অনুবাদকবিতা

দেশ বুলিলে এতিয়া (মূল: তচলিমা নাচৰিন, অনুবাদ: মুনমুন সৰকাৰ)

এতিয়া দেশখন মোৰ বাবে সম্পূৰ্ণ এখন শ্মশান
শ্মশানত ৰৈ প্ৰতি ৰাতি কুকুৰ এটাই কান্দে‌,
হিয়াভঙা কান্দোন
আৰু এচুকত মাতাল হৈ পৰি থাকে কেইজনমান চণ্ডাল
দেশখন এতিয়া মোৰ বাবে আৰু শস্য শ্যামলা , উৰ্বৰ এডৰা মাটি হৈ থকা নাই,
বৈ থকা নদী এখন হৈ থকা নাই,
ৰ’দ পৰি জিলিকি থকা সৰোবৰ হৈ থকা নাই
হৈ থকা নাই ঘাঁহনি অথবা ঘাঁহফুল
দেশ আছিল আইৰ চাদৰ খন
যিখন চাদৰত ঘাম আৰু চকুপানী মচি মচি
দুৱাৰডলিত ৰৈ থাকিছিল আই।
দেশ আছিল আইৰ এহাল কৃষ্ণকায় চকু
গভীৰ এহাল চকু,
ৰ’দ-বৰষুণ নেওচি, দিন ৰাতিৰ বাছ বিচাৰ নকৰাকৈ মোক বিচাৰি অহৰহ সেই চকুহাল উৰা মাৰিছিল য’লৈ গৈছিলোঁ মই।
দেশ আছিল আইৰ অযত্নপালিত একোছা দীঘল চুলিত বন্ধা ঢিলা খোপা,
সময়ত নিজে খোল খাই সেই দীঘল চুলিকোচাই যেন মেৰিয়াই ধৰি লাজ ঢাকিছিল মোৰ
দেশ আছিল মাৰ হাতৰ ভজা চিৰা-মুৰি
দেশ আছিল ডাৱৰীয়া বতৰৰ ভজা ইলিছৰ টুকুৰা লগতে খিচিৰি
দেশ আছিল মাৰ হাতৰ ছয় যোৰ ৰংচঙীয়া চুৰি।
দেশ আছিল ঘৰৰ চোতালত থিয় হৈ মা, মাকৈ টেটুফালি চিঞৰাৰ আনন্দ।
হাড় কপোৱা জাৰত মাৰ কেথাৰ তলত কোচমোচ খাই সোমাই থকা
কাহিলি পুৱাতে তলসৰা শেৱালিৰে ঢকা পদূলিত বহি ফিকা চাহ আৰু বৰপিঠা খোৱা
আন্ধাৰত মেৰিয়াই
দূৰণিৰ
নিজান বননিত মাটি খান্দি
দেশখনক পুতি পেলাই
মানুহ কেইজনমান পলাইছে,
দেশ বুলিবলৈ কোনো নাই এতিয়া মোৰ, একো বাকী নাই।
নিজান নিথৰ শ্মশানৰ মুখত থিয় দি থকা এটা কুকুৰ আৰু কেইজনমান মাতাল মানুহ।
(কাব্যগ্রন্থ— “জলপদ্য”)

Leave a Reply

Your email address will not be published. Required fields are marked *