চুপাৰ পাৱাৰ/মহাশক্তি-(হামজা চৌধুৰী)
সাধাৰণতে কোনো শিক্ষিত বা ভদ্ৰ লোকৰ লগত যেতিয়া ‘সৃষ্টিকৰ্তা’ সম্বন্ধীয় কোনো আলোচনা হয় তেতিয়া বেছিভাগ ক্ষেত্ৰতে যুক্তি সহকাৰে কথা পাতি পাতি এটা সময়ত যেতিয়া সৃষ্টিকৰ্তাৰ সপক্ষে আৰু বিশেষ যুক্তি আগবঢ়াব নোৱাৰা হৈ পৰে তেতিয়া তথাকথিত শিক্ষিত বা ভদ্ৰ বন্ধু বান্ধৱী সকলে সততে এটি ধাৰণাৰ উপস্থাপন কৰিবলৈ নাপাহৰে। সেই ধাৰণাটো হ’ল ‘চুপাৰ পাওৱাৰ’ (super power) বা ‘মহাশক্তি’ ৰ ধাৰণা। তেওঁ লোকৰ মতে, এই যে গ্ৰহ নক্ষত্ৰ বোৰ নিজা নিজা কক্ষপথত অকনমান ইফাল সিফাল নোহোৱাকৈ ঘুৰি থাকে, পোক-পৰুৱা, চৰাই-চিৰিকতিকে আদি কৰি অসংখ্য জীৱ-জন্তু, ঘাঁহ-বন আদি নিজা নিজা ভাবে আৰু শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰে জীৱন নিৰ্বাহ কৰি থাকে, সেয়া কিবা এটা শক্তিৰ প্ৰভাৱ আছে বাবেই সম্ভৱ হৈছে। এই শক্তিটোয়েই হৈছে ‘মহাশক্তি’ বা ‘চুপাৰ পাৱাৰ’। এই চুপাৰ পাৱাৰটোকে কোনোবাই নাম দিছে ঈশ্বৰ, কোনোবাই নাম দিছে ভগৱান আৰু কোনোবাই নাম দিছে আল্লাহ ইত্যাদি ইত্যাদি। তেওঁলোকে আনকি এইদৰেও যুক্তি দিব বিচাৰে যে “বিজ্ঞানেও কয় শক্তিৰ সৃষ্টিও নাই আৰু শক্তিৰ ধ্বংসও নহয়, কেৱল এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিবৰ্তনহে হয়।” গতিকে, বিজ্ঞানে নিজেই স্বীকৃতি দিয়া এই সৃষ্টি বা ধ্বংস কৰিব নোৱাৰা মহাশক্তি বা চুপাৰ পাওৱাৰটোক আমি নামানো বুলি কৈ বা জোৰকৈ স্বীকাৰ নকৰাকৈ থাকিলে যুক্তিসংগত হ’ব জানো? যি নামেই নিদিয়ক কিয় এই শক্তি হ’ল সৰ্বশক্তিমান!
শিক্ষিত বা ভদ্ৰ বন্ধুজনক বা বান্ধৱীজনীক এতিয়া আপুনি কিদৰে পতিয়ন নিয়াব যে তেওঁ উত্থাপন কৰা শক্তি টো আচলতে সৃষ্টিকৰ্তা (ঈশ্বৰ, আল্লাহ, গ’ড) নহয়?
শক্তি, মহাশক্তি, আদি সম্পৰ্কে বিভিন্ন অধ্যয়ন, গৱেষণা আদিৰে পুষ্ট বিভিন্ন মত, ধাৰণা আদি নিশ্চয় থকাৰ কথা। কিন্তু আমি সাধাৰণ মানুহে এই বোৰ সহজ ভাবে কিদৰে বুজি উঠিম? বিশ্বত বিভিন্ন ধৰণৰ শক্তি থাকিব পাৰে, আনকি মানুহে এতিয়ালৈকে নজনা ধৰণৰো কিবা শক্তি থাকিব পাৰে। কিন্তু যি শক্তিয়েই নহওক কিয় কোনো শক্তিয়েই মানুহ আৰু কোনো জীৱ-জন্তুৰ আৱেগ অনুভূতি উপলদ্ধি কৰিবলৈ সক্ষম নহয়। যি শক্তিয়েই নহওক কিয় ই কেৱল তাৰ প্ৰকৃতিৰ নিয়ম হে বুজি পায়, অৰ্থাৎ শক্তিয়েই কওক, মহাশক্তিয়েই কওক ই কেৱল প্ৰকৃতিৰ নিয়ম মানি হে চলে। এটা উদাহৰণ ল’লে কথাটো বুজিবলৈ সুবিধা হ’ব।
উদাহৰণ:- শক্তিৰ উৎস হ’ল সূৰ্য। এই সূৰ্যৰ পোহৰত যদি আমি মেগনিফাইয়িং গ্লাচ ৰাখি তাৰ তলত শুকান পাতল কাগজ থওঁ তেন্তে অলপ দেৰি পিছত কাগজ টুকুৰা জ্বলি উঠিব। একেবাৰে সাধাৰণ ভাবে আমি ক’ব পাৰোঁ যে ইয়াত মেগনিফাইয়িং গ্লাচে সূৰ্যৰ এই পোহৰ শক্তিক পৰিবৰ্তন কৰি তাপ শক্তিলৈ ৰূপান্তৰিত কৰি জুই জ্বলাত সহায় কৰিছে। শক্তিৰ বিনাশ বা সৃষ্টি নহয় বৰং এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিবৰ্তন হয়। এয়া এক প্ৰাকৃতিক নিয়ম। পৃথিৱীৰ যি কোনো ঠাইতে আৰু যিকোনো মানূহেই মেগনিফাইয়িং গ্লাচ ব্যৱহাৰ কৰি একেই ফল পাব। কাৰণ, সূৰ্যৰ পোহৰে প্ৰকৃতিৰ এই নিয়ম মতেই চলি থাকে। আনকি এজন কেছুৱাও যদি সূৰ্যৰ পোহৰত মেগনিফাইয়িং গ্লাচ ৰাখি তাৰ তলত শুকান পাতল কাগজ থয় সিও জ্বলি উঠিব।
এতিয়া আচল কথালৈ অহা যাওক। এই যে সূৰ্যৰ পোহৰ শক্তি… আমি যদি মেগনিফাইয়িং গ্লাচ অবিহনে এই শক্তিক কাকুতি মিনতি কৰি কওঁ যে শুকান পাতল কাগজ টুকুৰাক জ্বলাই দিয়া, তেন্তে জ্বলি উঠিব নে? পৃথিৱীত থকা ৮০০ কৌটিৰো অধিক মানুহ একেলগেও যদি প্ৰাৰ্থনা, দোৱা আদিৰে কাকুতি মিনতি কৰোঁ তথাপিও এই কাগজ টুকুৰা জ্বলি উঠিব নে? পৃথিৱীৰ সমস্ত মানুহেই মাইক ল’গাই চিঞঁৰি চিঞঁৰি, একেৰাহে অখণ্ড ভাবেও যদি কৈ থাকোঁ, বিচাৰি থাকোঁ, আশা কৰি থাকোঁ তেতিয়াও এই কাগজ টুকুৰা জ্বলি উঠাৰ সম্ভাৱনা আছে জানো? নিশ্চয় জ্বলি নুঠে, কাৰণটো একেবাৰে সহজ, সেয়া হ’ল কোনো শক্তিয়েই মানুহ বা কোনো জীৱ জন্তুৰে আৱেগ অনুভূতি বুজি নাপায়, মানুহ বা জীৱ জন্মৰ কথা, ভাষা বুজি নাপায়। কিন্তু শক্তিয়ে তাৰ নিয়ম হে বুজি পায় আৰু প্ৰকৃতিৰ নিয়ম মতেহে চলি থাকে।
আৰু এটা উদাহৰণ ল’লে বিষয়টো আৰু পৰিষ্কাৰ হ’ব….
ধৰি লওক, আপুনি বল এটা ওপৰলৈ দলিয়াই দিলে। বলটো ওপৰলৈ গৈয়ে থাকিব নে কিছুদূৰ গৈ তললৈ উভতি আহিব? সকলোৱেই তপৰাই উত্তৰ দিব যে কিছুদূৰ গৈ বলটো তললৈ নামি আহিব। কি কাৰণত বলটো ওপৰৰ ফালে গৈয়েই নাথাকি কিছুদূৰ যোৱাৰ পিছত তললৈ নামি আহে। কাৰণটোও আপুনি জানে, সেয়া হ’ল পৃথিৱীৰ মাধ্যাকৰ্ষণিক শক্তি যি শক্তিয়ে সদায় যিকোনো বস্তুকেই তাৰ মূল কেন্দ্ৰলৈকে টানি থাকে। এই মাধ্যাকৰ্ষণিক শক্তিয়ে তাৰ মূল কেন্দ্ৰলৈ যিকোনো বস্তুকেই টানি থকাটো হ’ল প্ৰকৃতিৰ নিয়ম। আগতেও বৰ্ণনা কৰা হৈছে যে যিকোনো শক্তিয়ে প্ৰকৃতিৰ এই নিময় হে বুজি পায় আৰু এই নিয়ম অনুসৰি হে চলি থাকে। এই নিয়মৰ কোনো হেৰ ফেৰ নহয়।
এতিয়া যদি কোনো বিখ্যাত লোক বা ডাঙৰ নেতা, ধৰ্মগুৰু, ধৰ্মযাজক, পয়গম্বৰ, বাবা, সন্যাসী, দৰবেশ আদিয়েও বলটো ওপৰলৈ দলিয়াই তেন্তে বলটো কি এই মাধ্যাকৰ্ষণিক শক্তিৰ নিয়ম নামানি ওপৰলৈ গৈয়েই থাকিব নেকি? বলটো আগৰ দৰে কিছুদূৰ গৈ তললৈ নামি নাহিব নেকি? মাধ্যাকৰ্ষণিক শক্তিয়ে ধৰ্মগুৰু, ধৰ্মযাজক বুলি বা পয়গম্বৰ বুলি প্ৰকৃতিৰ নিয়ম মতে নচলিব নেকি? উত্তৰটো আপুনিয়েই কওকচোন। কিবা কাৰণত বলটো যদি অবিৰত ভাবে কেৱল ওপৰলৈ গৈয়েই থাকিব লাগে তেতিয়া হ’লেও এই মাধ্যাকৰ্ষণিক শক্তিৰ বিপৰীতমুখি শক্তিৰ সৃষ্টি কৰিহে সেয়া সম্ভৱ হ’ব পাৰে যেনে, ৰকেট উৎক্ষেপণ। তেতিয়াও এই শক্তিয়ে প্ৰকৃতিৰ নিয়ম মতে হে চলি থাকিব। কিন্তু কোনো কাৰণতে কোনো শক্তিয়ে কোনো মানুহ বা জীৱ জন্তুৰ কথা,ভাষা, আৱেগ অনুভূতি মতে নচলে।
এতিয়া কথা হ’ল, যি শক্তি বা মহাশক্তিয়ে কোনো মানুহ আৰু কোনো জীৱ-জন্তুৰেই কথা, ভাষা বা আৱেগ-অনুভূতি আদি একোয়েই বুজি নাপায়, উপলব্ধি কৰিব নোৱাৰে সেই শক্তিকেই পূজা-প্ৰাৰ্থনা, দোৱা-নামাজ কৰি থকাৰ কিবা যুক্তি আছে নে? জীৱৰ আৱেগ অনুভূতি তিলমানো উপলদ্ধি কৰিব নোৱাৰা এনে শক্তিৰ আৰাধনা কৰিবলৈকে কৌশলেৰে মহাশক্তি, super power আদি বিৰাট বিৰাট শব্দ প্ৰয়োগ কৰি নিজকে বিজ্ঞ সজাই আচলতে নিজৰ অন্ধবিশ্বাসী চৰিত্ৰটোক ঢাকি ৰাখি যুক্তিবাদীৰ প্ৰলেপ সানি শিক্ষিত সমাজত জাহিৰ কৰাৰ এটি অন্যতম কৌশল হে।
আজিলৈকে পৃথিৱীত তেনে কোনো অলৌকিক শক্তি থকাৰ বৈজ্ঞানিক প্ৰমাণ পোৱা নাই। যি শক্তিয়েই নহওক তাক বিভিন্ন পৰীক্ষা নিৰীক্ষা, জোখ-মাখ আদিৰ সহায়ত আৰু বিভিন্ন গৱেষণাগাৰত ধৰা পেলোৱাটো সম্ভৱ। যি শক্তিয়েই নহওক কিয় সি প্ৰাকৃতিক নিয়ম অনুসৰিহে চলি থাকে। এই ধৰণৰ শক্তিক ঈশ্বৰ, আল্লাহ, গ’ড, ভগৱান আদি ভাবি মহাশক্তি, super power নাম দিলেই কোনো অলৌকিক ক্ষমতাৰ প্ৰমাণ হৈ নাযায়। বৰং বিজ্ঞানৰ এই শব্দ বোৰ ব্যৱহাৰ কৰি নিজৰ অবৈজ্ঞানিক মানসিকতাৰ ওপৰত বৈজ্ঞানিক মানসিকতাৰ প্ৰলেপ সানি আৱৰণৰ সৃষ্টি কৰি যুক্তিবাদী সমাজত ঢাকি ৰখাৰ কৌশলী অপচেষ্টা হে মাথোন। ঠিক যেনেকৈ বিজ্ঞানৰ আবিস্কাৰ, প্ৰযুক্তি, বিজ্ঞানৰ আহিলা আদি যেনে মোবাইল ফোন ব্যৱহাৰ কৰি অবৈজ্ঞানিক কৰ্ম-কাণ্ড যেনে হনুমান/মাজাৰ আদিৰ ছবি দহ জনলৈ প্ৰেৰণ কৰিলে ধন লাভ হ’ব বুলি প্ৰচাৰ কৰি অপবিজ্ঞান বা ছদ্মবিজ্ঞানৰ চিকাৰ হৈ পৰে।
শক্তিৰ উৎস হ’ল সূৰ্য। আদিম মানুহে বিভিন্ন সময়ত দৈনন্দিন জীৱনত মুখামুখি হৈ অহা অতিপাত বতাহ-বৰষুণ, ধুমুহা-গাজনি, ভুমিকম্প, খৰাং-ৰ’দ আদিৰ কবলত পৰি বিভিন্ন ধৰণে হাৰাশাস্তি খাব ল’গা হৈছিল আনকি বহুতে মৃত্য মুখতো পৰিছিল। ফলত, আদিম মানুহে এই প্ৰকৃতিৰ তাণ্ডৱ সৃষ্টি কৰা শক্তি যেনে সূৰ্য আদি শক্তিবোৰকে সন্তুষ্ট কৰিবলৈ কাকুতি মিনতি কৰিছিল আৰু ক্ৰমবিকাশৰ বিভিন্ন স্তৰত লাহে লাহে আদিম মানুহে পূজা আদি কৰিবলৈ লৈছিল। আদিম মানৱৰ এই অন্ধবিশ্বাসী কাৰ্যৰ মূল কাৰণ আছিল মূলতঃ (১) ভয়, (২) নিজৰ অসহায় অৱস্থা, (৩) অজ্ঞতা, (৪) অনিশ্চয়তা আৰু কিছু বলী আৰু আনৰ কামৰ ওপৰতে জীয়াই থাকিব খোজা দুষ্ট প্ৰকৃতিৰ মানুহৰ (৫)চতুৰতা।
আদিম মানুহে এই শক্তিবোৰৰ বিষয়ে তেতিয়া বিশেষ একোয়েই জনা নাছিল আৰু সেয়েহে প্ৰকৃতিৰ সামান্যতম তাৰতম্য বা তাণ্ডৱো প্ৰতিৰোধ কৰিবলৈ সক্ষম নাছিল আৰু সেয়েহে এইবোৰৰ পৰা হাতসৰাৰ কোনো উপায়েই বিচাৰি পোৱাটো সম্ভৱ নাছিল। আদিম মানুহে নিজৰ অসহায় অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ বিভিন্ন উপায়ৰ ভিতৰত এই শক্তি বোৰক সন্তুষ্ট কৰিবলৈ পূজা অৰ্চনা কৰাটোও এটা উপায় বুলিয়েই ভাবিছিল। কিন্তু আজিৰ আধুনিক মানুহেও এই শক্তি বোৰৰ বিষয়ে বহু কথা জনাৰ পিছত, দৈনন্দিন জীৱনত এই শক্তি বোৰক নিজৰ ইচ্ছা মতে বহু পৰিমাণে ব্যৱহাৰ কৰিব পৰা হোৱাৰ পিছত, বহু শক্তিক পৰিবৰ্তন, বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা হোৱাৰ পিছতো এই শক্তিবোৰক কাকুতি মিনতি কৰি পূজা আৰ্চনা, নামাজ দোৱা কৰি থকাৰ কিবা যুক্তি আছে নে? তেনে কৰিলে আদিম মানুহৰ লগত আমাৰ কিবা পাৰ্থক্য থাকিব নে?
বিজ্ঞান কেৱল ভাবৰ ওপৰত প্ৰতিষ্ঠিত নহয়।ধৰি ল’লেও এই ধৰি লোৱাটো পক্ষপাত মুক্ত হ’ব লাগিব। অৰ্থাৎ, থাকিবও পাৰে বা নথাকিবও পাৰে ধৰণেহে ধৰি লৈ আগবাঢ়িব লাগিব। কিন্তু, তাত মাত্ৰ এক নিৰাকাৰ সৃষ্টি কৰ্তা নিশ্চয় আছে বুলি ধৰি লোৱাটো কোনো কাৰণতে বিজ্ঞানৰ চৰ্ত বা বৈশিষ্ট্য হ’ব নোৱাৰে।
সেয়েহে এই ধৰণৰ অযুক্তিকৰভাবে আগতীয়াকৈ ঠিকেই কৰি লোৱা দৰকাৰ ভাব, ধৰি লোৱা কাৰ্য সম্পূৰ্ণ অবৈজ্ঞানিক আৰু অযুক্তিকৰ। সেয়া লাগে কোনোবা শক্তিয়েই হওক বা মহাশক্তিয়েই হওক।