কেন্দ্ৰীয় নিবন্ধ

বিহংগম দৃষ্টিৰে ঊনৈশ শতিকাৰ অসমীয়া বিদ্বৎ সমাজ ‌।‌। ৰূপক বৰুৱা

খণ্ড-১

মানুহৰ ক্ৰমবিকাশৰ কোনো স্তৰত হোৱা বোধ শক্তি (Cognitive power)ৰ উদ্ভৱে মানুহক আন জীৱৰ পৰা পৃথক কৰি তুলিলে। ক্ৰমবিকাশৰ এটা স্তৰত মানুহে ভাষা সৃষ্টি কৰিলে। এই ভাষাৰ দ্বাৰা  নিজৰ চৌপাশৰ  পৰা আহৰণ কৰা তথ্য  তথা জ্ঞানক এটা সাংকেতিক ৰূপ দিয়া হ’ল আৰু ইয়াৰ দ্বাৰা জ্ঞানক আনলৈ প্ৰেৰণ কৰা আৰু যোগাযোগ  কৰা সহজসাধ্য হৈ পৰিল। ইয়াৰ লগে লগে বাস্তৱত নথকা বস্তু  বা নঘটা  ঘটনাকো উৰ্বৰ কল্পনা শক্তিৰ আৰু  ভাষাৰ দ্বাৰা সৃষ্টি  কৰিব পৰা হ’ল। বিমূৰ্ত ধাৰণা কিছুমানেও মানুহৰ মনত ঠাই ল’লে। বিভিন্ন ধৰণৰ উপাখ্যান (Myth)ৰ সৃষ্টি কৰা হ’ল। ইয়াৰ পৰাই ভাববাদৰ বিকাশ হ’ল। কিন্তু সকলো বিমূৰ্ত ধাৰণাই ভাববাদ নহয়। এটা সময়ত যেতিয়া তথ্য তথা জ্ঞানৰ পৰিমাণ মগজুত সংৰক্ষণ কৰা অসম্ভৱ হৈ পৰিল বা আন আন কাৰকৰ প্ৰভাৱত মানুহে লিখি ৰখা কৌশল আৱিষ্কাৰ কৰি ল’লে। সাধাৰণতে পুৰোহিত শ্ৰেণীটো লিখি ৰখা এই কামটোত নিয়োজিত আছিল। ৰাষ্ট্ৰ গঠন হোৱাৰ পৰাই তথ্য লিখি ৰখাৰ গুৰুত্ব বৃদ্ধি পালে।
ৰাষ্ট্ৰ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা শিক্ষিত আমোলা- বিষয়া, নিৰ্মাণকাৰ্য্যৰ সংগঠক আৰু অন্যান্য শিক্ষিত লোকসকল লৈ সাধাৰণ মানুহৰ পৰা পৃথক এখন বিদ্বৎ সমাজ গঠিত হ’ল। সেই সময়ৰ বিদ্বান সকলে সাধাৰণতে ৰজা বা শাসক শ্ৰেণীৰ পৃষ্ঠপোষকতাত জ্ঞান চৰ্চা কৰিছিল আৰু তেওঁলোকে ৰাজকাৰ্য্যত সহায় কৰা বাদেও বিভিন্ন উপাখ্যান নিৰ্মাণ কৰি ৰজা আৰু ৰাজতন্ত্ৰক মহিমামণ্ডিত কৰিছিল। আন দিশতো  বিশ্বৰ বিভিন্ন সভ্যতাত বিদ্বান সকলে  নিজৰ স্বাক্ষৰ ৰাখি গৈছে আৰু সভ্যতাৰ অগ্ৰগতিত অৱদান আগবঢ়াইছে। মানৱ সমাজলৈ তেওঁলোকৰ অৱদান অনস্বীকাৰ্য। দৰ্শন, বিজ্ঞান, সাহিত্য ৰাজনীতি আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াইছিল। কিন্তু তাৰ লগে-লগে  এই  বিদ্বান শ্ৰেনীটোৱে কিছুমান  মিথ তৈয়াৰ কৰি শাসক শ্ৰেণীক সুৰক্ষিত কৰিছিল। আন এটা শ্ৰেণীৰ ওপৰত হোৱা শোষণ দমনক নাৰ্য্যতা দিছিল। সেই সময়ত বিদ্যা চৰ্চা সীমিত পৰিসৰত উচ্চ স্থানত  থকা নিৰ্দিষ্ট লোকৰ মাজত হৈছিল। ইয়াৰ প্ৰভাৱো সমাজত প্ৰবল নাছিল। আটাইতকৈ পুৰণি সভ্যতা ইজিপ্ত, মেচ’পটেমিয় সভ্যতাতো বিদ্যাচৰ্চা কেৱল পুৰোহিত সকলৰ মাজতে সীমাবদ্ধ আছিল। ইয়াত কলা আৰু বিজ্ঞান দুয়োবিধেই চৰ্চা হৈছিল যদিও নতুন চিন্তা- চৰ্চাই গুৰুত্ব পোৱা নাছিল। পৰম্পৰাগত শিক্ষাইহে গুৰুত্ব পাইছিল। প্ৰাচীন ভাৰততো প্ৰধানকৈ পুৰোহিত শ্ৰেণীটো আৰু ক্ষত্ৰিয় সকলেই বিদ্বান আছিল আৰু তেওঁলোকেই বিদ্যা শিক্ষা চৰ্চা কৰিছিল। বেদ,উপনিষদ, স্মৃতি শাস্ত্ৰবোৰেই এই শিক্ষাৰ মূল আধাৰ আছিল। নিম্ন শ্ৰেণীৰ লোকসকলক বেদকে আদি কৰি কোনো ধৰ্ম শাস্ত্ৰ অধ্যয়ন কৰিবলৈ দিয়া হোৱা নাছিল। এই গ্ৰন্থবোৰ সংস্কৃত ভাষাত লিখা হৈছিল যিটো জনসাধাৰণৰ ভাষা নাছিল। ব্যতিক্ৰম আছিল বৌদ্ধধৰ্ম আৰু জৈন ধৰ্মৰ গ্ৰন্থবোৰ। এই গ্ৰন্থবোৰ জনসাধাৰণৰ মুখৰ ভাষা ‘পালি’ত লিখা হৈছিল। গণোবোৰ ভাঙি ৰাষ্ট্ৰ নিৰ্মণৰ কালছোৱাত সামাজিক, ৰাজনৈতিক যি জটিল পৰিস্থিতি সৃষ্টি হৈছিল তেনে পৰিস্থিতিত সাধাৰণ মানুহৰ জীৱন-যাপনৰ পথ  বৌদ্ধ আৰু মহাবীৰে নিৰ্ণয় কৰি দিব বিচাৰিছিল। প্ৰাচীন ভাৰতত লোকয়ায়িত নামৰ এক শ্ৰেণীৰ বিদ্বানলোক আছিল। জ্ঞান চৰ্চাত তেওঁলোকে যুক্তি প্ৰয়োগ কৰিছিল আৰু সকলো ধৰণৰ কৰ্তৃত্বৰ  অস্বীকাৰ কৰিছিল। বেদৰ কৰ্তৃত্ব তেওঁলোকে অস্বীকাৰ কৰিছিল। প্ৰাচীন ভাৰতত তেওঁলোকৰ পৰাই ‘নাস্তিকতাবাদ’ৰ উদ্ভৱ হৈছিল। ভাববাদৰ শক্তিশালী  উত্থান আৰু ব্ৰাহ্মণ্যবাদৰ প্ৰভাৱত ইয়াৰ পৰিসৰ  সীমিত হৈ পৰিছিল।প্ৰাচীন মায়া সভ্যতাতো জ্ঞান আৰ্জনক গুৰুত্ব দিয়া হৈছিল। তাতো পুৰোহিত সকলেই জ্ঞানৰ প্ৰচাৰ কৰিছিল। কিন্তু ই সাধাৰণ লোকৰ বাবে নাছিল। মধ্য যুগতো বিদ্বান সকলে সমাজত বিশেষ ভুমিকা লৈ আছিল। ৰাজতন্ত্ৰ আৰু  শাসক শ্ৰেণীৰ স্বাৰ্থত  তেওঁলোকে সামান্তীয় ধ্যান-ধাৰণাহে সমাজত প্ৰচাৰ কৰি সমাজক স্থবিৰ কৰি তুলিছিল। কিন্তু ওঠৰ-ঊনৈশ শতিকাত বিদ্বান সকলৰ চৰিত্ৰ সলনি হৈ পৰিল। সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বজুৰি তেওঁলোকে বিশেষ ভুমিকা ল’লে। বিদ্বান সকলৰ এই  পৰিৱৰ্তন আৰু ভুমিকাৰ কথা বুজিবলৈ ইয়াৰ আগৰ বিশ্বৰ কিছু ঘটনা প্ৰবাহ লক্ষ্য কৰিব লাগিব।
প্ৰথমেই নাম ল’ব লাগিব ইউৰোপত হোৱা নৱজাগৰণ (RENAISSANCE) আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হোৱা দীপ্তিকাল (ENLIGHTENMENT) আৰু শিল্প বিপ্লৱৰ কথা। এইবোৰৰ  প্ৰভাৱ মানৱ ইতিহাসত আছিল  সুদূৰপ্ৰসাৰী। নৱজাগৰণৰ সময়ত পুৰণি গ্ৰীক আৰু ৰোমান সভ্যতাৰ আলোকত শিল্প, সাহিত্য, দৰ্শন সকলো কথা নতুন চেতনাৰে পোহৰাই তুলিলে। দীপ্তিকালত (ENLIGHTENMENT)  সামন্তীয় চিন্তা আৰু ধৰ্মীয় বন্ধনীৰ পৰা মুক্ত হৈ মানুহে মানৱীয় চেতনাৰ সকলো দিশ – বিজ্ঞান, কলা-সংস্কৃতি, সাহিত্য, সংগীতৰ কেন্দ্ৰীয় বিষয় মানুহ হৈ পৰিল। যিবিলাক এটা সময়ত ধৰ্ম কেন্দ্ৰিক আছিল। ১৪৪৮ চনত শংকৰদেৱৰ  জন্মৰ এবছৰৰ আগতে গুটেনবাৰ্গে আধুনিক ছপা যন্ত্ৰ আৱিষ্কাৰ কৰে। ই মানুহৰ নতুন চিন্তাধাৰা  প্ৰসাৰ ঘটোৱাত  বৈপ্লৱিক ভূমিকা গ্ৰহণ কৰে। এই আৱিষ্কাৰৰ পৰা ১০০ বছৰৰ ভিতৰত বিভিন্ন ধৰণৰ ছপা কিতাপেৰে ইউৰোপৰ বজাৰ ভৰি পৰে। দাৰ্শনিক, বিজ্ঞানীসকলৰ ধাৰণা, কথা সাধাৰণ মানুহৰ মাজতো এই ছপা কিতাপৰ বাবেই প্ৰচাৰ হ’বলৈ ধৰিলে।জ্যোতিৰ্বিজ্ঞানী ক’পাৰনিকাছৰ গ্ৰহ-নক্ষত্ৰৰ গতি বিষয়ক প্ৰকাশ পোৱা গ্ৰন্থখনে  মানুহৰ ধৰ্ম কেন্দ্ৰিক ধাৰণাক পোণপোটীয়াকৈ আঘাত কৰিলে। মহান বিজ্ঞানী নিউটনৰ আবিষ্কাৰৰ কথাবোৰ কিতাপ আকাৰে প্ৰকাশ পোৱাৰ লগে লগে মানুহৰ মাজতো ইয়াৰ প্ৰসাৰ ঘটিল। টমাচ পেইন, ৰুচ’, ভল্টেয়াৰ, লকৰ দৰে চিন্তানায়ক সকলৰ কিতাপ বহল পৰিসৰত ছপা কৰা হ’ল আৰু পাঠকো পালে। সেইদৰে তেওঁলোকৰ যুক্তিবাদ, ব্যক্তিবাদকে আদি কৰি আধুনিক ধাৰণাবোৰ মানুহৰ মাজত প্ৰচাৰ হ’ল। মানুহে নতুন চিন্তাৰ পোহৰত নিজকে আৰু চাৰিওফালৰ সমাজ আৰু পৰিৱেশক চাবলৈ ধৰিলে আৰু ইয়াতকৈ নতুন অৱস্থালৈ পৰিৱৰ্তনৰ কাৰণে প্ৰচেষ্টা চলাবলৈ ধৰিলে। ৰুচ’, ভল্টেয়াৰৰ দৰে দাৰ্শনিকৰ লেখনিয়ে ফৰাচী বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল। এনেদৰে সমাজত বিদ্বান সকলৰ ভুমিকাই এটা বেলেগ মাত্ৰা লাভ কৰিলে। অসমৰ সমাজ জীৱনতো বিদ্বান সকলৰ ভুমিকা অনস্বীকাৰ্য।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ শাসন ভাৰ বৃটিছৰ  হাতলৈ যোৱাৰ লগে লগে ছশ বছৰীয়া আহোম ৰাজতন্ত্ৰৰ পতন ঘটিল আৰু এক নতুন যুগ আৰম্ভ হ’ল। বৃটিছে ঔপনিৱেশিক শোষণৰ লগতে আমাৰ দেশলৈ লৈ আহিল পশ্চিমীয়া শিক্ষা আৰু আধুনিক ধাৰণাবোৰ। এই বৃটিছ শাসনকালতে অসমীয়া মধ্যশ্ৰেণীটো উদ্ভৱ হয়। নিম্নবৰ্গৰ ইতিহাস চৰ্চ্চাকাৰী পাৰ্থ চেট্টাৰ্জীয়ে বংগৰ মধ্যশ্ৰেণীৰ কথা ক’বলৈ গৈ লিখিছে- The terms middle class, literati, and intelligentsia all have been used to describe it. Marxists have called it a petty bourgeoisie, the English rendering of petit marking its character with the unmistakable taint of historical insufficiency. A favorite target of the colonizer’s ridicule, it was once famously described as ‘an oligarchy of caste tempered by matriculation’. More recently, historians inspired by the well-meaning dogmas of American cultural anthropology called it by the name the class had given to itself—the bhadralok, ‘respectable folk’; the latter interpreted the attempt as a sinister plot to malign its character. Whichever the name, the object of description has, however, rarely been misunderstood: in the curious context of colonial Bengal, all of these terms meant more or less the same thing. অসমৰ ক্ষেত্ৰতো ইয়াক গ্ৰহণ কৰিব পাৰি।
ঊনৈশ শতিকাৰ অসমীয়া বিদ্বৎ সমাজখনো এই মধ্যশ্ৰেণীটোৱেই আছিল। সেইহে বিদ্বানসকলে গোটেই সমাজখনৰ স্বাৰ্থতকৈ নিজ শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰাতহে বেছি গুৰুত্ব দিছিল। বৃটিছ ঔপনিৱেশিক শাসনে নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ কাৰণে মধ্যশ্ৰেণীটোৰ স্বাৰ্থ এটা সীমাৰ মাজত পূৰ কৰিছিল আৰু মধ্যশ্ৰেণীটোৱে বৃটিছৰ সহকাৰী হিচাপে কাম কৰিছিল। অসমীয়া সমাজখনৰ  ৰূপান্তৰ আৰু  অসমীয়া জাতি গঠনৰ বেলিকা এই বিদ্বানসকলে এনেধৰণৰ বিভিন্ন সীমাবদ্ধতাৰ মাজৰে আগবাঢ়িব লগা  হৈছিল।

আধুনিকতাৰ ধাৰণাৰ লগত  বৃটিছ উপনিৱেশ শাসনৰ বৈধতাৰ প্ৰশ্নটো জড়িত হৈ আছে। এটা বাগধাৰা সৃষ্টি কৰা হৈছিল যে  উপনিৱেশ শাসনৰ যোগেদি আফ্ৰিকা আৰু উত্তৰএছিয়াৰ আদিম,সভ্যতাৰ পোহৰ নপৰা লোক সকলক  সভ্যতাৰ পোহৰ বিলাবলৈ যেন তেওঁলোক আহিছে । Rudyard Kipling-এ লিখিছিল-
Take up the White Man’s  burden
Send forth the best  ye breed-
Go bind your sons to exile
To serve your captives need;
To wait in heavy harness,
On fluttered folk and wild-
Your new-cought ,sullen peoples,
Half devil and half-child.
সত্যক ঢাকি তেওঁলোকে প্ৰচাৰ কৰিছিল নানা উপাখ্যান। তেওঁলোকৰ অতিমাত্ৰা শোষণৰ ফলত নবাবৰ দিনৰ সমৃদ্ধিশালী বংগ দৰিদ্ৰ হৈ পৰিছিল। বৃটিছৰ ৰাজত্ব কালত একেৰাহে হোৱা কেইবাটাও দুৰ্ভিক্ষই ইয়াৰ প্ৰমাণ। এজন ইতিহাসবিদে সেয়েহে কৈছে- “বৃটিছসকলৰ ভাল কামক লৈ যেনেদৰে এখন বিশ্বকোষ লিখিব পাৰি তেনেদৰে তেওঁলোকৰ বিশ্বজুৰি  যি বৰ্বৰতা, শোষণ, নিৰ্য্যাতন তাক লৈও এখন বিশ্বকোষ লিখিব পাৰি।”

অসমত তথাকথিত আধুনিকতাৰ আৰম্ভণী ঘটিছিল বৃটিছৰ ছত্ৰছায়াত। আধুনিকতাৰ কাৰণে যি  বস্তুগত তথা  আৰ্থ-সামাজিক ভেটি গঢ়ি উঠিব লাগিছিল তাৰ অবিহনে অসমত ইয়াৰ আৰম্ভ হৈছিল বৃটিছ ঔপনিবেশবাদৰ স্বাৰ্থত আৰু ইয়াৰ অৰ্থ  অতি সীমিত হৈ পৰিছিল।  তথাপি ৰাজনৈতিক, সামাজিক, যোগাযোগা ব্যৱস্থাৰ ক্ষেত্ৰত হোৱা কিছু পৰিৱৰ্তনে আধুনিকতাৰ বাৰ্তা  বহন কৰি আনিছিল। পৰিৱৰ্তন ঘটিছিল কিন্তু প্ৰকৃততে আধুনিকতা বুলিলে যি বুজা যায় তাৰ কোনোটো  বৈশিষ্ট্যই ঊনৈশ শতিকাৰ অসমত হোৱা পৰিৱৰ্তনত নাছিল।  প্ৰশাসনিক, যোগাযোগ, ভূমি ব্যৱস্থা শিক্ষা আদি ক্ষেত্ৰত  নিজ স্বাৰ্থত বৃটিছসকলে পৰিৱৰ্তন আনিছিল। সেই সময়ৰ বিদ্বৎ সমাজখনে সাম্ৰাজ্যবাদী বৃটিছসকলকে আধুনিকতাৰ বাহক বুলি ভাবিছিল আৰু বৃটিছ শাসনৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰিছিল। ইংৰাজী শিক্ষা গ্ৰহণ কৰা, ইংৰাজৰ চাল-চলন, খাৱন-শোৱন অনুসৰণ কৰাটোৱেই আধুনিকতাৰ নামান্তৰ হৈ পৰিছিল। মানৱতাবাদ, বিজ্ঞানমনস্কতা, গণতান্ত্ৰিক ধাৰণা, ব্যক্তিস্বাধীনতা, নাৰী স্বাধনীতা(?) আদিৰ দৰে আধুনিক ধাৰণাবোৰৰ দ্বাৰা সেইসময়ৰ বিদ্বৎ সমাজৰ চিন্তা  জগত কেনেদৰে প্ৰভাৱিত হৈছিল তাৰ বিষয়ে তেওঁ লোকৰ লিখনিত পোৱা নাযায়। মুক্তচিন্তা, বৈজ্ঞানিক যুক্তিবাদ আৰু ব্যক্তিত্বৰ পূৰ্ণ বিকাশ আছিল আধুনিকতাৰ মূল বৈশিষ্ট্য। এখন পৰাধীন, ঔপনিৱেশিক শাসিত দেশত ইবিলাক ইমান সুলভ নাছিল। এমুঠিমান বৰ্ণহিন্দু মানুহক নিজৰ স্বাৰ্থতে বৃটিছে শিক্ষিত কৰি লৈছিল। ১৮১৩চনৰ চনদত শিক্ষাক গুৰুত্ব দিয়া হৈছিল‌। তাতে দেশীয় অভিজাত শ্ৰেণীটোৱে বৃটিছৰ শাসনক আন্তৰিকতাৰে মানি লয়। হেষ্টিংছকে ধৰি বৃটিছ গবৰ্ণৰ জেনেৰেলসকলে যি প্ৰাচ্যতত্ত্ব(Orientalism)ক উৎসাহিত কৰিছিল তাৰ মূলতে দেশীয় অভিজাত সকলৰ সন্মতি (consent) আদায় কৰা। অৰ্থনীতিত নোবেল বিজয়ী অমৰ্ত্য সেনে তেওঁৰ The argumentative Indian গ্ৰন্থত (page১৪৯৯)ত লিখিছে–“This view of the poverty of Indian intellectual traditions played a major part in educational reform  in British India, as is readily seen from the 1835 ‘minute of Indian Education’, written by Macaulay himself. The priorities in Indian education were determined, henceforth, by a different  emphasis – by the need, as Macaulay argued, for a English-educated Indians  who could ‘be interpreters between us and the millions whom we govern. আনহাতে ইংৰাজী শিকাটো অভিজাত ভাৰতীয় সকলৰ কাৰণে আভিজাত্যৰ প্ৰতীকো হৈ পৰিছিল। কিন্তু এই ইংৰাজী শিক্ষাই ১৮আৰু ১৯শতিকাত  ইউৰোপত হোৱা পৰিৱৰ্তন, বিশ্বৰ বিভিন্ন সভ্যতা-সংস্কৃতিৰ বিষয়ে নব্য শিক্ষিত শ্ৰেণীটোক জানিবলৈ সুবিধা দিলে। ইয়াৰ ফল আছিল সুদূৰপ্ৰসাৰী। অমৰ্ত্য সেনে সেইহে লিখিছে, -Britain did indeed serve as India’s primary western contact, particularly in the course of the 19th century. The importance of this influence would be hard to neglect. The indigenous globalized culture that was slowly emerging in India was deeply indebted not only to British writing, but also to books and articles in other – that is non-English – European languages that became known in India through the British. Figures such as the Calcutta philosopher Ram Mohan Roy, born in 1772, were influenced not only by traditional knowledge of Sanskrit, Arabic and Persian texts, but also by the growing familiarity with English writings. After Roy, in Bengal itself there were also Ishwar Chandra Vidyasagar, Madhusudan Dutta and several generations of Tagores and their followers who were re-examining the India they had inherited in the light of what they saw happening in Europe in the 18th and 19th centuries. Their main – ———- source of information were the books (usually in English) circulating in India, thanks to British rule. That intellectual influence, covering a wide range of European cultures, survives strongly today, even as the military, political and economic power of the British has declined dramatically.

অসমতো ইংৰাজী শিক্ষাই আধুনিক জ্ঞানৰ দুৱাৰ মুকলি কৰিলে। প্ৰথম অৱস্থাত দেশীয় লোকে বিদেশীৰ ভাষা বুলি  ইয়াক গ্ৰহণ কৰা নাছিল। পৰশুৰাম বৰুৱাৰ ৰক্ষণশীল চিন্তাৰ বাবেই তেওঁৰ পুত্ৰ  হলিৰাম ঢেকিয়াল ফুকন ইংৰাজী শিক্ষাৰ পৰা বঞ্চিত হৈছিল। সেইকালত বিশ্বাস আছিল  বিদেশী শিক্ষা  গ্ৰহণ কৰিলে মৃত্যুৰ পিছত পিতৃ সকলক পিণ্ড -তৰ্পন কৰিব নোৱাৰিব। যজ্ঞৰাম ফুকন, হলিৰাম ফুকনৰ ভায়েক আছিল। তেওঁ আছিল সেইসময়ৰ গুৱাহাটী তথা অসমৰ একমাত্ৰ ইংৰাজী জনা লোক। তেওঁ ইংৰাজী ভাষাত কবিতা লিখিছিল। ‘সমাচাৰ দৰ্পণ’ নামৰ বাংলা ভাষাৰ আলোচনী খনে  তেওঁৰ  ইংৰাজী কবিতা বাংলালৈ অনুবাদ কৰি প্ৰকাশ কৰিছিল।সতীদাহ প্ৰথা নিষিদ্ধ কৰাৰ বাবে বৃটিছ চৰকাৰক অভিনন্দন জনাই “সামাচাৰ দৰ্পণ” কাকতত চিঠি লিখিছিল।এই চিঠিত ৰামমোহন ৰায়ক  প্ৰশাংসা কৰিছিল আৰু ৰক্ষণশীল  ব্ৰাহ্মণ সকলক ঠাট্টা কৰিছিল। তেওঁ আছিল  কলিকতালৈ গৈ নিজ ধৰ্ম ত্যাগ কৰা প্ৰথমজন অসমীয়া। তেওঁ ব্ৰাহ্ম ধৰ্ম গ্ৰহণ কৰিছিল। পুৰণি জীৱন- প্ৰণালী ত্যাগ কৰি তেওঁ বৃটিছ সকলৰ দৰে থাকিছিল। মেজত বহি মদ আৰু গো-মাংস খাইছিল। তেওঁ প্ৰথম গুৱাহাটীত ইংৰাজী স্কুল প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী।ইয়াতেই আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰথমে ইংৰাজী শিক্ষা গ্ৰহণ কৰিছিল।
আনন্দৰাম ঢেকিয়াল ফুকনক অসমৰ নৱজাগৰণৰ পিতৃ বুলি কোৱা হয়। সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশত আনন্দৰাম ঢেকিয়াল ফুকনে যিখিনি কৰিছিল তাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ থাকিব। তেওঁ আছিল কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা   প্ৰথমজন অসমীয়া। কলিকতাৰ হিন্দু কলেজত আধুনিক শিক্ষা লবলৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি  লগুৱা-লিগচৌৰ সৈতে যাত্ৰা কৰি তেওঁ কলিকতা পাইছিলগৈ আৰু হিন্দু কলেজত নাম লগাইছিল। কিন্তু ঘৰুৱা অসুবিধাৰ কাৰণে তেওঁ শিক্ষা আধৰুৱা কৰি উভতি আহিছিল। উভতি বৃটিছ চৰকাৰৰ তলত তেওঁ চাকৰি লাভ কৰিছিল আৰু দোপত দোপে উন্নতি কৰি আয়ুক্ত, উপ-আয়ুক্ত, এক্সট্ৰা এচিষ্টেণ্ট কমিছনাৰ আদি পদত নিযুক্তি লাভ কৰিছিল‌। অসমীয়া ভাষা পুনৰ কোৰ্ট- কাছাৰী আৰু বিদ্যালয়ৰ শিক্ষা মধ্যম হিচাপে প্ৰতিষ্ঠা কৰাত তেওঁ অতি বলিষ্ঠ ভুমিকা লৈছিল।মফট মিলচলৈ দিয়া স্মাৰক পত্ৰখনত ঢেকিয়াল ফুকনৰ স্বপ্নদ্ৰষ্টা, দূৰদৰ্শী, বিচক্ষণ মন, স্বদেশ অনুৰাগৰ পৰিচয় পোৱা যায়। শিৱনাথ বৰ্মনে সেইহে লিখিছে- “মোফাট মিলছলৈ তেওঁ দিয়া বিখ্যাত ৰিপোৰ্টখনেই আনন্দৰামৰ যুক্তিবাদী মনোভাৱৰ জ্বলন্ত নিদৰ্শন। অসমত আধুনিক কল-কাৰখানা প্ৰতিষ্ঠা কৰা, বৈজ্ঞানিক আৰু কাৰিকৰী বিদ্যালয় খোলা, magic, incantation and charms” অৰ্থাৎ জৰা-ফুকা,মন্ত্ৰ আৰু তাবিজ- মাদলিৰ প্ৰতিষেধকৰূপে চিকিৎসা বিদ্যালয় প্ৰতিষ্ঠা কৰা, বিবাহ আৰু জন্ম মৃত্যু পঞ্জীয়ন কৰা ইত্যাদি এশ-এবুৰি বিজ্ঞানসন্মত পৰামৰ্শ আনন্দৰামে তাহানিতে মিলছৰ জৰিয়তে ইংৰাজ চৰকাৰলৈ আগবঢ়াইছিল।” এই ৰিপোৰ্টখনৰ দ্বাৰা ঢেকিয়াল ফুকন ভবিষ্যত আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা হিচাপে উদ্ভাসিত হৈছে। কিন্তু তেওঁৰ এই স্বপ্ন বাস্তৱ ভিত্তি আছিল দুবাৰকৈ ভ্ৰমণ কৰি অহা কলিকতা চহৰ আৰু ইংলেণ্ডৰ বিষয়ে পঢ়া আৰু বৃটিছ লোক সকলৰ পৰা শুনা কথাবোৰ। বৃটিছসকলে কলিকতা চহৰ কেনেদৰে গঢ়ি তুলিছিল সেইয়া তেওঁ জ্ঞাত আছিল। দ্বিতীয় বাৰ তেতিয়া তেওঁ কলিকতালৈ গৈছিল তেতিয়া তেওঁ কলিকতা মেডিকেল কলেজ,ব’টানিকেল গাৰ্ডেন  আৰু বৃটিছ  মিউজিয়ামত ভ্ৰমণ কৰি অভিভূত হৈছিল। কলিকতা মেডিকেল কলেজত অসমৰ কেইবাজনো ছাত্ৰ সেইসময়ত পঢ়ি আছিল। এনে  অভিজ্ঞতাই হয়তো  স্বদেশ অনুৰাগী ঢেকিয়াল ফূকনক  নিজৰ অতি পিচপৰা জন্মভূমি বিষয়ে    এনেদৰে ভাবিবলৈ  উৎসাহিত কৰিছিল। সেইহে মফট মিলছলৈ দিয়া ৰিপোৰ্টখন  তেওঁৰ যুক্তিবাদী মনৰ পৰিচয়াক  নহয়।ঢেকিয়াল ফুকন যুক্তিবাদী আছিলনে নাই তাক জানিবলৈ ফুকনৰ জীৱনৰ কিছুমান কথা চালি জাৰি চাব লাগিব।
পশ্চিমীয়া শিক্ষাই ঢেকিয়াল ফুকনৰ মানসিকতা সলনি কৰিছিলনে?আধুনিক শিক্ষা গ্ৰহণ কৰি ফুকনে পুৰণি যুক্তিহীন  চিন্তাক কিমিনখিনি পৰিত্যাগ কৰিব পাৰিছিল?গুণাভিৰাম বৰুৱাই ৰচনা কৰা “আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ”ত ঢেকিয়াল ফুকনৰ জীৱনৰ কেতবোৰ এনে কথা উল্লেখ  আছে যি তেওঁৰ মানসিকতাৰ পুৰণিকলীয়া আৰু যুক্তিহীন দিশটো উম্মোচিত কৰে। ঢেকিয়াল  ফুকনৰ  আধুনিক শিক্ষাৰ গ্ৰহণৰ বিষয়ে গুণাভিৰামে লিখিছে এনেদৰে – ” আহিবৰ সময়ত তেওঁ পাটীগণিত, প্ৰায় সম্পূৰ্ণ বীজ গণিতৰ সামান্য নিয়ম, জ্যামি- তিৰ প্ৰথম অধ্যায়, ইংলণ্ড, ৰোম, গ্ৰীচ আৰু ভাৰতবৰ্ষৰ ইতিহাস, ইংৰাজী কাব্য-সংগ্ৰহ প্ৰভৃতি গ্ৰন্থ পাঠ কৰিছিল। ইংৰাজী ভাষা কবলৈ আৰু ইংৰাজবিলাকৰ সৈতে ব্যৱহাৰ কৰিবলৈ যি কেতবিলাক নিয়ম তাকো শিক্ষা কৰিছিল। বঙ্গলা ভাষাও ভালকৈ শিক্ষা কৰিছিল।” আকৌ আন এঠাইত লেখিছিল- “অংক আৰু বিজ্ঞান শাস্ত্ৰত ফুকনৰ ইমান বিজ্ঞতা নাছিল। ন্যায়, অলঙ্গাৰ, মনবিজ্ঞান প্ৰভৃতি শাস্ত্ৰৰো সাধাৰণ নিয়ম মাত্ৰ জানিছিল। ব্যৱস্থা শাস্ত্ৰত তেওঁ বৰ পাৰ্গত  আছিল।——ফুকনে কোনো প্ৰকাৰ শিল্প বিদ্যা নাজানিছিল।” গুণাভিৰামে লিখিছে যে আনন্দৰাম ঢেকিয়াল ফুকন আছিল বৈদিক কৰ্ম-কাণ্ডত বিশ্বাসী। বৈদিক ৰীতি-নীতি, শাস্ত্ৰ কথা তেওঁ মানি চলিছিল। তেওঁৰ গুৰু আছিল পৰ্বতীয়া গোঁসাই কালিদাস ভট্টাচাৰ্য্য। এওঁৰ পৰা ফুকনে ইষ্ট দেৱতাৰ পূজাবিধি শিকিছিল। তেওঁৰ পত্নীয়েও পৰ্বতীয়া গোঁসাই নগাঁওলৈ আহোঁতে তত(?) মন্ত্ৰ গ্ৰহণ কৰিছিল। ফুকনে শালগ্ৰাম পূজা কৰিছিল।ভ্ৰমণৰ সময়তো ইয়াক লগত  লৈ ফুৰিছিল। ফুকনে অমাৱস্যা, একাদশী তিথি মানিছিল আৰু উপবাসে থাকিছিল। তেওঁ যুক্তি দিছিল যে চন্দ্ৰৰ আকৰ্ষণী বলৰ প্ৰভাব সাগৰপৃষ্ঠৰ ওপৰত পৰা দৰে মানুহৰ দেহৰ ৰসৰ ওপৰত পৰে। ১৮৫৪ চনত গুণাভিৰাম বৰুৱাই জুনিয়ৰ স্কলাৰচিপ পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰেচিডেন্সি কলেজত ভৰ্তি হৈছিল। তাত দুবছৰ পঢ়ে। কলেজৰ দ্বিতীয় বাৰ্ষিক পৰীক্ষাত গুণাভিৰাম কৃতকাৰ্য হ’ব নোৱাৰিলে। তেতিয়া তেওঁ ডাক্তৰী পঢ়িব বিচাৰিছিল। কিন্তু ইয়াৰ বাবে  ফুকনে পৰামৰ্শ দিয়া নাছিল। এইটো অনুমান কৰিব পাৰি ডাক্তৰী পঢ়িবলৈ নিদিয়াৰ কাৰণ হ’ল ইয়াক পঢ়াটো তেতিয়া উচ্চ বৰ্ণৰ লোক সকলৰ বাবে অস্পৃশ্য আছিল। ফুকনৰ মুখত সততে ঈশ্বৰৰ নাম লাগি আছিল। “ঈশ্বৰৰ ইচ্ছাত “কথাষাৰ তেওঁ প্ৰায়ে কৈছিল। ঢেকিয়াল ফুকনে যিখিনি  সামন্তীয় ধ্যান-ধাৰণা ত্যাগ কৰি আধুনিক জীৱন গ্ৰহণ কৰিছিল তাৰ কাৰণ বিশ্লেষণ কৰি প্ৰফুল্ল মহন্তই লিখিছে-“প্ৰচলিত সমাজ-ব্যৱস্থাত থকা সামন্তীয় ধ্যান-ধাৰণা,বিধি-ব্যৱস্থাক আনন্দৰামে অস্বীকাৰ কৰাৰ পিছত কোনো বলিষ্ঠ যুক্তি নাছিল।কোনো নিদিষ্ট আদৰ্শৰ দ্বাৰা পৰিচালিত হৈ  তেওঁ এই কাম কৰা নাছিল। প্ৰকৃততে ফুকনৰ জীৱনত আচাৰ-আচৰণগত কিছু  পৰিৱৰ্তন লক্ষ্য কৰা যায়। সামন্তীয় ধ্যান-ধাৰণা  বা প্ৰাচীন সংস্কাৰৰ মূলত তেওঁ আঘাত কৰা নাছিল। তেওঁৰ জীৱন-যাত্ৰাৰ বিৱৰণৰ পৰা এটা কথা প্ৰমাণিত হয় যে আচাৰ-আচৰণগত  যিখিনি নতুনত্ব তেওঁ দাবী কৰিব পাৰে, সেইখিনি আছিল ইংৰাজ-প্ৰভাৱিত আৰু ইংৰাজ বিষয়াক সন্তুষ্ট কৰা আন্তৰিক প্ৰচেষ্টাৰ ফলশ্ৰুতি  মাথোন।”

কে সময়তে আমি এইটোও মনত ৰাখিব লাগিব যে আনন্দৰাম ঢেকিয়াল ফুকন আছিল অসমৰ পৰা কলিকতালৈ বিপদসংকুল নৌকা যাত্ৰা কৰি আধুনিক শিক্ষা ল’বলৈ যোৱা প্ৰথমজন ব্যক্তি। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৩-১৪বছৰ। জ্ঞান লাভৰ অপৰিসীম হেঁপাহ আৰু আধুনিক শিক্ষাৰ আলোকত নিজৰ  জীৱনক নতুন ৰূপত সজাবৰ বাবেই  তেওঁ এই কষ্ট স্বীকাৰ কৰি লৈছিল। তেওঁ সাজ-পোছাককে আদি কৰি জীৱন-ধাৰণ আধুনিক ধৰণে গ্ৰহণ কৰিছিল। নাৰী শিক্ষাৰ গুৰুত্ব বুজিছিল আৰু তেওঁৰ নিজৰ পত্নীক ঘৰতে পঢ়ুৱাই শিক্ষিত কৰি তুলিছিল। অসমীয়া ভাষাত বিজ্ঞান প্ৰযুক্তিৰ কথাকে ধৰি বিভিন্ন বিষয় বস্তুৰে সমৃদ্ধ পুথি ৰচনা কৰি সমাজক পোহৰাব খোজা প্ৰথম জন ব্যক্তি আছিল তেওঁ। নগাঁৱত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাদেও ঢেকিয়াল ফুকনৰ পৃষ্ঠপোষকতাত ‘জ্ঞান প্ৰদায়নী সভা সক্ৰিয় হৈ আছিল। তেওঁ আছিল বৃটিছৰ আমোলত অতি বিচক্ষনতাৰে চৰকাৰী কাম-কাজ কৰি অতি কম বয়সতে ডাঙৰ বিষয়-বাব পোৱা লোক। আধুনিক শিক্ষা গ্ৰহণ কৰি নিজৰ বৈষয়িক  উন্নতি কৰাৰ ক্ষেত্ৰত তেওঁ উদাহৰণ আছিল। এতিয়াও ই প্ৰেৰণাদায়ক। এনে দৃষ্টিৰে তেওঁ এনে কিছুমান নতুন চেতনা তথা আধুনিকতাৰ বাৰ্তা বাহক।

মণিৰাম দেৱান আছিল অৰ্থনৈতিক দিশত আধুনিক দৃষ্টিভংগী আয়ত্ত্ব কৰা প্ৰথমজন অসমীয়া ব্যক্তি। কলিকতাৰ উদীয়মান বুৰ্জোৱা শ্ৰেণী আৰু সামাজিক-সাংস্কৃতিক জীৱনৰ সান্নিধ্যই দেৱানৰ মন আধুনিক পুঁজিবাদৰ ফালে ঢাল খুৱাইছিল বুলি ডক্তৰ প্ৰফুল্ল মহন্তই অনুমান কৰিছে। মাৰ্ক্সবাদী ইতিহাসবিদ অমলেন্দু গুহই লিখিছে -“মণিৰাম প্ৰভাৱিত হৈছিল বিদেশী বুৰ্জোৱা অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা আৰু নতুন শাসন-ব্যৱস্থাৰ আমোলত পোৱা অৰ্থনৈতিক সুবিধাবিলাক গ্ৰহণ কৰিবলৈ তেওঁ সম্পূৰ্ণ সাজু আছিল। কিন্তু লগে-লগে ইয়াকো বিছাৰিছিল যে, পুৰণি কালৰ ডা-ডাঙৰীয়াসকলে ভোগ কৰা সামাজিক সুবিধা বিলাকো থাকক। এই স্ব-বিৰোধ আছিল সেই সময়ৰ ঐতিহাসিক সন্ধিক্ষণৰে প্ৰতীক। পুৰণি আৰু নতুনৰ মাজত, সামন্ততন্ত্ৰ আৰু ধনতন্ত্ৰ মাজত, ৰক্ষণশীল আৰু প্ৰগতিবাদৰ মাজত  মণিৰাম আছিল এখন সাকোৰ দৰে।”

হেমচন্দ্ৰ বৰুৱা আছিল আনন্দৰাম ঢেকিয়াল ফুকনৰ সমসাময়িক। অসমৰ যুক্তিবাদী লোক বুলি ক’লে তেওঁৰ কথাই প্ৰথমে  মনলৈ আহে। এওঁ আছিল হেনৰী ভিভিয়ান ডেৰেজিঅ’য়ে প্ৰতিষ্ঠা কৰা “ইয়ং বেংগল”ৰ যুক্তিবাদী আন্দোলনৰ দ্বাৰা প্ৰভাৱিত। ইয়াৰ প্ৰভাৱত তেওঁ প্ৰখৰ যুক্তিবাদী হৈ পৰিছিল। আমাৰ সমাজৰ কুসংস্কাৰ, অন্ধবিশ্বাস, পুৰণি ৰীতি-নীতিক তেওঁ ‘বাহিৰে ৰংচং ভিতৰে কোৱা-ভাতুৰি’ নামৰ গ্ৰন্থত কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সেই সময়ত সমাজৰ প্ৰচলিত ৰীতিৰ বিৰুদ্ধে গৈ হেমচন্দ্ৰ বৰুৱাই অজাতিৰ হাতে ভাত খাইছিল, ব্ৰাহ্মণ হৈও বাৰীত কোৰ মাৰিছিল আৰু মদ খাইছিল। তেওঁ নাৰী মুক্তি আৰু বিধৱা বিবাহৰ সমৰ্থক আছিল। বহুতে ভবাৰ দৰে তেওঁ ধৰ্মবিৰোধী বা নাস্তিক নাছিল। তেওঁ ধৰ্মীয় গোড়ামিৰ বিৰোধিতা কৰিছিল ঠিকেই কিন্তু ব্ৰাহ্মণ্যবাদী চিন্তাৰ উচ্চ-নীচ ধাৰণাক মনৰ পৰা সমূলঞ্চে ত্যাগ কৰিব পৰা নাছিল। তাৰ প্ৰতিফলন ঘটিছে তেওঁৰ ‘হেমকোষ’ অভিধান খনত। সেইহে দেৱব্ৰত শৰ্মাই লিখিছে- শতাধিক জাতি-বৰ্ণীয় তথা শ্ৰেণীগত বিদ্বেষ-ঘৃণাৰে ভৰপূৰ কথা এইখন অভিধানত আছে যিবিলাক এক আধুনিক জাতি গঠন প্ৰক্ৰিয়াৰ বিৰোধী।”
সেইসময়ৰ আন এজন উল্লেখযোগ্য বিদ্বান হ’ল গুণাভিৰাম বৰুৱা। তেওঁ হ’ল ৰাজা ৰামমোহন ৰায়ৰ  ব্ৰাহ্ম ধৰ্ম গ্ৰহণ কৰা অসমৰ প্ৰথমজন ব্যক্তি। তেৱোঁ আমাৰ সমাজত থকা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজিছিল। তেওঁ ৰামমোহন ৰায় আৰু ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ কৰ্মৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত তেওঁ বিধবা বিবাহ কৰাইছিল আৰু বিধৱা কন্যাক বিয়া পাতি দিছিল। স্ত্ৰী শিক্ষাৰ সপক্ষে তেওঁ মাত মাতিছিল আৰু সেইসময়ৰ বাৰ্তা আলোচনী ‘অৰুনোদই’ৰ পাতত ইয়াৰ সপক্ষে লেখা-মেলা কৰিছিল। তাৰ বাদেও ‘এজন অচমিয়া লোক’ৰ নামত ‘অৰুনোদই’ত প্ৰকাশ পোৱা তেওঁৰ চিঠিয়ে আধুনিকতাৰ বাৰ্তা বহন কৰি আনিছিল। যুক্তিবাদী লেখক প্ৰসেনজিৎ চৌধুৰীয়ে সেয়েহে লিখিছে, “গুণাভিৰামে ‘অৰুনোদই’ৰ যোগেদি দেশীয় চিন্তাৰ জড়তা আৰু পশ্চাদপদতা দূৰ কৰা প্ৰয়াস কৰিছিল। তেওঁৰ সংস্কাৰমূলক নাটক ‘ৰামনৱমী’ৰ অংশবিশেষ পোন প্ৰথমে ‘অৰুনোদই’ৰ পাততেই ছপা হয়।” কিন্তু তেওঁৰ নিজৰেই সম্পাদনাত প্ৰকাশ পোৱা ‘আসাম বন্ধু’ত নাৰী-বিৰোধী অনেক লেখা প্ৰকাশ পাইছিল। কাকতখনৰ নিয়মীয়া লেখক ৰত্নেশ্বৰ মহন্ত, বিশিষ্ট সাহিত্যিক লম্বোদৰ বৰা আৰু লেখক পূৰ্ণকান্ত শৰ্মাৰ ‘আসাম বন্ধু’ত প্ৰকাশ পোৱা বহুতো নাৰী বিৰোধী লেখাই গুণাভিৰাম বৰুৱাৰ নাৰী স্বাধীনতা লৈ যি স্থিতি তাত সন্দেহ ওপজায়। গুণাভিৰাম বৰুৱাৰ সেইসময়ৰ অসমৰ জাতি-জনগোষ্ঠীসকলক  লৈ যি দৃষ্টিভংগী সি কেৱল অযুক্তিকৰেই নাছিল, ই আছিল অবাঞ্চিত আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোৰেই বিৰোধী। ড.দেৱব্ৰত শৰ্মাৰ’ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠান সমূহ।’নামৰ গ্ৰন্থত পাওঁ যে গুণাভিৰাম বৰুৱাই মিকিৰ সকলক বান্দৰৰ বংশধৰ, কাৰ্বি শব্দৰ অৰ্থ কেঁচা মাংসখোৱা খোৱা বুলিছে। বৰুৱাই পৰ্বতীয়া লোকসকলক অসভ্য, মহালোভী আৰু অংহকাৰী বুলিছে।আনকি তেওঁলোকক বিদেশী বুলি কৈছে। আনকি তেওঁ হিন্দু ধৰ্মৰ বৰ্ণ ব্যৱস্থাক সমৰ্থন কৰি প্ৰৱন্ধ লিখিছিল। এই কথা বিলাকে তেওঁৰ যুক্তিবাদী চিন্তাৰ সীমাবদ্ধতাকে প্ৰকাশ কৰে।
শাণিত মেধা শক্তিৰ অধিকাৰী  আনন্দৰাম বৰুৱা আছিল  ঊনৈশ শতিকাৰ অসমৰ আন এজন আধুনিক চিন্তাৰ অধিকাৰী লোক। তেওঁ আছিল অসমৰ প্ৰথম স্নাতক আৰু আই.চি.এছ বিষয়া। সেই সময়ত বিদেশৰ পৰা উভতি আহি পৰাচিত হ’ব লাগিছিল। কিন্তু আনন্দৰাম বৰুৱাই এই নিয়ম মনা নাছিল আৰু তাৰ ফলত তেওঁ ঘৰত থকা দিন কেইটা মূল ঘৰৰ বাহিৰত থাকিব লগা হৈছিল। তেওঁ চিৰকুমাৰ হৈ থকা কাৰণ আছিল সেই বিদেশ ভ্ৰমণেই। সেই সময়ৰ সম্ভ্ৰান্ত উচ্চ বৰ্ণৰ অসমীয়া মানুহে তেওঁলৈ ছোৱালী দিবলৈ বিচৰা নাছিল।
ঊনৈশ শতিকাৰ  শেষৰফালে অসমৰ  বিদ্বান সকলে যুক্তিবাদৰ এই  সুঁতিটোক  শক্তিশালী ৰূপ দিব পৰা নাছিল। আনকি জগন্নাথ বৰুৱাই বিলাতৰ পৰা উভতি আহি পৰাচিত হৈছিল। শিৱনাথ বৰ্মনে সেইহে লিখিছে , -যুক্তিবাদী মানসিকতা আয়ত্ত কৰাৰ ক্ষেত্ৰত ঊনৈশ শতিকাৰ বিদ্বান সমাজৰ যি ত্বৰিৎ গতিৰে আগবাঢ়িছিল পৰৱৰ্ত্তী কালত সেই ত্বৰণ কিছু ব্যাহত হোৱা যেন অনুমান হয়। যুক্তিবাদৰ  প্ৰতি আনন্দৰাম-হেমচন্দ্ৰৰ যি দ্বিধাহীন সমৰ্থন, পৰৱৰ্ত্তী কালত সি যেন নাথাকিল।”

খণ্ড-2

ঔপনিৱেশিক শোষণ আৰু ঊনৈশ শতিকাৰ অসমৰ বিদ্বৎ সমাজ 

 
সমাজ বিজ্ঞানী ৰ’নাল্ড জে. হ’ৱাৰ্থয়ে ঔপনিৱেশিক শাসনৰ বিষয়ে কৈছে এনেদৰে-“a form of domination and exploitation. The idea of domination is closely related to the concept of power.বৃটিছ ঔপনিৱেশিক  শাসনো এক শক্তি (power)  হিচাপে অসমত প্ৰৱেশ কৰিছিল। এই শক্তিটোৰ  মূল উদ্দেশ্য আছিল বৃটিছ পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ পূৰণ কৰা। সেই সময়ত সামৰিক আৰু অৰ্থনৈতিক শক্তি হিচাপে বৃটিছ শক্তি আছিল অন্যতম। জ্ঞান-বিজ্ঞানতো আছিল আগবঢ়া। ইয়াৰ বলতে সমগ্ৰ বিশ্বত বিয়পি পৰিছিল আৰু আফ্ৰিকা,  এচিয়া মহাদেশৰ পিছপৰা কিন্তু  প্ৰাকৃতিক সম্পদত চহকী দেশবোৰত উপনিৱেশ প্ৰতিষ্ঠা কৰি শোষণ চলাই বৃটিছ পুঁজি বৃদ্ধি কৰিছিল। অসমক অসমৰ খনিজ পদাৰ্থ, বনজ সম্পদ, চাহ, কপাহ, ভূমি ৰাজহ, সস্তীয়া শ্ৰম আদি ব্যৱহাৰ কৰা  আৰু একচেটিয়া বেহা-বেপাৰৰ দ্বাৰা বৃটিছ পুঁজি টনকিয়াল কৰাই ঔপনিৱেশিক  শাসক বৃটিছ সকলৰ উদ্দেশ্যে  আছিল। তেওঁলোকৰ বাবে অসমৰ উৰ্বৰ  ভুমি অছিল অতি গুৰুত্বপূৰ্ণ । E.F.Wakefield এ বৃটিছ ঔপনিৱেশিক শাসনৰ বিষয়ে লিখা কথাখিনি অসমৰ ক্ষেত্ৰতো  খাটে। তেওঁ লিখিছে এনেদৰে-“An industrialized state could generate surplus  capital which it was unprofitable  to invest at home either in agriculture or in industry (because foreign market did not expand fast enough to absorb it’s product.)This capital would be more profitable employed if it were exported  to places where fertile land was in good supply provide ample labour was made available by emigration .Capital would be now more productive in these new lands and at the same time would expand the market for British manufacturers and increase the supply of cheap food-stuffs and industrial raw materials.(Tilotarma Mishra) । অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাৰুৱা মাটিৰ ,ওপৰত বৃটিছ পুঁজিপতি  সকলৰ দৃষ্টি আছিলেই। অনুমান কৰিব পাৰি ১৮২৩ চনত ৰৰ্বাট ব্ৰুচে অসমৰ হাবিত চাহ আৱিষ্কাৰ কৰা পৰাই বৃটিছ পুঁজিপতি সকলৰ মনত অসমৰ  গুৰুত্ব  আৰু বৃদ্ধি পাইছিল। তেওঁলোকে ইউৰোপত অতি মাত্ৰা চাহিদা থকা চীনত উৎপাদিত চাহৰ বিকল্পৰ সন্ধানত আছিল। অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ সুযোগ লৈ  ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ যোগেদি বৃটিছে অসমৰ‌ শাসনভাৰ নিজৰ হাতলৈ নিয়ে। এই বৃটিছ শাসনৰ  ছত্ৰছায়াত অসমৰ মধ্যশ্ৰেণী সৃষ্টি হৈছিল আৰু  এওঁলোকে  বৃটিছ ঔপনিৱেশিক শাসন আৰু শোষণৰ অংশীদাৰ হৈছিল। এই মধ্যশ্ৰেণীটোৱে  উচ্চ বৰ্ণৰ আছিল। ইতিমধ্যে এওঁলোকে আহোম শাসন ব্যৱস্থাত প্ৰতিষ্ঠিত আছিল আৰু   কিছু পুঁজি  আৰু সা-সম্পদৰ অধিকাৰী আছিল। মধ্যশ্ৰেণীটোৰ পৰা সেই  সময়ৰ অসমৰ চালুকীয়া আৰু  সংখ্যাত অতি তাকৰীয়া বিদ্বৎ  সমাজখন উদ্ভৱ হৈছিল।মোৱামৰীয়া বিদ্ৰোহ আৰু দুবাৰকৈ হোৱা  মানৰ আক্ৰমণৰ পিছত অসমে ইংৰাজৰ  শাসনত যি ৰাজনৈতিক সুস্থিৰতা লাভ কৰিলে তাৰ বাবে সেই সময়ৰ প্ৰায় সকলো বিদ্বানেই বৃটিছ শাসনক মানি লৈছিল। ঊনৈশ শতিকাৰ প্ৰথমকালৰ যি কেইজন  প্ৰভাৱশালী বিদ্বান আছিল সেই আটাইকেইজন  বৃটিছ  বিষয়াৰ দ্বাৰা লালিত পালিত হৈছিল। মণিৰাম দেৱানক ডেভিদ স্কটে, আনন্দৰাম ঢেকিয়াল ফুকনক জেনকিনছ্ চাহাবে, হেমচন্দ্ৰ  বৰুৱাক এগ্ নিউ চাহাবে ,যদুৰাম ডেকা বৰুৱাক কেপ্তেইন ৱেটছ চাহাবে আৰু গংগা গোবিন্দ ফুকনক ইডেন চাহাবে অনুগ্ৰহ কৰিছিল। বৃটিছসকলে এই চালুকীয়া মধ্যশ্ৰেণীটোৰ বিদ্বান সকলক দেখুৱা অনুগ্ৰহৰ আঁৰত তেওঁলোকৰ ঔপনিৱেশিক শাসনৰ স্বাৰ্থ থকা কথা অস্বীকাৰ কৰিব নোৱাৰি। লক্ষ্মীনাথ বেজবৰুৱাই দেউতাক দীননাথ বেজবৰুৱাৰ বিষয়ে লিখিছে এনেদৰে,–“ৰাজনৈতিক আন্দোলনতো তেওঁ সদায় উৎসাহেৰে সৈতে  যোগদান কৰিছিল। কিন্তু গবেৰ্ণমেণ্টৰ বিৰুদ্ধে  চলা কোনো কথা বা কামত কেতিয়াও মত নিদিছিল; বৰঞ্চ প্ৰজাপালক ৰজাক ঈশ্বৰৰ প্ৰতিনিধি হিচাপে চাবলৈ সকলোকে উপদেশ দিছিল।” (উৎসঃ হীৰেন গোহাঁইৰ “অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস)। তেওঁলোকৰ ঔপনিৱেশিক শাসনৰ বাবে প্ৰয়োজন হৈছিল আনুগত্যশীল এক শ্ৰেণী শিক্ষিত লোকৰ। সমাজৰ আন স্তৰৰ বহুলোকে ইতিমধ্যে ইংৰাজ শাসন দেশৰ বাবে মঙ্গলজনক বুলি ভাবিছিল । ১৮৫৩চনত শিৱসাগৰৰ চিকা দাস নামৰ এজন লোকে “অৰুনোদই”ত  ‘বিদ্যা সিকাৰ নিবেদন’ শীৰ্ষক এটি পদ্য লিখিছিল। তাত লেখিছিল এনেদৰে-“
দেসৰ কুসল চিন্তে ইংৰাজ মহাৰজা
কেনমতে ভালে থাকিবন্ত সৰ্ব প্ৰজা,
এহি বুলি মনে কৰে পৰম জতন,
সকলোকে কৰে দেখা দায়াৰে পালন।

বৃটিছৰ বুদ্ধি-বৃত্তি শলাগ লৈ ১৮৫৩চনৰ ফ্ৰেব্ৰুৱাৰী মাহত দয়াৰাম চেটিয়াই “অৰুনোদই”ত লিখিছে এনেদৰে- ধন্য ধন্য ইংৰাজিহে বুদ্ধিমান হই
দেৱৰ নিৰ্মাণ কৰ্ম মানুহে কৰই
————-    —_————-
ধন্য ধন্য ইঙ্গৰাজ কিনো বুধিমন্ত ,
কোনো কালে এই মত ৰজা নহবন্ত।
হাওৰা পৰা চলা প্ৰথম ৰেল গাড়ী দেখি   ‘গ’ই লেখা  অৰুনোদইৰ পাতত ওলোৱা এটা লেখা হ’ল এনেধৰণৰ -“ধন্য ইংৰাজ জাতি , জি এনে আচৰিত কাম সফল কৰিচে। ধন্য ভাৰত বৰিস —-কিবা তপস্যাৰ ফলত  এনে সুবুধিমন্ত অধিকাৰ পাইছে।”
লক্ষ্মীনাথ বেজবৰুৱাই লেখিছিল-“ইংৰাজে ভাৰতৰ অনেক উপকাৰ কৰিছে আৰু ভাৰতবৰ্ষ ইংৰাজৰ ওচৰত অনেক প্ৰকাৰে ধৰুৱা। ইংৰাজ ভাৰতৰ গৰাকী হৈ থাকে এনে আশা ভাৰতে সদায় কৰে।’ (অসমৰ মধ্যবিত্ত সমাজৰ ইতিহাস,হীৰেন গোহাঁই।)
‌‌
ঊনৈশ শতিকাৰ আনন্দৰাম  ঢেকিয়াল ফুকনৰ পৰা মাণিকচন্দ্ৰ বৰুৱালৈকে প্ৰায় সকলো  বিদ্বান আছিল  বৃটিছৰ আনুগত্যশীল। গোমধৰ কোঁৱৰ আৰু পিয়লি ফুকনে বৃটিছৰ বিৰুদ্ধে যি বিদ্ৰোহ কৰিছিল তাৰ পৰা এই  অসমীয়া বিদ্বান সকল আতঁৰি আছিল। সেই সময়ৰ সম্ভ্ৰান্ত অসমীয়া মণিৰাম দেৱানে এই বিদ্ৰোহকলৈ  অসন্তুষ্ট হৈছিল আৰু এই বিদ্ৰোহ দমন কৰাত সহায় কৰিছিল। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ পঞ্চায়তত হোৱা বিচাৰত মনিৰাম দেৱানে বিশেষ ভুমিকা লৈছিল আৰু পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচী দিয়া হৈছিল। হলিৰাম ঢেকিয়াল ফুকন আৰু তেওঁৰ ভায়েক যজ্ঞৰাম ঢেকিয়াল ফুকনে ডেভিদ স্কটক সহায় কৰিছিল। তেওঁলোকে বৃটিছ শাসনৰ তলতেই নিজৰ আৰু  দেশৰ ভাল হ’ব বুলি ভাবিছিল। অসমৰ নৱজাগৰন পিতৃ  বুলি কোৱা আনন্দৰাম ঢেকিয়াল ফুকন বৃটিছ শাসক শ্ৰেণীৰ  ইমান আনুগত্যশীল আছিল  যে ঘৰত পূজা কৰা  গোপালৰ মূৰ্ত্তিটোৰ মুখখন  মহাৰাণী ভিক্টোৰিয়াৰ মুখমণ্ডলৰ দৰে কৰি লৈছিল। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতৃ হলিৰাম ফুকনে অৱশ্যে তেওঁৰ “আসাম বুৰঞ্জী”খনৰ দুঠাইত বৃটিছ শাসনৰ ফল যে ভৱিষ্যতলৈ  ভাল নহ’ব তাৰ উল্লেখ কৰিছিল। ঔপনিৱেশিক  শাসনত মধ্যশ্ৰেণীটোৰ স্বাৰ্থ, সামাজিক প্ৰতিষ্ঠা শাসক শ্ৰেণীটোৰ স্বাৰ্থৰ পূৰণৰ দ্বাৰা নিৰ্ণীত হয়। বৃটিছ ঔপনিৱেশিক শাসনতো মধ্যশ্ৰেণীটোৰ স্বাৰ্থ বৃটিছ শাসক শ্ৰেণীটোৰ স্বাৰ্থৰ লগত জড়িত আছিল। বৃটিছ ঔপনিৱেশিক শাসনত আধিপত্য (Hegemony) আৰু  অৱদমন (Dominance) দুয়োটাই চলিছিল ।য’ত তেওঁ লোকে সন্মতি (consent) লাভ নকৰিছিল তেতিয়াই দমন (Dominance)ৰ সহায় লৈছিল। বৃটিছ ঔপনিৱেশিক শাসনে জনজাতি আৰু আদিবাসী লোকসকলৰ পৰা  প্ৰথমৰ পৰা বাধা পাইছিল আৰু তেওঁলোকক শক্তি প্ৰয়োগ কৰি দমন কৰা হৈছিল। উচ্চ  বৰ্ণৰ মধ্যশ্ৰেণী বিদ্বান সকলৰ পৰা বৃটিছ  সকলে  সন্মতি (consent)য়েই লাভ কৰিছিল আৰু আনহাতে জনজাতি লোকসকলৰ পৰা প্ৰতিৰোধ পাইছিল। কিন্তু যেতিয়াই বৃটিছ শাসক শ্ৰেণীটোৰ লগত দেশীয় মধ্যশ্ৰেণীটোৰ স্বাৰ্থৰ সংঘাত লাগিছিল তাক তেওঁলোকে কলিতে ধ্বংস কৰিছিল। এইয়া  ঘটিছিল মনিৰাম দেৱানৰ ক্ষেত্ৰত। বৃটিছ শাসনৰ প্ৰথমছোৱাত দেৱান আছিল ডেভিদ স্কটৰ বিশ্বস্ত অনুচৰ। অসমৰ হাবিত চাহ আৱিষ্কাৰ কৰা ৰৰ্বাট ব্ৰুচক তেওঁ সহায় কৰিছিল। নিজ ব্যক্তিগত পুঁজি খটুৱাই চাহ-বাগান পতা প্ৰথমজন লোক আছিল মনিৰাম দেৱান। ইয়াৰ দ্বাৰা মণিৰামে প্ৰকাশ্যে বৃটিছ পুঁজিক প্ৰত্যাহ্বান  জনোৱাত চৰকাৰ সচকিত হৈ উঠিছিল। তেওঁ অসমৰ বিভিন্ন স্থানত বজাৰ পাতি তেওঁৰ বাগিচাৰ পৰা উৎপাদিত চাহ তাত বিক্ৰী কৰিছিল। দেৱান হৈ থকা কালত ব্যৱসায়-বাণিজ্যত বৃটিছ লোকৰ আধিপত্য দূৰ কৰি সকলোৰে বাবে বাট মুকলি কৰিব বিচাৰিছিল। তেওঁ হৈ পৰিছিল বিদেশী পুঁজিপতি সকলৰ বাবে এক প্ৰত্যাহ্বান। সেইহে ১৮৫৮চনৰ বিদ্ৰোহত জড়িত থকা অপৰাধত কোনো তদন্ত নকৰাকৈ এখন খৰতকীয়া বিচাৰৰ দ্বাৰা মণিৰাম দেৱানক ৰাজদ্ৰোহৰ অপৰাধত ফাঁচী দিয়া হৈছিল। বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে মণিৰাম দেৱানৰ এই কৰুণ পৰিণতিৰ বিষয়ে লিখিছে এনেদৰে, “তেওঁৰ উদ্যম ,কৰ্মদক্ষতা অধ্যৱসায় আৰু অসাধাৰণ সাহস আৰু বুদ্ধিমত্তাৰ জৰিয়তে, সাম্ৰাজ্যবাদে দেশীয় পুঁজিক দিব পৰা সকলো সা-সুবিধা মণিৰামে সকলোতকৈ শীঘ্ৰে আয়ত্ত কৰি লয়। আৰু সকলোতকৈ আগতে তেৱেঁই বুজি পায় বিকাশৰ এটা নিৰ্দিষ্ট বিন্দুলৈকেহে ইংৰাজে দেশীয় পুঁজিক  সহায় আৰু সমৰ্থন কৰিব আৰু সীমা চেৰাই গ’লেই প্ৰতিযোগিতাৰ ভয়ত তাক বিনাশ কৰিব। মণিৰাম দেৱানৰ ফাঁচীৰ দ্বাৰা বৃটিছ চৰকাৰে চালুকীয়া অৱস্থাতে থকা অসমীয়া মধ্যশ্ৰেণীটোলৈ সতৰ্ক কৰি  এটি বাৰ্তা প্ৰেৰণ কৰিছিল আৰু মধ্যশ্ৰেণীটোৱে সেই বৰ্তা ঠিকেই বুজি পাইছিল। গুণাভিৰাম বৰুৱাই মণিৰাম দেৱানৰ ফাঁচীৰ সম্পৰ্কে লেখিছিল এনেদৰে, “নিয়মমতে বিচাৰ কৰাত কেজনমান লোকৰ ওপৰত দোষ সাব্যস্ত হোৱাত দুজনৰ প্ৰাণদণ্ড আৰু কেজমানৰ অন্য প্ৰকাৰৰ দণ্ড হ’ল। এই বিদ্ৰোহৰ বিষয়ে অনেক লোকে পেটে পেটে কিছু সংশয় কৰিলেও যেতিয়া  নিয়মানুসাৰে বিচাৰত দোষ সাব্যস্ত হ’ল তেতিয়া ইয়াত সংশয়ৰ কোনো কাৰণ নাই।” (অসমীয়া মধ্যবিত্ত ইতিহাস, প্ৰফুল্ল মহন্ত) গুণাভিৰাম বৰুৱাই মণিৰামে কৰা  বিদ্ৰোহত আনন্দৰাম ঢেকিয়াল ফুকনৰ প্ৰতিক্ৰিয়াৰ বিষয়ে লিখিছে এনেদৰে -ফুকন বৰ দুঃখিত আৰু চিন্তিত হ’ল। তেওঁ চাহাব সকললৈ লিখিলে যে অসমীয়া মানুহৰ পৰা গৱেণ্টমেণ্টৰ   প্ৰতি কোনো প্ৰকাৰৰ বিদ্ৰোহিতা হ’ব নোৱাৰে।”
ইফালে হেমচন্দ্ৰ বৰুৱা মণিৰামৰ ফাঁচীৰ সময়ত আছিল চফল ডেকা। বিদ্ৰোহত জড়িত থকাৰ অপৰাধত গোলাঘাটৰ এজন ব্যক্তি শিৱসাগৰৰ ৰেবনিউ পেস্কাৰ কামৰ পৰা বৰ্খাস্ত হৈছিল আৰু হেমচন্দ্ৰ বৰুৱাই সেই কামটো ছমাহ কৰিছিল। হেমচন্দ্ৰ বৰুৱা মণিৰাম দেৱানৰ ফাঁচীৰ প্ৰতি উদাসীন আছিল আৰু ৰেবিনিউ পেস্কাৰৰ  কামটো  কৰোঁতে তেওঁ কোনো বিবেকৰ দংশন অনুভৱ কৰা নাছিল।

বৃটিছ ঔপনিৱেশিক শাসনৰ মূলতে আছিল যিকোনো উপায়েৰে আয় বৃদ্ধি কৰি বৃটিছ পুঁজি টনকিয়াল কৰা। সেইবাবে বৃটিছ চৰকাৰৰ কৃষক সকলৰ ওপৰত অত্যাচাৰ দিনে দিনে বাঢ়ি গৈছিল। সঘনাই কৰা খাজনা বৃদ্ধিয়ে কৃষকক জুৰুলা কৰিছিল।”অসমীয়া মধ্যবিত্ত সমাজৰ ইতিহাস” নামৰ প্ৰৱন্ধটোত বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে লিখিছে-“চৰকাৰী কাগজ পত্ৰত ফটফটীয়া হৈ আছে যে গোলাম বিলাকক খেতিয়ক ৰায়তত পৰিণত কৰিব পাৰিলে খাজনা বাঢ়িব, এই অৰ্থনৈতিক তথ্যটিও ইংৰাজ শাসনকৰ্তাৰ অবিদিত নাছিল!!( Revenue Administration Report of Assam,1849-50) চাফ কথাত আইনৰ ফালৰ পৰা সাধাৰণ প্ৰজাই কিছু সকাহ পালেও আৰু আহোম আমোলৰ গুৰুদণ্ড হাত সাৰিলেও ,আৰ্থিক পিনৰ পৰা বিশেষ লাভৱান নহ’ল।” তাৰোপৰি ঠায়ে ঠায়ে চৰণীয়া পথাৰবোৰ চাহ খেতিৰ বাবে চাহ খেতিয়ক সকলক দি দিয়াত কৃষক সকলৰ বহু অসুবিধা হৈছিল।লেনদেনৰ মাধ্যম হিচাবে টকাৰ লগত সেইসময়ৰ অসমৰ কৃষকৰ সকলৰ প্ৰায় সম্পৰ্ক নথকা দৰেই। নগদ টকাৰে মাটিৰ খাজনা দিবলৈ কৃষক সকলৰ বহু অসুবিধা হৈছিল। ইয়াৰ সুযোগ লৈ ভূতৰ ওপৰত দানহ পৰা দৰে মাৰোৱাৰী, সুদখোৰ মহাজনে কৃষকক টকা ধাৰলৈ দি লুটিবলৈ ধৰিলে। মাটিৰ হাকিম, মৌজাদাৰ, মণ্ডল আদিয়ে মিলি সহজ সৰল কৃষকসকলক শোষণ চলাবলৈ ধৰিলে আৰু চল পালেই তেওঁলোকৰ মাটি-বাৰী গ্ৰাস কৰিবলৈ ল’লে। ঘৰমুৰি কৰ(হাউচ টেস্ক), মুদ্ৰাংক শুল্ক, অনুজ্ঞ কৰ, আয়কৰ আদি বিভিন্ন ধৰণৰ কৰৰ কথা শুনি ৰাইজ শংকিত হৈছিল। ১৮৬১চনত খৰালি শুকান পথাৰৰ মাটিতো কৰ ধাৰ্য কৰাত কৃষক  সকল অসন্তুষ্ট হৈ পৰিছিল।  ১৮৬১চনত বৃটিছ চৰকাৰে নিজৰ ব্যৱসায়িক স্বাৰ্থত অসমত আফু খেতি নিষিদ্ধ কৰে।কানি খেতি নিষিদ্ধকৰণৰ লগত আবকাৰী কানিৰ বিক্ৰী বৃদ্ধিৰ জড়িয়তে ৰাজহ বৃদ্ধি কৰা আৰু লগতে চাহ খেতিয়ক সকলৰো স্বাৰ্থ জড়িত আছিল। ইফালে বহু খেতিয়কৰ খাজনাৰ বাবে যি নগদ টকাৰ প্ৰয়োজন হৈছিল তাক জোৰা মৰা বাবে আফু খেতিয়েই প্ৰধান অৱলম্বন আছিল। ইয়াতেই বহুদিনৰ পৰা পঞ্জীভূত হৈ থকা কৃষক সকলৰ অসন্তুষ্টিৰ বহিঃপ্ৰকাশ ঘটিল। ইয়াৰ বিৰূদ্ধে ১৫ অক্টোবৰৰ পৰা  ফুলগুৰিত ৰাইজৰ  মেল পাতিবলৈ ধৰিলে। ১৮অক্টোবৰৰ তাৰিখে মেলত প্ৰায় চাৰি হেজাৰ ৰাইজ সমৱেত হৈছিল। বৃটিছ প্ৰশাসন শংকিত হৈ পৰিল। নগাঁৱৰ  উপায়ুক্ত  হাৰ্বাট স্কন্সে সহকাৰী উপায়ুক্ত  লেফটেনেন্ট  ছিংগাৰক সভা স্থলীলৈ পঠালে। কিন্তু পৰিস্থিতি বেছি উত্তপ্তহে হ’ল। ছিংগাৰ চাহাবক  উত্তেজিত কৃষক ৰাইজৰ হাতত নিহত হ’ল। তেজপুৰৰ লাইট ইনফেন্ট্ৰি আৰু গুৱাহাটীৰ পৰা অনা  সৈনিক দলৰ সহায়ত বৃটিছে কঠোৰ হাতেৰে এই বিদ্ৰোহ দমন কৰে। ৰাইজৰ ওপৰত কৰা গুলী চালনাৰ ফলত কেইবাজনো লোক নিহত হয়। হেজাৰ জনক ৰহা আৰু ফুলগুৰিত অস্থায়ী কাৰাগাৰ সাজি আটক কৰি ৰাখে। লক্ষণ ডেকা, চংবৰ লালুং, নৰসিংহ লালুং  ,ৰংবৰ ডেকাক নগাঁও  জেলত ফাঁচী দিয়া হয আৰু বহুতকে কলিয়াপানীলৈ প্ৰেৰণ  কৰা হয়। কিন্তু সেই সময়ৰ বিদ্বৎ সমাজৰ বাবে এইয়া আছিল কেৱল আফু খেতি নিষিদ্ধকৰণৰ বিৰুদ্ধে হোৱা বিদ্ৰোহহে। ইতিহাসবিদ অমলেন্দু গুহই এই বিদ্ৰোহৰ বিষয়ে লিখিছে এনেদৰে- “কৰৰ মেটমৰা বোজা আৰু আমোলাতন্ত্ৰৰ অমনোযোগিতাৰ বিৰুদ্ধে ৰাইজৰ এই সাহসী প্ৰতিৰোধৰ ঘটনাটো “ফুলগুৰি ধেৱা”  নামেৰে লোক স্মৃতিত জীয়াই আছে। তেতিয়াৰ পৰা মাটিৰ খাজনা বৃদ্ধি, যি সাধাৰণতে হৈয়েই থাকে, তাৰ প্ৰতিৰোধৰ উপায় হিচাপে অসমীয়া মানুহৰ মাজত পৰম্পৰাগত অনুষ্ঠান ‘ৰাইজ মেল’ৰ জনপ্ৰিয়তা ক্ৰমানয়ে বাঢ়িবলৈ ধৰিলে। ঔপনিৱেশিক ভাৱধাৰাৰ বহতীয়া লেখক সকলে ‘ফুলগুৰিধেৱা’ক আফু-খেতি  নিষিদ্ধকৰণৰ বিৰুদ্ধে হোৱা অভ্যুত্থান বুলিহে অভিহিত কৰিছিল।। ”   ১৮৬১চনৰ নৱেম্বৰৰ ‘অৰুনোদই’ত ‘অনেক দেসৰ সম্বাদ’ শীৰ্ষক শিতানত ফুলগুৰিৰ ৰায়তৰ  বিষয়ে লিখিছিল  এনেদৰে “কানি খেতি কৰিবলৈ নিষেধ কৰা , আৰু ইনকম টাক্সৰ কথাতে সেই নগঞালোকে এনে কুসাহৰ কাম কৰিলে। কিন্তু  অসম দেশত ৰাজ খাজনা যিমান লঘুকৈ লগোৱা হৈছে, ভাৰতবৰ্ষৰ আন কোনো দেশত খাজনা সিমান ন হই ।” বৃটিছ চৰকাৰে এই বিদ্ৰোহৰ পিছতো কৃষকসকলৰ ওপৰত শোষণ-দমন চলাই গ’ল। ইয়াৰ ফলত ১৮৯৩চন ২৪ডিচেম্বৰত ৰঙিয়া,১৮৯৪চনত ২১জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লাচিমিত, ১৮৯৪চনৰ জানুৱাৰী ভাগত পথৰুঘাটত  তিনিটাকৈ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। পথৰুঘাটত পুলিচৰ গুলীত ১৪০জন কৃষকৰ মৃত্যু হৈছিল। এই বিদ্ৰোহ বোৰৰ পৰা সেইসময়ৰ বিদ্বান শ্ৰেণীটো নিলগত আছিল। প্ৰায় সকলো বিদ্বানেই  কৃষকৰ অভাব অভিযোগ, দুখ-যান্ত্ৰণাৰ প্ৰতি উদাসীন আছিল। আনকি নবীন চন্দ্ৰ  বৰদলৈৰ দেউতাক মাধৱ চন্দ্ৰ বৰদলৈয়ে (মহকুমাৰধিপতি) কৃষকসকলৰ ওপৰত অত্যাচাৰহে চলাইছিল।১৮৯৪চনৰ কামৰূপৰ লাচিমাত হোৱা বিদ্ৰোহত ৭৫জনত কৃষক গ্ৰেপ্তাৰ কৰি কান্ধত যুৱলি দি পথাৰত ঘুৰাই ছিল।

কিন্তু খাজনা বৃদ্ধিয়ে যেতিয়া  মধ্যশ্ৰেণীটোক চুইছিলেগৈ তেতিয়া তেওলোকে   আবেদন-নিবেদনৰ জড়িয়তে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছিল। ১৮৬১চনৰ পৰা ১৮৯৪ চনলৈকে হৈ থকা কৃষক বিদ্ৰোহৰ বিষয়ে অৰুনোদই (বিৰোধ লেখা উলাইছিল),আসাম বিলাসীনী, আসাম বন্ধু, মৌ, তো বাদেই জোনাকী আৰু বিজুলীতো ঠাই পোৱা নাছিল। তাৰ বিপৰীতে অসমৰ ফুলগুৰিত হোৱা বৃটিছ বিৰোধী ঘটনাৱলীয়ে বঙলা কাকত ‘সোম প্ৰকাশ’ত গুৰুত্ব  পাইছিল। “সোমপ্ৰকাশে”কৃষক সকলৰ ক্ষোভৰ কাৰণ আছে বুলি মন্তব্য কৰিছিল। “(উৎস-অৰুনোদই, প্ৰসেনজিৎ চৌধুৰী)। প্ৰগতিশীল লেখক প্ৰসেনজিৎ চৌধুৰীয়ে সেই সময়ৰ কোনো এখন কাকতৰেই জাতীয় চেতনা নাই বুলি মন্তব্য কৰিছে। বিশিষ্ট  লেখক প্ৰফুল্ল মহন্ত দেৱে সেইহে লিখিছে -“শ্ৰেণী হিচাপে তেওঁলোক আছিল ব্ৰিটিছ প্ৰশাসনৰ  মুখাপেক্ষী। এওঁলোকৰ আৰ্থিক জীৱন এফালে যেনেকৈ ব্ৰিটিছ পুঁজিৰ খুটিত বান্ধ খাই আছিল, আনফালে তেনেকৈ ভূমি স্বাৰ্থৰ লগত সাঙোৰ খাই আছিল। ব্ৰিটিছৰ শোষণ উৎপীড়নৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেও বিক্ষুব্ধ কৃষক সশস্ত্ৰ প্ৰতিৰোধ সংগ্ৰামত যোগদান কৰা সম্ভৱ নহ’ল, সম্ভৱ নহ’ল কোনো গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰা। এফালে যেনেকৈ তেওঁলোকৰ সৃষ্টিত শোষণ মুক্তিৰ প্ৰেৰণা দেখা যায়, আনফালে দেখা যায় কৃষক প্ৰজাৰ জীৱনৰ পৰা তেওঁলোকৰ বিচ্ছিন্নতা। আজিও সেই বিচ্ছিন্নতা দূৰ নহ’ল”
অৱশ্যে ১৮৮৪চনত জগন্নাথ বৰুৱাই গঠন কৰে “সাৰ্বজনিক সভা্” আৰু সেই বছৰতে তেজপুৰত বিখ্যাত ব্যৱসায়ী আৰু চাহ খেতিয়ক হৰিবিলাস আগৰৱাল, উকীল লম্বোদৰ বৰাৰ  নেতৃত্বত গঠন কৰা হৈছিল” ৰায়ৰ সভা”। পিছলৈ অসমৰ আন আন জিলাতো সাৰ্বজনিক সভা আৰু ৰায়ত সভা গঠন কৰা হৈছিল। সাৰ্বজনিক সভা আৰু ৰায়ত  সভাই আবেদন-নিবেদনৰ যোগেদি সমস্যাবোৰ সামাধান কৰিব বিচাৰিছিল য’ত এইবিলাকে Safety Valve  হিচাপে কাম কৰিছিল।ক’ৰবাত ক’ৰবাত ৰায়ত সভাত‌ বৃটিছ বিষয়াও ভাষণ দিছিল। প্ৰখ্যাত বুদ্ধিজীৱী প্ৰফুল্ল মহন্তই এই সংগঠন বিলাকৰ ভুমিকাৰ বিষয়ে লিখিছে এনেদৰে, “এই সংগঠনসমূহে, আগৰ ৰাইজ ‘মেলা’ৰ  সংগ্ৰামী পথ এৰি, চৰকাৰৰ ওচৰত আবেদন-নিবেদনেৰে ৰাইজৰ অভাব -অভিযোগ  দূৰ কৰাৰ আপোচকামী পথ গ্ৰহণ কৰিছিল। কৃষক প্ৰজাৰ সংগ্ৰামী চেতনাক ভোটা কৰি, তেওঁলোকক নিজ শ্ৰেণী স্বাৰ্থৰ অনুকূলে পৰিচালিত কৰা প্ৰয়োজনতেই এই সংগঠন দুটাৰ জন্ম হৈছিল বুলি অনুমান কৰাটো নিশ্চয় অসংগত নহ’ব।”
সাৰ্বজনিক সভাই নিজ শ্ৰেণীৰ স্বাৰ্থত মাটিৰ খাজনা হ্ৰাস কৰিবলৈ সভা-সমিতি পাতি ,আবেদন-নিবেদনৰ যোগেদি বৃটিছ চৰকাৰক খাটনি ধৰিছিল। ৰোজালিন্দ অ’হানলনে লিখিছে-There was no issue of more pressing public importance than education of mass of illiterate cultivators and labourers who made up the bulk of western Indian society. The Sarvajanik Sabha had done nothing to relieve the plight of these and other classes who were backward in education. ( উৎসঃঅসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠান সমূহ, দেৱব্ৰত শৰ্মা) । লক্ষ্মীনাথ বেজবৰুৱা হ’ল অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী। বৃটিছৰ শোষণ বঞ্চনাক আওকান কৰি লক্ষ্মীনাথ বেজবৰুৱাই লেখিছিল, “ইংৰাজে ভাৰতৰ অনেক উপকাৰ কৰিছে আৰু ভাৰতবৰ্ষ ইংৰাজৰ ওচৰত অনেক প্ৰকাৰে ধৰুৱা ।ইংৰাজ ভাৰতৰ গৰাকী হৈ থাকে এনে আশা ভাৰতে সদায় কৰে।’ (“অসমৰ মধ্যবিত্ত সমাজৰ ইতিহাস।”-হীৰেন গোহাঁই।)

খণ্ড(৩)

চাহ বাগিচাৰ বনুৱা আৰু ঊনশতিকাৰ বিদ্বান সমাজ

অসমত  বৃটিছ  ঔপনিৱেশিক শাসনৰ আটাইতকৈ ক’লা অধ্যায়টো লুকাই আছে “চাহ উদ্যোগ“ত। সেই সময়ত চাহ বনুৱা সকলৰ ওপৰত চলিছিল অমানুষিক নিৰ্যাতন । ১৮৬৩ চনত আন ঠাইৰ পৰা গিৰমীটিয়া বনুৱা  আনিবলৈ এখন আইন কৰা হ’ । এইখন আইন  নহয় যেন দাসত্বৰ শিকলিহে। ইতিমধ্যে বৃটিছে ১৮৩৪ চনত দাস প্ৰথা নিষিদ্ধই কৰিছিল। ৰঙা জেকেট পিন্ধাই  চোটানাগপুৰ আদি কৰি ঝাৰখণ্ড, বিহাৰ, উৰিষ্য, বেঙ্গল, মধ্যপ্ৰদেশৰ বিভিন্ন  ঠাইৰ পৰা   আদিবাসী লোকসকলক চৰ্দাৰৰ  সহায়ত বহুতো  মিছা প্ৰতিশ্ৰুতিৰে ফুচুলাই লৈ অহা হৈছিল। জাহাজত লৈ আহোঁতেই বহু শ্ৰমিকৰ কলেৰাত মৃত্যু হৈছিল। সেইসময়ত চোটানাগপুৰৰ আদিবাসীলোক সকলৰ বাবে অসম হৈ পৰিছিল “End of the world”। জন চানদাই মাৰাণ্ডী (John Chandai Marandi)য়ে লিখিছে-“(The Santhals) owing to their poverty are emigrating to pandua, Baria, Assam and Cachar. And they go to work in the  garden, on the agreement of three years but most of them do not return.” সেই বাবে ছান্থাল শিশুৰ বাবে অসম হ’ল “মৰণ ফান্দ (death trap)‘ (উৎস–Lazy’ Natives, Coolie Labour, and the Assam Tea Industry∗ JAYEETA SHARMA)  মাৰ্ক্সবাদী চিন্তাবিদ অমলেন্দু গুহই চাহ বনুৱা সকলৰ অৱস্থাই আফ্ৰিকাৰ দাস-ধৰা আৰু পৃথিৱীজুৰি চলা দাস বেচা কিনাৰ কথাই মনলৈ আনে বুলি কৈছে। তেওঁ লিখিছে, “কুলি ধৰা, অবৰ্ণনীয় শোকলগা অৱস্থাত কুলিবোৰক লৈ অহা আৰু এনেকৈ লৈ আহোঁতে বাটতে বহুতৰে মৃত্যু হোৱা, এইদৰে লৈ অনা কুলিক বজাৰ দলত বিক্ৰী কৰা আৰু পলাই যোৱা কুলিবোৰক ধৰিবলৈ পিটপিটাই বিচাৰি ফুৰা, এই আটাইবোৰে আফ্ৰিকাৰ দাস-ধৰা আৰু পৃথিৱীজুৰি চলা দাস বেচা কিনাৰ কথা মনলৈ আনে। এবাৰ চাহ বাগিচাত প্ৰবেশ কৰিলেই কুলিবোৰক অৰ্থনীতি-বহিভূৰ্ত উপায়েৰে মাটিৰ লগত সাঙুৰি, আৰু ভালেমান ক্ষেত্ৰত চাহ-বাগিচাৰ এডোখৰ মাটি খাবলৈ দি, ভূমি-দাসত পৰিণত কৰা হৈছিল। সকলো ধৰণৰ স্বাধীনতাৰ পৰা বঞ্চিত কুলি বোৰৰ জীৱন ধাৰণৰ নূন্যতম প্ৰয়োজন আৰু সা-সুবিধা খিনিৰ বাবেও চাহ-খেতিয়কৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ বাধ্য হৈছিল।” কিন্তু গুহই চাহ বনুৱা সকল দাস বা ভূমি দাস নাছিল বুলি কৈছে। তেওঁ লিখিছে -তথাপি, কুলি বোৰ মূলতঃ দাস বা ভূমি দাস নাছিল। এওঁলোক হ’ল ঔপনিৱেশিক পু্ঁজিৰ বিৰুদ্ধে এক উমৈহতীয়া স্বাৰ্থৰ  দ্বাৰা একত্ৰিত হৈ গঢ় লৈ উঠা এটা নতুন শ্ৰমিক শ্ৰেণী।” বংগ নৱজাগৰণৰ বিশেষ ব্যক্তি  ব্ৰহ্মসমাজৰ সদস্য, মানৱতাবাদী ব্যক্তি  দ্বাৰাকানাথ গাঙ্গুলিয়ে চাহ বনুৱা সকলৰ ওপৰত হোৱা অত্যাচাৰ বিষয়ে লিখিছে এনেদৰে, “No-performance of the task entails not only the loss of pay, but other serious consequence , when work is not done to the complete satisfaction of the manager., it often happens that the labour is whipped some times  even bleeding. তেওঁ এই কথাও উল্লেখ  কৰিছে যে বাগানৰ পৰিচালকে (manager)আনকি চাহ বনুৱা সকলক নিৰ্দয় ভাবে গুৰিয়াইছিল। চাহ বাগানৰ বনুৱাৰ তিৰোতবোৰৰ ওপৰত যৌন  নিৰ্যাতন চলাইছিল। সেইহে  মানৱতালৈও প্ৰশ্ন  তুলি লিখিছে” In these days of enlighten and civilisation we have societies for the prevention of cruelty to animals established by the public and helped and patronized by the government. Does not humanity demand that one benevolence should be stirred even in a more passionate degree. (উৎসঃ Bangalee ).
চাহ বাগিচাৰ বনুৱাৰ দুৰ্দশাগ্ৰস্ত  জীৱনকক লৈ এনেধৰণ বহু লেখা অসমৰ বাহিৰৰ বাতৰিত ওলাইছিল। কিন্তু এই চাহ বনুৱা সকলৰ দুৰ্দশাগ্ৰস্ত জীৱনক লৈ সেই সময়ৰ অসমৰ বিদ্বান সকল প্ৰায় চুপ আছিল। গুণাভিৰাম বৰুৱাই তেওঁৰ “অসম বুৰঞ্জী”খনত এওঁলোকৰ কথা একো উল্লেখ কৰা নাই। বলিনাৰায়ন বৰুৱাই  দ্বাৰাকানাথ গাঙ্গুলি আৰু  আন কাকতত ওলোৱা কথাবোৰ মিছা বুলি ক’ব বিচাৰিছিল আৰু কলিকতাৰ পৰা প্ৰকাশ  পোৱা “মৌ “আলোচনীত চাহ বনুৱা সকলক ব্যংগ কৰিহে “চাহ বাগিছাৰ কুলি” বুলি এটা  লেখা   উলিয়াইছিল। তাত লেখিছিল” বাগিছাৰ কুলি কি জন্তু, কেনেকৈ থাকে,পাঠক শুনা।—-কুলি সোয়ে সদায় খাটিয়াত।—-কুলিয়ে খাই ডালিভাত , কিন্তু তাৰ লগত সদায় মাছ, শাক আলু, বেঙেনা থাকে তাৰ ওপৰে আকৌ সপ্তাহে সপ্তাহে পুজা দিয়া পাঠা বা কুকুৰাটীও পায়।——————-যদি আসামত কোনো শ্ৰেণী মানুহ আছে যি খাবলৈ খুজিলেই খাবলৈ পায়, ফটফটীয়া পানী খাবলৈ পায়, সেইয়া কুলিৰ শ্ৰেণী। যদি আসামত এনে কোনো শ্ৰেণীৰ  মানুহ আছে যাক গভৰ্ণমেণ্টে নিজৰ চকুৰে চাই নিজৰ পো নিচিনাকৈ পালন কৰে, সেইয়াই কুলিৰ শ্ৰেণী।” (উৎসঃ”অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীত অনুষ্ঠানসমূহ।” দেৱব্ৰত শৰ্মা) সোমেশ্বৰ শৰ্মাই “আছাম কোম্পানী বিৱৰণ”ত  চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ্ণনা কৰিছে কিন্তু” কুলি লাইন”ৰ দুৰ্দশাৰ বিষয়ে একো লিখা নাই।
“মৌ”ত চাহ বনুৱা সকলক লৈ যি অপপ্ৰচাৰ চলাইছিল আৰু  যি গোকাট মিছা কথা লিখিছিল তাৰ বিৰুদ্ধে মাত মাতিছিল  লক্ষ্মীনাথ বেজবৰুৱা আৰু মথুৰা মোহন বৰুৱাই। ইফালে এই চাহ বনুৱা সকলক আফিংত আসক্ত বাবেই বেমাৰ-আজাৰ নহয় বুলি  জগন্নাথ বৰুৱা দেৱীচৰণ বৰুৱাই  সেইসময়ৰ অসমৰ মুখ্য আয়ুক্তলৈ লিখা স্মাৰকপত্ৰত উল্লেখ কৰে। তাত তেওঁলোকে লেখিছিল- “The thousand of Kacharis and coolies from Kamrup and Goalpara districts, who come every year to upper Assam tea gardens for works, use opium for the most part and they are those who work hardest and the least liable to illness. The build wretched houses and the sanitation of their lives is never necessary to be looked into.  As a rule they don’t suffer from diseases . কিন্তু বৃটিছ বিষয়া  কটনে লিখাৰ কথা পৰাই চাহ বনুৱা সকলে কেনে দুখলগা জীৱন কটাইছিল  গম পোৱা যায়। তেওঁ এইদৰে লেখিছিল, “চুক্তিৰ চতুৰ্থ বছৰতো কুলি বোৰক প্ৰাপ্য বৰ্ধিত হাৰৰ মজুৰি নিদিয়াৰ কথা মই জানিছিলোঁ। আন কিছুমান ক্ষেত্ৰত বিধিৱদ্ধ দামত চাউল ধৰা নহৈছিল আৰু ৰুগীয়া কুলি বা গৰ্ভৱতী তিৰোতাক  আইন নিৰ্ধাৰিত খোৰাকী বানচ দিয়া হোৱা নাছিল । প্ৰায়েই খোৰাকী বানচ বা ৰোগীৰ পথ্য আৰু পলাই যোৱা কুলিক ধৰাই দিয়াৰ কাৰণে পুৰস্কাৰৰ বাবদ পাবলগীয়া আগধন অবৈধ ভাবে কাটি ৰখা হৈছিল। এইদৰে হাত-ভৰি বন্ধা অৱস্থাত শ্ৰমিকসকলক চাহ বাগিচাত কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। ক্ষেত্ৰ বিশেষে গোটেই বছৰটোৰ বাবে কুলিয়ে মজুৰি হিচাপে মাত্ৰ কেইঅনামান পোৱাৰ দৃষ্টান্তও  নোহোৱা নহয়।”(উৎস-অমলেন্দু গুহৰ ‘প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ’) চাহ-বনুৱা সকলক কানি যোগান ধৰা হৈছিল যাৰ দ্বাৰা তেওঁলোকক ঠগাটো সহজ হৈ পৰে।
এই মানুহখিনিৰ ভালৰ কাৰণে ঊনৈশ শতিকাৰ অসমৰ বিদ্বান লোকসকলে একোতো কৰা নাছিলেই তাৰ বিপৰীতে তেওঁলোকৰ ওপৰত নিজেও শোষণ নিৰ্যাতন চলাইছিলহে। এওঁলোকে নিজে চাহ বাগান খুলিছিল আৰু ইয়াত চাহ বনুৱা সকলক কম মজুৰিত নিয়োগ কৰিছিল আৰু শোষণৰ অংশীদাৰ হৈছিল। জগন্নাথ বৰুৱাৰ বাগিচাত ৫০০আৰু দেৱীচৰন বৰুৱাৰ বাগিচাত ২০০জন শ্ৰমিক আছিল। তেওঁ কেইবাখনো বৃটিছ চাহ বাগিচা পৰিচালনাও কৰিছিল। বাগিচা পৰিচালনাত বৃটিছৰ শোষণ-বঞ্চনাৰ নীতিকেই তেওঁলোকে অনুসৰণ কৰিছিল। দেৱব্ৰত শৰ্মাই উল্লেখ কৰা মতে হৰিবিলাস আগৰৱালা আৰু তেওঁৰ পুতেক চন্দ্ৰ কুমাৰ আগৰৱালাই পশ্চিম বংগৰ পুৰুলিয়াৰ পৰা আদিবাসী কিনিছিলগৈ। এই চন্দ্ৰ  কুমাৰ আগৰৱালাই আকৌ লিখিছে “মানৱ বন্দনা” নামৰ কবিতা। হৰিবিলাস আগৰৱালাই নিজৰ বাগিচাৰ চাহ-বনুৱা সকলকে কানি বিক্ৰী কৰিছিল। মন কৰিবলগীয়া কথা এই যে -চাহ বনুৱা সকলৰ মাজৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ প্ৰথম গৰাকী চহিদ হৈছিল। নাম আছিল -মাংৰি ওৰাং। চাহ বাগিচাৰ আন গৰাকী ছহিদ আছিল দুৰ্গী ভূমিজ।

বৃটিছ ঔপনিৱেশ, কানি আৰু ঊনৈশ শতিকাৰ অসমৰ বিদ্বৎ  সমাজ   

১৯শতিকাৰ  বৃটিছ  ঔপনিৱেশ আৰু আফিঙৰ(opium) ব্যৱসায়ৰ মাজত এটা এৰাব নোৱাৰা সম্পৰ্ক আছিল। “Monograph of Opium Problem” নামৰ গ্ৰন্থখনৰ লেখক, ইতিহাসবিদ Hons Derk ৰ -“The  ‘West’  used Opium to enslave the ‘East’.কথাষাৰ এই ক্ষেত্ৰত প্ৰণিধানযোগ্য। সেইসময়ত ইংলেণ্ডত চাহৰ চাহিদা অতিমাত্ৰা বৃদ্ধি পাইছিল। ইফালে এই  চাহ পোৱা গৈছিল কেৱল  চীনত। চীনে চাহৰ বিনিময়ত  ৰূপহে লৈছিল। তাৰ বাদে  আন একো বস্তু নলৈছিল। ইংলেণ্ডৰ কোষাগাৰত ইতিমধ্যে এইবিধ ধাতু নাইকিয়া হৈ গৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীত ব্যৱসায়িক সংকটে দেখা দিছিল। ১৭৯৩চনৰ ফ্ৰেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ ৰজা তৃতীয়  জৰ্জৰ হৈ চীনৰ সম্ৰাট কিয়ানলংকৰ ৮৩তম জন্ম  দিনত শুভেচ্ছা জনাবলৈ বৃটিছ ৰাষ্ট্ৰদূত জৰ্জ মাৰ্কাটনী চীন দেশলৈ গৈছিল । উদ্দেশ্যে আছিল  বাণিজ্যৰ বাবে চীনৰ দুৱাৰ মুকলি কৰা। কিন্তু তেওঁ সফল নহ’ল। তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাহৰ চাহিদা পূৰাবলৈ আফিঙৰ চোৰাং ব্যৱসায় কৰিবলৈ ল’লে। সেইসময়ৰ বহুজাতিক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আফিঙৰ বিনিময়ত  চাহ পালে। ই বৃটিছ কোষাগাৰ পুনৰ পূৰ্ণ কৰি তুলিলে। প্ৰধানকৈ সাগৰীয় পথেদি এই ব্যৱসায় হৈছিল। পিছলৈ ব্ৰহ্মদেশত কেৱল আফিং আৰু অন্য  নিচাজাতীয় দ্ৰৱৰ চোৰাং ব্যৱসায় কাৰণে “সোণালী ত্ৰিভূজ”(Golden Triangle) নামৰ এক অঞ্চল গঢ় লৈ উঠে। ভাৰতৰ বেনাৰস, বিহাৰ আৰু বেঙ্গলৰ বিস্তৰ অঞ্চলত আফু খেতি কৰা হ’ল। পৰিশ্ৰুত কৰা আফিং উৎপাদনৰ কাৰণে বৃহৎ বৃহৎ কাৰখানা বিহাৰ, উত্তৰ প্ৰদেশত  গঢ়ি তোলা হ’ল। এই আফিং ভাৰত আৰু চীনত বিক্ৰী কৰা হৈছিল। চীনৰ সম্ৰাটে চীনত আফিং  নিষিদ্ধ কৰিছিল গতিকে ইয়াৰ চোৰাং ব্যৱসায় চলিছিল। এই আফিংৰ ব্যৱসায়ে বৃটিছ ৰাজকোষ টনকিয়াল কৰিছিল। সেইসময়ত অসমৰ বহু খেতিয়কে আফু খেতি কৰিছিল। আফু গছৰ গুটিৰ পৰা তৈয়াৰ কৰা কানি খাই অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ কানিয়া হৈছিল বুলি মোফট মিলছে তেওঁৰ টোকাত উল্লেখ কৰিছে। আনন্দৰাম ঢেকিয়াল ফুকনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু অঞ্চলত আফু খেতি কৰাৰ কথা উল্লেখ কৰিছে। আফু খেতি আৰব সকলৰ যোগেদি ভাৰতত প্ৰবেশ কৰিছিল। ৰাজপুত সকলে ইয়াক বিভিন্ন উৎসৱত ব্যৱহাৰ কৰিছিল। ৰাজস্থানতো  ইয়াৰ খেতি কৰা হৈছিল।কিন্তু বৃটিছ সকলে পৰিকল্পিত ভাবে ভাৰতৰ বিহাৰ আৰু  বেঙ্গলত ইয়াৰ খেতি কৰি অধিক উৎপাদন কৰিবলৈ ল’লে  আৰু কাৰখানাবোৰত ইয়াক পৰিশ্ৰুত কৰিলে। এই পৰিশ্ৰুত কৰা কানি(বেঙ্গল আৰু পাটনাৰ কানি)খাই  মানুহ বেচি নিচাসক্ত  বা কানিয়া হৈছিল।
আহোমৰ দিনতে  অসমৰ মানুহ কানি খাই কানিয়া হোৱাগৈ  নাছিল।মণিৰাম দেৱানৰ মতে আহোম ৰজা লক্ষ্মী সিংহ দিনতে অসমত আফু খেতি কৰিবলৈ লোৱা হয়। কিন্তু এই ঘৰত তৈয়াৰী আফিং সেৱন  এটা সীমাৰ মাজত আছিল। কেপ্তেইন ওৱেলছে প্ৰথমে  কাৰখানত তৈয়াৰী বেঙ্গলৰ আফিং অসমলৈ আনে। তেতিয়াৰ পৰাহে ইয়াক ব্যাপকভাবে ব্যৱহাৰ কৰিবলৈ লয়। অমলেন্দু গুহই লেখিছে, “The Assam were not yet acquainted with the manufacture of “merchantable opium” that could be locally procured in considerable quantity. Walsh therefore recommended that ‘a few boat-loads opium .’ be sent from Bengol for sale .It was widely believed that welsh’s several hundred sepoys were primerily responsible for spreading the habit in Assam. A large number of Hindustani ex-sepoys from Bengal who are recuited into the army of King Kamaleshwar Sinha (1795 – 1811)also played a similar role in popularizing the opium habit and poppy cultivation. ১৮৪০ চনত কানি চৰকাৰী এজেণ্টৰ দ্বাৰা বিক্ৰী কৰিবলৈ ল’লে। কানিয়ে অসমৰ মানুহখিনিৰ সৰ্বনাশ কৰিছিল। আনকি কানি সত্ৰবোৰতো সোমাই  পৰি বৈষ্ণৱবাদৰ অংশ হৈ পৰিছিল। গাঁৱে গাঁৱে কানীয়া সভাৰ সংখ্যা বৃদ্ধি পাইছিল।
এই কানিৰ বিৰুদ্ধে মণিৰাম দেৱান আৰু  আনন্দৰাম ঢেকিয়াল ফুকনে মাত মাতিছিল। ইয়াত  তেওঁলোকৰ সেইসময়ৰ অসমৰ মানুহখিনিৰ প্ৰতি সদিচ্ছা প্ৰকাশ পাইছে। মণিৰাম দেৱানে আৰু আনন্দৰাম ঢেকিয়াল ফুকন দুয়োজনে মিলচলৈ দিয়া স্মাৰক পত্ৰখনত কানিৰ বিৰুদ্ধে লিখিছিল। মণিৰাম দেৱানে উল্লেখ কৰিছিল যে চৰকাৰৰ দ্বাৰা বিক্ৰী কৰা আবকাৰী আফিঙে (কানি) মনুহবিলাকক খেতি-বাতি কৰাৰ অযোগ্য কৰিছে। তেওঁ ইয়াৰ বিক্ৰী শীঘ্ৰে বন্ধ হোৱাটোকে বিচাৰিছিল। আৰু ২০বছৰৰ ভিতৰত আফু খেতি বন্ধ কৰাটো বিচাৰিছিল। আনন্দৰাম ৰাম ঢেকিয়াল ফুকনে স্মাৰক পত্ৰখনত উল্লেখ কৰিছিল যে ঘৰুৱা আফু খেতি বন্ধ কৰি আবকাৰী কানিৰ বিক্ৰীৰ জড়িয়তে সমাজৰ পৰা বেয়া নাইকিয়া কৰিব নোৱাৰি। ১৮৬০চনত বৃটিছ চৰকাৰে অসমৰ আফু খেতিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। ইয়াৰ ফলত ১৮৬০চনত সেৰে ১৪টকা দামৰ কানি যথাক্ৰমে ১৮৬২আৰু ১৮৭৩চনত ২০ টকা আৰু ২৩টকা হ’লগৈ। মাৰ্ক্সবাদী ইতিহাসবিদ অমলেন্দু গুহই সেয়েহে লেখিছে, -নিজে কৰা কানিৰ সলনি এইদৰেই চ’ৰা দামত চৰকাৰী কানি কিনিবলৈ মানুহবোৰক বাধ্য কৰোৱা হ’ল।দৰাচলতে খেতিয়ক সকলে নগদ ধন আৰ্জনৰ বাবে সহজে বেচিব পৰা ফচলবিধ আছিল আফু গুটি । গতিকে আফু খেতি নিষিদ্ধ কৰা আৰু চৰকাৰৰ কানি দাম বঢ়োৱা গুৰিতে জনকল্যাণ সাধন তকৈ ৰাজহ বৃদ্ধিৰ কথাটোৱে হে চৰকাৰৰ বিবেচনাত বেছি গুৰুত্ব  পাইছিল ।”
গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাইও  কানিৰ বিৰোধিতা কৰিছিল।হেমচন্দ্ৰ বৰুৱাই কানি বিৰোধিতা কৰি কানীয়া-কীৰ্তন লিখিছিল। কিন্তু তেওঁলোকে চৰকাৰীৰ কানি নীতি বিৰোধিতা কৰা নাছিল। আনকি কানীয়া-কীৰ্তন খন বৃটিছ চৰকাৰৰ পৃষ্ঠ-পোষকতাত প্ৰকাশ কৰিছিল।বিশিষ্ট চিন্তাবিদ দেব্ৰৱত শৰ্মাই দেখুৱাইছে কেনেদৰে হেমচন্দ্ৰ বৰুৱা কানি বিৰোধিতাৰ ক্ষেত্ৰত selecttive আছিল। ইন্দিবৰ দেউৰীৰ মতে ভাৰতীয় কানি আয়োগৰ ওচৰত দাখিল কৰা তেওঁৰ টোকাত হেমচন্দ্ৰ বৰুৱাই মত দিছে যে কানিৰ অনৌষধিক ব্যৱহাৰৰ বাবে কিনা-বেচাত প্ৰতিবন্ধক লগোৱা উচিত নহ’ব, কাৰণ ই কাৰ্য্যসাৰ্ধ নহ’ব। তেওঁৰ মতে অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়ে অনৌষধিক কাৰণতেহে কানি সেৱন কৰে আৰু এনে কানি-সেৱন অসমৰ মানুহৰ এটা স্বাভাৱিক প্ৰবৃত্তি।
কানিৰ সপক্ষে জগন্নাথ বৰুৱা আৰু দেৱীচৰণ বৰুৱাই অসমৰ মুখ্য আয়ুক্তৰ আগতে দিয়া স্মাৰকপত্ৰত লিখিছে এনেদৰে- Opium is an invaluable medicine in many disorders of the stomach ;it alleviates pain and possesses a power of restoring health .It is useful after 40 years of age in prolonging life and is an undoubted preventive agaist malaria.The hard working classes in the malarious plains of Assam require some stimulant to keep up their powers .On the whole opium taken in a moderate quantity is beneficial and positively necessary for a large number of the people earning  their livelihood by manual labour in the swampy rice fields and in the tea garden of Assam of boatmen and others .
কানি যে চাহ-বনুৱা সকলৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল তাক ইয়াৰ পৰাই গম পোৱা যায়। চাহ খেতিয়ক সকলে কানি খুৱাই চাহ বনুৱাসকলৰ ওপৰত শোষণ চলাইছিল।আগতেই উল্লেখ  কৰা হৈছে যে হৰিবিলাস আগৰৱালা দৰে বহুলোকে কানিৰ দোকান দিছিল। দেৱব্ৰত শৰ্মাই সেইহে লিখিছে, “চাহ মালিকৰ শ্ৰেণী স্বাৰ্থ তথা উচ্চ বৰ্ণৰ সাম্প্ৰদায়িক স্বাৰ্থৰ এই ‘মনি কাঞ্চন’ সংযোগে যে শ্ৰমজীৱী দলিত-নিপীড়িত মানুহক কানি খুৱাই শুৱাই ৰাখিবলৈ বিচাৰিব,তাত আচৰিত কি? দলিত শ্ৰমজীৱী মানুহৰ প্ৰতি ‘জাতীয়’ নেতৃত্বৰ এনে মনোভাৱে জাতি গঠন প্ৰক্ৰিয়াত কেনে প্ৰভাৱ পেলাব সি সহজে অনুমেয়।”

অসমীয়া বিদ্বৎ সমাজ  আৰু  ভাষা-সাহিত্য

সেই সময়ৰ অসমীয়া বিদ্বান সকলে প্ৰধানকৈ  বঙ্গৰ নৱজাগৰণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। প্ৰথম পৰ্যায়ত অসমীয়া বিদ্বান সকলে বঙালী সকলক অনুকৰণ কৰিছিল আৰু বাংলা  ভাষা ব্যৱহাৰতহে আগ্ৰহ আছিল। হলিৰাম ঢেকিয়াল ফুকন, যজ্ঞৰাম খাৰঘৰীয়া ফুকন, মনিৰাম দেৱান, জদুৰাম বৰুৱা আদি অভিজাত অসমীয়া আৰু বিদ্বান সকল ‘সমাচাৰ দৰ্পন,সমাচাৰ চন্দ্ৰিকাৰ দৰে বাংলা পত্ৰিকাৰ গ্ৰাহক আৰু পাঠক আছিল।হলিৰাম ঢেকিয়াল ফুকনে বাংলা ভাষাত তেওঁৰ  আসাম বুৰঞ্জী খন লিখিছিল। মনিৰাম দেৱানেও  বাংলা ভাষাতে তেওঁৰ “বুৰঞ্জী  বিবেক ৰত্ন”খন লিখিছিল। আনন্দৰাম ঢেকিয়াল  ফুকনে  “দেৱান কায়ঁদা বন্দি” আৰু  “আইন ও ব্যৱস্থা ” নামৰ পুথি দুখন বাংলা ভাষাতে লেখিছিল। অসমীয়া ভাষা চহা মানুহৰ ভাষা বুলি সেই সময়ৰ সকলোৱে ইয়াক ঘিনাইছিল। হেম চন্দ্ৰ বৰুৱাই  সেইহে কৈছিল, “অসমীয়া চহা মানুহৰ কথাভাষাহে, সভ্য লোকৰ মাজত নহয়——। অসমীয়া ভাষাক সকলোৱে ঘিনাইছিল।সকলোৱে ৰঙ্গ্ইনী বঙ্গীয়াক সঙ্গিনী কৰি লৈছিল।ময়ো সেই নিয়মৰ বাজ নাছিলো”অথচ  বৃটিছসকলে অসম অধিকাৰ কৰা পৰা দহ বছৰৰো অধিক কাল অসমীয়া ভাষা কোৰ্ট-কাছাৰী ভাষা হৈ আছিল। ১৮৩৮ চনত বৃটিছে অসমত চৰকাৰী ভাষা হিচাপে বাংলা প্ৰৱৰ্ত্তন কৰে। সেই সময়ৰ কোনো এজন বিদ্বান লোকেই ইয়াৰ বিৰোধ কৰা নাছিল। সেইহে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে লিখিছে-“অসমীয়া মধ্যবিত্তৰ দুৰ্বলতাৰ বাবেই ব্ৰিটিছে তেওঁলোকৰ ওপৰত বঙালী ভাষা জাপি দিব পাৰিছিল।”
কলিকতাৰ  বিদ্বান সমাজৰ সংস্পৰ্শলৈ আহি অসমৰ পৰা যোৱা লোক সকল নতুন চেতনাৰে আলোকিত হোৱা লগতে নিজ অস্তিত্বকলৈ হীনমানণ্যতাবোধত ভূগিছিল। বংগত সেইসময়ত  বঙালী লোক সকলৰ  প্ৰৱল জাতীয়চেতনা আছিল। নিজৰ ভাষা-সংস্কৃতিক লৈ তেওঁলোক গৰ্বিত আছিল। তাৰে কিছুলোকে আনৰ ভাষা-সংস্কৃতিক, প্ৰধানকৈ অসমীয়া ভাষাক তুচ্চ- তাচিল্য কৰি বাতৰি কাকতত লেখিছিল। ইয়াৰ  মাজত অসমৰ পৰা যোৱাৰ লোক সকল নিজৰ পৰিচয়(অস্তিত্ব) প্ৰতি সচেতন হৈ পৰিছিল। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱক লৈ মেদিনী মোহন চৌধুৰীয়ে লিখিছে, “ঊনৈচ শতিকাত চতুৰ্থ দশক মানৰ পৰা অসমীয়া ডেকা ল’ৰাই  কলিকতাত পঢ়াৰ এটা ধুম উঠিছিল। সম্পন্ন পৰিয়ালৰ ল’ৰাই এনে সৌভাগ্যৰ আধিকাৰী হৈছিল।—–অসমীয়া ডেকা ল’ৰাহতে নিজৰ জন্মভুমি অসমৰ অৱস্থা কলিকতাৰ সৈতে তুলনা কৰি তাৰ সমাজ আৰু অসমৰ সমাজৰ মাজত দুস্তৰ প্ৰভেদ অনুভৱ কৰি অকিঞ্চনতাত ভুগিছিল। প্ৰথমে নিজৰ অকিঞ্চনৰ অসমকে দোষ দিছিল। কোনো  কোনো বৰ্ণহিন্দু  পৰিয়ালে অসমৰ বুলি চিনাকি দিবলৈ লজ্জাবোধ কৰিছিল।—এই দৰে লজ্জা আৰু সংশয়ৰ মাজত অসমীয়া জাতীয়তাবাদৰ জন্ম হৈছিল।” আকৌ  অসমতো অফিচ-কাছাৰীত চাকৰি আদি  বিভিন্ন স্বাৰ্থত অসমীয়া মধ্যশ্ৰেণী আৰু বঙ্গালী মধ্যশ্ৰেণীৰ মাজত সংঘাত হৈছিল আৰু বিদ্বেষৰ সৃষ্টি হৈছিল। এই বিদ্বেষে অসমীয়া মধ্যশ্ৰেণীক নিজৰ ভাষা সংস্কৃতিৰ প্ৰতি সচেতন কৰি তোলে।

সেই সময়তে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ স্বাৰ্থত হ’লেও আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকলে প্ৰথম অসমীয়া ভাষা প্ৰচলনত গুৰুত্ব দিছিল। যেতিয়া মিছনাৰী সকলৰ পৰা অসমৰ বিদ্বান লোকসকলে অসমীয়া ভাষাটো বাংলা ভাষাতকৈ বেলেগ আৰু ই স্ব-বৈশিষ্ট্যৰে চহকী বুলি গম পালে তেতিয়া তেওঁলোকে নিজৰ পৰিচয়ৰ বাবে অসমীয়া ভাষাটোক জাতীয় আত্ম-পৰিচয়ৰ  ভিত্তি হিচাপে গ্ৰহণ কৰিলে।
ইতিহাসবিদ লক্ষ্মীনাথ তামুলীয়ে লিখিছে যে- অৰুনোদই প্ৰকাশৰ আগতে ১৮৪৪ চনত কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’ পুথিখন ছপা কৰি উলিয়াই মিচনাৰী সকলেহে ব্ৰহ্মপুত্ৰ  উপত্যকাত বসবাস কৰা মানুহখিনিৰ সুকীয়া  ভাষা এটা থকা কথা প্ৰমাণ কৰে।—————–বিদেশী মিচনেৰীসকলে হাতে কামে দেখুৱাই দিয়া আগলৈকে আমি অসমীয়াই আমাৰ লিখিত চহকী ভাষা এটা যে আছিল আৰু সেই টো ভাষা যে আন ভাষাত কৈ পৃথক অৰ্থাৎ সুকীয়া বৈশিষ্ট্য পূৰ্ণ ইয়েই গম পোৱা নাছিলোঁ।—মিচনাৰী চাহাবে অসমীয়াক মাতৃ ভাষা আৰু সেই মাতৃভাষাৰ সাহিত্যৰ লগত চিনাকী কৰি দিয়া আগলৈকে আমি সন্তানবোৰে পৰিচয় প্ৰতিষ্ঠাই হোৱা নাছিল
“নাথান ব্ৰাউন চাহাবে  প্ৰথম অসমীয়া ভাষাৰ ব্যাকৰণ “Grammatical notices  of Assamese Language ” ৰচনা কৰে। তাৰ উপৰি তেওঁ  কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। প্ৰথম অসমীয়া বাতৰি-কাকত অৰুন’দই তেওঁৰ যত্নতে প্ৰকাশ হৈ ওলাইছিল। তেওঁ  অসমীয়া ভাষাত  লিখা বাবে  এটা সৰল বানান পদ্ধতি প্ৰৱৰ্তন  কৰিছিল। এই সৰল বানানৰ ভিত্তি আছিল পণ্ডিত যদুৰাম ডেকা বৰুৱাৰ বাংলা-অসমীয়া অভিধানখন। হেমচন্দ্ৰ বৰুৱাই  “আসাম নিউজ” কাকতত লিখা এলানি প্ৰবন্ধৰ জৰিয়তে অৰুনোদইৰ সৰল বানান পদ্ধতি বিপৰীতে  সংস্কৃতমূলীয় বানান পদ্ধতি গুৰুত্ব দি লেখিছিল। বৃটিছ চৰকাৰে হেমচন্দ্ৰ বৰুৱাই প্ৰনয়ন কৰা “হেমকোষ” অভিধান ছাপা কৰি উলিয়ায়। অৱশেষত হেমচন্দ্ৰ বৰুৱাৰ বানান পদ্ধতিকে অসমীয়া ভাষা লিখিবলৈ গ্ৰহণ কৰা হয়। আনকি মিশ্যনেৰী সকলেও নিজৰ ধৰ্মপ্ৰচাৰৰ স্বাৰ্থত পিছলৈ হেমচন্দ্ৰ বৰুৱাৰ নিদিষ্ট বানান পদ্ধতিকে গ্ৰহণ কৰে। ১৮৬১চনৰ পৰা  অৰুনোদইৰ নামটো অৰুণোদয় হ’ল।
অৰুনোদইত লিখা পিছপৰা সম্প্ৰদায়ৰ পৰা অহা এজন বিদ্বান লোক আছিল নিধি ফেৰাৱেল । পিছপৰা সম্প্ৰদায়ৰ এই নিধি ৰাম কেওঁট এজন অনাথ লোক আছিল। নাথান  ব্ৰাউনে তেওঁক খ্ৰীষ্টান ধৰ্মত দিক্ষিত কৰাইছিল। খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰি তেওঁ নাম লৈছিল নিধি ৰাম ফেৰাৱাল । তেওঁ বাইবেল গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰি “ধৰ্ম পুস্তক” নাম দি প্ৰকাশ কৰি উলিয়াইছিল। অৰুণ’দইত আটাইতকৈ বেছি গদ্য আৰু পদ্য ৰছনা কৰা লোকজন আছিল এই  নিধি ফেৰাৱেল। নিধি ফেৰাৱাল সহজ বানান পদ্ধতিক গুৰুত্ব দিছিল। অৰুনোদইতে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱাকে আদি কৰি অনেকজন অসমীয়া লোকে লিখিছিল। ১৮৪৭ চনত অৰুনোদইত আনন্দৰাম ঢেকিয়াল ফুকনৰ “ইংলেণ্ডৰ বিবৰণ” শীৰ্ষক সুপ্ৰসিদ্ধ ৰচনাখন ওলাইছিল। এইখন আছিল প্ৰথম অসমীয়াৰ পূৰ্ণাঙ্গ প্ৰৱন্ধ। সেইহে প্ৰসেনজিৎ চৌধুৰীয়ে কৈছে যে আধুনিক  সাহিত্যৰ বীজ “অৰুনোদই”ৰ পাততেই অংকুৰিত হৈছিল। অসমীয়া ভাষাটোৱে  চৰকাৰী  স্বীকৃতি নাপালেও  অৰুনোদইৰ ভুমিকাই অসমৰ বিদ্বান সকলক ভাষাটোৰ প্ৰতি সচেতন কৰে আৰু ভাষিক চেতনা এটা সৃষ্টি কৰা ক্ষেত্ৰত ই এখন মঞ্চ দিলে বুলি কলে বঢ়াই কোৱা নহ’ব। দেৱব্ৰত শৰ্মাই লেখিছে-“অৰুনোদইৰ পাতত গুণাভিৰাম বৰুৱাই যিলানি চিঠি লিখিছিল, তাতেই আমি অসমীয়া ভাষিক জাতীয়তাবাদৰ প্ৰথম উকমুকনি লক্ষ্য কৰোঁ।” গুণাভিৰাম  বৰুৱাই  অৰুনোদইত লেখিছিল এনেদৰে -“কোনো ভাসা অলপ কালতে  সিকিব পাৰিম, বিদ্যা সিকিবৰ পূৰ্বেই  এনে বিবেচনা কৰা প্ৰয়োজন। কিন্তু যি দেসত আমাৰ জন্ম হৈছে, জি দেসত আমি আচোঁ, আৰু জাৰ কথা আমি উপজিবৰ দিনৰ পৰা মাৰিবৰ দিনলৈকে নেপাহৰো সেই ভাষা নাম মাত্ৰিভাসা বা স্বদেশৰ ভাষা বোলে; আৰু ইয়াকে অচমিয়া লোকসকলে সিকা উচিত।”(উৎস-অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠান সমুহ, দেৱব্ৰত শৰ্মা)। আনন্দৰাম ঢেকিয়াল ফুকনে মোফট মিলছলৈ দিয়া স্মাৰক পত্ৰত বলিষ্ঠ যুক্তিয়ে অসমীয়া ভাষাৰ হকে মাত মাতিছিল। তেওঁ লিখিছিল, “—-অসমৰ আদালত সমূহত এটা বিদেশী ভাষা, বাংলা ভাষা প্ৰচলন কৰা হৈছে। আদালতৰ লগত জড়িত বিষয়া বা তেনেলোকেহে সাধাৰণতে বাংলা বুজি পায়। সাধাৰণ ৰাইজ আৰু ভদ্ৰলোক পৰ্যায়ৰ ব্যক্তিসকলৰো ভাষাটোৰ সম্পৰ্কে কোনো জ্ঞানেই নাই। এই দেশীয় বিচাৰকসকল নিজৰ ভাষাৰ তুলনাত বাংলাৰ লগত অপৰিচিত আৰু ইউৰোপীয়  বিচাৰকসকলো  বাংলা তকৈ অসমীয়া ব্যৱহাৰত অধিক দক্ষ‌।—–বৃটিছৰ দ্বাৰা অসম অধিকাৰৰ দহ বছৰৰ পাচলৈকে  ৰাজ্যখনৰ আদালতত অসমীয়া ভাষাই চলি আছিল।এতিয়া কি যুক্তিত অসমীয়া আতৰাই থৈ বাংলাক প্ৰতিষ্ঠা কৰা হৈছে, আমি বুজি পোৱা নাই।অসমীয়া যেনেদৰে ৰাইজৰ মাতৃভাষা তেনেকৈ আদালতৰ বেছি সংখ্যক বিচাৰক আৰু আমোলৰো মাতৃভাষা। এতেকে ইয়াক প্ৰয়োগ কৰিলে অসুবিধা সম্ভৱতঃ নহ’ব। এইক্ষেত্ৰত কোনোবাই যদি ক’ব খোজে যে বাংলাৰ লগত অসমীয়া সাদৃশ্য আছে তেন্তে আমি  বিনম্ৰভাবে আঙুলিয়াই দিব লাগিব যে বাংলাৰ লগত অসমীয়াৰ সাদৃশ্য যিমান উৰিয়াৰ সাদৃশ্যও সিমানেই। উৰিষ্যাৰ আদালতত যদি প্ৰাদেশিক ভাষা চলোৱাৰ  অধিকাৰ প্ৰদান কৰা হয় তেনে হ’লে আমি বুজি নাপাওঁ অসমীয়া সেই অধিকাৰৰ পৰা বঞ্চিত হ’ব কিয়? (উৎস-অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয়-জনগোষ্ঠীগত অনুষ্ঠান সমুহ, লেখক-দেৱব্ৰত শৰ্মা)। আনন্দৰাম ৰাম ঢেকিয়াল ফুকনে ইয়াৰ বাদেও ক’তো অসমীয়া ভাষাৰ সপক্ষে একো লিখা নাই।( উৎসঃ অৰুনোদই, প্ৰসেনজিৎ চৌধুৰী।) অৰুনোদইত অসমীয়া ভাষাৰ সপক্ষে বেছিকৈ লেখিছিল গুণাভিৰাম বৰুৱাই। এই লেখাবোৰত তেওঁৰ কেৱল অসমীয়া ভাষাটোৰ প্ৰতি গভীৰ ভালপোৱাই প্ৰকাশ পোৱা নাই লগত ইয়াক পুনৰ  প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাইছে। তেওঁ ১৮৫৪চনৰ নবেম্বৰ মাহৰ অৰুনোদইত লেখিছে এনেদৰে, “হে অচম দেশৰ লোক সকল, এফেৰি কথা কওঁ সুনা, তোমালোকে এতিয়া বঙালী ভাষা বৰ আদৰ কৰি সিকিচা, আৰু অচমিয়া অনাদৰ কৰিচা, কিন্তু ভাবি চালে অচমিয়া বঙালী দুই একে মাকৰ সন্তান, তেওঁলোক দুইৰো সংস্কৃত মাক। কেৱল দেসাধিকাৰৰ অনুগ্ৰহ বঙ্গালি বিলাকে এতিয়া আপোন মাত্ৰি বঙ্গালি ভাষাক নানা অলঙ্কাৰ পিন্ধাইছে। তোমালোকেও যদি সেইদৰে জতন কৰা, তেন্তে জাক এতিয়া ঘিন কৰিছা তাকেই পূজা কৰিবা, তোমালোকে হাজাৰ বঙ্গালি কি অন্য ভাষা, তেওঁ তাত পণ্ডিত হ’ব নোআৰা।”(অৰুনোদই, প্ৰসেনজিৎ চৌধুৰী।) নিজৰ ভাষাটোক ভাল পোৱা আৰু চৰ্চ্চা কৰিলেহে যে নিজ দেশ বা ৰাজ্যৰ মঙ্গল হ’ব সেই কথা তেওঁ উপলব্ধি কৰিছিল। তেওঁ ‘অসম দেসৰ উপকাৰ’ নামৰ লেখাটোত লেখিছিল এনেদৰে-“এতেকে এই দেসৰ যি লোক সকলে দেসৰ  উপকাৰ কৰো বুলি কই,সেই সকলে  প্ৰথমে স্বদেসৰ ভাষাৰ প্ৰতি মনোযোগ কৰোক । তাক নকৰি ,আন উপাইৰ দ্বাৰাই উপকাৰ কৰো বুলিলে ,তাৰ পৰা সাধাৰণ আৰু শুভ ফল নাপাব (উৎসঃ অৰুনোদই, প্ৰসেনজিৎ চৌধুৰী)‌। ৰাজ্যখনৰ বিদ্বান সকলে “আমি” বুলি বান্ধ খাবলৈ  ভাষাটোকে আলম কৰি আগবাঢ়িব লগা হ’ল। এই ভাষা ভিত্তিক জাতীয়তাবাদৰ উকমুকনি আৰম্ভ হ’ল। লক্ষ্মীনাথ নাথ বেজবৰুৱা, হেম চন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ আগৰৱালাৰ যত্নত ১৮৮৮চনত জন্ম হয় “অসমীয়া ভাষা উন্নতিৰ উন্নতি সাধিনী সভা”।ইয়াক বিশিষ্ট  বুদ্ধিজীৱী দেৱব্ৰত শৰ্মাই অসমীয়া ভাষিক জাতীয়তাবাদৰ সাংগঠনিক ৰূপ বুলি কৈছে। ইয়াৰ মুখপাত্ৰ হিচাপে জন্ম লাভ কৰিছিল “জোনাকী”য়ে।প্ৰথম অৱস্থাত অসমীয়া জাতীয়তাবাদ বৃটিছ ঔপনিৱেশৰ সহযোগী হিচাপে আত্মপ্ৰকাশ কৰিছিল। বৃটিছৰ ষড়যন্ত্ৰতে বিদ্বেষ আৰু শত্ৰুতাআ ৰম্ভ হৈছিলবঙা লীৰ লগত। যিটো হৈ পৰিছিল অসমীয়া জাতীয়তাবাদৰ এটা ডাঙৰ কেৰুণ। আৰু ইয়াত  উজান দিছিল পণ্ডিত হেম চন্দ্ৰ গোস্বামী দৰে বিদ্বানে । তেওঁ লেখিছিল,  দেশত খাবলৈ  নোপোৱা ,আপোনপেটীয়া,——কুলাৰ আগত উটি যোৱা পতানৰ নিচিনা খেৰেচ বাঙালী।”

ঊনশ শতিকাৰ বিদ্বান সকলৰ নাৰী আৰু জনজাতি,  আন ধৰ্মৰ প্ৰতি দৃষ্টিভংগী

আনন্দৰাম বৰুৱা আছিল প্ৰথম আধুনিক শিক্ষাৰ শিক্ষিত অসমীয়া লোক। তেওঁ কলিকতাৰ হিন্দু কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। তেওঁ ১৮৫২চনৰ জানুৱাৰী  মাহত হোৱা বেথুন সভাৰ প্ৰথমখন সভাত উপস্থিত আছিল।কলিকতাৰ সেইসময়ৰ যি বৌদ্ধিক বাতাবৰণ তাৰ সংস্পৰ্শলৈ তেওঁ আহিছিল।এফালে  উচ্চ -বৰ্ণ পৰিয়ালৰ  পৰম্পৰাগত ভাবে চলা বৈদিক ৰীতি-নীতিৰ প্ৰভাৱ আৰু আনফালে আধুনিক শিক্ষাৰ প্ৰভাৱত ঢেকিয়াল  ফুকনৰ   নাৰীৰ  প্ৰতি    উদাৰ আৰু সামন্তীয়  এই দুয়োটাৰে মিশ্ৰ  এটা দৃষ্টিভংগী  দেখা  যায়। ইপিনে তেওঁ নাৰী শিক্ষা গুৰুত্ব দিছিল আনপিনে নাৰীয়ে শাস্ত্ৰৰ নীতি -নিয়ম মানি চলাটো বিচাৰিছিল। তেওঁ নিজৰ পত্নীক পৰ্বতীয়া গোঁসাইৰ দ্বাৰা তত(?) মন্ত্ৰ দিছিল। স্ত্ৰী শিক্ষাৰ প্ৰতি তেওঁ গুৰুত্ব দিছিল। নিজৰ পত্নীক বিবাহৰ পিছত  ঘৰতে শিক্ষা দিছিল।জীয়েক পদ্মাৱতীৰ পাঁচ বছৰ বয়সত  বিদ্যা আৰম্ভ কৰাইছিল। কিন্তু নাৰী স্বাধীনতাৰ কথাত তেওঁ অলপ ৰক্ষণশীল আছিল। গুণাভিৰাম বৰুৱাৰ মতে -উপযুক্ত শিক্ষিতা হ’লে স্ত্ৰীক স্বাধীনতা দিয়া বেয়া নহয়। এইটো তেওঁৰ বিশ্বাস আছিল।”
গুণাভিৰাম  আছিল স্ত্ৰী শিক্ষা আৰু বিধৱা বিবাহৰ সমৰ্থক। তেওঁ প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত বিধবা  বিবাহ কৰিছিল। তেওঁ নিজৰ বিধৱা কন্যাকো বিয়া পাতি দিছিল। তেওঁ  অৰুনোদইৰ পাতত স্ত্ৰী শিক্ষাৰ সপক্ষে দৃঢ়তাৰে কলম চলাইছিল। গুণাভিৰামৰ জীয়েক স্বৰ্ণলতা বৰুৱা আছিল উচ্চ শিক্ষাৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা প্ৰথম গৰাকী অসমীয়া মহিলা। ১৮৬১চনৰ মে মাহৰ ‘অৰুনোদই’ত হেমচন্দ্ৰ বৰুৱাৰ” স্ত্ৰী” শিক্ষা শীৰ্ষক এখন ৰছনা  লিখিছিল। তেওঁ  স্ত্ৰী- শিক্ষা আৰু বিধৱা বিবাহৰ সমৰ্থক আছিল। তেওঁ  লেখিছিল-মতা তিৰোতা দুটা সমান জীৱ ,ভোক পিয়াহ, টোপনি, বোধ,ইচ্ছা,অংগ প্ৰতংগ, জন্ম-মৰণ,দুইৰো সমান। তথাপি এটাৰ যি স্বত্ব আছে ,আনটোৰ সি নাই বোলা কথাটো কিমান অন্যায়,ইয়াক যাৰ অলপমান জ্ঞান আছে সিও বুজিব পাৰে।” কিন্তু বহুতৰ বাবে স্ত্ৰী -শিক্ষা নাৰী মৰ্য্যদা আৰু স্বাধনীতাৰ বাবে নাছিল। পুৰুষৰ সন্তুষ্টিৰ বাবেহে স্ত্ৰী শিক্ষা প্ৰয়োজন হৈছিল। ১৮৬১চনৰ এপ্ৰিল মাহৰ সংখ্যাত “অৰুনোদই”ত ওলোৱা “হিন্দু পেট্ৰিয়ট”ৰ এটা প্ৰৱন্ধৰ ভাঙনিয়ে তাৰে ইংগিত দিয়ে। তাত আছিল এনেদৰে “যুব বঙালীবিলাকে ইংৰাজী ভাষাৰ আদি ৰস ঘটিত গপবিলাক পঢ়ি আৰু সেইবিলাক গপৰ পৰা তিৰোতাৰ গুণ আৰু কৰ্তব্য কামবিলাক বুঝি, নিজ তিৰোতাৰ লুকালুকিৰ নিচিনা আচৰণ বেয়া পোৱা আশ্চৰিত নহয়———তেওঁবিলাকে আপোন তিৰোতাৰ বোলা ৰূপ আৰু ফুচফুচিয়া কথা শুনি অসীম হেজাৰ পায় ,।”ইয়াৰ নিবাৰন উপায় হিচাপে লিখিছে-“ইয়াৰ কোনো প্ৰতিকাৰ নাইনে ? বঙ্গাল দেশৰ মানুহ বিলাকে ইয়াৰ সহজ উপায় কৰিব নোৱাৰেনে? ইয়াৰ উত্তৰ অতি ঢিলা, আমাৰ তিৰোতা বিলাকক বিদ্যা শিকালেই ইয়াৰ প্ৰতিকাৰ হ’ব।” পুৰুষতান্ত্ৰিক ব্যৱস্থা এটাত নাৰীশিক্ষাৰ স্বৰূপ তেনে হোৱাই স্বাভাৱিক। আনকি সেইসময়ত ইউৰোপতো নাৰীৰ প্ৰতি এনে দৃষ্টিভংগী আছিল। ১৯শতিকাৰ  জাৰ্মানীৰ উদাৰবাদী ৰাজনৈতিক কাৰ্ল ৱালকাৰ (Carl Welcker) ফ্ৰাংফুৰ্ট পাৰ্লিয়ামেণ্টত দিয়া ভাষণত তাকে প্ৰতিফলিত হৈছে। তেওঁ কৈছিল” Woman, the weaker , dependent and timid ,requires the protection of man.  Her sphere is the home ,the care of children ,the nurturing of the family—— do we require any further proof that given such differences ,equality between the sexes would only endanger harmony and destroy the dignity of the family?”ইউৰোপত অৱশ্যে যি নাৰীবাদী আন্দোলন গঢ়ি উঠিছিল সি নাৰীক ৰাজনৈতিক অধিকাৰ ,সামাজিক মৰ্য্যাদা আৰু সমাধিকাৰ পোৱাত সহায় কৰিলে।
অভিযন্তা বলিনাৰায়ন  বৰুৱাই সাৰ্বজনীন নাৰী শিক্ষা পোষকতা কৰা নাছিল। উচ্চ শ্ৰেণীৰ নাৰীকহে শিক্ষা দিয়াতো বিচাৰিছিল। তাকো এটা সীমাৰ মাজত য’ত কেৱল নাৰী সাক্ষৰ হয়।তেওঁ নাৰী শিক্ষাক লৈ ইমান শংকিত হৈছিল যে নাৰীৰ উচ্চ -শিক্ষা মানৰ আক্ৰমণতকৈ ভয়ংকৰ হ’ব বুলি কৈছিল। ৰত্নেশ্বৰী মহন্ত, লম্বোদৰ বৰা, পূৰ্ণকান্ত শৰ্মা আদি লোকে নাৰী শিক্ষা আৰু নাৰী স্বাধীনতাৰ বিৰোধিতা কৰি আসাম বন্ধুৰ পাতত প্ৰবন্ধ লেখিছিল। ৰত্নেশ্বৰ মহন্তই লেখিছিল, “তেওঁলোকে অন্তঃপুৰত আবদ্ধ থাকি কোনো কষ্ট নাপায়।——————তেওঁলোকক ‘সজাৰ ময়না’ বুলিব পাৰি কিন্তু বিশেষকৈ গণি চালে ই  নিন্দনীয় নহয়।” লম্বোদৰ বৰাই লেখিছিল, “লেখা পঢ়া শিকি আমাৰ ছোৱালীবোৰ গুছিল,বাংগলা নাটক-নভেল পঢ়ি আৰু গান শিকি আমাৰ ছোৱালী বোৰ ফলীয়া হ’ল।———অসমীয়া জাতিৰ এটাই ভাল বস্তু আছে ,সি তিৰুতা, এনেকুৱা শিক্ষা দি সেই বস্তু যেন ভ্ৰষ্টা কৰা নহয়।” কিন্তু ইয়াৰ বিপৰীতে  অসমীয়া সমাজত নাৰীৰ অৱস্থান ভাৰতৰ আনবোৰ ৰাজ্যৰ তুলনাত উন্নত আছিল। এইয়া হৈছিল জনজাতি সকলৰ প্ৰভাবত। বৰ্ণ হিন্দুৰ সমাজতকৈ জনজাতীয় সমাজত নাৰীৰ মৰ্য্যদা আছিল অধিক। নাৰীৰ প্ৰতি এই দৃষ্টিভংগীৰ বাবেই আমি পাইছো পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা অসমীয়া  প্ৰথমখন উপন্যাস “ভানুমতী “। নাৰীৰ ওপৰতেই ঊনশতিকাৰ শেষ দশকটোত কেইবাখনো উল্লেখযোগ্য উপন্যাস। সেইকেইখন হ’ল-গোহাঞিবৰুৱা “লাহৰী”১৮৯২চন, ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী ” আৰু “মনোমতী” লক্ষ্মীনাথ বেজবৰুৱাৰ “পদুম কুঁৱৰী”।

মণিৰাম দেৱানে প্ৰথমে  পাহাৰীয়া জনজাতি বিলাকক দমন কৰাত বৃটিছক সহায় কৰিছিল । কিন্তু  মোফট মিলছলৈ দিয়া স্মাৰকপত্ৰত  পাহাৰীয়া  জনজাতি সকলৰ ওপৰত বৃটিছে কৰি থকা আক্ৰমণৰ বিৰোধিতা কৰিছিল। হলিৰাম বৰুৱা,গুণাভিৰাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত, হেমচন্দ্ৰ বৰুৱা, মৌৰ সম্পাদক বলিনাৰায়ন বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, জগন্নাথ বৰুৱা ,মানিক চন্দ্ৰ  বৰুৱা আদি ঊনৈশ  শতিকাৰ প্ৰায় বিলাক বিদ্বানৰ  চিন্তাত জনজাতি সকলৰ প্ৰতি এক হেয় তথা অৱজ্ঞাৰ মনোভাব দেখা যায়। হলিৰাম ঢেকিয়াল ফুকনে  তেওঁৰ “আসাম বুৰঞ্জী”খনত আহোম জাতিক অতি মূৰ্খ  বুলি লিখিছে।অথচ বৃটিছ অহা আগলৈকে তেওঁ  আহোম ৰজাকে সেৱা আগবঢ়াইছিল। ঢেকিয়াল ফুকন উপাধিটোও আহোমে ৰজাই  দিয়া আছিল।।গুণাভিৰাম বৰুৱাই  পৰ্বতীয়া লোকমাত্ৰেই অসভ্য আৰু অহংকাৰী আখ্যা দিছিল। কাৰ্বি সকলক “কেঁচা মাংস খাওঁতা” আৰু  বান্দৰ বুলি কৈছিল। তেৱোঁ আহোম বিদ্বেষী আছিল। তেওঁ ‘অসম বুৰঞ্জী ‘খনত আহোম সকলক ‘অন্তজ ‘, ‘ম্লেছ’ , দৈত্য অসুৰ আদি বুলি কৈছিল। তেওঁ দৃষ্টিত আহোমসকল বিদেশী আছিল। হেমচন্দ্ৰ বৰুৱা আছিল এজন যুক্তিবাদী লোক। কিন্তু অভিধান প্ৰনয়নত জাতি জনজাতি বিচাৰৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগী আছিল  এজন বৰ্ণবাদী ব্ৰাহ্মণৰ দৰে।ৰত্নেশ্বৰ মহন্তই  গাৰো সকলক এজাতি উন্নত জন্তু ,বান্দৰৰ পৰা মানুহলৈ  বিৰ্বতনৰ  প্ৰথম ঢাপ বুলি বৰ্ণনা কৰিছিল। বলিনাৰায়ন বৰুৱাই লেখিছিল আসাম কচাৰি, মিকিৰ ,হোজাই, আৰু  বঙালী  কুলিৰ বসতি হ’ব” ।অসময়া সাহিত্যৰ কাণ্ডাৰী , আগশাৰীৰ  লেখক বুদ্ধিজীৱী লক্ষ্মীনাথ  বেজবৰুৱাৰ আহোম ,মৰাণ মটক আদি প্ৰতি বিদ্বেষ তেওঁৰ  লেখাৰ মাজত প্ৰকাশ পাইছিল।ইচলাম ধৰ্মৰ প্ৰতিও বিৰাগভাব তেওঁৰ কোনো লেখাত প্ৰকাশ পাইছে।ঊনৈশ শতিকাৰ বিদ্বান সকলৰ এই কথাবোৰ আছিল শক্তিশালী  অসমীয়া জাতি  গঢ়ি উঠাৰ পৰিপন্থী।
সামৰণি:-ঊনৈশ শতিকাৰ বিদ্বান সকল বিভিন্ন কাৰণত দ্যোদুল্যমান অৱস্থাত আছিল। এপিনে যদি আধুনিক শিক্ষাৰ প্ৰভাৱত তেওঁ যুক্তিবাদী হৈ পৰিছে আকৌ আনপিনে পৰম্পৰাৰ প্ৰভাৱত ৰক্ষনশীলৰ দৰে আচৰণ কৰিছে।এপিনে যদি জাতীয় স্বাৰ্থৰ হকে মাত মাতিছে আনপিনে শ্ৰেণী স্বাৰ্থ পূৰণৰ বাবে ঔপনিৱেশিক শাসকৰ দালালি কৰিছে। এপিনে যদি মানৱতাৰ জয়গান গাইছে আনপিনে বৰ্ণবাদৰ প্ৰভাবতে হওক বা নিজ স্বাৰ্থ পূৰণৰ বাবেই হওক জাতি -জনগোষ্ঠীৰ অপমানিত, বঞ্চিত লাঞ্চিত কৰিবলৈ তেওঁলোক পিছ পৰি ৰোৱা নাই। ইয়াৰ পিছতো জাতিটোলৈ তেওঁলোকৰ যি অৱদান তাৰ বাবে তেওঁলোক সদায় সন্মানৰ পাত্ৰ হৈ ৰ’ব।ইয়াৰ বাবে অসমীয়া ৰাইজে তেওঁলোকক  সদায় মনত ৰাখি আহিছে।

তথ্যৰ উৎসঃ

(১) সাহিত্য আৰু চেতনা: হীৰেন গোহাঁই।
(২)জাতিসত্তা আৰু মানৱসত্তা: হীৰেন গোহাঁই।
৩) অৰুনোদই: প্ৰসেনজিৎ চৌধুৰী।
(৪) আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত: গুণাভিৰাম বৰুৱা।
(৫)আসাম বুৰঞ্জী:হলিৰাম ঢেকিয়াল ফুকন।
(৬) অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু জাতীয় জনগোষ্ঠীগত অনুষ্ঠান সমুহ:দেৱব্ৰত শৰ্মা।
(৭) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস:ড•প্ৰফুল্ল মহন্ত।
(৮)প্লেণ্টাৰ ৰাজ্য পৰা স্বৰাজলৈ।: অমলেন্দু গুহ।
(৯) অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন: দিগন্ত ওজা।
(১০)অসম আন্দোলন প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি:সম্পাদনা ঃড•হীৰেন গোহাঁই আৰু ড°দিলীপ বৰা।
(১১)Sapience A Brief History of mankind :Noah Harari
(১২)A definition of Conolialisn  :Ronald J Hovarth.
(১৩)Empires Garden ,Assam and The making of India।Jayeeta Sharma।
(১৪)The Indian Express 14sept,2023,”Opium:The drug that gave colonialism a real high.
(15) বহুবোৰ তথ্য   Internetৰ পৰা সংগ্ৰহ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *