উপদলীয়-(মূল: মানিক বন্দোপাধ্যায়; অনুবাদ: মুনীন শৰ্মা)
সিদিনা ৰাতিপুৱা প্ৰশান্তই নতুন লেখা এটা আৰম্ভ কৰি গভীৰ মনোযোগেৰে কলম চলাই গৈছিল। এনেতে বাহিৰৰ কোনো এখন সৰু চহৰৰ পৰা কোনোবা এজন মানুহ আহি ওলাল। তেওঁক দেখা কৰিবলৈ।
প্ৰশান্ত এজন নামজ্বলা লেখক, পিছে নিজৰ পঢ়া-কোঠাৰ দুৱাৰত খিলি বন্ধ কৰি নিজকে নিৰ্বাসিত কৰি সাহিত্য চৰ্চ্চা কৰাৰ পক্ষপাতী তেওঁ নহয়। লেখা-মেলা কৰাৰ মাজতো তেওঁৰ ওচৰলৈ বহুতো লোক আহে আৰু আহিলে তেওঁ বেয়াও নাপায়। এনে কথাবোৰে তেওঁৰ লেখা-মেলাত ব্যাঘাততো নজন্মায়েই, বৰঞ্চ তেওঁৰ সৃষ্টিত নতুন প্ৰাণৰহে সঞ্চাৰ কৰে।
মানুহজনক প্ৰশান্তৰ চিনাকি-চিনাকি যেন লাগিল। তেওঁ প্ৰায়ে বিভিন্ন সভা-সমিতিলৈ আহ্-যাহ চা-চিনাকি হোৱাৰ লগতে কথা-বতৰাও হয়। গতিকেই কোনোবা এজনক দেখি চিনাকি-চিনাকি যেন লাগিলে তাত একো আচৰিত হ’ব লগা নাই।
আগন্তুকে নিজৰ পৰিচয় দিলে। নাম তেওঁৰ সুবিনয়, নিজৰ সৰু চহৰখনত নতুনকৈ গঠন হোৱা সাংস্কৃতিক সংগঠন এটাৰ তেওঁ সম্পাদক। পিছৰটো শনিবাৰে তেওঁলোকৰ চহৰত এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু সকলোৱে ইচ্ছা কৰিছে যে প্ৰশান্তই সেই অনুষ্ঠানৰ সভাপতিত্ব কৰক।
প্ৰশান্তই কিবা ক’ব খুজিছিলহে মাত্ৰ, “চাওক…”
– নহয় নহয় ছাৰ, আপুনি অৱশ্যেই যাব লাগিব। আমাৰ তাত দৰ্শকৰ কেনে সংঘাতিক সঁহাৰি আপুনি কল্পনা কৰিব নোৱাৰিব। আপুনি নগ’লে ছাৰ আমাৰ নিজৰ স্থিতিকেই চম্ভালি ৰখাটো আমাৰ বাবে কঠিন হ’ব।
– নাই নাই, যোৱাটোত মোৰ কোনো আপত্তি নাই, কিন্তু সময়কণ উলিয়াওঁতেহে হয় সমস্যা।
সুবিনয় বাবু পিছে নাছোৰবান্দা- অলপ কষ্ট কৰি হ’লেও এখন্তেক সময় আপুনি আমাৰ বাবে উলিয়াবই লাগিব, যেনেকৈয়ে নহওক। আপোনাসবৰ দৰে লোকসকল যদি কেৱল কলকাতাৰ ডাঙৰ ডাঙৰ মিতিংবোৰলৈকেহে যায়, তেন্তে আমাৰ দৰে সৰু-সৰুবোৰ টিকিব কেনেকৈ? আজি বহুদিন ধৰি আপোনাক আমাৰ তালৈ নিয়াৰ চেষ্টা চলাই আছোঁ৷ পিছে বাৰে বাৰে আমি বিমুখ হ’বলগীয়াত পৰিছোঁ। এইবাৰো যদি চাৰ বিমুখ কৰে …৷
-বিমুখ কৰিছোঁ? মই? জানো পায়! কত বিভিন্ন ঠাইৰ পৰা মানুহে মাতে।
-এইবাৰ অক্কণমান কষ্ট কৰি হ’লেও আপুনি যাবই লাগিব। আমাৰ তাত গোটেই মানুহবোৰেই আপোনাক এবাৰ চাবৰ বাবে, আপোনাৰ দুআষাৰ কথা শুনিবৰ বাবে একেবাৰে উদগ্ৰীব হৈ আছে। ঘটনাটো আমি এতিয়াও ৰাজহুৱা কৰা নাই, যদিও মানুহে ইতিমধ্যেই আন্দাজ কৰি লৈছে যে এইবাৰ অৱশ্যেই আহি আছে।
প্ৰশান্তই কিছুপৰ চিন্তা কৰিলে আৰু ক’লে- ঠিক আছে তেন্তে, আপোনালোকৰ ইমানেই যেতিয়া আগ্ৰহ, আপোনালোকৰ মৰমৰ প্ৰতি সন্মান জনাবলৈকে হ’লেও যাব লাগিব।
সভা-সমিতিবোৰৰ সময় সন্দৰ্ভত আজিকালি একপ্ৰকাৰৰ অদ্ভুত সৰ্বজনবিদিত মিথ্যাচাৰে প্ৰকাশ্যে মুৰ ডাঙি উঠিছে সৰ্বত্ৰ। আহ্বায়কসকলে ভালদৰে হিচাপ কৰিয়েই হাতত আধাঘণ্টাৰ পৰা এঘণ্টামান সময় ৰাখিহে অনুষ্ঠানৰ সময় ঘোষণা কৰে। সভালৈ অহাসকলো সেই একে হিচাপতে সভাগৃহত উপস্থিত হয়। বৰ্তমান এইটো এটা নিয়মত পৰিণত হৈ পৰিছে।প্ৰশান্তক সভালৈ নিবলৈ অহা মানুহজনৰ নাম আছিল বিষ্ণুপদ। বাটতে প্ৰশান্তই তেওঁক ক’লে, এইটো হৈছেগৈ ৰোগৰ এটা উপসৰ্গ। সভাৰ আহ্বায়কসকল আৰু সভা শুনিবলৈ অহাসকলৰ মাজত এক কৃত্ৰিম দূৰত্ব বিৰাজমান। এই দূৰত্বকণ যেতিয়ালৈকে আঁতৰি নাযায় এই মিথ্যাচাৰৰো অন্ত নপৰে।
মুখত মৃদু হাঁহি এটা সানি বিষ্ণুপদেও প্ৰশান্তৰ কথাত হয়ভৰ দিয়ে।
– পিছে তোমালোকে দিয়া সময় কি?
বিষ্ণুপদই বেগৰ পৰা এখন হেণ্ডবিল উলিয়াই তেওঁৰ হাতত দিয়ে। প্ৰশান্তৰ নামটোৱেই তাত আটাইতকৈ ডাঙৰ হৰফেৰে ছপোৱা হৈছে। সভাৰ স্থান হৈছে গোবিন্দ মেমৰিয়েল হল। সময় সন্ধিয়া ৫ বজা।
বিষ্ণুৱে প্ৰশান্তক জানিবলৈ দিলে যে তেওঁলোকে কেৱল হেণ্ডবিলেই ছপোৱা নাই। হাতে লিখা প’ষ্টাৰো চহৰৰ বিভিন্ন জেগাত আধা মাৰি লগোৱাৰ ব্যৱস্থা কৰিছে।
নিজৰ নামটো ডাঙৰ ডাঙৰ হৰফেৰে ছপোৱাৰ বাবে নহয়, অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ বাবে ডেকাসকলৰ আন্তৰিক উৎসাহ আৰু প্ৰচেষ্টা দেখিহে প্ৰশান্ত দৰাচলতে সুখী আৰু আনন্দিত। সভাত যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতিয়েই প্ৰশান্তৰ কাম্য। সভাৰ সাৰ্থকতাৰ দিশৰ পৰাতো হয়েই, তেওঁৰ নিজৰ দিশৰ পৰাও ই অতিকে গুৰুত্বপূৰ্ণ। পাতলীয়া দৰ্শকৰ উপস্থিতিৰ সৰু সভাবোৰত কথা ক’বলৈ গ’লে তেওঁৰ মনলৈ এনে ভাব আহে যেন এইখিনি সময় মেজত বহি আৰু কিছুকাল লেখামেলাত দিব পৰা হ’লে আৰু বহুতো মানুহক তেওঁৰ বক্তব্য শুনাব পৰা গ’লহেতেন।
চাৰি বজাৰ কিছু পিছত ট্ৰেইনখন আহি ৰ’লহি সৰু ষ্টচনটোত। প্ৰশান্তক অভ্যৰ্থনা জনাবলৈ অহা কেইজনমান মানুহ ষ্টেচনত অপেক্ষা কৰি আছিল। ক্ষন্তেক পৰ প্লেটফৰ্মতে কথা বতৰা পতাৰ পাছত কেউজনে চাইকেল ৰিক্সাৰে গোবিন্দ মেমৰিয়েল হলৰ দিশেৰে যাত্ৰা কৰিলে। যাওঁতে বাটত প্ৰশান্তই লক্ষ্য কৰিলে, সৰু চহৰখন আটোমটোকাৰীকৈ সজোৱা। অ’ত ত’ত দুই এটা কাৰখানাৰ চিমনিও দেখা গৈছে।
এতিয়াই সভাঘৰলৈ গৈ তাত বহি থকাৰ কোনো অৰ্থ নাই। চাৰে পাঁচটাৰ আগত কোনোপধ্যেই সভা আৰম্ভ নহয়, কোনে জানে হয়তো ছটাও বাজি যাব পাৰে। গোবিন্দ মেমৰিয়েল হলটো বেচ ডাঙৰ। ফেষ্টুন, প’ষ্টাৰ আদিৰে ধুনীয়াকৈ সজাই তোলা হৈছে। হলৰ পিচপিনে থকা সৰু লাইব্ৰেৰীটোতে বহি অপেক্ষা কৰি থকাৰ মাজতে সভাৰ উদ্যোক্তাসকলৰ মাজৰ দুই চাৰিজনৰ সৈতে আলাপো হ’ল তেওঁৰ।
আধাঘন্টা মান পিছত মাইকৰ মানুহে মাইক ফিটিং কৰিবলৈ ধৰাৰ শব্দ শুনা গ’ল। প্ৰশান্তই অলপ আচৰিত হোৱাৰ সুৰতেই সুধিলে, – মাইকৰ ব্যৱহাৰ কৰিছে?
বিনা মাইকে আজি কালি মিটিং হয় জানো? তাৰমানে ইয়াৰ অৰ্থ নিশ্চয় এই হ’ব যে এওঁলোকে সভাৰ বিৰাট জনসমাগম আশা কৰিছে। কথাষাৰ ভাবিয়েই প্ৰশান্তৰ ভাল লাগিল। এইটোৱেইতো বিচাৰে সকলোৱে। বৃহত্তৰ জনতাৰ সৈতে আত্মীয়তাইতো হৈছেগৈ প্ৰগতিৰ মূল কথা।
জনসমাবেশৰ কলৰৱৰ লগত আজি বহুদিন ধৰি তেওঁৰ ঘনিষ্ঠ পৰিচয়।
ছটা বাজিবৰ হ’ল, পিছে লাইব্ৰেৰীৰ কোঠাত বহি হলঘৰত বহু লোকৰ সমাগম হোৱাৰ কথাষাৰ আন্দাজ কৰিবলৈ টান পালে তেওঁ। তাৰ কিছুপৰ পাছত যেতিয়া মিটিং আৰম্ভ কৰাৰ সময় হ’ল বুলি সভাকক্ষলৈ প্ৰশান্তক লৈ যোৱা হ’ল তেতিয়া হলঘৰত সোমায়েই তেওঁ একেবাৰে হতবাক হোৱাৰ দৰে হ’ল। ল’ৰা বুঢ়া, পুৰুষ-মহিলা সকলো মিলি হলৰ ভিতৰৰ শ্ৰোতাৰ সংখ্যা পঞ্চাচতকৈ অধিক নহ’ব। অৱশ্যে বাহিৰৰ পিনে আৰু বিশ পচিশজনমানে ইফালে সিফালে ঘূৰাঘূৰি কৰি আছে। এই সকলোকে ধৰি মুঠ অংকটো পঞ্চাচতকৈ অধিক নহ’ব। সভাৰ এজন উদ্যোক্তাক তেওঁ সুধিলে, মানুহ দেখোন নায়েই? উত্তৰত উদ্যোক্তাই ক’লে, সংস্কৃতিৰ ক্ষেত্ৰত ইয়াৰ জনসাধাৰণ এক প্ৰকাৰ উদাসীনেই বুলিব পাৰি চাৰ। অথবা এনেকৈও ক’ব পাৰি নেকি চাৰ যে তেখেতসকল আপোনালোকৰ সংস্কৃতিৰ প্ৰতি উদাসীন?
ইয়াত সংস্কৃতি কৰা মানুহতো আমিয়েই।
মানুহজনৰ উত্তৰটো প্ৰশান্তৰ নিতান্তই পছন্দ নহ’ল। স্থানীয় লোকসকল সংস্কৃতিৰ প্ৰতি ইমান উদাসীন হ’লে, আৰু এই অঞ্চলত এওঁলোকেই একমাত্ৰ সংস্কৃতি চৰ্চা কৰা মানুহ হ’লে, এওঁলোকে কি সংস্কৃতি কৰে বুজাটো কঠিন। সভাপতিৰ আসনত বহি তেওঁ সভাত আসীন মানুহখিনিৰ পিনে চাই পঠিয়ালে। গোটেই কথাষাৰেই তেওঁৰ দুৰ্বোধ্য যেন ভাব হ’ল। ইয়াতকৈ কিমান সৰু সৰু ঠাইত তেওঁ সভা কৰিছে। প’ষ্টাৰ, হেন্ডবিল, মাইক নোহোৱাকৈয়ে সেইবোৰ ঠাইত ইয়াতকৈ বিশগুণ বেছি মানুহ গোট খোৱা তেওঁ দেখিবলৈ পাইছে। ঠিক আছে, ধৰি লোৱা হ’ল, যেনিবা সংস্কৃতিৰ প্ৰতি এই মানুহখিনি উদাসীন — কিন্তু সেই উদাসীনতা কোন প্ৰকাৰৰ সেইটোহে প্ৰশান্তই বুজি উঠিব পৰা নাই। প্ৰশান্তই ভাবে তেওঁৰ নিজৰ নামৰ আকৰ্ষণো কি এই চহৰত একেবাৰেই নাই? এয়া অৱশ্যে বিনম্ৰতা বা অহংকাৰৰ কথাও নহয়। নামজ্বলা সাহিত্যিকৰ নামৰ আকৰ্ষণ থাকিবলগীয়াটোতো এটা স্বাভাবিক কথা। কিতাপ পত্ৰ লিখি যিবোৰ মানুহে সুনাম অৰ্জন কৰিছে, মানুহে তেওঁলোকক স্বাভাবিকতেই চোৱাৰ ইচ্ছা কৰে, মুখৰ কথা দু আষাৰ শুনিব খোজে। অথচ পোষ্টাৰ, হেণ্ডবিল ইত্যাদি সত্বেও ইয়াত যিখিনি লোক গোট খাইছে, তাৰ আধা সংখ্যাকো যদি উদ্যক্তাসকলৰ লগা-ভগা তথা সম্পৰ্কীয় লোক হয়, তেন্তে সাধাৰণ দৰ্শকৰ সংখ্যা ইয়াত হয়গৈ নিতান্তই আঙুলিৰ মূৰত গণিব পৰা বিধৰ।
প্ৰশান্তৰ মনটো দমি আহে, অস্বস্তি বোধ হয়। এনে এটা পৰিস্থিতিৰ মুখামুখি হ’লে বাৰে বাৰে অস্বস্তিবোধে হেঁচা মাৰি নধৰিব?
সি যি কি নহওক, যন্ত্ৰবৎ তেৰওঁ সভাখন চলাই নিলে। পলমকৈ সভা অনুষ্ঠিত হোৱাৰ অজুহাতত কিছুমান কাৰ্যসূচী কাটি বাদ দি আৰু পৰিশেষত অতি চুটি এটি ভাষণেৰে চাৰে সাত বজাৰ আগে আগে সভাৰ পৰিসমাপ্তি ঘটালে।
আঠ বজাৰ গাড়ীত তেওঁ উভতিল।
ৰিক্সাৰে ষ্টেচনৰ বাটলৈ অহাৰ পথত তেওঁৰ কাণলৈ ভাহি আহে লাউড স্পীকাৰৰ এটা ক্ষীণ আৱাজ।
তাত কি হৈছে? প্ৰশান্তই সুধিলে। ষ্টেচনলৈ লগত যোৱা ল’ৰাজনে উত্তৰ দিলে, ‘আৰু এখন মিটিং হৈছে।’
মিটিং? কিহৰ মিটিং?
দূৰ্ভিক্ষ, ক’লা বজাৰ, ব্যক্তি স্বাধীনতা, এইবোৰকে লৈ। প্ৰশান্তই এটা দীৰ্ঘ নিশ্বাস ত্যাগ কৰিলে। অৱশ্যে সেইটো আছিল এটা পৰম স্বস্তিৰ নিশ্বাস। নাই, তাৰমানে বাস্তৱবোৰ এতিয়াও অবাস্তৱ হৈ যোৱা নাই। সত্যবোৰো সাঁথৰৰ দৰে জটিল হৈ পৰা নাই। সকলোবোৰ ঠিকে ঠিকেই আছে।
দূৰ্ভিক্ষ, ক’লা বজাৰ, ব্যক্তি স্বাধীনতা, এইবোৰকে লৈ। প্ৰশান্তই এটা দীৰ্ঘ নিশ্বাস ত্যাগ কৰিলে। অৱশ্যে সেইটো আছিল এটা পৰম স্বস্তিৰ নিশ্বাস। নাই, তাৰমানে বাস্তৱবোৰ এতিয়াও অবাস্তৱ হৈ যোৱা নাই। সত্যবোৰো সাঁথৰৰ দৰে জটিল হৈ পৰা নাই। সকলোবোৰ ঠিকে ঠিকেই আছে।
ষ্টেচনৰ ওচৰ পোৱাৰ আগে আগে মানুহৰ ভিৰৰ বাবে ৰিক্সা আৰু আগুৱাব নোৱৰা হোৱাত তেওঁলোক ৰিক্সাৰ পৰা নামি খোজেৰে আগুৱাব লগা হ’ল। ষ্টেচনৰ কাষৰে পথাৰখনত এক বিৰাট জনসমাবেশ হৈছে। মানুহৰ ভিৰে একেবাৰে ৰাষ্টাটো গিজ গিজ কৰিছে। কেইঘণ্টামান আগতে তেওঁ যেতিয়া ঘৰৰ পৰা আহি এই ঠাইখিনিত উপস্থিত হৈছিল, তেতিয়া পথাৰখন মুকলি আছিল।
প্ৰশান্তই ৰাষ্টাৰ একাষত ঠিয় দি মিটিং শুনাত লাগিল।
আপোনাৰ গাড়ীলৈ কিন্তু বেছি সময় নাই।
হ’ব দিয়া। পিছৰখনত যাম।