৬ষ্ঠ বছৰ (দ্বিতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাষষ্ঠ বছৰ

তিৱা লোকগীতৰ ৰেহ-ৰূপ-(ধীৰাজ পাটৰ)

অসম তথা উত্তৰ পূব ভাৰতত বাস কৰা এটা অন্যতম জনগোষ্ঠী হৈছে তিৱ জনগোষ্ঠী। তেওঁলোকৰ লোকপৰম্পৰাৰ মাজতো বিভিন্ন গীত-মাতৰ প্ৰচলন আছে। তিৱাসকলৰ লোকগীতবোৰ প্রধানকৈ কৃষিকৰ্মৰ সৈতে সম্পৰ্কিত। কৃষি কাৰ্যৰ আৰম্ভণি অথবা সামৰণিৰ সময়ত এই গীতবোৰ গোৱা দেখা যায়।
তিৱাসকলৰ প্রায়বোৰ লোকগীতেই কোনো অনুষ্ঠান নতুবা আন পৰ্বৰ সৈতে সংযুক্ত। তদুপৰি এই গীতমানতসমূহ নৃত্য প্রধান। অৱশ্যে আনন্দ বিনোদন বা বিভিন্ন কৰ্মৰ সময়ত গোৱা লোকগীতো আছে। এই গীতবোৰৰ মাজেৰেই সৰলমনা কৃষিজীৱী তিৱাসকলে নিজৰ মনৰ আনন্দ-উল্লাস হা-হুমুনিয়াহ প্রকাশ কৰে। পাহাৰ আৰু ভৈয়াম অঞ্চলত বাস কৰা তিৱাসকলৰ মাজত এই লোকগীতসমূহৰ প্রচলন বিশেষ মনকৰিবলগীয়া প্রধানকৈ ভৈয়াম অঞ্চলৰ তিৱাই গোৱা কিছুমান গীত পাহাৰীয়া তিৱাই নাগায়, তদুপৰি পাহাৰীয়া তিৱাই নিজৰ ভাষা ‘তিৱা ভাষা’ত গীত-মাত পৰিৱেশন কৰে, আনহাতে দাঁতিপৰীয়া তিৱা কিছুমানক বাদে ভৈয়ামৰ তিৱাই অসমীয়াতহে এই গীত-মাতবোৰ গোৱা শুনিবলৈ পোৱা যায়। যদিও তেওঁলোকে অসমীয়াতে গীতবোৰ গায় তথাপি এই গীতৰ সুৰৰ স্বকীয়তা মন কৰিবলগীয়া৷ প্ৰতিটো উৎসৱ-অনুষ্ঠানত গোৱা প্রতিটো গীতৰ সুৰৰ ভিন্নতা দেখিবলৈ পোৱা যায়।
তিৱাসকলৰ লোকগীতসমূহক বিশিষ্ট পণ্ডিত গৱেষকসকলে বিভাজন কৰা ভাগসমূহত অন্তৰ্ভুক্ত কৰিব পাৰি যদিও এই বিষয়ে অধ্যয়নৰ আৰু অৱকাশ আছে। সেয়ে আমি তেনে ধৰণৰ বিভাজনলৈ নগৈ তেওঁলোকৰ মাজত বিভিন্ন সময়ত প্ৰচলিত হৈ অহা গীতমাতসমূহক তেনেদৰেই আলোচনা কৰিবলৈ সামান্য প্রয়াস কৰিছোঁ‌।
তিৱাসকলৰ মাজত প্রচলিত কেতবোৰ লোকগীত হৈছে এনেধৰণৰ—
ক) লালি হিলালী গীত,
খ) বৰতৰ গীত,
গ) গদালপৰীয়া গীত,
ঘ) বনগীত,
ঙ) বিহুতলীৰ বুনা গীত,
চ) বাৰকুলীয়া গীত,
ছ) মৰণা মৰা গীত,
জ) কাহিনী গীত,
ঝ)লেচাৰী গীত,
ঞ) ছগ্ৰামিছাৱা গীত,
ট) ওৱানছাৱা মিছাৱাৰ গীত,
ঠ) ৰাতিসেৱা বা ভকতসেৱাত গোৱা গীত,
ড) নিচুকনী গীত,
ঢ) নখাছাঙা বা বৰষুণ মতা গীত,
ণ) লাংখুন পূজাৰ গীত,
ত) খেলছাৱা মিছাৱাৰ গীত
থ) মুইনাৰী কা্ঠি মিছাৱাৰ গীত,
দ) তথ্ৰাপালাৰ গীত,
ধ) মাই ৰাৱাৰ গীত ইত্যাদি ।
