উৎকণ্ঠাৰে ভৰা সেই নিশাটো – (সুভাষ শৰ্মা)
সেয়া আছিল অসম আন্দোলনৰ সময়ৰ কথাৰ। বিদেশী বহিষ্কাৰৰ দাবীত ব্ৰহ্মপুত্ৰ উপত্যকা উত্তাল হৈ উঠিছে। আন্দোলনৰ আৰম্ভণিৰে পৰাই বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ, বিভ্ৰান্তিমূলক বিদেশীৰ পৰিসংখ্যা, সকলো ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত সন্দেহ আদি বিষয়ত মতৰ অমিল হোৱাত বহু দল, সংগঠন আৰু ব্যক্তিয়ে আন্দোলনত অংশ গ্ৰহণ কৰা নাছিল। সেই অপৰাধতেই বামপন্থী আৰু প্ৰগতিশীল, গণতান্ত্ৰিক লোকসকলৰ ওপৰত আৰম্ভ হৈছিল অকথ্য নিৰ্যাতন। দেশদ্ৰোহী, বদন, বিভীষণ, বঙালীৰ দালাল আদি বিশেষণেৰে তেওঁলোকক তাচ্ছিল্য কৰা হৈছিল আৰু তেনে ব্যক্তিসকলৰ ওপৰত চলিছিল ‘সামাজিক বৰ্জন’।
সেই সময়ৰে কথা মই কবলৈ ওলোৱা এই ঘটনাটো। আমাৰ গাঁওখন টিহু-বৰমাৰ মাজৰে এখন অখ্যাত গাঁও—’হেৰামজাৰ’।
আমাৰ গাঁৱৰে কিছু নিলগৰ গোবৰাদল গাঁৱৰ সৰবৰহী শিক্ষক ৰমেশ শৰ্মাৰ ওপৰতো আহি পৰিছিল আন্দোলনকাৰীসকলৰ আক্ৰমণ। প্ৰাণৰ মায়াত এদিন নিশা আমাৰ গাঁও ওলাইছিলহি তেওঁ। ইপিনে তেখেতৰ ঘৰখনৰ ওপৰত আৰম্ভ হ’ল চ’ছিয়েল বয়কট। কোনেও তেওঁৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিব—, দোকানীয়ে বস্তু বিক্ৰী কৰিব নোৱাৰিব। অৰ্থনৈতিক অৱৰোধৰ ফলত শৰ্মাৰ ঘৰত বজাৰ সমাৰ বন্ধ।
এদিন সিদ্ধান্ত হ’ল তেখেতৰ ঘৰত প্ৰয়োজনীয় সামগ্ৰীসমূহ নিশাৰ ভাগতে দি থৈ আহিব লাগিব।
দীন কলিতা ছাৰৰ নিৰ্দেশ মতে টিহুৰ পৰা বিজয় কলিতা, ৰনাকুছিৰ কনক ৰয় আৰু মই যাবলৈ সাজু হ’লোঁ। আমাৰ গ্ৰুপ-লিডাৰ ৰমেশ শৰ্মা নিজে।
ভাত-পানী খাই নিশা দহ মান বজাত বাঁহৰ দুৱাৰখন বাহিৰৰ পৰা জপাই থৈ চাপৰাগাঁৱৰ হলি ৰামছিয়াৰীৰ ঘৰলৈ ওলাই গৈছোঁ , য’ত মোৰ বাবে বাকী সকলে বাট চাই আছে।
হলি ৰামছিয়াৰীৰ ঘৰ পাই দেখোঁ, টালি-টোপোলা সকলো সাজু। আমি হাতে হাতে মিঠাতেল, চেনী, দাইল, কেৰাচিন তেলৰ গেলনৰ মোনাবোৰ ভগাই লৈ আগ বাঢ়িছোঁ।
আমি দীঘেলী গাঁওৰ মাজেৰে গৈ নাথ পাৰাৰ মূৰৰ বৃহৎ আম গছ জোপাৰ তলত অলপ জিৰাইছোঁ। ইয়াৰ পৰাই ৰাস্তাটো ৰতনপুৰ হৈ গোবৰা দললৈ সোঁফালে সোমাই গৈছে। কিন্তু আমি ৰাস্তাৰে নগৈ ধাননিৰ মাজেৰেই যোৱাটো নিৰাপদ হ’ব বুলি পথাৰৰ মাজেই খোজ লৈছোঁ। আমি জানি-বুজিয়েই জোতা-চেন্দেল পিন্ধি অহা নাই। ধাননিৰ মাজত একাঠুলৈকে বোকা-পানী। ধানৰ কেঁচা পাতে আমাৰ হাত-ভৰি চিৰলা-চিৰিলকৈ কাটিছে। কিন্তু উঃ আঃ কৰিবলৈ আমাৰ মুখৰ মাত বন্ধ।
আমি আহি আহি মৰা পাগলদিয়া নদী পাইছোঁহি। নদীটোৰ সিটো পাৰে আমাৰ লক্ষ্যস্থান গোবৰাদল। নৈৰ বুকুত এখন বাঁহৰ সাঁকো। কিন্তু সাঁকোৰে পাৰ হোৱাটো আমাৰ বাবে নিৰাপদ নহ’ব। সেয়ে আমি নদীৰ পাৰে পাৰে উত্তৰ ফাললৈ উজাই গৈ নৈ পাৰ হোৱাৰ সিদ্ধান্ত ল’লো। কিছুদূৰ গৈ আমি নৈ পাৰ হোৱাৰ বাবে সাজু হৈছোঁ। পানী প্ৰথমতে আঠু, কঁকাল, বুকু আৰু পিছলৈ ডিঙি স্পৰ্শ কৰিছে। আমাৰ লগত অনা সামগ্ৰীসমূহ নিতিতিবলৈ হাতদুখন ওপৰলৈ দাঙি ধৰি নদীৰ সিটো পাৰ পাইছোঁহি।
সৌৱা গোবৰাদল পালোঁহিয়েই। তেজৰ গতি ক্ষিপ্ৰ হৈ আহিছে। কোনে জানে, তাত গৈ কি পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয়!
সৌৱা ৰাস্তাটোৰ সিটোপাৰে ৰমেশ শৰ্মাৰ ঘৰ। আমি ৰাস্তাটো পাৰ হোৱাৰ আগতে সতৰ্কভাবে ইফালে-সিফালে চাই লৈছোঁ। কৰবাত কোনোবা আছে নেকি?
নাই কোনো নাই। ৰমেশ শৰ্মাই ক’লে— ,ৰাস্তা পাৰ হওতে হাত দুখন তললৈ ৰাখি কঁকাল ভাঁজ কৰি যাবা, যাতে কোনোবাই দূৰৰ পৰা দেখিলেও গৰু-ছাগলী বুলি ভাবে। শৰ্মাৰ নিৰ্দেশ মতে আমি এজন এজনকৈ ৰাস্তা পাৰ হৈ শৰ্মাৰ চোতাল পালোহি। তেখেতে বাৰান্দালৈ উঠি গৈ খিৰিকিত মুখ লগাই অনুচ্চ স্বৰত পৰিবাৰক মাতিলে। আমি আহিম বুলি তেওঁ ৰৈয়েই আছিল। লগে লগে দুৱাৰ খুলি ওলাই আহিল। আমি ভিতৰলৈ সোমাই গৈ লগত নিয়া সামগ্ৰীসমূহ মাটিত নমাই থলোঁ।
শৰ্মাই পৰিবাৰৰ লগত ফুচফুচাই কথা পাতি আছে। নিজৰ ঘৰতেই নিজৰ পত্নীৰ লগতেই মানুহে কথা পতাৰ অধিকাৰ যেন হেৰুৱাই পেলাইছে। ঘৈনীয়েকৰ দুচকুত অশ্ৰুধাৰা। অথচ মুখ ফুটাই কান্দিবও পৰা নাই। দুয়ো দুয়োকে যেন এৰি দিব খোজা নাই। কিন্তু আমাৰ হাতত সময় কম।
সময় তেতিয়া নিশা ডেৰ মান বাজিছে। আমি আৱেগক প্ৰশ্ৰয় দিলে নহ’ব।
আমি লৰালৰিকৈ মাত লগাই শৰ্মাৰ ঘৰৰ পৰা ওলাই আহিছোঁ। ওভতনি যাত্ৰাত আমাৰ খোজৰ গতি ক্ষিপ্ৰ হৈছে। আঢ়ৈমান বজাত আহি হলি ৰামছিয়াৰীৰ চোতাল পাইছোহি। দেখিলোঁ তেতিয়াও আমাৰ বাবে ৮/১০ জন মানুহ আমাৰ অপেক্ষাত ৰৈ আছে। আমাক দেখি সকলোৰে মুখত হাঁহি বিৰিঙিল। আমিও যেন যুদ্ধ জয় কৰি ৰণভূমিৰ পৰাহে ঘূৰি আহিলোঁ, এনে লাগিল।
ঘৰলৈ আহি বিছনাত উঠিলোঁ, এনেতে চাপৰা গাঁৱৰ মছজিদৰ পৰা ৰিণিকি ৰিণিকি পুৱতি নিশাৰ আজানৰ সুৰ এটা ভাঁহি আহিল।
আজিও কেতিয়াবা সেই নিশাটোৰ কথা মনত পৰিলে মোৰ মনটো শিহৰিত হৈ উঠে। উৎকণ্ঠাৰে ভৰা সেই নিশাটো তেনেদৰেই পাৰ হ’ল।