চিনেমাশিল্প-কলা-সংস্কৃতি

পুঁজিবাদী সমাজৰ দ্বাৰা পিষ্ট শ্ৰমজীৱি মানুহৰ কৰুণ গাঁথা : দ্য চাইক্লিষ্ট ( The Cyclist) ‌।‌। তৰালী শৰ্মা

মুক্ত চিন্তাৰ আগৰ দুটা সংখ্যাত প্ৰকাশ পাইছিল মোৰ The Bicycle Thieves আৰু Matto ki Saikil শীৰ্ষক চিনেমা দুখনৰ দুটা আলোচনা। গতিকে এইবাৰো এই ধাৰাবাহিকতা ৰক্ষাৰ্থে এটা চমু আলোচনা আগবঢ়াব বিচাৰিছোঁ ইৰাণৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক মহচেন মখমলবাফে পৰিচালনা কৰা The Cyclist নামৰ চলচ্চিত্ৰখনৰ। আগতে উল্লেখ কৰা The Bicycle Thieves, Matto ki Saikil আৰু The Cyclist এই তিনিওখন চিনেমাতেই পুঁজিবাদী সমাজ ব্যৱস্থাই কোঙা কৰা শ্ৰমজীৱি মানুহৰ দুখ-দুৰ্দশাৰ অতি কৰুণ ভাৱে উপস্থাপন কৰা হৈছে। লগতে তিনিওখন চিনেমাতেই জীৱন নিৰ্বাহৰ আহিলা হিচাপে চাইকেলখনৰ ব্যৱহাৰ মন কৰিবলগীয়া।

এতিয়া আহিছোঁ The Cyclist চিনেমাখনৰ পৰিচালক মহচেন মখমলবাফৰ কথালৈ। যদিওবা চিনেমা এখনৰ আলোচনাৰ সময়ত চিনেমাখনৰ বিষয়বস্তু বা কাৰিকৰী দিশবোৰে বেছি গুৰুত্ব পায়, তথাপিও পৰিচালকজনৰ আদৰ্শগত অৱস্থান বা তেওঁৰ বৌদ্ধিক দিশ বা তেওঁৰ ৰাজনৈতিক, সামাজিক দায়বদ্ধতা আদিয়ে চিনেমাখনৰ বিষয়বস্তুক আৰু অধিক মনোগ্ৰাহী আৰু গভীৰতৰ কৰি তোলাত সহায় কৰে। গতিকে পৰিচালকজনৰ বিষয়ে কিছু অধ্যয়ন কৰাটো জৰুৰী হৈ পৰে। ১৯৫৭ চনত জন্ম লাভ কৰা মহচেন মাখমালবাফ এজন ইৰাণী চলচ্চিত্ৰ পৰিচালক, লেখক, চলচ্চিত্ৰ সম্পাদক আৰু প্ৰযোজক। তেওঁ ২০খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ ছবি নিৰ্মাণ কৰিছে, ৫০ তকৈও অধিক বঁটা লাভ কৰিছে। তেওঁ ইৰাণী চিনেমাৰ নব্য তৰংগ আন্দোলনৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ১৫ বছৰ বয়সত ইৰাণৰ তেতিয়াৰ শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া এটা সশস্ত্ৰ বাহিনীৰ লগত তেওঁ জড়িত হৈ পৰে আৰু ১৭ বছৰ বয়সত এজন আৰক্ষীক ছুৰীৰে আঘাত কৰাৰ অপৰাধত মৃত্যুদণ্ডৰে দণ্ডিত কৰে যদিও পাঁচ বছৰৰ কাৰাদণ্ড ভুগি থকাৰ পিছত ইৰাণী বিপ্লৱৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়। ২০০৫ চনত ইৰাণ এৰি থৈ যায়। তেতিয়াৰ পৰাই মাখমালবাফৰ দাৰ্শনিক চিন্তাধাৰাৰ যথেষ্ট বিকাশ হয়। পিছলৈ ঘূৰি চালে তেওঁ নিজকে এজন অপৈণত চিন্তা-ধাৰাৰ ব্যক্তি বুলি ভাবে আৰু এতিয়া মেকিয়াভেলিয়ান হ’ব পৰাকৈ ৰাজনৈতিক সীমাবদ্ধতাসমুহ মানি ল’ব নোৱাৰে বুলি বিবেচনা কৰে। আশ্চৰ্যজনকভাৱে তেওঁ এলবাৰ্ট আইনষ্টাইনক আদৰ্শ হিচাপে লৈ তেওঁৰ আপেক্ষিকতাৰ তত্ত্ব সামাজিক-ৰাজনৈতিক বিষয়ত প্ৰয়োগ কৰে। তেওঁ কয় যে তেওঁ আনক বিচাৰ কৰা বন্ধ কৰি দিছে আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক বুজিবলৈ চেষ্টা কৰে। ৰাষ্ট্ৰ আৰু সাংস্কৃতিক পৰম্পৰাক সমালোচনা কৰাৰ তেওঁৰ ইচ্ছাই তেওঁক ইৰাণৰ বিতৰ্কিত ব্যক্তিত্ব কৰি তুলিছে। ইৰাণী বিপ্লৱৰ পিছৰ প্ৰায় এটা দশক ধৰি মাখমালবাফৰ দৃষ্টিভংগী আৰু ছবিয়ে ইৰাণৰ সাংস্কৃতিক পৰিৱেশত বিপ্লৱী শিল্পৰ কণ্ঠস্বৰ হিচাপে কাম কৰিছিল৷

তেওঁৰ এটা সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁৰ চলচ্চিত্ৰবোৰ একোটা লোক উপাখ্যানৰ দৰে‌। তেওঁ the Arab Spring (চৰকাৰ বিৰোধী প্ৰতিবাদ, বিদ্ৰোহ আৰু সশস্ত্ৰ বিদ্ৰোহৰ ধাৰাবাহিক যি ২০১০ চনৰ আৰম্ভণিতে আৰব বিশ্বৰ বহু অংশত বিয়পি পৰিছিল। দুৰ্নীতি আৰু অৰ্থনৈতিক স্থবিৰতাৰ প্ৰতি সঁহাৰি জনাই টিউনিছিয়াত ইয়াৰ আৰম্ভণি হৈছিল৷), ইৰাণৰ ৰাজনৈতিক সংগ্ৰাম আৰু Iranian Revolution ৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। এই গোটেইবোৰ দিশ সাঙুৰি তেওঁ এনে কিছু কাহিনী নিৰ্মাণ কৰিব বিচাৰিছিল যিটো কেৱল ইৰাণৰ বা আৰবৰ কাহিনী নহ’ব ইয়াৰ এটা শ্বাশ্বত প্ৰভাৱ থাকিব। তেওঁৰ দেশত হত্যা, হিংসা আদিবোৰ অতি সাধাৰণ কথা হৈ পৰিছিল। গতিকে তেওঁ ইৰাণক হত্যা, হিংসা আৰু যুদ্ধ‌-বিগ্ৰহ আদিৰ পৰা মুক্ত এখন দেশ ৰূপে কল্পনা কৰিছিল আৰু সেউজ বিপ্লৱ আৰম্ভ কৰিছিল। ২০০৯ চনৰ সেউজ বিপ্লৱৰ সময়ৰ পৰা মাখমালবাফে সমাজ সংস্কাৰৰ সপক্ষে তীব্ৰভাৱে ওলাই আহিছিল। তেওঁ পৰিচালনা কৰা কেইখনমান বিখ্যাত চিনেমা হৈছে গব্বেহ, kandhar, The Gardener, The Afghan Alphabet, The President, Once Upon a Time Cinema, The Silence, The Endless Smile, A Moment of Innocence আদি ।

মখমলবাফৰ দ্বাৰা পৰিচালিত ছবি The Cyclist চিনেমাখন YouTube ত উপলব্ধ। তলৰ লিংকটোত গৈ চিনেমাখন চাব পাৰিব।
https://youtu.be/N1jk_XM3DBU?si=ufR16rTjhML2X678

চিনেমা এখনত ইয়াৰ বিষয়বস্তু আৰু কাৰিকৰী দিশ তথা কলাত্মক দিশবোৰ, যেনে— কেমেৰাৰ ভাষা, ৰঙৰ প্ৰয়োগ, বিভিন্ন ৰূপকৰ ব্যৱহাৰ, সংগীতৰ প্ৰয়োগ উভয়ৰে গুৰুত্ব থাকে। চিনেমাৰ বিষয়বস্তুৰ উপস্থাপনত কাৰিকৰী দিশ তথা কলাত্মক দিশৰ সফল প্ৰয়োগেহে চিনেমাখনক মনোগ্ৰাহী কৰি তোলে। কিন্তু কাৰিকৰী দিশৰ পৰা উন্নত হৈও যদি ইয়াৰ বিষয়বস্তু অতি নিম্ন পৰ্যায়ৰ হয় তেতিয়াও চিনেমাখনৰ লগত উচিত বিচাৰ হৈছে বুলি ক’ব নোৱাৰি। কাৰণ চিনেমাখনৰ বক্তব্যটো বা বিষয়বস্তুটো হৈছে ইয়াৰ মূল বস্তু, বাকী দিশবোৰে ইয়াক অতি সংবেদনশীলভাৱে উপস্থাপন কৰাত সহায়কহে হয়। কিন্তু এই কাৰিকৰী তথা কলাত্মক দিশবোৰৰো আলোচনাত সমানেই গুৰুত্ব আছে। কিন্তু এই লেখাটোত চিনেমাখনৰ বক্তব্যটোত গুৰুত্ব দি সচেতনভাৱেই ইয়াৰ কাৰিকৰী তথা কলাত্মক দিশবোৰৰ আলোচনাটো বাদ দি ৰাজনৈতিক বা সামাজিক দৃষ্টিকোণৰ পৰা চিনেমাখনৰ আলোচনা কৰা হৈছে। লেখাটোৰ উদ্দেশ্য হৈছে পাঠকক চিনেমাখন সম্পৰ্কে জনোৱা। আপোনালোকে চিনেমাখন চাওক, ইয়াৰ বিষয়বস্তুৰ গভীৰতাক অনুধাৱন কৰক; এই লেখাটোৰ সাৰ্থকতা এইখিনিতেই‌। ইয়াৰ সকলো দিশ সামৰি সামগ্ৰিকভাৱে লেখা এটা লিখাৰ প্ৰয়োজনীয়তা আছে, গতিকে আগলৈ এইধৰণৰ লেখা এটা লিখি উলিয়াবলৈ নিশ্চয় চেষ্টা কৰিম।

চিনেমাখনৰ কাহিনীভাগ এনেধৰণৰ—
নাছিম এজন আফগানী প্ৰব্ৰজনকাৰী। তেওঁৰ পত্নী জটিল ৰোগত আক্ৰান্ত, যাৰ চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন। বহুত কাকূতি-মিনতি কৰি নাছিমে তেওঁক হস্পিতালত ভৰ্তি কৰে যাতে সি তাৰ পত্নীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় টকা যোগাৰ কৰাৰ বাবে যাব পাৰে।

নাছিমে অসুস্থ পত্নীৰ চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব লাগিব আৰু পুত্ৰ জোমেহৰ দায়িত্বও আছে, কিন্তু কুঁৱা খন্দাৰ দৰে পিঠি ভাঙি যোৱা শ্ৰমেৰেও তেওঁৰ পত্নীৰ চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব পৰা নাযায়।

তেতিয়া এজন মধ্যভোগীয়ে গম পায় যে নাছিম এসময়ত চাইকেল চেম্পিয়ন আছিল আৰু একেৰাহে তিনিদিনমান চাইকেল চলোৱাৰ সুনাম আছে, তেতিয়া তেওঁ নাছিমক চহৰৰ কোনোবা এটা ঠাইত এসপ্তাহৰ বাবে চাইকেল চলাবলৈ প্ৰস্তাৱ দিয়ে যাতে মানুহে তাত গোট খায় আৰু তেওঁ টকা উপাৰ্জন কৰিব পাৰে আৰু নাচিমে পত্নীৰ বাবে চিকিৎসালয়ৰ খৰচ দিব পৰাকৈ মজুৰি পাব পাৰে। নাছিমে এই প্ৰস্তাৱ মানি লয় আৰু অলপ পিছতে সেই ঠাইখিনি বিভিন্ন মধ্যভোগী, বিক্ৰেতা আদিৰে ভৰি পৰে। হাতত আনৰ ভাগ্যৰ লেকাম লৈ ফুৰা ব্যক্তিসকলৰ পকেট ভৰাই তুলিবলৈ ইয়াক এটা চাৰ্কাছত পৰিণত কৰা হয়। অৱশেষত নাছিমৰ এসপ্তাহৰ চাইকেল চলোৱা শেষ হ’ল যদিও মধ্যভোগীজনে টকাখিনি লৈ জিপ্সী মহিলা এগৰাকীৰ সৈতে পলাই যায়। সাংবাদিকসকলে নাছিমৰ চাইকেল চলোৱাৰ অন্ত পৰাৰ বাবে অপেক্ষা কৰি আছে। কিন্তু তেওঁ এতিয়াও চাইকেল চলাই আছে আৰু তেওঁ আবদ্ধ হৈ থকা বৃত্তটোৰ পৰা ওলাই আহি খেলখন শেষ কৰিবলৈ ইচ্ছুক নহয়; এনেদৰে যে তেওঁ নিজৰ ভাগ্যৰ বৃত্তটো গ্ৰহণ কৰিছে নে এই সমাজ ব্যৱস্থাৰ প্ৰতি এক প্ৰত্যাহ্বান জনাইছে যে যিমানেই তেওঁলোক নিষ্পেষিত নহওক কিয়, এই মানুহখিনিয়ে নিজৰ অস্তিত্বৰ পৰিচয় দি যাব।

চলচ্চিত্ৰখনত চাইকেল খনেই একমাত্ৰ আহিলা যিয়ে তেওঁৰ পত্নীৰ জীৱন মৃত্যুৰ শিকলিডাল টানি ৰাখিছে। চিকিৎসালয়ত পৰি থকা নাছিমৰ পত্নীৰ ঔষধ, অক্সিজেন, খাদ্য এই সকলোবোৰৰ যোগান নিৰ্ভৰ কৰিছে নাছিমৰ চাইকেলৰ চকাৰ গতিৰ ওপৰত। চকা স্তব্ধ হ’লেই চিকিৎসালয়ৰ বিল সময়ত পৰিশোধ কৰিব নোৱাৰিব আৰু বিল পৰিশোধ নকৰিলেই ৰুগীয়া পত্নীৰ ঔষধ, অক্সিজেন আৰু খাদ্যৰ যোগান চিকিৎসালয় কতৃপক্ষই বন্ধ কৰি দিব। চলচ্চিত্ৰখনত এনে এটি দৃশ্য দেখুওৱা হৈছে য’ত নাছিমৰ পত্নীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাইছে, অক্সিজেন মাস্ক খন হাতেৰে আনিবলৈ চেষ্টা কৰি আছে কিন্তু কোনেও তেওঁক মাস্ক খন লগাই দিয়া নাই। কিন্তু তাৰ কিছুসময় পিছতেই জোমেহে চিকিৎসালয়ৰ বিল পৰিশোধ কৰে আৰু তাৰ পিছত হে তেওঁক অক্সিজেন, ঔষধ, খাদ্যৰ যোগান ধৰা হয়। গতিকে ইয়াত দেখুওৱা হৈছে ভোগবাদী সমাজত মানৱতাৰ অৱক্ষয়। কিন্তু আন সকলোবোৰৰ দৰে নাছিমে নিজৰ মানৱীয় অনুভূতিবোৰ শেষ হৈ যাবলৈ দিয়া নাই। তেওঁৰ জীৱন সংগীৰ যি হয় হওক বুলি এৰি নিদি তেওঁ অহৰহ চেষ্টা চলাই গৈছে। পুঁজিবাদী সমাজ ব্যৱস্থাত মানৱীয় প্ৰমূল্যবোধতকৈ পণ্যৰ গুৰুত্ব অধিক। চলচ্চিত্ৰখনত এই সংগ্ৰামটো ব্যক্তিগত হৈও নৈৰ্ব্যক্তিক। কাৰণ এয়া কেৱল নাচিমৰ কাহিনী নহয় এয়া পুঁজিবাদী সমাজ ব্যৱস্থাই কোঙা কৰা সেইসকল শ্ৰমজীবি লোকৰ কাহিনী যিয়ে হাড় ভঙা পৰিশ্ৰম কৰিও উপযুক্ত মজুৰিখিনি নাপায়। কেৱল কিছু সংখ্যক মানুহৰ হাতত পুঁজি পঞ্জীভূত হৈছে আৰু এচামে কামৰ সন্ধানত হাবাথুৰি খাইছে। চলচ্চিত্ৰখনত কেইটামান দৃশ্যাংশত দেখা গৈছে যে দালাল এজনে চিঞৰি চিঞৰি শ্ৰমিক বিচাৰিছে। আৰু শ্ৰমিকবোৰৰ নিজৰ মাজতেই টনা-আঁজোৰা চলিছে কোন যাব কোন নাযাব তাক লৈ। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে নিবনুৱা সমস্যাই তাত কি ৰূপ লৈছে। প্ৰথম বাৰ যোৱা শ্ৰমিক খিনিয়ে নিজৰ পাৰিশ্ৰমিক খিনি পাবৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। দ্বিতীয় বাৰত যেতিয়া দালাল জনে শ্ৰমিক বিচাৰি আহিছে সেইবাৰ পাৰিশ্ৰমিকটো আগতকৈ বঢ়াই কৈছে সেইবাৰো কিছু শ্ৰমিক তেওঁৰ লগত গৈছে কিন্তু তৃতীয় বাৰত পাৰিশ্ৰমিক আছিল আগৰ দুদিনতকৈও বেছি। কিন্তু এজনো শ্ৰমিক তেওঁৰ লগত যোৱা নাছিল। পুঁজিপতি সকলে সদায়েই সাধাৰণ মানুহক ঠগ প্ৰবঞ্চনা কৰি অতি কম মজুৰিত নিয়োজিত কৰি ৰাখিব বিচাৰে। কিন্তু তেওঁলোকে সদায় এই মানুহখিনিৰ আৰ্থিক দূৰৱস্থাৰ সুযোগ ল’ব নোৱাৰে।
চিনেমাখনত নাছিমৰ যি সংগ্ৰাম দেখুওৱা হৈছে তাত নাছিমে অতি সততাৰে তেওঁৰ পৰিস্থিতিৰ মোকাবিলা কৰিছে। কোনো অসৎ পন্থাৰ আশ্ৰয় লৈ ধন ঘটাৰ চেষ্টা চলোৱা নাই। কিন্তু নাছিমক পৰাস্ত কৰিবলৈ কৌশলগতভাৱে বিভিন্ন বাধাৰ সৃষ্টি কৰা হৈছে। কিন্তু তথাপিও নাছিমে এবাৰো এইবোৰৰ দ্বাৰা প্ৰৰোচিত নহৈ নিজৰ কাম কৰি গৈছে।

ইয়াত দেখা গৈছে যে নাছিমৰ এই সংগ্ৰাম মানুহৰ মৌলিক প্ৰয়োজন পূৰণৰ সংগ্ৰাম। যিবোৰ অধিকাৰ এখন দেশৰ নাগৰিক হিচাপে তেওঁলোকে লাভ কৰিব লাগিছিল৷ কিন্তু স্বাস্থ্য, শিক্ষা, বাসস্থান, খাদ্য আদিৰ দৰে ন্যূনতম প্ৰয়োজন খিনি পুৰণ কৰাৰ ক্ষেত্ৰতো ৰাষ্ট্ৰই কোনো ভূমিকা লোৱা পৰিলক্ষিত হোৱা নাই। ছোভিয়েট-আফগান যুদ্ধৰ ফলত প্ৰায় ৩,০০০,০০০ আফগান লোকৰ মৃত্যু হয়৷ আনহাতে আৰু লাখ লাখ লোক শৰণাৰ্থী হিচাপে দেশৰ পৰা পলায়ন কৰে৷ বাহ্যিকভাৱে স্থানচ্যুত হোৱা বেছিভাগ আফগান লোকে পাকিস্তান আৰু ইৰাণত আশ্ৰয় বিচাৰিছিল। গতিকে নাছিমৰ দৰে লাখ লাখ আফগান লোকৰ জীৱনৰেই নিশ্চয়তা নাছিল তেনে স্থলত নাগৰিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ প্ৰশ্নই নাহে। আকৌ যিখন দেশত তেওঁলোকে আশ্ৰয় লৈছে সেই দেশৰ তেওঁলোক নাগৰিক নহয় সেই হিচাপেও তেওঁলোক নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল।‌ ছবিখনৰ বৰ্ণনাই মৌলিক স্তৰত ডি চিকাৰ বাইচাইকেল থিভছক মনত পেলাই দিয়ে, কিন্তু ইয়াতকৈ প্ৰতীক আৰু দৃশ্যৰ ক্ষেত্ৰত ই অধিক অভিলাষী। নাছিমে নিজৰ চাইকেলখন সৰু বৃত্ত এটাৰ ভিতৰত চলায়, আৰু যিহেতু ই ইমান শাৰীৰিক আৰু আৱেগিকভাৱে নিষ্ঠুৰ ব্যায়াম, সেয়েহে ইয়াৰ পৰা তেওঁৰ দেশখনে নিজৰ মানুহৰ প্ৰতি সঁচা অৰ্থত যত্ন ল’ব নোৱৰাৰ অক্ষমতাৰ বিষয়ে কিবা এটা বুজাই যায়।

ছোভিয়েট আক্ৰমণ আৰু গৃহযুদ্ধৰ পিছত লাখ লাখ আফগান লোকে ইৰাণৰ সীমান্ত পাৰ হৈ পলায়ন কৰে। তাত তেওঁলোকে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। অতিকৈ কম মজুৰিত হাড় ভগা পৰিশ্ৰম কৰিবলগীয়া হৈছিল, বিষয়াসকলৰ দ্বাৰা শোষিত হৈছিল আৰু ইৰাণী সমাজৰ অধিকাংশই তেওঁলোকক আওকাণ কৰিছিল। ১৯৮৭ চনৰ মহচেন মখমলবাফৰ ছবি BICYCLE RAN বা The Cyclist এ আফগান শৰণাৰ্থীসকলৰ দুখ-দুৰ্দশাক অতি মৰ্মস্পৰ্শীভাৱে প্ৰতিফলিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *