৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

দ্য ব্লেক ব্লাড (ড০ বিদিশা মহন্ত)

:কপাল!! বাৰে বাৰে কপালে ঠগা মানুহবোৰে কিয় কপালকে ধিয়ায়? … হাঁহি উঠা কথা নহয়নে?

বিজয় নগৰৰ তাইৰ ওৱান বি এইচ কেৰ ফ্লেটৰ ড্ৰয়িং কাম ডাইনিং ৰূমৰ মজিয়াত বহি হাতত ৱাইনৰ গিলাছ লৈ তাই প্ৰশ্ন কৰে।

সি আহত হয়।

এইটো জীয়া সাধু!! মাকে দি থৈ যোৱা উপহাৰ তালৈ।

:হাঁহি উঠা কথা নহয় বকুলবালা! বাৰে বাৰে ভাগ্যহত হ’লেও কপালৰ ওপৰত ভৰসা ৰখাৰ বাহিৰে যে সিহঁতৰ আৰু একো উপায় নাছিল।

:ন’!!!! ন’ বকুলবালা!! অ’নলি ব’ব! কল মি ব’ব!
চিৎকাৰ কৰি উঠিল ছোৱালী জনীয়ে।
তাইৰ খঙ তোলাবলৈকে তাইক পিতৃ প্ৰদত্ত নামেৰে মাজে মাজে মাতে বিপ্লৱে — অ’নলি বিপ্লৱে!!

:অ’কে অ’নলি ব’ব ! তাৰ পিছত কি হ’ল জানা?
:কেনেকৈ জানিম ? এইটো মোৰ ৰিচাৰ্চৰ টপিক নহয় নহয়।
খঙত ছিটিকি উঠা ছোৱালীজনী চাই চাই সি হাঁ‌হিলে!
তাৰ আজো আইতাকৰ আইতাকৰ সাধু এইটো। তেওঁৰ পৰা আজো আইতাকৰ মাকে শুনিলে। গুজি দিলে সাধুটো আজো আইতাকৰ বুকুত। আজো আইতাকেও থৈ দিলে বাকচৰ জাপত সুমুৱাই আৰু তাৰ আইতাকক বিয়াত উপহাৰ দিলে। আইতাকে তাৰ মাক তেওঁৰ বোৱাৰীয়েকলৈ সাঁ‌চিলে। এনেদৰে সাধুটো বৈ থাকিল ইটো পিৰিৰ পৰা সিটো পিৰি লৈ!! সাধুটো শুনিলে ক’লা ছালৰ মানুহবোৰৰ চকুবোৰত জুই ফুল ফুলে। সাধুটো শুনিলে ক’লা ছালখনৰ তলেৰে ৰঙা তেজৰ সোঁ‌তটো বৰ খৰকৈ বলে।
তাৰ পৰা ৱাইনত চুমুক দি সি আকৌ আৰম্ভ কৰিলে —
:জাহাজখনত কেইবাশও মানুহ। চকুত সপোন এটা আৰি লৈ ভাগ্যকে ধিয়াই ওলাই অহা এখিনি ভাগ্যহত মানুহ। চৰ্দাৰৰ কঠোৰ শাসন, কঠিন মাত!! খাবলৈ কেৱল চাটু গুৰি আৰু শুকান ৰুটী। গুপগুপীয়া গৰমত সিজি, বৰষুণত তিতি ম’হ দাঁ‌হৰ কামোৰ খাই খাই জলমলীয়া সপোনটো ধিয়াই আহি থাকে সিহঁত। চৰ্দাৰে দেখুৱাইছে সপোনটো। অসম দেশত বোলে টকাৰ গছ আছে। ধৰিব জানিলেই হ’ল। অলপ দিন থাকি অলপ টকা ঘটি আকৌ দেখোন ঘূৰিয়েই আহিব পাৰিব দেশলৈ।
সিহঁত কেইবাটাও আছে একে গাঁ‌ৱৰে…
ৰঘু মাহাতো, বাঘা হাজৰা, বিৰু মুড়া, দুখী তাঁ‌তি …
পাহোৱাল কৰ্মঠ ডেকা। ডেকা বয়সতে যদি অলপ ঘটি নলয় কেনেকৈ হ’ব। হওঁ‌তে ঘৰ পা-পৰিয়াল খেতি সব আছে। পিছে গোটেইসোপা মহাজনৰ হাতত বন্ধকত গ’ল। মহাজনৰ ওচৰত ধাৰত টেটুলৈকে ককবকাই ককবকাই থাকোঁতেই সিদিনা যেতিয়া সেই ৰবি চৰ্দাৰ বোলা মানুহটো গাঁ‌ৱত ওলালগৈ সিহঁতে সৰগহে ঢুকি পালে। কাবৌ কোকালি কৰি তাৰ পিছ নেৰাই হ’ল। ‘আসাম দেশে যাইব। টাকা কামাইব’ কিমান যে জল্পনা কল্পনা। মানুহবোৰে থৰ লাগি শুনিলে।
আছেনে সঁ‌চাকৈ এনেকুৱা দেশ- এনেকুৱা ঠাই। টকাবোৰ হেনো গছতে লাগে।
স্বৰ্গ যদি আছে তেনেহ’লে সেইখনেই।
ক’লা ক’লা মুখবোৰ উজলি উঠে। মহাজনৰ চেপাৰ পৰা মুক্তি! চিৰন্তন দৰিদ্ৰতাৰ পৰা মুক্তি! বেমাৰ,অপুষ্টিৰ পৰা মুক্তি!!
কেনেকুৱা লাগে ধোঁ‌ৱা বলি থকা গৰম ভাত এসাঁ‌জ খাবলৈ। কেনেকুৱা লাগে নফটা কাপোৰ এসাজ লাগ বুলিলেই পিন্ধিবলৈ! কেনেকুৱা লাগে বেমাৰী মাক দেউতাকক মাছ অকণ, কণী এটা, গাখীৰ অকণ মুখৰ আগত দিবলৈ! মূৰৰ ওপৰত ধাৰৰ বোজা নথকা নিশ্চিন্ত মনটো লৈ নিদ্ৰাত ঢলি পৰিবলৈ!!
ৰবি চৰ্দাৰে দেখুওৱা সপোনৰ ফান্দত পৰে এগাল মান সপোন দেখিবলৈ ভাল পোৱা তেজাল ডেকা।
কাগজত টিপ চহী মাৰি সামান্য আগধন ঘৰৰ মানুহৰ হাতত দি অনিশ্চিত যাত্ৰা আৰম্ভ কৰে ৰঘুহঁ‌তে।
মনত সিহঁতৰ অগাদেৱা কৰি থাকে মৰমী প্ৰিয়াৰ মুখ একোখনে!
“–মনে তাৰ নিত্য আসা যাওয়া।
পৰণে ঢাকাই শাৰী কপালে সিঁ‌দুৰ।।”
কেইবাদিনো ধৰি ৰঘুহঁ‌ত গৈ থাকে। অস্বাস্থ্যকৰ পৰিবেশত লাহে লাহে বেমাৰ আৰম্ভ হয়। কলেৰা, গ্ৰহণী!! বমি কৰি কৰি লেবেজান হোৱা মানুহবোৰক– অত্যন্ত দুৰ্বল মানুহবোৰক এটা এটাকৈ পানীত জীয়াই জীয়াই পেলাই দিয়া হয়। প্ৰতিবাদ কৰিলেই চৰ্দাৰৰ চাবুকৰ কোব।
লাহে লাহে ৰঘুহঁ‌তৰ ওচৰত কথাবোৰ পৰিষ্কাৰ হ’বলৈ ধৰিলে। ভীষণ ষড়যন্ত্ৰৰ বলি হ’ল সিহঁত। সেই কাগজখনত টিপ চহী দিয়া বাবে সিহঁতৰ ঘৰলৈ ঘূৰি যোৱা ৰাস্তা বন্ধ হৈ গ’ল।
অসহায়ভাৱে ইটোৱে সিটোৰ মুখলৈ চালে। কি কৰিব! সিহঁতে কি কৰিব!
হয় কাম কৰ আৰু জীয়াই থাক। নহ’লে ভীষণ শাস্তিৰ মুখামুখি হ আৰু মৰ।
সিহঁতে জীয়াই থকাৰ কথাকে ভাবিলে। কপালত থাকিলে কেতিয়াবা হয়তো দেখা হ’ব দুখুনী মাকজনী — মৰমী পত্নী — কণমানি পোনাটিৰ সৈতে …..
ব্ৰহ্মপুত্ৰইদি জাহাজ আহি আহি শিলঘাটত ৰ’ল। তাতে কুলি ডিপো। তাৰ পৰাই সিহঁতক চালান দিব বেলেগ বেলেগ ঠাইলৈ। চাহখেতি কৰিব সিহঁতে। সিহঁতে আপদাল কৰা এটি কলি দুটি পাতে ৰাতিপুৱাই চাহাবৰ আলসুৱা টোপনি ভাঙিব — পেৰাত ধন হৈ সোমাব।
অমানুষিক কষ্ট– আধা পেটি পেট– ৰ’দে পোৰা শৰীৰ– বৰষুণত তিতা সেৰ পতা হাত ভৰিৰ আঙুলি—- ।
সামান্য দোষতে চিৰা চিৰ হয় গা। সামান্য দোষতে খোল খাই নাৰীৰ আবুৰ! সামান্য দোষতে মৰে একোটাহঁ‌ত গজগজীয়া মানুহ।
ভাষাৰ মিল নাই– চিনা নাই — জনা নাই — গৰু পশুৰ দৰে যোৰা পাতি দিয়া হয় চোটনাগপুৰ, বিহাৰ, চত্তিশগড়ৰ পৰা অহা মানুহবোৰক। উদ্দেশ্য এটাই — কাম কৰা মানুহ লাগে — আৰু বেছি কুলি লাগে– । লাগে থাককেই নিজৰ দেশত নিজৰ ঘৰত জুহালৰ গুৰিত কৰ্মৰতা মৰমী পত্নী,শুই থকা কণমাণি পোনা।থাকক !
ৰঘুকো বিয়া পাতি দিলে ফুলমণিৰে সৈতে। বিয়া মানে! একেখন চালিৰ তলতে থাকিলে, একেলগে পাত তুলিলে, ৰান্ধিলে, শুলে — আৰু কুলি জন্ম দিলে।
: এয়া দেখোন সেই ‘টুৱেলভ ইয়েৰ্চ এ স্লেভ’ৰ দৰে কাহিনী।
তাইৰ বহল চকু দুটাত হেৰাই যোৱাৰ বাসনা বৰ কষ্ট কৰি ত্যাগ কৰে সি।
–ৰঘুৰো প্ৰেম হয় জানা শেষত। ফুলমণিৰ লগত।
কওঁ নকওঁ কৈ সি কৈ উঠে।
— হ’বই! সকলোকে পোহৰ লাগে। গছে লতাই যেনেকৈ পোহৰৰ ফালে ঢাল খাই মানুহেও যিফালে সুবিধা পাই তাৰ পৰাই জীৱনী শক্তি আহৰণ কৰে।
মোলৈকে চোৱা — তুমি নহ’লে মই থাকিব নোৱাৰিম বুলি ভাবিছা নেকি! জীৱনক পোহৰ লাগে — বিচাৰি ল’বই।
তাৰ ডিঙিটো মেৰিয়াই ধৰি দৃঢ়তাৰে তাই ক’লে।
এই – এইবোৰ কথাতে ভাল লাগে তাইক। আদৰেৰে কাষ চপাই ল’লে সি তাইক।
সিহঁতে সাৰ পাওতে আবেলি হ’ল। সি ল’ৰাল’ৰিকৈ উঠিল। ফটা ফট ৰেডী হৈ চাহ একাপ কৰি তাইলৈ চালে।
কুইন চাইজৰ আহল বহল বেডখনত আলসুৱাকৈ পৰি থকা ব’বক নজগোৱাকৈ সি ওলাই গ’ল। আবেলি পাঁ‌চটাৰ পৰা তাৰ ক’চিং ক্লাচ আছে। ইউ. পি.এচ.চিৰ।
একে লগে পি এইচ দিৰ কামো কৰি আছে সি।
ব’বো আহিছিল চিভিল চাৰ্ভিচৰ বাবেই। পিছে ইমান কষ্ট কৰিব নোৱাৰে হেনো তাই। ছবি আঁ‌কি ভাল পোৱা ছোৱালীজনীয়ে ঘৰতে ষ্টুডিঅ বনাই লৈছে। বিচাৰিলে আকাশৰ তৰাটোও আনি দিব খোজা দেউতাকে লাগ বুলিলতে লৈ দিছে অকণমানি ফ্লেট টো! তাইৰ ভাষাত টোকোৰা বাঁ‌হ। ৰাতিৰ ৰাতিটো ছবি আঁ‌কি আঁ‌কি তাতে দিনটো লাং খাই পৰি থাকে তাই।
প্ৰগতি ময়দানৰ আৰ্ট এগজিবিশ্যনত লগ পাইছিল সিহঁত দুটাই।
তেজেৰে লুতুৰি পুতুৰি এঙাৰ বৰণীয়া শৰীৰ এটা আৰু গৰ্বিত ভংগীত উদ্যত চাবুক এডাল— দ্য ব্লেক ব্লাড শীৰ্ষক পানী ৰঙৰ মাধ্যমত অঁ‌কা ছবিখনে তাক আকৰ্ষণ কৰিছিল। ছবিখনত ৰঙা ৰং যেন হেঁ‌পাহ পলুৱাই ব্যৱহাৰ কৰা হৈছিল। ছবি আঁ‌কোতাক বিচাৰি বিচাৰি চিনাকি হৈছিল সি।
ছবিখনে ওচৰ চপাই আনিছিল দুয়োটাকে।
‘আহিবাচোন কথা পাতিম! তোমাৰ লগত কথা পাতি ভাল লাগিব যেন লাগিছে।’
তাই এড্ৰেচটো দিছিল।
দুদিন পিছতেই গধূলি উৎসাহত ওলাইছিলগৈ সি। হাতত
ৱাইনৰ গ্লাচ আৰু আঙুলিৰ ফাঁকত জ্বলন্ত চিগাৰেট লৈ দুৱাৰ খুলি দিছিল তাই।
তাৰ পিছত কথাবোৰ সহজ হৈ পৰিছিল। মুখাৰ্জী নগৰৰ পিজিটোৰ পৰা সি বিজয় নগৰৰ তাইৰ এজনীয়া ফ্লেটটোৰ বাসিন্দা হৈছিলহি।
ৰাতিৰ ৰাতিটো তাই ছবি আঁ‌কে আৰু সি পঢ়ে। দিনত দুইটা শোৱে।
দিনবোৰ গৈ থাকে ৰাতিবোৰ আহি থাকে। সিহঁত চলি থাকে।
তাৰ ব্লেক ব্লাডৰ কাহিনীটো শুনা নহয় গৈ।
ৰঘু মাহাতোৰ সাধুটোও আধা কোৱা হয়।
বছৰ বাগৰে।
ইউ.পি.এচ.চিৰ কেউটা ঢাপ পাৰ কৰি বিপ্লৱ ট্ৰেইনিঙ ল’বলৈ যায়।
সেই সময়ছোৱাতে তাইও ঘৰলৈ যায়গৈ। এষ্টেট চম্ভালাত সহায় কৰিব লাগে। মাতি পঠাইছে দেউতাকে।
সম্পূৰ্ণ ছমাহ! ছমাহৰ মূৰত আহিছে সি সোণাজুৰিলৈ — তাইৰ কাষলৈ।

তামোল এখন মুখত ভৰাই আইতাকৰ ঘোষণা সেয়া।
: এহ ল’ৰা ছোৱালীৰ পছন্দ!! নাম ধাম গতি গোত্ৰ একো নজনাকে অকল বাহিৰখন চায়েই পছন্দ কৰে ঐ আজিকালি ইহঁতে।
দুয়োটাই ইটোৱে সিটোৰ মুখলৈ চালে।
প্ৰয়োজনতকৈ গহীন হৈ আছে তাই আজি।
অন’লি বিপ্লৱক অন’লি ব’বে একো সোধাৰ প্ৰয়োজন বোধ নকৰিলে।
অন’লি ব’বৰ খবৰো অন’লি বিপ্লৱে নাপালে।
অহ!! বিয়া হ’বলৈ এইবোৰ যে দৰকাৰী কাৰো ভবা নহ’ল।
মাক নোহোৱা ঘৰখনত আইতাকেই আৰম্ভ কৰিলে–
: পিছে ঘৰত আৰু কোন কোন আছে বোপাই। আৰু দেউতাৰাৰ নাম বা কি? আমিও জানিব লাগে দিয়াচোন।
:অনিল মাহাতো।
ঘৰখনত যেন বজ্ৰ হে পৰিল।
বিপ্লৱ মাহাতোৰ দেউতাক অনিল মাহাতো!!
ৰঘু মাহাতোৰ পৰি নাতি হৰিনাথ মাহাতোৰ নাতিনীয়েক বিপ্লৱ।
চাবুকৰ কোব খাই হাৰিয়াৰ নিচাত বিষ পাহৰা হৰিনাথ!
হাৰিয়াৰ গোন্ধত স্কুল শিক্ষক অনিল মাহাতো তল পৰিল।
মেধাৱী, তীক্ষ্ণ বুধিৰ আই এ এচ অফিচাৰ বিপ্লৱ মাহাতো তল পৰিল।
:ইমান সাহ! ইমান সাহ!!
বাগানৰ লেবাৰ অনিল মাহাতো মোৰ বিয়ৈ হ’ব!!
স্পৰ্ধা চোৱা!!
উন্মাদ প্ৰায় মানুহজনে তাক প্ৰায় চোচোৰাই নিয়াৰ দৰে বুলনিলৈ টানি নিছিল।
:মোৰ আইতা মাধবীলতা চলিহা।
দেৱাল জুৰি থকা বিশাল পৰ্ট্ৰেইটখন আঙুলিয়াই দিলে
ৰাধানাথ চলিহাই।
:ককালৈ বিয়া হৈ আহিছিল তেৰ বছৰতে। বিশ বছৰত জমিদাৰী চম্ভালিছিল। কেন য়ু বিলিভ! আইতা তেতিয়াৰ দিনৰে লেডী চাহ খেতিয়ক। একদম পাৱাৰফুল লেডী। আইতাই বোলে বাগানৰ কামত ফাঁ‌কি দিয়া লেবাৰ বোৰক চাবুকেৰে কোবাইছিল….। হা হা ভাল কৰিছিল।
এটা লেবাৰে জ্বৰ বুলি মিছা কথা কৈ কামলৈ অহা নাছিল। আইতাই তাক কাপোৰ খোলাই কোবাই কোবাই জ্বৰ বাহিৰ কৰি দিলে। দুদিন বেহুচ হৈ পৰি থাকিল সি। সেইদিনাৰ পৰা কিন্তু কোনেও ফাঁ‌কি নিদিয়া হ’ল। ইমান ডাঙৰ এষ্টেট চলাবলৈতো সিমানখিনি ষ্ট্ৰিক্ট হ’বই লাগিব।
তোমাৰ ককাৰ আজোককাৰৰ দৰে মানুহক এই ঘৰৰ বাৰন্দাৰ খুটাত বান্ধি চাবুকৰ কোব দিছিল মোৰ আইতাই — দেউতাই। আৰু তুমি আই এ এচ অফিচাৰ হ’লা বুলিয়েই পাহৰি যাম এইবোৰ কথা। মোৰ নাতিৰ গাত লেবাৰৰ তেজ থাকিব!
প্ৰচণ্ড বিদ্ৰুপেৰে ৰাধানাথ চলিহাই ক’লে। প্ৰতিটো কথাই চাবুকৰ দৰে আঘাত হানিছে তাক। তাৰহে যেন শৰীৰটো নগ্ন কৰা হৈছে — তাকহে যেন চাবুকেৰে কোব দিয়া হৈছে–
কুণ্ডলি পকাই বমি বমি ভাব এটাই মুৰৰ পৰা ভৰিলৈকে শিপাই গ’ল তাৰ।
চকুত ভাহি আহিছিল তেজেৰে ৰাঙলী আবলুচ কাঠৰ ৰঙৰ নগ্ন কঠিন শৰীৰ এটা।
মাধবীলতা চলিহাৰ প্ৰচণ্ড ব্যক্তিত্বসম্পন্ন ছবিখন তল পেলাই ভা‌হি আহিল ক’লা ক’লা মানুহবোৰৰ
আৰ্তনাদ, গ্লানি, হতাশা আৰু ক্ষোভ!
আইতাকেও বুকু চপৰিয়াই চপৰিয়াই কান্দিছিল!
:দিল্লী লৈ সেয়া কৰিবলৈকে পঠিয়াইছিলো মই। লেবাৰ এটাক বিয়া পাতিবলৈ ইমানেই মন আছিল যদি আমাৰ সোণাজুৰিয়েনো কি জগৰ লগালে। ইয়াৰে বুধু নহ’লে চমৰাকে পাতক বিয়া। হাৰিয়া খাই খাই লাইনত ফুৰ্তি কৰক সবেই।
উস উস!! বুকুত মৰ কামোৰ মাৰিলে তাই। সিহঁতৰ মানুহে এতিয়া আহিলেও এই সোণাজুৰিৰ মালিকৰ ঘৰত বহিবলৈকে সাহ নকৰে। তাই মোক জোঁৱাই ঘটি দিয়ে … .।

বিপ্লৱে পোনে পোনে বকুলবালালৈ চালে। ইমান অপমান সহিও ইমান নিৰ্বাক! এইজনী তাৰ অন’লি ব’ব! সামান্য অন্যায়ো নসহা, সাংঘাটিক স্পষ্টবাদী তাৰ অন’লি ব’ব এইজনীনে!
সোণাজুৰিলৈ অহাৰ পৰা লাহে লাহে তাইক অচিনাকি লাগিবলৈ ধৰিছে।
ক’ত হেৰাই গ’ল তাৰ সেই ইনডিপেনডেণ্ট , ডিচিশ্যন মেকাৰ ব’ব!
চাৎ কৈ তাৰ মনলৈ আহিল…
তাইও বাৰু অপ্ৰেচড নেকি! থাকেতো! বহুত ডাঙৰ ডাঙৰ পৰিয়ালত হয় এনেকুৱা! কিমান অনাৰ কিলিঙৰ কাহিনী শুনিছে সি। হয়। সেয়াই হয়।
সি অকমান সকাহ পালে।
: তুমি কোৱা ব’ব! আমি অন’লি ব’ব অন’লি বিপ্লৱ হৈয়ে থাকোঁ। কালৈ ভয় কৰিছা কোৱা! ভয় কৰিব নালাগে। তুমি জানা আইন আমাৰ লগত। পুৰণি সমাজ ভাঙি নতুন সমাজ গঢ়াৰ সপোন আমিয়েই জানো দেখা নাছিলোঁ।
তাৰ কথাবোৰ নিজৰে নাটকীয় যেন লাগিল। এই মুহূৰ্তত তাৰ মগজে আৰু শান্তকৈ বুজাব নোৱাৰে।
সকলোবোৰ তল পেলাই স্পষ্ট আৰু কঠিন মাত এটা ভাহি আহিছিল। তাৰ তেনেই অচিনাকি এইটো মাত।
: বিপ্লৱ মাহাতো! তুমি আই এ এচ অফিচাৰেই হোৱা বা প্ৰাইম মিনিষ্টাৰেই হোৱা — তোমাৰ ৰুট তুমি পাহৰি যাব নোৱাৰা। মইও নোৱাৰোঁ। একেলগে থকা, প্ৰেম কৰা, খোৱা, শোৱা, সাধাৰণ কথা। কিন্তু বিয়া — বেলেগ বস্তু!! বহুত ভাবিলোঁ!! কিন্তু মোৰ সন্তানে ৰঘু মাহাতোৰ তেজ কঢ়িয়াব — ব্লেক ব্লাড — সেয়া ভাবিব নোৱৰা কথা।
আস! তায়েই কৈছিলনে জন্মৰ ওপৰত মানুহৰ কোনো অধিকাৰ নাথাকে– নে সি ভুলকৈ শুনিছিল। নহয় সি ভুলকৈ বুজিছিল–
দ্য ব্লেক ব্লাড!! কিমান ভুলকৈ বুজিছিল সি!
আৰু এটা কথাও নোকোৱাকৈ আইতাক আৰু দেউতাকৰ আশ্বস্ত চকুৰ আগেদি বকুলবালা তাৰ পৰা গুচি গৈছিল।
বজ্ৰাহতৰ দৰে বহি আছিল বিপ্লৱ!
বকুলবালাৰ যিখন ছবি দেখি সি তাইৰ প্ৰেমত পৰিছিল সেইখন ছবি তাৰ চকুত ওলমি থাকিল!
ক’লা শৰীৰটোৰ পৰা ওলোৱা তেজবোৰ যে তাৰেই!! আৰু চাবুকডাল হ’ল বকুলবালা চলিহা।
আস!! বকুলবালাই নুবুজোৱাকৈয়ে ছবিখন খুব ভালকৈ বুজিলে বিপ্লৱ মহাতোৱে।
সেইদিনা ৰাতি চাৰ্কিট হাউচত বহি বহি সি তাৰ সাধুটো নতুনকৈ লিখিব খুজিলে। শ্ৰমৰ মৰ্যাদা আৰু সন্মানেৰে লিখা হ’ব সাধুটো। সেই বঞ্চনাৰ ইতিহাস সলনি হ’ব লাগিব। নতুন ল’ৰা ছোৱালীবোৰে নতুনকৈ শিকিব নতুন সাধুটো। সম মৰ্যাদা, সম অধিকাৰৰ এখন সমাজৰ সপোনে তাৰ বুকুত নতুন সাধু এটা ৰুই গ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *