গান শুনো আহকনিবন্ধশিল্প-কলা-সংস্কৃতি

উৰুখা পঁজা: আকালৰ মাজতো এক আশাৰ ধ্বজা।। বৰ্ণালী বৰুৱা দাস

মুক্ত চিন্তা, ১০ম বৰ্ষ, ৫ম সংখ্যা

সংগীতৰ বহুমাত্ৰিক উপযোগিতাৰ কথা প্ৰায় সকলো মতাদৰ্শৰ মানুহেই দ্বিধাহীনভাৱে মানি লয়। পানী কেচুৱাৰ পৰা বৃদ্ধলৈকে, ডাল-দৰিদ্ৰৰ পৰা ধনবানলৈকে সকলো মানুহেই কম-বেছি পৰিমাণে সংগীতৰ প্ৰতি অনুৰক্ত হয়। কাৰোবাক যদি সংগীতে মনোৰঞ্জন দি অৱসাদৰ পৰা মুক্তি দিয়ে, কাৰোবাক হয়তো দিয়ে সংগ্ৰামৰ বাবে অফুৰন্ত জীৱনী শক্তি। সেইবাবেই বোধশক্তিৰ পূৰ্ণ বিকাশৰো বহু পূৰ্বেই আৰম্ভ হৈছিল মানুহৰ সংগীত যাত্ৰা। আৰু সমাজ বিকাশৰ স্তৰে স্তৰে সংগীতেও বিভিন্ন ধাৰালৈ নিজকে বিকশিত কৰি গৈ থাকিল। সৃষ্টি হ’ল লোক-সংগীত, শাস্ত্ৰীয় সংগীত, লঘূ সংগীত, জাজ, ব্লুজ, ৰক ইত্যাদি ইত্যাদি।

কিন্তু দুখৰ বিষয় হৈছে বৰ্তমান সাংস্কৃতিক পণ্যায়নৰ পয়োভৰত সংগীত, বিশেষকৈ লঘূ সংগীত বা আধুনিক সংগীত যেন মাত্ৰ এটা ধাৰাতেই ৰৈছেগৈ, সেয়া হ’ল EDM বা Club music. সংগীতৰ আন সকলো উপযোগিতাক পৰিত্যক্ত কৰি সংগীতক সজাই তোলা হৈছে মাত্ৰ উদ্দাম যৌন উত্তেজক নৃত্য কৰাৰ এক আহিলা হিচাপে। অসমীয়া সংগীত উদ্যোগত আৰু এটা ধাৰা জনপ্ৰিয় হৈ আছে। সেইটো হ’ল নগৰীয়া পৰ্যটকৰ দৃষ্টিৰে লোক-জীৱন বীক্ষণৰ সংগীত। নক’লেও হ’ব যে সেই পৰ্যটক বীক্ষণত লোক-জীৱনৰ সামূহিক সংগ্ৰামে ধৰা নিদিয়ে। তাত থাকে কেৱল নদী, পাহাৰ, পথাৰ আৰু বিস্তীৰ্ণ সেউজৰ মাজত ডেকা-গাভৰুৰ প্ৰেম-পিৰীতি আৰু নাচ-বাগৰ দৃশ্য। খমখমীয়া পৰম্পৰাগত সাজ পাৰেৰে, আঙুলি এটাও ইফাল সিফাল নোহোৱাকৈ সৈন্যবাহিনীৰ পেৰেডৰ দৰে পৰম শৃংখলাৱদ্ধভাৱে নচা দলীয় লোক-নৃত্য। এটি লোকবাদ্য আৰু সুৰৰ লগত অন্য এটি সুৰ আৰু ইলেক্ট্ৰনিক বাদ্যৰ সংযোগ ঘটাই সৃষ্টি কৰা ‘ফিউজন’ নামৰ সংগীত বিধকো এই EDM beatলৈ ৰূপান্তৰ কৰিলেই যেন সংগীতে সাৰ্থকতা পায়।  কাৰণ বৰ্তমানৰ বজাৰকেন্দ্ৰিক সাংস্কৃতিক পৰিৱেশত এনে ক্ষন্তেকীয়া মনোৰঞ্জনধৰ্মী সংগীতৰ চাহিদাই সকলোতকৈ বেছি। এনে পৰিৱেশত স্বাভাৱিকতেই সামাজিক সমস্যাক লৈ সংগীত সৃষ্টিৰ প্ৰতি কাৰো আগ্ৰহ নাই। কোনোবা আগ্ৰহীয়ে তেনে প্ৰচেষ্টা কৰিলেও, তাৰ অৱস্থা হয়গৈ ‘ভিউৱাৰ্চ-স্বল্পতাত মুমূৰ্ষু নিষ্ফল বাস্তৱ’। উদাহৰণ স্বৰূপে আজি আলোচনা কৰিবলৈ লোৱা গীতটিৰ কথাই ধৰক। ‘উৰুখা পঁজা’ শীৰ্ষক সমাজ বাস্তৱৰ ছবি এখন আন্তৰিকতাৰে ফুটাই তুলিব খোজা গীতটিৰ ভিউৱাৰ্চ এই লেখা প্ৰস্তুত কৰাৰ সময়লৈকে মাত্ৰ ছয় হাজাৰ জন। গতিকে গানটোত নো কি আছে, যাৰ বাবে ই সাম্প্ৰতিক সংগীতৰ, বিশেষকৈ সাম্প্ৰতিক অসমীয়া আধুনিক সংগীতৰ ট্ৰেণ্ডিঙৰ পৰা পৃথক হৈ পৰিছে, তাকেই আলোচনা কৰিবলৈ লৈছোঁ।

গানটোৰ কথা:

গানটোৰ ৰচনা দীপক কুমাৰ গগৈৰ (খুমটাই), সুৰ সজ্জা আৰু প্ৰযোজনা গৌৰাংগৰ। কণ্ঠদান কৰিছে মনজ্যোৎস্না মহন্ত গোস্বামীয়ে।

শ্ৰেণী বিভক্ত সমাজত শ্ৰমিকৰ বঞ্চনাৰ পুৰাতন কাহিনীৰেই আৰম্ভ হৈছে গানটো —

বাঢ়ৈয়ে সাজিলে
কতনা পঁজা
নিজৰে পঁজাটি
কিয় উৰুখা।

আনৰ ঘৰ সাঁজি জীৱন নিৰ্বাহ কৰা বাঢ়ৈ এজনৰ দাৰিদ্ৰক্লিষ্ট জীৱনৰ ছবি আঁকিবলৈ যত্ন কৰা হৈছে আৰু তাৰ লগে লগে দাৰিদ্ৰৰ কাৰণ বিচৰাৰ প্ৰয়াস এটাও যেন পৰিস্ফূত হৈছে। আমাৰ সমাজ ব্যৱস্থাত উদয়াস্ত পৰিশ্ৰম কৰি উৎপাদন প্ৰক্ৰিয়াত ভাগ লোৱা খাটি খোৱা মানুহৰ অৱস্থা সদায়েই এনেকুৱা। নিজে উৎপাদন কৰা সম্পদৰ ওপৰত তেওঁলোকৰ অধিকাৰ নাথাকে। এই বঞ্চনাৰ কথা অসমীয়া লোক-প্ৰবচনতো বিদ্ধৃত হৈ আছে ঠিক একেটা সুৰতে –

‘তাঁতীৰে কাপোৰে জগতখন জুৰিলে
তথাপি তাঁতীৰ গা উদি’

আনৰ বাবে কাপোৰ উৎপাদন কৰা শ্ৰমিকৰ নি:স্ব জীৱনৰ কথা বৰ্ণনা কৰা এই অসমীয়া প্ৰবচন ফাকিতেই সোমাই আছে লোক-জীৱনৰ অন্তৰ্লীন সমস্যাৰ প্ৰতি সচেতনতাৰ চানেকি! আলোচিত গীতটোৱেও লোক-জীৱনৰ এনে সমস্যাৰ কথা লোকায়ত দৃষ্টিৰেই প্ৰথমে আৰম্ভ কৰিছে। তাৰ পাছৰ অংশখিনিত অৱশ্যে ‘পাপী’ৰ কথা টানি আনি পাপ-পুণ্যৰ ধৰ্মীয় পৰিসৰলৈ গীতটি গতি কৰিলে।

জগত ওপচাই উজাৰি দিলোঁ
সামৰি তিনি ভূৱন
সময়ে আজি
পাপীক হে সাৱটে
সঁচাবোৰ অনেক যোজন।

অৱশ্যে ‘সময়ে আজি পাপীকহে সাৱটে’ বুলি কওঁতে দুৰ্নীতি-পৰায়ণ, শোষক, প্ৰৱঞ্চক আদিৰ সমাৰ্থক ৰূপেও “পাপী” শব্দটো ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

তাৰ পাছৰ শাৰীকেইটাই সমাজত বৰ্তি থকা ধৰ্মীয় ভেদাভেদৰ কথা বৰ্ণনা কৰিছে। সকলো ধৰ্মই বিশ্বভাতৃত্ব আৰু মানৱতাৰ পোষকতা কৰে বুলি তাত্ত্বিকভাৱে যদিও মানি লোৱা হয়, ইয়াৰ প্ৰায়োগিক দিশটো কিন্তু তাৰ বিপৰীত। বৰ্তমান সময়ত ধৰ্মই মানুহৰ মাজত ভেদাভেদ সৃষ্টি কৰাতহে যেন বেছিকৈ অৰিহণা যোগাইছে।

শংকৰে লিখা আদিপাঠ পঢ়িলোঁ
পঢ়িলোঁ চাৰি বেদ আমি
সকলো জানিও
তেজৰ ৰং চিনিও
নিচিনো মানুহে মানুহক আজি।

ধৰমে ধৰমৰ কেঁচা তেজ খায়
ধৰমত উচন হৈ যায়
কাকনো ক’ম কোনেনো শুনিব
গিয়ানৰ চাকিটি নুমাই হে যায় ।।

ধৰ্মশাস্ত্ৰই যে প্ৰকৃত মানৱতাৰ পাঠ পঢ়োৱাত ব্যৰ্থ হৈছে, তাক স্পষ্ট ভাষাৰে এই পংক্তিটোত উল্লেখ কৰিছে। ধৰ্মৰ নামত সাম্প্ৰদায়িকতাৰ বিষবাষ্পই গোটেইখন চানি ধৰিছে। ধৰ্মীয় বিদ্বেষত মানুহে মানুহৰ প্ৰতি থকা ন্যূনতম মানৱতাবোধক বিসৰ্জন দি হত্যা হিংসাৰ দাবানল জ্বলাইছে। বৈ গৈছে তেজৰ নৈ।

মানৱতাৰ বধ্যভূমিত থিয় হৈ গীতিকাৰে মানুহৰ প্ৰতি সকলো বিশ্বাস আস্থা হেৰুৱাই পেলাইছে। সমাধানৰ কোনো পথ নেদেখি তেওঁ কৈ উঠিছে মানুহৰ সমাজৰ পৰা আঁতৰি পশুৰ সমাজতে বিলীন হোৱাৰ কথা, য’ত ধৰ্মও নাথাকিব, ধৰ্মকলৈ হিংসা-বিদ্বেষো নাথাকিব। সেই ধৰ্মহীন অনন্ত সুখৰ বাসনাৰে গানটো সামৰা হৈছে।

ঈশ্বৰক খাটিছোঁ
জনম ল’ম বাৰীৰে পশুটি হৈ
সুখী হৈ থাকিমেই
ধৰমক নিচিনিম
শান্তি অনন্ত কাললৈ।।

গীতিকাৰক ধন্যবাদ নিদি নোৱাৰি যে এই আকালৰ দিনতো জলন্ত সামাজিক সমস্যাক লৈ তেখেতে গান লিখিবলৈ প্ৰয়াস কৰিছে। গানটোত দুটা সামাজিক সমস্যাক সম্বোধন কৰা হৈছে, এটা হ’ল শ্ৰেণী শোষণ আৰু আনটো হ’ল ধৰ্মীয় হিংসা। অৱশ্যে একে সময়তে দুয়োটা দ্বন্দকে উপস্থাপন কৰোঁতে গীতটিত কিছু দৰ্শনগত খেলিমেলিৰ সৃষ্টি নোহোৱা নহয়। কাৰণ কেৱল ‘ধৰমক নিচিনি’লেই অৰ্থাৎ ধৰ্মহীন সমাজ এখনৰ ৰচনা হ’লেই যে গানটোত কোৱাৰ দৰে সমাজত ‘শান্তি অনন্ত কাললৈ’ থিতাপী ল’ব সেই কথা ক’ব নোৱাৰি। ধৰ্ম নাথাকিলেও শ্ৰেণী বৈষম্য থাকে মানে শ্ৰেণী শোষণ থাকিব আৰু বাঢ়ৈৰ উৰুখা পঁজা সদায় উৰুখা হৈয়েই থাকিব। এই উৰুখা পঁজাত বাস কৰা বাঢ়ৈসকলৰ শ্ৰম শোষণ কৰিয়েই এক শ্ৰেণীয়ে সু-উচ্চ অট্টালিকা সজাৰ পথটো যাতে নিৰ্বিঘ্ন আৰু নিষ্কণ্টক হৈ থাকে তাৰ বাবে ধৰ্মক সদায় শোষকেই সচেতনভাৱে ব্যৱহাৰ কৰি আহিছে। সেয়েহে প্ৰকৃত শান্তি তেতিয়াহে আহিব যেতিয়া এই শোষণ বঞ্চনাৰ অৱসান ঘটিব। ধৰ্মৰ নিচা অৱশ্যেই কাটিব লাগিব। ধৰ্মৰ নিচাত মজ্জিত মানুহে ধৰ্মৰ নামত নিজৰ মাজতে কটাকটি মৰামৰি কৰি থাকিলে শোষণ-শাসন বৰ্তাই ৰখাসকলৰে সুবিধা। এই ক্ষেত্ৰত গানটোত কিছু দৰ্শনৰ অস্পষ্টতা ৰৈ গ’ল। মাৰ্ক্সবাদী দৰ্শনেৰে আৰম্ভ হোৱা গান এটা শ্ৰেণী সংগ্ৰামৰ সচেতন প্ৰয়াসৰ সলনি বৈষ্ণৱী আত্মসমৰ্পণেৰে সিক্ত পলায়নবাদী ৰোমান্তিকতাতহে পৰ্যবসিত হ’ল।

গানটোৰ সুৰ সংগীত-সজ্জা আৰু গায়কী:

‘কীৰ্তন ঘোষা’ৰ পদ, বিভিন্ন মালিতা, জিকিৰ, দিহা নাম, কামৰূপী লোকগীত আদি সকলোতে বৈ থকা চিনাকি লোক সংগীতৰ সুৰেৰে গানটো সজোৱা হৈছে। গীতৰ শব্দ চয়নৰ সৈতে এই লোক সুৰ সুন্দৰভাৱে খাপ খাই পৰিছে। সংগীত সজ্জাত খোল-মৃদংগ-দোতাৰা আদিৰ উপৰিও আন আধুনিক বাদ্য যন্ত্ৰৰ সুন্দৰ সংমিশ্ৰণ ঘটাইছে। কিন্তু গানটোৰ মেজাজটোক পৰিপূৰ্ণ কৰি তুলিছে বীণখনে। বীণখনৰ সুৰটো যেন শ্ৰোতাৰ বুকুৰ মাজলৈ ৰেপি ৰেপি সোমাই যায়। বঞ্চিত সৰ্বশ্ৰান্ত বাঢ়ৈ এজনৰ যাতনাক মৰ্মে মৰ্মে উপলব্ধি কৰায়। আৰু তাৰ লগত আচৰিত ধৰণেৰে মিলি পৰিছে গায়িকা মনজ্যোৎস্না মহন্তৰ কণ্ঠ। ধৰাই টান হৈ পৰে বীণেই বাজি আছে নে গায়িকাই গাই আছে। বাউল এজনৰ গায়নত একতাঁৰা এখনে যি মেজাজৰ সৃষ্টি কৰে এই গীতটোতো বীণ আৰু দোতাঁৰাখনে সেই কামটো কৰিছে। হয়তো বাকীখিনি বাদ্যৰ অবিহনেই কেৱল এই দুটাৰ সৈতেই গানটো গালেও গানটোৰ মান একেই থাকিলহেঁতেন, বা হয়তো আৰু উচ্চতৰ হ’লহেঁতেন।

গানটোৰ গায়কীৰ ক্ষেত্ৰত আৰু এটা কথা উল্লেখ কৰা প্ৰয়োজন। সুগায়িকা মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এক সুকীয়া আবেদন আছে। এই গানৰ কথা আৰু সুৰৰ লগত তেওঁৰ কণ্ঠ ৰজিতা খাইছে। উচ্চগ্ৰামত কণ্ঠই কিছু কষ্ট পোৱা যেন অনুভৱ হৈছে। সেইখিনি গায়িকাৰ স্বাভাৱিক স্বৰমাধ্যমৰ (vocal range) ওপৰ পৰ্দালৈ যোৱাৰ বাবে হোৱা কণ্ঠৰ কাৰিকৰী অসুবিধাও হ’ব পাৰে নাইবা ইচ্ছাকৃত গায়নো হ’ব পাৰে। যিয়েই নহওক, ইও গানটোৰ বাবে এক পৰিপূৰকৰ কাম কৰিছে। কাৰণ কণ্ঠৰ সেই কষ্টই গীতটোত প্ৰকাশ পোৱা কাতৰতাক অধিক মূৰ্তমান কৰি তুলিছে।

গানটোৰ ভিজুৱেলাইজেচন:

গানৰ ভিডিঅ’টোৱে গীতৰ কথাক কেৱল illustrate কৰা নাই, ইয়াক এক দৃশ্যমান কাব্যলৈ উন্নীত কৰিছে। দৰিদ্ৰ বাঢ়ৈ এজনৰ ব্যক্তিগত ট্ৰেজেডীক এক বৃহৎ সামাজিক ৰূপকলৈ ৰূপান্তৰিত কৰিছে। প্ৰথমেই দেখুওৱা কাঁচৰ জাৰটোক সমাজৰ ধৰ্মীয় আৰু অৰ্থনৈতিক কাঠামোৰ ৰূপক হিচাপে ধৰিব পৰা যায়। বাঢ়ৈজনৰ সঁজুলিৰ বেগটো দলিয়াই দিয়াৰ দৃশ্য আৰু কাঁচৰ জাৰত বিয়পি পৰা ৰঙা ৰঙ— এই দুয়োটা ইমেজ একেলগে সমাজৰ এক জ্বলন্ত ৰূপক।

ভিডিঅ’ৰ আৰম্ভণিতে বাঢ়ৈজনক অকলশৰে নদীৰ পাৰত বহি থকা দেখা গৈছে। তাৰ পাছত সম্ভৱত: ফ্লেশ্ববেকত দেখুওৱা হৈছে যে তেওঁক কোনোবাই চৰম অপমান কৰি টকা অলপ গালৈ দলিয়াই দিছে। হয়তো সেয়া তেওঁৰ মজুৰিৰ টকা। আনহাতে তেওঁৰ বাঢ়ৈৰ সঁজুলিৰ বেগটোও দলিয়াই দিয়া দেখা গৈছে। দুখত অকলশৰে নদীৰ পাৰত বহি থকাৰ সময়ত আনফালে ঘৰত তেওঁলৈ বাট চাই আছে তেওঁৰ পুত্ৰ-কন্যা আৰু পত্নীয়ে। সমাজত চলি থকা ধৰ্মীয় সাম্প্ৰদায়িক সংঘৰ্ষৰ লেলিহান শিখা দেখিও তেওঁ আহত হৈছে। অৱশেষত পুনৰ সঁজুলিৰ বেগটো হাতত তুলি লৈ দৃঢ় আৰু দ্ৰুত পদক্ষেপেৰে তেওঁ ঘৰমূৱা হৈছে। পিতৃৰ প্ৰত্যাৱৰ্তনে ঘৰখনলৈ স্বাভাৱিক ছন্দ ঘূৰাই আনিছে।

নদীপাৰৰ দৃশ্যত বাঢ়ৈজনৰ একাকীত্ব (low-angle shotৰ জৰিয়তে) ফুটাই তোলা হৈছে, য’ত প্ৰকৃতিৰ বিশালতাই তেওঁৰ অসহায় অৱস্থাক আৰু জীৱন্ত কৰি তুলিছে। নদীপাৰৰ wide-angle long shot কেইটাই বাঢ়ৈজনৰ একাকীত্বক মহাকাব্যিক মাত্ৰা দিছে, আনহাতে ওপৰৰ পৰা তোলা top-shotএ তেওঁৰ সংঘাতক এক বিশ্বজনীনতাৰ সৈতে সাঙুৰিছে। মুঠতে গানটোৰ ভিডিঅ’টোৰ এক সুন্দৰ শিল্পকৰ্ম হিচাপে চিহ্নিত হোৱাৰ যোগ্যতা আছে।

গীতটোত দ্বন্দৰ অস্পষ্টতা:

আমাৰ বৰ্তমান সমাজ ব্যৱস্থাত একে সময়তে বহুমাত্ৰিক বৈষম্য চলি আছে। অৰ্থনৈতিক, ধৰ্মীয়, লৈংগিক ইত্যাদি। সামাজিকভাৱে দায়ৱদ্ধ স্ৰষ্টাই এইবিলাকৰ মাজৰ কোনটো দ্বন্দক তেওঁৰ বিশেষ শিল্পকৰ্মটোত প্ৰাধান্য দিবলৈ চেষ্টা কৰিছে সেইটো স্পষ্ট হোৱা দৰকাৰ। এই গানটোৰ ক্ষেত্ৰত এটা গুৰুতৰ সীমাৱদ্ধতা হ’ল, ই সমাজৰ এই বহুমাত্ৰিক শোষণ বা বৈষম্যৰ ভিতৰৰ কোনটোক মুখ্য স্থান দিছে সেই ক্ষেত্ৰত ৰৈ যোৱা অস্পষ্টতা। ‘বাঢ়ৈয়ে সাঁজিলে কতনা পঁজা, নিজৰেই পঁজাটি কিয় উৰুখা’ – প্ৰথমেই উপস্থাপন কৰা এই প্ৰশ্নৰ উত্তৰ নিশ্চিতভাৱে শ্ৰেণী ব্যৱস্থাত আছে। কিন্তু ‘ধৰমে ধৰমৰ কেঁচা তেজ খায়, ধৰমত উচন হৈ যায়’ আদি বাক্যই আকৌ ধৰ্মৰ নামত হিংসা আৰু বিভেদৰ কথা কয়। বাঢ়ৈজনৰ কাহিনীত শ্ৰেণী আৰু ধৰ্মৰ ছেদবিন্দু বিচাৰি পোৱা নাই বাবে, গীতটোৱে আমাক এক গুৰুত্বপূৰ্ণ প্ৰশ্ন এৰি দিছে— শোষণৰ মূল উৎস কি? দৰ্শক-শ্ৰোতা বিভ্ৰান্ত হয় ‘বাঢ়ৈৰ পঁজাটি উৰুখা’ হৈ ৰোৱাৰ কাৰণ ধৰ্মীয় বিভেদ নে শ্ৰেণী শোষণ? গীতিকাৰে মূল দ্বন্দক প্ৰাধান্য নিদি শেষত শ্ৰেণীহীন নহয়, ধৰ্মহীন সমাজৰ ইংগিতহে স্পষ্টকৈ দিলে। ফলত সমস্যা সমাধানৰ পথভ্ৰষ্টতাই গানটোৰ ৰাজনৈতিক তীক্ষ্ণতাক কিছু ম্লান কৰি তুলিলে।

সামৰণি:

কিছু সীমাৱদ্ধতা থাকিলেও গানটো সাম্প্ৰতিক সময়ৰ এক উল্লেখযোগ্য সৃষ্টিৰ ভিতৰত স্থান পাব। মনজ্যোৎস্না মহন্তৰ আন্তৰিক পৰিৱেশনৰ লগতে গীতিকাৰ, সুৰকাৰ, বাদ্যযন্ত্ৰী, সংগীত সংমিশ্ৰক, অভিনয় শিল্পী  আটায়ে অসমৰ দৰ্শক-শ্ৰোতাৰ মনোযোগ দাবী কৰে।

গানটো শুনো আহক –

Leave a Reply

Your email address will not be published. Required fields are marked *