায়…./বিশ্বৰ ছন্দে ছন্দে…../তোৰে মোৰে আলোকৰে যাত্ৰা…../নামি আহা সুন্দৰৰে সেনা শিল্পী দল… জিলিকাব লুইতৰে পাৰ……//আদি। কলকাতা ৰেডিঅৰ পৰা দূৰদৰ্শন, বোলছবিত বাজি থকা এই লোক সংগীতবোৰ বহু স্বনামধন্য সংগীত শিল্পীয়ে গাই আহিছে, কিন্তু সুদক্ষিণা বাইদেউৰ কন্ঠত ই প্ৰাণ পাই উঠে স্বকীয় ধাৰাৰে। ব্যক্তিগত জীৱনত তীব্ৰ আৰ্থিক সংকট, বৰপুত্ৰ ঋতুপৰ্ণ আৰু তেওঁৰ পত্নীৰ অকাল বিয়োগ, পথ দূৰ্ঘটনাত নিজে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ শৰ্যাগত হোৱা, – আদি পাৰিবাৰিক দূৰ্যোগে তেওঁক টলাব পৰা নাছিল।
জীৱন সংগী গণশিল্পী দিলীপ শৰ্মাৰ দূৰাৰোগ্য ৰোগত ভুগি বিয়োগ হোৱাৰ পিছতো বাইদেউ গীত গাবলৈ থমকি ৰোৱা নাছিল। কনিষ্ঠপুত্ৰ ঋষিৰাজৰ সৈতে আগুৱাই গৈছিল, অসমৰ চূকে কোণে গীত পৰিৱেশন অব্যাহত ৰাখিছিল। জীয়ৰী ঋজুশ্ৰী আৰু বোৱাৰী হীমাশ্ৰীয়েও বাইদেউৰ সৈতে গীত পৰিৱেশনত সহযোগিতা কৰি গ’ল। এদিন পুত্ৰ ঋষিৰাজ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ললে। সংগীত ক্ষেত্ৰখনৰ পৰা তেওঁ অলপো বিচ্যুত হোৱা নাছিল।
ভাৰতীয় গণনাট্য সংঘৰ উত্থানৰ সময়ত সুদক্ষিণা শৰ্মা অধিক জনপ্ৰিয় হৈ উঠিছিল। জীৱন সংগী দিলীপ শৰ্মাৰ সৈতে দ্বৈতকন্ঠত গোৱা গীতসমূহে শ্ৰোতা দৰ্শকক আকৰ্ষণ আৰু উদ্বুদ্ধ কৰিছিল। তেওঁ কোন গীতিকাৰৰ গীত গোৱা নাছিল? জ্যোতি, বিষ্ণু, মঘাই ওজা, পুৰুষোত্তম দাস, ভূপেন হাজৰিকা, আনন্দিৰাম দাস, কেশৱ মহন্ত, ৰবীন্দ্ৰনাথ ঠাকুৰলৈকে বহু বৰেণ্য শিল্পী গীতিকাৰৰ গীত গাইছিল। ষ্টুডিঅ’ৰ পৰা বোলছবি, ৰংগমঞ্চৰ পৰা গণ সমাবেশ লৈ, ৰেডিঅ’, টিভিৰ পৰা ৰাজপথলৈ তেওঁ কোনখন মঞ্চত গীত পৰিৱেশন কৰা নাছিল? সামাজিক, সাম্প্ৰদায়িক, গোষ্ঠীগত, ভাষিক উত্তেজনা, যুদ্ধৰ প্ৰতিবাদত ৰাজপথত গীত গোৱা শিল্পী সেনাদলৰ তেওঁ আছিল আগশাৰীত। যতেই মানুহৰ অধিকাৰ খৰ্ব হৈছে তাতেই তেওঁ নামি পৰিছিল।
শেহতীয়াকৈ বাইদেউৰ কন্ঠই আকৌ এবাৰ আপ্লুত কৰিলে কুল খুৰাৰ চোতালত বহা গীত কথাৰ সভাত।আজিৰ পৰা চাৰি-পাচ বছৰ মানৰ আগতে হেমাংগ বিশ্বাসৰ মৃত্যু দিবস উপলক্ষে গুৱাহাটীৰ গনেশপাৰা অঞ্চলৰ বিপ্লৱী কৃষক কুল খুৰাৰ চোতালত অনুষ্ঠিত হোৱা গণসভাত সুদক্ষিণা বাইদেউৱে কুল খুৰাক সুৱৰি যেতিয়া ভূপেন দাৰ “নামি আহা সুন্দৰৰে সেনা শিল্পী দল” গীতটি গাবলৈ ধৰিলে চোতাল ভৰি থকা জনাকীৰ্ণ সকলো দৰ্শকে মন্ত্ৰমুগ্ধ হৈ গীতটি শুনিলে। সেই দিনা বাইদেউৰ কন্ঠত এক যাদুকৰী পৰশ শুনিবলৈ পালো। একেই সুবাস পাইছিলো তেখেতৰ আশীবছৰীয়া জন্মদিন উপলক্ষে ২০১৩ চনত লক্ষ্মীনাথ বৰুৱা সদনত আয়োজিত এক ৰাজহুৱা সম্বৰ্ধনা আৰু অন্তৰংগ আলাপত। সেই দিনা বাইদেউৱে প্ৰায় তিনি ঘণ্টামান সময় গীতে মাতে দৰ্শকক আপ্লুত কৰি ৰাখিছিল। বাইদেউৰ গীত আৰু কথা কোৱাৰ মাজত পাৰ্থক্য নাই। মোৰ এনে লাগে বাইদেউৰ বাবে গীত গোৱাটো প্ৰাণতকৈও আপোন। বাইদেউ এগৰাকী স্বনামধন্য গায়িকা হ’লেও তেখেত প্ৰগতিশীল সংস্কৃতিৰ এগৰাকী নিষ্ঠাবান কৰ্মী আৰু শিল্পী আছিল। অপসাংস্কুতিক বাতাবৰণৰ বিৰুদ্ধে আৰু গণসংস্কূতিৰ হকে জনগণক সজাগ কৰাৰ বাবে গীত গাইছিল ।
