বিবিধ চিন্তা

তিনি আলিৰ আড্ডা: দেশ-দুনীয়া আৰু ৰাজনীতি – (ভাৰ্গৱ বৰঠাকুৰ)

কেঁকুৰিটো পাৰ হৈয়ে বিমলৰ দোকান! বিমল মানে গুটখাবিধ নহয় আকৌ। দোকানীজনৰহে নাম। আব্দুল আৰু বিদ্যুৎ শৰ্মাৰ ৰেগুলাৰ আড্ডা প্লেচ—“বিমল চাট হাউছ”! “অ শৰ্মা খবৰ কেনে? তোমাৰ নিমন্ত্ৰণ ৰাখিব নোৱাৰিলোঁ, বেয়া-চেয়া নাপাবা। বাকী নিয়মভাগ ঠিকেই পাৰ হ’ল ন?” আব্দুল দিল্লীৰ পৰা অহা পাছত আজি বহুদিনৰ মূৰত বিদ্যুৎ শৰ্মাক লগ পাইছে। গতিকে দুই বন্ধুৰ দীঘলীয়া আড্ডাৰ উমান পাই বিমলেও দোকানৰ চকী দুখন সন্মূখলৈ আগবঢ়াই দিলে। “বহক বহক চকীত ক’ৰ’না নাই, ভুমিকম্পৰ শান্তি পানী ছটিয়াই ছেনিটাইজ কৰি দিছোঁ। এতিয়া ন’ টেনছন”—বিমলৰ কথাই পৰিবেশটো ধেমেলীয়া কৰি তুলিলে। “নিয়মভাগ ঠিকেই গ’ল। মা-দেউতাৰ আশা এটা পূৰ হ’ল আৰু। বাকী মোৰ কোনো আগ্ৰহ নাই এইবোৰত! তুমিতো মোক জানাই মা-দেউতাৰ কথা পেলাব নোৱাৰো। গতিকে…উপায় নাই।” শৰ্মাই কথাখিনি শেষ কৰিব নৌপাওঁতেই আব্দুলে মাত লগালে—“আচ্ছা শৰ্মা, এতিয়া পিছে সেইপদ বস্তু গাত আছে নাই? এতিয়াৰ পৰা তোমাৰ নিয়ম কানুন আৰু বাঢ়িব চাগে। এইটো নাপায় সেইটো নাপায়…. অমুকত নাখাবি.. অমুকটো নকৰিবি.. ইত্যাদি। নে কি কোৱা?” “নাই নাই। মই স-সন্মানে কেতিয়াবাই খুলি থলোঁ। মোৰ ‘খাটি ব্ৰাহ্মণ হোৱাৰ ইচ্ছা নাই বুজিছা। এনেকেই ঠিক আছে কেৱল “মানুহ” হৈ জীয়াই থাকিব পাৰিলেই হ’ল। জাত্যাভিমানো নাই মোৰ। নিয়ম ভাঙি ভাল পোৱা মানুহ মই। বৈজ্ঞানিক সত্য অবিহনে পায়/নাপায় এইবোৰ মোৰ বাবে মূল্যহীন।“ “ধেৎ কিয় খুলি থলি? তঁহতৰ সকলোৱে জন্মসূত্ৰে উপবীত পিন্ধিব লাগে বোলে। নহ’লে কিছুমান নিয়ম নীতি কৰিব নোৱাৰে বোলে। সমাজে কি ক’ব তোমাক?”-– আব্দুল কিছু উদ্বিগ্ন হৈ উঠিল। “তুমি যেনেকৈ কৈছা যে অসমৰ প্ৰথম লগুণ নিপিন্ধা ব্ৰাহ্মণ যেন মইহে? আচলতে জন্মসূত্ৰে উপবীত পৰিধান কৰাটো প্ৰথম অৱস্থাত কোনো নিয়ম নাছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য তিনিওটা বৰ্ণই উপবীত (লগুণ) ধাৰণ কৰাটো শেষবৈদিক যুগৰ বৈশিষ্ট্যই আছিল। কাৰণ প্ৰথম অৱস্থাত গুণ আৰু কৰ্মৰ আধাৰত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ বৰ্ণ হিচাপে চাৰি বৰ্ণত বিভক্ত আছিল যদিও বহু ইতিহাসবিদৰ মতে পুৰাণৰ যুগৰ পৰাহে সেই প্ৰথা জন্ম আধাৰিত হৈছিল। অৰ্থাৎ পূৰ্বৰ যুগত যিসকল সৰুৰ পৰা যাগ-যজ্ঞ, অধ্যয়ন আদিৰ প্ৰতি আগ্ৰহী হৈছিল, সেইসকলেই কৰ্মৰ জোৰেৰে ব্ৰাহ্মণত্ব লাভ কৰিছিল, সেইদৰে দেশৰ বাবে যিসকলে যুদ্ধ-বিগ্ৰহ কৰিছিল, ৰজা হৈছিল, তেওঁলোকেই ক্ষত্ৰিয় হৈছিল, বেপাৰ কৰা সকল বৈশ্য আৰু কায়িক শ্ৰম কৰা সকল শূদ্ৰ আছিল। এইবোৰত উচ্চ-নীচৰ ভেদা-ভেদ বৰকৈ নাছিল। কিন্তু পাছৰ সময়ছোৱাত ব্ৰাহ্মণৰ পুত্ৰহে ব্ৰাহ্মণ হ’ব, তেওঁ লাগে যাগ-যজ্ঞ, অধ্যয়ন আদি নকৰকেই। সেইদৰে যুদ্ধ কৰিব নাজানিলেও ক্ষত্ৰিয়ৰ পুত্ৰ ক্ষত্ৰিয়ই হ’ব বুলি তুলনামূলকভাৱে পাছৰ কালত লিখা শাস্ত্ৰবোৰত প্ৰচাৰ কৰা হ’ল। যেনে: মনুস্মৃতিত ব্ৰাহ্মণক উচ্চ স্থান দি বহু সুবিধা দিয়া হ’ল।‌ ক্ষত্ৰিয়ৰ ক্ষেত্ৰতো একেই আছিল। এইয়াই আছিল ব্ৰাহ্মণ্যবাদৰ প্ৰথম আৰম্ভণি আৰু আজি পৰ্যন্ত বহু মানুহৰ মাজত এই মানসিকতা দেখা যায়। মোৰ গাত ব্ৰাহ্মণত্বৰ গুণ নাই বুলি ভাবো সেইবাবে নিপিন্ধো। চিম্পল কথা।” “এৰা। কথাখিনি ময়ো পঢ়িছিলোঁ। বাকী মই তোমাক ধেমালিহে কৰিছিলোঁ বহুতে কোৱা দেখি, পিন্ধা-নিপিন্ধা সেয়া তোমাৰ একান্তই ব্যক্তিগত কথা। পিছে এটা কথা মন কৰিছা নাই? তোমাৰ মূখত ব্ৰাহ্মণ্যবাদৰ কথা শুনি মনলৈ আহিল। আজিকালি ব্ৰাহ্মণ্যবাদ শব্দটো ফেচবুকত খুব বেছি চৰ্চা হোৱা দেখা গৈছে। যিমান খং, ক্ষোভ থাকিলেও এটা জাতিকলৈ তেনেকে কোৱাটো উচিত জানো?” “জাতি, ধৰ্মকলৈ গালি পৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মোৰ মতে সেয়া মূৰ্খৰ কাম। পিছে তুমি কোৱা ব্ৰাহ্মণ্যবাদ আৰু ব্ৰাহ্মণ একে নহয়৷ বহুতেই দুয়োটাৰ পাৰ্থক্য নুবুজি অযথা বিতৰ্ক কৰা দেখা যায়৷ ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে কোৱা মানেই ব্ৰাহ্মণ সকলক গালি পৰাটো নুবুজায়৷ আমি সৰ্ব জ্ঞানী, আমি সকলোতকৈ উচ্চ, আমাৰহে শাস্ত্ৰৰ সমস্ত জ্ঞান আছে, এনেধৰণৰ জাতিস্বাভিমান, বৰ্ণস্বাভিমানৰ চিন্তাধাৰা, কথা-বতৰাৰ প্ৰতিফলনেই হৈছে এক প্ৰকাৰৰ “ব্ৰাহ্মণ্যবাদ”৷ অৰ্থাৎ “ব্ৰাহ্মণ্যবাদ“ কোনো এটা বিশেষ জাতিক লৈ নহয়, ব্ৰাহ্মণ্যবাদ হ’ল মানুহৰ এক জীৱন প্ৰণালী। যি এনেকুৱা এখন সমাজ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে যি কেৱল জাত-পাতৰ ওপৰত আধাৰিত, উচ্চ-নীচ তথা অস্পৃশ্যতাৰ ওপৰত আধাৰিত৷ কেৱল ব্ৰাহ্মণেই নহয় অব্ৰাহ্মণৰ মাজতো এই ব্ৰাহ্মণ্যবাদী মানসিকতা দেখা যায়। নিজৰ জাতৰ লগত জাত নিমিলা বাবেই নিজৰ ল’ৰা-ছোৱালীৰ বিয়া ভঙা, কেৱল জাত নিমিলা বাবেই আনৰ হাতৰ খাদ্য খাবলৈ ঘৃণ কৰা ইত্যাদি কৰ্ম কাণ্ডবোৰেই ব্ৰাহ্মণ্যবাদী চিন্তা-ধাৰা। এনেধৰণৰ ব্ৰাহ্মণ্যবাদী চিন্তা-চৰ্চা কথা বতৰা, কাম-কাজ আজিৰ আধুনিক সমাজতো প্ৰতিফলিত হোৱা দেখা যায়। এখন সুস্থ আধুনিক সমাজৰ বাবে এনে সামাজিক অসমতা সৃষ্টিকাৰী ব্ৰাহ্মণ্যবাদী চিন্তাধাৰাক ধ্বংস কৰাটো অত্যন্ত আৱশ্যক। বিশেষকৈ শেষবৈদিক যুগত বৰ্ণাশ্ৰম ধৰ্মকে প্ৰধান চালিকা শক্তি হিচাপে লৈ এচাম ব্ৰাহ্মণ পণ্ডিতে ৰাজনীতি, সমাজনীতি, ন্যায়ব্যৱস্থাৰ দৰে সকলো গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ‌ লগত ইয়াক সংযুক্ত কৰাৰ ফলত সমাজত ব্ৰাহ্মণ্যবাদী ধাৰণা আৰু বেছি শক্তিশালী হৈ পৰিছিল। আৰু আজিও ইয়াৰ প্ৰভাৱ কমা নাই।”

হঠাৎ চিঞৰবাখৰ কৰি ওলোৱা এটা বিশাল ৰেলী। গাত গেৰুৱা কাপোৰ, কপালত চন্দনৰ ফোঁট, চাৰিওফালে উচ্চাৰিত জয় শ্ৰী ৰামৰ ধ্বনিয়ে যেন বিদ্যুত শৰ্মাৰ মাতটোৰ তীব্ৰতা ক্ৰমাত ক্ষীণ কৰি পেলাইছে। বিৰক্তিৰে ৰেলীটোৰ ফালে চাই শৰ্মাই আকৌ কৈ গ’ল— “মন কৰিছা নে আব্দুল এটা বিশেষ ৰাজনৈতিক দৰ্শনৰ মানুহে কিদৰে আমাৰ সমাজখন বিশৃংখল কৰি গৈ আছে। আগতকৈ পূজা-পাতলৰ সংস্কৃতিটোৱে বিশেষ গুৰুত্ব পাইছে। নতুন নতুন পূজা আমদানি কৰা হৈছে। দাদা, ককাইদেউ সম্বন্ধ গুচি ‘জী’ শব্দটো লাগিল পাছত। যেনে: অমিতজী, আব্দুলজী! দেখাত সৰু কথা যেন লাগিলেও আমাৰ অসমীয়াই নিজস্বতা পাহৰিলে কিন্তু এদিন শেষ হৈ যাব! তুমি দেখিছানে মানুহৰ মাজত ‘মুছলিম ফোবিয়া’ এটা ‘ক্ৰিয়েট’ কৰি কেনেদৰে ভোট বেংক সৃষ্টি কৰাৰ চেষ্টা কৰিছে?” “ঠিকেই, বহুক্ষেত্ৰত সফলো হৈছে। যিটো এইবাৰৰ নিৰ্বাচনে আকৌ প্ৰমাণ কৰিলে। পাছে এনেধৰণৰ “ফোবিয়া” এটা ক্ৰিয়েট কৰিবলৈ বহু পৰিমাণে সুযোগ আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহেও দিছে। ধৰ্মৰ নামত এচাম আমাৰ মুছলিম ইমানেই গোড়া তথা অন্ধ যে বৈজ্ঞানিক দৃষ্টিকোণেৰে কোনো কথাই চাব নিবিচাৰে। বিজ্ঞানমস্কতাৰ কথা কোৱা মানুহকো এচামে শত্ৰু হিচাপে ভাবে। কিন্তু ভাল লক্ষণ এই যে আজিও বহু প্ৰগতিশীল মুছলমানে ইয়াৰে বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। বিজ্ঞানমানসিকতা প্ৰচাৰতো আগভাগ লৈ আহিছে। পিছে তেনে বহু প্ৰগতিশীল লোকৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰা হৈছে গোড়া ধৰ্মপন্থীসকলৰ দ্বাৰা। সমান্তৰালভাৱে ইয়াৰ Adverse effect হিচাপে হিন্দু গোড়া পন্থীৰো জন্ম হৈছে। অৰ্থাৎ, দেশত চলা এনে ধৰ্মৰ তীব্ৰ প্ৰতিযোগিতাই, আমাৰ সাধাৰণ মানুহবোৰক Big Boss-ৰ এপিছ’ডবোৰৰ দৰে আমেজ দিছে।” “.. সেই বাবেই গান্ধীজীয়ে কৈ গৈছে– ‘An eye for an eye makes the whole world blind’। তোমাৰ দৰে কথাবোৰ যদি আনবোৰে ভাবিলেহেঁতেন! যাৰ বাবেই মই এখন ধৰ্মহীন সমাজ বিচাৰো, কাৰণ পাত নথকা গছৰ ছাঁ কোনেও নিবিচাৰে! তুমি হয়তো মন কৰিছা বিশ্বৰ বিভিন্ন গুৰুত্বপূৰ্ণ সূচাংকবোৰত দেশৰ কি শোচনীয়া অৱস্থা! বিশ্বৰ সুখী দেশৰ তালিকাখনত ৫০ৰ ভিতৰত আমাৰ দেশক বিচৰাটো যেন এক অলীক কল্পনা! এনেবোৰ সমালোচনা শুনিলে বহুতৰ বাবে আমি কমিউনিষ্ট, বাঁওপন্থী, এণ্টিনেছনেল হৈ যাম। মন্দিৰ-মজিদৰ লগত লাগি থাকোতেই ক’ৰ’নাৰ দ্বিতীয় ঢৌৱে কিদৰে ধ্বংস লীলা কৰিছে দেশত? ইয়াৰ বাবে দায়ী কোন, কিমান জনে বাৰু ভাবিব পাৰিছে? কথাতেই কয় নহয় বোলে যেনে প্ৰজা তেনে ৰজা। মুঠতে ধৰ্ম যেতিয়ালৈকে দেশৰ ৰাজনৈতিক ফেক্টৰ হৈ থাকিব দেশৰ উন্নতি নহয়। কাৰণ আমি দেখিয়ে আহিছোঁ ধৰ্মৰ কথাৰে মানুহক বিভাজিত কৰি দেশৰ আচল বিষয়বোৰৰ পৰা মানুহক কিদৰে আঁতৰাই ৰখা হৈছে। ভাবি আচৰিত লাগে এটা চামে কভিড-১৯ সময়তো বুজি নাপালে আমাক ধৰ্মই ৰক্ষা কৰিলে নে বিজ্ঞানে?” “আমাৰ মানুহে ইমান দ‌কৈ‌ কথাবোৰ ভাবি চোৱা হ’লে ভালেই আছিল অ’ শৰ্মা। নহ’লে কাঁহী-বাটি বজাই অথবা ঘিউ চাকি লগাই ভাইৰাচ খেদাৰ কৌশল আৱিষ্কাৰ নকৰে! গো-মূত্ৰ পান কৰিবলৈ উদ্বুদ্ধ নহয়। আৰু এটা কথা দেখিলেই হাঁহি উঠে। তুমিও দেখিছা চাগে। ফেচবুকত মাজতে আইতা দুগৰাকীমান trending-ত আহিছিল? তেওঁলোকক নিজৰ প্ৰফাইলত শ্বেয়াৰ কৰিলে বোলে ধনে-ধানে উপচাই তোলে। সেই ভাবি আমাৰ বহুত ফেচবুক বন্ধুকে শ্বেয়াৰ কৰা দেখা গৈছিল। বাকী দেখা মাত্ৰকেই শ্বেয়াৰ কৰিবলৈ কোৱা দেৱ-দেৱীৰ ফটোবোৰটো আছেই। ফেচবুকত ফটো শ্বেয়াৰ কৰিলে টকা ‘কেনেকৈ’ আহিব সেইবোৰ বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ যেন সময় নাই! জীয়াই থকা কালত ধৰ্ম ধৰ্ম বুলি আৱেগিক ৰাজনীতি, সমাজনীতিত বন্দী হ’ব খোজোঁ আমি। কিন্তু এতিয়া ক’ভিডত মৃত্যু হোৱাবোৰৰ ধৰ্ম থাকিল জানো? ঠাইৰ অভাৱত কি হিন্দু, কি মুছলিম সকলোকে একে ঠাইতে জ্বলাই দিয়া হ’ল, বহুতক পোতা হ’ল। ধৰ্মহীন এই অচিনাকী মৃতদেহবোৰৰ কেৱল এটাই নাম “ক’ভিড ডেড ব’ডি’।”

আব্দুলৰ কথাৰ মাজতে ম’বাইল খুচৰি থকা বিমলে হঠাতে ফেচবুকৰ ভাইৰেল প’ষ্ট এটা দেখি শৰ্মালৈ ম’বাইলটো আগবঢ়াই দি ক’লে– “এইটো চোৱা। কৰ’না মহামাৰীৰ কথা বোলে বহু বছৰৰ আগতে শাস্ত্ৰত লিখা আছে। ফেচবুকত খুব প্ৰচাৰ হৈছে। দেখিছা নাই তোমালোকে।” “দেখিছোঁ। আমাৰ ভাগিন কেইটাৰ লগতো কথাটো উলাইছিল। মই তেওঁলোকক স্পষ্টৰূপত কৈছোঁ- শাস্ত্ৰসমূহৰ ঐতিহাসিক তথা সাহিত্যিক মূল্যৰ কথা কোনেও নুই কৰিব নোৱাৰে। কিন্তু ইয়াৰ কিছুমান ভাববাদী চিন্তা আৰু ভৱিষ্যতবাণীৰ বহু সীমাৱদ্ধতা আছে। পুৰণি গ্ৰন্থত কিবা লেখা থাকিলেই যে সকলো শুদ্ধ হ’ব তেনে নহয়। উদাহৰণস্বৰূপে মোৰ নিচিনা সাধাৰণ মানুহ এজনে যদি ২১০০ চনত পৃথিৱীত নতুন নতুন বেমাৰ হ’ব পাৰে বুলি গ্ৰন্থ আকাৰে ভৱিষ্যতবাণী কৰোঁ আৰু যদি সঁচাকৈ কেনেবাকৈ কথা এটা মিলি যায় তেন্তে ২১০০ চনৰ মানুহৰ বাবে মোৰ দৰে অভাজন এজনো হিৰ’ হৈ নপৰিব নে? অৱশ্যে মই যদি এই সময়ৰ বৈজ্ঞানিক সত্য কিছুমানেৰে বিশ্লেষণাত্মক ভৱিষ্যতবাণী কৰোঁ তেতিয়া কথাটো সুকীয়া হ’ব। প্ৰাচীন কালৰ পৰাই বেমাৰে মানুহক লগ এৰা নাই। নতুন নতুন বেমাৰ সৃষ্টি হৈ আছে আৰু বিজ্ঞানে তাৰ প্ৰতিকাৰো উলিয়াই আছে। কৰ’নাই মানৱ বুৰঞ্জীৰ একমাত্ৰ তথা চূড়ান্ত প্ৰত্যাহ্বান নহয়, ইয়াৰ আগতেও মানৱজাতিয়ে মহামাৰী, মহাযুদ্ধৰ ভয়াবহ সংকটৰ তথা সমস্যাৰ মূখামূখি হৈ আহিছে। ধৰ্মশাস্ত্ৰ আৰু জ্যোতিষে এই বিষয়ে নতুনকে একো কোৱাৰ প্ৰয়োজন নাই। কাৰণ এনেধৰণৰ ‘সহজ সম্ভাৱনা’ কেতিয়াবা মিলি গ’লেও সমস্যাৰ বিজ্ঞানসন্মত সমাধান এইবোৰে কেতিয়াও দিব নোৱাৰে। এনে ভৱিষ্যতবাণী এক প্ৰকাৰৰ কণা ফৰ্মূটি!” — মিচিকিয়া হাঁহিৰে শৰ্মাই কথাখিনি শেষ কৰি আব্দুললৈ চালে।

“ওম.. ঠিকে। পিছে শৰ্মা এতিয়া আকৌ এছামে ক’ব বিচাৰিছে যে ক’ৰ’না ভেকছিন লৈয়ো মানুহ মৰিছে যে? ভেকছিন লৈয়ো পজিটিভ কিয় ওলাইছে? এইবোৰ ভেকছিনৰ বোলে কাম নাই? ৰাজনীতি বোলে সকলো। তুমি নিজে শিক্ষক হিচাপে কি ভাবা? ” “ সেই এছামৰ মতে আমি ভেকছিন নলৈ আমি গো-মূত্ৰ খাব লাগে নেকি! শুনা ভেকছিনটো গেছৰ দৰৱৰ দৰে নহয় যে খাই দিলেই গেছ ঠিক হ’ব। Vaccine is a way of Prevention, not a cure! আচলতে ভেকছিনৰ জৰিয়তে তোমাৰ দেহত দুৰ্বল তথা মৃত ভাইৰাছবিধ সোমোৱাই দিয়া হয়, যাতে আমাৰ শৰীৰে শিকিব পাৰে এই ভাইৰাছবিধ আহিলে কেনেদৰে আক্ৰমণ কৰিব অৰ্থাৎ কেনেদৰে এণ্টি ব’ডিৰ সৃষ্টি কৰিব। গতিকে ভেকছিনে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতাক এক প্ৰকাৰৰ প্ৰশিক্ষণ দিয়ে যাতে দেহত প্ৰকৃত ভাইৰাছ বিধ প্ৰৱেশ কৰিলে দেহৰ প্ৰতিৰোধ ক্ষমতাই ইয়াক চিনি পাই “এণ্টি ব’ডি” গঠন কৰাত সহায় কৰিব পাৰে। এনে প্ৰশিক্ষণ যে ১০০% কাৰ্যকাৰী হ’ব তেনে নহয়। যিদৰে ফাইনেল পৰীক্ষাৰ বাবে প্ৰেক্টিছ পৰীক্ষাই তোমাক ১০০% সাজু কৰিব নোৱাৰে ঠিক সেইদৰে ভেকছিন এটাইও তোমাক ১০০% ৰক্ষা কৰিব নোৱাৰে। যাৰ বাবেই ভেকছিনবোৰৰ কাৰ্যকাৰিতা ১০০% বুলি তুমি ক’তো দেখা নাপাবা। গতিকে ভেকছিন লোৱাৰ পাছতো ক’ভিড হ’ব পাৰে কিন্তু তোমাৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা পৰিব। মুঠতে অপপ্ৰচাৰত কোনো ভোল যাব নালাগে আৰু সকলোৱে ভেকছিন ল’ব লাগে। মই ল’লো তুমিও লৈ ল’বা সোনকালে। ৰাজনৈতিক মতাদৰ্শগত স্থিতি বেলেগ হ’ব পাৰে, কিন্তু সেই বুলি বিজ্ঞানীসকলৰ বছৰজোৰা অশেষ কষ্ট আৰু প্ৰচেষ্টাৰ ফল এই ভেকছিনক অস্বীকাৰ কৰা অনুচিত।” “ঠিকেই। পাছে মোৰ মনত এটা কথাই বৰ খেলিমেলি লগাই থাকে। আমাৰ দেশত স্বয়ম্ভূ ঈশ্বৰ পুৰুষ-নাৰীৰ অভাৱ নাই। সকলোতে তেওঁলোকে প্ৰতিকাৰ দিব পাৰে বোলে তেন্তে ক’ৰ’নাৰ প্ৰতিকাৰ কিয় দিব নোৱাৰিলে? ক’ৰ’নাৰ প্ৰতিষেধকৰ বাবে ইমান দিন বিজ্ঞানৰ বাবে ৰ’বলগীয়া পৰিস্থিতিয়েই নহয়।” “এৰা, আমাৰ দেশত গলিয়ে গলিয়ে বাবাজী-মাতাজী, আধ্যাত্মিক গুৰু, আইৰ দৰে ধৰ্ম-ঈশ্বৰৰ ঠিকাদাৰবোৰৰ অভাৱ নাই, কিন্তু মানৱ সমাজৰ সংকটৰ সময়ত সদায় এইসকল নিমাত। ক’ৰ’নাৰ প্ৰভাৱ অলপ কমোতে মাইক লগাই চিঞৰি চিঞৰি কাল্পনিক ঈশ্বৰক কম খন গুণানুকীৰ্তন কৰিলোঁ নে? তথাপিও ঈশ্বৰ-গ’ড-আল্লাই একো কৰিব নোৱাৰিলে! মানুহ মৰিয়ে থাকিল, আজিও মৰি আছে! আমাৰ ফালে তেৰাই কেঁৰাকৈও নাচালে! কিয় চাব লাগে? কাৰণ কেঁৰাকৈ নোচোৱাটো বহুতৰ বাবে এয়া ঈশ্বৰৰে লীলা! গতিকে ঈশ্বৰ-গ’ড-আল্লা সৰ্বশক্তিমান বুলি ক’লে হাঁহি হে উঠে এতিয়া।”

বিমলৰ দোকানৰ Shutter-ৰ শব্দই আব্দুল, শৰ্মাৰ আলোচনাত মুখনি মাৰিলে। বিমলে ইমান‌পৰে আড্ডাটো ঠিকেই এনজয় কৰি আছিল, মাজে মাজে হয়ভৰো দিছিল, পাছে এতিয়া বাৰ বাজিল। সান্ধ্য আইনৰ সময়। ৰ’বলৈ সময় নাই। তিনিও একেলগে ঘৰমুৱা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *