বিবিধ চিন্তা

উদ্ধৃতিৰ বিভ্ৰান্তি, চেৰী পিকিং আৰু আইনষ্টাইনৰ ‘ঈশ্বৰ’-(ঈশান জ্যোতি বৰা)

এজন মানুহৰ ঘৰৰ পিছফালে চেৰী ফলৰ গছ এজোপা আছে৷ নতুনকৈ বাঢ়ি অহা গছ৷ এই বছৰ প্ৰথম ফল লাগিব৷ চেৰীৰ সোৱাদনো কেনেকুৱা হৈছে তাকে জানিবলৈ মানুহজনৰ ঘৰলৈ এদিন আবেলি প্ৰতিবেশী দুগৰাকীৰ আগমন ঘটিল৷ সেইটো অঞ্চলত অইন কাৰোৰে ঘৰত চেৰীৰ গছ নাই৷ গতিকে চেৰীৰ খেতিনো কেনেকুৱা হৈছে তাৰো এটা সামগ্ৰিক আভাস লোৱাৰ হেঁপাহ তেওঁলোকৰ মনত জন্ম হৈছিল৷ এই কথাটো উপলব্ধি কৰি গৃহস্থইও বৰ বেছি সময় নষ্ট নকৰিলে৷ সৌজন্যসূচক কথা-বাৰ্তাৰ ততালিকে যৱনিকা পেলাই গৃহস্থ পিছফাললৈ গ’ল আৰু পকা পকা চেৰী দুটামান ছিঙি আনি প্ৰতিবেশী দুগৰাকীক দিলেহি৷ প্ৰতিবেশী দুগৰাকীয়ে পকা চেৰী দুটা খাই বৰ তৃপ্তি পালে৷ চেৰীৰ সোৱাদক ভৰপূৰ প্ৰশংসা কৰি তেওঁলোক ঘৰলৈ ৰাওনা হ’ল৷ বাটত লগ পোৱা প্ৰতিজন মানুহকে তেওঁলোকে চেৰীজোপাৰ সোৱাদৰ কথা কৈ গ’ল৷ ঘৰলৈ গৈও তেওঁলোকে প্ৰায় আধাঘণ্টা সময় চেৰীৰেই প্ৰশংসা কৰি থাকিল, “বুইছা, চেৰীৰ খেতি বৰ ভাল হৈছে৷ ইমান মিঠা!” পিছে কথাটো হ’ল; এই মানুহজনৰ চেৰী গছজোপাৰ অধিকাংশ চেৰীয়েই আছিল কেঁচা নাইবা অৰ্দ্ধপকা৷ দুটামান চেৰীহে পকি আছিল৷ প্ৰতিবেশীৰ সমুখত যাতে তেওঁ লাজ পাবলগীয়া নহয়, তাৰ বাবেই তেওঁ পকা পকা চেৰী দুটা অশেষ কষ্টেৰে বিচাৰি উলিয়াই প্ৰতিবেশীক দিছিলহি৷ তেওঁ নিজৰ উদ্দেশ্যত সফল হ’ল৷ কাৰণ, দুটা পকা চেৰী খায়েই প্ৰতিবেশীয়ে গোটেই গছজোপাৰ সম্পৰ্কে এটা বদ্ধমূল ধাৰণাৰ সৃষ্টি কৰি পেলালে যে তেওঁৰ খেতি সফল হৈছে, আৰু গোটেই চেৰীবোৰেই পকি ইতিমধ্যে তুলতুলীয়া হৈ আছে৷ পৰিণতি স্বৰূপে তেওঁৰ ‘চেৰীবোৰ খুবেই মিঠা’ শীৰ্ষক বাতৰিটো চুবুৰীত দুদিনৰ ভিতৰতে বিয়পি পৰিল৷ এতিয়া যদি চেৰী গছৰ খেতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ নিজৰ বাৰীত চেৰীৰ খেতি কৰিবলৈ অত্যুৎসাহী হৈ উঠে, তেন্তে তেওঁ বিপদত পৰিব পাৰে৷ স্ব-নিৰ্বাচিত কেইটামান তথ্যৰ জৰিয়তে সমগ্ৰ বিষয়বস্তুৰে এখন সম্পূৰ্ণ ছবি উপস্থাপন কৰাটো এটা আঁসোৱাহপূৰ্ণ চিন্তা৷ তেনে বিভ্ৰান্তিকৰ উপস্থাপনশৈলীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা সিদ্ধান্তটোও মূলতঃ আঁসোৱাহপূৰ্ণ৷ এটা চাউল পিটিকি চালে চাউল সিজাৰ কথাটো নিশ্চয় বুজিব পাৰি৷ কিন্তু চাউলৰ তলত লুকাই থকা শিলগুটিকেইটাৰ সম্পৰ্কে সেই চাউলটোৰে একো উৱাদিহ উলিয়াব নোৱাৰি৷ অলপ পাছত তেনে এটা শিলগুটিয়েই গৈ যেতিয়া দাঁতত পৰিব, তেতিয়াহে সেই বিভ্ৰান্তিটো দূৰ হ’ব৷ তেতিয়া বুজা যাব যে, চাউলত ‘চাউল’ৰ উপৰি শিলগুটিও লুকাই থাকিব পাৰে৷ যাৰ উপস্থিতিয়ে ভোজন-প্ৰক্ৰিয়াত সিদ্ধ চাউলতকৈ কেতিয়াবা অধিক প্ৰভাৱ পেলাব পাৰে৷ উক্ত উদাহৰণবোৰত জড়িত হৈ বিষয়টো হৈছে ‘চেৰী বোটলা’ বা Cherry Picking. ‘চেৰী বোটলা’ এটা গুৰুত্বপূৰ্ণ বিভ্ৰান্তি বা আসোঁৱাহ, যাৰ আন এটা নাম হৈছে ‘অসম্পূৰ্ণ প্ৰমাণৰ ভ্ৰান্তি’ (Fallacy of incomplete evidence)৷ আমি দৈনন্দিন জীৱনত গ্ৰহণ কৰি থকা বহুতো সিদ্ধান্তক এইটো বিভ্ৰান্তিয়ে বিস্তৰ ক্ষতি সাধন কৰিব পাৰে৷ অথচ ‘চেৰী পিকিং’ এটা দুৰ্দান্ত ব্যৱসায়িক কৌশল৷ উদাহৰণস্বৰূপে, চহৰত থকা কিছুমান হোটেলে তেওঁলোকৰ হোটেলৰ ভালৰো ভাল, আটকধুনীয়া আভ্যন্তৰীণ ফটো দুখনমান ৱেবছাইটত আপলোড কৰি থয়৷ যাতে সেই দুখন ফটো চায়েই অতিথিসকলে সেই হোটেলখনৰ বিষয়ে এটা ইতিবাচক ধাৰণা তৈয়াৰ কৰি লয় আৰু তেওঁলোকৰ হোটেলখনত থাকিবলৈ আহে৷ পিছে যেতিয়া বাথৰুমত সোমাই অতিথিৰ নাক কোঁচ খাই যায়, তেতিয়া পূৰ্বৰ সিদ্ধান্তটোৰ ওপৰত খং উঠে৷ নতুনকৈ স্থাপিত হোৱা শৈক্ষিক প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰা আদিয়ে প্ৰায়েই ‘চেৰী পিকিঙ’ৰ সহায় লৈ নিজৰ বিজ্ঞাপন প্ৰকাশ কৰে৷ বিখ্যাত ব্যক্তিৰ উক্তি, আলোচনা-মঞ্চৰ বক্তব্য আৰু কিতাপত থকা ব্যাখ্যাক কেন্দ্ৰ কৰিও ‘চেৰী পিকিঙ’-এ প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰিব পাৰে৷ কোৱাটো নিষ্প্ৰয়োজন যে, তেনেধৰণৰ চাঞ্চল্যত ‘আসোঁৱাহ’ আৰু ‘ভ্ৰান্তি’ ভৰপূৰ মাত্ৰাত সোমাই থাকে৷ এজন মানুহে ভাৰতীয় অৰ্থনীতিৰ বৰ্তমান অৱস্থাৰ বিষয়ে দহটা বাক্য ক’লে বা লিখিলে৷ তেওঁৰ আলোচনাটো গঠনমূলক৷ কিন্তু চতুৰ সংবাদগোষ্ঠীয়ে ‘চেৰী পিকিঙ’ৰ সহায় লৈ তেওঁৰ সেই বক্তব্যটোৰ পৰা কিছু স্পৰ্শকাতৰ যেন অনুভৱ হোৱা বাক্যটোক শিৰোনাম হিচাপে লিখি পাঠক বা দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰিব পাৰে৷ ন’বেল বঁটাবিজয়ী অভিজিৎ বেনাৰ্জীয়ে ভাৰতবৰ্ষৰ অৰ্থনীতি সন্দৰ্ভত কিছুমান মন্তব্য দিছে৷ যেনে-“ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ নিম্নপ্ৰদৰ্শনকাৰী অৰ্থনীতিবোৰৰ অন্তৰ্গত৷ চলি থকা কোৱাৰ্টাৰত (২০২০ চনৰ আগষ্ট-ছেপ্টেম্বৰ মাহত) ভাৰতবৰ্ষৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ হ’ব৷” অভিজিৎ বেনাৰ্জীৰ এই গঠনমূলক উক্তিটোক এতিয়া দুইধৰণে উপস্থাপন কৰিব পাৰি৷ হয়তো কোনোবা নিউজ চেনেলে প্ৰথমটো বাক্যক শিৰোনাম হিচাপে নিৰ্বাচিত কৰিব আৰু কোনোবা নিউজ চেনেলে দ্বিতীয়টো বাক্যক শিৰোনাম হিচাপে নিৰ্বাচিত কৰিব৷ ইয়াৰ আঁৰত দুয়োটা নিউজ চেনেলৰে নিজা নিজা উদ্দেশ্য জড়িত হৈ আছে৷ কাৰোবাৰ হয়তো ভিউছ বা টিআৰপি বঢ়োৱা৷ কাৰোবাৰ হয়তো চৰকাৰী পক্ষৰ পৰা প্ৰশংসা আদায় কৰা৷ নিৰপেক্ষ সাংবাদিকতাত বিশ্বাসী সংবাদগোষ্ঠীয়ে অভিজিৎ বেনাৰ্জীৰ মন্তব্যটোক ‘মিশ্ৰিত বক্তব্য’ বুলি শিৰোনাম লিখিব৷ এতিয়া যিসকল পাঠকে কেৱল বাতৰিৰ শিৰোনাম চায়েই খবৰটোৰ সামগ্ৰিক ৰূপ একোটা তৈয়াৰ কৰে, সেইসকল পাঠক জানো প্ৰথম দুইধৰণৰ শিৰোনামৰ জৰিয়তে বিভ্ৰান্ত নহ’ব! সেয়েহে ক’ব পাৰি অভিজিৎ বেনাৰ্জীৰ গঠনমূলক সমালোচনাটোক লৈ সমাজত দুইধৰণৰ পাঠকৰ সৃষ্টি হ’ব৷ অথচ অভিজিৎ বেনাৰ্জীয়ে দুয়োটা মন্তব্যয়েই অগা-পিছাকৈ একেসময়তে কৰিছে৷ ইয়াৰ লগতে তেখেতে কৈছে যে ২০২১ চনত ভাৰতৰ অৰ্থনৈতিক অৱস্থা বৰ্তমানতকৈ সুস্থিৰ হ’ব৷ পিছে বাতৰিৰ সেইটো অংশ শিৰোনাম-চাওঁতাসকলে নপঢ়ে৷ গতিকে তেওঁলোক বিভ্ৰান্ত হোৱাটো প্ৰায় খাটাং৷ অথচ এনেধৰণৰ শিহৰণকাৰী মন্তব্য একোটা চায়েই আমি অনেকেই উত্তেজনাপূৰ্ণ বাৰ্তালাপত মগ্ন হৈ থাকোঁ৷ এয়াই চেৰী পিকিঙৰ প্ৰভাৱ! নিউজ চেনেলৰ লগতে ৰাজনৈতিক বাদানুবাদতো ‘চেৰী পিকিঙ’ৰ শক্তিশালী অংশগ্ৰহণ মন কৰিবলগীয়া৷ উন্নতি আৰু প্ৰগতিৰ তালিকা দখল কৰাৰ সময়ত শাসকীয় দলে প্ৰায়েই ইতিবাচক পৰিসংখ্যাবোৰ উচ্চস্বৰে প্ৰকাশ কৰে আৰু এটা মাত্ৰ পৰিসংখ্যাৰ জৰিয়তেই ৰাইজক সমগ্ৰ ব্যৱস্থাটোৰ এক ইতিবাচক দৃশ্য দেখুৱাব খোজে৷ একেসময়তে বিৰোধীয়েও সমগ্ৰ আলোচনাৰ মাজৰ পৰা বাছি বাছি নেতিবাচক পৰিসংখ্যা এটা উল্লেখ কৰি সমগ্ৰ ব্যৱস্থাটোক অচল বুলি প্ৰতিপন্ন কৰিব খোজে৷ সাধাৰণ যুক্তি-তৰ্ক নাইবা বিতৰ্কৰ সময়তো একাংশ ব্যক্তিয়ে কেতিয়াবা উক্তি এটাৰ নিৰ্বাচিত অসম্পূৰ্ণ অংশ বাৰম্বাৰ কৈ বা দেখুৱাই মানুহক বিপথে পৰিচালিত কৰিব পাৰে৷ অথচ সেই অংশটোৰ মূল উৎসত তাৰ এক বিপৰীত ছবিহে দেখিবলৈ পোৱা যায়৷ যিকোনো ধৰণৰ উদ্ভাৱনমূলক/সৃজনীশীল কৰ্মৰ প্ৰচাৰৰ ক্ষেত্ৰতো চেৰী পিকিঙৰ ভৰপূৰ প্ৰয়োগ হ’ব পাৰে৷ নতুন প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ কৰোঁতে বা সাক্ষাৎকাৰত মন্তব্য দিওঁতে উদ্ভাৱক বা ব্যৱসায়গোষ্ঠীয়ে চেৰী পিকিঙৰ প্ৰয়োগ কৰিব পাৰে৷ নতুন চিনেমাৰ প্ৰচাৰ কৰোঁতে প্ৰযোজকে ছিমলাত শ্বুটিঙ লোৱাৰ কথাটো বৰকৈ প্ৰচাৰ কৰিব পাৰে৷ কিন্তু ছবিখনত যে ছিমলাৰ মাত্ৰ দুই মিনিটৰ নৃত্যৰ দৃশ্য এটাহে আছে সেইটো কথা তেওঁ লুকুৱাই ৰাখে৷ এলবাৰ্ট আইনষ্টাইনৰ ‘ধৰ্ম আৰু বিজ্ঞান’ সম্পৰ্কীয় বিশেষ উক্তি এটাৰ লগত জড়িত হৈ থকা বিভ্ৰান্তিয়ে বৌদ্ধিক মহলত প্ৰায়েই অস্বস্তিৰ সৃষ্টি কৰে৷ একাংশ ব্যক্তিয়ে সেইটো উক্তিৰ আধাৰত আইনষ্টাইন যে তেওঁলোকৰ চিনাকি ঈশ্বৰজনৰ সমৰ্থক, সেইটো কথা উল্লেখ কৰিব বিচাৰে৷ পিছে এইটো উক্তিও ‘চেৰী পিকিঙ’ৰ জালত আবদ্ধ৷ আইনষ্টাইনে নিশ্চয় কৈছিল, “Science without religion is lame, religion without science is blind.” অৰ্থাৎ ‘বিজ্ঞান অবিহনে ধৰ্ম অচল আৰু ধৰ্ম অবিহনে বিজ্ঞান অন্ধ৷’ এইটো আইনষ্টাইনৰ এটা বহুল প্ৰচলিত উদ্ধৃতি৷ পিছে এই উক্তিটোৰ জৰিয়তে আইনষ্টাইনে ব্যক্তিগত কোনো ঈশ্বৰ বা ধৰ্ম বিশ্বাসৰ কথাটো উনুকিয়াব খোজা নাছিল৷ তেওঁ দৰাচলতে প্ৰচলিত ধৰ্ম আৰু ঈশ্বৰৰ সংজ্ঞাটোক নতুন ধৰণে, অগতানুগতিক ধৰণে চোৱাৰহে চেষ্টা চলাইছিল৷ ২০১৮ চনত আইনষ্টাইনৰ এখন আলোড়নকাৰী চিঠি প্ৰায় তিনি মিলিয়ন ডলাৰত নিলাম হৈছিল৷ চিঠিখনত আইনষ্টাইনে লিপিবদ্ধ কৰা ঈশ্বৰ আৰু ধৰ্ম সম্পৰ্কীয় চিন্তাধাৰাৰ বাবে চিঠিখনক প্ৰায়েই ‘ঈশ্বৰ চিঠি’ বুলি কোৱা হয়৷ ডেৰ পৃষ্ঠাজোৰা চিঠিখন আইনষ্টাইনে ১৯৫৪ চনত লিখিছিল৷ চিঠিখন লিখা হৈছিল জাৰ্মানীৰ দাৰ্শনিক আৰু ইহুদী এৰিক গাটকিণ্ডক উদ্দেশ্যি৷ গাটকিণ্ডৰ এখন গ্ৰন্থ ‘Choose Life: The Biblical Call to Revolt’ৰ প্ৰত্যুত্তৰ সম্বন্ধত লিখা হৈছিল৷ এই চিঠিখন সংগ্ৰহ কৰাৰ উদ্দেশ্যে বিৱৰ্তনীয় জীৱবিজ্ঞানী আৰু বিখ্যাত গ্ৰন্থ ‘দ্য ছেলফিছ জিন’ৰ লেখক ৰিচাৰ্ড ড’কিনছেও নিলামত যোগ দিছিল৷ কিন্তু তেওঁ এক লাখ সত্তৰ হাজাৰ ডলাৰতে থমকি ৰ’ব লগা হ’ল৷ চিঠিখনৰ গুৰুত্ব স্বীকাৰ কৰি ড’কিনছে কয়, “This letter was about something very important to Einstein, I suspect.”৷ চিঠিখনত ভগৱান-সম্পৰ্কীয় ধাৰণাৰ উপৰি বাইবেল আৰু ইহুদী ধৰ্মৰ সম্পৰ্কেও আইনষ্টাইনে স্পষ্ট মন্তব্য কৰিছে৷ তাৎপৰ্যপূৰ্ণ ভাষাৰে তেওঁ কৈছে, “মোৰ বাবে ভগৱান নামৰ শব্দটো মানুহৰ দুৰ্বলতাৰ প্ৰকাশ আৰু সৃষ্টিহে, তাৰ বাহিৰে আন একো নহয়৷ বাইবেলত সন্মানজনক কথা কিছুমান আছে যদিও সেইয়া আদিম৷ তৎসত্ত্বেও এইবোৰ শিশুসুলভ৷ মোৰ এই ধাৰণা কোনোধৰণৰ ব্যাখ্যাই সলনি কৰিব নোৱাৰে লাগিলে সি যিমানেই সূক্ষ্ম নহওক কিয়৷ মোৰ বাবে ইহুদী ধৰ্মও আন ধৰ্মবোৰৰ লেখীয়াকৈ অন্ধবিশ্বাসেৰে পূৰ্ণ হৈ থকা এক অৱতাৰ৷” (The word God is for me nothing more than the expression and product of human weaknesses, the Bible a collection of honourable, but still primitive, legends which are nevertheless pretty childish. No interpretation, no matter how subtle, can change this for me. For me the Jewish religion like all other religions is an incarnation of the most childish superstition.) ওপৰত উল্লেখ কৰি অহা জীৱবিজ্ঞানী ৰিচাৰ্ড ড’কিনছে তেওঁৰ বহুপঠিত গ্ৰন্থ ‘দ্য গড ডিলিউছন’ৰ প্ৰথমটো অধ্যায়তেই আইনষ্টাইনৰ ধৰ্ম-বিশ্বাস সম্বন্ধে এক দীঘলীয়া আৰু তথ্যভিত্তিক অনুসন্ধান সন্নিৱিষ্ট হৈছে৷ অধ্যায়টোৰ নাম হৈছে-‘এ ডিপলি ৰিলিজিয়াছ নন-বিলিভাৰ’৷ ৰিচাৰ্ড ডকিনছে লিখিছে-“By religion, Einstein meant something entirely different from what is conventionally meant.” কিয়নো একেজন আইনষ্টাইনেই পাছলৈ কৈছে, “মই ধৰ্মৰ এজন গভীৰ অবিশ্বাসী৷ এইটো একধৰণৰ নতুন ধৰ্ম৷ ব্যক্তিগত ভগৱানৰ ধাৰণাটো মোৰ বাবে একেবাৰেই অচিনাকি আৰু খুবেই অপৈণত৷” লেখক ৱাল্টাৰ আইজাকছনে লিখা এলবাৰ্ট আইনষ্টাইনৰ জনপ্ৰিয় জীৱনী গ্ৰন্থখনৰ নাম হৈছে- ‘আইনষ্টাইন: হিছ লাইফ এণ্ড ইউনিভাৰ্ছ’৷ জনপ্ৰিয় জীৱনী-গ্ৰন্থত থকা আইনষ্টাইনজনে নিজকে ‘নাস্তিক’ বুলি পৰিচয় দিয়া নাই৷ কিন্তু একেসময়তে ‘আস্তিক’ বুলিও একে উশাহে কোৱা নাই৷ তাৰ পৰিৱৰ্তে বিজ্ঞানীজনে নিজকে ‘সংশয়বাদী’ বুলিহে কৈছে, যি কথা প্ৰিন্সটন ইউনিভাৰ্ছিটিয়ে প্ৰকাশ কৰা আইনষ্টাইনৰ উক্তি সম্বিলিত সংকলনত উপলব্ধ৷ নিজকে নাস্তিক বুলি গণ্য নকৰাৰ সন্দৰ্ভত আইনষ্টাইনে কৈছিল,”I have repeatedly said that in my opinion the idea of a personal god is a childlike one. You may call me an agnostic, but I do not share the crusading spirit of the professional atheist whose fervor is mostly due to a painful act of liberation from the fetters of religious indoctrination received in youth. I prefer an attitude of humility corresponding to the weakness of our intellectual understanding of nature and of our own being.”৷ আনহাতে ৱাল্টাৰ আইজাকছনৰ জীৱনীখনৰ মতে আইনষ্টাইনে মৃত্যুৰ পিছত ‘জীৱন’ থকাৰ ধাৰণাটোক বিশ্বাস কৰা নাছিল৷ তেওঁ কৈছিল, “মোৰ বাবে এটা জীৱনেই যথেষ্ট৷” উল্লেখযোগ্য যে, ধৰ্ম আৰু ঈশ্বৰ সম্বন্ধীয় এনে আপোচবিহীন ধাৰণাৰ বাবে আইনষ্টাইনে সমাজৰ ধাৰ্মিক শ্ৰেণীটোৰ পৰা বিভিন্ন সময়ত ককৰ্থনা আৰু গৰিহণাৰ সন্মুখীন হৈছিল৷ পিছে আইনষ্টাইনৰ স্পষ্টবাদিতাক তেওঁলোকৰ কটু সমালোচনাই প্ৰতিহত কৰিব পৰা নাছিল৷ কিন্তু একাংশ মহলে আইনষ্টাইনে কোৱা বহুতো কথাৰ মাজৰ পৰা ‘চেৰী পিকিঙ’ৰ জৰিয়তে নিজৰ মতক সমৰ্থন কৰিব পৰা বক্তব্য কিছুমান বাছি লৈ উপস্থাপন কৰি আহিছে আৰু সেইবোৰ বিভ্ৰান্তিকৰ উদ্ধৃতিক যুক্তি-প্ৰদৰ্শনত ব্যৱহাৰ কৰি আহিছে৷ আমি তেনেবোৰ যুক্তি-যুদ্ধত সাৱধানেৰে অৱতীৰ্ণ হোৱা উচিত৷

তথ্য উৎস-

(১) হিন্দুস্তান টাইমছৰ অনলাইন সংস্কৰণত প্ৰকাশিত অভিজিৎ বেনাৰ্জীৰ মন্তব্য, https://www.hindustantimes.com/…/story…

(২) Not evidence based: Finding evidence to support your argument does not make an evidence-based argument, https://www.oxford-review.com/blog-not-evidence-based/…

(৩) Albert Einstein’s ‘God letter’ reflecting on religion auctioned for $3mhttps://www.theguardian.com/…/physicist-albert-einstein…

(৪) আইনষ্টাইনৰ ঈশ্বৰ-চিঠিখন, The word God is the product of human weakness, https://lettersofnote.com/…/the-word-god-is-the…/

(৫) Just what did Einstein believe about god? https://web.archive.org/…//www.skeptic.com/archives50.html

(৬) ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ কৌতূহল আৰু আইনষ্টাইনৰ উত্তৰ, Albert Einstein, The Human Side: Glimpses from His Archives, https://books.google.co.in/books?id=2fswAAAAQBAJ&pg=PA32…

(৭) The Ultimate Quotable Einsteinhttps://books.google.co.in/books?id=G_iziBAPXtEC&pg=PA340…

(৮) Einstein: His life and Universe, Walter Issacson https://books.google.co.in/books?id=OzSJgdwk5esC&pg=PT461…

সহায়ক-গ্ৰন্থ:

(১) A deeply religious non-believer, The God delusion, Richard Dawkins

(২) Cherry Picking, The art of Thinking Clearly, Rolf Dobelli

Print Friendly, PDF & Email

One thought on “উদ্ধৃতিৰ বিভ্ৰান্তি, চেৰী পিকিং আৰু আইনষ্টাইনৰ ‘ঈশ্বৰ’-(ঈশান জ্যোতি বৰা)

Leave a Reply

Your email address will not be published. Required fields are marked *