আই পি টি এ অৰ্থাৎ ভাৰতীয় গণনাট্য সংঘৰ লগত বাইদেউ ওতপ্ৰোতভাৱে জড়িত আছিল। আনকি মৃত্যুৰ সময়লৈকে বাইদেউৱে এই সংগঠনৰ নেতৃত্ব সুচাৰুৰূপে পালন কৰিছিল। জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ৰবীন্দ্ৰ সংগীতকে ধৰি অসমৰ হেৰাই যাব ধৰা বহু সুৱদী সুৰীয়া লোকসংগীতৰো দিলীপ-সুদক্ষিণা যুটি প্ৰচাৰক আৰু প্ৰশিক্ষক আছিল।
২০০২ চনত জীৱন সংগী গণশিল্পী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক অকাডেমী বঁটা লাভ কৰাৰ সময়ৰে পৰা বাইদেউৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ়ি উঠে আৰু তেখেতসকলৰ লগত আহযাহ বাঢ়ে। সেই সূত্ৰে পৰবৰ্তী সময়ত তেখেতৰ অভিনন্দন গ্ৰন্থ ‘সংগীতপ্ৰভা সুদক্ষিণা’ সম্পাদনাৰ দায়িত্ব (সূৰ্য দাসৰ সৈতে) পালন কৰি বাইদেউৰ সাংগীতিক জীৱনৰ বিষয়ে বহু নজনা কৰাৰ সম্ভেদ পাইছিলো। জীৱিত কালত বাইদেউৰ কৰ্মৰাজি নতুন প্ৰজন্মৰ সন্মুখত দাঙি ধৰিবলৈ পাই কৃতাৰ্থ হৈছিলো।
অসমৰ এগৰাকী স্বনামধন্য লেখক- অধ্যাপক, বাইদেউৰ গুণগ্ৰাহী আমেৰিকা নিবাসী প্ৰয়াত দিলীপ দত্তদেৱৰ সুদক্ষিণা শৰ্মাৰ প্ৰতি ব্যক্ত কৰা এষাৰ কথাই আজিও মোক সন্মোহিত কৰে। তেওঁ কৈছিল “মই যেতিয়া হতাশা বা বিষাদগ্ৰস্ত হৈ পৰো তেতিয়া মই কুইন বাইদেউৰ গীত শুনো।” হয়, কুইন, নিৰুপমা, সুদক্ষিণা শৰ্মাৰ সুমধুৰ গীতবোৰে মনৰ পৰা হতাশা আতৰাই নিয়ে। বাইদেউৰ হাঁহিভৰা মুখখনৰ সিপাৰে বাইদেউৰ সাংসাৰিক জীৱনৰ কিমানযে অভাৱনীয় দুৰ্যোগ লুকাই আছে সেয়া নিশ্চয় আমি জানো। তাৰ মাজতো বাইদেউৰ সদা হাঁহিভৰা মুখখনৰ পৰা কাহানিও গীত-মাত আতৰি নগল। ৰোগশয্যাতো বাইদেউৰ বাবে গীত আছিল সঞ্জীৱনী সুধা। বাইদেউৰ এই জীৱন দৰ্শনে আমাক মোহিত কৰে। জীৱনক ভাল পাবলৈ, ভাল লগা কামবোৰ কৰি যাবলৈ প্ৰেৰণা যোগায়। ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে মানৱ কল্যাণৰ হকে চিকিৎসা বিজ্ঞানৰ বাবে দেহদান কৰি বাইদেউৱে বিজ্ঞানমনস্কতাৰ সপক্ষে জনগণক সজাগ কৰি গৈছে। সেয়ে সুদক্ষিণা বাইদেউ জীৱন সংগ্ৰামী, জনতাৰ শিল্পী, প্ৰগতিশীল সমাজৰ এগৰাকী পথ-প্ৰদৰ্শক।
এটা যুগৰ, এক দীঘলীয়া সংগীত যাত্ৰাৰ অন্ত পৰিল। যেন খহি পৰিল আকাশৰ পৰা এটি উজ্বল নক্ষত্ৰ। বাইদেউৰ অবৰ্তমানত ‘কিবা যেন নাই ‘ এটি ভাব আমাৰ হৃদয়ত থাকি যাব। তথাপি বাইদেউৱে দেখুৱাই যোৱা পথেৰে নিশ্চয় নতুন প্ৰজন্মই বাট বুলিব । অৱশেষত বাইদেউৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি নিবেদিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *