দুগৰাকী দূৰদৰ্শী নাৰী বিজ্ঞানী (পূৰৱী দেৱী)
ঊনৈশ শতিকাত বিজ্ঞান আৰু যান্ত্ৰিক কৌশলৰ অগ্ৰগতিয়ে ব্ৰিটেইন আৰু আমেৰিকাৰ এচাম লোকৰ মাজলৈ আনিছিল প্ৰাচুৰ্য আৰু ঐশ্বৰ্য্য। এইচামে গাবলৈ ধৰিছিল বিজ্ঞানৰ জয়গান। আনহাতে দৰিদ্ৰতা, নিবনুৱা সমস্যা আৰু পৰিৱেশ-প্ৰদূষণে চৰম সীমা পাইছিল। পৰিত্ৰাণৰ উপায়হীন নিবনুৱা শ্ৰমিকে মেচিন ভাঙি কৰিছিল “লু’ডাইত” আন্দোলন। বোকা পানী, ধোঁৱা-ধূলিৰে ভৰা লণ্ডনৰ মাজ-মজিয়াত বহি চাৰ্লচ ডিকেন্সে লিখিছিল বিখ্যাত উপন্যাস “Oliver Twist”।
এই যুগত এমুঠি চিন্তাশীল লোকে বিজ্ঞানৰ অগ্ৰগতিয়ে সৃষ্টি কৰা দৈত্যাকাৰ কল-কাৰখানাৰ ফলত মানৱ-সমাজলৈ আহিব পৰা বিপদ, বিশেষকৈ পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্বন্ধে চিন্তা কৰিবলৈ ধৰে। পৰিৱেশ-প্ৰদূষণৰ বিষয়ে গৱেষণাপত্ৰ প্ৰকাশ কৰা প্ৰথম ব্যক্তি আছিল এগৰাকী নাৰী – নাম, ইউনিচ ফুট।
অখ্যাত এইগৰাকী নাৰীক পোহৰলৈ আনে আমেৰিকাৰ অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ ৰে চ’ৰেনচন আৰু ইতিহাসবিদ জ’ন পাৰলিনে। পুৰণি আলোচনী পঢ়ি সময় কটাবলৈ ভাল পোৱা চ’ৰেনচনে ২০১১ চনত ১৮৫৭ চনত প্ৰকাশিত “Annual of Scientific Discovery” নামৰ আলোচনীত ১৮৫৬ চনত ইউনিচ ফুটে “circumstances affecting the heat of the sun’s rays” নামৰ এক গৱেষণাপত্ৰৰ সন্দৰ্ভত লিখা এটা টোকা পঢ়ি অত্যন্ত মুগ্ধ হৈ ইউনিচৰ কামৰ বিষয়ে এক প্ৰৱন্ধ প্ৰকাশ কৰি বহু পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। পাঠকৰ মাজত আছিল ইতিহাসবিদ জ’ন পাৰলিন।
পাৰলিনে ফুটৰ বিষয়ে অনুসন্ধান কৰিবলৈ ধৰি বহু চেষ্টাৰ পিচতো ফুটৰ এখন আলোকচিত্ৰ বিচাৰি নেপালে। তেখেতে সংগ্ৰহ কৰা তথ্য অনুসৰি ফুট বাস কৰিছিল নিউ ইয়ৰ্ক চহৰৰ ওচৰত। ১৮১৯ চনত এক খেতিয়কৰ পৰিয়ালত ফুটে জন্ম গ্ৰহণ কৰিছিল। সেই যুগৰ আমেৰিকাত ৰসায়ন বিজ্ঞানৰ গৱেষণাগাৰ সহ বিজ্ঞান-শিক্ষাৰ পাঠ্যক্ৰম থকা একমাত্ৰ বালিকা বিদ্যালয় “Troy female seminary”-ত ফুটৰ স্কুলীয়া জীৱন আৰম্ভ হয়। পাৰলিনৰ মতে মহিলা আৰু পুৰুষৰ পাঠ্যক্ৰমৰ মাজত প্ৰভেদহীন স্কুলখনত বালিকাক পুৰুষৰ গলগ্ৰহ নহৈ সংগী হ’বলৈ শিক্ষা দিয়া হৈছিল।
বিচাৰক, অংকশাস্ত্ৰবিদ, আৱিষ্কাৰক, প্ৰগতিশীল বতৰ-বিজ্ঞানী এলাইজা ফুটৰ লগত ইউনিচ বিবাহ পাশত আৱদ্ধ হয়। ইউনিচৰ কাষে কাষে তেখেতে কাম কৰি ইউনিচৰ গৱেষণাত তেখেতে সহায় কৰিছিল।
ঊনৈশ শতিকাত ঠন ধৰি উঠা বিজ্ঞানৰ ভূতত্ত্ব শাখাই বহু বিজ্ঞানীক আকৰ্ষণ কৰিবলৈ ধৰে। ভূতত্ত্ব বিজ্ঞানে জলবায়ু পৰিবৰ্তনৰ সুন্দৰ সাক্ষ্য বহন কৰে। শিলাখণ্ড আৰু ফ’চিলৰ সংক্ৰান্তত কাম কৰা বিজ্ঞানীয়ে সহজে অনুমান কৰিব পাৰে যে আজিৰ যুগৰ কিছুমান নাতিশীতোষ্ণ অঞ্চলৰ জলবায়ু কোটি কোটি বছৰৰ আগতে ক্ৰান্তীয় অঞ্চলৰ দৰে আছিল। অৱশ্যে ঊনৈশ শতিকাত ইয়াৰ কাৰণ ব্যাখ্যা কোনো বিজ্ঞানীয়ে কৰা নাছিল।
বৰ্তমান “greenhouse effect” স্কুলীয়া পাঠ্যক্ৰমৰ অংগ। আচৰিত যেন বোধ হ’লেও সচাঁ যে ১৭৭০ চুইজাৰলেণ্ডৰ Horace-Benedict de Saussure নামৰ বিজ্ঞানীয়ে প্ৰথমে এই বিষয়ে গৱেষণা কৰিছিল। তেখেতে প্ৰমাণ কৰে যে কাচৰ বটলত থকা বায়ুৰ উষ্ণতা বহু পৰিমাণে বৃদ্ধি হয় আৰু ই বহু সময় ধৰি থাকে। ইউনিচে একে পৰীক্ষাকে কৰিবলৈ ধৰে। কিন্তু তেওঁ বটলৰ ভিতৰত শুকান, সেমেকা, অক্সিজেন, হাইদ্ৰোজেন আৰু কাৰ্বন-ডাই-অক্সাইড ভৰাই উষ্ণতাৰ তাৰতম্য লক্ষ্য কৰি এই সিদ্ধান্তত উপনীত হয় যে কাৰ্বন-ডাই-অক্সাইডৰ উষ্ণতা বৃদ্ধি হয় সকলোতকৈ অধিক। ফুটৰ নিজ ভাষাত “The highest effect of the sun’s rays I have found to be in carbonic acid gas. An atmosphere of that gas would give to our earth a high temperature”। ফুটৰ মতে ইতিহাসৰ এটা যুগত সম্ভৱতঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ আছিল আজিৰ যুগৰ তুলনাত অধিক আৰু সেয়েহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হৈছিল।
১৮৫৬ চনৰ “American Association for the Advancement of Science”-ৰ বাৰ্ষিক অধিৱেশনত ফুটৰ গৱেষণাপত্ৰখন পাঠ কৰিছিল সুপৰিচিত বিজ্ঞানী জোচেফ হেনৰীয়ে। সভাত নাৰীৰ প্ৰৱেশ নিষিদ্ধ আছিল হেতুকে পাঠ কৰাৰ সৌভাগ্য ফুটৰ নহ’ল। কিন্তু নাৰী-শিক্ষাৰ দুৰ্ঘোৰ সমৰ্থক আৰু ফুটৰ প্ৰশংসাত পঞ্চমুখ হেনৰীয়ে সভাত কৈছিল “Science was of no country and no sex”। ইয়াৰ পিচত পত্ৰখন “American Journal of Science and Arts” নামৰ আলোচনীত প্ৰকাশ হয়। প্ৰকাশৰ লগে লগে পাঠকৰ দৃষ্টি আৰু প্ৰশংসা ফুটে লাভ কৰে। “Scientific American”-ৰ সম্পাদকে “Scientific Ladies-experiments with condensed gases” নামৰ প্ৰৱন্ধত এই বুলি মন্তব্য দিয়ে- “বহু লোকে মাথো ধাৰণা কৰায়েই নহয়, মন্তব্য দিয়ে যে বৈজ্ঞানিক গৱেষণাৰ বাবে আৱশ্যকীয় বুদ্ধিমত্তাৰ অধিকাৰী নাৰী নহয়, মিছেচ ফুটৰ উচ্চ স্তৰৰ গৱেষণাই প্ৰমাণ কৰিছে যে যি কোনো গভীৰ বিষয়ৰ ওপৰত গৱেষণা কৰাৰ যোগ্যতাৰ নাৰী অধিকাৰী”।
ফুটে আৰু গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল বুলি পঢ়িবলৈ পাইছোঁ যদিও এই সম্বন্ধে তথ্য সংগ্ৰহ কৰিবলৈ আমাৰ এতিয়াও বাকী। ১৮৪৮ চনত “Seneca Falls”-ৰ ভোটাধিকাৰ আন্দোলনৰ ইস্তাহাৰত তেখেতে চহী দিছিল। কিন্তু তেখেতৰ জীৱন সম্বন্ধে বিশেষ জানিব পৰা নেযায়।
ফুটে প্ৰকাশ কৰা গৱেষণাপত্ৰৰ তিনি বছৰৰ পিচত বিখ্যাত বিজ্ঞানী জ’ন টিনডেলে (১৮২০-৯৩) একেই গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল। নিৰীক্ষণৰ ব্যাখ্যাসহ মাত্ৰাত্মক গৱেষণাপত্ৰ খনে পাঠকৰ সমাদৰ লাভ কৰিছিল বুলি জানিব পৰা যায়। ফুটৰ কাম সম্বন্ধে টিনডেল অৱগত আছিল নে নাই পণ্ডিতমহলে খাটাংকৈ ক’ব নোৱাৰে। ই আমাৰ আলোচ্য নহয়। যি যুগত নাৰীৰ উচ্চ শিক্ষা লাভৰ সুযোগ আছিল সামান্য, সেই যুগত ফুটে বায়ুমণ্ডলত অতিৰিক্ত কাৰ্বন-ডাই-অক্সাইডে কঢ়িয়াই আনিব পৰা বিপদৰ আগজাননী দি থৈ গৈছে। এই গৰাকী দূৰদৰ্শী নাৰী আমাৰ শ্ৰদ্ধাৰ পাত্ৰী।
ইউনিচ ফুটৰ জন্মৰ প্ৰায় এটা যুগৰ পিচত আমি লগ পাও ৰেছ্যেল কাৰচনক (১৯০৭-৬৪)। কাৰচন অখ্যাত নহয়, একেধাৰে জীৱবিজ্ঞানী, পৰিৱেশ সংৰক্ষণকাৰী আৰু বিখ্যাত লিখিকা। কাৰচনে শৈশৱ অতিবাহিত কৰিছিল আমেৰিকাৰ পেনচিলভেনিয়াৰ এক গাঁৱলীয়া পৰিৱেশত। পিতৃ ৰবাৰ্ট কাৰচনে শিল্পোদ্যোগত কাম কৰিছিল যদিও প্ৰায় ষাঠি বিঘা মাটি কিনিছিল বাবেই ৰেছ্যেল ডাঙৰ-দীঘল হৈছিল পথাৰ-সমাৰ, হাবি-বননিৰ মাজত, নদীৰ বুকুত সাতুৰি নাদুৰী। সু-শিক্ষয়িত্ৰী, সু-পিয়ানোবাদিকা মাতৃ মাৰিয়াই ৰেছ্যেলৰ শিক্ষাৰ প্ৰায় সকলো দায়িত্ব বহন কৰিছিল বুলিব পাৰি। কাৰণ ডিফথেৰিয়া, স্কাৰলেট ফিভাৰ, পলিও আদি ৰোগৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈকে বহু সময়ত মাৰিয়াই জীয়েকক ঘৰতে শিক্ষা দিব লগা হৈছিল। অৱশ্যে স্প্ৰিংডেল গ্ৰামাৰ স্কুললৈ কাৰচন গৈছিল আৰু বৃত্তিসহ স্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল।
বাল্যকালৰে পৰা কাৰচন আছিল প্ৰকৃতিপ্ৰেমী আৰু সু-লিখিকা। মাৰ্ক টোৱেইন, লুয়িচা মে এলকটৰ দৰে বিখ্যাত লিখক-লেখিকাৰ লিখনি প্ৰকাশ হোৱা “St Nicolas” নামৰ শিশু আলোচনীত “A Battle in the Clouds” প্ৰকাশ কৰি তেওঁ প্ৰায় বিখ্যাত হৈ পৰে। বাৰ বছৰ বয়সত গল্প প্ৰকাশ কৰি দহ ডলাৰ উপাৰ্জন কৰি তেওঁ পৰিয়ালক সহায় কৰিবলৈ সমৰ্থ হয়।
প্ৰথম মহাযুদ্ধৰ আৰ্থিক অনাটনৰ সময়ত পৰিয়ালৰ প্ৰতিজনেই কোনো নহয় কোনো প্ৰকাৰে অৰ্থ উপাৰ্জন কৰিবলৈ বাধ্য হৈছিল, ৰাছ্যেলো ইয়াৰ ব্যতিক্ৰম নাছিল।
১৯২৫ চনত তেওঁ পেনচিলভেনিয়াৰ পৰা মাত্ৰ ষোল্ল মাইল দূৰৰ পিটচবাৰ্গত অৱস্থিত পেনচিলভেনিয়া মহিলা কলেজত ভৰ্ত্তি হয়। কল-কাৰখানাৰ পৰা ওলোৱা কয়লাৰ ধোঁৱা-ধূলিৰে ভৰা এই চহৰত ৰেছ্যেলে পৰিৱেশ-প্ৰদূষণৰ প্ৰথম অভিজ্ঞতা আহৰণ কৰে। আৰ্থিক অনাটনে জুমুৰি দি ধৰিলেও মাৰিয়াই হাতৰ-কাণৰ আ-অলংকাৰ বিক্ৰী কৰি আৰু ছাত্ৰ-ছাত্ৰীক পিয়ানো বজাবলৈ শিকাই ৰেছ্যেলক অৰ্থৰ যোগান ধৰাত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তেওঁ কলেজত পঢ়িবলৈ সুযোগ পাইছিল। ইংৰাজী সাহিত্য তেওঁৰ প্ৰধান বিষয় হোৱা হেতুকে কলেজত তেখেতৰ প্ৰতিভা অতি শীঘ্ৰে বিকশিত হয়। কিন্তু বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ হকে বিজ্ঞানৰ যি কোনো এটা বিষয় বাধ্যতামূলক হোৱা হেতুকে তেওঁ জীৱ-বিজ্ঞান অধ্যয়ন কৰিবলৈ ধৰি মেৰী স্কট স্কিনাৰৰ সান্নিধ্য লাভ কৰে। প্ৰাণৱন্ত, ৰুচিবোধ সম্পন্ন, প্ৰকৃতিপ্ৰেমী , নাৰীবাদী এইগৰাকী শিক্ষয়িত্ৰীয়ে ৰাছ্যেলক জীৱ-বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ উপৰিও সমাজত নাৰী বিজ্ঞানীৰ আৱশ্যকতা সম্পৰ্কে সচেতন কৰাত ৰেছ্যেলে প্ৰথমবাৰৰ বাবে উপলব্ধি কৰে যে জীৱ-বিজ্ঞান অধ্যয়নৰ কাষে কাষে তেওঁ প্ৰকৃতি সম্পৰ্কে লিখা মেলাও কৰিব পাৰিব। আত্মীয়-স্বজন, বন্ধু-বান্ধৱীক হতাশ কৰি কাৰচনে পদাৰ্থ, ৰসায়ন আৰু জীৱ-বিজ্ঞানৰ পাঠ গ্ৰহণ কৰিবলৈ ধৰাত এগৰাকী বান্ধৱীয়ে মন্তব্য দিছিল “এনে সু-লিখিকা হৈ জীৱ-বিজ্ঞানী হ’বলৈ ওলাইছ কিয় ? পগলা হৈছ নেকি ?”
১৯২৯ চনত ৰেছ্যেল আমেৰিকাৰ বিখ্যাত “Johns Hopkins University” ত বৃত্তি সহ ভৰ্ত্তি হয়। বিশ্ববিদ্যালয়ৰ সমূহীয়া শয়ন কক্ষ আছিল মাথো পুৰুষৰ বাবে। উপায় নেদেখি ৰেছ্যেল মেৰী স্কটৰ লগত থাকিবলৈ ধৰে। বিশ্ববিদ্যালয়ত অধ্যয়ন কৰোতেই তেওঁ “Woods Hole” গৱেষণাগাৰত ছয় সপ্তাহ জুৰি আটলান্টিক মহাসাগৰীয় প্ৰাণীৰ ওপৰত গৱেষণা কৰে। এই অভিজ্ঞতাৰ ভিত্তিতেই তেখেতে পিচলৈ লিখিছিল – “The Sea Around Us”.
১৯২৯ চনত আমেৰিকা চূড়ান্ত আৰ্থিক সংকটৰ কবলত পৰিছিল। ইতিমধ্যে অন্তহীন সমস্যাৰ সন্মুখীন হোৱা ৰেছ্যেলৰ পৰিয়াল আহি তেওঁৰ ওচৰ চাপে। পৰিয়ালৰ সকলোৱে যি যেনেকৈ পাৰে অৰ্থ উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হোৱাত আজৰি সময়ত জীৱ-বিজ্ঞান গৱেষণাগাৰত সহায়ক হিচাপে কাম কৰি ৰেছ্যেলে পৰিয়ালক সহায় কৰিছিল। পঢ়া-শুনাত যথেষ্ট সময় দিবলৈ সুবিধা নাপাই তেওঁ হতাশ হয় যদিও ১৯৩২ চনত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ তেওঁ সমৰ্থ হয়। পৰিয়ালক সহায় কৰিবলৈকে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ ইচ্ছা পৰিত্যাগ কৰিবলৈ তেওঁ বাধ্য হয়। পৰিয়াললৈ আহিছিল ইটোৰ পিচত সিটো বিপদ। চাকৰিৰ আছিল নাটনি, যি আছিল সিও আছিল পুৰুষৰ বাবে সংৰক্ষিত। শিক্ষকতা কৰি ৰেছ্যেলে পৰিয়ালক সহায় কৰিছিল। এনে সময়তে তেওঁৰ জীৱনলৈ আহে সুবৰ্ণ সুযোগ। “The Bureau of Fisheries” ৰ প্ৰধান সঞ্চালক এলমাৰ হিগিনচে কিছুমান শিক্ষা সংক্ৰান্ত বিষয় অনাতাঁৰযোগে প্ৰচাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি লিপি লিখিবলৈ বিজ্ঞান-শিক্ষিত ব্যক্তিৰ সন্ধান কৰিছিল। ৰেছ্যেল আছিল উপযুক্ত। তেওঁলোকে “Romance Under the Waters” নামৰ ধাৰাবাহিক অনাতাঁৰ ভাষণ প্ৰচাৰ কৰাৰ লগে লগে ৰাছ্যেলৰ দক্ষতা সুন্দৰকৈ প্ৰকাশ পায়। অৱশ্যে সেই যুগৰ পুৰুষপ্ৰধান আমেৰিকাত লিংগ গোপনে ৰাখি এই লানি প্ৰৱন্ধ আৰ, এল, কাৰচন দাৰা লিখিত বুলি প্ৰচাৰ কৰা হৈছিল।
১৯৩৫ চনত মেৰীৰ উপদেশ ক্ৰমে ৰেছ্যেল প্ৰাণীবিভাগত প্ৰশাসনীয় সেৱা পৰীক্ষাত বহি উৰ্ত্তীণ হৈ “The Bureau of Fisheries”-ত জলচৰ প্ৰাণী-বিজ্ঞানীৰ পদ গ্ৰহণ কৰে। এই বিভাগত মাথো দুগৰাকীহে নাৰী বিজ্ঞানী আছিল। নিজস্ব স্বাৰ্থৰ খাতিৰতে মীন বিভাগে পৰিৱেশ নিৰীক্ষণৰ কাৰ্যৱলী হাতত লৈছিল। বিভাগীয় ৰিপ’ৰ্ট যুগুত কৰাৰ কাষে কাষে তেখেতে “Baltimore Sun” নামৰ আলোচনীত প্ৰৱন্ধ প্ৰকাশ কৰিবলৈ ধৰে। বৃহৎ উদ্যোগে অনিয়ন্ত্ৰিত হাৰত কৰা উৎপাদনে পৰিৱেশৰ ওপৰত পেলোৱা ধ্বংসকাৰী প্ৰভাৱ তেওঁ এই লিখনিতে সজোৰে প্ৰকাশ কৰিছিল। তেখেতে লিখিছিল – “For three centuries, we have been busy upsetting the balance of nature by draining marshlands, cutting timber, ploughing under the grasses that carpeted the prairies. Wildlife is being destroyed. But the home of our wildlife is also our home”।
ৰেছ্যেলৰ লিখনিয়ে পাঠকৰ লগতে দৃষ্টি আকৰ্ষণ কৰে “Simon & Schuster” নামৰ প্ৰকাশকৰ। ১৯৪০ চনত তেখেতৰ প্ৰথম কিতাপ “Under the Sea-Wind” প্ৰকাশ হয়। প্ৰকাশকে মন্তব্য দিছিল “চমৎকাৰ দৃষ্টিশক্তি”। সাধাৰণ পাঠকৰ লগতে বিজ্ঞানীমহলৰ মাজতো কিতাপখন জনপ্ৰিয় হৈছিল। কিন্তু ১৯৪১ চনৰ দ্বিতীয় মহাযুদ্ধৰ সময়ত কিতাপ কিনি পঢ়াৰ সামৰ্থ্য সাধাৰণ মানুহৰ নাছিল। মাথো দুহাজাৰ কিতাপহে বিক্ৰী হৈছিল। তথাপি চিন্তাশীল পাঠকৰ মাজত ৰেছ্যেল হৈ পৰিছিল এক চিনাকি নাম।
১৯৪২ চনত “The Bureau of Fisheries”খন “The Fish and Wildlife Service”-লৈ ৰূপান্তৰিত হয়। বিজ্ঞানী ৰেছ্যেলৰ লিখনি এইবাৰ বহুমুখী হ’বলৈ ধৰে। সাধাৰণ জনতাক শিক্ষিত কৰিবলৈ তেওঁ উঠি-পৰি লাগে। FWS-ৰ প্ৰকাশ-বিভাগৰ মুৰব্বী হিচাপে কাম কৰি “Conservation in Action” শিতানত তেওঁ বাৰখন পুস্তিকা প্ৰকাশ কৰে। তেওঁ বাৰে বাৰে ক’বলৈ ধৰে যে ভগৱানৰ সৃষ্টিৰ সৰ্বোত্তম জীৱ ‘মানুহ’ আন জীৱ-জন্তুৰ দৰে এক প্ৰাণীহে মাথোন। পৃথিৱীৰ সকলো প্ৰাণীৰ লগত সহযোগিতা নকৰাকৈ মানুহে কেতিয়াও অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে। বন্য জীৱ-জন্তুৰ আৱাস ভূমি জধে-মধে নষ্ট কৰা মানে নিজৰ বিপদ নিজেই চপাই লোৱা।
চাকৰিত থকাৰ সময়তে ৰেছ্যেলে আন এখন কিতাপ লিখাৰ আঁচনি হাতত লয়। আঠ বছৰ ধৰি প্ৰাণী-জগতৰ বাদেও ভূতত্ত্ব আৰু প্ৰাকৃতিক ইতিহাস অধ্যয়ন কৰাৰ পিচত প্ৰকাশ হয় “The Sea Around Us”। কিতাপখন টাইপ কৰিছিল আশী বছৰীয়া মাতৃ মাৰিয়াই। সাগৰৰ উৎপত্তি আৰু বিকাশ, দ্বীপঞ্জৰ জন্ম-কাহিনীৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক নিৰ্বাচনলৈকে কিতাপখন তথ্যৰে ভৰপূৰ। প্ৰাণী আৰু উদ্ভিদ-জগতৰ প্ৰাকৃতিক আৱাসৰ ওপৰত তেওঁ প্ৰধানকৈ গুৰুত্ব আৰোপ কৰিছে। ভূ আৰু বায়ুমণ্ডলৰ তাপমাত্ৰা, বতাহ, বৰষুণ, জোৱাৰ-ভাটাৰ আৱশ্যকতা, প্ৰাণী আৰু উদ্ভিদ জগতৰ লগতে মানৱ-সমাজৰ ওপৰত এনে প্ৰাকৃতিক শক্তিৰ প্ৰভাৱ তেখেতে সুন্দৰকৈ উদঙাই দিছে। আজি যেতিয়া আমি বিজ্ঞান আৰু যান্ত্ৰিক কৌশলৰ সহায়ত বহু তথ্য গোটাবলৈ সক্ষম হৈছোঁ, তেতিয়াও ই এখন পঢ়িবলগীয়া কিতাপ।
“Book of the Month” ৰূপে নিৰ্বাচন হোৱাৰ লগে লগে কিতাপখনে ৰেছ্যেললৈ কঢ়িয়াই আনে ধন আৰু খ্যাতি। তেখেতে লাভ কৰে “National Book Award”, কিতাপখন বিক্ৰী হয় এক লাখৰো অধিক। আৰ্থিক অৱস্থা টনকিয়াল হোৱাত অৱসৰ গ্ৰহণ কৰি তেওঁ লিখে আন এখন উচ্চ প্ৰশংসিত পুথি “The Edge of the Sea”। অৱশ্যে ৰেছ্যেলৰ কীৰ্ত্তি স্তম্ভ স্বৰূপ বিখ্যাত পুথিৰ নাম “Silent Spring”।
১৯৪০ চনতেই ৰেছ্যেল আৰু তেওঁৰ সহকৰ্মীবৃন্দই কীটনাশক দ্ৰৱ্য DDT (1,1-Di-(4-chlorophenyl)-2,2,2-trichloroethane) প্ৰয়োগৰ ফল মাছৰ ওপৰত লক্ষ্য কৰি উদ্বেগ প্ৰকাশ কৰিছিল। কিন্তু যথেষ্ট তথ্য হাতত নথকা হেতুকে তেওঁ কোনো লিখনি প্ৰকাশ কৰা নাছিল। ১৯৫০ চনত তেওঁ পুনৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে।
প্ৰকৃততে DDT আছিল প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধৰ উপজাত সামগ্ৰী। জাৰ্মানীয়ে বৃহৎ হাৰত ক্লৰিণ প্ৰস্তুত কৰি প্ৰথম মহাযুদ্ধত বিষাক্ত গেচ ৰূপে ব্যৱহাৰ কৰে। DDT সংশ্লেষণৰ হকে সহজলভ্য ক্লৰিণৰ প্ৰয়োজন। দ্বিতীয় মহাযুদ্ধত ভাৰত আৰু আফ্ৰিকাত যুঁজ কৰা বহু সৈনিক মেলেৰীয়া আৰু টাইফাচ ৰোগৰ কবলত পৰে। ইতিমধ্যে Paul Mueller নামৰ ৰসায়নবিদে DDT সংশ্লেষণ কৰি ইয়াৰ কীটনাশক শক্তি প্ৰমাণ কৰে। মেলেৰীয়া নিবাৰণৰ উপায় আৱিষ্কাৰকক ১৯৪৮ চনত ন’বেল বঁটা প্ৰদান কৰা হয়। আমেৰিকাৰ গেইগি কোম্পানীয়ে বৃহৎ হাৰত ইয়াক উৎপাদন কৰিবলৈ ধৰে। দ্বিতীয় মহাযুদ্ধৰ পিচত আমেৰিকাত অগ্নি পৰুৱা আৰু ‘জিপচি ম’থ’ নিয়ন্ত্ৰণ কৰিবলৈ কুৰি নিযুত বিঘা মাটিত DDT প্ৰয়োগ কৰাৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছিল। চৰাই চিৰিকতিৰ ওপৰত ইয়াৰ প্ৰভাৱ লক্ষ্য কৰি স্থানীয় লোকে প্ৰতিবাদ কৰিছিল, কিন্তু বিশেষ ফল দিয়া নাছিল।
প্ৰতিবাদী সকলৰ মাজত আছিল ৰেছ্যেলৰ এগৰাকী বান্ধৱী মাৰজ’ৰী স্প’ক। তেওঁ ৰেছ্যেলক বহু তথ্যৰ যোগান দি সহায় কৰে। মীন বিভাগৰ কৰ্মী, আত্মীয়-কুটুম, বন্ধু-বান্ধৱীৰ জৰিয়তে ৰেছ্যেলে লিখনি হাতত ল’ব পৰাকৈ তথ্য সংগ্ৰহ কৰে। কৃষিবিভাগ আৰু বৃহৎ উদ্যোগপতিৰ মাজৰ সম্বন্ধ আছিল শক্তিশালী। DDT প্ৰয়োগৰ বিৰুদ্ধে মাত মতা জীৱ-বিজ্ঞানীক চৰকাৰে বৰ্খাস্ত কৰিছিল বুলি জানিছিল যদিও সম্পূৰ্ণ তথ্য হাতত নপৰা লৈকে তেওঁ একো প্ৰকাশ কৰা নাছিল।
ইতিমধ্যে তেখেত কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাত শৰীৰ ভাগি পৰাত লিখনি আগবাঢ়ে অত্যন্ত লাহে-ধীৰে। ১৯৫৯ চনত “Washington Post” লৈ লিখা এখন চিঠিত তেওঁ প্ৰথম এজন ব্ৰিটিছ পৰিস্থিতি-বিজ্ঞানীৰ গৱেষণা উল্লেখ কৰে – “An amazing rain of death upon the surface of the earth” । বিজ্ঞানীজনে লিখিছিল যে বৃটেইনত ৰবিন চৰাইৰ সংখ্যা দিনক-দিনে কমি আহিছে। তথ্যৰ ভিত্তিত ৰেছ্যেলে কয় যে DDT প্ৰৱেশ কৰিছে জীৱ-জন্তুৰ খাদ্য শিকলিত। DDT-যুক্ত কেঁচু ভক্ষণ কৰাত চৰাইৰ মৃত্যু হৈছে। একেই কাৰণে মৃত্যু হৈছে মাছৰ ওপৰত নিৰ্ভৰশীল তপা ঈগল চৰাইৰ। পানীত অত্যাধিক DDT ৰ পৰিমাণেই ইয়াৰ কাৰণ বুলি ৰেছ্যেলে মত প্ৰকাশ কৰিছিল।
বহু বিজ্ঞানী আৰু ডাক্তৰৰ দৰে ৰেছ্যেলেও এই কীটনাশকে মানুহৰ ক্ষতি কৰিছিল বুলি বিশ্বাস কৰিছিল। ১৯৫৯ চনত এজন মানুহে তেখেতৰ কেম্পৰ ওচৰত তিনি সপ্তাহ জুৰি DDT ছটিয়াই থকাৰ ফলক্ৰমে কেন্সাৰ ৰোগত ভুগিছে বুলি অভিযোগ কৰে। যিহেতুকে ১৯৪৫ চনত নাগাচাকি আৰু হিৰোচিমাত পেলোৱা আণৱিক বোমাৰ ফলত কেন্সাৰৰ প্ৰকোপ বৃদ্ধি মানুহে প্ৰত্যক্ষ কৰিছিল, সেয়েহে কীট নাশকদ্ৰৱ্যৰ ক্ষতিকাৰক দিশ সম্পৰ্কে মানুহে চিন্তা কৰিছিল।
১৯৬২ চনত প্ৰথম “New Yorker” নামৰ আলোচনীত এই লিখনিৰ ধাৰাবাহিক প্ৰকাশ আৰম্ভ হয়। এই চনতেই কিতাপখনো প্ৰকাশ হয়। ৰেছ্যেলে পৰিৱেশৰ ওপৰত DDT ৰ ধ্বংসকাৰী প্ৰভাৱ সুন্দৰকৈ উদঙাই দিয়াৰ উপৰিও চৰকাৰ আৰু বৃহৎ উদ্যোগে চকু-কাণ মুদি আছে বুলি অভিযোগ কৰে। তেখেত কীটনাশকদ্ৰৱ্যৰ সম্পূৰ্ণ বিৰোধী নাছিল। মেলেৰীয়া নিবাৰণৰ হকে ইয়াৰ আৱশ্যক বুলিও স্বীকাৰ কৰিছিল। কিন্তু পৰিৱেশৰ ওপৰত পেলাব পৰা সুদূৰপ্ৰসাৰী প্ৰভাৱৰ আৱশ্যকীয় অনুসন্ধানৰ পূৰ্বে অনিয়ন্ত্ৰণ প্ৰয়োগে পৃথিৱীলৈ ধ্বংস মাতি আনিব বুলি মত প্ৰকাশ কৰিছিল। জৈৱনিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰি কীট পতংগৰ বংশবৃদ্ধি হ্ৰাস কৰিব পাৰি। এনে গৱেষণাৰ গুৰুত্ব তেওঁ বাৰে বাৰে উল্লেখ কৰিছে।
প্ৰকাশৰ লগে লগে কিতাপখন হৈ পৰে “Best seller”। অৱশ্যে ৰেছ্যেল আৰু প্ৰকাশকৰ মূৰত উদ্যোগপতিৰ কুঠাৰঘাত পৰিবলৈ সৰহ সময়ৰ প্ৰয়োজন নহ’ল। তেখেতৰ এগৰাকী শুভাকাংক্ষীয়ে আগতেই সাৱধান বাণী শুনাইছিল – “Facts will not stand in the way of some confirmed pest control workers and those who are receiving substantial subsidies from pesticides manufacturers” । “New Yorker”-ক প্ৰকাশ বন্ধ কৰিবলৈ আদেশ দিয়া হয় আৰু প্ৰকাশকক (Houghton Mifflin) আৰু কপি ছপা কৰিলে ধনতন্ত্ৰক বিনাশ কৰিবলৈ বামপন্থীৰ ষড়যন্ত্ৰ বুলি অভিযোগ আনি ক্ষতিপূৰণ দাবী কৰা হ’ব বুলি ভাবুকি দিয়া হ’ল। ৰেছ্যেলক ধনতন্ত্ৰ বিৰোধী সাম্যবাদী বুলি গালি-শপনি পৰা হ’ল। অৱশ্যে প্ৰকাশক থমকি নৰল। তেওঁলোকে তথ্যৰ ভিত্তিতে কিতাপ লিখা হৈছে বুলি দাবী কৰাত অৱশেষত প্ৰেছিডেন্ট জ’ন, এফ, কেনেডীয়ে ৰাজহুৱা সভাত কিতাপখনৰ গুৰুত্ব স্বীকাৰ কৰি ক’লে যে কীটনাশকদ্ৰৱ্যৰ ক্ষতিকাৰক দিশৰ ওপৰত চকু দিবলৈ চৰকাৰ সাজু। ১৯৬২ চনৰ অক্টোবৰ মাহত “Silent Spring” “Book of the Month” নিৰ্বাচিত হৈ সাধাৰণ পাঠকৰ ঘৰত সোমাল।
কীটনাশক প্ৰস্ততকাৰী মনে মনে বহি থকা ভকত নাছিল। তেওঁলোকে লিখিছিল “How to answer Rachel Carson”। এই যুদ্ধত জয়ী হ’বলৈ তেওঁক সহায় কৰিছিল বন্ধুবৰ্গই।
১৯৬৪ চনত ৰেছ্যেলে মৃত্যু বৰণ কৰে । কংগ্ৰেচত চিনেটৰ আব্ৰাহম ৰিবিক’ফে কয় – “Today we mourn a great lady. All mankind is in her debt” । ১৯৭২ চনত আমেৰিকাত DDT নিষিদ্ধ ঘোষণা কৰা হয়। প্ৰেছিডেন্ট নিক্সনে প্ৰতিষ্ঠা কৰে “Environmental Protection Agency” (EPA)। প্ৰতিষ্ঠানৰ প্ৰধান সঞ্চালকে কয়– “EPA today may be said without exaggeration to be the extended shadow of Rachel Carson”
“Silent Spring” আৰৱীৰ পৰা আৰম্ভ কৰি চুইদিচলৈকে বিশটা ভাষালৈ অনুবাদ হৈছে আৰু বিক্ৰী কপিৰ সংখ্যা কুৰি নিযুত।
এতিয়াও ৰেছ্যেলে আৰম্ভ কৰা যুঁজৰ ওৰ পৰা নাই। বাচ-বিচাৰ নকৰি বৰ্তমানেও কীটনাশকদ্ৰৱ্য প্ৰয়োগ কৰা হয়। ভূপালৰ দুৰ্ঘটনাৰ দৰে ঔদ্যোগিক দুৰ্ঘটনা লেবাননত আজিও সংঘটিত হৈছে। সাধাৰণ লোকৰ মাজত বিজ্ঞান-শিক্ষাৰ অভাৱ, শিক্ষিতৰ মাজত সামাজিক দায়িত্বজ্ঞানসম্পন্ন লোকৰ অভাৱ আদি কাৰণত যি হাৰত এই যুঁজ চলিব লাগিছিল, সেই হাৰত যুঁজ আজিও বিশ্ববাসীয়ে দিব পৰা নাই। পৰিৱেশ প্ৰদূষণে কৰাল মূৰ্ত্তি ধৰিছে। তথাপিও ক’ব পাৰি আজিৰ বিশ্বত ৰেছ্যেলৰ অনুগামীৰ সংখ্যা দিনক দিনে বাঢ়িছে। পৰিৱেশ, পৰিস্থিতি, জীৱ বিজ্ঞানীৰ পৰা আৰম্ভ কৰি ডেভিদ এটেনবাৰা, জেইন ফোন্দাৰ দৰে বৃদ্ধ-বৃদ্ধা আৰু গ্ৰেটা থানবাৰ্গৰ দৰে কিশোৰ-কিশোৰীলৈকে সকলোৱে সমস্বৰে ড০ মন্টিফিউৰিৰ সুৰত সুৰ মিলাই কৈছে – “You shall not murder future generations by your present greed”.
সেয়েহে আমাৰ বিশ্বাস বসন্ত চিৰকালে সৰৱ হৈ থাকিব।
সহায় লোৱা হৈছে
- “Eunice Foote”, Rachel Brazil, Chemistry World, May, 2020,
- “Questions surround deadly Beirut Blast”, News in Chemistry World, September, 2020,
- Catherine Whitlock and Rhodri Evans, “ 10 Women Who Changed Science And The World.”