শ্বাসসৰুদ্ধ ।। মূল: ৰাজীৱ ৰঞ্জন; অনুবাদ: ৰুমা অধিকাৰী
মোক পৃথিৱী দিয়া
তুমি আকাশ লোৱা,
মোক সংবিধানখন দিয়া
ধৰ্মগ্ৰন্থবোৰ তুমি লোৱা,
মোক আহাৰ এমুঠি দিয়া
আধ্যাত্মিকতাৰ জ্ঞান তুমিয়েই লোৱা,
মোক উপাৰ্জনৰ বাটটো দিয়া
ব্ৰত আৰু উপাসনাবোৰ তুমিয়েই লোৱা,
মোক বোধশক্তি দিয়া
এই প্ৰাণহীন মূৰ্তিবোৰ তুমিয়েই লোৱা,
মোক কলমটো দিয়া
এই অস্ত্ৰ-শস্ত্ৰবোৰ তুমিয়েই লোৱা,
মোক সন্মান দিয়া
এই দয়ালু ভগৱন্তক তুমি লোৱা,
মোক মানুহহে লাগে
জাতপাতৰ ভেকোভাওনা তুমিয়েই লোৱা,
মোক স্বাধীনতা লাগে
তোমাৰ মহান সংস্কৃতি তুমিয়েই লোৱা।