কেন্দ্ৰীয় নিবন্ধ

শোষণৰ হাথিয়াৰ ধৰ্ম (ৰূপক বৰুৱা)

“যদি ঈশ্বৰ চিন্তাৰ অস্তিত্ব আগৰে পৰা নাথাকিলহেঁতেন, তেতিয়াহ’লে আজি নিজ প্ৰয়োজনতেই পুঁজিবাদ ঈশ্বৰৰ আৱিষ্কৰ্তা হ’লহেঁতেন” (ৰাহুল সাংকৃত্যায়ন)‌। ঈশ্বৰ আৰু ধৰ্মীয় বিশ্বাসে সমাজৰ স্থিতাৱস্থা বজাই ৰাখি বিশেষ গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। এনেদৰে ধৰ্মই শোষণ বঞ্চনাক সহজ কৰি তুলিছে। শোষক এমুঠিমান, শোষিত-নিষ্পেষিত সহস্ৰ। কিন্তু তাতে তিষ্ঠি আছে এই এমুঠিমান শোষক কেৱল ধৰ্মৰ প্ৰভাৱত! সমাজত শোষণ নিষ্পেষণ আৰু উৎপীড়ণক সহজে ল’বলৈ ধৰ্মই শিক্ষা দিয়ে। তাৰ বিপৰীতে শোষকৰ শোষণ আৰু লুণ্ঠন সহজ হৈ পৰে, ধৰ্মীয় কুহেলিকাৰ মাজত আত্মগোপন কৰি সাৰি থাকে শোষক। ধৰ্মৰ প্ৰভাৱত মানুহে শোষণ বঞ্চনাৰ ফলত সৃষ্টি হোৱা দুখ যন্ত্ৰণাক ঈশ্বৰৰ ইচ্ছা, ভাগ্য, পূৰ্বজন্মৰ কৰ্মফল হিচাপে গ্ৰহণ কৰি আহিছে। ধৰ্মৰ প্ৰভাৱতে মানুহ হৈ পৰিছে অদৃষ্টবাদী আৰু জীৱনবিমুখ, পৰলোকৰ চিন্তাত আক্ৰান্ত। হেম বৰুৱাই লেখিছে- “ৰাহুল সংকৃত্যায়নে ইয়াৰ আঁতিগুৰি মাৰি বৰ্ণনা দিছে। সমাজৰ অত্যাচাৰ উৎপীড়ণৰ বিপক্ষে জনসাধাৰণে মূৰ দাঙি উঠা নাছিল, ইয়াৰ উঁহ বিচাৰি বেছি দূৰ যাব নালাগে। প্ৰত্যেক জীৱ পৰমব্ৰহ্মৰ সৃষ্টি। পৰমব্ৰহ্ম অসীম অনন্ত, স্থান কাল সকলোৰে অতীত। জগতখন মায়া-মৰীচিকা। জীৱনটো মাথোঁ এটা মুহূৰ্তৰ অভিযান। অভিযান শেষ হ’লে মায়াৰ শেষ হ’ব, ইত্যাদি এনেধৰণৰ চিন্তা ধাৰাই বৈপ্লৱিক শক্তি নিস্তেজ কৰিছিল। জীৱনৰ ওপৰত যাৰ আস্থা নাই বিপ্লৱৰ ওপৰতো আস্থা নাই।” ধৰ্মীয় শিক্ষা বা আন আন উপায়েৰে এনেধৰণৰ চিন্তা জনসাধাৰণৰ মনত সোমোৱাই দিয়া হৈছে। সমাজ পৰিৱৰ্তনৰ বাবে যি উদ্যম, শোষণ-বঞ্চনা প্ৰতিৰোধ আৰু ন্যায় প্ৰতিষ্ঠাৰ বাবে যি সংগ্ৰাম তাক এইধৰণৰ চিন্তাই ৰুদ্ধ কৰি আহিছে। ধৰ্মৰ যোগেদি জনসাধাৰণক নিয়ন্ত্ৰণ কৰা ব্যৱস্থা অতি প্ৰাচীন কালৰ পৰা কৰি অহা হৈছে। সিন্ধু সভ্যতাতো ধৰ্ম শোষণৰ হাথিয়াৰ আছিল। ইতিহাসবিদ ড° ডি ডি কৌশাম্বীয়ে লিখিছে- “সম্ভৱতঃ ৰাষ্ট্ৰৰ হাতত এনে কিছুমান পৰিপুৰক বলবান শক্তি আছিল যাৰ সহায়ত হিংসাৰ পৰিমাণ নিম্নতম কৰিব পৰা গৈছিল। নগৰবোৰ বাণিজ্যৰ ওপৰত বৰ্তি আছিল – যুদ্ধৰ ওপৰত নহয়। কিন্তু যদি সেনা বা নগৰ ৰক্ষক শক্তিশালী নাছিলেই তেন্তে কি শক্তিয়ে সদাগৰসকলক লাভৰ অসমান অংশ আত্মসাৎ কৰাত সহায় কৰিছিল? ইয়াৰ উত্তৰ কেৱল ধৰ্মতহে পোৱা যায়।” কৌটিল্যৰ অৰ্থশাস্ত্ৰতো ৰজাই ৰাষ্ট্ৰ পৰিচালনাত ধৰ্মক বা ভগৱান ভীতিক ব্যৱহাৰ কৰাৰ কথা আছে। মনু সংহিতাত আছে – “ৰজা বালক হ’লেও সামান্য মানুহ বুলি জ্ঞান কৰা উচিত নহয়। পৰন্তু তেওঁ মহান দেৱতা, মনুষ্যৰূপে অৱস্থান কৰিছে।” (প্ৰসেনজিৎ চৌধুৰীৰ “নিষিদ্ধ প্ৰসঙ্গ” গ্ৰন্থৰ পৰা)। জনসাধাৰণৰ ওপৰত প্ৰাচীন কালত মিচৰতো ধৰ্মই ফেৰ’সকলৰ ক্ষমতা আৰু দাস-মালিকবোৰৰ প্ৰাধান্য বঢ়াই তুলিছিল। দেৱতাসকলৰ ক্ৰোধ, অভিশাপ আৰু পৰলোকত শাস্তি সম্পৰ্কে উৎপীড়িত লোকসকলৰ ভীতিয়ে অত্যাচাৰী শোষকবিলাকৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম ব্যাহত কৰিছিল। (ফিওদৰ কৰোভকিন)৷ পুৰোহিতসকলে ৰজা ফেৰ’ আৰু অন্যান্য দাস মালিকবিলাকৰ ওচৰত মিচৰীয় ৰাইজৰ পূৰ্ণ বশ্যতা দাবী কৰিছিল। তেওঁলোকে কৈছিল, একান্ত বাধ্য হ’লে পাবা দেৱতাৰ আৰ্শীবাদ অবাধ্য হ’লে দেৱতাই দিব অভিশাপ। ফেৰ’ৰ আদেশ যিবিলাকে অমান্য কৰিব, সিবিলাকে অনাবৃষ্টি, প্লেগ ব্যাধি, শত্ৰুৰ আক্ৰমণ আৰু ওছিৰিছৰ বিচাৰ দণ্ড আদিত জীয়াতু ভুগিব লাগিব বুলি পুৰোহিতসকলে ভাবুকি দিছিল (F.Korovkin’s Ancient History)৷ সেইবাবে মিচৰীয় প্ৰজাই ফেৰ’ক অসীম ক্ষমতাৰ অধিকাৰী দেৱশ্ৰেষ্ঠ বুলি মানি লৈছিল আৰু তেওঁৰ বাধ্য হৈ থাকিছিল। আফ্ৰিকাত উপনিৱেশ পাতিবলৈও ইউৰোপৰ দেশবোৰে যে ধৰ্মকো ব্যৱহাৰ কৰিছিল তাক ১৯৫৪ চনৰ শান্তিৰ নোবেল বঁটা বিজয়ী ডেছমাণ্ড টোটোৰ (Desmond Tutu) বক্তব্যত স্পষ্ট হৈ পৰিছে। তেওঁ কৈছিল, “যেতিয়া মিছনাৰীসকল আফ্ৰিকালৈ আহিছিল তেওঁলোকৰ আছিল বাইবেলখন আৰু আমাৰ আছিল মাটি৷ তেওঁলোকে ক’লে- ‘প্ৰাৰ্থনা কৰোঁ আঁহা।’ আমি চকু মুদিলোঁ। যেতিয়া আমি চকু মেলিলোঁ বাইবেলখন হ’ল আমাৰ আৰু মাটিখিনি হ’ল তেওঁলোকৰ।” এনেদৰে বিনা বল প্ৰয়োগেৰে ধৰ্মৰ দ্বাৰা প্ৰজাক শোষণ আৰু দমন কৰা হৈছিল। এতিয়াও ধৰ্মক ব্যৱহাৰ কৰি থকা হৈছে শোষণ-বঞ্চনাৰ ,উৎপীড়ণৰ হাথিয়াৰ হিচাপে। আৰু ৰাজনীতিৰ পৰা অৰ্থনীতিলৈকে বিভিন্ন ক্ষেত্ৰত বৰ্তমান ধৰ্মক ব্যৱহাৰ কৰা হয় জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ। ধৰ্মীয় চেতনাৰ পৰা মুক্ত হৈ বিজ্ঞান আৰু যুক্তিবাদী চেতনাৰে মন আলোকিত কৰিব নোৱাৰিলে জনসাধাৰণ সদায় প্ৰতাৰিতয়েই হৈ থাকিব৷

One thought on “শোষণৰ হাথিয়াৰ ধৰ্ম (ৰূপক বৰুৱা)

Leave a Reply

Your email address will not be published. Required fields are marked *