অনুবাদগল্প

টেৰেছাক চিঞৰা মানুহটো (মূল ইটালো কালভিনো ; অনুবাদ কৌশিক দাস)

[ইটালো কালভিনো (Italo Calvino, ১৯২৩-১৯৮৫) আছিল ইটালীৰ এগৰাকী বিখ্যাত লিখক। জন্ম হৈছিল কিউবাত। হাভানাৰ পৰা দুবছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ইটালীলৈ আহে। দ্বিতীয় বিশ্বযুদ্ধৰ দ্বন্দ্বমুখৰ পৰিবেশে তেওঁৰ সাহিত্য-ভাৱনা গঢ় দিয়াৰ উপৰিও তেওঁৰ মন‌টো মাৰ্ক্সীয় দৰ্শনৰ ফালে লৈ যোৱাত এটা নিৰ্ণায়ক ভূমিকা লৈছিল। ই‌টালীৰ কমিউনিষ্ট পাৰ্টীৰ সক্রিয় সদস্য আছিল কালভিনো। তেওঁ নিজকে নাস্তিক আৰু ধৰ্মহীন বুলি পৰিচয় দিছিল। ১৯৫৭ চনত, হাংগেৰিৰ ওপৰত ছোৱিয়েট আগ্রাসনৰ (১৯৫৬) এবছৰ পাছত, কালভিনোই কমিউনিষ্ট পাৰ্টিৰ সৈতে আনুষ্ঠানিক সংস্পৰ্শ ত্যাগ কৰে। এই গল্পটো ইটালীয়ান ভাষাৰ পৰা Tim Parks-এ কৰা ইংৰাজী অনুবাদ Numbers in the Dark and Other Stories গ্ৰন্থৰ পৰা অসমীয়ালৈ ৰূপান্তৰ কৰা হৈছে।]

মই ওপৰলৈ চাই চাই, দুখোজমান পিছুৱাই ফুটপাথৰ পৰা নামি ৰাস্তাৰ মাজত ঠিয় হ’লোঁ। হাতৰ তলুৱা দুখন মুখৰ ওচৰলৈ চপাই আনি মাইকৰ নিচিনা কৰি অট্টালিকাটোৰ ওপৰমহলালৈ লক্ষ্য কৰি চিঞৰ মাৰিলোঁ, “টেৰেছা!”

জোনবাইৰ পোহৰত মোৰ দুটা ভৰিৰ মাজত কঁপি উঠিল মোৰ ছাঁটো।

কোনোবা এজন কাষেৰে পাৰ হৈ গ’ল। আকৌ চিঞৰ মাৰিলোঁ মই, “টেৰেছা!”

মানুহজন মোৰ কাষ চাপি আহিল আৰু ক’লে, “তুমি আৰু ডাঙৰকৈ নিচিঞৰিলে তাই শুনিকে নাপাব। এটা কাম কৰোঁ, আমি দুয়ো একেলগে চিঞৰোঁ। মই এক, দুই, তিনি বুলি ক’ম, তিনি বুলি কোৱাৰ লগে লগে আমি একেলগে চিঞৰ মাৰিম”। এইবুলি তেওঁ গণিবলৈ আৰম্ভ কৰিলে,“এক-দুই-তিনি”। আমি দুয়ো টেঁটু ফালি চিঞৰি উঠিলোঁ,“টে-ৰেএএ-ছাআআআ…”।

থিয়েটাৰ নে কাফেৰ পৰা বন্ধু-বান্ধৱৰ সৰু দল এটি উভতিছিল। সিহঁতে আমি চিঞৰি থকা দেখিলে। সিহঁতৰ এজনে ক’লে,“তোমালোকৰ লগতে আমিও চিঞৰোঁ দিয়া!” ৰাস্তাৰ সোঁমাজত সিহঁতে আহি আমাৰ সৈতে যোগ দিলে, আৰু সিহঁতৰ প্ৰথম মানুহজনে “এক-দুই-তিনি” বুলি কোৱাৰ লগে লগে বাকী সকলোৱে একেলগে চিঞৰি উঠিলোঁ,“টেএএ-ৰেএএএ-ছাআআআআ…”।

কাষেৰে নতুন মানুহ এজন পাৰ হৈ গৈছিল আৰু তেৱোঁ আমাৰ সৈতে যোগ দিলে। পোন্ধৰ মিনিটমানৰ ভিতৰতেই, নাই বুলিলেও আমি প্ৰায় কুৰিজন মানুহ গোট খালোঁ। অলপ পৰ পাছে পাছে কোনোবা নহয় কোনোবা নতুন মানুহ আহি আমাৰ লগত যোগ দিয়েই থাকিল।

ঠিক একেটা মুহূৰ্ত্ততেই আটাইখিনি মানুহে একেলগে চিঞৰ মৰা কামটো আৰু সহজ হৈ নাথাকিল। প্ৰত্যেকবাৰেই কোনোবা নহয় কোনোবা এজনে “তিনি” বুলি কোৱাৰ আগতেই চিঞৰটো আৰম্ভ কৰে, নহ’লে সকলোৱে চিঞৰা শেষ কৰাৰ পাছতো কোনোবা এজনে চিঞৰি থাকে! হ’লেও, শেষত আমি কামটো মোটামুটিকৈ ভালকৈয়ে কৰিবলৈ সক্ষম হ’লো। আমি সকলোৱে একমত হলোঁ যে “টে” শব্দটো নিম্ন অথচ দীৰ্ঘ স্বৰেৰে ক’ব লাগিব, “ৰে”-টো উচ্চ আৰু দীৰ্ঘকৈ, আৰু “ছা”-টো নিম্ন আৰু চুটিকৈ উচ্চাৰণ কৰিব লাগিব। এইটো উপায়েৰে বৰ ভাল চিঞৰ ওলাবলৈ আৰম্ভ কৰিলে। কোনোবাই উচ্চাৰণত ইফাল-সিফাল কৰিলে মানুহবোৰৰ নিজৰ মাজত অলপ-অচৰপ কাজিয়াও লাগিবলৈ ধৰিলে।

আমি যেতিয়া ভুলবোৰ আঁতৰাই চিঞৰটো ভালদৰে আৰম্ভ কৰিব পৰা হৈছোঁ, তেতিয়া আমাৰেই কোনোবা এজনৰ মাত— মুখত শালমইনা থকা মানুহৰ মাত যেনেকুৱা হয়—, তেনেকুৱা এটা মাত কাণত পৰিল, “বাৰু, তুমি নিশ্চিত নে যে তাই ঘৰত আছে?”

“ওহোঁ”, মই ক’লোঁ।

“সেইটো বেয়া কথা হ’ল”, অন্য এজনে ক’লে, “তুমি তোমাৰ চাবি আনিবলৈ পাহৰিছা, নহয় জানোঁ?”

“নাই, নাই”, মই উত্তৰ দিলোঁ, “চাবি মোৰ লগতেই আছে”।

“ওৱা, তেনেহ’লে তুমি ঘৰলৈ চিধা উঠি নোযোৱা কিয়?”, মানুহবোৰে সুধিলে।

“অহহ….মই এইটো ঘৰত নাথাকোঁ নহয়”, মই উত্তৰ দিলোঁ, “মই থাকোঁ নগৰৰ সিটো ফালেহে”।

“ঠিক আছে বাৰু, কিন্তু মই নুসুধি নোৱাৰিছোঁ, বেয়া নাপাবা”, শালমইনা থকা মানুহৰ মাতৰ দৰে কণ্ঠটো মোৰ কাণত পৰিল, “কিন্তু ঘৰটোত থাকে কোন?”

“মই সঁচাই নাজানোঁ”, মই ক’লোঁ।

মানুহবোৰ অলপ হতাশ হৈ পৰিল।

“কথাটো অলপ বুজাই দিয়াচোন”, দঁতুৱা মুখেদি ওলোৱা মাত এটা শুনা গ’ল, “তেনেহ’লে এই ঘৰটোৰ তলত ৰৈ টেৰেছা টেৰেছা বুলি আটাহ পাৰি আছা কিয়?”

“মই যিমান দূৰ জানোঁ…”, মই ক’লোঁ, “আমি এটা বেলেগ নামেৰেও মাতিব পাৰোঁ, নহ’লে অন্য ঠাইলৈ গৈয়ো চেষ্টা চলাব পাৰোঁ। সেইটো ইমান একো ডাঙৰ কথা নহয়”।

এইবাৰ মানুহবোৰ অলপ বিৰক্ত হ’ল।

“আশা কৰিছোঁ তুমি আমাৰ লগত কোনো নাটকবাজী কৰা নাই”, সন্দিহান সুৰেৰে শালমন-কণ্ঠই সুধিলে।

মই বৰ বিনয়েৰে ক’লোঁ,“নাই, নাই…….কি যে কোৱা!” মোৰ কথাত বিশ্বাস কৰাবলৈ বুলি মই বাকীসকলৰ ফালে ঘূৰি চালোঁ। কোনেও একো নক’লে, গম পোৱা গ’ল যে সিহঁতৰ সন্দেহ আঁতৰ হোৱা নাই।

অলপ অস্বস্তিকৰ সময় পাৰ হৈ গ’ল।

“বাৰু বাৰু”, নিৰপেক্ষভাবেৰে এজন মানুহে ভদ্ৰ সুৰেৰে কৈ উঠিল, “আমিনো আকৌ এবাৰ টেৰেছা বুলি চিঞৰ এটা মাৰি নাচাওঁনো কিয়, তাৰ পাছত বাৰু ঘৰা-ঘৰি যামগৈ”।

গতিকে আমি আকৌ এবাৰ আটাহ পাৰি উঠিলোঁ, “এক-দুই-তিনি….টেৰেছা…”। এইবাৰ চিঞৰটো বৰ ভাল নহ’ল। তাৰ পাছত সকলোৱেই নিজ নিজ ঘৰলৈ বাট ল’লে, কোনোবাজন এইফালে, কোনোবাজন সেইফালে।

ময়ো প্ৰায় চাৰিআলিটো পাইছিলোঁগৈ, তেনেতে বোধহয় শুনিবলৈ পালোঁ, এটা কণ্ঠই তেতিয়াও চিঞৰি আছে, “টে-ৰেএএ-ছাআআআ…”।

কোনোবা এটা নিশ্চয় চিঞৰিবলৈ থাকি গৈছে তাত। কোনোবা গোঁৱাৰ, আঁকোৰগোঁজ এটা।

One thought on “টেৰেছাক চিঞৰা মানুহটো (মূল ইটালো কালভিনো ; অনুবাদ কৌশিক দাস)

  • অৰুণ কুমাৰ শৰ্মা

    কি ক’ম , কবিতা কবিতা লগা এটি গল্প ।
    অনুবাদ : সুন্দৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *