গান শুনো আহকশিল্প-কলা-সংস্কৃতি

তিতা কেৰেলা: এটি গানৰ তিতা-মিঠা ।। বৰ্ণালী বৰুৱা দাস

অতি সম্প্ৰতি ইউটিউবত মুকলি হোৱা এটি অসমীয়া গানৰ বিষয়ে কিছু আলোচনা কৰাৰ তাগিদাতে এই লিখাৰ অৱতাৰণা। গানটোৰ শীৰ্ষ হ’ল ‘তিতা-কেৰেলা’। পৰিৱেশিকা তথা গায়িকা সৃজনী ভাস্ব মহন্ত।

এটা সময় আছিল যেতিয়া একোটা গান ৰেকৰ্ড কৰি শ্ৰোতাৰ মাজলৈ উলিয়াই দিয়াটো এটা দীঘলীয়া তথা কষ্টসাধ্য আৰু ব্যয়সাধ্য প্ৰক্ৰিয়া আছিল। বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ সলনি হৈছে। আজিকালি নিতৌ কোনোবাই নহয় কোনোবাই নিজৰ গান সামাজিক মাধ্যমত মুকলি কৰিয়েই থাকে। গান উৎপাদনৰ এই নিৰন্তৰ প্ৰক্ৰিয়াৰ ফলত স্বাভাৱিকতেই উভৈনদী হৈ পৰিছে আধুনিক গান। গানবোৰ ভাব-ভাষা-আংগিকৰ দিশৰ পৰা আধুনিক হয় নে নহয় সি অন্য প্ৰসংগ। কিন্তু উৎপাদন-কালৰ ভিত্তিত যে সেইবোৰ আধুনিক তাত বিতৰ্কৰ প্ৰশ্ন নুঠে। সেয়েহে ইয়াতো ‘আধুনিক গান’ শব্দ যুগল সেই অৰ্থতেই ব্যৱহাৰ কৰা হৈছে। তদুপৰি এই উল্লেখৰ পৰিসীমা অতি ক্ষুদ্ৰ, কাৰণ এই কথাখিনি কৈ থকা হৈছে কেৱল অসমীয়া আধুনিক গানক সামৰিহে। এই ক্ষুদ্ৰ পৰিসৰৰ ভিতৰতো কিন্তু গানৰ উৎপাদন কম নহয়। সেই সকলো গান যে শুনিছোঁ সেই কথা ভুলতো ক’ব নোৱাৰোঁ। কিন্তু যিমানখিনি সাম্প্ৰতিক অসমীয়া আধুনিক গান শুনিবলৈ পাইছোঁ, সেইখিনিৰ অধিকাংশকেই আলোচনালৈ অনাৰ আন্তৰিক তাগিদা অনুভৱ নকৰোঁ। অৱশ্যে তাৰ অৰ্থ এইটো নহয় যে সেই সকলোবোৰ গানেই আলোচনাৰ অযোগ্য। হয়তো বহু ভাল গান আমাৰ দৰে শ্ৰোতাৰ কাণত পৰাহিয়েই নাই। নাইবা এনেকুৱাও হ’ব পাৰে যে আলোচনাযোগ্য সমল থকাৰ পাছতো কিছু গানৰ আলোচনা নিজৰ সীমাৱদ্ধতাৰ বাবেই লিখা হোৱাগৈ নাই। এই সীমাৱদ্ধতাৰ মাজত সীমিত অধ্যয়ন, সীমিত সময়-সুবিধাৰ লগতে ব্যক্তিগত আলস্যও অন্তৰ্ভুক্ত। অলকেশ দত্তৰ ‘হেৰুৱাই এই পৃথিৱী’, কুলদীপৰ ‘আমি যে সৰু মানুহ’ আদি গানৰ বিষয়ে কোনোবা সংগীত সমালোচকে লিখিব বুলি আশা কৰি আছিলোঁ যদিও তেনে কোনো প্ৰচেষ্টা চকুত নপৰিল। কিন্তু সময়ে সময়ে ওলোৱা এনে কিছু নতুন প্ৰচেষ্টাৰ বিষয়ে আলোচনা হোৱাটোও আজিৰ এই একঘেয়ামীপূৰ্ণ, নিম্নগামী অসমীয়া আধুনিক গানৰ ক্ষেত্ৰখনৰ বাবে জৰুৰী। সেইবাবেই এই সদ্য মুক্তিপ্ৰাপ্ত গানটোৰ বিষয়ে লিখিবলৈ আগবাঢ়িলোঁ, নিজৰ সকলো সীমাৱদ্ধতাক স্বীকাৰ কৰিও।

কৈফিয়তৰ কষ্টকৰ কৃচ্ছ্ৰসাধন এৰি এইবাৰ পোনে পোনে আলোচিত গানটোৰ প্ৰসংগলৈ আহোঁ। আগতে নুশুনা/নোচোৱা সকলে গানটো তলৰ লিংকত শুনিব/চাব পাৰিব।

গানটোৰ কথা অমিতাভ বৰুৱাৰ, সুৰ অমিতাভ বৰুৱা আৰু অৰুণাভ বৰুৱাৰ। গানৰ ভিডিঅ’টোৰ সামগ্ৰিক পৰিকল্পনা, পৰিচালনা, কণ্ঠদান আৰু অভিনয় সকলোখিনি সৃজনী ভাস্ব মহন্তৰ। সহশিল্পীসকলৰ উপৰিও, ভিডিঅ’টোৰ শব্দগ্ৰহণ, চিনেমেট’গ্ৰাফী, পোহৰ আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে এক সুদক্ষ কাৰিকৰী দল। কাৰণ সমগ্ৰ ভিডিঅ’টো লোৱা হৈছে এটা মাত্ৰ টে’কত। প্ৰথমে বাহিৰত গাড়ীৰ পৰা নামি ঘৰ এটালৈ সোমাই আহি ঘৰটোৰ ভিতৰত বিভিন্ন ঠাইত বিভিন্ন ছেটিংছত গানটো চলি থাকে শেষত আকৌ বাহিৰলৈ ওলাই গৈ প্ৰেক্ষাগৃহ ভৰ্তি দৰ্শকৰ মাজেৰে গৈ গায়িকাই মঞ্চত উঠি সমৱেতভাৱে পৰিৱেশন কৰালৈকে এই গোটেইখিনি আনকাট ভিডিঅ’ কৰিবলৈ কিমান দক্ষতা, অনুশীলন, ক্ষীপ্ৰতা আৰু সুনিপুণ পৰিচালনা লাগিব তাক ভিডিঅ’টো চোৱা সকলোৱেই অনুভৱ কৰিব পাৰিব। সৃজনীৰ কণ্ঠৰ বিশাল ব্যাপ্তিয়েও শ্ৰোতাক মুগ্ধ কৰে। গানটোত কোৱা ‘গুড় চেনী মৌ হেনো নহয় ইমান মিঠা, মাতৰ মিঠা হেনো আৰু মিঠা’ কথাষাৰ সৃজনীৰ কণ্ঠয়েই প্ৰমাণ কৰে। সৃজনীৰ মিঠা কণ্ঠই শ্ৰোতাক গানটোৰ প্ৰতি আকৰ্ষিত কৰে। বৰ্তমানৰ বহু আধুনিক অসমীয়া গানৰ দৰে গানটো আধাশুনা কৰি এৰিব নোৱাৰি। অসমীয়া লোকসংগীতৰ সুৰৰ সৈতে পাশ্চাত্য আংগিকৰ সংমিশ্ৰণেৰে গানটো নিৰ্মিত হৈছে। গতিকে এই সুৰৰ মায়াই গানটোৰ সৈতে মানুহক শ্ৰোতা ৰূপে বান্ধ খুৱাইছে আৰু গায়িকাৰ অভিনয় তথা কাৰিকৰী কলা-কৌশলে মানুহক দৰ্শক ৰূপেও বান্ধ খুৱাইছে। এতেকে বহু দৰ্শক-শ্ৰোতাই গানটো ভাল পাইছে। এই প্ৰাথমিক আকৰ্ষণেই গানটোৰ ভিতৰলৈ যাবলৈ আমাকো প্ৰবুদ্ধ কৰিলে। সেয়েহে সুৰ, গায়কী, পৰিৱেশন আৰু সুদক্ষ ভিডিঅ’-কাৰিকৰীৰ দুৱাৰখন পাৰ হৈ গানটোৰ ভিতৰ চ’ৰালৈ সোমাই গ’লোঁ। পালোগৈ গানটোৰ কণ্টেণ্ট। আহক গানটোৰ কণ্টেণ্ট বা কথাখিনিলৈ মন দিওঁ –

গানটোৰ কথা:

তিতা কেৰেলা হেনো
নহয় ইমান তিতা
মাতৰ তিতা হেনো আৰু তিতা
গুৰ-চেনি-মৌ হেনো
নহয় ইমান মিঠা
মাতৰ মিঠা হেনো আৰু মিঠা

ধন-সোণ-ঘৰ পায়ো
নহয় সুখী মানুহ
তাতকৈয়ো সুখ হেনো
মৰমত পাবা

নেথাকে ঘৰ-বাৰী
মাথো মায়াৰ জৰী
মৰমৰ মাত এষাৰি
থাকে জীৱন জুৰি

মৰিলে নাই একো
এমুঠি ধূলি-বালি
ৰ’বগৈ মাথো তোমাৰ
কামৰে নাম-ধ্বনি

জীৱনত দুখ বেচি
অলপ মাথো হাঁহি
হাঁহি মুখেৰে তুমি
দুখক কৰা লগৰী

মৰিলে নাই একো
এমুঠি ধূলি-বালি
ৰ’বগৈ মাথো তোমাৰ
কামৰে নাম-ধ্বনি।

গানটোৰ মূল কথা বা ষ্টেটমেণ্টটো হ’ল – জীৱন দুদিনীয়া। সংসাৰৰ সকলো মায়া মাত্ৰ। এতেকে এই দুদিনীয়া সংসাৰত মৰমৰ মাত কথাৰে হাঁহি মাতি জীয়াই থকাই শ্ৰেয়।

আমি অলপ মন কৰিলেই দেখিম সুৰ আৰু কাৰুকাৰ্যৰ জোৰত বহু নিম্নমানৰ কথাইও ভাল গান বুলি পাৰ পাই যায় বা জনপ্ৰিয় হয়। দক্ষ, পৰিশীলিত কণ্ঠশিল্পীৰ পৰিৱেশনত থকা আবেদনৰ বাবেই দুৰ্বল কথাৰ গান এটাও শ্ৰোতাই বাৰে বাৰে শুনে। এই গানটোও তাৰে এটা উৎকৃষ্ট উদাহৰণ। ‘কথাত কটা যায়, কথাত বঁটা পায়’ শীৰ্ষক বহুল প্ৰচলিত প্ৰবাদ বাক্যশাৰীকে ধিয়াই হয়তো গানটো লিখা হৈছিল। কিন্তু ৰচনা ইমানেই দূৰ্বল যে আন কলাত্মক গুণৰ কথা বাদেই গানটোত আনকি ছন্দইও বাৰে বাৰে উজুটি খাইছে।

ধন-সোণ-ঘৰ পায়ো
নহয় সুখী মানুহ
তাতকৈয়ো সুখ হেনো
মৰমত পাবা।

এনেকুৱা ছন্দ পতনক কেৱল সুৰৰ জোৰেৰে টানি নিব নোৱাৰি। পৰিশীলিত কাণত সি কণ্টক ৰূপে ধৰা পৰেই। তাৰ লগত যোগ হৈছে, তিতা বুলিলে তিতা কেৰেলা চোবাই দেখুওৱা, মিঠা বুলিলে গুড়, গাখীৰৰ জলপান আঙুলি চেলেকি খাই দেখুওৱা আদি ‘ৰ আইডিয়া’সমূহ।

গানৰ দুৰ্বল কথা, ছন্দপতন, অপৰিপক্ক ভিডিঅ’-কণ্টেণ্ট আদিও সিমান আহুকলীয়া নহয়, যিমান আহুকলীয়া ইয়াৰ মূল দৰ্শনটো। সমাজত চলি থকা দুৰ্নীতি, অনিয়ম, চূড়ান্ত শ্ৰেণী বৈষম্য, সাম্প্ৰদায়িক বিষবাষ্পৰ প্ৰদূষণৰ এই সময়তো মিঠা মাত কথা আৰু হাঁহিৰে জীৱন পাৰ কৰাৰ আহ্বান জনায় কোনে? সমাজত সুৰক্ষিত সুবিধাজনক স্থানত অৱস্থান কৰা মুষ্টিমেয় মানুহৰ বাদে বাকীসকলৰ বাবে এনে ‘ইতিবাচক’ (!) আহ্বান চূড়ান্ত প্ৰহসন নহয় নে?

আধুনিক গানৰ ক্ষেত্ৰত জ্যোতি-বিষ্ণু-হেমাংগ-ভূপেনৰ ইমান এক ঐশ্চৰ্যশালী ঐতিহ্য থকাৰ পাছতো অসমৰ গানৰ জগতখনৰ বৰ্তমান যি পুতৌ লগা অৱস্থা, তাক যি কোনো সচেতন মানুহেই উপলব্ধি কৰিব পাৰে। সেইসমূহ গীতত থকা সমাজ ৰূপান্তৰকামী চিন্তাৰ ধাৰে-কাষে যোৱাৰতো এতিয়া প্ৰশ্নই নুঠে, আনকি ব্যক্তিগত প্ৰেমৰ গানবোৰৰো অৱস্থা তথৈবচ। সহজ জনপ্ৰিয়তাৰ বাবে ৰচিত প্ৰেমৰ গানৰ নামত ‘তুমি মোৰ, মই তোমাৰ’ জাতীয় একেবোৰ কথাৰে বিৰক্তিকৰ পুনৰাবৃত্তি শুনি শুনি শ্ৰোতাৰ কাণ ঘোলা হৈ পৰিছে। কিছুমান গান আকৌ হৈছেগৈ অনৰ্থক কাব্যিকতাৰে ভাৰাক্ৰান্ত, মায়াময় শব্দৰ আবৰণ খুলি ভিতৰখন চালে দেখিবা ধোবাংবাং, তাতো সেই পেনপেনীয়া ৰোমাণ্টিকতাই সাৰ। তেনে স্থলত ‘তিতা কেৰেলা’ শীৰ্ষক এটা মাত্ৰ গানত ‘মিঠা’ বিচাৰিবলৈ যোৱাৰ জানো কিবা সংগত কাৰণ থাকিব পাৰে?
উত্তৰটো হ’ল পাৰে। তাৰ এটা অতি সংগত কাৰণ আছে। সেয়া আন একো নহয়, গায়িকাগৰাকীয়ে পূৰ্বতে অৰ্জন কৰা কিছু আস্থা।
কথাটো কিছু বহলাই কোৱা প্ৰয়োজন।

“যি কোনো আৰ্ট-ফৰ্মৰ এটা পলিটিক্স থাকে”

কথাখিনি কৈছিল আজি আলোচিত গায়িকাগৰাকীয়ে অৰ্থাৎ সৃজনী ভাস্ব মহন্তই “যাত্ৰা” নামৰ এটা প’ডকাষ্টৰ সাক্ষাৎকাৰত। তাতেই তেওঁ লগতে কৈছিল – মই যদি নাচোঁ, মই যদি গাওঁ, মই যদি অভিনয় কৰোঁ তাতো কিন্তু মোৰ পলিটিক্সটো ৰিফ্লেক্ট হ’ব (‘ৰেন মৌ’ত আইচেংফাৰ স’তে জনপ্ৰিয় অভিনেত্রী-গায়িকা-নৃত্যপটীয়সী সৃজনী ভাস্ব মহন্ত, you tube 25:00 to 30: 54। ভিডিঅ’টো চাবলৈ ইয়াত টিপক)। ইমান সঁচা কথা এটা ইমান স্পষ্টকৈ নৱ প্ৰজন্মৰ  আন কোনো জনপ্ৰিয় গায়কে কৈছে নে নাই মই নাজানো। ক’লেও মই অন্তত: তেনে ষ্টেটমেণ্ট শুনা নাই। বৰং ‘পলিটিক্স’ শব্দটো শুনিলেই সাত জাপ মাৰি আঁতৰি যোৱাহে দেখি আহিছোঁ। ‘পলিটিক্স নকৰিবা বন্ধু’ জাতীয় ফটুৱা ষ্টেটমেণ্ট তেওঁলোকৰ সকলোৱে ৰাজহুৱাকৈ নিদিব পাৰে, কিন্তু কথাই কামে অহৰ্নিশে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি থাকে যে তেওঁলোক ‘অৰাজনৈতিক, নিৰপেক্ষ শিল্পী’! আচলতে তেওঁলোকৰ বাবে ‘পলিটিক্স’ মানেই কেৱল বি জে পি, কংগ্ৰেছ, চি পি এমৰ সংকীৰ্ণ বৃত্ত এটা। এনে এক হতাশাজনক পৰিৱেশত তেনে সংকীৰ্ণতাৰ পৰা নিজকে উলিয়াই আনি সৃজনীয়ে কৰা এই দৃপ্ত ঘোষণা সঁচাই বৰ্তমান অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক আলোকোজ্জ্বল পথৰ দিক নিৰ্দেশনা হ’ব পাৰে।

সেই একেটা সাক্ষাৎকাৰতে তেওঁ আকৌ দ্ব্যৰ্থহীন ভাষাৰে কৈছে, “মই কোনো ‘ভুৱা ইতিবাচকতা’ৰ প্ৰৱক্তা নহওঁ (‘I am not for fake positivity’ উক্ত ভিডিঅ’ 1: 14) । মোৰ চাৰিওকাষৰ সমাজখনত যদি বেয়াই দেখি আছোঁ, মই কেনেকৈ কওঁ যে সকলোফালে ভালেই চলি আছে?”

এইখিনি কথা বৰ্তমান সময়ত দ্বিধাহীনভাৱে কোৱা শিল্পী এগৰাকীৰ পৰা সাধাৰণ ব্যক্তিগত মিঠা-তিতাৰ উৰ্ধৰ এক শিল্পৰূপ আশা কৰাটো জানো ভুল? এই স্পষ্ট কথাখিনিৰে অৰ্জা আস্থাৰ বাবেই তেওঁৰ সদ্য মুক্তি প্ৰাপ্ত গানটোত বিচাৰি চাবলৈ যত্ন কৰিছোঁ তেওঁৰ এই আৰ্ট ফৰ্মটোৰ পলিটিক্সটো কি? তেওঁ কোৱা ‘ফেইক পজিটিভিটি’ এই গানৰ কথাখিনিতো বাৰু ‘ৰিফ্লেক্ট’ হোৱা নাই নে? সেই বিচাৰৰ বাবে গানটোৰ মাজলৈ আকৌ এবাৰ যাওঁ আহক।

ব্যক্তিগত তিতা-মিঠাৰ পৰা সাৰ্বজনীন ৰাজনীতিলৈ

তিতা মিঠা মাতৰ নিদৰ্শন ৰূপে গানটোৰ আৰম্ভণিতে কিছু কথাৰ টুকুৰা সন্নিবিষ্ট কৰা হৈছে। সেইখিনি তুলি অনা হৈছে ছ’চিয়েল মিডিয়াত সৃজনীক কৰা ট্ৰল আৰু প্ৰশংসামূলক মন্তব্যৰ পৰা। ভিডিঅ’টোত এই কথাৰ টুকুৰাবোৰ যদিও ব্যক্তিগত ট্ৰলৰ দৰে প্ৰদৰ্শিত হৈছে প্ৰকৃততে কিন্তু সেয়া ব্যক্তিগত নহয়। সেয়া আছিল এটা ৰাজহুৱা তথা তীব্ৰভাৱে ৰাজনৈতিক ঘটনা। ঘটনাটো আছিল এনেকুৱা। অসম সাহিত্য সভাৰ ল’গ’ আৰু নাম সন্নিৱিষ্ট তোৰণ এখনত “হিন্দু ৰাষ্ট্ৰৰ দাবীত ৰাজ্যিক অভিৱৰ্তন”ৰ ফলক এখন দেখা গৈছিল। উক্ত ফলকৰ সন্মুখত ৰৈ সৃজনীয়ে তীব্ৰ ঘৃণাত ওকালি অহাৰ অভিনয়েৰে মাত্ৰ ৪ চেকেণ্ড মানৰ এটা ভিডিঅ’ কৰিছিল। (ভিডিঅ’টো চাব খুজিলে ইয়াত টিপা মাৰক) কোনো তেজ উতলোৱা শ্ল’গান নিদিয়াকৈ, কোনো সাৰ গৰ্ভ বক্তৃতা নিদিয়াকৈ, কোনো গান-বাজনা নকৰাকৈ কৰা ই আছিল এক অভিনৱ প্ৰতিবাদ। সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যেন সেই চৰ্টটো আছিল এক পূৰ্ণহতীয়া চৰ। সেয়েহে ক্ষন্তেকতে জাকে জাকে সাম্প্ৰদায়িক শক্তিৰ ভেৰোণীয়া বাহিনীৰ আক্ৰমণ আৰম্ভ হ’ল। অশ্লীল, অশ্ৰাব্য গালি গালাজেৰে কমেণ্ট বক্স ভৰি পৰিল। অৱশ্যে তাৰ লগতে ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰৰ পোষকতা কৰাসকলে সৃজনীৰ পক্ষও নোলোৱা নহয়। সি যি নহওক, মানুহৰ ট্ৰল আৰু প্ৰশংসাৰ এই মন্তব্যখিনিকেই তেওঁ গানটোত তিতা-মিঠাৰ উদাহৰণ ৰূপে ব্যৱহাৰ কৰিছে। নক’লেও হ’ব যে এইখিনিতেই আদৰ্শগত খেলিমেলিটো আৰম্ভ হৈছে। এটা ৰাজনৈতিক প্ৰতিবাদ কৰিবলৈ যাওঁতে প্ৰতিপক্ষৰ পৰা মিঠা মাত আশা নকৰাই শ্ৰেয়। তদুপৰি প্ৰতিপক্ষৰ বাক্যবাণত প্ৰতিবাদকাৰীয়ে তৰ্ধনি খাই হেপাই-ফোপাই পলাই আহি দুৱাৰ বন্ধ কৰি ঘৰত সোমাবহি লগাই যদি হয়, তেন্তে সেই শক্তিশালী প্ৰতিবাদৰ মূল্যই বা থাকিল কি? বন্ধ ঘৰৰ ভিতৰত বিভিন্নজনৰ কাষত দুদিনীয়া মায়াময় সংসাৰত মিঠা মাত আৰু হাঁহিৰ সপক্ষে জাগৰণ আনি সৰ্বশেষত দুৱাৰ খুলি জনসমুদ্ৰৰ মাজলৈ ওলাই গ’ল। তাতো গণ জাগৰণটো হ’লগৈ মাতৰ তিতা-মিঠাকলৈয়েই। সেই গণ জাগৰণত কোনো প্ৰতিপক্ষ নাই, সকলোৱে সমস্বৰে মাতৰ তিতা আৰু মাতৰ মিঠাক দোহাৰিছে মাত্ৰ, দুদিনীয়া সংসাৰত সকলোৰে লগতে মৌ মিঠা মাতেৰে হাঁহি মাতি থকাৰ অংগীকাৰহে যেন কৰিছে সকলোৱে। এনেকৈয়ে এক চিৰিয়াচ ৰাজনৈতিক বিষয়, তথা বহল ৰাজহুৱা বিষয়, মধ্যবিত্তীয় শিষ্টাচাৰৰ ঠেক আৱেষ্টনীত সোমাই সংকীৰ্ণ হৈ পৰিল।

ইয়াৰ বিপৰীতে কিন্তু সৃজনীৰে আন এটা সৃজন আছিল অতিকে অৰ্থবহ আৰু পৰিপক্ক। ‘সখী হে’ কি ক’মে দুখৰে কথা’ শীৰ্ষক লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা সুৰাৰোপিত আৰু ভূপেন হাজৰিকাৰ দ্বাৰা পৰিৱেশিত গীতটি সত্ৰীয়া আংগিকৰ ব্যৱহাৰেৰে নতুন ধৰণেৰে তেওঁ পৰিবেশন কৰিছিল। ভিডিঅ’টো তলৰ লিংকত চাব পাৰিব।

গীতটোত তেওঁৰ গায়কি অতি মন পৰশা। গীতৰ কথাৰ লগত একাত্ম নহ’লে এনে প্ৰকাশভংগী সম্ভৱ নহয়। আনহাতে ভিডিঅ’টোত নিজৰ ব্যক্তিগত জীৱন যাত্ৰাক তেওঁ অতি নৈপুণ্যৰে এক নৈৰ্ব্যক্তিক স্তৰলৈ লৈ গৈছে। ভিডিঅ’ৰ দৃশ্যায়ন অনুসৰি যি শিল্পক তেওঁ আদৰি লৈছিল সেই শিল্পৰ বাবেই তেওঁ স্ব-বন্দীত্বক আকোৱালী ল’ব লগা হৈছিল – যেন ‘অমৃত মথোঁতে বিষ উপজিলে, মিঠা মৌ হ’লে তিতা’। ‘কোনেও নেদেখোঁতে, কোনেও নুশুঙোতে’ মৰহি যোৱা তগৰ ফুল এপাহৰ দৰেই কত শিল্পী হয়তো সমাজৰ প্ৰত্যাশা আৰু দূৰাশাৰ হেঁচাতেই মৰহি যাবলৈ বাধ্য হয়, নিজেই নিজকে বাকৰুদ্ধ কৰি পেলাবলৈ বাধ্য হয়! এটা সময়ত নিজেই চিলাই কৰা দুই ওঁঠৰ চিলাই কাটি নিজকে এই সংকীৰ্ণতাৰ পৰা মুক্ত কৰাৰ এক বৈপ্লৱিক ইংগিতেৰে ভিডিঅ’টিৰ সামৰণি মাৰে। তেওঁ যেন নিজৰ ব্যক্তিগত যাত্ৰাৰ মাজেৰে সকলো যন্ত্ৰণাক্লিষ্ট শিল্পীৰ মনোকষ্টকো প্ৰতিবিম্বিত কৰে। আৰু সমাজৰ চাপত সংকুচিত হৈ পৰা সেই সকলো শিল্পীলৈ শংকাহীন মুক্ত জীৱন যাপনৰ প্ৰতি এক আকুণ্ঠ আহ্বান জনায়।

দুখৰ বিষয়, ‘সখী হে’ ৰ নিজকে উত্তৰণ ঘটাই জয়ী হোৱাৰ এই সংগ্ৰামী চেতনাটো কিন্তু ‘তিতা কেৰেলা’ত ৰক্ষা নপৰিল।

ফিউজন নে কনফিউজন?

গানটোত লোক সুৰ আৰু আংগিকৰ লগত পাশ্চাত্যৰ সুৰ আৰু আংগিকৰ সংমিশ্ৰণ ঘটোৱা হৈছে। এফালে ভোৰ তাল বজাই নাম-কীৰ্ত্তনৰ দল আনফালে ৰক বেণ্ড। সুৰৰ চলনতো এই বৈশিষ্ট্য আছে। গয়িকাই অসামান্য দক্ষতাৰে দুয়োটা সুৰৰ মাজত কণ্ঠৰে সেতুবন্ধন কৰাৰ কামটো কৰিছে। নাম প্ৰসংগৰ পৰম্পৰাগত দাস্যভাৱৰ বিপৰীতে ইয়াত যেন এক বিদ্ৰোহী চেতনাৰ প্ৰৱেশ ঘটাবলৈ চেষ্টা কৰিছে। ভোৰতাল বজাই গোপিনীৰ নাম কীৰ্ত্তনত অংশ লোৱাৰ পৰা পোনে পোনে ৰক বেণ্ডৰ মাজলৈ গৈ কৰা অনায়াস পৰিৱেশনে বহুতো দৰ্শক শ্ৰোতাক আকৃষ্ট কৰিছে।

এইখিনিতে ভাৰতীয় আৰু পাশ্চাত্য সংগীতৰ সুৰৰ কিছু মৌলিক বৈশিষ্ট্যৰ বিষয়ে দৃষ্টি দিয়াটো প্ৰয়োজন। ভাৰতীয় সংগীতৰ চলন হৈছে মন’ফনিক, মেলডি নিৰ্ভৰ। সদা সৃষ্টিশীল এই সংগীতৰ মূল বৈশিষ্ট্য অন্তৰ্মুখীতা(Introvert)। মানুহৰ মনৰ মাজত দুখ-বেদনা, হৰ্ষ-বিষাদৰ যি ক্ৰিয়া কলাপ চলে তাক ভাৰতীয় সংগীতে অসাধাৰণ নৈপুণ্যৰে প্ৰকাশ কৰিব পাৰে। প্ৰতি প্ৰহৰে প্ৰহৰে মানুহৰ ভাব প্ৰকাশ কৰা ৰাগ ভাৰতীয় সংগীতত আছে। শংকৰদেৱে বৰগীতকে আদি কৰি কলাৰ মাধ্যমসমূহত ভাৰতীয় সংগীতৰ এই চলনকেই মূলত: প্ৰয়োগ কৰিছে। তাৰ লগত অৱশ্যেই যোগ হৈছে পেণ্টাটনিক লোক সুৰৰ সমলো, যাৰ মাজত অৱশ্যে স্বাভাৱিকতেই শ্ৰমৰ সৈতে জড়িত বহিৰ্মুখীতা আছে। পাশ্চাত্য সংগীতৰ চলন সাধাৰণতে পলিফনিক, একাধিক সুৰৰ সমাৱেশেৰে ই চলে। ইয়াৰ মূল বৈশিষ্ট্য বহিৰ্মুখীতা (Extrovert)। তাৰ প্ৰকৃষ্ট উদাহৰণ হিচাপে আমি বিথোভেনৰ ঋতুৰ চিম্ফনীবোৰলৈ মন দিব পাৰোঁ। বসন্তৰ চিম্ফনীত বৰফ গলা, নদী বৈ যোৱা, বতাহ বলা আদি শ্ৰোতাই চকুৰ সন্মুখতে দেখাৰ দৰে অনুভৱ কৰে (ভিডিঅ’ৰ অবিহনেই)। অতি সংক্ষেপে ক’বলৈ গ’লে ভাৰতীয় সংগীতত অন্তৰ্নিহিত হৈ থাকে মানৱ মনৰ ক্ৰিয়া কলাপ আৰু পাশ্চাত্য সংগীতত থাকে পৰিৱেশৰ বাহ্যিক ক্ৰিয়া কলাপ। সেইবুলি এইটো ধৰি ল’লেও নহ’ব যে ইটোৱে সিটোত প্ৰৱেশ কৰিব নোৱৰাকৈ দুয়োটাৰ মাজত এখন সুউচ্চ প্ৰাচীৰ থিয় হৈ আছে। শ্ৰমৰ লগত জড়িত লোক সুৰবোৰৰ সাৰ্বজনীনতাৰ কথা আমি প্ৰায় সকলোৱে জানো। বিশ্বৰ বিভিন্ন প্ৰান্তৰ শ্ৰম সংগীত ওৰফে লোক সংগীতৰ সামঞ্জস্য অনায়াসেই বিচাৰি পোৱা যায়। তথাপি একোটা সুকীয়া জনৰ বা ধাৰা হিচাপে চালে ভাৰতীয় আৰু পাশ্চাত্য সংগীতৰ এই দুটা পাৰ্থক্য উল্লেখনীয়। পাশ্চাত্য সংগীতৰ ভিতৰৰে ৰক মিউজিকত আকৌ সাধাৰণতেই প্ৰথা বিৰোধী অৱস্থান এটা লক্ষ্য কৰা যায়। চৌপাশৰ পৰিৱেশক লৈ খং-ক্ষোভ উজাৰ কৰাৰ মাধ্যম ৰূপে ৰক মিউজিক হ’ল এটা অসাধাৰণ শক্তিশালী ফৰ্ম। কিন্তু আলোচিত গীতটোত ৰক মিউজিকৰ ফৰ্মটো গাঁঠি দিয়া হৈছে ‘অথিৰ ধন-জন, জীৱন যৌৱন’ জাতীয় উপনিষদিক ভাৰতীয় দৰ্শনৰ সৈতে। গানৰ কথাখিনি এনেকুৱা– “ধন-সোণ-ঘৰ-বাৰী/ মাথোঁ মায়াৰ জৰী/ মৰমৰ মাত এষাৰী, থাকে জীৱন জুৰি/ মৰিলে নাই একো/ এমুঠি ধুলি-বালি/ ৰ’বগৈ মাথোঁ তোমাৰ কামৰে নামধ্বনি”। দুটা প্ৰায় পৰস্পৰবিৰোধী দৰ্শনক ফিউজন কৰাৰ উদ্দেশ্য কি সেয়া বুজাত আমাৰ দৰে শ্ৰোতাৰ অসুবিধা হৈছে। যদিহে ক্ষন্তেকীয়া চমক সৃষ্টিৰ দ্বাৰা জনপ্ৰিয়তা পোৱাই মূল উদ্দেশ্য তেন্তে তাতকৈ দুৰ্ভাগ্য আৰু কি হ’ব পাৰে? আজিকালি কৰা প্ৰায়ভাগ সংমিশ্ৰণৰ মূলতে এই ব্যৱসায়িক উদ্দেশ্যই থাকে। যাৰ ফলত এই ফিউজন সংগীতবোৰৰ অধিকাংশই হৈ পৰে কনফিউজন।

‘সিও যে লেৰেলি যায়’:

“সাজতে ফুলিলে, তগৰ ফুল এপাহী
সন্ধিয়াৰে বা পায়
কোনেও নেদেখোঁতে কোনেও নুশুঙোতে
সিও যে লেৰেলি যায়”

সৃজনীয়েই ক’ভাৰ কৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গীতটিৰ এই পংক্তিটো ধাৰ কৰিছোঁ আজিৰ আলোচনাটো সামৰিবলৈ। বৰ্তমান সময়ৰ সাংস্কৃতিক দেউলিয়াপনাৰ কথা দোহাৰি থকা প্ৰগতিশীল চামটোৱে এটা কথা সদায়েই পাহৰি যায় যে বৰ্তমান সময়তো নৱ প্ৰজন্মৰ মাজত প্ৰচুৰ সম্ভাৱনাময় সৃষ্টিশীল সত্তাৰ অভাৱ হোৱা নাই। অভাৱ হৈছে সমাজত এক সজীৱ প্ৰগতিশীল গণ-সাংস্কৃতিক বাতাবৰণৰহে, যাৰ ফলত সেই সম্ভাৱনা হয় প্ৰতিষ্ঠালাভৰ তুমুল প্ৰতিযোগিতাত তিস্থি থাকিব নোৱাৰি অকালতে লেৰেলি গৈছে নাইবা সহজ জনপ্ৰিয়তাৰ ঢৌত নিজকে উটুৱাই দিছে। গতিকে ‘কোনেও নেদেখোঁতে, কোনেও নুশুঙোতে’ এনে প্ৰতিভাক লেৰেলি নোযোৱাকৈ ৰাখিবলৈ হ’লে বিকল্প সাংস্কৃতিক পৰিৱেশ লাগিবই। তাৰ অবিহনে গতি নাই।

অৱশ্যে সেই বিকল্প সাংস্কৃতিক পৰিৱেশ গঢ়ি তোলাৰ দায়িত্বও ল’ব লাগিব এইসকল সচতন নৱ প্ৰজন্ময়েই। সদ্যহতে ৰাজনৈতিকভাৱে সচেতন, সম্ভাৱনাময় গায়কসকলে নিজৰ কথা নিজৰ ভাষাত নিজেই ক’বলৈ আৰম্ভ কৰাই হয়তো সকলোতকৈ সুবিধাজনক হ’ব। যিটো সুবিধা আছিল ভূপেন হাজৰিকাৰ আৰু বিশ্বৰ ভিন্ন প্ৰান্তৰ বহুতো বৰেণ্য শিল্পীৰ। কিন্তু তাৰ বাবে লাগিব সাধনা আৰু সমাজ বাস্তৱতাৰ নিৰ্মোহ বস্তুনিষ্ঠ পৰ্যবেক্ষণ আৰু বিশ্লেষণ, যিয়ে প্ৰচলিত ধনতান্ত্ৰিক সাংস্কৃতিক কাঠামোত সজোৰে আঘাত কৰি নতুন জন-গণতান্ত্ৰিক সংস্কৃতি নিৰ্মাণৰ কামত প্ৰতিনিয়ত নিজকে নিয়োজিত কৰিব।

2 thoughts on “তিতা কেৰেলা: এটি গানৰ তিতা-মিঠা ।। বৰ্ণালী বৰুৱা দাস

  • Nabajyoti Borgohain

    এই গীতটো আগতে শুনা নাছিলোঁ। এই লেখাটো পঢ়াৰ লগেলগে শুনিলো। গীতটো প্ৰথম শুনিয়েই অতি পাতলীয়া গীত হিচাবেই আৱিষ্কাৰ কৰিছিলোঁ। বিশেষ আলোচনাৰ মাজলৈ আনিব লগা গীত যেন লগা নাছিল।
    কিন্তু আপোনাৰ লেখাটোৰ বাখ্যা আৰু বিশ্লেষণ তথা উদ্দেশ্য অতি তাৎপৰ্যপূৰ্ণ। বিশেষকৈ গীতটিত ব্যবহাৰ কৰা সস্তীয়া মছলাৰ সাংগীতিক বিশ্লেষনেৰ যোগেদি সাধাৰণ শ্ৰোতাৰ গ্ৰহণযোগ্য হোৱাকৈ আপুনি সুন্দৰকৈ অথচ গঠনমূলক দৃষ্টিকোণেৰে তুলি ধৰিছে।
    গীতটোৰ ৰাজনৈতিক দৃষ্টিকোণ অতি উপৰুৱা বা পাতলীয়া,কৌশলেৰে পনীয়া মনোৰঞ্জনৰ এটা কাৰবাৰ হৈছে। বৰ্তমান অসমীয়া সংগীতৰ বজাৰত চাহিদা হয়তো থাকিব, কিন্তু বাকী সস্তীয়া বহু গীতৰ লগত ই সহজেই বিলীন হৈ যাব।
    গীতটোৰ পৰিকল্পনা সহজে ‘ জনপ্ৰিয় ‘ হবলৈ কৰা এটা প্ৰকল্প যেনেই লাগিল। গীতটোৰ নাৰী বিষয়ক কথাৰ পৰা আৰম্ভ হৈ বিভিন্ন খিচিৰি পাগী এক তুলুঙা মনোৰঞ্জনৰ সস্তীয়া আলাপ যেন হৈ পৰিছে। হোৱাই নোহোৱাই আজি বেছ কিছুদিন ধৰি অসমীয়া গীতত পশ্চিমীয়া গীতৰ মেজাজ আমদানি কৰি বজাৰ দখল কৰাৰ সস্তীয়া ধান্দা অতি সুলভ হৈ পৰিছে। এই গীতটোও তাৰ ব্যতিক্ৰম নহয়।গীতটোৰ এই বিভিন্ন দিশবোৰ এই লেখাৰ বস্তুনিষ্ঠ বিশ্লেষণে গায়িকাৰ লগতে পাঠকৰো মন মুকলি কৰিব বুলি আশা কৰিব পাৰি। পশ্চিমীয়া সংগীতৰ বাস্তৱবোধৰ বিপৰীতে ভাৰতীয় সংগীতৰ যি ভাৱবোধ তাৰ কলাত্মক সংমিশ্ৰণ ইমান উপৰুৱা বা অগভীৰ হব নোৱাৰে। যিটো এই গীতটোত হৈছে। বৰ্তমান বজাৰৰ অতি হাই ৰেটিং প্ৰায়ভাগ অসমীয়া গীতেই এই ধৰণৰ বেপেৰুৱা। যিটো অতি দুৰ্ভাগ্যজনক।
    গীতটোৰ ওজনৰ বিপৰীতে কিন্তু এই লেখাটো এটা যথেষ্ঠ দায়িত্বশীল কাম হিচাবে বিবেচিত হব।নিয়মিত ৰূপত এনে লেখা আমি আগলৈও আশা কৰিব পাৰোঁ চাগে।

    Reply
  • Gitirekha Dutta

    গীত একোটাক এনে শিল্পৰূপত সমালোচনা কৰা খুব কমেইহে পঢ়িবলৈ পাওঁ৷ এটা শিল্পক (দৃশ্যগত) তাৰ পৃষ্ঠভূমিত ৰাখি কলা আৰু কলাকাৰৰ নেপথ্যৰ পৰিক্ৰমাক বিচাৰ কৰি চাই হে সেই কলাক প্ৰকৃত নিৰীক্ষণ কৰিব পৰা যায়৷ গীতৰ ক্ষেত্ৰত ইন্দ্ৰিয়গ্ৰাহ্যতাৰ পৃথকতা থকা স্বত্বেও কিন্তু সংবেদনশীলতাৰ সমৰূপতাৰে গীত একোটাকো শিল্পৰূপত তেনেদৰেই চাব পৰা যায় যে সেয়া এই প্ৰবন্ধ আমাক শিকায়৷ গীতৰ এনে শিল্পগুণ বিচাৰ্যমূলক আলোচনা আগলৈও আশা কৰিছোঁ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *