অনুবাদকবিতা

তাতকৈ (মূল বাংলা : নীৰেন্দ্রনাথ চক্রবর্তী, অনুবাদ: মধুছন্দা চলিহা ভূঞা)

সকলোকে জ্বলাই কোনো লাভ নাই।
তাতকৈ বৰঞ্চ
আজন্ম যেনেকৈ জ্বলিছা ঢিমিক ঢামাককৈ,
অকলে ,
দিনে ৰাতিয়ে
তেনেকৈ জ্বলি থাকা ,
জ্বলি জ্বলি ক্ষয় গৈ থাকা,
দিনৰাতি
অৰ্থাৎ মুখৰ কোৱাৰিৰে যেতিয়ালৈকে
তেজ নিগৰি নাহে।

এদিন মুখৰ কোৱাৰি ভেদি ঠিক তেজ নিগৰি পৰিব।
তেতিয়ালৈকে তুমি কি কৰিবা?
পলাই-পলাই ফুৰিবা নেকি?
পলাই-মেলি কোনো লাভ নাই।
তাতকৈ বৰঞ্চ
আজন্ম যেনেকৈ আছা, অকলে
পৃথিৱীৰ মাজতে থিয় হৈ
দিনেৰাতিয়ে
তেনেকৈয়ে জ্বলি থাকা,
জ্বলি জ্বলি ক্ৰমাৎ ক্ষয় যোৱা,
দিনৰাতি
অর্থাৎ নিয়তিয়ে
যেতিয়ালৈকে
ওৰণিখন আঁতৰাই নিদিয়ে।

নিয়তিৰ ওৰণিখন এদিন হঠাত আঁতৰি যাব।
আঁতৰি গ’লে তুমি কি কৰিবা?
মুখত তেজ, চকুত অন্ধকাৰ লৈ তেওঁক ক’বা নেকি
“আৰু যেন নজ্বলোঁ”?

নহয় নহয় সেইটো নক’বা।
তাতকৈ বৰঞ্চ কোৱা,
“মই দ্বিতীয় কোনোবা এজনক নজ্বলোৱাকৈ
অকলে অকলে জ্বলিব যে পাৰিছোঁ,
সেইটোৱে ভাল;
জুইত হাত থৈ তথাপিও ক’ব যে খুজিছো,
‘সকলো সুন্দৰ’-
সেয়াই ভাল।”

 

ক’বা যে, ইয়াৰ বাহিৰে ক’বলৈ একো নাছিল ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *