দ্যা চং অৱ স্পেৰ’চ্: এক চমু অৱলোকন— (তৰালী শৰ্মা)
ইৰাণৰ এজন অতি জনপ্ৰিয় আৰু শক্তিশালী চলচ্চিত্ৰ পৰিচালক মাজিদ মাজিদি, যিয়ে ইৰাণৰ ছবিৰ প্ৰচলিত পৰিভাষাক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু ইৰাণৰ চলচ্চিত্ৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নি ইৰাণৰ সমাজ-সংস্কৃতিক বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিছে। দেশৰ বাহিৰত ইৰাণী ছবিৰ জনপ্ৰিয়তাৰ সন্দৰ্ভত তেওঁ কয়, “মোৰ মতে যদি কোনোবাই মানুহ আৰু মানৱীয় মূল্যবোধৰ প্ৰতি মনোযোগ দিয়ে সেয়া ইৰাণী সংস্কৃতিৰ সৈতে জড়িত হওক বা নহওক, তেতিয়া সীমাবদ্ধতাবোৰ গৌণ হৈ পৰে। অৰ্থনীতি বা প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহৰ মাজত নিশ্চয়কৈ কিছু প্ৰভেদ পৰিলক্ষিত হয়, কিন্তু মানৱীয় মূল্যবোধসমূহ সাৰ্বজনীন হৈয়েই থাকে, কাৰণ মানুহক ঈশ্বৰে সমানে সৃষ্টি কৰিছিল। সঁচাকৈয়ে প্ৰেম, বন্ধুত্ব, বীৰত্ব আদি অনুভূতি, আৱেগ আৰু আকাংক্ষা সকলো মানুহৰ মাজত উপস্থিত থাকে। শিল্পৰ ভাষাই মানুহক একত্ৰিত কৰাত সহায় কৰিব পাৰে; জাতি, সংস্কৃতি বা জাতিৰ পাৰ্থক্য থকাৰ পিছতো মানুহৰ মাজত এক উমৈহতীয়া মানৱীয় চিন্তাৰ উন্মেষ ঘটাব পাৰে। মই ভাবোঁ যে ইৰাণৰ চিনেমা মানৱীয়তাৰ এই ভাষা, প্ৰেম আৰু বন্ধুত্ব পিপাসু। সি এই পৃথিৱীৰ ভাষা কোনো অসুবিধা নোহোৱাকৈয়ে পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। নব্য তৰংগৰ ছবিৰ পৰিচালক মাজিদ মাজিদিয়ে ইৰাণৰ ছবিক এক নতুন স্তৰলৈ উন্নীত কৰি নান্দনিক গতি প্ৰদান কৰিছে। তেওঁৰ ছবিসমূহৰ ভিতৰত ‘দ্যা চং অৱ স্পেৰ’চ’ নামৰ ছবিখনত নব্য বাস্তৱবাদৰ উপাদান কিছু পৰিমাণে সন্নিৱিষ্ট হৈ থকা পৰিলক্ষিত হয়।
‘দ্যা চং অৱ স্পেৰ’চ’ শীৰ্ষক চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰ কৰিমে তেহৰাণ চহৰৰ নিকটৱৰ্তী এখন উট পক্ষীৰ ফাৰ্মত কাম কৰে আৰু এইদৰেই তেওঁ তেওঁৰ পৰিয়ালটোক পোহপাল দিয়ে। কিন্তু এদিন এই ফাৰ্মৰ পৰা এটি উটপক্ষী পলাই গুচি যায়। কৰিমে চৰাইটোক ধৰাৰ আপ্ৰাণ চেষ্টা কৰে যদিও তাক ধৰিব নোৱাৰে। ফলশ্ৰুতিত কৰিমে চাকৰিটো হেৰুৱাবলগীয়া হয়। একে সময়তে কৰিমৰ বধিৰ কন্যাৰ শ্ৰৱণ যন্ত্ৰটো পানীত পৰি অব্যৱহাৰযোগ্য হয়। কৰিমে শ্ৰৱণ যন্ত্ৰটো মেৰামতি কৰাৰ উদ্দেশ্যে তেওঁৰ মটৰ-চাইকেলখনেৰে তেহৰাণ চহৰলৈ যায়। কিন্তু তাক ঠিক কৰাটো সম্ভৱ নহ’ল, নতুনকৈ এটা কিনাৰ বাবেও কৰিমৰ হাতত উপযুক্ত ধন মজুত নাই। তেহৰাণৰ পৰা ওভতনি পথত কৰিমক বহুতে যাত্ৰীক এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়া ড্ৰাইভাৰ বুলি ভুল কৰে আৰু কৰিমে উপাৰ্জনৰ এক নতুন পথৰ সন্ধান পায়। চহৰৰ বিভিন্ন স্থানৰ পৰা হকে-বিহকে বস্তু কঢ়িয়াই নিওতে তেওঁৰ মনৰ সৰলতা আৰু সততা ক্ৰমান্বয়ে লোপ পাবলৈ ধৰে।
পৰিচালক মাজিদ মাজিদিয়ে এটা বিবৃতিত চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ আঁৰৰ লক্ষ্য বা উদ্দেশ্য সম্পৰ্কে এনেধৰণে কৈছে, “মোৰ লক্ষ্য আছিল আধুনিকীকৰণে কেনেকৈ মানুহৰ ডিঙি চেপি ধৰিছে তাক দেখুৱাবলৈ আধুনিক বিশ্বৰ সন্মুখত আজিৰ সমসাময়িক মানৱ ৰূপটোক চিত্ৰিত কৰা। তাৰ অৰ্থ এইটো বুজোৱা নাই যে মই আধুনিকতাৰ বিৰোধী। আধুনিকীকৰণ মানৱতাৰ সেৱাত হ’ব লাগে। তথাপিও মানুহক ইয়াৰ দ্বাৰাহে পৰাভূত হোৱা দেখা যায়। বন্ধুত্ব, নৈতিকতা আৰু সৌন্দৰ্যবোধকে ধৰি সকলো মূল্যবোধৰ গুৰুত্ব দিনক দিনে হ্ৰাস পাই আহে। এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি, মোৰ এইটো কোৱাৰ লক্ষ্য আছিল যে আমি মানৱীয় সত্তালৈ ঘূৰি আহিব লাগিব নহ’লে ভৱিষ্যতে এক ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হ’ব লাগিব।”
ছবিখনৰ গভীৰতালৈ গতি কৰাত ছবিখনৰ নামটোৱে এক পথ প্ৰদৰ্শক হিচাবে কাম কৰে। ‘THE SONG OF SPARROWS’ নামটোত উল্লেখ থকা SPARROW অৰ্থাৎ ঘনচিৰিকা চৰাইবোৰৰ জীৱন প্ৰণালীক এক প্ৰতীকী অৰ্থত ইৰাণৰ সেই গাঁৱলীয়া জীৱনটোৰ লগত ৰিজোৱা যেন বোধ হয়। ঘনচিৰিকাবোৰ জাকৰুৱা চৰাই। ইহঁতে সকলো সময়তে একেলগে কাম কৰে, একেলগে খায়, একেলগে থাকে। উক্ত চিনেমাখনত এই সহযোগিতাৰ কথা আছে। চিনেমাখনত দেখা গৈছে কৰিমৰ পুত্ৰ হুছেইনে (HUSSAIN / HAMED AGHAZI) সিহঁতৰ গাঁৱত থকা লেতেৰা নাদ এটা পৰিষ্কাৰ কৰি তাত GOLDFISH মাছৰ পোনা জগাই সেইবোৰ বিক্ৰী কৰি সি মিলিয়নাৰ হোৱাৰ সপোন পুহি ৰাখিছে। কৰিমৰ দৃষ্টিত হুছেইনৰ এই সপোনটো আছিল এক অতি অসম্ভৱ কথা। কিন্তু বহুবাৰ বাধা দিয়া সত্ত্বেও হুছেইনে নিজৰ সমনীয়াসকলৰ লগ লাগি সেই গেলা নাদটো চাফা কৰিছে আৰু তাত চৰাইয়েও বাহ সাজিছে তথা পোৱালি জগাইছে। নাদটোত মেলিবলৈ আনি থকা মাছৰ পোনাবোৰ পৰি যোৱাত সেইবোৰ গোটাবলৈ কৰা আপ্ৰাণ চেষ্টাত হুছেইনৰ বয়সৰ এজাক ল’ৰা-ছোৱালীৰ সহযোগিতা আছে। সেই সপোনটো একক নহয়, তাৰ সমবয়সীয়া এজাক ল’ৰা-ছোৱালীৰ সপোন সেয়া। তাক বাস্তবায়িত কৰাৰ স্বাৰ্থতে এজনে আনজনক সহযোগিতা আগবঢ়াইছে।
ঘনচিৰিকাৰ চিঞৰ-বাখৰ সাধাৰণতে অইন চৰাইৰ দৰে নহয়। ই অনবৰতে কিচিৰ-মিচিৰ কৰে। জীৱনটো সদায় একেটা ছন্দতেই গতি নকৰে। জীৱনৰ বিভিন্ন সময়ত বিভিন্ন দুখ-দুৰ্দশা, হাঁহি-কান্দোনে ৰহণ সানি যায়, ঠিক সেই ঘনচিৰিকাৰ কিচিৰ-মিচিৰ শব্দবোৰৰ দৰে শুৱলা নহয় যদিও বিৰক্তিকৰো নহয়। জীৱনৰ দুখ-দুৰ্দশাৰে পৰিপূৰ্ণ বাস্তৱক সূক্ষ্মভাৱে উপস্থাপন কৰাই নব্য-বাস্তৱবাদৰ এটা অন্যতম লক্ষ্য।
ঘনচিৰিকাৰ গানবোৰ কেৱল মাত্ৰ গানেই নহয়, ই যেন সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ সংগীত, যি সংগীতত প্ৰকাশিত হয় সহযোগিতা আৰু আনন্দ। ছবিখনত চিত্ৰায়িত হৈছে কৰিমৰ দৰে হাজাৰজনৰ জীৱন নিৰ্বাহৰ এক বাস্তৱ ছবি, য’ত ইৰাণৰ অৰ্থনৈতিক মন্দাৱস্থাটো বাৰুকৈয়ে প্ৰকাশ্য হৈ উঠিছে। কৰিমৰ উটপক্ষীটো হেৰুওৱাত ফাৰ্মৰ বহু টকাৰ লোকচান হৈছে, সি চহৰলৈ যাওঁতে জীৱিকা উপাৰ্জনৰ নতুন পথৰ সন্ধান পাইছে, কিন্তু চহৰীয়া জীৱন একেবাৰে কৃত্ৰিম তথা মুনাফামুখী আৰু সকলোফালেই এক আঘোষিত প্ৰতিযোগিতা যাৰ মূল চালিকাশক্তি অৰ্থসৰ্বস্ব। সেইবাবেই তাত ভাড়াৰ বাবে একে কৰ্মীৰ মাজত খোৱা-কামোৰা লাগে। চহৰৰ প্ৰতিযোগিতা অৰ্থাৎ সহযোগিতাহীন জীৱন যাত্ৰাই যেন কৰিমৰ ওপৰতো প্ৰভাৱ পেলায়। সি ঘনচিৰিকাৰ দৰে হকে-বিহকে, লগাই-নলগাই চহৰৰ পৰা বস্তু গোটাইছে অৰ্থাৎ সি পণ্যকেন্দ্ৰিক হৈ পৰিছে। কৰিমে গোটোৱা সৰহসংখ্যক বস্তুৱেই অনাৱশ্যকীয়। পণ্যৰ প্ৰতি বৃদ্ধি পোৱা আসক্তিয়ে ধীৰে ধীৰে তাৰ মনৰ পৰা সহযোগিতাৰ মনোভাৱ নাইকিয়া কৰিছে। সি আনকি নিজৰ পুতেকৰ সপোনটোৰ লগতো সহযোগিতা কৰিব পৰা নাই। চুবুৰীয়া এঘৰক ঘৈণীয়েকে দি দিয়া নীলা ৰঙৰ দৰ্জাখন সি ওভোটাই আনিছে। সেই দৰ্জাখন পিঠিত কঢ়িয়াই, পথাৰৰ মাজেৰে আগবঢ়া দৃশ্যটোক বিহংগম দৃষ্টিৰ পৰা দেখুওৱা হৈছে। এই দৃশ্যটোৰ দ্বাৰা বিশাল বিশ্ব-ব্ৰহ্মাণ্ডৰ আমি যে এটি ক্ষুদ্ৰ অংশ মাথো তাকেই উপস্থাপন কৰিবলৈ চেষ্টা কৰা যেন পৰিলক্ষিত হয়। মানুহে অনবৰতেই নিজৰ শ্ৰেষ্ঠতাক প্ৰতিষ্ঠা কৰাৰ দৌৰত লাগি থাকে। কিন্তু ব্যক্তিগত পোৱা-নোপোৱাৰ হিচাপবোৰত মানুহ তুচ্ছ হৈ যায়। ওপৰৰ পৰা তাক একেবাৰে ক্ষুদ্ৰ দেখা গৈছে। পণ্যৰ প্ৰতি থকা আসক্তিয়ে মানুহৰ মনবোৰক, মানৱীয় অনুভূতিবোৰক তুচ্ছ কৰি আনে।
বস্তু গোটোৱাৰ প্ৰতিযোগিতাত কৰিম আঘাতপ্ৰাপ্ত হৈছে। এই দৃশ্যটোত সি গোটোৱা বস্তুবোৰ চিজিল লগাবলৈ গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াক প্ৰতিকাত্মক ৰূপত উপস্থাপন কৰা যেন বোধ হয়। এই সময়চোৱাত কৰিমে শয্যাগত অৱস্থাৰ পৰাই পৰ্যবেক্ষণ কৰিছে সহযোগিতাৰ ধাৰণাটোক। কৰিমৰ তেনে অৱস্থাত তেওঁৰ পুতেকেই তেওঁক সকাহ দিছে। ওচৰৰ মানুহবোৰে বিভিন্ন কামত তেওঁৰ পৰিয়ালক সহায় কৰিছে। তেওঁৰ আশু-আৰোগ্য কামনাৰ্থে সেৱা কৰিছে। সহযোগিতাৰ এই দৃশ্যটো বৰ মনোৰম। বিশেষকৈ মাছবোৰ পৰি যোৱাৰ পাছত দেউতাকে গোৱা গানটোত চিনেমাখনৰ কিছু কথা সোমাই আছে।
“Our flowers have withered. Our eyes are crying.
I remember the past days. the good old days.
The world is a lie, the world is a lie.
The world is a dream. The world is a lie.
I’ve passed my youth in pain in this world.
The sky’s stick has hit my heart. This is your memory”
গোটেই কাহিনীটোৰে মূল কথাখিনি গানটোৰ জৰিয়তে প্ৰকাশ পাইছে। আমি প্ৰতিজন মানুহেই স্বপ্নসন্ধানী আৰু এই পৃথিৱীখনো একোটা সপোন। যিদৰে মানুহৰ সপোনবোৰ ভাঙি যায় ঠিক তেনেদৰে পৃথিৱীখনো যেন এক ভ্ৰম। পৃথিৱীখনে মানুহক সপোন দেখিবলৈ শিকায় কিন্তু মানৱ জীৱন এই পৃথিৱীখনত তেনেই ক্ষন্তেকীয়া। ক্ষণভঙ্গুৰ এই জীৱনৰ মৰ্ম উপলব্ধি কৰিবলৈ মানুহে মানৱীয় দিশসমূহৰ ওপৰত গুৰুত্ব দিয়া উচিত।
চিনেমাখনৰ শেষৰ ফালে দেখা যায় যে ঘনচিৰিকা চৰাই এটাই কিচিৰ-মিচিৰ শব্দ কৰি কোঠাটোৰ পৰা ওলাই যোৱাৰ চেষ্টাত ইফালে সিফালে খুন্দিয়াইছে। কৰিমে চৰাইটোক মুক্ত কৰি দিছে ঠিক সেইদৰে যিদৰে তাৰ পণ্যৰ প্ৰতি বৃদ্ধি পোৱা আকৰ্ষণে কোঙা কৰা তাৰ মনটোক সি চৌপাশে চলি থকা বিভিন্ন ঘটনাৰ পৰা সমল গোটাই মুকলি কৰিব বিচাৰিছে।
মানৱীয়তাই মানুহক শ্ৰেষ্ঠ কৰে। চিনেমাখনৰ শেষৰ ফালে দেখা গৈছে ৰমেজান নামৰ কৰিমৰ লগত একেলগে উট পক্ষীৰ ফাৰ্মখনত কাম কৰা মানুহজনে তীৰ্থ ভ্ৰমণৰ পৰা উভতি আহি কৰিমৰ খবৰ লৈছে আৰু তেওঁলৈ উপহাৰো আনিছে। লগতে তেওঁক জনাইছে যে ফাৰ্মৰ পৰা নোহোৱা হোৱা উট পক্ষীটো উভতি আহিছে। কৰিমৰ চকু পৰে তেওঁৰ ছোৱালীজনীয়ে তেওঁৰ ভৰিৰ প্লাষ্টাৰৰ ওপৰত অংকন কৰা সেই লেণ্ডস্কেপটোত আৰু তেওঁৰ মনটোৱে বিচৰণ কৰিবলৈ লয় সেই ঠাইত যিফালেৰে উট পক্ষীৰ জাকটো পাৰ হৈ গৈছে। চিনেমাখনৰ শেষাংশত নৃত্যৰত এটি উট পক্ষীক দেখুওৱা হৈছে আৰু ইয়াক চিনেমাখনত আশাৰ প্ৰতীক হিচাপে উপস্থাপন কৰা যেন বোধ হয়।
কিয়নো সকলো সমস্যাৰ আৰম্ভণি হৈছিল উট পক্ষীটো হেৰুওৱাক কেন্দ্ৰ কৰি আৰু উট পক্ষীটো উভতি অহাৰ বাতৰিয়ে কৰিমৰ মনত আশাৰ সঞ্চাৰ কৰিছে। হয়তো সি আকৌ তাৰ কামটো ঘূৰাই পাব। এই ছবিখনত চহৰৰ জীৱন প্ৰণালীৰ আঁৰত থকা জটিলতা আৰু গাঁৱৰ পৰিৱেশত প্রত্যক্ষ কৰা সৰলতাক মাজিদ মাজিদিয়ে সুন্দৰভাৱে প্ৰকাশ কৰিছে। এনেধৰণৰ ছবিৰ বিষয়বস্তু সম্পৰ্কে ৰেজা তালাচ্চিয়ান নামে ব্যক্তিগৰাকীয়ে তেওঁৰ “ইৰাণিয়ান চিনেমা: এ ব্রীফ ক্রিটিকেল হিষ্ট’ৰি অৱ ইৰাণিয়ান ফিচাৰ ফিল্ম’ নামৰ গ্ৰন্থত। তেওঁ উল্লেখ কৰি কয় : “১৯২৬ চন মানৰপৰা ডাঙৰ চহৰৰ আধুনিকীকৰণে ইৰাণী সমাজৰ পৰম্পৰাগত জীৱন শৈলীৰ সৰলতা আৰু পৱিত্ৰতাৰ প্ৰতি যি প্ৰত্যাহ্বান আনিছিল, তাৰ ওপৰত ভিত্তি কৰি কাহিনী নিৰ্মাণ কৰা হৈছিল, যিবিলাক চলচ্চিত্ৰ অনুৰাগীসকলৰ মাজত জনপ্ৰিয় আছিল আৰু চৰকাৰী বাধা-নিষেধৰপৰা নিৰাপদ আছিল।”