উনবিংশ শতিকাত অসমীয়া জাতীয় চেতনাৰ সন্ধান: পদ্মনাথ গোহাঞিবৰুৱা আৰু পানীন্দ্ৰনাথ গগৈৰ বিশেষ উল্লেখনসহ-(হৰ্ষবৰ্দ্ধন)
বৰ্তমান একাংশ সম্প্ৰসাৰণবাদীয়ে অসমীয়াক এটা স্বতন্ত্ৰ ভাষা নহয় বুলি প্ৰমাণ কৰিবলৈ উঠিপৰি লাগিছে। তেওঁলোকে বৰ্তমানেও ঔপনিৱেশিক আমোলত চলোৱাৰ দৰে অসমীয়া ভাষাক নিশ্চিহ্ন কৰাৰ এটা প্ৰচেষ্টা চলাই আছে। গতিকে বৰ্তমান সময়ত অসমীয়া সাহিত্যৰ বিকাশৰ ইতিহাস, তাৰ লগতে পানীন্দ্ৰনাথ গগৈ, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা আদিৰ অৱদানৰ কথা চৰ্চা কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে।
পানীন্দ্ৰনাথ গগৈ (১৮৭১-১৯০০) আৰু পদ্মনাথ গোহাঞিবৰুৱা (১৮৭১-১৯৪৬)ই একেলগে একেদিনাই একেখন বিদ্যালয়ত নামভৰ্তি কৰিছে। বাংলা ছাত্ৰ বৃত্তিৰ ছাত্ৰ হৈ থাকোঁতে দুয়োজনে পদ্মপানী নামৰ এখন গ্ৰন্থ লিখিছিল। কিন্তু মাজে মাজে বিশেষকৈ গগৈৰ এই ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ সময়ত অনুভৱ কৰিবলৈ লৈছোঁ যে পদ্মনাথ গোহাঞিবৰুৱা আৰু পানীন্দ্ৰনাথ গগৈ দুয়োজনৰ সাহিত্যৰাজিৰ সঠিক মূল্যায়ন যেন আজিও হোৱা নাই। গোহাঞিবৰুৱা বুলি ক’লে আমাৰ মনলৈ মাত্ৰ আহে অসমীয়া ভাষাৰ দ্বিতীয়খন উপন্যাসৰ স্ৰষ্টা,অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, এজন দিগ্গজ সাহিত্যিক হিচাপে বা কাতচিৎ “উষা” “আসাম বন্তি” আদি কাকত আলোচনীৰ সম্পাদক হিচাপে। তেখেতৰ জীৱনৰ বহুখিনি কথা জানিলেও বহুখিনি কথা পাহৰণিৰ অটল গহ্বৰত লিন হৈ যোৱা যেন অনুভৱ হয়। অৱশ্যে পানীন্দ্ৰনাথ গগৈৰ বিষয়ে চৰ্চা গোহাঞিবৰুৱাতকৈও কম। তেখেতৰ জীৱনী গ্ৰন্থ বা জীৱন আৰু কৰ্মৰাজিৰ সমলো খুব কম। আনকি তেওঁৰ সাহিত্যৰাজি আৰু তেওঁ লিখা পাঠ্যপুথি তিনিছোৱাৰো কোনো বিতং আলোচনা এতিয়ালৈকে হোৱা চকুত পৰা নাই। বহুতো ৰচনা একগোট কৰি ২০০৩ চনত ড০ হেমন্ত কুমাৰ বৰুৱাই ব্যক্তিগত প্ৰচেষ্টাত “পানীন্দ্ৰনাথ গগৈ ৰচনাৱলী প্ৰথম খণ্ড” প্ৰকাশ কৰে। অৱশ্যে তাতো “লৰা শিক্ষা” ৰ তিনিছোৱা, জোনাকী আলোচনীত প্ৰকাশিত ক্ষুদ্ৰ লেখা দুটামান আৰু বিজুলীত প্ৰকাশিত “উটঙনি” নামৰ কবিতাটোৰ বাদে আন একো সন্নিবিষ্ট হোৱা নাই। পদ্মনাথ গোহাঞিবৰুৱাৰ সৈতে লগ হৈ সম্পাদনা আৰু সংকলন কৰা “সাহিত্য সংগ্ৰহ”খনো এতিয়ালৈকে বিচাৰি পোৱা হোৱা নাই। তেওঁৰ “ল’ৰাৰ ভূগোল” আৰু “গণনাৰ আদিপুথি” কিতাপখনো বিচাৰি পোৱা নগল। তেখেতৰ ‘ ফুলৰ আঁজলি” কাব্যগ্ৰন্থখনো প্ৰকাশ নহ’ল। অৱশ্যে তাৰ বিষয়ে কোনো বিতং বিৱৰণো পোৱা নাযায়। গগৈয়ে দ্বাদশ স্কন্ধৰ ভাগৱত প্ৰকাশ কৰিছিল। একাদশ স্কন্ধ প্ৰকাশ কৰিবলৈ সমল গোটাই লৈছিল কিন্তু অকাল বিয়োগৰ বাবে সেয়া সম্ভৱ নহ’ল। লগতে এই কৰ্মসমূহৰ কোনো প্ৰমাণ সংৰক্ষিত হৈ নাথাকিল।আনকি পদ্মনাথ গোহাঞিবৰুৱাৰ সৈতে লগ হৈ প্ৰস্তুত কৰা “পদ্মপানী”ৰো তেওঁৰ মৃত্যুৰ পাছত কোনো সম্ভেদ পোৱা নগ’ল। তেখেতে সহকৰ্মী শিক্ষক পানীন্দ্ৰনাথ গগৈৰ সৈতে লগ হৈ “অসমীয়া ল’ৰাৰ ব্যাকৰণ” সংকলন কৰিছিল কিন্তু সেয়াও প্ৰকাশ নহ’ল। তেখেতে টাই ভাষাৰ বুৰঞ্জী আৰু অসমীয়া ভাষাৰ বুৰঞ্জীৰ সমল গোটাইছিল। অসম বুৰঞ্জী লিখাৰ ক্ষেত্ৰত বহুতো সমলেৰে তেওঁৰ বন্ধু পদ্মনাথ গোহাঞিবৰুৱাক সহায় কৰিছিল। গগৈৰ বিষয়ে প্ৰথম চৰ্চা আৰম্ভ কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। তেওঁৰ আত্মজীৱনী ” মোৰ সোঁৱৰণী” ৰ বহু ঠাই তেওঁৰ পৰম বান্ধব পানীন্দ্ৰনাথ গগৈয়ে আগুৰি আছে। গোহাঞিবৰুৱাই “পণ্ডিত পানীন্দ্ৰনাথ গগৈ” শীৰ্ষক এটা প্ৰবন্ধও লিখিছিল। এইটো তেখেতে ১৯১৫ চনত সম্পাদনা কৰি প্ৰকাশ কৰা “জীৱনী সংগ্ৰহ” নামৰ কিতাপখনত ঠাই দিছে।ঁ ভ্ৰমৰচন্দ্ৰ শইকীয়াই ১৯৪৭ চনত “পানীন্দ্ৰনাথ গগৈ” নামৰ এখন জীৱনী লিখিছিল। পাছত বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বিষয়ে বিভিন্ন প্ৰবন্ধ লিখা হয় কিন্তু তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ সঠিক মূল্যায়নৰ বাবে সি পৰ্যাপ্ত নহয়। পাছত ড০ বিমান চন্দ্ৰ চেতিয়া আৰু ড অৰবিন্দ ৰাজখোৱাই “পানীন্দ্ৰনাথ গগৈ” শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। নন্দ তালুকদাৰে তেখেতৰ “জীৱন স্মৰণ”নামৰ কিতাপখনত তেখেতৰ বিষয়ে এটি প্ৰবন্ধ লিখিছিল।ঘন হাজৰিকা সম্পাদিত ২০০৩ চনত অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰকাশিত “৬৭ জন ব্যক্তিৰ জীৱন বুৰঞ্জী”নামৰ কিতাপখনত চিৰাজুল হক বৰুৱাই গগৈৰ বিষয়ে এটা পৰিঙয়মূলক লেখা লিখে।উমেশ চেতিয়াই তেখেতৰ কিতাপত গগৈৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল।২০০৯ চনত প্ৰকাশ পোৱা ” নীলকণ্ঠ”ত কনকেশ্বৰ ডেকা ৰাজকোঁৱৰে গগৈৰ বিষয়ে এটা লেখা লিখিছিল। পানীন্দ্ৰনাথ গগৈৰ কোনো ফটো পৰিয়ালৰ হাতত নথকাৰ বাবে ১৯৭৩ চনত ঘন হাজৰিকাই তেখেতৰ এখন স্কেচ্ছ আঁকিছিল।সেইখনেই বৰ্তমানেও ব্যৱহাৰ হৈ আছে। এইক্ষেত্ৰত গগৈৰ পৰিনাতি সিদ্ধেশ্বৰ গগৈয়ে তেওঁক সহায় কৰিছিল। বৰ্তমান তেখেতৰ বিষয়ে ভ্ৰমৰচন্দ্ৰ শইকীয়াই লিখা ৩২ পৃষ্ঠাৰ একমাত্ৰ জীৱনী গ্ৰন্থখনো পাবলৈ নাই। তেখেতৰ আন বহুখিনি ৰচনা এতিয়াও উদ্ধাৰ হোৱা নাই।ড০ সত্যেন্দ্ৰনাথ শৰ্মাই তেখেতৰ “অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত” কিতাপখনত লিখিছে যে বঙ্গদেশত ৰামমোহন ৰায়ৰ যি স্থান অসমত আনন্দৰাম ঢেকিয়াল ফুকনৰো সেই একেই স্থান।ঠিক একেধৰণেৰে আমি পানীন্দ্ৰনাথ গগৈকো চাব পাৰোঁ।কাৰণ দুয়োজনেই অসমীয়া সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙনি আগবঢ়াই থৈ গৈছে আৰু দুয়োজনৰে জীৱন কাল ২৯ বছৰীয়া। কিন্তু আনন্দৰাম ঢেকিয়াল ফুকনতকৈ পানীন্দ্ৰনাথ গগৈয়ে কাম কৰিবলৈ কিছু কম সুবিধা পোৱা যেন অনুভৱ হয়।কাৰণ ঢেকিয়াল ফুকনে সেই সময়তে কলিকতাত পঢ়িবলৈ গৈছে। ৰামচন্দ্ৰ মিত্ৰ আদি বঙালী পণ্ডিত আৰু ইউথ বেঙ্গল ছ’ছাইটি আদি সংগঠনৰ সংস্পৰ্শত বহু নতুন কথা শিকিছে। কিন্তু পানীন্দ্ৰনাথ গগৈয়ে নানান ঘাট প্ৰতিঘাটৰ মাজেৰে ঢকুৱাখনা, লক্ষীমপুৰ আদিৰ দৰে সেই সময়ৰ কলিয়াপানী সদৃশ ঠাইত থাকি সাহিত্যৰ উন্নতি সাধন কৰিছে।
পদ্মনাথ গোহাঞিবৰুৱা আছিল অসমীয়া ভাষাত প্ৰথমগৰাকী শিক্ষা বিষয়ক গ্ৰন্থ লেখক। তেখেতে কহিমাত থাকোঁতেই চাকৰি নিয়মীয়া হ’বৰ বাবে শিক্ষা বিধি বা Art of teachingৰ প্ৰশিক্ষণ ল’ব লগা হৈছিল।ছমহীয়া প্ৰশিক্ষণৰ পাছত বিভাগীয় পৰীক্ষাত তেওঁ ১০০ৰ ভিতৰত ৯৫ নম্বৰেৰে উত্তীৰ্ণ হয়। সেই সময়তে অসমৰ শিক্ষা সঞ্চালক জে. উইলচনৰ প্ৰেৰণাত তেখেতে “শিক্ষা বিধি” নামৰ কিতাপখন ৰচনা কৰে। তেওঁ কহিমাত কহিমা সাহিত্য সভা পাতিছিল, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ শাখা প্ৰতিষ্ঠা কৰিছিল এইবোৰ আমি জানো। কিন্তু অসমীয়া জীৱন চৰিত লেখকো তেওঁৱেই প্ৰথম আছিল।পানীন্দ্ৰনাথ গগৈ আৰু পদ্মনাথ গোহাঞিবৰুৱা দুয়োজনৰে জন্ম ১৮৭১ চনত। তাৰ ঠিক এবছৰ পাছতেই ১৮৭২ চনত অসমত চৰকাৰী কামকাজৰ ভাষা বাংলা গুচাই অসমীয়া কৰা হ’ল।আমি সকলোৱে মনত ৰাখিব লগা দুটা দিন ৬ মাৰ্চ ১৮৭২ আৰু ১৯ এপ্ৰিল ১৮৭৩ ।৬ মাৰ্চত অসমত ৰাজহৰ ভাষা অসমীয়া কৰা হৈছিল আৰু ১৯ এপ্ৰিলত অসমৰ বিদ্যালয়সমূহত বঙালী গুচাই অসমীয়া ভাষা প্ৰবৰ্তন কৰা হৈছিল। কিন্তু গোহাঞিবৰুৱা আৰু গগৈ দুয়োজনেই বাঙলা ভাষাত অধ্যয়ন কৰিছিল।কাৰণ সেই সময়ত অসমত চলাব পৰাকৈ পাঠ্যপুথি নাছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজী কিতাপৰ আৰ্হিত “অসমীয়া ল’ৰাৰ মিত্ৰ” লিখিছিল যদিও কিতাপ বাচনি কমিটিয়ে ইয়াক মঞ্জূৰ কৰা নাছিল। আৰু অসমীয়া ভাষাই স্বকীয়তা ঘূৰাই পোৱাৰ আনন্দ উপভোগ কৰিবলৈ আনন্দৰাম আৰু তেতিয়া নাছিল। গতিকে চৰকাৰে নিজা উদ্যোগত কিতাপ লিখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লগা হৈছিল। ইয়াত মুঠ ৫৮ জন লেখকে যোগদান কৰিছিল।তাৰে দহখন কিতাপ বাচনি কৰা হৈছিল আৰু তিনিজন লেখকক বিশেষভাৱে পুৰস্কৃত কৰা হৈছিল। সেইসকল আছিল:
(১)প্ৰথম পুৰস্কাৰ- হেমচন্দ্ৰ শৰ্ম্মা বৰুৱা
(২)দ্বিতীয় পুৰস্কাৰ- তুলসীৰাম বৰুৱা
(৩)তৃতীয় পুৰস্কাৰ- E. W. Clarket
ইয়াৰে হেমচন্দ্ৰ বৰুৱাই ৫০০ টকাৰ পুৰস্কাৰ লাভ কৰিছিল। তেখেতে “ল’ৰাৰ আদিপাঠ” তিনিছোৱা,”পাঠমালা” আৰু “গা ভালে ৰাখিবৰ উপায়” এইকেইখন গ্ৰন্থ ৰচনা কৰে। বহুতো বঙালী লেখকে এই প্ৰতিযোগিতাত অংশ লোৱাৰ কথাও পোৱা যায়। গোহাঞিবৰুৱা আৰু গগৈ দুয়োজনে লগ হৈ “সাহিত্য সংগ্ৰহ”ৰ দুটা খণ্ড যুগুত কৰিছিল।তাৰ বাদে গগৈয়ে “গণনাৰ আদিপুথি”,”ল’ৰাৰ ভূগোল” “ল’ৰা শিক্ষা” ৰ তিনিছোৱা আৰু গোহাঞিবৰুৱাই “ভূগোল দৰ্পন”,”নীতি শিক্ষা” তিনিছোৱা,”ভাৰতবৰ্ষৰ সংক্ষেপ বুৰঞ্জী”, “আসাম বুৰঞ্জী”, “আদি- শিক্ষা” তিনিছোৱা, “বুৰঞ্জীবোধ”, “হিন্দু বুৰঞ্জী”, “মুছলমান বুৰঞ্জী” প্ৰনয়ন কৰিছিল।এই আটাইকেইখন কিতাপ টেক্সট বুক কমিটিৰ দ্বাৰা অনুমোদিত হৈছিল। সত্যেন্দ্ৰনাথ শৰ্মাই পদ্মনাথ গোহাঞিবৰুৱাৰ কবিতাবোৰত কবিতাৰ সম্পূৰ্ণ চৰিত্ৰ নাই বুলি লিখিছিল। কিন্তু অসমীয়া সাহিত্যৰ ইতিহাস অধ্যয়নৰ বাবে ই খুবেই গুৰুত্বপূৰ্ণ। অন্ততঃ অসমীয়া সাহিত্যৰ বিকাশৰ স্তৰটোৰ অধ্যয়নৰ বাবে আৰু অসমীয়া আধুনিক সাহিত্যৰ প্ৰথম পৰ্যায়ৰ ৰচনা হিচাপে ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি।আনকি বিংশ শতিকাৰ বিছ আৰু ত্ৰিশৰ দশক দুটাত কটন কলেজৰ ইংৰাজী বিভাগৰ প্ৰাতঃস্মৰনীয় অধ্যাপক ড০ সূৰ্য্য কুমাৰ ভূঞাই জাৰ্মানীৰ হেল বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অধ্যাপক ড০ উইলহেম প্ৰিণ্টজৰ সৈতে লগ হৈ পদ্মনাথ গোহাঞিবৰুৱাক ন’বেল বঁটা দিয়াবলৈও এটা চেষ্টা কৰিছিল। ইতিমধ্যে ১৯১৩ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ন’বেল বঁটা লাভ কৰিছে, তাৰ লগে লগে অসমীয়া লেখকসকলৰ মাজতো এটা গুনগুননি শুনিবলৈ পোৱা গৈছিল যে অসমীয়া সাহিত্যত ন’বেল লাভ কৰিব পৰা ৰচনা নাই নেকি? ৰবীন্দ্ৰনাথে ন’বেল কেনেকৈ পাইছিল সেয়া দেশ বিদেশৰ খবৰ ৰখা অধ্যাপক ভূঞাই আৰু বুজিবলৈ বাকী নাছিল। তেওঁ জানিছিল এইধৰণৰ বঁটা পাবলৈ হ’লে আছুতীয়া প্ৰচেষ্টা চলাব লাগিব। সেয়েহে তেখেতে গোহাঞিবৰুৱাৰ কবিতাসমূহৰ এটা ইংৰাজী অনুবাদো ড০ প্ৰিণ্টজলৈ পঠিয়াইছিল বুলি জনা যায় কিন্তু সেয়া প্ৰিণ্টজৰ হাতত পৰিছিল নে নাই সেয়া জনা নাযায়।
অসমীয়া মানুহৰ ব্যৱহাৰযোগ্য বা সঘনাই ব্যৱহৃত অতীত দুটা।এটা হ’ল নৱবৈষ্ণৱ যুগ আৰু উনবিংশ শতিকা। গতিকে দেখা যায় যে পানীন্দ্ৰনাথ গগৈ আৰু পদ্মনাথ গোহাঞিবৰুৱা দুয়োজনৰ সৈতে এটা শতিকা খুব উতঃপ্ৰোতভাৱে জড়িত, উনবিংশ শতিকা। ইতিমধ্যে বহুকেইটা উল্লেখযোগ্য ঘটনা অসমত এই উনবিংশ শতিকাতে ঘটি গৈছে।সাতত্ৰিশ বছৰে ভাষাৰ বাবে চলা আমাৰ সেই দীঘলীয়া সংগ্ৰামখনতো আছিলেই কিন্তু তাৰ লগতে এচাম নতুন ডেকাই কলিকতাত পঢ়িবলৈ গৈছে একেসময়তে বেপ্টিষ্ট মিছনেৰীসকলে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে “অৰুণোদই” প্ৰকাশ কৰিছে। গৌহাটী স্কুলৰ পৰা এচাম লৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। উনবিংশ শতিকাতে আমাৰ ওপৰত মানৰ আক্ৰমণ চলিছিল,যত অসমৰ এক তৃতীয়াংশ জনসংখ্যা হ্ৰাস হৈছিল। গতিকে এটা মৰি যাব লগা এটা জাতি ৰূপে পৰিগণিত হ’বলৈ লৈছিল অসমীয়া জাতিটো। কিন্তু কৰ পৰা জানো দেৱদূতৰ দৰে এটা নৱজাগৰণ অথবা Renaissanceৰ জন্ম হ’ল যিটোৱে আমাক কিছুমান কথা নতুনকৈ চিন্তা কৰিবলৈ কিছুমান পুৰণি দস্তুৰ এৰিবলৈ বাধ্য কৰালে। অসমীয়া জাতিৰ আটাইতকৈ বেয়া সময়খিনিতে কিন্তু আমি আজি যি অসমীয়া ভাষিক অস্তিত্ব অথবা জাতীয় চেতনাৰ কথা কওঁ সি গা কৰি উঠিছিল।ঠিক বেজবৰুৱাই কোৱাৰ দৰে:
“নতুন প্ৰাণৰ
ন চকুযুৰি
দীপিতি ঢালি দে তাত,
পুৰণি পৃথিৱীক
ন-কৈ চাই লওঁ
হে বীণ। এষাৰি মাত।”
গতিকে আমি এক নতুন প্ৰান পালোঁ,যিটোৱে আমাক এযোৰ নতুন চকু দিলে যাৰ দ্বাৰা আমি আগতেই দেখি থকা কিছুমান কথা কিছুমান দস্তুৰৰ বিষয়ে নতুনকৈ চিন্তা কৰিবলৈ ললোঁ। তাত কিন্তু কোনোবা নহয় কোনোবাখিনিত কলিকতাত পঢ়িবলৈ যোৱা, বঙ্গীয় নৱজাগৰণৰ ধাৰণাৰে উদ্ধুদ্ধ ডেকাসকলৰ চিন্তা চৰ্চাৰ প্ৰভাৱ আছে যেন লাগে।
গগৈয়ে যিমানখিনি কাম কৰিছিল সেইখিনি উনবিংশ শতিকাৰ সেই চমু সময়ৰ ভিতৰতে কৰিছিল। তেখেতৰ ৰচনাসমূহলৈ যদি লক্ষ্য কৰোঁ তেন্তে দেখিম যে তেখেতৰ ৰচনাসমূহ অত্যন্ত মৌলিক। তেখেতে ল’ৰা শিক্ষাৰ তিনিওছোৱাৰ প্ৰতিটো পৃষ্ঠাতে কিছুমান ফকৰা যোজনা, প্ৰবাদ প্ৰবচন আদি যোগ কৰি পাঠসমূহ বেচ মনোগ্ৰাহী তুলিছিল। বৰ্ণ আৰু যুক্তাক্ষৰ শিকাবৰ বাবে তেখেতে প্ৰত্যেকটো বাক্য হয় তথ্যসমৃদ্ধ আৰু নহ’লে হিতোপদেশ হিচাপে লিখিছে। সেই সময়ত মাজছোৱা অৰ্থাৎ খ শ্ৰেনীৰ ল’ৰা শিক্ষা যিয়ে সুন্দৰকৈ আয়ত্ত কৰিব পাৰে তেওঁক এজন জ্ঞানী লোক হিচাবেই ধৰা হৈছিল। আনকি সেই সময়ত খ শ্ৰেনী উত্তীৰ্ণ সকলে প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষক হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল। গগৈয়ে মৌলিকভাৱে কেনেকৈ ৰচনা লিখিব লাগে তাৰ সুন্দৰ উদাহৰণ ডাঙি ধৰিছে। গৰুৰ বিষয়ে তেওঁ লিখা ৰচনাখনৰ বহু অংশ আজিও একেধৰণে ব্যৱহাৰ কৰা হয়। তেখেতে মাজছোৱা অৰ্থাৎ খ শ্ৰেণীৰ ল’ৰা শিক্ষাৰ শেষৰফালে তেখেতে সাতবাৰ,বাৰমাহ, পোন্ধৰ তিথি,দশদিক্ ষড়ৰস,ছয়ঋতুৰ সংযোগ কৰিছে। যিমানখিনি খ শ্ৰেণীৰ ছাত্ৰ এজনৰ বাবে প্ৰয়োজনীয়। তেখেতৰ খ শ্ৰেণীৰ ব্যাকৰণ পাঠসমূহ অত্যন্ত বিধিসন্মত আছিল। গগৈৰ প্ৰবন্ধৰ সংখ্যা তেনেই তাকৰ। “আমাৰ উন্নতি নে অৱনতি” “জাতীয় প্ৰেম”, “তেন্তেনো আমাৰ উপায় কি?” শীৰ্ষক তিনিটা প্ৰবন্ধহে ৰচনাৱলীত সন্নিবিষ্ট হৈছে। জাতীয় প্ৰেম নামৰ লেখাটোত তেখেতে কৈছে যে আমাৰ জাতিটোৰ প্ৰতি প্ৰেম নাই,আমি ইজনে সিজনৰ দুখ দেখোঁ, আমাৰ একতা নাই। কিন্তু যিদিনা আমি একমন একপ্ৰান হৈ মাৰ বান্ধি থিয় দিম সিদিনা আমি বিকাশৰ দিশত অগ্ৰগতি লাভ কৰিম। তেখেতে তাৰ বাবে ইতিহাসৰ পৰা ইংৰাজ জাতিৰ কিছুমান উদাহৰণ তুলি ধৰিছে। তেখেতৰ মতে জাতীয় প্ৰেমেই হৈছে জাতিৰ বিকাশৰ মূল ভিত্তি।
“আমাৰ উন্নতি নে অৱনতি?” শীৰ্ষক প্ৰবন্ধটোত তেখেতে দিনে দিনে নিম্নগামী হৈ গৈ থকা অসমীয়া জাতিটোৰ অৱস্থাৰ বিষয়ে মুকলিকৈ স্পষ্টভাৱে সকিয়াই দিছে। তেখেতে লিখিছে যে আমাৰ হাতত কৃষি নাই, বানিজ্য নাই, চাকৰি নাই তেন্তে আমাৰ উন্নতি হ’ব কেনেকৈ? তেখেতে ভাং, ফটিকা,কানি আদিয়ে যে আমাৰ জাতিটোক অকৰ্মাণ্য আৰু এলেহুৱা কৰিছে তাকো লেখাটোৰ মাজেৰে দেখুৱাই দিছে। কিন্তু সমস্যাবোৰ দেখুৱাই দিলেও সেই সমূহ নিবাৰণৰ পথ পাঠককহে বিচাৰি উলিয়াবলৈ দিছে। কিন্তু সামগ্ৰিকভাৱে তেখেতৰ কিছুমান বক্তব্য মুঠেও গ্ৰহণযোগ্য নহয়। উদাহৰণস্বৰূপে আমি চাব পাৰোঁ প্ৰবন্ধটোৰ এই কথাখিনি:”আগেয়ে আমাৰ তিৰুতা গৃহলক্ষ্মী আছিল।তিৰুতাই ৰান্ধি দিছিল, বাঢ়ি দিছিল,বৈ দিছিল,ৰুইছিল,দাইছিল, ল’ৰা ছোৱালীৰ আলপৈচানো ধৰিছিল।বিলাতী সভ্যতাৰ বতাহ পাই আমাৰ আইদেউ সকলৰো গা উঠিল, আজি আমাৰ আইদেউ সকল সুকোমলা আৰু পুৰুষ সেবিকা।আই দেউসকলতো এতিয়া আগৰ দৰে বেটী নহয়? সেই নিমিত্তে বন-বাৰী কাতিকৈ থৈ নাটক নভেলৰ পৰা মূৰ নদঙা হ’ল।আগৰ তিৰুতা আছিল লাজকুৰীয়া,মুখ তুলি কাকো কথা একেসাৰকে ক’ব নোৱাৰিছিল। কিন্তু বিলাতী সভ্যতাৰ অশেষ গুণত সিবিলাকৰ লাজৰ কু- সংস্কাৰ খিনি গুচিল। আজি আমাৰ তিৰুতা সুকোমলা, শিক্ষিতা,কু- সংস্কাৰ বৰ্জিতা আৰু পুৰুষ সেবিকা।তিৰুতাৰ ফালে ঘটিল এনে।”
তেখেতৰ “তেন্তেনো আমাৰ উপায় কি?” শীৰ্ষক প্ৰবন্ধটো আগৰ লেখা দুটাৰ পৰিপূৰক বুলিব পাৰি। কিন্তু ইতিমধ্যে তেখেতে বুজি উঠিছিল যে ব্যৱসায় কৰিবলৈ আমাৰ অৰ্থৰ অভাৱ আৰু চাকৰি মানে বিদেশী চৰকাৰৰ গোলামী কৰা। গতিকে তেখতে অসমীয়া লোকক কৃষি কৰিবলৈ উদ্বুদ্ধ কৰিছে। তেখেতে ভাং,কানি,মদ আদিয়ে কেনেকৈ আমাক ক্ষতি কৰিছে সেই বিষয়ে ইয়াত আৰু বহলাই লিখিছে। কিন্তু ইয়াতো তেখেতে নাৰী শিক্ষাৰ বিষয়ে লিখিছে:
“লেখত স্ত্রী শিক্ষাৰ বৰ পক্ষপাতী ; কিন্তু বর্তমান যি প্রণালীত স্ত্রী শিক্ষা দিয়া হৈছে, তেওঁ তাক অনুমোদন নকৰে। যি শিক্ষাৰ দ্বাৰাই তিৰোতা প্ৰকৃত ঘৈণীৰ যোগ্যা হব পাৰে, যি শিক্ষাৰ দ্বাৰাই নাৰীৰ জীৱন উন্নত হব পাৰে, যি শিক্ষাৰ দ্বাৰাই তিৰোতাই শাহু-শহুৰ, জা-ননন্দৰ কঠোৰ শাসনতো জীৱন সুখেৰে কটাবলৈ সমৰ্থা হব পাৰে, যি শিক্ষাত নাৰীয়ে সতীত্ব ধৰ্মৰ মোল বুজিব পাৰে আৰু স্বামীয়েই তেওঁৰ এক মাত্র আশ্রয়, স্বামীত বাজে তেওঁৰ শ্ৰেষ্ঠ কেওঁ নাই এই কথা বুজি স্বামীৰ সেৱা-শুশ্রূষাত দিন পাত কৰিব পাৰে, যি শিক্ষাৰ দ্বাৰাই শিশু পালন কৰিবলৈ শিকিব পাৰে; তেনে শিক্ষাহে তিৰোতাক উচিত। ঘৰুৱা বনত পাৰ্গতা কৰাই স্ত্রীশিক্ষাৰ উদ্দেশ্য ; নাইবা এম. এ. বা বি, এ মহলা দি পুরুষ প্রতিদ্বন্দ্বিতা কৰিবলৈ শিকোৱাৰ আমি ঘোৰ বিৰোধী। তিৰোতাৰ পুৰুষ তুল্য শিক্ষাৰ আৱশ্যক নাই ; তেনে শিক্ষাৰ পৰা উপকাৰতকৈ অপকাৰৰ ভাগ হে বেছি দেখিবলৈ পোৱা যায়।”
আচলতে এই ধৰণৰ কথাবোৰৰ বাবে গগৈক সম্পূৰ্ণৰূপে দোষাৰোপ কৰিব পৰা নাযায়।কিয়নো সমসাময়িক লেখকসকলৰ ৰচনাত সমাজৰ মনস্তাত্বিক দিশবোৰৰহে প্ৰতিফলন ঘটে। উনবিংশ শতিকাৰ গোটেই শতিকাটো আমি অসাম্যৰ শতিকা বুলি ক’ব পাৰোঁ।এই সময়তে ব্ৰাহ্মণ,শূদ্ৰ,আৰ্য্য অনাৰ্য্য, পুৰুষ মহিলা আদি অনেক অসাম্যৰ ধাৰণাই অসমীয়া সমাজত গা কৰি উঠিছিল।১৮৮৬চনত প্ৰকাশিত হৰিনাৰায়ন বৰা সম্পাদিত “মৌ” ৰ প্ৰথম সংখ্যাত বলিনাৰায়ণ বৰাই”তিৰুতাৰ বন কি?” শীৰ্ষক এটি প্ৰবন্ধ লিখিছিল।তাত তেখেতে স্ত্ৰী শিক্ষাৰ ঘোৰ বিৰোধিতা কৰিছে। নিজৰ যুক্তি ৰাখিবলৈ তেওঁ মনোস্মৃতি আদিৰ উদাহৰণ দিছে। তেখেতে লিখিছে যে ছোৱালীয়ে ডাক্তৰ পঢ়ি কি কৰিব? চিকিৎসক হ’লে তেওঁলোক পুৰুষৰ সংস্পৰ্শলৈ আহিব লাগিব। পুৰুষৰ নাৰি পৰীক্ষা কৰিব লাগিব,জিভা চাব লাগিব,পেট টিপিব লাগিব। ইয়াৰ দ্বাৰা তেওঁলোকৰ পবিত্ৰতা নষ্ট হ’ব। তাতকৈ নাৰীয়ে ঘৰুৱা কাম বন শিকি পতিৰ শুশ্ৰূষা কৰিব লাগে। কিন্তু মনত ৰখা ভাল যে বলিনাৰায়ন বৰা প্ৰথম অসমীয়া অভিযন্তা আছিল।গিলখ্ৰাইষ্ট্ ছাত্ৰবৃত্তি লাভ কৰি তেওঁ ইউৰোপত চিভিল ইঞ্জিনীয়াৰিং পঢ়ি আহিছিল। কিন্তু কথাতো হ’ল ইমান বছৰ বিলাতত থকাৰ পাছতো বলিনাৰায়নৰ দৰে লোকসকলৰ কোনোধৰণৰ মানসিক উত্তৰণ ঘটা নাছিল।
কিন্তু কথাতো হ’ল যে বৰাই কেৱল ডাক্তৰৰ উদাহৰণটোক কিয় বাচি লৈছিল? আচলতে ১৮৮৬ চনতেই কলিকতা মেডিকেল কলেজৰ পৰা এগৰাকী ছোৱালী স্নাতক হৈ উলাইছিল। তেখেতৰ নাম আছিল কাদম্বিনী দেৱী। পাছলৈ তেখেতে দ্বাৰকানাথ গাঙ্গুলিৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু হৈ পৰে কাদম্বিনী দেৱী গাঙ্গুলি। গতিকে কলিকতাত থকা বলিনাৰায়ন বৰা চিন্তিত হৈ পৰিছিল যে কেনেবাকৈ যদি কাদম্বিনীৰ আদৰ্শৰে অসমৰ ছোৱালী বোৰেও শিক্ষা গ্ৰহণ কৰিবলৈ ধৰে তেতিয়া বহুতো নেতিবাচক প্ৰভাৱ পৰিব। গতিকে তেখেতে লিখিছিল যে যদি ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে তেন্তে অসমত মানৰ দিনতকৈও ভয়ঙ্কৰ দিন আহিব।হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা হেমকোষৰ প্ৰথম তাঙৰণত “অ” আখৰটোৰ পৰিচয় এনেদৰে দিছে:” অ হ’ল অসমীয়া বৰ্ণমালাৰ প্ৰথম আখৰ। শব্দৰ আগত অ থাকিলে ই অভাৱ বা বেয়া বুজায়।যেনে অব্ৰাক্ষ্মণ।”তাৰ মানে কোনোবা নহয় কোনোবাখিনিত হেমচন্দ্ৰ বৰুৱাৰো সেই অসাম্যবাদী মন এটা আছিল যেন লাগে। অৱশ্যে শেষৰ ফালে তেখেতৰ এই চিন্তাৰ পৰিবৰ্তন ঘটা যেন লাগে।কাৰণ আত্ম জীৱন চৰিতত তেখেতে লিখিছে “মতা তিৰুতা দুয়োটা সমান জীয়।”বৰুৱাই অব্ৰাক্ষ্মণ ৰান্ধনীৰ হাতেৰে আহাৰ গ্ৰহণ কৰাৰ বাবেই মৃত্যুৰ পাছত উজানবজাৰৰ কোনো লোকেই তেওঁক নৱগ্ৰহ শ্মশানলৈ নিবলৈ মান্তি নহ’ল। শেষত কেইজনমান বঙালী ভদ্ৰ লোকে তেওঁক শ্মশানলৈ নিব লগা হয়।
গগৈয়ে তেওঁৰ লৰা শিক্ষাৰ শেষছোৱাত এঠাইত লিখিছে যে আমি জাতি কুল, বৰ্ণ ধৰ্ম বিচাৰ নকৰি ভাতৃবৎ মিলাপ্ৰীতিৰে থাকিব লাগে।যেনেদৰে আনন্দৰাম ঢেকিয়াল ফুকনে তেখেতৰ “ইংলেণ্ডৰ বিবৰণ” শীৰ্ষক ৰচনাখনত লিখিছিল :”হে ক্ৰিপামই জগদিস্বৰ এই অসম দেসৰ লোকসকলক স্বদেস সভ্য,গিয়ানি আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া,সিবিলাকৰ অভাৱ,দুৰঅৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ সক্তিৰে সিবিলাকক সভ্য কৰা আৰু তোমাক জানিবৰ আৰু আগ্যা পালিবৰ জোগ্য কৰা।জিদিনা অসম হাবি গুচি ফুলবাৰি হ’ব,নৈত ডোঙ্গা গুচি জাহাজ হ’ব,ঘৰ বাঁহৰ গুচি সিল ইটাৰ হ’ব,গাঁৱে গাঁৱে হেজাৰ হেজাৰ পৰ্হাসালি হ’ব,গিয়ানৰ সভা,চিকিত্সালই,দুখিয়া দৰিদ্ৰৰ পৰিত্ৰানৰ আলয় হ’ব,আৰু জি কালত লোকসকলে পৰস্পৰক হিংসা নকৰি,আটায়ে আটাইক ভাত্ৰিৱত চেনেহ কৰিব,কেৱে দুটকা কানিৰ সলনি মিচা সাখি নিদি লাখ টকাকো কাতি কৰি থব,কোটি টকা ভেটি পাইও কাৰো অন্যায় নকৰিব,বেস্যা,কানি আৰু সুৰা এই কথা দেসত লোকে ভু নোপোআ হ’ব,সেই সময় হে পৰম পিতা জগদিস্বৰ সিঘ্ৰে ঘটোআ।”
কিন্তু ফুকনে যে কৈছিল যে জ্ঞানৰ সভা, এই কথাবোৰ আচলতে আহিছিল ক’ৰ পৰা? জ্ঞানৰ সভা বুলি কওঁতে আমি মনত পেলাব পাৰোঁ ফ্ৰাঞ্চিছ বেকনৰ “Solomon’s House”ৰ কথা। তাৰ লগতে হাবি গুচি ফুলবাৰি হ’ব বুলি কোৱাৰ লগে লগে মনলৈ আহে ১৮৬০ চনত প্ৰকাশিত জেকব বুৰখাৰ্টৰ ” The Civilization of Renaissance in Italy” কিতাপখনৰ প্ৰথম অধ্যায়টোৰ কথা। তাৰ প্ৰথম অধ্যায়টোৰ নাম আছিল “The State as an Work of Art” এটা কলাকৰ্ম ৰূপে নিজৰ ঠাইখনক চোৱাৰ প্ৰবনতা। তাৰেই যেন অনুৰণন আছিল ফুকনৰ এই কথাখিনি। অৱশ্যে উনবিংশ শতিকাটো অসাম্যৰ শতিকা হ’লেও বিংশ শতিকাত কিছু পৰিবৰ্তন আহিল।কাৰণ বিংশ শতিকাত বানীকান্ত কাকতিয়ে বধকাব্যৰ বিষয়ে লিখা ৰচনাখনত বাৰে বাৰে সাম্য শব্দটো উচ্চাৰিত হৈছে।
গতিকে এই জাতীয় সংকটৰ সময়ত আমি এইধৰণৰ কথাবোৰ চিন্তা কৰা উচিত আৰু এইসমূহৰ বিষয়ে অধ্যয়ন আৰু গৱেষণাৰ মাজেৰে বৰ্তমানৰ সমস্যাসমূহৰ সমাধান বিচাৰি চোৱাৰ প্ৰয়োজন আছে। ইতিমধ্যে ড০ অৰবিন্দ ৰাজখোৱাই উনবিংশ শতিকাৰ সেই ইতিহাস সেই ঐতিহ্যক ধৰি ৰখাৰ এক প্ৰয়াস বিভিন্ন প্ৰবন্ধ আৰু “জাতীয় ঐতিহ্য আৰু সাহিত্য”ৰ মাজেৰে কৰিছে, তাৰ বাবে তেখেত ধন্যবাদৰ পাত্ৰ।।
তথ্যসূত্ৰ
(১) প্ৰবন্ধঃ(২০১৭),দেৱ গোস্বামী ৰঞ্জিত কুমাৰ,লয়াৰ্ছ বুক ষ্টল
(২)পানীন্দ্ৰনাথ গগৈ ৰচনাৱলীঃ(২০০৩), বৰুৱা ড০ হেমন্ত কুমাৰ (সম্পা),বানী মন্দিৰ
(৩) ৰাজখোৱা ড০ অৰবিন্দ, জাতীয় ঐতিহ্য আৰু পানীন্দ্ৰনাথ গগৈ, প্ৰকাশ,ডিচেম্বৰ,২০২১
(৪) দেৱগোস্বামী ৰঞ্জিত কুমাৰ, নৱজাগৰণৰ ধাৰণা আৰু অসমীয়া সংস্কৃতি (প্ৰভাৱতী শইকীয়া সোঁৱৰণী বক্তৃতা,১১ ফেব্ৰুৱাৰী,২০১১)
(৫) শইকীয়া হীৰেণ, অসমীয়াৰ নোবেল বঁটাৰ স্বপ্ন আৰু এদল জাৰ্মান পণ্ডিত এক দস্তাবেজৰ আঁত ধৰি, অসমীয়া প্ৰতিদিন শৰৎ সমগ্ৰ,২০১৪