এই গোটেইবোৰ লোকগীতৰ মাজত তিৱা জনসাধাৰণৰ সামাজিক, সাংস্কৃতিক তথা জনজীৱনৰ সুন্দৰ আভাস ফুটি উঠা দেখিবলৈ পাওঁ। স্বভাৱ কবিৰ অন্তৰৰ পৰা নিগৰি অহা এই গীতসমূহত এফালে প্ৰেমৰ ভাৱনা আনফালে জীৱনৰ দুখ-দুৰ্দশাৰ প্রতিচ্ছবি ফুটি উঠে।
পৰম্পৰাগত বাদ্যযন্ত্ৰ গোগেদি পৰিৱেশিত গীতসমূহৰ সুৰৰ লালিত্যই মানুহৰ মনপ্ৰাণ পুলকিত কৰি তোলে। তিৱা সমাজত প্রচলিত এই লোকগীতসমূহৰ বিষয়ে আলোচনা আগবঢ়াবলৈ প্রয়াস কৰা হৈছে–
উৎসৱ অনুষ্ঠানৰ গীত:
(ক) ওৱানছাৱা মিছাৱাৰ গীত – 
বছৰৰ বিভিন্ন সময়ত তিৱাসকলৰ মাজত বিভিন্ন উৎসৱৰ আয়োজন হয়। এই উৎসৱসমূহত গীতে এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এনে এবিধ গীত হৈছে ওৱানছাৱা মিছাৱাৰ গীত। পাহাৰীয়া তিৱাসকলৰ মাজত উদ্‌যাপিত ওৱানছাৱা মিছাৱা অৰ্থাৎ পিঠাগুৰী খুন্দা উৎসৱত গোৱা গীতসমূহক ওৱানছাৱা মিছাৱা গীত বুলি কোৱা হয়। এই উৎসৱত গোৱা গীতবোৰতো প্ৰেমৰ স্বতঃস্ফূৰ্ত প্রকাশ দেখিবলৈ পোৱা যায়। সাধাৰণতে বিভিন্ন গাঁৱৰ পৰা এই উৎসৱলৈ অহা শিল্পীসকলে গাঁৱৰ বুঢ়া-বুঢ়ীসকলৰ পৰা উৎসৱত উপস্থিত থকা ৰূপহী খৰ্লাহঁতৰ অৰ্থাৎ গাভৰু ছোৱালীহঁতৰ নামবোৰ জানি লয় আৰু সিহঁতৰ ৰূপ লাৱণ্যৰ কথা বৰ্ণাই গীত গাই নিজৰ মনৰ কথা ব্যক্ত কৰে আৰু নিজৰ মন পছন্দৰ মানুহগৰাকী পাবলৈ বাঞ্ছা কৰে৷ তদুপৰি এই উৎসৱলৈ আহোঁতে ডেকাসকলে বিভিন্ন দ্ৰব্য যেনে লাও, তামোলৰ পুলি, বিভিন্ন ফলমূল আদি লৈ আনে। ওৱানছাৱা গীতসমূহ পৰিৱেশন কৰোতে ডেকা সকলে জেণ্ঠৰ (যঁতৰৰ দৰে) নামৰ এবিধ বাদ্য বজাই নিজৰ মনৰ ভাব প্রকাশ কৰে। তেনে এফাকি গীত হৈছে-
ইন্দ্ৰা ফাঙে জেন্থৰ টাংগানা
অখাই চং বাউলা
লাফাঙে জেহ্থৰ টানা ফাইদামা
বেগল টানদং খুমতি দেই
জেন্থৰে মাত কে কে আং ফনেয়াং
আকৌ-
পাকা খাৰাইনে খুবৰী জনম চন
মুংগ মানিয়া খাং
পাকা টিলুঙে মাহাতি জলম চন
নামগ মানিয়া খাং
মুংগ মানকাই দম
চালক’ৱনে ছাজ গ’
চলগ’ টিগা খাং
নামগ’ ছাল নাঙানে ছাজগ’
চাদাৰ তিকা খাং
(খ) ছগ্ৰামিছাৱাৰ গীত – 
প্রধানকৈ পাহাৰ অঞ্চলত উদ্‌যাপিত হোৱা এই ছগ্ৰামিছাৱা উৎসৱত গোৱা গীতেই ছগ্ৰামিছাৱাৰ গীত৷ ভৈয়ামৰ তিৱাই যিদৰে ব’হাগ মাহত বিহু উদ্যাপন কৰে তেনেদৰে পাহাৰৰ তিৱাই ফাগুন মাহৰ মাজ ভাগত উলহ-মালহেৰে ছগ্ৰামিছাৱা উৎসৱ অনুষ্ঠিত কৰে। এই ছগ্ৰামিছাৱাত গোৱা গীতবোৰ প্রধানতঃ আদিৰসাত্মক হ’লেও ইয়াত দাৰ্শনিক মতাদৰ্শৰ আভাস পোৱা যায়। এই গীতবোৰৰ মাজেৰে খৰ্লা-পাস্থাইহঁতে ইজনে-সিজনক প্ৰেম নিবেদন কৰে আৰু মনে মিলিলে যুগ্ম জীৱনৰো পাতনি মেলা দেখা যায়। এই উৎসৱত গোৱা গীতবোৰৰ প্রতিটো দফাকে সাতবাৰকৈ গোৱা নিয়ম। তেনে গীতৰ উদাহৰণ হৈছে
মাৰজঙে ছগ্ৰাউ আঙে অই নোৱা
নিনাৱা নিঠাৱে মিনিচে চুমে চুমে ৰিউ
বে’ক লোৱা তুৰি
আঙে মননাখি হংকা
থিচ বিচ ৰিনাছে জংকা।
খুলচিং খাবাল অদাল অদাল
খুলচিং খাবাল অদাল
আমুখী ৱালিনে নানা লিৱানা আঙা খুচা কদাল
থাছুখী ৱালিনে নানা লিৱানা আংছা খাংচী কদাল
আলোচ্য গীত কেইফাকিৰ মজেৰে কোনোবা প্ৰেমিকে নিজৰ প্ৰেয়সীৰ দেহৰ ৰূপ-সৌন্দৰ্য বৰ্ণনা কৰাৰ লগতে তাইৰ আদৰ- যত্নৰ কথা ভাবি সৰলমনা পাস্থাইটোৱে আপোন পাহৰা হৈ পৰিছে।
(গে) মাই পথালা বা মৰণা মৰা উৎসৱৰ গীতঃ
সাধাৰণতে পাহাৰৰ তিৱাসকলে লগে ভাগে ধানৰ লেচেৰিবোৰ মৰণা মাৰে। নিদিষ্ট এখন চোতালত গাঁৱৰ ডেকা-গাভৰুসকলে আহি ধানৰ লেচেৰিবোৰ সুন্দৰকৈ যতনাই একেলগে লখিমী দেৱীক স্তুতি কৰি গীত গাই মৰণা মাৰে‌। ইয়াত গোৱা গীতবোৰ লখিমীদেৱীক উদ্দেশ্যি গোৱা হয় যদিও মাজে মাজে প্ৰণয়মূলক গীতো গায়। কথিত আছে যে তিৱা খৰ্লাহঁতে দাঁতত প্রাকৃতিক ৰং বুলাই দাঁত কলা কৰিলে দেখাত ৰূপৱতী হয়। কুজুৰলাং নামৰ ফৰিং এবিধৰো দাঁত ক’লা আৰু দেখিবলৈ ধুনীয়া সেয়ে ডেকাহঁতে এই ফৰিঙৰ সৈতে ৰূপৱতী ছোৱালীক তুলনা কৰে। সাধাৰণতে নিজ মামীয়েকৰ জীয়েকৰ সৈতে বৈবাহিক সম্বন্ধ হোৱাটো পাহাৰ অঞ্চলৰ তিৱাসকলে বিশেষ মান্যতা প্রদান কৰে। তেনেধৰণৰ গীত হৈছে-
আনিনে ছাজ’ কুজলাং মখা দ্ৰাণ ৰমা ফৈ
আনিনে ছাজ’ কুথপাং মখা চাকুনি ৰমা ফৈ
আইল’ ছাত বুনিগ’ লাল’ তিনা ফৈ
আইল পাৰ’ বুনিগ’ ছ্য’ন’ৰমা ফৈ।
(ঘ) লাংখুন পূজাৰ গীতঃ
এই পূজাৰ গীতবোৰ স্তুতিমূলক ইয়াত বিজুলীৰ কুঁৱৰীক উদ্দেশ্যি গোৱা হয়। বিজুলী বীহ কাটিবলৈ যাওঁতে বিজুলী দেৱতাক স্তুতি কৰোতে বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰা হয়। তেনে গীতসমূহৰ ভিতৰত হৈছে-_
আইগা লেপে লেপ লিগা ৰে
আইগা থেপে থেপ লিগা ৰে
নিনা নিথা থাইৰে পাথ চাৰি চাৰি
আগ লাগাই ব আগ ছোৱাই অ
পাছ লাগাই ব পাছ ছোৱাই অ
জুলাও কুবাই ফিদং অবাৰ বিজুলী ৰাও
মাইলাও কুবাই ফিদং অবাৰ ছালচা ৰাজানে
যদিও সকলোবোৰ পূজা যেতিয়া সামৰণি মৰা হয় তাৰ পাছত কিছুমান প্রণয়মূলক গীত গাই কোনোবা ডেকাই কোনোবা গাভৰুক জোকাই গীত পৰিৱেশন কৰাও দেখা যায়।
(৬) বিহুতলীৰ বুনাঃ
প্রধানকৈ মাঘ বিহু আৰু ব’হাগ বিহুৰ সময়ত এই গীতবোৰ গায়। ল’ৰা-ছোৱালী মুকলি পথাৰৰ মাজত পাতিঢোল আৰু পেঁপাৰ সুৰে সুৰে এইগীত গাই আনন্দ কৰে। মাঘ বিহুৰ সময়তো মেজি পুৰি ঘৰে ঘৰে গৈ মদ খাই নাচি গদালবৰীয়া বা লালিলাং গীতৰ দৰে বিছতলীৰ বুুনা গীত গায়‌। মাঘ বিছত গোৱা এফাকি গীত হৈছে এনেধৰণৰ-
‘হে কলি নিকলি সূতা কপাহ নধৰিলি
গোন্ধে তেল ঘহিলি গাতে এঁ
এতোলা সেন্দূৰৰ যোৰ ফৌট এঁ মাৰিলি
বিহু ধ্বনি নামিছে গাতে এঁ
বিহু ধ্বনি নামিছে গাত’
তেনেদৰে ব’হাগ বিহুৰ সয়তো ভৈয়াম তিৱা খৰ্লাহঁতে এনেদৰে গীত গায়-
‘অ’ কলঙত উঠিলে বেনুমন মন ঐ
গেলাকৈ বৰালি বেনু মন মন ঐ
তাকে চাই শুকুতা বাচৌ
বেনু মন মন ঐ ৰঙা টিকে টিকে
বেনু মন মন ঐ পনীয়াল তামোলটি
বেনু মন মন ঐ নেখাই মই তোমালৈ
যাচোঁ মন মন ঐ তোৰে যে মৰমত
মৰো মন মন ঐ পাৰিজাত ভাওনা কৰো।’
(চ) ৰাতিসেৱা অনুষ্ঠানত গোৱা গীতঃ
ভৈয়াম অঞ্চলত পালন কৰা এইবিধ অনুষ্ঠানত বিভিন্ন ধৰণৰ গীত গোৱা দেখা যায়। প্রধানকৈ অনুষ্ঠানটোৰ আৰম্ভণিৰ পৰা শেষলৈকে হোৱা বিভিন্ন কাৰ্যৰ বিষয়েও গীতৰ জৰিয়তে উল্লেখ কৰে। সম্পূৰ্ণ আধ্যাত্মিক ভাবপূৰ্ণ। যদিও ৰাতিসেৱাৰ গীতবোৰ ভক্তি ভাবৰ আৰু এই গীতবোৰ গোপনে ভকত-ভকতনীসকলে গায়, তথাপি ইয়াত প্রেমৰ ভাব পৰিস্ফুট হৈছে। তেনে প্ৰণয় ভাব পৰিস্ফুট হোৱা দুটি গীতৰ কলি এনেধৰণৰ-
‘লাইনো কুমলীয়া গৰু খাই ঢুকালে
লফা কুমলীয়া বেৰো
বন্ধুৰে আমাৰে একেটি পীৰিটি
দেহাদি ভকতি কৰোঁ।
কুমাৰে গঢ়িলে চৰুলৈ কলহ
কুমাৰে গঢ়িলে চৰু
তুমিও আমাৰে আমিও তোমাৰে
একে গোহালিৰে গৰু ।’
কৃষি কৰ্মৰ সৈতে জড়িত গীতঃ
(ক) লালি হিলালী গীতঃ
লালি হিলালী গীতবোৰ প্রধানকৈ সন্তানৰ অশৌচ খেদা বা পথাৰত খেতি-বাতি কৰি থকাৰ সময়ত গায়। তিৱা সমাজত খেতি-বাতি কৰা সময়ত সমূহীয়াভাৱে ইজনে-সিজনক সহায় কৰি দিয়াৰ ব্যৱস্থা আছে যাক ‘হেদাৰি’ বা ‘হাদাৰি’ প্রথা বুলি কয়। এই হেদাৰি ডেকা-গাভৰুকে আদিকৰি সকলোবোৰ লোকে অংশগ্ৰহণ কৰে সকলোৱে ভাগে ভাগে গৃহস্থক সহায় কৰি দিয়ে আৰু তেনেদৰে সহায় কৰি দিওঁতে কেতিয়াবা ডেকা গাভৰুসকলে এই গীত পৰিৱেশন কৰে। এই গীতবোৰ হৈছে এনেধৰণৰ-
লালি হিলালী লাইয়ে মোৰ পিতাদেউ
লালি হিলালী লাই
লালি লাং ঘৰতে বিড়ালী সোমালে
চাংতল মলঙি যায়।
কিয়নো আহিলি বা লৈ বৰষুণ
কিয়নো আহিলি বতাহ।
কিয়নো আহিলি অ’ ধন চেনাইটি
হ’বলৈ নাপালো কথা।
ধনলৈ ধুনীয়া পকা তামোল পনীয়া
গোসাঁই ৰুৱা মদাৰৰ পাণ
ধনক চাইয়ে যাবি পাণক চাইয়ে খাবি
গা সাৰিবলৈ টান।
(খ) আৰকুৰা গীতঃ
পাহাৰত সাধাৰণতে বল্ম পদ্ধতিৰে খেতিবাতি কৰে। কোৰেৰে মাটি চহাই হাবি জংঘল পুৰি বিভিন্ন ধৰণৰ খেতি কৰে। ইয়াৰ ভিতৰত জলকীয়া, লাও, কোমোৰা, আদা, হালধি ইত্যাদি। এই আৰ কুৰিবলৈ অৰ্থাৎ মাটি চাফা কৰি খেতি কৰা প্ৰণালীকে তিৱাসকলে আৰকুৰা বুলি কয়। প্ৰকৃতাৰ্থৎ ই ঝুম পদ্ধতিৰে কৰা কৃষি। এই খেতি কৰিবলৈ তিৱা ডেকা, গাভৰু সকলোৱে যায়। ডেকা গাভৰু তথা বুঢ়া মেথাৰ সমূহীয়া প্ৰচেষ্টাত খেতি বাতি কৰাৰ সময়ত বিভিন্ন ধৰণৰ গীত গোৱা হয়। কেতিয়াবা প্লণয়মূলক, কেতিয়াবা কোনোবা এক ঘটনাৰ আঁত ধৰি বহু গীতৰ সৃষ্টি হয়। সেই গীতসমূহকে তিৱাসকলে আৰকুৰা গীত বা পান্থাই চ্যালৱা গীত বুলি কয়। এনে গীতৰ উদাহৰণ হৈছে–
হে মায়ালিনে ফাৰি কইঘাদ’
আ আঙে ছাৰি নে জৰ
হে জায়া লিনে জুৰি কইঘাদ’
অ আঙে ছাৰি নে জৰ
হে মায়ালিনে হাপা টিনা ফৈ
হে জায়ালিনে হাপা টিনা ফৈ
ৰাজে ছমদা খুম্‌জিল্‌ খুৱৰী
বিবিধ বিষয়ক গীতঃ
আজৰি পৰত অথবা আনন্দ বিনোদনৰ সময়ত তিৱাসমাজত কেতবোৰ লোকগীত প্রচলন আছে। অৱশ্যে এই গীতবোৰ কেৱল আজৰি পৰত গালেও কেতিয়াবা কোনো অনুষ্ঠান বা কৰ্মৰ মাজত ৰং ৰহৈচ কৰিবলৈও গোৱা দেখা যায়। বিলত মাছ মাৰিবলৈ যাওতে, কোনো উৎসৱ চাই ঘৰমূৱা হওতে অথবা পথাৰৰ কৃষিকৰ্মৰ মগ্ন হৈ থাকোতেও যায়। গীতসমূহত প্ৰেম-ভালপোৱা, বিৰহ-বেদনাৰ প্রাধান্য অধিক।
(ক) গদালবৰীয়া গীতঃ
ভৈয়াম তিৱাসকলৰ মাজত প্ৰচলিত এক শ্ৰেণীৰ গীত। বিহুগীত, বনগীতৰ লেখিয়া এই গীতবোৰৰ স্বকীয় সুৰৰ ওপৰতেই প্রতিষ্ঠিত। এই গদালবৰীয়া গীতবোৰক বিভিন্ন নামেৰে নামকৰণ কৰা দেখা যায়। ডিমৰীয়া অঞ্চলত লালিলাং, বাৰপূজীয়া অঞ্চলত গদালবৰীয়া গীত হিচাপে জনাজাত, আনহাতে তেতেলীয়াৰ বৰত উৎসৱত বৰত চাবলৈ যোৱা লোকসকলে ইজনে-সিজনক জোকোৱাৰ চলেৰে এই গীতবোৰ গায় বাবে ইয়াক বৰতৰ গীত বুলিও অভিহিত কৰে। কদাল শব্দই তিৱা ভাষাত নতুনক বুজাই এই কদাল শব্দৰ পৰাই অপ্ৰভ্ৰংশ হৈ গদাল হোৱা বুলি ভবাৰ স্থল আছে। সেই ফালৰ পৰা এই গীতখিনিক নতুন ঠাইত সৃষ্টি হোৱা গীত বুলি ক’ব পাৰি। প্রধানকৈ কৃষি কৰ্মৰ সৈতে ব্যস্ত হৈ থাকৌতে নিজৰ মনৰ কথাবোৰ কৈ কেতিয়াবা গায়। নহ’লে আজৰি পৰত আনন্দ-উল্লাসৰ বাবেও এই গদালবৰীয়া গীত গায়। ইয়াৰোপৰি মাঘ বিহুৰ সময়ত এইবিধ গীত গোৱা হয়। এই গীতবোৰত প্ৰেমৰ প্ৰাধান্যই বেছি। বিশেষকৈ গীতৰ মাজেৰে ডেকা-গাভৰুহঁতে নিজৰ ভালপোৱাজনক বিচাৰি লোৱা, ভৱিষ্যতে এখন সুন্দৰ সংসাৰ গঢ়াৰ সপোন দেখে। খেতি কৰ্মত ব্যস্ত হৈ থাকৌতে গোৱা প্রণয়মূলক গদালবৰীয়া গীতবোৰ হৈছে এনেধৰণৰ-
কোনে আনিদিব নৈৰে পানী টুপি
কোনে ৰান্ধি দিব অ’ ভাত
কোনে পাৰি দিব শোৱাৰে বিচনা
কোনে লগাই যাব মাত
তোৰে যে চিন্তাতে অ’ ওলাই চকুপানী
নেখালেও নেলাগে অ’ ভোক।
এনে মৰমীয়াল অ’ ব’হাগী গাভৰু
কেনেকৈ পাহৰিম অ’ তোক।
এনেদৰে কোনোবা ডেকাই কোনোবা ছোৱালীক নিজৰ দুখৰ কথাকৈ প্ৰেম নিবেদন কৰে। ঠিক তেনেদৰে গাভৰুৱেও কোনোবা ভালপোৱা ডেকাজনক উদ্দেশ্যি নিজৰ মনৰ ভাব প্রকাশ কৰে। পথাৰত সকলোকে দেখি নিজৰ মানুহজনক নেদেখি গায়-
অ’ বেচিমাৰি পথাৰত বাও ধান কাটিলো অ’
দবলে নধৰা মুঠি
আনক যে দেখা পাওঁ অ। ’ ডঢলাইটিক নেদেখো অ’
চাওঁয়ে বৰে গছত উঠি
অ’ মতিলা দেখিব বৰে ভাল অ’ সপতা পৰিছে গাল।
কেতিয়াবা পথাৰত ডেকা-গাভৰুৰ মাজত যোৰা নামৰ পোহাৰ উঠে। গীতৰ মাজেৰে ইজনৰ কথা সিজনে কটা-কটি কৰে আৰু মনে মিলিলে যিজনে পৰাজিত হয় তেওঁক চিৰজীৱনৰ বাবে জীৱন লগৰী কৰি লয়। তেতেলীয়া বৰত উৎসৱত গোৱা গদালবৰীয়া গীতসমূহ হৈছে এনেধৰণৰ-
‘হাই এ সৰগৰ তৰাকে লিখিব পাৰে মই
হাতৰ কাজলি লৈ
ৰাতিয়ে ৰাতিটো টোপনি নধৰে
তোমাৰ গুণৰ কথা কৈ।
তোমালৈ যিমান মৰম ঐ লাহৰী
মোৰলৈ সিমানে নাই
আশা কৰি কৰি নিৰাশা কৰিলি
তোৰ সমান নিদয়া নাই।
প্ৰেমতে পগলা গাঁৱৰ ডেকা ল’ৰা
ভক্তি পগলা সাধু
লাহৰী লগতে মই হ’লো পগলা
বিছনাত অকলে কান্দো।
ধাননী ধাননী ফুৰে লালুঙনী
ধানৰ মাজত কৰিলি বাট
কিনো লালুঙনী নানো মানে কৰি
নাখাং পেটে ভৰাই ভাত।
তয়ে এঁ হৰি বল সকলো এৰি গ’ল
বদনাম বহুতো হ’’ল।’”
(খ) বনগীতঃ
কৃষিজীৱী তিৱাসকলৰ মাজতো বনগীতৰ প্ৰচলন দেখিবলৈ পোৱা যায়। এই গীতবোৰ কৃষিৰ সৈতে সম্পৰ্কিত আৰু কোনো স্বভাৱজাত কবিৰ হাতত এইবোৰৰ সৃষ্টি হৈছিল। ধান দাওঁতে বা কোনোবা ডেকাই ম’হৰ পিঠিত উঠি পথাৰৰ মাজত এই গীতবোৰ গাইছিল। মনৰ আবেগ-অনুভূতিবোৰ গীতৰ মাজেৰেই প্রকাশ কৰি সন্তুষ্টি লাভ কৰিছিল। এই গীতবোৰ মূলতঃ প্ৰণয়মূলক। তেনেধৰণৰ গীতৰ উদাহৰণ হৈছে–
‘আই সৰস্বতী মাগো পাৰেবতী অ’
তোমালৈ বান্ধিলো অ’ বেল
পাহৰা পদকে সোঁৱৰাই এ দিবা
যেন মাথাত লোৱা তেল।’
কোনোবা প্ৰেমিকাই দূৰণিত কাম কৰি থকা চেনাইৰ পৰা চিঠি এখন পাবলৈ কিমান যে উদ্বাউল হৈ থাকে তাকে গীতৰ ভাষাৰে গাইছে-
চিঠি ঐ চিঠি ঐ মৰমৰ চিঠি ঐ
বাটত নেথাকিবি ৰৈ
সোনকালে আহিবা পলম নকৰিবা
বন্ধুৰে বাতৰি লৈ ৷’
তেনেদৰে মনৰ মানুহজনীক পাবলৈ কিমানযে হাবিয়াস আৰু সদায় যে মনত পৰি থাকে তাক এনেদৰে গাইছে-
‘আজি ৰাতি সপোনত দোভাগ এঁ ৰাতি ঐ
কাঁহীত খাই আছিলো অ’ ভাত
তোমাৰ নিচিনা মিঠা বৰণীয়া
গাতে দি আছিলো হাতে।
হাতে হেৰা কাবলি চাবোন তোমাৰ লগত দিলো জীৱন
হাতৰ ঘড়ী বন্ধকত থৈয়ে পকা বগৰী অ’ হ’বা জানো লগৰী
অ দিবা জানো মৰমৰ মাতে হেৰা লেজ্‌পি ৰুটি
আগে মৰমৰ লগাইছিলি এতিয়াযে নমতা হলি।’
নিচুকনী গীতঃ
তিৱাসকলৰ সমাজতো কেঁচুৱাক নিচুকাবৰ বাবে বিভিন্ন ধৰণৰ নিচুকনী গীত গোৱাৰ পৰম্পৰা আছে। বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ বিষয়ে নতুৱা কোনো বীৰ পুৰুষৰ কাহিনীৰ বিষয়ে কৈ ল’ৰা-ছোৱালীক সান্ত্বনা দিবৰ বাবে চেষ্টা কৰে। কেতিয়াবা ল’ৰা আৰু ছোৱালীক নিচুকাবৰ বাবে পৃথক পৃথক গীত গোৱাও দেখা যায়। ছোৱালী সন্তান নিচুকোৱা গীত-
_
কুং কুআ কুংকাই তাক্ৰা দেই ‘মা’ হাজেৱা
সাঙাল্‌ হংব ন’ খশই চলম-ফিৱা
পৰই তালা দেই ‘মা’ হাজেৱা
সাঙাল তৰে ফই মায়া মিদ’ খশই ফিৱা
তাক্ৰা দেই দেই ‘মা’ হাজেৱা।
ল’ৰা সন্তান নিচুকোৱা গীত-
তাক্ৰা দেই খাই দেই, জেলা হাজেৱা
তাচিৰি দেই খাই দেই, মালি হাজেৱা
কুং কাই কাই জেলা হাজেৱা
নানা ক্ৰামৱে, জেলা হাজেৱা
নানা জিৰিম্‌বে, মালি হাজেৱা
তাক্ৰাফা দেই, ন’ ৰমা হাজেৱা
তাজিৰিনা দেই, হা ৰমা হাজেরা
কুং কাই কাই…
সামৰণিঃ
তিৱাসকলৰ সমাজ জীৱনত প্রচলিত লোকগীতসমূহৰ বিষয়ে অধ্যয়ন কৰিলে দেখা যায় যে প্ৰধানকৈ অনুষ্ঠানমূলক লোকগীতৰ প্ৰাধান্যই অধিক। তদুপৰি পাহাৰ আৰু ভৈয়াম তিৱাসকলৰ মাজত প্ৰচলিত প্রায়বোৰ লোকগীতেই প্ৰেমমূলক। কৃষিজীৱী তিৱাসকলৰ লোকগীতবোৰ কৃষিৰ সৈতে সম্পৰ্কিত। বিবিধ উৎসৱ-পাৰ্বণ, আচাৰ-অনুষ্ঠান আদিত গোৱা গীতবোৰৰ মজেৰে তিৱা সমাজ আৰু সংস্কৃতিৰ সুন্দৰ আভাস পাব পাৰি। স্বভাৱ কবিৰ সৃষ্ট এই গীত-মাতবোৰ মানুহৰ মুখে মুখে আজিও প্ৰচলন হৈ আহিছে। পাহাৰ আৰু ভৈয়াম অঞ্চলত বাস কৰা তিৱাসকলৰ লোকগীতবোৰ লিখিত ৰূপত সংৰক্ষণ কৰি ৰাখিব পাৰিলে অসমীয়া লোক-সাহিত্যৰ ভঁৰাল আৰু চহকী হ’ব বুলি আমাৰ ধাৰণা প্রবল।
(বিঃদ্ৰঃ আলোচনাত উল্লিখিত গীতসমূহ পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত, পাঁচকুৰি লালিলাং, মুহুৰি আদি গ্ৰন্থ আৰু সংবাদদাতা তপন বৰদলৈ, মহেশ্বৰ পাতৰৰ পৰা তুলি দিয়া হৈছে)
প্রসঙ্গ পুথিঃ
গগৈ, লোকেশ্বৰঃ তিৱা সংস্কৃতিৰ ৰূপৰেখা, প্ৰথম খণ্ডা, ১৯৮৬
দাস, মুৰুলীধৰঃ পাঁচকুৰ লালিলাং২০০২
দেউৰী, মনেশ্বৰঃ মৰিগাঁও জিলাৰ লোক সংস্কৃতি, ১৯৯৪
নাথ, প্রফুল্ল কুমাৰ (সম্পা): অসমৰ জনগোষ্ঠীয় এঁতিহ্য ২০০৮
পাটৰ, ধীৰাজঃ তিৱা লোকসংস্কৃতিৰ আভাস, বান্ধৱ প্ৰকাশন, গুৱাহাটী, ২০১৩
পাতৰ, মহেশ্বৰ (সংক,): ফেৰা ২০০০ আৰু মুহুৰী ২০০২
ৰাভা হাকাচাম, উপেন: অসমৰ জনজাতীয় সংস্কৃতি, ২০০৫
সেনাপতি, বলাইৰাম: পাঁচোৰজীয়া অঞ্চলৰ লালুঙৰ লোকগীতৰ ওপৰত সামান্য আলোকপাত, ১৯৯৭
সেনাপতি, গণেশ (সম্পা,) ; ৰিংচাং ২০০৮
আলোচনী স্মৃতিগ্ৰন্থ:
আমচি,ৰিমল ; থুৰি, তিৱা মাথনলাই তথ্রা, পঞ্চম অধিৱেশন, ২০০২
পাটৰ, কাবেৰী ; চাৰজিনা, সদৌ তিৱা ছাত্ৰ সন্থা, গুৱাহাটী মহানগৰ সমিতি, ২০১৩
পাতৰ, মহৎসিং: চনাইনে তিহ্যান্দ, তিৱা মাথন্লাই তথ্ৰা, চতুৰ্থ অধিৱেশন, ২০০০
বৰদলৈ, তুলসী : থোৰাং, তিৱা মাথনলাই তথ্ৰা, তৃতীয় অধিৱেশন, ১৯৯৭
বৰদলৈ, হৰেশ্বৰঃ ছঙগ্ৰাচাল, উত্তৰ-পূব ভাৰত তিৱা সাংস্কৃতিকৰ মহোৎসৱ, জাগীৰোড, ২০১৫
বড়ো, নামেশ্বৰ ; চাংখৰূলা, তিৱা মাথন্লাই তথ্ৰা, সপ্তম অধিৱেশন, ২০০৬
লুমফৈড, ৰবাৰ্ট আৰু খলাৰ, হৰসিং: লাংখন, উলুখুনচি, কাৰ্বি আংলং, ২০০৯
সেনাপতি, বগাধৰ: থোৰাং, মুখপত্ৰ, তিৱা মাথন্লাই তথ্ৰা, ২০০৬
…………. : থোৰাং মুখপত্ৰ, তিৱা মাথন্লাই তখ্ৰা, ২০০৮
সংবাদদাতা
তপন বৰদলৈ (শিলচাং), ধৰ্মেশ্বৰ বৰদলৈ (শিলচাং), দেৱজিৎ বৰদলৈ (গেৰুৱা)
মহেশ্বৰ পাতৰ (আমচৈ), ৰত্নেশ্বৰ বৰদলৈ (তেতেলীয়া)

Leave a Reply

Your email address will not be published. Required fields are marked *