গল্প-কবিতা

তিনিটা অসংলগ্ন সন্ধিয়াৰ সন্ধানত (প্ৰিয়ংকা দাস)

) এটা জোনৰ আধাফাল সাধু

মাজতে কি হ’ল, মোৰ বুঢ়া আঙুলিটোৰ মনত উদ্ধত চখ এটাই বাহ ল’লে। জোন পুহিব। অ’, ঠিকেই জোন পুহিব। কিমান আৰু ইপাৰৰ পৰা মোহেৰে চাব। চকু বিষাই যায়। চচমা ভাপ হৈ যায়। কিন্তু ভৱামতে প্ৰায়েই নহয় কথাবোৰ। তাতে আকৌ কৈছোৱেই উদ্ধত বুলি। পাছে পুহিলেইতো নহ’ব, ৰাখিব পাৰিবনে? বলেৰে পাৰি অনা বস্তুও নহয়। এদিনাখন, সম্ভৱত পূৰ্ণিমাৰ ৰাতি; বুঢ়াই ঠাৰে-চিঁয়াৰে বগা-সোণালী জোনক সুধিলে,

: ওপৰত থাকি থাকি আমনি লগা নাইনে? আহিবি নেকি ইয়ালৈ? মোৰ তাত থকাকৈ?

সেমেনা সেমেনি কৰি জোনে কি ক’লে মই ভালকৈ নুশুনিলোঁ, কিন্তু অভিব্যক্তিত বুজা গ’ল অহাৰ ইচ্ছা তেওঁৰো, মাত্ৰ কক্ষ এৰিব পৰা হোৱাগৈ নাই। কক্ষ এৰিব নোৱাৰে। মইও তাৰপাছত খিৰিকীখন জপাই থোৱা হ’লোঁ। আবেলিতে ঘৰ সোমাওঁ। ওলাই যোৱা নহয়গৈ ইমান। প্ৰায়ে বাৰাণ্ডাৰে, ৰাস্তাত য’তেই দেখে,য’তেই পাই তেওঁ মোক ঘূৰি ঘূৰি চায়। মই খিৰিকীৰ পৰ্দা পেলাই থওঁ। বুঢ়া আঙুলিত বেণ্ডেড। এদিনাখন আবেলিতেই অস্পষ্টকৈ দেখা দি বাটতে মাত দিলে। উজুতি খাই বেণ্ডেডৰ এচোৱা এৰাই গ’ল। ৰ’লোঁ।

: নমতা হ’লি যে?
: তই বোলে নোৱাৰ আহিবলৈ। থাক ওপৰতে।
: মাতিবওতো পাৰ!
: যাওঁ দেৰি হৈছে।

মই কোবাকুবিকৈ আহি ঘৰ পালোঁ। গা-কাপোৰ ধুই ৰন্ধা-বঢ়া সামৰি বিচনাত উঠোতে দেৰি হ’ল। খুচি থকা মনটোৱে পৰ্দাখন কোঁচাই চালে। নতুন বেণ্ডেডো জমা নাছিল আকৌ লগাবলৈ। দেখিলোঁ দুই চাদৰ মাজেৰে,অকণমানি ফাঁকটোৰে তেওঁ ৰৈ আছেহি। আইনাৰ মাজেদিয়েই বুঢ়াক মিচিকিয়াই ক’লে,

: মই ইয়াতে ৰওঁ, প্ৰায়ে। দুইমিনিটমান।
: কক্ষৰ ঘূৰ্ণনত দেৰি নহয়?
: মেনেজ কৰি লওঁ, বাকীখিনিত দৌৰিব লগা হয় অলপ।
: ৰোৱাটো জৰুৰী নহয়তো।
: নহয়, একেবাৰেই নহয়। তথাপি!
: যাহ।

সিহঁতৰ কথোপকথনত মই সিমান গুৰুত্ব নিদিলোঁ। জোন পুহি ৰখাৰ সামৰ্থও নাই বুলি সোনকালেই বুজিছিলোঁ। কিন্তু দুই মিনিটটো শেষ হোৱাৰ আগতে মই ফটো এখন তুলি ৰাখিছিলোঁ। যা নহওঁক, একেলগে বুলিবলৈ ফটো এখন থাকক। পুহি ৰখা আৰু পোহ মনাৰ কথাটো এতিয়া বুঢ়া আঙুলিক কেনেকৈ বুজাও? জোন সাঁচি ৰখাৰ হাবিয়াসবোৰ ক’ত, কেনেকৈ, কেতিয়া শিপাইছিল বুলি মনত পেলাওতে শতিকা পুৰণি কাহিনী এটাই দলদোপ হেন্দোলদোপকৈ ভিৰ কৰিলে।

) শতিকা পুৰণি এবচাৰ্ড কাহিনী এটা

এবচাৰ্ড বুলি ধৰি লোৱা বিষয়বোৰেই তৰ্কৰহিত বুজি বুজাবলৈ কৰি থকা অপচেষ্টাৰ দিনবোৰৰ কাহিনী। পাহাৰৰ দুইফালে জেং পাৰি থৈ দিয়া বিহ্বল সময়ৰ সাধুবোৰ তেতিয়া আলফুলে ওপঙি ফুৰিব আৰম্ভ কৰিছিল।

কোনোবাটো তিতা, কোনোবাটো মিঠা।

কেঁহা।

জ্বলা।

জিভাৰ আগটোৰে এচেলেক মাৰি মুখ বিকটাই দিব পৰাকৈ কোনোবাটো নিমখীয়া।

হালধীয়া, অট’ফবিক বুকুৰ চুক এটাত ওলমি ওলমি এবচাৰ্ড পৰুৱাটোৱে পৰিভ্ৰমণ কৰে। অট’ফবিক বুকুৱে মাজে মাজে চহৰৰ মাজলৈ যায়।‍ চিগাৰেট হোপে। উশাহ চুটি অট’ফবিকে পাহৰি যায় বুকুৰ বিষৰ কথা।‍ পৰুৱাই উচপিচ কৰে। অট’ফবিকে ভাবে, পৰুৱাক ধোঁৱাই ধৰিছে। ‍তপত ভাতৰ নে‍ পোৰা চিগাৰেটৰ? চিগাৰ দলিয়াই অট’ফবিক আকৌ ঘূৰে। ঘাটলৈ।

নাওঁ ৰৈ আছে, চা পৰুৱা।
বেলি ডুবিছে, চা পৰুৱা।
পানী পৰিছে, চা পৰুৱা।
জেতুকা পিহিছে, চা পৰুৱা।

পৰুৱাৰ ঠেং কেইখন? অট’ফবিকে নাজানে। চাৰ্টৰ পকেটত পৰুৱাক ভৰাই অট’ফবিক আকৌ ঘূৰে। বাটে ঘাটে। পথাৰে আলিয়ে। মাটিয়ে বতাহে। ঘূৰি ঘূৰি ভাগৰ লাগিলে অট’ফবিক ৰৈ যায়, বৰগছৰ ছাঁত।

: ঐ পৰুৱা, ভাগৰ।

এবচাৰ্ড পৰুৱাৰ বুকু মনিব নোৱাৰি। সূক্ষ্ম। তাতেই দাগ। তাকে চাই অট’ফবিকে ভাগৰ পলুৱাই। আকৌ ঘূৰণ।

বৃত্ত নহয়, বলয়।

ভাল নহয়, সমভাল।

ধুমুহাৰ দিন।‍ অট’ফবিকে ঘূৰি ঘূৰি ধুমুহাত পৰে। পৰুৱাই খামুচি থাকে। সৰি নপৰাৰ আশ্বাস। ধুমুহাৰ পাছৰ নিস্তব্ধতাৰ সময়খিনিত দৌৰাদৌৰি কৰি ফুৰা পঁইতাচোৰাই বাহ সাজে। মনে মনে, পকেটত। নট এবচাৰ্ড। ৰিজ’নেবল পঁইতাচোৰা। অট’ফবিক আৰু পৰুৱাই খামোচা-খামোচি কৰি ফেভিকল অলপ সানি ল’ম বুলি ভাৱোতেই পইঁতাচোৰাই পকেট ফুটা কৰি দিলে।

বুকুও।

সমবেদনা।

প্ৰাৰ্থনা।

আগুৰি ধৰিলে পিলগ্ৰিম্‌ছ এসোপাই।

ও, অট’ফবিকৰ দেখোন উশাহো চুটি!

তেন্তে?

পিলগ্ৰিম্‌ছৰ পয়োভৰে পৰুৱাক ঠেলি দিব খোজে।

তীৰ্থলৈ বাট একেটাই।

এমাহমান খোজকাঢ়ি গৈ থাকি অট’ফবিকে ক’লে,

: পৰুৱা, ভৰি পখালোঁ।
: ভৰিত পানী নলগোৱাৰ কেইযুগ হ’ল?
: মনতেই নাই, চাচোন পিঠিৰ সিপাৰে গৈ, লিখাই আছে তাৰিখ।
: ও, নাই। লিখা তাৰিখতো পখালি থোৱা নাছিলা ভৰি।

অট’ফবিকে ভৰি পখালোতে পৰুৱাই থৰ হৈ চালে। পকেটৰ পৰা মুখখন উলিয়াই মাজতে মুখটিপি হাঁহিলে। চাৰিওফালে ঘিটমিটিয়া আন্ধাৰ। জোনাকী দুটা উৰি আহি ঢিপঢিপাই থাকিল। অট’ফবিকে বিজুলীবাতিটো ঢাকি দিলে। পৰুৱাই চকুমুদি থাকিল। এবচাৰ্ড পৰুৱাৰ এবচাৰ্ড মণিত এবচাৰ্ড পানী।

: ইমান ভীৰ।
: খঙ পৰুৱা?
: নহয়।
: আহ, চিগি দে হি চুলি।
: গলি গলি পানী হ’বাহি।
: পমাই দে, নগলাবি।

এবচাৰ্ড পৰুৱাই পাখি গজালৈ ৰৈছে। পাখিৰে কোবাই গলাব লাগিব অট’ফবিকৰ চুটি উশাহ। পাখিৰ পাছৰ শূন্যটো সাধু নহয়। ফেভিকলটোও কিনি থোৱাই থাকিল। বৰষুণৰ পানী ওলমিছে কাণৰ লটিত। কাণফুলিৰ তলৰফালে পাত ওলমা দি ওলমিবলৈ পাখি এজাপ গজক।

পিলগ্ৰিম্‌ছ আৰ ডেয়াৰ এণ্ড ৱিল বী অন দা ৱে’।

এটা ইচ্ছাৰ কথা—এবচাৰ্ড বুলি ভাৱি থকাবোৰ কাহানিও ৰিজ’নেবল নহওঁক। চলি থাকক পৰুৱা আৰু অট’ফবিকৰ আনৰিজ’নেবল কথোপকথন।

) নিলিখা গল্পৰ কথোপকথন

: গল্পবোৰ সঁচাসচি কাৰবাৰ।
: হু! যেনেকৈ তুমি মচোঁ বুলিলেই মচি পেলাব পৰা দুই চাৰিটা লাইন? তেনেকুৱা সঁচা?
: নহয়, ঠিক তেনেকুৱা নহয়। এইযে মচি দিছা বুলিছা, আখৰকেইটা হে মচি দিলা, আখৰকেইটা কাগজত তোলাৰ সময়ৰ সময়খিনি কেনেকৈ মচিবা?
: হ’ব পাৰে। জীৱনো গল্প।
: এই যে তোমাৰ সৈতে পাতি থকা কথাবোৰৰ মাজতে ইথাৰেদি ভাঁহি অহা তোমাৰ মাতটো, সঁচাসচিকৈ শুনা পাইছো—, সেইবোৰ?
: তাক বাস্তৱ বুলি কোৱা হয়। গল্প নহয়।
: বাস্তৱ নে অধিবাস্তৱ?
: বাটত বৰষুণ। বেছি পৰ ৰ’ব নোৱাৰোঁ।
: কোন আহিছে বাটলৈ?
: দুটা চকু।
: ৰ’বলৈ কোৱা।
: ৰ’ব। ভাঁহি থাকিব। বাটতে পাকঘূৰণি খাব।
: ৰ’বা, ঘূৰি নাযাবৰ বাবেইতো এই আয়োজন।

দৰজা খুলি বাহিৰলৈ ওলাই আহিল বেঙী। ঘিটমিটিয়া আন্ধাৰত একোকে নমনি। মাৰ্বলগুটিৰ দৰে ঘূৰণীয়া চকু দুটি ট টকৈ আন্ধাৰত জিলিকিছে। কাষে কাষে জলীয় বাষ্প হৈ মেঘ উৰিছে। বেঙীয়ে চকুদুটা থপিয়াই আনিলে। ইপিনে সিপিনে চাই পতকৈ টিচাৰ্টৰ ভিতৰত মণিদুটা গুজি ল’লে। বেঙীৰ গাত কাৰেণ্ট। তগবগ তৰংগ।

ভৰি বৰফ।
হাত বৰফ।
বুকু জুই।
চকু পানী।

বাৰাণ্ডাৰ খুঁটাত ভেজা দি বেঙীয়ে চাই ৰ’ল কাৰবাৰটো। মাজে মাজে টি চাৰ্টৰ ভিতৰত মণি দুটাই খদমদম লগাই দিয়ে।‍ মণি দুটা হাতেৰে ধৰি লৈ বেঙীয়ে অলপ পৰ কলিজাত হেঁচি ধৰে। আচৰিতভাৱে মণিদুটাত বান আহে। বেঙীৰ বুকুৰ কাপোৰ তিতি যায়। সলাবলৈ শুকোৱা কাপোৰ নাই। ষাঠ লগা দিন। শাওণীয়া শুক্ৰবাৰ। নামাজৰ সময়। বাটত গৰু মানুহ। মণি দুটা বেঙীয়ে এইবাৰ পেটত মেলি দিলে। নাভিটোৰ কাষেৰে চুঁচৰি গৈ মণি এটা পিঠি পালে, এটাই বুকুৰ মাজেৰে সেওঁতালৈ চুঁচৰি আহিল। পিঠিৰ মণিটোৱে বেঙীক শুৱাবলৈ হেঁচি হেঁচি কোঠালৈ লৈ যাব খুজিলে। শেতেলীত পৰিয়েই বেঙীয়ে চকু মুদি দিলে। জাৰ জহ অনুভৱ নোহোৱা অৱস্থা এটাত থকাৰ নিচিনাকৈ ওলোৱা মাতটোৰে সেওঁতাৰ মণিটোৱে পিঠিৰ মণিটোক ক’লে—

: এটা কথা জান, আমাৰ সমগোত্ৰীয় দুটা বেঙীৰ তাতো আছে।
: হা?
: অ, মই চাইছো। বৰষুণত যে শিল পৰে; কিছুমান বগা, কিছুমান পনীয়া টাইপ থাকে।

গোল গোল ধৰণৰ খাজ কটাৰ দৰে, ঠিক তেনে। গভীৰভাৱে যেতিয়া চাইছোঁ মই দেখিছো যে শিলবৰষুণত বুটলি অনা পানীগুটি দুটা যেন কোনোবাই গুঠি থৈছে। এই হাতৰ তলুৱাত ল’ম চকুপানী হৈ গলি যাব! ৰ, চকু মুদি সিদিনাৰ ফিলিংচখিনি ৰিপিট ৰিৱাইণ্ড কৰোঁ।

আই কেন চি ৰিপিট, গাৰ্ল ইন অলমোষ্ট ইণ্ডিগো। ৱিথ আ পেয়াৰ অৱ আইজ।
: ধুনীয়া বুলি সামগ্ৰিক চিন্তাটো তোৰ খুব কম আহে। আহিলেও নকৱ।
: অ, ক’লে কিবা আধৰুৱা লাগে।

বেঙীৰ ডিঙিটোৰ তলৰখিনি—সৰুতে ঘৰলৈ ধুনীয়া ৰঙীন বালি আহে। ঘৰবন্ধা বালি। —ৰঙা যেন, ডাঙৰ গুড়ি—মাজত সেইকেইটা নদীৰ শিল, ৰং থকা। তাৰমাজত কিছুমান বৰ মিহি শিল থাকে। আমিতো জইন ফেমিলি আছিলোঁ। বৰদেউতাৰ দাদাৰ দোকান। বালি দম কৰি থোৱা থাকে। ৰঙাবালিৰ সেই শিলৰ মাজত বহু বিচাৰি বিচাৰি পছন্দৰ দুই এটা লৈ আনোঁ। সৰু টেমা এটাত ভৰাই থওঁ। বাৰ্লিৰ টেমা। শিলকেইটা চুই ইমান ভাল লাগে। মিহি। শিল অথচ মসৃন, তিকি। সিদিনা ডিঙিটোলৈ চাই সেই শিলকেইটা চুই থকা অনুভূতিটো মনলৈ আহি গ’ল। মই পঢ়া পৰত চুই থাকিছিলোঁ।

: কি পঢ়িছিলি তই?
: তোৰ মাজেৰে যি ৰশ্মি প্ৰতিফলিত হৈছিল, মোৰো সেই একেই। জানই দেখোন।
: বেঙীৰ দাগৰ কথা অলপ লিখা আছিল কিতাপত।
: অ, বুকুখন ধুনীয়া নহয়। চাবিচোন। দাগটো নেথাকিলে মোৰ একেবাৰে পছন্দৰ নহ’লেহেতেন। শুবলৈ ভাল। মৰম কৰিবলৈও ভাল। ফিলিংচ বঢ়াবলৈও ভাল হ’ব, জানোঁ। বাট, মোলৈ একো ৰিফ্লেকচন নাহিল দেখাৰ পাছত।
: কি ভাৱিছ?
: কঁপনিটো। সেইটো লাগে। খোদালি দিব লাগে। বৈ যাব লাগে কঁপনিটো। সংক্ৰমণ হোৱাৰ অপেক্ষাখিনি ভাল লাগে।

সাধুটো এনেকুৱাই বুলি ভাৱি ল’লে তাই। গাত জ্বৰ।  চৌপাশ বগৰী গছৰ কাঁইটেৰে বেৰ দিয়া। পাহাৰৰ ইপিনে সি, সিপিনে বেঙী। পুখুৰীত কোনো নাই। সি  গৈছিল সদায়ৰ জীয়াই থকাৰ নিয়ম পালিবলৈ, ইপিনে বিষয়ী জীৱনৰ টান।‍ ‍পাহাৰৰ চূড়াটো কেতিয়া ওখ হৈ পৰ্বত হ’ল কোনেও টলকিবই নোৱাৰিলে। চিঞৰিলেও নুশুনা পৰিৱেশত সাধুটো ঠিকেই শুনিলে, বিৰবিৰাইছে, স্বৰ্গৰ পৰা একো নাহে!

উফ্—এবাৰ যদি হাতখন আগুৱাই দিয়া নৰকৰ দিশে আমি তাতেই স্বৰ্গ সাঁজিলোহেঁতেন।

সি কাণত কাপ লগালে, সূতাডালৰ ইটো মূৰে আনটো কাপ লগাই দলিয়াই দিলে পাহাৰৰ সিটো মূৰে।

: তুমি আছা?
: মই আছো, তুমিও আছা। তথাপি শূন্যতা।
: উদাস হৈছা?
: তোমাক পোৱা বাবেই যদি মই উদাস…
: প্ৰাপ্তিৰ স্থান ঠিক কৰিছা? নকৰিবা।
: ক’ত ৰ’ম তেন্তে?
: ৰ’বলৈ আৱাহন কৰা নাই। স্বৰ্গৰ হাবিয়াস কৰিছা তুমি?
: নাই কৰা, মাত্ৰ পুৰাতন ভয় এটা মিহিকৈ আছে, ভিৰৰ মাজতো অকলশৰীয়া হোৱাৰ।
: তুমি অট’ফবিক। নহ’লে ফ’ম’।
: কি এইটো? মোক ঘৰত জোন বুলিহে মাতে।

কথাৰ মাজতে সূতাডাল চিঙি যায়।‍ সি খেয়ালি, কিন্তু বিষয়ী। সিফালে গা কাঁইটে বিন্ধা। জ্বৰৰ পোৰণিয়ে  জুইৰ দৰে দহে। আঁতচিগা সূতাৰ পাক মেৰিয়াই কাপটো আকৌ কাণত লগাই;

: স্বৰ্গলৈ হাবিয়াস?
: নহয়, হাবিয়াস নাই একোলৈ.. প্ৰাপ্তিৰ পাছৰ খোজটো ক’ত দিওঁ দেখা নাই।
: চকু মুদা।
: অ
: কি দেখিছা?
: একো নাই।

গাৰ জোৰেৰে কাইঁট ঠেলি এখোজ আগুৱাই আহিল।

: কি দেখিছা?
: একুৰা জুই। নৰকৰ।
: তোমাক দহিছে?
: গাটো পুৰিছে।

আৰু এখোজ আগুৱাই আহিল। ৰাতি দুপৰ। ইনচ’মনিয়াৰ সুযোগৰ সদব্যৱহাৰ কৰা হওঁক। কাঁইটত গা হেঁচি দি ডালবোৰ আঁতৰাই দিলে।

: কি দেখিছা?
: জুইৰ মাজত হাত এখনে মাতিছে।
: কাৰ হাত?

চকুৰ আগত কটা চিনৰ হাত।

: তুমি নৰকত আছা?
: হাতখনত ধৰিবানে?
: পাহাৰখন খহি পৰক। I don’t want anything from heaven.
: আহা স্বৰ্গ সাঁজো ইয়াতেই, নিজৰ।
: চাৰ্টত পকেট আছেনে?
: আছে।

বহি থকা শিলটুকুৰাক কিয় জানোঁ স্বৰ্গদ্বাৰ বোলে মানুহে। কাইলৈ চোমণিভদ্ৰৰ পৰা নাগে মুকুতা বুটলি উপহাৰ দিব,পুৰণি সাধু এটাই কাণে কাণে ক’লে।

অপেক্ষা পোহৰ হোৱালৈ। গড়ুৰাচলৰ সিপাৰে বেলি ওলালেই বেঙীৰ ভৰি দুটা লাহে লাহে সৰু হৈ আহিব। মুখখন জোঙা। চকু দুটা টেলেকা। গাটো চেপেটা লাগি বৰণ সলাব। হাত দুখনে আকৃতি ল’ব পাখিৰ। এৰা, পাখি গজা পৰুৱাৰ মৰণ চাবলৈকে বেঙী পৰুৱা হ’ব।

One thought on “তিনিটা অসংলগ্ন সন্ধিয়াৰ সন্ধানত (প্ৰিয়ংকা দাস)

  • ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *