তালৰ ৰসত জীৱনৰ বিষাদ সংগীত: পেৰুমল মুৰুগানৰ “ছিজনছ অব্ দা পাম”— (ভূমিধৰ তালুকদাৰ)
তামিল ভাষাত এগৰাকী সফল আৰু শক্তিশালী লেখক হ’ল পেৰুমল মুৰুগান। ১৯৬৬ চনত কৃষক পৰিয়াল এটাত জন্মগ্ৰহণ কৰা মুৰুগানে সৰুতেই সাহিত্য চৰ্চাত মনোনিৱেশ কৰি অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। সমসাময়িক তামিল সাহিত্যিকৰ মাজৰ এজন মুৰুগানে সাহিত্যৰ মাজত উচ্চ-নীচৰ ভেদাভেদ, অৰ্থনৈতিক শোষণ আৰু সমাজত প্ৰচলিত একো একোটা দ্বন্দ্বক অতি মৰ্মস্পৰ্শী, সাৱলীল আৰু বলিষ্ঠ ৰূপত গল্প, উপন্যাস আৰু কবিতাৰ জৰিয়তে তুলি ধৰিছে, য’ত সমসাময়িক তামিল সমাজখনক বা একোটা জনশ্ৰুতি অথবা দলিতৰ মানৱীয় প্ৰমূল্যক উচ্চ শ্ৰেণীয়ে অৰ্থনৈতিক শোষণৰ জৰিয়তে যে দমন কৰি ৰাখিছে, তাকো তুলি ধৰিছে।
মূলতঃ তামিল ভাষাত সাহিত্য চৰ্চা কৰা মুৰুগানৰ এতিয়ালৈকে ১০খন উপন্যাস, ৫খন গল্প সংকলন আৰু ৪খন কবিতা সংকলন প্ৰকাশ হৈছে। ইয়াৰে ৫খন উপন্যাস ক্ৰমে ‘ছিজনছ অব্ দা পাম’, ‘কমেণ্ট শ্ব’, ‘পুনাচী’, ‘ৱান পাৰ্ট ৱ’মেন’, আৰু ‘পায়াৰ’ ইংৰাজীলৈ অনুবাদ হৈছে। বিভিন্ন সাহিত্য পুৰস্কাৰেৰে সমাদৃত মুৰুগানৰ উপন্যাসৰ সামাজিক স্থিতি বিদেশতো সমাদৃত হৈছে।
পেৰুমল মুৰুগানৰ প্ৰথম উপন্যাস ‘ৰাইজিং হিট’ (১৯৯১)ত আৱাসিক এলেকা নিৰ্মাণ কৰা কোম্পানী এটাই দুখীয়া পৰিয়াল এটাৰ মাটি অধিগ্ৰহণক লৈ ৰচিত। দ্বিতীয় উপন্যাস ‘কাৰেণ্ট শ্ব’ লেখকৰ বাল্যকালত দেউতাকৰ লগত চিনেমা হলৰ সন্মুখত ছ’ডা বেছি কৰা অৰ্থনৈতিক সংগ্ৰামক লৈ ৰচিত। পেৰুমল মুৰুগানৰ অতি চৰ্চিত দুখন উপন্যাস হ’ল one part women আৰু Pyre। প্ৰথমখন উপন্যাস one part women ইংৰাজীলৈ ২০১৪ চনত অনুবাদ হয়। ইয়াৰ পাছতেই কিতাপখন বিতৰ্কৰ মাজলৈ আহে। মুখ্যতঃ লেখকৰ জন্মস্থান টিৰুশ্বেংগ’ডত থকা মন্দিৰৰ বছেৰেকীয়া অনুষ্ঠানত জনশ্ৰুতি অনুসৰি উৎসৱৰ কোনো এটা দিনত নাৰী-পুৰুষৰ মিলনৰ পৰিমণ্ডল গঠন হয়। ইয়াকে লৈ চাৰিটা সম্প্ৰদায় মুৰুগানৰ ওপৰত খড়্গহস্ত হৈ কিতাপ নিষিদ্ধ, মুৰুগানক সাহিত্য চৰ্চাৰ পৰা অব্যাহতিৰ লেখিয়া ভাবুকিও দিয়া হৈছিল। বিষয়টো গৈ মাদ্ৰাছ হাইক’ৰ্টৰ মজিয়া পায়গৈ। অৱশেষত মুৰুগানৰ ক্ষমা-ভিক্ষা আৰু মাদ্ৰাজ হাইক’ৰ্টে মত প্ৰকাশৰ স্বাধীনতাৰ সপক্ষে ৰায় দি মুৰুগানৰ লেখাক ন্যায্যতা দিয়ে। ২০১৬ চনত বিষয়টোৰ অন্ত পেলায়। মুৰুগানে ২০১৫ চনৰ ১২ এপ্ৰিলত ‘দা হিন্দু’ কাকতৰ এক সাক্ষাৎকাৰত কৈছে যে সেইটো এটা জনশ্ৰুতিহে আছিল— কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি কোৱা হোৱা নাছিল। লেখকে ইয়াকো উল্লেখ কৰিছে যে pookuli ( pyre) উপন্যাসখন দলিত লোক এজনৰ নামত উৎসৰ্গা কৰা বাবেই কিতাপখন কিনিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখযোগ্য যে ২০১৬ চনত one part women উপন্যাসৰ অনুবাদৰ বঁটা সাহিত্য একাডেমীৰ পৰা অনুবাদক অনিৰুদ্ধন বিসুদেৱনে লাভ কৰিছিল।
লেখকৰ সাহিত্য কৃতিয়ে ব্যক্তি, অনুষ্ঠান বা সমাজৰ পৰা বাধা-নিষেধ পোৱাটো কোনো নতুন কথা নহয়। শেহতী়য়াকৈ অতি গোড়া ধৰ্মভীৰু সংগঠনৰ ৰোষত পৰি অৰুন্ধতী ৰয়ৰ ‘ৱাকিং উইথ কমৰেড’ পুথিখন সান্দাৰানাৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰাই উঠাই দিব লগা হয়।
নি:সন্দেহে মুৰুগানৰ উপন্যাসৰ বিস্তৃত তামিল জীৱন, প্ৰকৃতি আৰু সমাজৰ চিত্ৰণক উৎকৃষ্ট সাহিত্যৰ ওপৰত স্থান দিয়াত বিশিষ্টজনে কাৰ্পণ্য কৰা নাই। কংগানাম (ৰিজ’ল্ড) উপন্যাসত কংগানাডু অঞ্চলত কন্যা সন্তানৰ ভ্ৰুণ নষ্ট কৰাৰ ফলত বিশেষ সম্প্ৰদায় এটাৰ বিয়াৰ বয়স হোৱা মাৰিমুখুই বিয়া পাতিবলৈ ছোৱালী নাপাই অবিবাহিত হৈ ৰ’বলগীয়া হয়। আকৌ one part women ত সন্তানহীন দম্পতিয়ে সন্তানৰ কাৰণে হাবাথুৰি খাই জীৱনৰ নিৰ্মম বাস্তৱৰ সৈতে মুখামুখি হোৱাৰ মৰ্মস্পৰ্শী কাহিনী যদি বৰ্ণিত হৈছে, তেনেদৰে Pyre ত বৰ্ণিত হৈছে প্ৰেম বিপৰ্যয়ৰ দৈনন্দিন ঘটনাপ্ৰৱাহ। এই সকলোবোৰৰ উৎস কংগানাডু অঞ্চলৰ জীৱন আৰু সমাজ। বিতৰ্কিত অথবা সমাদৃত নোহোৱাকৈও একো একোখন উপন্যাস বা কোনো লেখকৰ ৰচনাই ধ্ৰুপদী পৰ্য্যায় পাব পাৰে বিশেষ দৃষ্টিকোণেৰে, বিশেষ আংগিকেৰে। তেনে এখন উপন্যাসেই হ’ল Seasons of the plam। তামিল ভাষাত ‘কুলামাদাৰী’ নামৰ পৰা ভি গীথাই Seasons of the plam নামেৰে ২০০০ চনত অনুবাদ কৰিছে। ২০০৫ চনত কিৰিয়ান্মা বঁটাৰ বাবে মনোনীত হয় Seasons of the plam । চটী-চাকিলী নামৰ দলিত সম্প্ৰদায়ৰ ল’ৰা চটী। পিতাকৰ ধাৰ মাৰিবলৈ গৌণ্ডাৰ সম্প্ৰদায়ৰ মাচ্চাৰু মালিকৰ ঘৰত বন্ধা খাটিছে। মালিকৰ বিশটা ভেড়াৰ দায়িত্বত কৈশোৰত ভৰি দিয়া চটীৰ দৈনন্দিন জীৱন ধলপুৱাতেই আৰম্ভ হয়। সুবিশাল ওখ-চাপৰ বজৰা খেতিৰ পথাৰৰ মাজেৰে ভেড়াৰ বাবে ভাল ঘাঁহৰ সন্ধানত চটীৰ মাত্ৰা আৰম্ভ হয়। কট্টাৰ পাহাৰ, পাহাৰৰ সিপাৰৰ উদয় হ’বলৈ ধৰা সূৰ্য, বজৰা শস্য কটাৰ পাছত ৰৈ যোৱা নৰাত লাগি ধৰা নিয়ৰ, অসংখ্য জনা-নজনা ঘাঁহৰ লগত চটীৰ নিবিড় সম্পৰ্ক। লগত মালিকনীয়ে তাৰ বাটিত ওপৰৰ পৰা বাকি দিয়া পনীয়া কানজীৰ টোপোলা। দিনটোৰ খাদ্য। সঙ্গী বিশটা ভেড়া। বীৰান, নেডুগ্বি, ম’লাচি আৰু বহুত। প্ৰতিটো ভেড়াৰ একো একোটা নাম দি লৈছে চটীয়ে। তাৰ লগত অন্য মালিকৰ ভেড়াৰখীয়া ৰন্ধা ভেলী, ষ্ট’নড্ৰিফ, টলফেলো আৰু ষ্টাম্পলেগ। দিনটোৰ নিৰ্দিষ্ট সময়ত প্ৰত্যেকেই প্ৰত্যেকৰ টোপোলা খুলি লয়। তাৰ মাজতেই কেতিয়াবা অলপ-অচৰপ ভাগ-বটোৱাৰা আৰম্ভ হয়। কেতিয়াবা তাল গছৰ ৰস খোৱাৰ পৰিকল্পনা, তাল গছৰ শিপাৰ টুকুৰা বিক্ৰী কৰি ত্ৰিশ-চল্লিশ টকা উপাৰ্জনৰ কথাও চটীৰ মনলৈ আহে। বেলীৰ কোমল মাতষাৰিৰ বাবে বেলীৰ প্ৰতি কুহুমীয়া আকৰ্ষণ আৰু তাৰ মাজতেই তলফেলোৰ বেলীৰ প্ৰতি প্ৰবল আকৰ্ষণৰ মাজত স্বভাৱিক ঈৰ্ষাৰ আগমন ঘটে চটিৰ মনলৈ। সেইটোও মুহূৰ্তৰ বাবে। তাৰ পিছতেই চটীয়ে ভেড়াকেইটাৰ সংগত সকলো পাহৰি প্ৰকৃতিৰ মাজত হেৰাই যায়।
উপন্যাসখনৰ কথনভংগী, ভেড়াৰখীয়া চটীৰ ক্ষুদ্ৰ জীৱন পৰিক্ৰমাৰে আঁকি যোৱা সামাজিক বৈষম্য, অৰ্থনৈতিক শোষণ আৰু সেইবোৰৰ মাজত প্ৰকৃতিৰ মাজত চটীৰ অবাধ স্বাধীনতা নিৰ্মল বক্তব্যৰে প্ৰকাশ পাইছে। ক’তো নিম্ন শ্ৰেণীৰ প্ৰতি লেখকৰ সমবেদনা অথবা উচ্চ শ্ৰেণীৰ প্ৰতি তথাকথিত বিষেদগাৰৰ চিন নাই। তাৰ মাজতো অতি সূক্ষ্মতাৰে মূৰুগানে নিজৰ আত্মিক দায়িত্ববোধ, জীৱনৰ প্ৰতি ভালপোৱা, মানুহৰ জীয়াই থকাৰ সংগ্ৰামক কলাত্মকভাবে তুলি ধৰিছে। পঢ়ি অটোৱাৰ পাছত চটীৰ প্ৰতি বা পাঠকৰ নিজৰ জীৱনৰ প্ৰতি বহু সময় ভাবিবলৈ বাধ্য কৰায় উপন্যাসখনে।